Join Assam Study Centre Channel

উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ | অসমীয়া |জনতাৰ আহ্বান

HS 2nd Year Free Study Notess। অসমীয়া ভাষাত অসমৰ ছাত্র-ছাত্রীসকলৰ বাবে ইণ্টাৰনেটত বিভিন্ন বিষয়ৰ পাঠৰ সমল নাই বুলি কলেও ভূল কোৱা নহয়। সেয়েহে ছাত্র-ছাত্রীসকল উপকৃত হোৱাকৈ অসমীয়া বিষয়ৰ AHSEC (Assam Higher Secondary Education Council) বিভিন্ন পাঠ সমূহৰ সমল আগবঢ়াই দিয়া হৈছে। AHSEC Assamese| HS 2nd Year Free Study Notes

HS 2nd Year Free Study Notes


লেখক পৰিচয়ঃ

জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩-১৯৫১) হৈছে অসমৰ এজন প্রখ্যাত সংজ্ঞীতজ্ঞ, কবি, বোলছবি পৰিচালক, নাট্যকাৰ আৰু স্বাধীনতা বিপ্লৱী। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয় ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত। তেওঁৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। তেওঁ অসমতে হাইস্কুলীয়া শিক্ষা শেষ কৰি ১৯২৬ চনত ইংলণ্ডলৈ যায় যদিও কোনো ডিগ্রী নোলোৱাকৈ উভতি আহে। তাৰ পিছত তেওঁ জার্মানীলৈ গৈ কথাছবি পৰিচালনা আৰু প্রযোজনা বিষয়ত প্রশিক্ষণ লয়। তেওঁ অসমলৈ উভতি আহি ১৯৩৫ চনত অসমৰ প্রথম বোলছবি ‘জয়মতী’ নির্মাণ কৰে। ১৯৪২ চনত গণ আন্দোলনত যোগদান কৰে আৰু মৃত্যু বাহিনীৰ  অধিনায়ক হৈ বহুদিন আত্মগোপন কৰিবলগীয়াত পৰে। ১৯৩৯ চনত তেওঁ অসমীয়া ভাষাৰ  দ্বিতীয় বোলছবি “ইন্দ্ৰমালতী’ নির্মাণ কৰে। তেওঁ অসমীয়া সংগীত জগতলৈ বহুতো সুন্দৰ সুন্দৰ গীত, কবিতা উপহাৰ দি গৈছে। তেওঁৰ গীতি কবিতাবোৰৰ মাজেদি স্বদেশপ্রেম, প্রকৃতিপ্রেম আৰু বিপ্লৱী সুৰ প্ৰকাশ পাইছে। তেওঁ ৰচনা কৰা নাটকবোৰ হ’ল শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, লভিতা, খনিকৰ, নিমাতী কইনা, সোণ পখিলী, কনকলতা আৰু সুন্দৰ কোঁৱৰ। তেওঁৰ সাহিত্য কর্মৰ মাজেদি সুন্দৰৰ সাধনা কৰা বাবে অসমীয়া সাহিত্য-সংস্কৃতি  জগতত তেওঁক ৰূপকোঁৱৰ বুলি অভিহিত কৰা হৈছে।

তেওঁ ব্যক্ততাপূর্ণ জীৱনৰ মাজেদি অসমীয়া সংস্কৃতিক জগতলৈ বহু অৱদান আগবঢ়াই ১৯৫১ চনত দুৰাৰোগ্য ব্যাধিত আক্ৰান্ত হৈ ইহলীলা সম্বৰণ কৰে।

প্রশ্নোত্তৰHS 2nd Year Free Study Notes


) অসমীয়া সাহিত্য-সংস্কৃতি জগতত ‘ৰূপকোঁৱৰ’ অভিধাৰে কোনগৰাকী সাহিত্যিকক বিভূষিত কৰা হৈছে?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাক।


) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ সুইতৰ পাৰৰ অগ্নিসুৰ।


) জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্রথম নাটকখনৰ নাম কি?

উত্তৰঃ শোণিত কুঁৱৰী।


) জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ কিহৰ প্রশিক্ষণ লৈছিল?

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জার্মানীলৈ গৈ কথাছবি প্রযোজনা আৰু পৰিচালন বিষয়ত প্রশিক্ষণ লৈছিল।


) প্রথম অসমীয়া কথাছবিখনৰ নাম কি?

উত্তৰঃ জয়মতী।


) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য হল—

(ক) জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্রতি দায়বদ্ধতা আদি তেওঁৰ কবিতাৰ  বৈশিষ্ট্য।

(খ) ভাষা আৰু শব্দ প্রয়োগৰ ওজস্বিতা, যৌবনসুলভ দীপ্ততা তেওঁৰ কবিতাৰ শৈলীগত বৈশিষ্ট।


) ‘আজি সুন্দৰৰ সূজা থাপনাত

   যাচিবি কিহেৰে ষোড়শোপচাৰ’—

   ষোড়শোপচাৰ কি বুজাই লিখা।

উত্তৰঃ পূজাৰ ১৬ বিধ উপকৰণ। সেইবোৰ হ’ল- আসন, স্বাগত, পদ্য, অৰ্য্য,  আচমনীয়, মধুপর্ক, পুনৰাচমনীয়, স্নান, বসন, আভৰণ, গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য আৰু বন্দনা।

HS 2nd Year Free Study Notes


) কবিতাটোত কবিয়ে ‘আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান” বুলি কিয় কৈছে?

উত্তৰঃ কবিয়ে লক্ষ্য কৰিছে যে আজি শোষিত  নিষ্পেষিত জনতা নিজৰ অধিকাৰৰ প্রতি সচেতন হৈ মুখৰিত হৈ উঠিছে। কবিয়ে জনতাৰ এই জাগ্রত ৰূপ দেখি আনন্দ পাইছে। জনতাৰ আহ্বানত যে জনতাৰেই মঙ্গল হ’ব সেই কথা কবিয়ে উপলব্ধি কৰিব পাৰিছে।


) “হে মৰ আলোক পূজাৰী প্ৰাণ’ কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ ‘হে মোৰ আলোক পূজাৰী প্ৰাণ’ কথাষাৰৰ বৰ তাৎপর্যপূর্ণ। কবিয়ে ‘আলোকপূজাৰী প্ৰাণ’ বুলি জনতাক বুজাইছে। কবিয়ে ক’ব বিচাৰিছে যে আজি জনতাৰ মাজত এক নতুন চেতনাৰ অভ্যূদ্বয় হৈছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে-বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে, তাত জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে।


১০) কথাছবি নির্মাতা হিচাপে জ্যোতিপ্ৰসাদৰ এটি চমু পৰিচয় দিয়া।

উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে অসমীয়া কথাছবিৰ জনক। ১৯৩৩ চনত তেওঁ ভোলাগুৰি চাহ বাগিছাত “চিত্রবন’ ষ্টুডিঅ’ স্থাপন কৰি ১৯৩৪ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ ‘জয়মতী’ নাটকখনক কথাছবিৰ ৰূপ দিয়ে। ‘জয়মতী’ কথাছবিৰ ১৯৩৫ চনৰ ১০ মাৰ্চৰ দিনা কলিকতাত প্রথমে মুক্তি পায় আৰু ইয়াৰ ১০ দিন পিছত ২০ মার্চ তাৰিখে গুৱাহাটীৰ ৰাইজে সেই ছবি উপভোগ কৰে। ইন্দ্ৰমালতী হৈছে তেওঁৰ দ্বিতীয়খন কথাছবি। পিছলৈ তেওঁৰ পৰা প্রেৰণা লাভ কৰি অসমৰ বোলছবি জগতত বহু প্রতিভাৰ জন্ম হয়।

আপুনি যদি আমাৰ এই HS 2nd Year Free Study Notesপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।


১১) ‘জনতাৰ আহবান’ কবিতাটোৰ মূল কথাখিনি আলোচনা কৰা

উত্তৰঃ ‘জনতাৰ আহবান’ কবিতাটোৰ মাজেদি কবিয়ে পৃথিৱীৰ জনতাৰ মনত  অভ্যূদ্বয় হোৱা নতুন চেতনাৰ কথা প্রকাশ কৰিছে। এই চেতনা সৌন্দর্য চেতনা, দাসত্বৰ পৰা মানৱৰ মুক্তিৰ চেতনা। অর্থাৎ কবিয়ে ভাৱে যে বিশ্ব ৰূপান্তৰৰ দিশত ধাৱমান হৈছে। এই ৰূপান্তৰৰ পুৱীত আকাশে বতাহে জনতাৰ আহ্বান বিয়পি পৰিছে। সুন্দৰৰ পূজাৰ যি সাধনা আৰম্ভ হৈছে তাতো জনতাই ষোড়শোপচাৰেৰে সুন্দৰৰ আৰাধনাত মগ্ন হৈছে। সাধাৰণ জনতাই আজি বোকাত জন্ম লোৱা পদুম ফুলৰ দৰে ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি পোহৰত পাহি মেলি আকাশয় সৌন্দর্য সিঁচিবলৈ আজি জনতা ওলাই আহিছে। মানুহৰ এই পৃথিৱীখনত শান্তিৰ সুৰভি বিলাই জীৱনৰ  এক অভিনৱ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ সংহত অভ্যুত্থানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। আজি জনতাৰ আলোক বিজয়ী অপূর্ব অভিযানে পৃথিৱীৰ আকাশ মুখৰিত কৰি তুলিছে। নৱ-জীৱনৰ মহাসংঘাতে বর্তমানক কঁপাই তুলিছে। বেদত ধ্বনিত  হোৱা আলোকৰ আগমনী মন্ত্র আজি সার্থক হ’বলৈ আগবাঢ়িছে, ঘোষণা কৰিচেহ জনতাৰ জয়, জনতন্ত্রৰ জয়, মহামানৱতাৰ জয়। অর্থাৎ, দাসত্বৰ শিকলি ছিঙি মানৱ সমাজ স্বাধীনতাৰ বাবে উদীপ্ত কণ্ঠে ওলাই আহিছে।


১২) জনতাৰ আহ্বান কবিটাতোত সাধাৰণ মানুহৰ প্ৰতি কবিৰ কেনে মনোভাব প্রকাশ পাইছে ?

উত্তৰঃ জনতাৰ আহ্বান নামৰ কবিতাটিৰ মাজেদি সাধাৰণ মানুহৰ প্রতি কবিৰ কল্যাণকামী ংভীৰ আস্থাৰ ভাব প্রকাশ পাইছে। কবিয়ে শোষিত, পদ-দলিত জনগণৰ দুখত দুখী হৈ সাধাৰণ জনতাক এক সুন্দৰ ভৱিষ্যতৰ বাবে জাগি উঠিবলৈ আহবান জনাইছে। তেওঁ পৃথিৱীৰ জনতাৰ মাজত এক নতুন চেতনাৰ আশাবাদৰে কৈছে যে বোকাত জন্ম লোৱা জনতাই আজি পদম হৈ ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি, পোহৰত পাহি মেলি আকাশত সৌন্দর্য সিচিবলৈ অর্থাৎ নিজৰ অধিকাৰ সাব্যস্ত  কৰিবলৈ জনতা আজি ওলাই আহিছে।

HS 2nd Year Free Study Notes


১৩) কবিয়ে কেনেকুৱা জনতন্ত্র কামনা কৰিছে কবিতাটোৰ আধাৰত বিশ্লেষণ কৰা।

উত্তৰঃ “জনতাৰ আহ্বান” কবিতাটিত কবিয়ে দাসত্বৰ বান্ধোনৰ পৰা মুক্ত হ’বলৈ জনতা  যে আজি জাগি উঠিছে তাৰ উদীপ্ত কাব্যিক বর্ণনা দাঙি ধৰিছে। কবিয়ে লক্ষ্য কৰিছে যে শোষিত, বঞ্চিত, মেহনতী জনতা জাগ্রত হৈ সিহতৰ নায্য প্রাপ্য আদায়ৰ বাবে ৰাজপথলৈ ওলাই আহিছে। অর্থাৎ বিপ্লৱ  আৰম্ভ হৈছে। কবিয়ে আশাবাদ পোষণ কৰিছে যে এই বিপ্লৱেই সমাজৰ কদাকাৰ ৰুপ পৰিৱৰ্তন কৰি সৌন্দৰ্যৰ আনয়ন কৰিব। অর্থাৎ জনতাৰ সংহত অভ্যুত্থানে দেশত জনতন্ত্র প্রতিষ্ঠা হ’ব। এই জনতন্ত্র হ’ব শোষণহীন, ধনী-দুখীয়াৰ মাজত ভেদ-ভাৱহীন যিখন জনতন্ত্রত (গণতন্ত্র) সকলোৰে ন্যায় আৰু অধিকাৰ প্রতিষ্ঠিত হ’ব।


১৪)  জনতাৰ আহ্বান কবিটাতোত জনতাৰ মহাপ্রাণ কেনেদৰে জাগৰিত হয় বুলি কবিয়ে কৈছে আলোচনা কৰা।

উত্তৰঃ কবিয়ে জানে যে জনতা এই বিশ্বৰ প্রধান চালিকা শক্তি হোৱা সত্বেও সিঁহতে  চিৰদিন লাঞ্চিত, বঞ্চিত আৰু শোষিত হৈ আহিছে। কবিয়ে লক্ষ্য কৰিছে যে অৱশেষত জনতা সিঁহতৰ অধিকাৰৰ প্রতি সচেতন হৈছে৷ সিঁহত যেন নিদ্রাৰ পৰা জাগত হৈছে। জনতাৰ এই অভ্যুথান বর্ণনা কৰি কবিয়ে কৈছে, যে বোকাত জন্ম লোৱা জনতাই আজি পদুম হৈ ফুলি পোহৰ বিলাইছে। অন্ধকাৰ নাশি, পোহৰত পাহি মেলি আকাশত সৌন্দর্য সিচিবলৈ অর্থাৎ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ জনতা আজি ওলাই আহিছে। সিঁহত আশাবাদী যে সিহতৰ  অৱস্থাৰ এক বৈপ্লবিক পৰিবর্তন হব।


১৫) প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা।

   আজি জনতাৰ পঙ্কজ ৰূপ

   জাগে পদুমৰ দৰে

   বোকাত জনমা মানুহে আজি

   আলোকলৈ উঠি আহে

    বেলিমুৱা হৈ হাঁহে।

উত্তৰঃ উদ্ধৃত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তত জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা ‘জনতাৰ আহ্বান’ শিৰোনামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

অধিকাৰ সাব্যস্তৰ বাৰে জাগ্রত হোৱা জনতাৰ প্রশংসাত কবিয়ে উক্ত কথাফাঁকিৰ  অৱতাৰণা কৰিছে।

কবিয়ে জানে যে জনতা এই বিশাল প্ৰদান চালিকা শক্তি হোৱা সত্বেও সিঁহতে চিৰদিন লাঞ্চিত, বঞ্চিত আৰু শোষিত হৈ আহিছে। কবিয়ে লক্ষ্য কৰিছে যে অৱশেষত জনতা সিহঁতৰ অধিকাৰৰ প্রতি সচেতন হৈছে। সিঁহত যে নিদ্রাৰ পৰা জাগৃত হৈছে। জনতাৰ এই অভ্যুত্থান বর্ণনা কৰি কবিয়ে কৈছে যে বোকাত জন্ম লোৱা জনতাই আজি পদুম হৈ লি পোহৰ বিলাইছে। অন্ধকাৰ নাশি, পোহৰত পাহি মেলি আকাশত সৌন্দর্য সিঁচিবলৈ অর্থাৎ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ জনতা আজি ওলাই আহিছে। সিহঁত আশাবাদী যে সিহঁতৰ অৱস্থাৰ এক বৈপ্লবিক পৰিবৰ্তন হ’ব।

আপুনি যদি আমাৰ এই HS 2nd Year Free Study Notesপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।


১৬) জ্যোতিপ্ৰসাদক কি নামেৰে জনা যায়?

উত্তৰঃ ৰূপকোঁৱৰ নামেৰে জনা যায়।


১৭) কবিজনাৰ কবিতাৰ বৈশিষ্টসমূহ কি কি?

উত্তৰঃ জাতীয়তাবাদ, দেশৰ ঐতিহা, বুৰঞ্জী সৈতে একাত্মবোধ, জনতাৰ প্রতি দায়বদ্ধতা, পুৰুষত্ব, ভাষা আৰু শব্দ প্রয়োগৰ ওজস্বিতা, যৌন সুলভ দৃপ্ততা আদি তেওঁৰ কবিতাৰ বৈশিষ্ট।


১৮) কবিতাটি সাধাৰণ মানুহৰ প্রতি কেনে মনোভাব কবিৰ প্ৰকাশ পাইছে?

উত্তৰঃ পৃথিৱীৰ জনতাৰ মাজত বিয়পি পৰা এক নব্য মানৱীয় চেতনাৰ অভ্যুদ্বয়ৰ কথা বর্ণনা কৰা হৈছে। ৰূপান্তৰৰ পৃথিৱীত আকাশে বতাহে মানুহৰ আহ্বান বিয়পি পৰিছে। সাধাৰণ জনতাই সুন্দৰৰ পূজাত মগ্ন হৈছে। আন্ধাৰ নাশি পোহৰলৈ পাখি মেলি, আকাশত সৌন্দর্য সিঁচিবলৈ জনতা ওলাই আহিছে । নৱজীৱনৰ মহা সংঘাটে বর্তমানক কপাঁই তুলিছে। চাৰিওফালে জনতাৰ জয়ধ্বনি হৈছে।


১৯) প্রসঙ্গ সঙ্গতি দশাই ব্যাখ্যা কৰা।

(ক) আজি জনতাৰ পঙ্কজ ৰূপ

   – বেলিমুৱা হৈ হাঁহে

উত্তৰঃ উক্ত কবিতাংশ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জনতাৰ আহ্বান’ নামৰ কবিতাৰ পৰা উদ্ধৃত। কবিয়ে জনতাৰ জাগৰণৰ ইঙ্গিত দিছে। ইয়াত এক ৰূপান্তৰৰ চালিকা শক্তি ৰূপে জনতাক দেখুওৱা হৈছে।

কবিয়ে জানে এই পৃথিৱীত পৰিবৰ্তনৰ মূল চালিকা শক্তি হোৱা স্বত্বেও জনতা সদায় শোষিত। যুগে যুগে তেওঁলোক উচ্চ শ্ৰেণীৰ পদদলিত হৈ থাকে। কিন্তু এতিয়া তেওঁলোকে পঙ্কজৰ ৰূপ লৈছে। তেওঁলোকে নিজৰ জ্যোতিৰে জগতক চমক লগাই মূৰ দাঙি থিয় দিছে। সূর্যৰ পিনে মুৰ তুলি নিজৰ জাগৰণৰ ইঙ্গিত দিছে। যেন ইয়াৰ মাজেৰেই পৃথিৱীত পোহৰ হ’ব।

HS 2nd Year Free Study Notes


(খ) আমি পৃথিবীর আকাশে আকাশে

    জনতাৰ কঁপায় বর্তমান।

উত্তৰঃ উক্ত কবিতাংশ জ্যোতিপ্রসাদ আগৰৱালাৰ পুথিৰ পৰা লোৱা হৈছে। কবিয়ে এক পৰিবৰ্ত্তনৰ ইঙ্গিত দিছে। বিশ্ব জুৰি হোৱা জনতাৰ মনৰ পৰিৱর্তনৰ বিষয়ে কৈছে।

তেওঁৰ মতে জনতাৰ অভিযান আৰম্ভ হৈছে। এই অভিযান হৈছে আলোকৰ অভিযান। জনতাই পৃথিৱীত পোহৰৰ আগমন ঘটাবলৈ পৰিৱৰ্তনশীল জাগৰণৰ পথ লৈছে। আন্ধাৰ দাসত্বৰ পৰা মুক্ত হ’বলৈ জনতাই নতুন পথ লৈছে। সিয়ে বর্তমানক জোকাৰি গৈছে।

আপুনি যদি আমাৰ এই HS 2nd Year Free Study Notesপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element