Join Assam Study Centre Channel

উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ | অসমীয়া | চিঠি

AHSEC | HS 2nd year Assamese study Materials । অসমীয়া ভাষাত অসমৰ ছাত্র-ছাত্রীসকলৰ বাবে ইণ্টাৰনেটত বিভিন্ন বিষয়ৰ পাঠৰ সমল নাই বুলি কলেও ভূল কোৱা নহয়। সেয়েহে ছাত্র-ছাত্রীসকল উপকৃত হোৱাকৈ অসমীয়া বিষয়ৰ AHSEC (Assam Higher Secondary Education Council) বিভিন্ন পাঠ সমূহৰ সমল আগবঢ়াই দিয়া হৈছে। Assamese HS 2nd Year Assamese Study Materials

 

লেখক পৰিচয়ঃ

(১৯২৪- ২০০৮) এজন সুপ্রসিদ্ধ অসমীয়া গল্পকাৰ আছিল। তেওঁৰ প্রকৃত নাম ৰেৱতীমোহন দত্ত চৌধুৰী, শীলভদ্র তেওঁৰ ছদ্ম নাম। তেওঁৰ জন্ম হয় ধুবুৰী জিলাৰ গৌৰীপুৰত । প্রবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ শীলভদ্রই কটন কলেজত বিজ্ঞানৰ শিক্ষা গ্রহণ কৰে। পৰৱতী সময়ত বাংলাদেশৰ কাৰমাইকেল কলেজৰ পৰা গণিত বিষয়ত স্নাতক ডিগ্রী লাভ কৰে। ১৯৪৬ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত প্রথম শ্রেণীৰ দ্বিতীয় স্থান লাভ কৰি স্নাতকোত্তৰ পৰীক্ষা পাছ কৰে। ১৯৪৭ চনত তেওঁ কটন কলেজৰ গণিতৰ অধ্যাপক হিচাপে যোগদান কৰে। তাত দুবছৰ শিক্ষকতা কৰাৰ পিছত কিছুদিন ঠিকাদাৰ, সাংবাদিক আৰু চাহ বাগিচাৰ সহকাৰী পৰিচালক হিচাপে কাম কৰে। ১৯৫৭ চনত তেওঁ অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান কৰে আৰু তাৰ পৰাই ১৯৪২ চনত অৱসৰ গ্ৰহণ কৰে।

শীলভদ্রই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে। ১৯৭১ চনত তেওঁৰ প্ৰথম উপন্যাস সংকলন ‘মধুপুৰ আৰু তৰংগিনী’ প্রকাশ পায় । পৰৱৰ্তী সময়ত তেওঁ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ হিচাপে অধিক খ্যাতি অর্জন কৰে। ১৯৭৫ চনত তেওঁৰ প্রথম গল্প সংকলন প্রকাশ কৰে। তাৰে কেইখনমান হ’ল – সমুদ্র তীৰ, কোনো ক্ষোভ নাই, উত্তৰণ, আকৌ মধুপুৰ, মধুপুৰ বহু দূৰ, তর্পণ, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং, দায়িত্ব আৰু অন্যান্য গল্প ইত্যাদি। শীলভদ্রই ৰিপভান উইংকল আৰু কেইটামান গল্প’ আৰু ৰূপান্তৰ নামৰ দুখন গ্রন্থ অনুবাদ কৰিছিল।

শীলভদ্ৰৰ ভাষা সহজ আৰু সৰল। তেওঁ বাস্তৱ জীৱনৰ সৰু সৰু ঘটনা একোটাক মূল বিষয় হিচাপে লৈ গল্প লিখাত সিদ্ধহস্ত আছিল। তেওঁৰ বহুত গল্পত অতীত সময়ৰ সজীৱ আৰু আৱেগিক ৰোমন্থন আছে।

সাহিত্য কর্মৰ স্বীকৃতি স্বৰূপে শীলভদ্রই কেইবাটাও বঁটা আৰু সন্মান লাভ কৰে। তাৰ ভিতৰত ১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে ‘অসম সাহিত্য পৰিষদ বঁটা আৰু ১৯৯২ চনত ‘দায়িত্ব আৰু অন্যান্য গল্প’ শীর্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বটা লাভ কৰে। ১৯৯৪ চনত শীলভদ্রই ‘মধুপুৰ বহুদূৰ’ গল্প সংকলনৰ বাবে ‘সাহিত্য অকাডেমি বঁটা’ লাভ কৰে। সাহিত্যক্ষেত্ৰলৈ শীলভদ্রৰ জীৱনজোৰা অৱদানৰ বাবে ২০০২ চনত তেওঁক অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা হয়।

HS 2nd Year ৰ চিঠি নামৰ গল্পটিৰ সম্ভাব্য প্রশ্নোত্তৰ সমূহ ইয়াত আলোচনা কৰা হৈছে। HS 2nd Year Assamese Study materials লাভ কৰিবৰ বাবে আমাৰ ৱেবচাইটত চার্চ কৰক। নতুবা এই প্রশ্নোত্তৰ সমূহৰ শেষত অসমীয়া বিষয়ৰ অন্যান্য পাঠৰ লিংক দিয়া হৈছে। তাত ক্লিক কৰি HS 2nd Year Assamese Study Materials লাভ কৰিব পাৰিব।

 

অতি চমু প্রশ্ন (১, ২ নম্বৰৰ বাবে)

HS 2nd Year Assamese Study Materials

 

) ‘চিঠি’ গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘চিঠি’ গল্পটো শীলভদ্ৰৰ চিঠি আৰু অন্যান্য গল্প’ সংকলনখনৰ পৰা লোৱা হৈছে।

) শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?

উত্তৰঃ শীলভদ্রই ‘মধুপুৰ বহু দূৰ’ গল্প সংকলনখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

৩) কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰিছিল ?

উত্তৰঃ ঘনিষ্ঠ বন্ধু প্রশান্ত শর্মাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰিছিল।

) প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?

উত্তৰঃ প্ৰশান্ত শর্মাৰ ভতিজা ল’ৰাজনে ভূদেৱ চৌধুৰীক প্রশান্ত শর্মাৰ মৃত্যুৰ খবৰটো দিছিল।

) ভূদেব চৌধুৰী টিংখাঙলৈ কিয় গৈছিল?

উত্তৰঃ বাগানত থকা দিনকেইটাত মাজে মাজে গাঁৱৰ ঘৰত থকা পত্নীৰ পৰা ভূদেৱ চৌধুৰীলৈ চিঠি আহিছিল। এই চিঠিখন সোনকালে পাবলৈ তেওঁ টিংখাঙত থকা ডাকঘৰলৈ গৈছিল।

) শীলভদ্ৰৰ জন্ম কত হৈছিল?

উত্তৰঃ ধুবুৰী জিলাৰ গৌৰীপুৰত।

) শীলভদ্ৰৰ প্রথম উপন্যাস সংকলনখনৰ নাম কি?

উত্তৰঃ মধুপুৰ আৰু তৰঙ্গিনী।

) শীলভদ্ৰৰ প্রকৃত নাম কি আছিল?

উত্তৰঃ ৰেৱতীমোহন দত্ত চৌধুৰী।

) ‘চিঠি’ গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘চিঠি’ গল্পটো শীলভদ্ৰৰ চিঠি আৰু অন্যান্য গল্প সংকলনখনৰ পৰা লোৱা হৈছে।

১০) শীলভদ্রই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ শীলভদ্রই ‘মধুপুৰ বহু দুৰ’ গল্প সংকলনখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

১১) কাৰ চিঠিৰ বাবে ভূদের চৌধুৰীয়ে অপেক্ষা কৰিছিল ?

উত্তৰঃ ঘনিষ্ঠ বন্ধু প্রশান্ত শর্মাৰ চিঠিৰ বাবে ভূদের চৌধুৰীয়ে অপেক্ষা কৰিছিল।

১২) প্রশান্ত শর্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?

উত্তৰঃ প্রশান্ত শর্মাৰ ভতিজা ল’ৰাজনে ভূদেৱ চৌধুৰীক প্রশান্ত শর্মাৰ মৃত্যুৰ খবৰটো

১৩) চিঠি গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে ?

উত্তৰঃ বিয়াৰ পিছত কিছুমান অসুবিধাৰ কাৰণে চৌধুৰী কিছুদিন অকলে বাগানত আছিল। তেওঁ তেওঁৰ পৰিবাৰক কিছু দিনৰ বাবে গাঁৱৰ ঘৰত থৈ গৈছিল।  সেয়েহে চৌধুৰীয়ে পৰিবাৰৰ চিঠিৰ বাবে ব্যাকুল প্রতীক্ষাৰে আৰু বন্ধু প্রশান্তৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা কৈছে।

১৪) শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা।

উত্তৰঃ শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম হ’ল – ১৯৯৪ চনত ‘মধুপুৰ বহুদুৰ’ গল্প সংকলনৰ বাবে ‘সাহিত্য একাডেমী বঁটা’ আৰু সাহিত্যক্ষেত্রলৈ আগবঢ়োৱা জীবনজোৰা অৱদানৰ বাবে ২০০২ চনত অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত হয়।

১৫)  শীলভদ্র কোন যুগৰ লেখক আছিল ?

উত্তৰঃ শীলভদ্র ৰামধেনু যুগৰ এগৰাকী সুনিপুণ চুটিগল্প লেখক আছিল।

১৬) তেওঁ কেতিয়ালৈ চুটি গল্প লিখি গৈছিল ?

উত্তৰঃ তেওঁ একবিংশ শতিকাৰ প্ৰথম দশকলৈ চুটি গল্প লিখি গৈছিল।

১৭) শীলভদ্ৰৰ প্রকৃত নাম কি আছিল ?

উত্তৰঃ শীলভদ্ৰৰ প্রকৃত নাম ৰেৱতীমোহন দত্ত চৌধুৰী।

১৮) কিহৰ বাবে তেওঁ শীলভদ্র ছদ্মনাম গ্রহণ কৰে?

উত্তৰঃ সাহিত্য ৰচনাৰ বাবে তেওঁ শীলভদ্র ছদ্মনাম গ্রহণ কৰে।

১৯) শীলভদ্ৰৰ জন্ম কেতিয়া আৰু ক’ত হয়?

উত্তৰঃ শীলভদ্ৰৰ জন্ম ১৯২৪ চনত ধুবুৰী জিলাৰ গৌৰীপুৰত হয়।

২০) তেওঁ কিমান চনত স্নাতকোত্তৰ পৰীক্ষাত উত্তীর্ণ হয় ?

উত্তৰঃ তেওঁ ১৯৬৪ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা গণিত বিষয়ত প্রথম শ্রেণীৰ দ্বিতীয় স্থান লাভ কৰি স্নাতকোত্তৰ পৰীক্ষাত উত্তীর্ণ হয়।

২১) তেওঁ কিমান চনত আৰু কি বিভাগত কটন কলেজৰ অধ্যাপক হিচাপে যোগদান কৰে?

উত্তৰঃ তেওঁ ১৯৪৭ চনত কটন কলেজৰ গণিতৰ অধ্যাপক হিচাপে যোগদান কৰে।

২২) কিমান চনত তেওঁ অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান কৰে?

উত্তৰঃ ১৯৫৭ চনত তেওঁ অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ অধ্যাপক হিচাপে যোগদান কৰে।

২৩) শীলভদ্রই সাহিত্যিক জীৱন কিহেৰে আৰম্ভ কৰে?

উত্তৰঃ শীলভদ্রই সাহিত্যিক জীৱন উপন্যাস ৰচনাৰে আৰম্ভ কৰে।

২৪) তেওঁৰ প্রথম উপন্যাস সংকলনখনৰ কি আৰু কেতিয়া প্রকাশ পায় ?

উত্তৰঃ তেওঁ প্রথম উপন্যাস সংকলনখন হ’ল —মধুপুৰ আৰু তৰঙ্গিনী।

এই উপন্যাসখন ১৯৭১ চনতপ্রকাশ পায়।

২৫) তেওঁ কি হিচাপে খ্যাতি অর্জন কৰে?

উত্তৰঃ তেওঁ গল্পকাৰ হিচাপে খ্যাতি অর্জন কৰে।

২৬) তেওঁ প্রথম গল্প সংকলনখন কি আৰু কেতিয়া প্রকাশ পায় ?

উত্তৰঃ তেওঁৰ প্রথম গল্প সংকলনখন হ’ল বাস্তৱ। এইখন ১৯৭৫ চনত প্রকাশ পায়।

২৭) তেওঁৰ কেইখনমান গল্প সংকলনৰ নাম লিখা।

উত্তৰঃ তেওঁৰ কেইখনমান গল্প সংকলনৰ নামহ’ল — কোনো ক্ষোভ নাই, সমুদ্রতীৰ, তৰুৱা কদম, উত্তৰণ, দায়িত্ব আৰু অন্যান্য গল্প, আকৌ মধুপুৰ, মধুপুৰ বহুদূৰ, তর্পণ চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং ইত্যাদি।

২৮) শীলভদ্রই অনুবাদ কৰা গ্ৰন্থদুখনৰ নাম কি?

উত্তৰঃ শীলভদ্রইঅনুবাদ কৰা গ্ৰন্থ দুখনৰ নাম হ’ল – ৰিপভান উইংকল আৰু কেইটামান গল্প আৰু ৰূপান্তৰ।

২৯) তেওঁ কিমান চনত আৰু কি উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে?

উত্তৰঃ তেওঁ ১৯৯০ চনত ‘অনুসন্ধান’ উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।

৩০) তেওঁ কিমান চনত কোনখন গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদ বঁটা লাভ কৰে?

উত্তৰঃ তেওঁ ১৯৯২ চনত ‘দায়িত্ব আৰু অন্যান্য গল্প’ শীর্ষক গল্প সংকলনৰ বাবে ভাৰতীয় ভাষা পৰিষদ বঁটা লাভ কৰে।

৩১) শীলভদ্ৰৰ মৃত্যু কেতিয়া হয়?

উত্তৰঃ ২০০৮ চনৰ ২৯ ফেব্ৰুৱাৰী তাৰিখে শীলভদ্ৰৰ মৃত্যু হয়।

৩২) চুটি গল্পৰ কেইটামান বৈশিষ্ট্য লিখা।

উত্তৰঃ

(ক) আৰম্ভণি আকস্মিক

(খ) সামৰণি নাটকীয়।

(গ) ভাবৰ একমুখিতা।

(ঘ) জীৱনৰ পূর্ণ চিত্ৰৰ পৰিৱর্তে কোনো নির্দিষ্ট দিশৰ উপস্থাপন।

(ঙ) কম চৰিত্ৰৰ সমাৱেশ।

(চ) কম পৰিসৰ ইত্যাদি।

 

দীঘলীয়া প্রশ্নোত্তৰ ( ৩,৪,৫ নম্বৰৰ বাবে)

HS 2nd Year Assamese Study Materials

 

৩৩) ভূদেব চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল?

উত্তৰঃ ভূদেব চৌধুৰী আৰু প্রশান্ত শর্মা দুয়ো ঘনিষ্ঠ বন্ধু আছিল। তেওঁলোক দুয়ো একে চহৰৰ দুই প্রান্তত থাকে। বহু দিন তেওঁলোকৰ মাজত কোনো যোগাযোগ নথকাত ভূদেৱ চৌধুৰীয়ে হঠাতে এদিন বন্ধু প্রশান্তৰ লগত যোগাযোগ স্থাপনৰ বাবে চিঠি লিখিছিল।

৩৪) কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেনে চিঠি কিয় মূল্যৱান ?

উত্তৰঃ কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থবলগীয়া সম্পত্তি বুলি কোৱা হৈছে কাৰণ তেওঁ আছিল এজন বিশ্ববিখ্যাত কবি আৰু সাহিত্যিক। সাধাৰণতে বিখ্যাত লোকৰ জীৱনৰ বিষয়ে সাধাৰণ মানুহৰ কৌতূহল থাকে বাবে তেওঁৰ চিঠি মূল্যবান বুলি ভবা হয়।

৩৫)  বর্তমান যুগত চিঠিৰ প্রাসঙ্গিকতা কিয় কমি গ’ল?

উত্তৰঃ বর্তমান যুগ হৈছে মবাইল ফোন, ইন্টাৰনেট, টেলিফোন কম্পিউটাৰ আদিৰ। আজিকালি এইবোৰ আধুনিক মাধ্যমৰ যোগেদি অতি দ্রুতভাৱে যোগাযো সম্ভৱ হয় বাবে চিঠিৰ প্রাসঙ্গিকতা কমি গৈছে।

৩৬) শীলভদ্ৰৰ সাহিত্য কৃতিৰ চমু পৰিচয় দিয়া।

উত্তৰঃ শীলভদ্রই সাহিত্যিক জীৱন আৰম্ভ কৰে উপন্যাস ৰচনাৰে। ১৯৭১ চনত তেওঁৰ প্রথম উপন্যাস সংকলন ‘মধুপুৰ আৰু তৰংগিনী’ প্রকাশ পায়। পৰৱৰ্তী সময়ত তেওঁ উপন্যাস ৰচনা কৰে যদিও গল্পকাৰ হিচাপে অধিক খ্যাতি অর্জন কৰে। ১৯৭৫ চনত তেওঁৰ প্ৰথম গল্প সকলন প্রকাশ কৰে। তাৰে কেইখনমান হ’ল সমুদ্রতীৰ, কোনো ক্ষোভ নাই, উত্তৰণ, আকৌ মধুপুৰ, মধুপুৰ বহু দুৰ, তর্পন, চিঠি আৰু অন্যান্য গল্প, আপোন মানুহ, জীৱনৰ ৰং, দায়িত্ব আৰু অন্যান্য গল্প ইত্যাদি। শীলভদ্রই ৰিপভান উইংকল আৰু কেইটামান গল্প’ আৰু  ৰূপান্তৰ নামৰ দুখন গ্রন্থ অনুবাদ কৰিছিল।

শীলভদ্রৰ ভাষা সহজ আৰু সৰল। তেওঁ বাস্তৱ জীৱনৰ সৰু সৰু ঘটনা একোটাক মূল বিষয় হিচাপে লৈ গল্প লিখাত সিদ্ধহস্ত আছিল। তেওঁৰ বহুত গল্পত অতীত সময়ৰ সজীৱ আৰু আবেগিক ৰোমন্থন আছে।

৩৭) চিঠি চুটি গল্পটিৰ কাহিনীভাগ তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰঃ ভূদেৱ চৌধুৰী আৰু প্রশান্ত শর্মা দুয়ো ঘনিষ্ঠ বন্ধু। তেওঁলোক দুয়ো একেখন চহৰতে থাকে যদিও তেওঁলোকৰ ঘৰ চহৰৰ দুই প্রান্তত। সেয়ে তেওঁলোকৰ দেখা সাক্ষাৎ খুব কম হয়। গাড়ীত যাত্রীৰ ভিৰ হোৱা বাবেও তেওঁলোকে পৰস্পৰে পৰস্পৰক দেখা কৰিবলৈ ভয় পায়। এদিন ভূদেৱ চৌধুৰীয়ে বন্ধু প্রশান্ত শর্মালৈ চিঠি লিখে। তেওঁ ভাবে যে প্রশান্ত শর্মাই নিশ্চয় চিঠিখনৰ উত্তৰ দিব। কিন্তু বহু দিন অপেক্ষা কৰিও প্রশান্ত শর্মাৰ পৰা কোনো উত্তৰ নাপালে। অৱশেষত ভূদেৱ চৌধুৰীয়ে এদিনাখন প্রশান্ত শর্মাৰ ভতিজা ল’ৰা এজনৰ পৰা জানিবলৈ পায় যে প্রশান্ত শৰ্মাৰ মৃত্যু হৈছে।

ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মাৰ ঘৰলৈ যোৱাত পৰিয়ালৰ লোকসকলৰ পৰা জানিবলৈ পায় যে প্রশান্ত শর্মাই ভূদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই অতি আনন্দিত হৈছিল আৰু সকলোকে চিঠিখন দেখুৱাই ভূদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছিল। কথাটো গম পাই ভূদেব চৌধুৰীৰ শোক উথলি উঠিছে। তেওঁ নিজে যিখিনি আনন্দৰ বাবে বাই চাই আছিল, সেই আনন্দখিনি যে বন্ধু প্রশান্ত শর্মাই লাভ কৰিলে সেয়া অনুভৱ কৰি তেওঁ আবেগিক হৈ পৰে। গল্পটিত অপ্রাপ্তিৰ মাজতো লুকাই থকা মধুৰতাৰ সুন্দৰ প্রকাশ ঘটিছে।

৩৮) ভূদেব চৌধুৰীৰ চিঠিখনে প্রশান্ত শর্মাৰ ঘৰত কেনে প্রতিক্রিয়া সৃষ্টি কৰিছিল?

উত্তৰঃ ভূদেৱ চৌধুৰীয়ে ঘনিষ্ঠ বন্ধু প্রশান্তশৰ্মাৰ লগত যোগাযোগ ৰক্ষা কৰাৰ উদ্দেশ্যে

এদিন এখন চিঠি লিখে যদিও বহুদিন চিঠিখনৰ কোনো উত্তৰ নাপাই হতাশ হৈ পৰে। অৱশেষত তেওঁ প্রশান্ত শর্মাৰ ভতিজাক লৰা এজনৰ পৰা প্রশান্ত শর্মাৰ মৃত্যুৰ খবৰ জানিব পাৰি তালৈ গৈ তাত তেওঁৰ চিঠি পাই প্রশান্তৰ ঘৰত হোৱা প্রতিক্রিয়া জানিব পাৰে।

প্রশান্ত শর্মাই চিঠিখন পাই ইমানেই আনন্দিত হৈছিল যে তেওঁ সকলোকে চিঠিখন দেখুৱাইছিল । সকলোৰে লগত চিঠিখনৰ বিষয়ে আৰু তাৰ প্ৰেৰক ভূদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছিল। চিঠিখনৰ এক উত্তৰ পঠাব বুলিও তেওঁ ভতিজাৰ দ্বাৰা লেফাফা এটিও যোগাৰ কৰিছিল । কিন্তু তেওঁ চিঠিখনৰ উত্তৰ লিখিবলৈ লোৱাৰ আগতেই মৃত্যু মুখত পৰিছিল।

৩৯) আপোনজনৰ পৰা চিঠি পোৱা আৰু  আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটিত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি ‘চিঠি’ নামৰ গল্পটিত সুন্দৰকৈ প্রকাশ পাইছে।

প্ৰথমতে আমি দেখা পাওঁ যে ভূদেৱ চৌধুৰীয়ে বাগানত থকা কালছোৱাত পত্নীৰ পৰা চিঠি পাবলৈ অধীৰ হৈ অপেক্ষা কৰিছিল। কেতিয়াবা কেতিয়াবা তেওঁ চিঠি আহিব লগা দিনৰ সন্ধিয়ালৈ ধৈর্য ধৰি থাকিব নোৱাৰি নিজেই চাৰি মাইল দূৰত থকা টিংখঙলৈ আগবাঢ়ি গৈছিল।

দ্বিতীয়তে আমি দেখা পাওঁ যে ভূদেৱ চৌধুৰীয়ে ঘনিষ্ঠ বন্ধু প্রশান্ত শর্মালৈ পঠোৱা চিঠিৰ উত্তৰ পোৱাৰ বাবে অধীৰ হৈ অপেক্ষা কৰি থাকে। ক’ৰবালৈ গলেও ঘৰলৈ আহিয়েই পত্নীক চিঠি-পত্ৰ আহিছেনে নে নাই সেয়া সোধে।

তৃতীয়তে, প্রশান্ত শর্মাই ভূদেৱ চৌধুৰীৰ পৰা চিঠিখন পাই এক মধুৰ আনন্দ লাভ কৰিছে। তেওঁ চিঠিখন সকলোকে দেখুৱাইছে। সকলোৰে লগত ভূদেৱ চৌধুৰীৰ বিষয়ে আলোচনা কৰিছে। আনকি চিঠিখনৰ এক উত্তৰ লিখিবলৈ তেওঁ লেফাফা এটিও যোগাৰ কৰিছে।

এনেদৰে আপোনজনৰ পৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি ‘চিঠি’ নামৰ গল্পটিত সুন্দৰকৈ প্রকাশ পাইছে।

৪০) চিঠি’ গল্পটিৰ নামকৰণৰ সার্থকতা বিচাৰ কৰা।

উত্তৰঃ “চিঠি’ গল্পটোৰ নামকৰণ ইয়াৰ বিষয়বস্তু আৰু কেন্দ্রীয় ভাবৰ লগত সংগতিপূর্ণ। গল্পটিৰ প্রধান চৰিত্র দুটি ভূদেৱ চৌধুৰী আৰু প্রশান্ত শর্মা চিঠিক লৈয়ে ব্যস্ত হোৱা বুলি অংকিত হৈছে। গল্পটিত প্রখ্যাত সাহিত্যিক ৰবীন্দ্রনাথে লিখা চিঠিৰ প্ৰসংগও আছে। ভূদেৱ শৰ্মাই ঘৰৰ পৰা কিছুদিন আঁতৰত থাকোতে পত্নীৰ চিঠিৰ বাবে অধীৰভাবে অপেক্ষা কৰাৰ কথাও গল্পটিত বর্ণিত হৈছে। আনহাতে ভূদেৱ চৌধুৰীয়ে বন্ধু প্রশান্ত শর্মালৈ প্ৰেৰণ কৰা চিঠিখন কেন্দ্ৰ কৰি দুখন ঘৰত উৎকণ্ঠা আৰু আনন্দৰ সৃষ্টি হৈছে। চিঠিৰ উত্তৰ লিখাৰ পৰিকল্পনা কৰি থকা অৱস্থাত প্রশান্ত শৰ্মাৰ মৃত্যু হোৱাত চিঠিৰ বাবে অপেক্ষা কৰি থকা ভূদেৱ চোধুৰীৰ আশাৰো মৃত্যু ঘটিছে। আনকি বন্ধুৰ মৃত্যুৰ খবৰ লবলৈ যোৱা ভুদেৱ চৌধুৰীৰ সকলোৱে চিঠিখনৰ কথাকেই দোহাৰিছে।

এনেদৰে বিশ্লেষণ কৰিলে দেখা যায় যে গল্পটিৰ বিষয়বস্তু আৰু কেন্দ্রীয় ভাৱ চিঠিক লৈয়ে ‘আৰম্ভ হৈছে আৰু চিঠিৰ প্ৰসংগ লৈয়ে অন্ত হৈছে। সেয়ে ‘চিঠি’ গল্পটিৰ নামকৰণ সার্থক হৈছে বুলি ক’ব পাৰি।

 

কিদৰে অন্যান্য পাঠৰ HS 2nd Year Assamese Study Materials লাভ কৰিব ?

HS 2nd Year Assamese Study Materials

 

অসমীয়া বিষয়ৰ অন্যান্য পাঠসমূহৰ HS 2nd Year Assamese Study Materials লাভ কৰিবলৈ তলত লিংক দিয়া হৈছে। আপোনাৰ প্রয়োজনীয় পাঠৰ লিংকত ক্লিক কৰিলে HS 2nd Year Assamese Study Materials লাভ কৰিব পাৰিব।

 

উচ্চতৰ মাধ্যমিকৰ শেহতীয়া খবৰ ক’ত পাব ?

উচ্চতৰ মাধ্যমিকৰ শেহতীয়া খা-খবৰ লাভ কৰিবৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ৱেবচাইট নিয়মীয়াকৈ চাই থাকক। ৱেবচাইটৰ লিংক-

AHSEC (উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ)

Leave a Comment

error: Warning, you aare not allowed to copy this element