Join Assam Study Centre Channel

উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ | অসমীয়া |মূল্যবোধ শিক্ষা

মূল্যবোধ হৈছে মানুহৰ জীৱনত কিছুমান নিদেশি-নীতি যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতৰ সমাজত প্ৰচলিত ধর্মীয় বিশ্বাস, জীৱন দর্শন, নৈতিক আদর্শ , ৰাজনৈতিক আদর্শ, আচাৰ ব্যৱহাৰ আদি সকলোবোৰ মূল্যবোধে সামৰি লয়। Class 12 Assamese Study Materials ত মূল্যবোধ শিক্ষা পাঠৰ প্রশ্নোত্তৰ সমুহ আলোচনা কৰা হৈছে।

Class 12 Assamese Study Materials

লেখক পৰিচয়

ডঃ দুলমণি গোস্বামী এজন অসমীয়া শিক্ষাবিদ, প্ৰৱন্ধকাৰ আৰু গৱেষক। তেওঁৰ গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষা বিভাগত সহযোগী অধ্যাপক হিচাপে কার্যনির্বাহ কৰি আছে। ইয়াৰ আগতে তেওঁ উত্তৰ কামৰূপ মহাবিদ্যালয়, বৰমা মহাবিদ্যালয় আৰু নগাওঁ মহাবিদ্যালয়ত অধ্যাপনা কৰিছিল। তেওঁৰ কেইবাখনো গৱেষণা পত্র ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু  আন্তঃৰাষ্ট্রীয় পর্যায়ৰ বিভিন্ন আলোচনাচক্ৰত পঠিওৱা হৈছে। সম্প্রতি তেওঁ ইংৰাজীত লিখা Literacy and Development with Special Reference to North-East India গ্ৰন্থখন প্রকাশিত হৈছে।

প্রশ্নোত্তৰ

) ভাৰতবৰ্ষৰ প্রাচীন শিক্ষা ব্যবস্থাৰ মূল আধাৰ কি আছিল?

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ আছিল মূল্যবোধ শিক্ষা ।

) প্রথম অৱস্থাত মূল্য শব্দটো কি উদেশ্যত ব্যৱহাৰ হৈছিল ?

উত্তৰঃ প্রথম অৱস্থাত মূল্য শব্দটো অর্থনৈতিক উদেশ্যত ব্যৱহাৰ হৈছিল।

৩) নৈতিক শব্দটোৰ ইৰাজ প্রতিশব্দ মৰেল শব্দৰ উৎপত্তি কোন ভাষাৰপৰা হৈছে ?

 উত্তৰঃ নৈতিক শব্দটোৰ ইৰাজী প্রতিশব্দ মৰেল লেটিন ভাষাৰ মৰীজ’ শব্দটোৰ পৰা আহিছে।

৪) মহর্ষি টলষ্টয়ৰ মতে সৌন্দর্যবোধ কি?

উত্তৰঃ মহর্ষি টলষ্টয়ৰ মতে সৌন্দবোধ বস্তুনিষ্ঠ নহয়, ই ব্যক্তিনিষ্ঠহে।  অর্থাৎ সৌন্দর্যবোধ নির্ভৰ কৰে সম্পূর্ণৰূপে ব্যক্তিৰ নিজস্ব গ্রহণযোগ্য ক্ষমতাৰ ওপৰত।

৫) ‘ৰাষ্ট্রীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে?

উত্তৰঃ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা প্রশিক্ষণ পৰিষদে মুঠ ৮৪ টা মূল্যবোধ চিনাক্ত কৰিছে।

৬) আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি?

উত্তৰঃ আদর্শবাদী দার্শনিকসকলৰ মতে মূল্যবোধ তিনিটা, যথা—সত্যম, শিৱম, সুন্দৰম।

৭) ভাৰতীয় দর্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে  আৰু কি কি?

উত্তৰঃ ভাৰতীয় সংস্কৃতিত মূল্যবোধৰ চিনাক্ত যথেষ্ট প্রাচীন। ভাৰতীয় দর্শন হৈছে মূল্যবোধৰ দর্শন। ভাৰতীয় দর্শন পাশ্চাত্য দর্শনৰ দৰে কেৱল ৰহস্যৰ পৰা সৃষ্টি হোৱা নাই, বৰং প্রয়োজনীয়তাৰ ফলতহে সৃষ্টি হৈছে। সমাজৰ ঐতিক আৰু আধ্যাত্মিক প্রয়োজনীয়তাৰ পৰা ইয়াৰ সৃষ্টি হৈছে। ভাৰতীয় দর্শনে মূল্যবোধক চাৰিটা শ্ৰেণীত ভাগ কৰিছে, যথা— ধর্ম, অর্থ, কাম আৰু মোক্ষ।

৮) প্রকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?

উত্তৰঃ প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা হয়। মানুহ সামাজিক জীৱ । গতিকে কেৱল ব্যক্তিৰ প্ৰয়োজন পূৰণৰ ধাৰণাৰে মূল্যবোধক বিচাৰ কৰিব নোৱাৰি। ব্যক্তিৰ প্রয়োজন পূৰণ কৰা বস্তুক মূল্যবান নহয় বুলি ক’ব নোৱাৰি। কিন্তু ব্যক্তিৰ প্ৰয়োজন পূৰণে যদি  আনৰ অপকাৰ কৰে বা সামাজিক জীৱনত অনিষ্ট সাধন কৰে, তেনেহ’লে তেনে কার্যৰ কোনো ধৰণৰ মূল্য আছে বুলি ক’ব নোৱাৰি। সেয়েহে মুল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰাহে বিচাৰ কৰা উচিত ।

৯) সহজ অথত মূল্যবোধ মানে কি?

উত্তৰঃ ‘মুল্যবোধ’ হৈছে মানুহৰ জীৱনৰ কিছুমান নির্দেশিকতা নীতি যিবোৰ মানুহৰ দৈহিক,

মানসিক উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতকৰ। সমাজত প্ৰচলিত ধর্মীয় জীৱন, জীৱন দর্শন, ৰাজনৈতিক আদর্শ, আচাৰ-ব্যৱহাৰ, দৈনন্দিন জীৱনৰ কার্যাৱলী-এই সকলোবোৰক মূল্যবোধে সামৰি লয়। আকৌ  মূল্যবোধসমুহ কোনো ব্যক্তিয়ে জন্মতে আহৰণ কৰি নাহে, ইয়াক আয়ত্ব কৰে সামাজিক পৰিবেশতহে।

১০) মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি?

উত্তৰঃ মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চাৰিটা বিশেষ আচৰণৰ কথা চিনাক্ত কৰিছে। যেনে –

(ক) যুক্তিনিষ্ঠতা – শিশুৱে সন্মুখীন হোৱা বিভিন্ন পৰিবেশ যুক্তিনিষ্ঠভাৱে বিচাৰ বিশ্লেষণ।

(খ) পৰোপকাৰিতা – অন্য মনুহৰ সুখ-দুখৰ প্রতি সহানুভূতিশীল হোৱা আৰু প্রয়োজন সাপেক্ষে সহায় কৰা।

(গ) দায়িত্ববোধ – সমাজত নিজৰ দায়িত্ব সম্পর্কে সচেতন হোৱা আৰু নিজে কৰা কামৰ ভুল-ত্রুটিসমূহ স্বীকাৰ কৰি লোৱা।

(ঘ) নৈতিক স্বতন্ত্রতা – নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। আনৰ লগত আলোচনা কৰিলেও এনে ধৰণৰ সিদ্ধান্তৰ সমস্ত দায়িত্ব ব্যক্তিয়ে নিজে স্বীকাৰ কৰি লোৱাৰ মানসিকতা।

Get Class 12 Assamese Study Materials

১১) আদর্শবাদী দার্শনিক সকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি ? বুজাই লিখা।

উত্তৰঃ আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। মনৰ বা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্রকৃত সুখৰ সন্ধান দিব পাৰে। আধ্যাত্মিক মূল্যবোধৰ লগত ধর্মীয় মূল্যবোধৰ সম্পর্ক আছে। আধ্যাত্মিক মূল্যবোধৰ বিকাশ তেতিয়াই হয় যেতিয়া মানুহৰ মাজত প্রেম, সহযোগিতা, ভক্তি, সংযম, উদাৰতা আদি গুণবোৰ বৃদ্ধি পায়। শ্ৰীমন্ত শংকৰদেৱে কোৱাৰ দৰে, কুকুৰ শৃগাল গর্দভৰো আত্মাৰাম, স জানিয়া সবাকো পৰি কৰিবা প্রণাম।

আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

১২) নন্দন তাত্ত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় আলোচনা কৰা।

উত্তৰ : মানৱ জীৱনৰ তিনিটা মূল্যবোধ হৈছে– সত্য, শিৱ আৰু সুন্দৰ। এই সুন্দৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। নন্দনতাত্ত্বিক সৌন্দর্যই মানুহক শান্তি প্রদান কৰে আৰু মানুহৰ জীৱনটো সুন্দৰ কৰি তোলে। জীৱন্ত বা জড় সকলো বস্তুৰে নন্দনতাত্বিক মূল্যায়ণ নহ’ব পাৰে। মানুহৰ সকলো কার্য একে চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ন হয়। গতিকে মনোযোগেই হৈছে নন্দনতাত্ত্বিক বোধৰ চাবিকাঠি।

১৩) চিৰন্তন মূল্যবোধ সম্পর্কে চমুকৈ বুজাই লিখা।

উত্তৰঃ আদর্শবাদী দার্শনিকসকলৰ মতে, সত্যম শিবম সুন্দৰম- এই তিনিটা চিৰন্তন মূল্যবোধ। চিৰন্তন মূল্যবোধ স্বায়ী তথা অপৰিৱৰ্তনীয়। এই মূল্যবোধসমূহ সমাজত আগৰে পৰা বিদ্যমান। মানুহৰ দায়িত্ব হ’ল কেবল এইবোৰ আৱিষ্কাৰ কৰা বা উপলব্ধি কৰা। চিৰন্তন মূল্যবোধ ভাৰতীয় সমাজত প্রাচীন কালৰ পৰাই আছে। আন কথাত ক’বলৈ গ’লে, ভাৰতীয় সামাজিক জীৱন ব্যবস্থা চিৰন্তন মূল্যবোধৰ ওপৰত প্রতিষ্ঠিত।

১৪) নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা।  

উত্তৰঃ নৈতিক শব্দটোৰ ইংৰাজী প্রতিশব্দ ‘মৰেল’ শব্দটোৰ উৎপত্তি হৈছে লেটিন ভাষাৰ ম’ৰীজ’ শব্দটোৰ পৰা – যাৰ অৰ্থ হৈছে আচাৰ-ব্যৱহাৰ আৰু লোকাচাৰ। নৈতিকতাৰ লগত সামাজিক নীতি-নিয়ম আৰু আদর্শ জড়িত হৈ থাকে। মানুহে জন্ম লাভ কৰিয়েই সামাজিক ধাৰণাসমূহ আয়ত্ত নকৰে। ক্রমে সামাজিক সংস্পশলৈ অহাৰ পিছত পৰিবেশ আৰু শিক্ষাৰ দ্বাৰা প্ৰভাৱিত হৈ সামূহিক নীতি-নিয়মসমূহ আয়ত্ত কৰে। কেৱল জন্মগত প্রবৃত্তিসমূহে মানুহক সামাজিক জীৱ হিচাপে গঢ়ি তুলিব নোৱাৰে। ইয়াৰ বাৰে মানুহক লাগে উচ্চ মূল্যবোধ, উচ্চ আদৰ্শ আৰু মনোভাৱ।

Read Class 12 Assamese Study Materials

সংক্ষেপতে ক’বলৈ গ’লে, নৈতিকতাই সমাজৰ ৰীতি-নীতি মানি চলাটো বুজায়। অর্থাৎ সামাজিক নীতি-নিয়ম মানি চলাটোৱেই হৈছে নৈতিক মূল্যবোধ।

১৫) মূল্যবোধ সম্পর্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা।

উত্তৰঃ মুল্যবোধ বুলিলে আমি এক উচ্চ আদর্শাত্মক জীৱন প্ৰণালীক বুজো যি জীৱন প্ৰণালীয়ে সামাজিক ন্যায়, সহযোগিতা,  পৰোপকাৰ, অহিংসা, সমতা, সততা আলি গুণবোৰ বজাই ৰাখি শান্তিপূর্ণ জীৱন-যাপন কৰিবলৈ শিকায়।

১৬) মূল্যবোধ বুলিলে কি বুজা?

উত্তৰঃ মূল্যবোধ হৈছে মানুহৰ জীৱনত কিছুমান নিদেশি-নীতি যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতৰ সমাজত প্ৰচলিত ধর্মীয় বিশ্বাস, জীৱন দর্শন, নৈতিক আদর্শ , ৰাজনৈতিক আদর্শ, আচাৰ ব্যৱহাৰ আদি সকলোবোৰ মূল্যবোধে সামৰি লয়।

১৭) আদর্শবাদী দার্শনিকসকলে মূল্যবোধ সম্পর্কে কি কৈছে?

উত্তৰঃ সত্যম-শিৱম-সুন্দৰম, এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ, যাৰ কোনো পৰিৱর্তন নাই।

১৮) প্রকৃতিবাদী দার্শনিকসকলে মূল্যবোধ সম্পর্কে কি কয়?

উত্তৰঃ প্রকৃতিবাদী দার্শনিকসকলে বস্তুবাদী জগতখনৰ ওপৰত বেছি গুৰুত্ব দিয়ে।

১৯) ভাৰতীয় দর্শনে মূল্যবোধক কেইটা ভাগত ভাগ কৰিছে ?

উত্তৰঃ ভাৰতীয় দর্শনে মূল্যবোধক চাৰিটা ভাগত ভাগ কৰিছে।

(ক) ধর্ম, (খ) অর্থ, (গ) কাম, (ঘ) মোক্ষ।

ধর্ম হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক নিজ কর্তব্য সম্পর্কে সকীয়ায়। অর্থ আৰু কামক ধর্মই পৰিচালিত কৰে। মোক্ষ মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়।

২০) বিভিন্ন প্রকাৰৰ মূল্যবোধৰ নাম লিখা।

উত্তৰঃ (ক) নৈতিক, (খ) আধ্যাত্মিক, (গ) নান্দনিক, (ঘ) অর্থনৈতিক, (ঙ) সাংস্কৃতিক আৰু (চ) ৰাজনৈতিক মূল্যবোধ।

২১) মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ ৰাৰে বিশেষ চাৰিটা আচৰণৰ কথা কৈছে। সেইকেইটা কি কি?

উত্তৰঃ যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ আৰু নৈতিক স্বতন্ত্রতা।

২২) ছাত্র-ছাত্রীৰ বাবে গুৰুত্বপূৰ্ণ ১০ টা মূল্যবোধ কি কি?

উত্তৰঃ সংযম, সহানুভূতি, সহযোগিতা, অন্য সংস্কৃতিৰ প্রতি শ্রদ্ধা, পৰিষ্কাৰ-পৰিছন্নতা, নম্রতা, মানৱতাবোধ, অহিংসা, দেশপ্রেম আৰু সামাজিক দায়িত্ববোধ।

২৩) মূল্যবোধ শিক্ষাৰ লেখক কোন?

উত্তৰঃ ডঃ দুলুমণি গোস্বামী।


কিদৰে অন্যান্য পাঠৰ Class 12 Assamese Study Materials লাভ কৰিব ?

অসমীয়া বিষয়ৰ অন্যান্য পাঠসমূহৰ Class 12 Assamese Study Materials লাভ কৰিবলৈ তলত লিংক দিয়া হৈছে। আপোনাৰ প্রয়োজনীয় পাঠৰ লিংকত ক্লিক কৰিলে Class 12 Assamese Study Materials লাভ কৰিব পাৰিব।

6 thoughts on “উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ | অসমীয়া |মূল্যবোধ শিক্ষা”

  1. যি প্ৰশ্ন উত্তৰ বিচাৰো, সেইটো নাপাওঁ,,
    বিচৰা ধৰণে একো পোৱা নাই,,,,

    Reply
    • মন্তব্যৰ বাবে ধন্যবাদ। কোনটো প্রশ্ন লাগে, আমাক জনাই দিবা। নিশ্চয় আমি আগবঢ়াই দিম।

      Reply
        • অতি সোনকালে আমি তোমাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম।

          Reply

Leave a Comment

error: Warning, you aare not allowed to copy this element