Join Assam Study Centre Channel

উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ | অসমীয়া |বৰগীত

AHSEC | HS 2nd year Assamese Free study Materials । অসমীয়া ভাষাত অসমৰ ছাত্র-ছাত্রীসকলৰ বাবে ইণ্টাৰনেটত বিভিন্ন বিষয়ৰ পাঠৰ সমল নাই বুলি কলেও ভূল কোৱা নহয়। সেয়েহে ছাত্র-ছাত্রীসকল উপকৃত হোৱাকৈ অসমীয়া বিষয়ৰ AHSEC (Assam Higher Secondary Education Council) বিভিন্ন পাঠ সমূহৰ সমল আগবঢ়াই দিয়া হৈছে। HS 2nd Year Assamese Free Study Materials

কবি পৰিচয়

শ্রী শ্রী মাধৱদেৱ হৈছে অসমত নৱ বৈষ্ণব ধর্ম প্রচাৰক মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱৰ প্রধান শিষ্ আৰু এজন বৈষ্ণৱী সাহিত্যিক। তেওঁৰ জন্ম হয় ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত। তেওঁ গোটেই জীৱন চিৰকুমাৰ হিচাপে কটাই গুৰু শ্ৰী শ্ৰী শংকৰদেৱৰ লগত ছায়াৰ  দৰে থাকি অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বিশেষ ভূমিকা গ্ৰহণ কৰে।

তেওঁৰ সাহিত্য কর্মৰ ভিতৰত ‘নামঘোষা’ শ্রেষ্ঠ ৰচনা। তেওঁৰ আন আন ৰচনা সমূহ হৈছে-

আখ্যানমূলক ৰচনাঃ

আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য।

তত্ত্বমুলক ৰচনাঃ

নাম মালিকা, ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য।

নাটকঃ

অর্জুন ভঞ্জন, চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ আদি।

ইয়াৰ উপৰিও তেওঁ কেইবা কুৰি গীত ৰচনা কৰে যিবোৰক ‘বৰগীত’ বুলি কোৱা হয়। তেওঁৰ ৰচনাৰাজিত সহজ-সৰল ঘৰুৱা ভাৱ আৰু ঘৰুৱা শব্দৰ ব্যৱহাৰ পোৱা যায়। কৃষ্ণৰ মাহাত্ম্য প্রকাশ কৰাই তেওঁৰ ৰচনাৰাজিৰ প্রধান বিষয়।

১৫৯৬ চনত কোচবিহাৰত মাধৱদেৱৰ বৈকুণ্ঠ প্রয়াণ ঘটে।

HS 2nd Year Assamese Free Study Materials

প্রশ্নোত্তৰ

 

১) মাধৱদেৱৰ ক’ত জন্ম হৈছিল?

উত্তৰঃ মাধৱদেৱৰ জন্ম হয় লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত হৈছিল।

 

২) শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়?

উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক ‘মণিকাঞ্চন সংযোগ’ বুলি অভিহিত কৰা হয়।

 

৩) কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয়?  

উত্তৰঃ ‘নামঘোষা’ নামৰ গ্ৰন্থখনক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয়।

 

৪) মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল?

উত্তৰঃ মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল।

 

৫) “উঠৰে উঠ বাপু গোপাল হে” বৰগীতটি কি ৰাগত বন্ধা ? উত্তৰঃ “উঠৰে উঠ বাপু গোপাল হ”’ বৰগীতটি ‘কৌ’ ৰাগত বন্ধা।

আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

৬) বৰগীত কাক বোলে ? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভাগ কৰিব পাৰি ? ভাগসমূহ উল্লেখ কৰা।

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাবসম্পন্ন আৰু ৰাগ-ৰাগিনীযুক্ত গীতসমূহক ‘বৰগীত’ বুলি কোৱা হয়।

বৰগীতৰ বিষয়বস্তুক ছয় শ্রেণীত ভাগ কৰিব পাৰি, যেনে

(ক) পৰম পুৰুষ ভগৱানৰ অৱতাৰী লীলা বিষয়ক।

(খ) কৃষ্ণ আৰু গোপীসকলৰ মাজত হোৱা বিৰহ বিষয়ক।

(গ) সংসাৰৰ প্রতি বিৰক্তি বিষয়ক।

(ঘ) পৰমাৰ্থ বিষয়ক।

(ঙ) শ্ৰীকৃষ্ণৰ চৌর্য কার্য বিষয়ক আৰু

(চ) শ্রীকৃষ্ণৰ চাতুৰি বিষয়ক।

শ্রীকৃষ্ণৰ অৱতাৰী লীলা বিষয়ক গীতবোৰৰ আকৌ চাৰিটা উপভাগ আছে যেনে – জাগরৰণ, চলন, খেলন  আৰু নৃত্যন ।

পঢ়ক HS 2nd Year Assamese Free Study Materials

 

৭) ড˚ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় Noble Number বুলি কৈছে?

উত্তৰঃ বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাবৰ প্রবাহ লক্ষ্য কৰা যায়। সেইবাৰে বাণীকান্ত কাকতিয়ে বৰগীতসমূহক Noble Numbers বুলি উল্লেখ কৰিছে।

 

৮) মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি?

উত্তৰঃ বাৎসল্য ভাব প্রকাশ মাধৱদেৱৰ বৰগীতসমূহৰ প্রধান বৈশিষ্ট্য। ‘বৎস’ মানে শিশু । ভগৱান শ্ৰীকৃষ্ণৰ শিশুকালৰ  নানান ক্রিয়াকলাপৰ মনোমুগ্ধকৰ বর্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাবপ্রধান বুলি কোৱা হয়।

 

৯) “সব পুৰুষৰ শিৰৰ ভূষণ” বুলি কোনে, কাক, কিয় কৈছে?

উত্তৰঃ ইয়াত শ্রীকৃষ্ণক মাতৃ যশোদই সকলোৰে শিৰণ ভুষণ অর্থাৎ সৃষ্টি জগতৰ আৰাধ্য দেৱতা বুলি কৈছে। মাতৃ যশোদাই পুত্র কৃষ্ণক ব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোৱাৰ কাৰণ কৃষ্ণ হৈছে মানৱ ৰূপত ভগৱান। ভগৱানক আৰাধনা কৰাই হৈছে সকলো ধৰ্মৰ মূল। যশোদাই ‘ভাগ্যৰ গুণত আৰাধ্য ভগৱানক নিজ পুত্ৰৰূপে কোলাত পাইছে।

 

১০) ‘সিন্ধ মুনিগণে চিন্তিয়া নপাবে

সো হৰি যশোৱা কোলে।

– সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা।

উত্তৰঃ শ্রীকৃষ্ণ হৈছে মানৱ ৰূপত ভগৱানৰ অৱতাৰ। সিদ্ধ মুনি আৰু ঋষিসকলে যিজন ভগৱানক কষ্ট সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগৱানক পৰম ভক্তিৰ বলত পুত্ৰ ৰূপে লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্ত অধীন সেই কথা দাঙি ধৰা হৈছে।

আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

১১) মাধৱদেৱৰ “উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটিৰ মূল কথাখিনি আলোচনা কৰা।

উত্তৰঃ মাধৱদেৱৰ দ্বাৰা বিৰচিত “উঠৰে উঠ বাপু গোপাল হে” শিৰোনামৰ বৰগীত এটি বাৎসল্য ভাবৰ বৰগীত। বৰগীতটিৰ জৰিয়তে কবিয়ে যশোদাৰ পুত্র স্নেহৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক মহিমা প্রকাশ কৰিছে।

যশোদাই ৰাতিপুৱাৰ লগে লগে মৰমতে পুত্র কৃষ্ণক বাপু, কমল নয়ন, প্রাণধন, গোপাল আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। ত্রিজগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক নিজৰ ৰূপে পাই যশোদা পৰম আনন্দিত। তেওঁ কৃষ্ণক বুকুত সাৱটি ধৰি বাৰে বাৰে চুমা খাইছে। এনেদৰে বৰগীতটিৰ মাজেদি যশোদাৰ মাতৃ স্নেহ প্রকাশ পাইছে।

দ্বিতীয়তে, বৰগীতটিৰ মাজেদি কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্মৰ কথাও প্রতিভাত হৈ উঠিছে। সিদ্ধ মুনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদাই পুত্র ৰূপে লাভ কৰিছে। ইয়াৰ জড়িয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা দাঙি ধৰা হৈছে।

 

১২) বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা।

উত্তৰঃ মাধৱদেৱৰ দ্বাৰা বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ শিৰোনামৰ বৰগীতৰ মাজেদি কবিয়ে যশোদাৰ মাতৃস্নেহৰ এক মনোমুগ্ধকৰ ছবি অংকন কৰিছে।

যশোদাই ৰাতিপুৱাৰ লগে লগে মৰমতে পুত্র কৃষ্ণক বাপু, কমল নয়ন, প্রাণধন, গোপাল আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। ত্রিজগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক নিজৰ পুত্র ৰূপে পাই যশোদা পৰম আনন্দিত। তেওঁ কৃষ্ণক বুকুত সাৱটি ধৰি বাৰে বাৰে চুমা খাইছে।

এনেদৰে বৰগীতটিৰ মাজেদি যশোদাৰ মাতৃ স্নেহ প্রকাশ পাইছে।

আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

১৩) বৰগীতটিৰ মাজেদি শ্রীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈ আলোচনা কৰা।

উত্তৰঃ মাধৱদেৱৰ দ্বাৰা বিৰচিত “উঠৰে উঠ বাপু গোপাল হে’ শিৰোনামৰ বৰগীতটি বাৎসল্য ভাৱৰ বৰগীত। বৰগীতটিৰ জৰিয়তে কবিয়ে শ্রীকৃষ্ণৰ মানৱীয় ৰূপ আৰু ঐশ্বৰিক মহিমা প্রকাশ কৰিছে।

প্রথমতে, বৰগীতটিত শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপ প্রকাশ পাইছে। যশোদাই ৰাতিপুৱাৰ লগে লগে মৰমতে পুত্র কৃষ্ণক বাপু, কমল নয়ন, প্রাণধন, গোপাল আদি বুলি সম্বোধন কৰি টোনিৰ পৰা উঠিবলৈ কৈছে। ত্ৰিজগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণৰ নিজৰ পুত্র ৰূপে পাই যশোদা পৰম  আনন্দিত। তেওঁ কৃষ্ণক বুকুত সাৱটি ধৰি বাৰে বাৰে চুমা খাইছে।

দ্বিতীয়তে, বৰগীতটিৰ মাজেদি কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্মাৰ কথাও প্রতিভাত হৈছে। সিদ্ধ মুনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদাই পুত্র ৰূপে লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা দাঙি ধৰা হৈছে।

 

১৪) বৰগীতটোৰ মাধ্যমেৰে ভক্তি প্রকাশ কিদৰে ঘটিছে আলোচনা কৰা।

উত্তৰঃ মাধৱদেৱৰ দ্বাৰা বিৰচিত “উঠৰে উঠ বাপু গোপাল হে” শিৰোনামৰ বৰগীতটি এটি বাৎসল্য ভাৱৰ বৰগীত। বৰগীতটিৰ জৰিয়তে কবিয়ে ভক্তৰ অধীন যে ভগৱান সেই কথা প্রকাশ কৰিছে।

শ্রীকৃষ্ণ হৈছে মানৱ ৰূপত ভগৱান অবতাৰ। সিদ্ধ মুনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদাই পুত্ৰ ৰূপে লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা দাঙি ধৰা হৈছে।

 

১৫) প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা ।

ত্রিজগত পতি          ভকতি মিলিল।

     মুৰুষ মাধৱে বোলে।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে”  শিৰোনামৰ বৰগীতটোৰ পৰা তুলি দিয়া হৈছে। উদ্ধৃত কবিতা ফাকিৰ জৰিয়তে ভক্তৰ অধীন যে ভগৱান সেই গূঢ় সত্য কথাষাৰ দাঙি ধৰিবলৈ কবিয়ে উক্ত কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে।

শ্রীকৃষ্ণ হৈছে মানৱ ৰূপত ভগবানৰ অৱতাৰ। তেওঁ হৈছে ত্রিজগতৰ ঈশ্বৰ সকলো আৰাধনাৰ মূল। সিদ্ধ মুনি আৰু ঋষিকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদই পুত্র হিচাপে লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভৱান যে ভক্তৰ অধীন সেই কথা দাঙি ধৰা হৈছে।

আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

১৬) কোন শ্রেণীৰ গীতক বৰগীত আখ্যা দিয়া হয়?

উত্তৰঃ মহাপুৰুষ শ্ৰীশংকৰদেৱ আৰু মাধৱদেৱে ভক্তি ধর্ম প্রচাৰৰ উদ্দেশ্যে চৈধ্য প্ৰসংগত গাব পৰাকৈ ভগৱান শ্রীকৃষ্ণ আৰু ৰামৰ লীলা মাহাত্ম্য প্রকাশ কৰি ৰচনা কৰা আধ্যাত্মিক ভাৱ সম্পন্ন গীতসমূহক বৰগীত বুলি কোৱা হয়।  

 

১৭) শংকৰদেৱ-মাধৱদেৱে বিৰচিত গীতসমূহৰু কিয় বৰগীত বুলি কোৱা হয় ?

উত্তৰঃ শংকৰ-মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক গীতসমূহ ভাৱ, ভাষা ৰাগ আৰু তলত সমসাময়িক অন্যান্য গীতসমুহৰ পৰা পৃথক আছিল বাবে বৈষ্ণৱ ভক্তসকলে সেই গীতবোৰ ‘বৰগীত’ অর্থাৎ শ্রেষ্ঠ গীত বুলি নামকৰণ কৰিছিল।

পঢ়ক HS 2nd Year Assamese Free Study Materials

 

১৮) বৰগীতসমূহ কি ভাষাত ৰচিত?

উত্তৰঃ বৰগীতসমূহ ব্রজাৱলী ভাষাত ৰচিত।

 

১৯) মাধৱদেৱৰ ক’ত জন্ম হৈছিল?

উত্তৰঃ মাধৱদেৱৰ জন্ম হয় লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত হৈছিল।

 

২০) অসমীয়া সাহিত্যৰ এপদ অমূল্য সম্পদ কি?

উত্তৰঃ বৰগীত অসমীয়া সাহিত্যৰ এপদ অমূল্য সম্পদ।

 

২১) উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?

উত্তৰঃ উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো হৰিনাৰায়ণ দত্তবৰুৱাৰ সম্পাদিত বৰগীত নামৰ গ্রন্থৰ পৰা লোৱা হৈছে।

 

২২) মাধৱদেৱৰ পিতৃৰ নাম কি আছিল  আৰু তেওঁ ক’ত শিক্ষা লাভ কৰিছিল?

উত্তৰঃ মাধৱদেৱৰ পিতৃৰ নাম গোৱিন্দগিৰি আছিল। তেওঁ ৰাজেন্দ্র অধ্যাপকৰ ছাত্রশালত আনুষ্ঠানিক শিক্ষা লাভ কৰিছিল।

 

২৩) মাধৱদেৱে কি কি ৰচনা কৰিছিল?  

উত্তৰঃ মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে কাব্য, নাট , পদ, ভটিমা, গীত আদি ৰচনা কৰিছিল।

 

২৪) মাধৱদেৱৰ আখ্যানমূলক গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ মাধৱদেৱৰ আখ্যানমূলক গ্রন্থৰ নাম হ’ল— আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য আদি।

 

২৫) মাধৱদেৱৰ কেইখনমান নাটকৰ নাম লিখা।

উত্তৰঃ মাধৱদেৱৰ কেইখনমান নাটকৰ নাম হ’ল – অর্জুন ভঞ্জন, পিম্পৰা গুচোৱা, ভূমি লেটোৱা আদি।

 

২৬) মাধৱদেৱৰ কেতিয়া বৈকুণ্ঠ প্রয়াণ ঘটে ?

উত্তৰঃ ১৫৯৬ খ্রীষ্টাব্দত কোচবিহাৰত মাধৱদেৱৰ বৈকুণ্ঠ প্রয়াণ ঘটে।

কিদৰে অন্যান্য পাঠৰ HS 2nd Year Assamese Free Study Materials লাভ কৰিব ?

অসমীয়া বিষয়ৰ অন্যান্য পাঠসমূহৰ HS 2nd Year Assamese Free Study Materials লাভ কৰিবলৈ তলত লিংক দিয়া হৈছে। আপোনাৰ প্রয়োজনীয় পাঠৰ লিংকত ক্লিক কৰিলে HS 2nd Year Assamese Free Study Materials লাভ কৰিব পাৰিব।

Leave a Comment

error: Warning, you aare not allowed to copy this element