Join Assam Study Centre Channel

উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ | অসমীয়া |কাঠমিস্ত্রীৰ ঘৰ

HS 2nd Year Free Study Notes। অসমীয়া ভাষাত অসমৰ ছাত্র-ছাত্রীসকলৰ বাবে ইণ্টাৰনেটত বিভিন্ন বিষয়ৰ পাঠৰ সমল নাই বুলি কলেও ভূল কোৱা নহয়। সেয়েহে ছাত্র-ছাত্রীসকল উপকৃত হোৱাকৈ অসমীয়া বিষয়ৰ AHSEC (Assam Higher Secondary Education Council) বিভিন্ন পাঠ সমূহৰ সমল আগবঢ়াই দিয়া হৈছে। AHSEC Assamese| HS 2nd Year Free Study Notes, HS 2nd Year Assamese question answer,

HS 2nd Year Assamese question answer

লেখক পৰিচয়ঃ

ধীৰেন্দ্র চন্দ্র দত্ত (১৯১০-১৯৭২) অসমীয়া প্রগতিশীল কবিতাৰ বাটকটীয়া আৰু এজন কমিউনিষ্ট বিপ্লৱী।

তেওঁৰ জন্ম হয় কৰুণাটিং বাগিছাত। তেওঁৰ পিতৃৰ নাম ডাঃ শৰৎ চন্দ্র দত্ত। তেওঁলোকৰ ঘৰ আছিল বাংলাদেশৰ ঢাকাৰ ওচৰৰ বিক্রমপুৰত। তাৰ পৰা অসমলৈ প্ৰব্ৰজন কৰি গোলাঘাটৰ বৰুৱা বামুণ গাওঁত নিগাজীকৈ বসতি কৰিবলৈ লয়। জন্মভূমিৰ আহ্বানত ধীৰেন্দ্র চন্দ্র দত্তই নিচেই তল শ্রেণীতে শিক্ষা শেষ কৰি দেশৰ কামত জপিয়াই পৰে। তেওঁ আছিল সাম্যবাদী আদর্শত বিশ্বাসী। তেওঁ কৃষক বনুৱাৰ স্বাৰ্থত প্রকৃত বিপ্লৱীৰ আদৰ্শ ৰাখি থৈ গৈছে।

১৯৩৬ চনত তেওঁৰ কাব্য সংকলন ‘অভিযান’ প্রকাশ পায়। শ্রমজীৱি মানুহৰ কাৰুণ্য আৰু সংগ্ৰামৰ চিত্ৰ তেওঁৰ কবিতাত প্রতিভাত হৈ উঠিছে।

তেওঁ ১৯৭২ চনত অক্টোৱৰ মাহত যোৰহাটৰ চিভিল হস্পিতালত ক্ষয়ৰোগত মৃত্যুবৰণ কৰে।


প্রশ্নোত্তৰ


) “কাঠ মিস্ত্রীৰ ঘৰ” কবিতাটো কিমান চনত ৰচিত?

উত্তৰঃ ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটো ১৯৩৯ চনত ৰচিত।


) কবি ধীৰেন্দ্র চন্দ্র দত্তৰ এখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ কবি ধীৰেন্দ্র চন্দ্র দত্তৰ এখন কবিতা পুথিৰ নাম ‘অভিযান’।


) কবিতাটিত ‘প্রৱাল দ্বীপৰ শৃঙ্গৰ দৰে’ বুলি কিহৰ কথা কোৱা হৈছে?

উত্তৰঃ ‘প্রৱাল দ্বীপ’ হৈছে সাগৰত প্রৱাল নামৰ প্ৰাণীৰ জঁকাৰ দ্বাৰা সৃষ্টি হোৱা দ্বীপ। কবিয়ে প্রৱাল দ্বীপৰ শৃঙ্গৰ দৰে কথাফাঁকিৰ জৰিয়তে বুজাব বিচাৰিছে যে যেনেদৰে অসংখ্য প্রৱাল প্রাণীৰ জঁকা লগলাগি প্রৱাল দ্বীপৰ সৃষ্টি হয়, ঠিক তেনেদৰে ধনী মানুহৰ ঘৰ অসংখ্য আচবাব-পত্ৰৰে ভৰি থাকে।


) কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন?

উত্তৰঃ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পীজন হ’ল কাঠমিস্ত্রী।


) কাঠমিস্ত্রীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰঃ নিজ বাহুবলেৰে কাঠমিস্ত্রীয়ে নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটোত কোৱা হৈছে।

HS 2nd Year Assamese question answer


) কবিতাটিত উল্লেখ থকা কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা।

উত্তৰঃ কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা আৰু কবিতাটিত উল্লেখ থকা দুবিধ সঁজুলিৰ নাম হ’ল ৰাণ্ডা আৰু বটালি।


) ‘কাঠমিস্ত্রীৰ ঘৰ‘ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?

উত্তৰঃ ‘কাঠমিস্ত্রীৰ ঘৰ’ কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কোৱা কথাষাৰ হ’ল “মোক যদি কোনোবাই দহোটা শ্রেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰ মাজত এটা হ’ব কাঠমিস্ত্রীৰ ঘৰ।


) কাঠমিস্ত্রীয়ে সজা কেইবিধান আচবাবৰ নাম লিখা

উত্তৰঃ কাঠমিস্ত্রীয় সজা কেইবিধমান আচবাবৰ নাম হ’ল – চকি, টেবুল, আলনা আলমাৰি, ড্রয়াৰ, টিপয় আদি।


) কাঠমিস্ত্রীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটোত কোৱা হৈছে?

উত্তৰঃ আৰামী, চকীত বহি বিলাসী জীৱন কটোৱা আঢ্যৱন্ত লোকসকলৰ বাবে কাঠমিস্ত্রীয়ে কাম কৰে বুলি কবিতাটোত কোৱা হৈছে।


১০) কবিয়ে কাঠমিস্ত্রীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি ল’বলৈ কৈছে? উত্তৰঃ কবিয়ে কাঠমিস্ত্রীৰ লগতে কঁহাৰ আৰু কমাৰক নিজ নিজ অধিকাৰ কাঢ়ি ল’বলৈ কৈছে।

আপুনি যদি আমাৰ এই HS 2nd Year Assamese question answerপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।


১১) কবি ধীৰেন্দ্র দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।

উত্তৰঃ ধীৰেন্দ্র দত্ত (১৯১০-১৯৭২) অসমীয়া প্রগতিশীল কবিতাৰ বাটকটীয়া আৰু এজন কমিউনিষ্ট বিপ্লৱী। তেওঁৰ জন্ম হয় কৰুণাটিং বাগিছাত। তেওঁৰ পিতৃৰ নাম ডাঃ শৰৎ চন্দ্র দত্ত। তেওঁলোক আছিল বাংলাদেশ ঢাকাৰ ওচৰৰ বিক্রমপুৰত। তাৰ পৰা অসমলৈ প্ৰবজন কবি গোলাঘাটৰ বৰুৱা বামুণগাওঁত নিগাজীকৈ বসতি কৰিবলৈ লয়। জন্মভূমিৰ আহ্বানত বীৰেন্দ্র চন্দ্র দত্তই নিচেই তল শ্রেণীতে শিক্ষা শেষ কৰি দেশৰ কামত জপিয়াই পৰে। তেওঁ আছিল সাম্যবাদী আদর্শত বিশ্বাসী। তেওঁ কৃষক বনুৱাৰ স্বাৰ্থত প্রকৃত বিপ্লৱীৰ আদৰ্শ ৰাখি থৈ গৈছে।

১৯৩৬ চনত তেওঁৰ কাব্য সংকলন ‘অভিযান’ প্রকাশ পায়। শ্রমজীবি মানুহৰ কাৰুণ্য আৰু সংগ্ৰামৰ চিত্ৰ তেওঁৰ কবিতাত প্রতিভাত হৈ উঠিছে।

তেওঁ ১৯৭২ চনৰ  অক্টোবৰ মাহত যোৰহাটৰ চিভিল হস্পিতালত ক্ষয়ৰোগত মৃত্যু বৰণ কৰে।


১২) কবিতাটিত কাঠমিস্ত্রীৰ শ্ৰম আৰু কষ্টৰ চিত্র কেনেদৰে দাঙি ধৰা হৈছে ?

উত্তৰঃ ‘কাঠমিস্ত্রীৰ ঘৰ” নামৰ কবিতাটিত কবিয়ে কাঠমিস্ত্রীৰ শ্রম আৰু কষ্টৰ চিত্ৰ অতি প্রাণস্পর্শী ৰূপত তলত দিয়া ধৰণেৰে ফুটাই তুলিছে।

কাঠমিস্ত্রী হৈছে শ্রমজীবি মানুহৰ প্রতিনিধি। তেওঁলোকৰ জীৱন কাৰুণ্য আৰু গতানুগতিক কামেৰে পৰিপূর্ণ। কাঠমিস্ত্রীয় অর্থনৈতিকভাবে সবল অর্থাৎ, আঢ়্যৱন্ত মানুহৰ বাবে সুন্দৰ কাঠ আচবাৱ পত্র সাজি দিয়ে। কাঠমিস্ত্রীৰ বটালি হাতুৰীৰ খুন্দাত নীৰস কাঠেও প্রাণ পাই উঠে। তেওঁলোকে আনৰ কাৰণে প্রাসাদোপোম ঘৰ সাজে। টোপাটোপে কপালৰ ঘাম মাটিত পেলাই তেওঁলোকে গোটই দিন কাম কৰি থাকে। কিন্তু নিজে গৈ থাকে দৰিদ্ৰতাৰ অন্ধকাৰত। তেওঁলোকে কেতিয়াও তেওঁলোকৰ কামৰ উপযুক্ত প্রতিদান নাপায়। এনেদৰে কবিতাটিৰ মাজেৰে কবিয়ে কাঠমিস্ত্রীৰ জীৱনৰ কাৰুণ্যময় অবস্থাৰ ছবি চিত্রিত কৰিছে।

AHSEC ASSAMESE


১৩) প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা

“বিশ্বৰ যত কৰ্মীৰ দল

তেজ ঢালি গঢ়ে প্রাসাদ উজ্জ্বল

মায়াপুৰী মানৱৰ,

কাঠ মিস্ত্রী ঘৰ।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভ’ৰ অন্তৰ্গত বীৰেন্দ্র চন্দ্র দত্তই ৰচনা কৰা ‘কাঠমিস্ত্রীৰ ঘৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উদ্ধৃত কবিতাফাঁকিৰ মাজেদি কবিয়ে শ্রমজীবি শ্রেণীটোৱে কিদৰে দুর্বিসহ দৰিদ্ৰ জীৱন-যাপন কৰিবলগা হয়- সেই চিত্র অংকন কৰিছে।

বিশ্বৰ সকলো কর্মীৰ দল অর্থাৎ কাঠমিস্ত্রী, বনুৱা, কমাৰ, কঁহাৰ শ্রেণীৰ লোকসকলে অসহনীয় বোজা মূৰত লৈ শৰীৰৰ তেজ পানী কৰি গোটেই দিন পৰিশ্রম কৰি সুন্দৰ সুন্দৰ বস্তু তৈয়াৰ কৰে। কিন্তু তেওঁলোকে সেই সুন্দৰ বস্তুবোৰ নিজে ব্যৱহাৰ কৰিব নোৱাৰে। তেওঁলোক চিৰদিন দৰিদ্রতাৰ বোজা মুৰত লৈ জীৱন কটাব লগা হয়। আনহাতে তেওঁলোকে অশেষ শ্রমেৰে তৈয়াৰ কৰা বস্তু-সামগ্ৰীৰ দ্বাৰা অভিজাত শ্ৰেণীটোৱে মায়াপুৰী সৃষ্টি কৰি বিলাসী জীবন যাপন কৰে।


১৪) কাঠমিস্ত্রীক কিয় শিল্পী বুলি কোৱা হৈছে?

উত্তৰঃ কাঠমিস্ত্রীক কবিয়ে শিল্পী বুলি কৈছে। কবিতাটিত ইয়াৰ কাৰণ তলত বর্ণনা কৰা মতে পোৱা যায়।

কাঠমিস্ত্রীয়ে অর্থনৈতিকভাৱে সবল অর্থাৎ আঢ্যৱন্ত মানুহৰ বাবে সুন্দৰ সুন্দৰ কাঠৰ  আচবাব সাজি দিয়ে। কাঠমিস্ত্রীৰ বটালি হাতুৰীৰ খুন্দাত নীৰস কাঠেও প্রাণ পাই উঠে। তেওঁলোকে আজাৰ, শিমলু, শাল, শিঙৰি আদি কাঠেৰে টেবুল, চকী, আলনা, আলমাৰি আদি বহুত আচবাব-পত্র তৈয়াৰ কৰে। তেওঁলোকৰ হাতৰ পৰশত যিকোনো বস্তু সুন্দৰ হৈ উঠে।

তেওঁলোকে  আনৰ কাৰনে প্রাসাদোপোম ঘৰ সাজে। টোপাটোপে কপালৰ ঘাম মাটিত পেলাই তেওঁলোকে গোটেই দিন কাম কৰি থাকে। সেয়ে কবিয়ে কাঠমিস্ত্রীক শিল্পী বুলি কৈছে।

HS 2ND YEAR ASSAMESE NOTES


১৫) কাঠমিস্ত্রীক ধৰি শ্রমজীৱিসকলে কেনেদৰে নিজৰ অধিকাৰ সাব্যস্ত কৰিব বুলি কবিতাটিত কোৱা হৈছে? 

উত্তৰঃ কাঠমিস্ত্রীয়ে নিজৰ শৰীৰৰ তেজ পানী কৰি অভিজাত শ্ৰেণীটোৰ বাবে বিলাসী প্রাসাদোপম অট্টালিকা আৰু সুন্দৰ সুন্দৰ আচবাব পত্র সাজি দিয়ে। কিন্তু তেওঁলোকে নিজৰ ন্যার্য প্রাপ্য নাপায়। তেওঁলোকৰ জীৱন দৰিদ্ৰতাত ডুৱ গৈ থাকে। সেয়ে কবিয়ে কাঠমিস্ত্রী, কঁহাৰ, কমাৰসকলক সচেতন হ’বলৈ আহ্বান জনাইছে। কবিয়ে আশাবাদ পোষণ কৰিছে যে যদি তেওঁলোক সচেতন হৈ বিপ্লৱ আৰম্ভ কৰে, তেন্তে নিশ্চয় তেওঁলোকৰ অৱস্থাৰ পৰিৱৰ্তন হ’ব। তেওঁলোকে বিপ্লৱৰ বিনিময়ত নিজৰ ন্যার্য অধিকাৰ সাব্যস্ত কৰিব পাৰিব।


১৬) কাঠমিস্ত্রীৰ কবিতাটিৰ মূল কথা লিখা।

উত্তৰঃ শ্রমিক বা খাটি খোৱা মানুহৰ জীৱনৰ ছবিখন কবিয়ে কবিতাটিত ফুটাই তুলিছে। দেহত শ্ৰমৰ বোজা লৈ কাঠমিস্ত্রীয়ে সমাজৰ ধনী শ্ৰেণীৰ লোকৰ বাবে নানা ধৰণৰ আটক কাঠৰ সা-সৰঞ্জাম সাজে। বটালিৰ খুন্দাত নীৰস, কঠিন কাঠে প্রাণ পাই উঠে। দেহৰ তেজ ঢালি তেওঁলোকে গঢ়ি দিয়ে মানুহৰ মায়াপুৰী সদৃশ প্রাসাদ। কিন্তু তেওঁলোকৰ জীৱন শোচনীয় আৰু জীয়াই থাকিবলৈ ধনৰ অভাৱ। তেওঁলোকে সাজি দিয়া আৰামী চকী ধনী লোকসকলে স্বাচ্ছন্দ্যৰ জীৱন কটায়। অথচ কাঠমিস্ত্রীসকলে অভাৱী জীৱন কটায়।

কবিয়ে মিস্ত্রী, কঁহাৰ, কমাৰ আদি খাটি খোৱা লোকসকলক নিজ বাহুবলেৰে অধিকাৰ সাব্যস্ত কৰিবলৈ কৈছে। তেওঁলোক শোষিত হৈ নাথাকি নিজৰ অধিকাৰ প্রতি সচেতন হ’বলৈ কবিয়ে আহ্বান জনাইছে।


১৭) কাঠমিস্ত্রীৰ জীৱনৰ ছবিখন কবিয়ে কিদৰে পৰিস্ফুট কৰিছে?

উত্তৰঃ কবিতাটিত কবিয়ে মিস্ত্রীসকলৰ কষ্টকৰ জীৱনৰ ছবি তুলি ধৰিছে। দেহত শ্ৰমৰ বোজা লৈ সমাজৰ ধনী শ্ৰেণীৰ বাবে তেওঁলোকে কাঠৰ সুন্দৰ বস্তু তৈয়াৰ কৰে। বটালিৰ পৰশত নীৰস কঠিন কাঠ হৈ পৰে চকুৰোৱা। দেহৰ তেজ ঢালি তেওঁলোকে মানুহৰ মায়াপুৰী সদৃশ প্রাসাদ গঢ়ে। অথচ তেওঁলোকে কামৰ মূল্য নাপায়। অভাৱত তেওঁলোক জুৰুলা হৈ পৰে। তেওঁলোকে গঢ়ি দিয়া কাঠৰ আৰামী চকীত বহি বিলাসী শ্ৰেণীটোৱে এক সুন্দৰ জীৱন কটায় অথচ কাঠ মিস্ত্রীয়ে অভাৱী জীৱন কটাব লাগে। কবিয়ে সমাৰ এই শ্ৰেণীৰ মানুহক অধিকাৰ সাব্যস্ত কৰিবলৈ কৈছে।

আপুনি যদি আমাৰ এই HS 2nd Year Assamese question answerপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।


১৮) কাঠ মিস্ত্রীয়ে কেনেদৰে কাৰ বাবে ঘৰ সাজি দিয়ে?

উত্তৰঃ কাঠ মিস্ত্রীয়ে সমাজৰ অর্থনৈতিকভাবে স্বচ্ছল শ্রেণীটোৰ বাবে নানা ধৰণৰ মনোমোহা সামগ্রী সাজি দিয়ে। দেহৰ তেজ ঢালি এই শ্ৰেণীটোৱে গঢ়ি দিয়ে অভিজাত লোকৰ বাবে মায়াপুৰী সদৃশ প্রাসাদ। কপালৰ ঘাম মাটিত পেলাই কাঠ মিস্ত্রীয়ে টেবুল, চকী, আলনা, আলমাৰি, চাহৰ টি-পয় সাজি দিয়ে। ধনীলােকসকলৰ বিভিন্ন কাঠৰ সামগ্রী তেওঁলোকে সাজে।


১৯) কবিতাটিৰ মাজেৰে সমাজৰ দুই বিপৰীত শ্ৰেণীৰ জীৱনৰ ছবি কেনেভাবে প্রকাশিত হৈছে?

উত্তৰঃ কবিতাটিত দুই বিপৰীত শ্রেণীৰ সমাজৰ চিত্ৰ কবিয়ে দাঙি ধৰিছে। এহাতে বিত্তশীল শোষক শ্রেণী।  আনহাতে শ্রমজীৱী দৰিদ্ৰ শ্ৰেণী। শ্রমিকে বিত্তবান লোকক কাঠেৰে সদৃশ্য অট্টালিকা সাজি দিয়ে। তাৰ বিনিময়ত তেওঁলোকে সঠিক মজুৰি নাপায়। সেয়ে তেওঁলোকৰ অৱস্থা শোচনীয়। কিন্তু বিত্তৱানসকলে আৰামৰ জীৱন কটায়। তেওঁ্লোকৰ জীৱন সুখৰ আৰু নিৰাপদ।

কবিয়ে এফালে দুখীয়া সাধাৰণ লোকসকল আৰু আনফালে ধনী লোকৰ জীৱন ধাৰণৰ প্রণালী দাঙি ধৰিছে।

HS 2nd Year Assamese question answer


২০) প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা ,

ক) নিৰস কঠিন বেঁকা বেঁকি কাঠ

……………………………..কাঠ মিস্ত্রীৰ ঘৰ।

উত্তৰঃ উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ ভিতৰুৱা বীৰেন্দ্র চন্দ্র দত্ত ৰচিত ‘কাঠ মিস্ত্রী ঘৰ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিয়ে ইয়াত কাঠ মিস্ত্রীয়ে নিজৰ হাতৰ যাদুৰে কাঠৰ পৰা সুন্দৰ সামগ্রী কিদৰে প্রস্তুত কৰে তাক কৈছে।

সাধাৰণতে বেঁকা বেঁকি হৈ থকা কাঠবোৰ ৰাণ্ডা মাৰি পোন কৰি ঠিক জোখত কাঠমিস্ত্রীয়ে সেইবোৰৰ পৰা উপযুক্ত লাগতিয়াল কাঠৰ আচবাব গঢ়ে। হাতুৰি-বটালিৰ স্পর্শত কাঠবোৰ নিমজ হয়। এনেদৰে ৰূপ দিয়াত কাঠ মিস্ত্রীৰ অশেষ কষ্ট হয়।


২১) কবি নৱকান্ত বৰুৱাই এই কবিতাটি সম্পর্কে কি কৈছিল ?

উত্তৰঃ বৰুৱাই কৈছিল-“মোক যদি কোনোবাই দহোটা শ্রেষ্ঠ অসমীয়া কবিতাৰ নাম সোধে তাৰ মাজত এটা হ’ব কাঠ মিস্ত্রীৰ ঘৰ”।


২২) কবিতাটিৰ ৰচনা কাল কিমান?

উত্তৰঃ ১৯৩৯ চন।


২৩) লাখ লাখ মানুহৰ বাহুৰ কৰ্ম- বুলি কবিয়ে কি বুজাইছে?

উত্তৰঃ শ্রমিক শ্রেণীৰ কষ্টৰ কথা বুজাইছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element