AHSEC ASSAMESE STUDY MATERIALS । AHSEC Assamese Study Materials। অসমীয়া ভাষাত অসমৰ ছাত্র-ছাত্রীসকলৰ বাবে ইণ্টাৰনেটত বিভিন্ন বিষয়ৰ পাঠৰ সমল নাই বুলি কলেও ভূল কোৱা নহয়। সেয়েহে ছাত্র-ছাত্রীসকল উপকৃত হোৱাকৈ অসমীয়া বিষয়ৰ AHSEC (Assam Higher Secondary Education Council) বিভিন্ন পাঠ সমূহৰ সমল আগবঢ়াই দিয়া হৈছে। AHSEC ASSAMESE STUDY MATERIALS
AHSEC ASSAMESE STUDY MATERIALS
কবি পৰিচয়
নৱকান্ত বৰুৱা (১৯২৬-২০০২) বিংশ শতাব্দীৰ এজন লেখত লবলগীয়া অসমীয়া কবি, উপন্যাসিক আৰু শিশু সাহিত্যিক। তেওঁৰ জন্ম হয় গুৱাহাটীত। তেওঁ স্কুলীয়া শিক্ষা নগাওঁত শেষ কৰি শান্তি নিকেতনৰ পৰা বি,এ, আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। বৰুৱাই শিক্ষা সমাপ্ত কৰি জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কর্ম জীৱনৰ পাতনি মেলি কটন মহাবিদ্যালয়ত সুদীর্ঘকাল অধ্যাপনা কৰি উপাধ্যক্ষ পদবীৰে কর্মজীৱনৰ সামৰণি মাৰে।
ছাত্র অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি ঢালখোৱা তেওঁৰ উল্লেখযোগ্য কাব্য পুথিসমূহ হ’ল হে অৰণ্য হে মহানগৰ, এটি দুটি এঘাৰাটি তৰা, ৰাৱণ, সম্রাট, যতি আৰু কেইটিমান স্কেচ, দলঙত তামীঘৰা আদি। তেওঁ ৰচনা কৰা উপন্যাস সমূহ হ’ল- কপিলী পৰীয়া সাধু, ককাদেউতাৰ হাড়, গৰম কুঁৱৰী, মানুহ আটাইবোৰ দ্বীপ আদি। শিশু আৰু চেমনীয়াৰ উপযোগীকে লিখা গ্রন্থৰাজি হ’ল আখৰৰ জখলা, শিয়ালী পালেগৈ ৰতনপুৰ, ভত উকাৰে ভূ আদি। সাহিত্য সমালোচনা আৰু গীত ৰচনাতো বৰুৱাদেৱৰ অৱদান স্মৰণীয়। ২০০২ চনত নৱকান্ত বৰুৱা স্বর্গগামী হয়।
প্রশ্নোত্তৰ
১) উভতি নহাৰ কবিতা পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
উত্তৰঃ উভতি নহাৰ কবিতাটি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ পৰা সংগ্রহ কৰা হৈছে।
২) কোনখন কবিতা পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?
উত্তৰঃ নৱকান্ত বৰুৱাই ‘ককাইউেতাৰ হাড়’ উপন্যাসখনৰ বাৰে সাহিত্য একাডেমী লাভ কৰিছিল।
৩) ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ মাজত এটি পার্থক্য লিখা।
উত্তৰঃ ৰোমান্টিক কবিতা অতি কল্পনা প্রৱণ। আনহাতে আধুনিক কবিতা বাস্তৱবাদী।
৪) ‘উভতি নহাৰ কবিতা’ কোন শ্রেণীৰ কবিতা?
উত্তৰঃ ‘উভতি নহাৰ কবিতা’ আধুনিক বাস্তববাদী কবিতা।
৫) ‘তামীঘৰা’ শব্দটিৰ অর্থ লিখা।
উত্তৰঃ তম্বু ।
৬) নৱকান্ত বৰুৱাৰ তিনি কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম হল—“হে অৰণ্য হে মহানগৰ, এটি দুটি এঘাৰটি তৰা’, আৰু ‘মোৰ আৰু পৃথিৱীৰ’।
৭) নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম হ’ল—’কপিলীপৰীয়া সাধু’ আৰু ‘ককাদেউতাৰ হাড়’।
৮) নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্রন্থ হ’ল- “আখৰৰ জখলা’ আৰু ‘ভত উকাৰে ভু’।
AHSEC ASSAMESE STUDY MATERIALS
৯) কবিৰ বাবে জীয়াই থকাৰ মন্ত্র কি? জীয়াই থকাৰ ধেমালীটো কবিয়ে কেইবাৰ খেলিছে ?
উত্তৰঃ কবিয়ে যন্ত্রণাক জীয়াই থকাৰ বুলি কৈছে।
কবিয়ে জীয়াই থকাৰ ধেমালিটো মাত্ৰ এবাৰ খেলিছে।
কবিয়ে পৃথিৱীক ভাল পায়। কিন্তু তেওঁ পৃথিৱীলৈ দুনাই উভতি আহিবলৈ হাবিয়াস কৰা নাই। কাৰণ তেওঁ জানে যে মৃত্যুয়েই মানৱ জীৱনৰ শেষ পৰিণতি। সেয়ে তেওঁ পৃথিৱীখন এবাৰতেই যিমান পাৰে উপভোগ কৰি গৈছে। কবিৰ ভাষাত
“জীয়াই থকাৰ ধেমালিটো মই
এবাৰেই খেলি গ’লো”।
১০) কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ আহিলে’ কি পৰিৱর্তন হ’ব?
উত্তৰঃ কবিয়ে উপলব্ধি কৰিছে যে তেওঁৰ পিছত আন কোনোবাই (নতুন মানুহে) জন্ম গ্রহণ কৰিব। তেঁৱো কবিৰ দৰে নিজে ভালপোৱা ধৰণে কাম কৰি যাব। হয়টো কবিৰ দৰে নতুন নতুন কবিতা, গীত আদিৰ জন্ম দিব। নতুন দিনত নতুন চিন্তা-ধাৰণাই ঠাই পাব। সেই নতুন দিনত কবিৰ কোনো চিন নাথাকিব।
১১) কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।
উত্তৰঃ কবি নৱকান্ত বৰুৱা পৰম্পৰাগত হিন্দু ধর্ম দৰ্শনৰ পৰা আঁতৰি আহিছে। তেওঁ বাস্তৱবাদী। আজিলৈকে তেওঁ কোনো মানুহকে মৃত্যুৰ পিছত দুনাই পুথিৱীলৈ ঘূৰি অহা দেখা নাই। তেওঁ উপলব্ধি কৰিছে যে মৃত্যুয়েই হৈছে মানৱ জীৱনৰ শেষ পৰিণতি। ইয়াৰ পিছত একো অৱশিষ্ট থাকে। সেয়ে কবি নৱকান্ত বৰুৱাই পৃথিৱীলৈ উভতি নাহে বুলি কৈছে।
১২) উভতি নহাৰ কবিতাটিৰ মূলভাব লিখা।
উত্তৰঃ মানুহৰ জীৱন ক্ষন্তেকীয়া । পৃথিৱীলৈ মানুহৰ জন্ম-মৃত্যুৰ অন্তহীন সোঁত বৈ আছে। ইয়াত কোনোবাই মৃত্যুবৰণ কৰিছে আৰু কোনোবাই জন্ম গ্রহণ কৰিছে। ইয়াত গ্রহণ সকলো ব্যক্তিয়েই নিজৰ ভালপোৱা ধৰণে কাম কৰি গৈছে। মৃত্যুৰ পিছত কোনোৱেই দুনাই এই পৃথিৱীলৈ উভটি নাহে। সেয়ে জীয়াই থকা কালছোৱাত প্রত্যেকেই ভালপোৱা ধৰণে নিজৰ নিজৰ কাম কৰি যাব লাগে।
১৩) কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকব বুলি ভাৱিছে, বুজাই লিখা।
উত্তৰঃ কবিয়ে জানে যে মানৱ জীৱন ক্ষন্তেকীয়া। মানুহ এজনৰ মৃত্যুৰ লগে লগে সকলো শেষ হৈ যায়। তেওঁ কোনো দিনেই উভতি নাহে। কবিকো মানুহে পাহৰি যাব। তেওঁৰ পিছত আন কোনোবাই জন্ম গ্রহণ কৰিব। তেঁৱো কবিৰ দৰে নিজে ভালপোৱা ধৰণে নিজৰ কাম কৰি যাব। হয়তো কবিৰ দৰে নতুন কবিতা বা গীতৰ জন্ম দিব । নতুন দিনত নতুন নতুন চিন্তা-ধাৰণাই ঠাই দিব।
সেয়ে কবিয়ে কৈছে যে তেওঁৰ মৃত্যুৰ লগে লগে তেওৰ কোনো মিল নাথাকিব।
Free Study Notes of Class 12
১৪) উভতি নহাৰ কবিতাত পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্রকাশ পাইছে বুজাই লিখা।
উত্তৰঃ কবিয়ে পৃথিৱীখনক অতি ভাল পায় । পুথিৱীৰ প্ৰতি কবিৰ ভালপোৱা অনুভূতি তেওঁৰ কাম-কাজৰ মাজেদি প্রকাশ কৰি গৈছে । পৃথিৱীৰ প্রতি কবিৰ ভালপোৱা অনুভৱটো। বহত বাৰ তেওঁৰ কবিতা, গীত আদিৰ মাজেদি প্ৰকাশ কৰিছে। তেওঁ পৃথিৱীৰ বহুত যন্ত্রণাও পাইছে, তথাপি তেওঁ পৃথিৱীখনক ভাল পায়। পৃথিৱীৰ জাবৰ-জোথৰৰ পৰা তেওঁ তেওঁৰ ভাললগা বস্তুও সংগ্রহ কৰিছে। কিন্তু তেওঁ মুত্যুৰ পিছতে এইখন পৃথিৱীকভাল পাই থাকিব যদিও তেওঁ ্দুনাই এইখন পৃথিৱীলৈ উভতি নাহে।
১৫) প্রসংগ সংগতি দির্শাই ব্যাখ্যা কৰা
(ক) যন্ত্রণা মোৰ জীয়া মন্ত্র
সেই মন্ত্রকে গালোঁ।
জীয়াই থকাৰ ধেমালিটো মই
এবাৰেই খেলি গলো।
উত্তৰঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভ’ৰ অন্তৰ্গত নৱকান্ত বৰুৱাই ৰচনা কৰা ‘উভটি নহাৰ কবিতা’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
দুখ-যন্ত্রণাৰ মাজতো কবিয়ে যে পৃথিৱীখনক ভাল পায় সেই প্রসংগত কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
পৃথিৱীখনত জন্ম গ্রহণ কৰি কবিয়ে বহুতো দুখ-শোক, যন্ত্রণা আদি পাইছে। এই দুখ-যন্ত্রণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্রেৰণা লাভ কৰিছে। অর্থাৎ যন্ত্রণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্রেৰণা । তেওঁৰ সৃষ্টিকর্মৰ মাজেদি সেই যন্ত্রনাৰ মন্ত্রকেই বাৰে বাৰে গাইছে। তেওঁৰ মতে জীয়াই থকাটো হৈছে এক যন্ত্রণাময় ধেমালি। এই ধেমালি তেওঁ যিমান পাৰে সিমান খেলি গৈছে। কাৰণ তেওঁ জানে যে মানৱ জীৱনটো ক্ষন্তেকীয়া। তেওঁ এদিনাখন মৰি যাব আৰু দুনাই এইখন পৃথিৱীলৈ ঘূৰি নাহে। তেওঁ তেওঁৰ সকলো খেল এবাৰতেই খেলি গ’ল অর্থাৎ তেওঁ এবাৰতেই যিমান পাৰে সিমান পৃথিৱীখনক উপভোগ কৰি গ’ল।
(খ) “কোনোবাই আহিব মোৰ দৰে কোনো দিনা ?
মোৰ সুৰতেই বাজিৰ নতুন বীণা ?
ওহোঁ সেয়া হ’ব নতুন মানুহ
সেই দিন হ’ব নতুন দিন
মোৰ তাত একো নাথাকে চিন।’
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠাপুঠি সাহিত্য সৌৰভ’ৰ অন্তগত নৱকান্ত বৰুৱাই ৰচনা কৰা “উভটি নহাৰ কবিতা” নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
পৃথিৱীখনত যে লানি নিছিগা মানুহৰ জন্ম-মৃত্যু কালচক্র চলি থাকিব সেই ভাৱধাৰা প্রকাশ কৰিবলৈ কবিয়ে কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
কবিয়ে জানে যে মানুহৰ জীৱন ক্ষন্তেকীয়া। মানুহ এজনৰ মৃত্যুৰ লগে লগে সকলো শেষ হৈ যায়। তেওঁ কোনো দিনেই উভতি নাহে। কবিকো মানুহে পাহৰি যাব। তেওঁৰ পিছত আন কোনোবাই জন্ম গ্রহণ কৰিব। তেঁৱো কবিৰ দৰে নিজে ভালপোৱা ধৰণে নিজৰ কাম কৰি যাব। হয়তো কবিৰ দৰে নতুন নতুন কবিতা, গীত আদিৰ জন্ম দিব। নতুন দিন নতুন চিন্তাধাৰণাই ঠাই পাব। সেই নতুন দিনত কবিৰ কোনো চিন নাথাকিব।
আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।
১৬) উভটি নহাৰ কবিতাটিৰ মূল কথাখিনি আলোচনা কৰা।
উত্তৰঃ উভটি নহাৰ কবিতাটি এটা আধুনিক কবিতা। মৃত্যুৰ পিছত পৃথিৱীলৈ কবি পুনৰ ঘূৰি নাহে। কেৱল কবিয়ে নহয়, কোনো লোকেই পৃথিৱী এৰি এবাৰ আতঁৰি গ’লে দুনাই উভতি নাহে। এয়া চিৰ সত্য কথা।
কবিয়ে পৃথিৱীখনক ভালপায়। এই কথা তেওঁ বাৰে বাৰে কৈছে। মানুহৰ জীৱনটো যন্ত্রণাৰে পূৰ্ণ। জীয়াই থাকিলে যন্ত্ৰণাৰ সম্মুখীন হ’ব লাগিব। জীৱন যুদ্ধত যন্ত্রণা আছে। কবিৰ বাবে যন্ত্রণাই জীয়াই থকাৰ মন্ত্র। সিয়েই মানুহক আশা দেখুৱায়। জীয়াই থকাৰ ধেমালি কবিয়ে এবাৰ কৰিলে।
এই পৃথিৱীলৈ মানুহ এবাৰেই আহি জীৱন উপভোগ কৰিব। কবিয়ে পৃথিৱী এৰাৰ পিছত অন্য মানুহে সেই ঠাই ল’ব। তাত কবিৰ চিন নাথাকিব। তাৰ বাৰে কবিৰ কোনো ক্ষোভ নাই। পৃথিৱীক ভালপোৱাৰ কথা তেওঁ শেষবাৰলৈ স্বীকাৰ কৰিছে, লগতে কৈছে যে তথাপিও পৃথিৱীলৈ আকৌ উভতি নাহে, আহিব নোৱাৰে।
১৭) কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহো বুলি ভাবিছে?
উত্তৰঃ কবিয়ে পৃথিৱীখনক প্রাণভৰি ভাল পায়। বাস্তুবাদী কবিৰ মতে মানুহৰ মৃত্যু হ’লে আকৌ জন্ম নহয়। তেওঁৰ মৃত্যু হ’লেও ভালপোৱা পৃথিৱীখনলৈ আকৌ ঘূৰি আহিব নোৱাৰে।
তেওঁৰ ঠাইত অন্যই জন্ম লব, তাত কবিৰ স্থান নাথাকিব। গতিকে কবিৰ ইচ্ছা থাকিলেও তেওঁৰ ভালপোৱা ঠাইলৈ ঘূৰি অহাৰ সুৰুঙা নাই। সেয়ে তেওঁ পৃথিৱীলৈ উভতি নাহে।
১৮) কবিয়ে জীয়াই থকাৰ মন্ত্র কি বুলি কৈছে?
উত্তৰঃ কবিয়ে জীৱনত পোৱা দুখ-যাতনা, আশা-নিৰাশাক জীয়াই থকাৰ মন্ত্ৰ বুলি কৈছে। মানুহৰ জীৱনটো যন্ত্রণাৰে আৱৰা। তথাপিও তাতে কবিয়ে সুখৰ মুখ দেখিছে। সেয়ে কবিয়ে যন্ত্রণা মোৰ জীয়াই থকাৰ মন্ত্ৰ বুলি কৈছে। কাৰণ দুখৰ পিছতহে সুখ আহে।
১৯) জীয়াই থকাৰ ধেমালিটো কবিয়ে কেইবাৰ কৰা বুলি কৈছে?
উত্তৰঃ জীয়াই থকাৰ ধেমালিটো এবাৰেই কৰা বুলি কৈছে।
২০) নতুন দিনত কবিৰ একো চিন নাথাকে বুলি কৰিয়ে কিয় কৈছে?
উত্তৰঃ কবি এই ঠাইৰ পৰা আঁতৰি গ’লে নতুন মানুহে সেই ঠাই অধিকাৰ কৰিব। কবিৰ ঠাই নাথাকিব। অন্য লোকৰ চিন্তাধাৰাই ঠাই পাব। কবি পৰিত্যক্ত হ’ব। গতিকে কবিয়ে এইদৰে কৈছে।
২১) পৃথিৱীলৈ কবিৰ বাণী কি?
উত্তৰঃ পৃথিৱীক প্রাণভৰি ভাল পাই যোৱাটোৱেই কবিৰ বাণী।
২২) কবিতাটিত এটি অসমীয়া ফুলৰ নাম দিয়া হৈছে। নামটো কি?
উত্তৰঃ বকুল ফুল।
AHSEC ASSAMESE STUDY MATERIALS
২৩) প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰা
(ক) সেই দিনো হ’ব নতুন দিন
মোৰ তাত একো চিন নাথাকে।
উত্তৰঃ উক্ত কবিতাংশ নৱকান্ত বৰুৱাৰ উভতি নহাৰ কবিতাৰ পৰা দিয়া হৈছে। কবিৰ অবর্তমানত পৃথিৱীখনৰ কল্পনা কৰি তেওঁ এইদৰে কৈছে। মানুহে পৃথিৱীত এবাৰেই জন্ম লয়। দুনাই এই ঠাইলৈ আহিব নোৱাৰে। কবিয়ে এয়া সত্য বলি মানি লৈছে। আনকি তেওঁৰ কোনো চিহ্ন পৃথিৱীত নাথাকিব বুলি ভাবিছে। কাৰণ কবিৰ ঠাইত নতুন মানুহ আহিব। জীৱন ৰূপী বকুল এপাহ নতুন মানুহে তুলি ল’ব। তেওঁ্লোকৰ কাম-কাজ, চিন্তাধাৰাত কবিৰ অধিকাৰ নাথাকিব। তাৰ বাবে তেওঁৰ দুখ নাই। কিন্তু তেওঁ যে পৃথিৱীখনক ভালপায়, সেই কথা কবিয়ে বাৰে বাৰে স্বীকাৰ কৰিছে।
কিদৰে অন্যান্য পাঠৰ AHSEC ASSAMESE STUDY MATERIALS লাভ কৰিব ?
অসমীয়া বিষয়ৰ অন্যান্য পাঠসমূহৰ AHSEC ASSAMESE STUDY MATERIALS লাভ কৰিবলৈ তলত লিংক দিয়া হৈছে। আপোনাৰ প্রয়োজনীয় পাঠৰ লিংকত ক্লিক কৰিলে AHSEC ASSAMESE STUDY MATERIALSলাভ কৰিব পাৰিব।