Join Assam Study Centre Channel

“মোৰ মাতৃমুখ দর্শন” উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ অসমীয়া পাঠ

লেখক পৰিচয়ঃ

লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪ – ১৯৩৬) হৈছে বহুমূখী প্রতিভাধাৰী এজন অসমীয়া সাহিত্যিক। তেওঁৰ জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত। তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এণ্ট্রেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতালৈ উচ্চশিক্ষা লাভ কৰিবলৈ যায়। ১৮৯১ চনত বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞাসুন্দৰীৰ লগত বিবাহ পাশত আবদ্ধ হয়। লক্ষ্মীনাথ বেজবৰুৱা আধুনিক অসমীয়া সাহিত্যৰ যুগনায়ক। ‘জোনাকী’ আ্লোচনীৰ যোগেদি অসমীয়া সাহিত্যলৈ তেখেতে নৱন্যাসৰ ধল প্রৱাহিত কৰে। “জোনাকী” ৰ পাততে তেওঁ ধেমেলীয়া নাটক ‘লিতিকাই’ আৰু গল্পসমূহ প্রকাশ পায়। সাহিত্যিক হিচাপে তেওঁৰ প্রতিভা আছিল বহুমুখী। কবিতা, নাটক, উপন্যাস, চুটিগল্প, ৰম্য ৰচনা, প্ৰৱন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ সকলোবোৰ শাখালৈ তেওঁ সৃষ্টিশীল অৱদান দি অসমীয়া ভাষা আৰু সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰে। তেওঁৰ ৰচনাসমূহ তলত দিয়া ধৰণে শ্রেণী বিভাজন কৰিব পাৰি-

ধেমেলীয়া নাটকঃ লিতিকাই, পাচনি, নোমল আৰু চিকৰপতি-নিকৰপতি।

উপন্যাসঃ পদুম কুঁৱৰী।

কবিতাঃ কদমকলি।

গল্পপুথিঃ জোনবিৰি, সাধুকথাৰ কুঁকি, কেহোঁকলি আৰু সুৰভি।

সাধুকথাঃ বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতিল’ৰা, জুনুকা।

বুৰঞ্জীমূলক নাটকঃ জয়মতী, চক্ৰধ্বজ সিংহ, বেলিমাৰ।

হাস্য-ব্যংগ ৰচনাঃ কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ ওভটনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি আদি।

জীৱনীঃ ডাঙৰীয়া দীননাথ বৰবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত্ৰ, শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ।

আত্মজীৱনীঃ  মোৰ জীৱন সোঁৱৰণ।

তত্বমূলক গ্রন্থঃ শ্ৰীকৃষ্ণৰ কথা আদি।

তেখেতে ‘বাহী’ নামৰ আলোচনী এখনৰ সম্পাদকো আছিল। তেখেতে ১৯২৪ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল।  ১৯৩৮ চনত তেওঁৰ মৃত্যু হয়।

১ নম্বৰৰ প্রশ্নোত্তৰ

১) ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটি ড˚ নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী’ (প্রথম খণ্ড)ৰ পৰা লোৱা হৈছে।

২) সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ?

উত্তৰঃ সম্বলপুৰ ভাৰতৰ উৰিষ্যাত অৱস্থিত।

৩) বেজবৰুৱাই মাতৃমুখ দর্শনৰ বাবে ক’ৰ পৰা ক’লৈ যাত্ৰা কৰিছিল?

উত্তৰঃ বেজবৰুৱাই মাতৃমুখ দর্শনৰ কাৰণে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্রা কৰিছিল।

৪) ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল ?  

উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্রা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ সহধর্মিণী প্রজ্ঞা সুন্দৰী আৰু তেওঁলোকৰ সৰু কন্যাজনী।

৫) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা।  

উত্তৰঃ লক্ষীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হ’ল – চিকৰপতি নিকৰপতি।

চমু প্রশ্ন (২/৩ নম্বৰৰ বাবে)

৬) ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিৰ নামকৰণৰ তাৎপৰ্য বিশ্লেষণ কৰা।

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত লেখক লক্ষ্মীনাথ বেজবৰুৱাই ডেৰকুৰি বছৰ পিছত উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ উভতি অহাৰ বর্ণনা ডাঙি ধৰিছে। বছৰৰ মূৰত ঐতিহ্যমণ্ডিত নিজৰ মাতৃভুমি অসমখনক দর্শন কৰি আৰু আত্মীয় স্বজনক লগ পাই  প্রশান্তি লাভ কৰিছে। প্ৰৱন্ধটোত বেজবৰুৱাই মাতৃভূমি দর্শনৰ অভিজ্ঞতা অতি সুন্দৰ আৰু নিখুতভাবে অংকন কৰিছে। সেয়ে পাঠটিৰ বিষয়বস্তুৰ লগত ইয়াৰ নামাকৰণ সঠিক, তাৎপর্যপুর্ণ হৈছে।

৭) ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষ পাঠটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে। কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দর্শন হৈছিল?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত ‘মাতৃ’ শব্দটিৰ দ্বাৰা লেখকে তেওঁৰ জন্মভূমি অসমক বুজাইছে।

কর্মসূত্রে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰ কুৰি বছৰৰ পাছত মাতৃমুখ দর্শন হৈছিল।

৮) লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটীত উপস্থিত হোৱাৰ দিনাখন সন্ধিয়া কটন কলেজৰ ছাত্রসকলে সভা পাতি তেওঁক অভিনন্দন জনাইছিল। বেজবৰুৱাক পাই ছাত্ৰসকলে বৰ উৎফুল্লিত হৈ বহুতো ছাত্ৰই সভাখনত শুৱলাকৈ ইংৰাজী আৰু অসমীয়া ভাষাত বক্তৃতা দিছিল। জনচেৰেকে সুললিত কণ্ঠেৰে সংগীত গাইছিল। কিছুমানে ওজাপালি হৈ সুন্দৰ অংগী-ভংগীৰে হাস্যৰসপুর্ণ গীত গাই লেখকক আনন্দ দিছিল।

৯) ‘মোৰ মাতৃমুখ দর্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আৰু জ্ঞান’ কোন আছিল ?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ আছিল সুকবি আৰু সুবিখ্যাত চাহ খেতিয়ক চন্দ্ৰকুমাৰ আগৰৱালা আৰু ‘জ্ঞান’ আছিল আর্ল ল কলেজৰ  অধ্যক্ষ মিষ্টাৰ জে. বৰুৱা।

১০) লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীত ভাল লগা তিনিটা কাৰণ উল্লেখ কৰা। উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীত ভাল লগা তিনিটা কাৰণ হ’ল –

(ক) গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দর্য।

(খ) ঐতিহাসিক উৎকর্ষ আৰু

(গ) প্রাচীন জ্ঞান গৰিমা।

দীঘল প্রশ্ন (৪/৫ নম্বৰৰ বাবে)

১১) “মোৰ মাতৃমুখ দর্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা।

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই  কর্মসূত্রে অসমৰ বাহিৰত উৰিষ্যাৰ সম্বলপুৰত থাকিবলগীয়া হৈছিল। তেওঁ প্রায় ত্রিশ-চল্লিশ বছৰ ধৰি মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। অৱশেষত ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপৰৰ পৰা অসমলৈ বুলি যাত্রা আৰম্ভ কৰে। তেওঁৰ লগত আছিল সহধর্মিণী প্রজ্ঞা সুন্দৰী আৰু সৰু জীয়ৰীজনী। বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা দুঘণ্টা যাত্রা কৰি তেওঁ ঝাৰচোগোড়া জংচনত নামে আৰু তাৰ পৰা কলকাতা অভিমুখী ৰেলত উঠে। লগত খোৱা বস্তু নিনিয়া কাৰণে লেখকে লঘোণে-ভোকে যাত্রা কৰিব লগা হয়। ২০ ছেপ্তেম্বৰ ৰাতি আঠ মান বজাত তেওঁলোকে কলকাতাত নামি মহানগৰৰ এঠাইৰ এটি ঘৰত উপস্থিত হয় আৰু লৰালৰিকৈ ভাত খাই শুই থাকে। পিছদিনা শিয়ালদহ ষ্টেচনৰ পৰা গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰে আৰু ২২ ছেপ্তেম্বৰত গুৱাহাটীত উপস্থিত হয়। বেজবৰুৱাক পাণ্ডু জাহাজ ঘাটত কবি চন্দ্র কুমাৰ আগৰৱালা আৰু আর্ল ল কলেজৰ অধ্যক্ষ মিষ্টাৰ জে. বৰুৱাই আদৰণি জনায়।

এয়ে হ’ল বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ চমু বিৱৰণ।

১২) ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটিত লেখক বেজবৰুৱাই পুৰাণ শাস্ত্ৰত বর্ণিত মহাদেৱৰ কৃষি-কৰ্মৰ এক প্রসঙ্গ উল্লেখ কৰিছে। চমুকৈ কাহিনীটো হ’ল এনে-

দেৱাদিদেৱ মহাদেৱক পত্নী পার্বতীয়ে ধিক্কাৰ দি কৈছিল যে তেওঁ ভাং, ধতুৰা খাই বহি থাকে। গৃহস্থৰ কাম-কাজ একো নকৰে। আনকি ঘৰত থকা বৃষভ (গৰু) টোও ঘাঁহ-পানী খাই নোদোকা হৈ আছে। সেইটোৰ সহায়ত হাল বাই খেতি-বাতি কৰি মহাদেৱে ধন আর্জিব লাগে।

ঘৈণীয়েকৰ এনে ককৰ্থনা শুনি মহাদেৱে মনত দুখ পাই বৃষভক লগত লৈ খেতি কৰিবলৈ ঘৰৰ পৰা ওলাই গ’ল। খেতি-বাতিত মহাদেৱ ইমানেই মত্ত হৈ পৰিল যে তেওঁ খোৱা -শোৱা এৰিলে। ঘৰলৈযয়ো উভতিবলৈ পাহৰিলে। মহাদেৱ ঘৰলৈ নহা দেখি পার্বতী চিন্তিত হ’ল আৰু গিৰিয়েকক আনিবলৈ নন্দী-ভৃংগীকে আদি কৰি মানুহ পঠিয়াবলৈ ধৰিলে। কিন্তু মহাদেৱ ঘৰলৈ নাহিল। অৱশেষত পার্বতীয়ে নাৰদক পঠিয়ালে। নাৰদেও বহু চেষ্টা কৰি মহাদেৱক ঘূৰাই আনিব নোৱাৰিলে। পিছত পার্বতীয়ে অসংখ্য ডাঁহ-মহ চেৰেপা স্রৰ্জন কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়াই দিলে। ইয়াৰ পিছতো পার্বতীয়ে ‘হাহা হুহু’ নামৰ মানস পুত্র দুটাকো মহাদেৱক ঘৰলৈ ঘূৰাই আনিবলৈ পঠিয়াই দিয়ে। কিন্তু সিহতে মহাদেৱক ঘৰলৈ ঘূৰাই আনিব পাৰিলে নে নোৱাৰিলে সেই বিষয়ে লিখকে একো উল্লেখ কৰা নাই।

১৩) ‘হাহা হুহু’ কোন আছিল? তেওঁলোকক কোনে কি কাৰণে সৃষ্টিকৰিছিল বুজাই লিখা।

উত্তৰঃ ‘হাহা হুহু’ আছিল মহাদেৱৰ পত্নী পার্বতীৰ মানস পুত্র। পার্বতীৰ গিৰিয়েক মহাদেৱে ভাং, ধতুৰা খাই ঘৰতে বহি থকাত পার্বতীয়ে ককৰ্থনা কৰিছিল। মহাদেৱে ঘৰতে থকা গৰু এটাক লৈ খেতি বাতি কৰিব লাগে বুলি কোৱাত মহাদেৱ অভিমান কৰি খেতি কৰিবলৈ ঘৰৰ পৰা ওলাই যায়। খেতি-বাতিত তেওঁ ইমানেই মনোযোগ দিলে যে  তেওঁ খোৱা বোৱা এৰিলে। আনকি ঘৰলৈ আহিবলৈ পাহৰিলে। গিৰিয়েক ঘৰলৈ নহা দেখি পার্বতী চিন্তিত হৈ পৰিল আৰু মহাদেক ঘৰলৈ ঘূৰাই আনিবলৈ কেইবাজনকো পঠিয়ালে। কিন্তু কোনেও মহাদেৱক ঘৰলৈ ঘূৰাই আনিবলৈ সমর্থ নহ’ল। অৱশেষত পার্বতীয়ে ‘হাহা হুহু’ নামৰ মানস পুত্র দুটিৰ সৃষ্টি কৰি মহাদেৱক ঘৰলৈ ঘূৰাই আনিবলৈ পঠিয়াই দিয়ে।

১৪) ‘ডিব্ৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল’—ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটী পোৱাৰ পিছদিনাখন ডিব্ৰুগড়লৈ বুলি যাত্ৰা আৰম্ভ কৰি ২৪ ছেপ্তেম্বৰৰ দিনাখন ডিব্ৰুগড়ত উপস্থিত হয়। কেবাগৰাকী আ্পোন মানুহে লেখকক ষ্টেচনৰ পৰা আদৰি নিয়ে। ডিব্ৰুগড় চহৰৰ প্ৰগতি দেখি লেখক আনন্দিত হৈ পৰে। প্ৰথমতে তেওঁ লক্ষ্য কৰে যে ডিব্ৰুগড়ৰ তিৰোতাসকল শিক্ষিত হৈছে। ৰাজহুৱা কাম-কাজতো সিহঁত আগৰণুৱা। তেওঁলোকে বোৱাকটাও শিকিছে। বহু বছৰৰ মূৰত মহিলাসকলে লেখকক ওচৰত  পাই সভা পাতি অভিনন্দন জনালে।

দ্বিতীয়তে, লেখকে লক্ষ্য কৰে যে ডিব্ৰুগড়ৰ ডেকাসকলে নাট-চর্চা কৰে। তেওঁলোকে চহৰৰ ৰংগশালত গীত-মাত, নাটক আদি পৰিবেশন কৰে। মঞ্চত অসমীয়া মৌলিক নাটৰ উপৰিও অনূদিত নাটকো অভিনীত হয়।

তৃতীয়তে, লেখকে লক্ষ্য কৰে যে ডিব্ৰুগড়ৰ কেইজনো ব্যক্তি পেইন্টিং আৰু ফটোগ্রাফীতো কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে। লিখকে বিশেষকৈ মুক্তানাথ বৰদলৈৰ কৃতিত্বৰ বিষয়ে উল্লেখ কৰিছে।

চতুর্থতে, সাজ-সজ্জা, চিত্রপট, ভাবপূর্ণ অভিনয়, সুস্বৰ সংগীত আৰু মনোজ্ঞ নৃত্যত ডিব্ৰুগড়ৰ ডেকাসকল আগবাঢ়ি যোৱা লিখকৰ দৃষ্টিগোচৰ হৈছিল। ডিব্ৰুগড়ত এনেবোৰ কথাই লিখক বেজবৰুৱাক সন্তোষ দিছিল।

১৫) লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা।

উত্তৰঃ লিখক বেজবৰুৱাই ডিব্ৰুগড়লৈ গৈ সেইঠাইৰ ডেকাসকলৰ সংস্কৃতি প্রীতি দেখি অভিভূত হৈছিল। তেওঁ লক্ষ্য কৰিছিল যে ডেকাসকলে নাট চর্চা কৰে। তেওঁলোকে চহৰৰ ৰংগশালত গীত-মাত, নাটক আদি পৰিবেশন কৰে। মঞ্চত মৌলিক অসমীয়া নাটকৰ উপৰিও অনূদিত নাটকো অভিনীত হয়। বেজবৰুৱাই আশা কৰিছিল যে ডেকা নাট্যকাৰসকলে বিদেশী নাটকৰ অনুবাদ কার্যত মনোযোগ দিব। বিদেশী নাটক অনুবাদ কৰোতে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে যাতে অনুবাদ নিভাঁজ অসমীয়াত হোৱা উপৰিও অসমীয়া সংস্কৃতিৰ লগত খাপ খায়। লিখকে প্রশংসা  কৰি কৈছে যে চাৰিগৰাকী অসমীয়া  ছাত্রই শ্বেক্সপীয়েৰৰ “Comedy of Errors” নামৰ নাটকখন ‘ভ্ৰমৰংগ’ নামেৰে কৰা অনুবাদ সার্থক অসমীয়া অনুবাদ হৈছে।

অতিৰিক্ত প্রশ্ন

১৬) ‘মোৰ মাতৃমুখ দর্শন’ পাঠটিৰ লেখকজনৰ নাম কি?

 উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা।

১৭) লক্ষ্মীনাথ বেজবৰুৱাক সমীয়া সাহিত্যত কি বুলি উপাধি দিয়া হৈছিল? উত্তৰঃ ৰসৰাজ উপাধি দিয়া হৈছিল।

১৮) লক্ষ্মীনাথ বেজবৰুৱাক কিহৰ বাবে ‘ৰসৰাজ’ উপাধি দিয়া হৈছিল ?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনাৰ মাজেদি ফুটি ওলোৱা বিমল হাস্যৰসৰ বাবে তেওঁক ‘ৰসৰাজ’ খিতাপেৰে সন্মানিত কৰা হৈছিল।

১৯) লক্ষ্মীনাথ বেজবৰুৱাক কিহৰ বাবে ‘সাহিত্যৰথী’ উপাধিৰে সন্মানিত কৰা হৈছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক সুদীর্ঘ কাল অসমীয়া ভাষা-সাহিত্যৰ বিভিন্ন দিশত নেতৃত্ব দিয়া বাবে তেওঁক ‘সাহিত্যৰথী’ উপাধিৰে সন্মানিত কৰা হৈছিল।

২০) লক্ষ্মীনাথ বেজবৰুৱাই ক’ত কেতিয়া জন্ম গ্রহণ কৰিছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ১৮৬৪ চনত নগাঁও জিলাৰ আঁহতগুৰিত জন্ম গ্রহণ কৰিছিল।

২১) লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত এন্টেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই ১৮৮৬ চনত এন্ট্রেন্স পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

২২)  লক্ষ্মীনাথ বেজবৰুৱাই ক’ৰ পৰা এন্ট্রেন্স পৰীক্ষা পাছ কৰিছিল?

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এন্ট্রেন্স পৰীক্ষা পাছ কৰিছিল।

২৩)  লক্ষ্মীনাথ বেজবৰুৱাই ক’ত উচ্চ শিক্ষা লাভ কৰিছিল?

উত্তৰঃ কলিকতাত

২৪) লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত বিবাহ পাশত আৱদ্ধ হৈছিল ?

উৰঃ ১৮৯১ চনত

২৫) লক্ষ্মীনাথ বেজবৰুৱাই কাক বিয়া কৰাইছিল?

উত্তৰঃ বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞাসুন্দৰী দেৱীক।

২৬) বেজবৰুৱাই কোনখন আলোচনীত তেওঁৰ লিখনিসমূহ প্ৰকাশ কৰিছিল?

উত্তৰঃ ‘জোনাকী’ আলোচনীত।

২৭) বেজবৰুৱাদেৱে কি কি দিশত তেওঁ অসমীয়া সাহিত্যৰ বৰঙণি যোগাইছিল?

উত্তৰঃ কবিতা, নাট, উপন্যাস, চুটিগল্প, ৰম্যৰচনা, প্রবন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ বিভিন্ন দিশত বৰঙণি যোগাইছিল।

২৮) বেজবৰুৱাই ৰচনা কৰা ধেমেলীয়া নাটক কেইখনৰ নাম লিখা।

উত্তৰঃ বেজবৰুৱাই ৰচনা কৰা ধেমেলীয়া নাটককেইখনমানৰ নাম হ’ল — লিটিকাই, পাচনি, নোমল আৰু চিকৰপতি নিকৰপতি।

২৯) বেজবৰুৱাই ৰচনা কৰা একমাত্র উপন্যাস খনৰ নাম লিখা।

উত্তৰঃ পদুমকুঁৱৰী।

৩০) বেজবৰুৱাই ৰচনা কৰা একমাত্র কবিতা পুথিখনৰ নাম লিখা।

উত্তৰঃ কদমকলি।

৩১) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা গল্প পুথি কেইখনৰ নাম লিখা।

উত্তৰঃ জোনবিৰি, সাধুকথাৰ কুকি, কেঁহোকলি, আৰু সুৰভি।

৩২) বেজবৰুৱাই ৰচনা কৰা সাধুকথাৰ পুথিকেইখনৰ নাম লিখা।

উত্তৰঃ বুঢ়ী আইৰ সাধু, ককাদেউতা আৰু নাতি ল’ৰা, জুনুকা।

৩৩) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা বুৰঞ্জী মূলক নাটককেইখনৰ নাম লিখা।

উত্তৰঃ জয়মতী, চক্ৰধ্বজ সিংহ, বেলিমাৰ।

৩৪) বেজবৰুৱা দেৱে ৰচনা কৰা হাস্যব্যংগ ৰচনা সমূহ কি আছিল ?

উত্তৰঃ কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ ওভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাবৰ বুৰবুৰণি আদি।

৩৫) বেজবৰুৱাই ৰচনা কৰা জীৱনীসমূহ কি আছিল?

উত্তৰঃ ডাঙৰীয়া দীননাথ বৰবৰুৱাৰ সংক্ষিপ্ত জীৱন-চৰিত্ৰ, শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ।

৩৬) বেজবৰুৱাই ৰচনা কৰা তত্ত্বমূলক গ্রন্থ কেইখনৰ নাম লিখা।

উত্তৰঃ তত্বকথা, শ্রীকৃষ্ণকথা আদি।

৩৭) অ.ভা.উ.সা.ৰ সম্পূর্ণ নাম কি?

উত্তৰঃ অসমীয়া ভাষা উন্নতি সাধিনী সভা।

৩৮) কলিকতাত থকা কালছোৱাত তেওঁ কোন আলোচনী প্রকাশত আগভাগ লৈছিল ?

উত্তৰ : জোনাকী।

৩৯) লক্ষ্মীনাথ বেজবৰুৱাই কোন চনত ক’ত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল।

উত্তৰঃ ১৯২৪ চনত গুৱাহাটী অধিবেশনত।

৪০) ‘মোৰ মাতৃমুখ দর্শন’ গল্পটো কেইটা খণ্ডত বিভক্ত।

উত্তৰঃ সাতটা।

৪১) ইয়াৰ কাহিনীভাগ কিহৰ লগত জড়িত?

উত্তৰঃ বেজবৰুৱা দেৱৰ দীঘলীয়া অসম ভ্ৰমণৰ লগত জড়িত।

৪২) আমাৰ পাঠ্যপুথিত মাতৃমুখ দর্শনৰ কিমানটা খণ্ড পাঠ হিচাপে নির্বাচন কৰা হৈছে।

উত্তৰঃ প্রথম তিনিটা খণ্ড।

৪৩) আমাৰ পাঠ্যপুথিত উল্লেখ কৰা পাঠটি ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ পাঠটো ড˚ নগেন শইকীয়া সম্পাদিত বেজবৰুৱাৰ ৰচনাৱলী (প্রথম খণ্ড)ৰ পৰা লোৱা হৈছে।

৪৪) লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা আলোচনী খনৰ নাম লিখা।

উত্তৰঃ বাঁহী।

৪৫) কিমান বছৰৰ মূৰত বেজবৰুৱাৰ মাতৃমুখ দর্শন ঘটিছিল?

উত্তৰঃ ডেৰ কুৰি  দুকুৰি বছৰৰ মূৰত বেজবৰুৱাৰ মাতৃমুখ দর্শন কৰিছিল।

৪৬) শিৱসাগৰত বহা সভাখনত বেজবৰুৱাৰ ডেকা বন্ধুজনে তেওঁৰ বিষয়ে কি কৈছিল?

উত্তৰঃ তেওঁ হেনো গপ বা ওফোন্দ পাতিহে এনে কৰি আছিলে।

৪৭) বেজবৰুৱাই তেওঁৰ বন্ধুজনক তেতিয়া কি বুলি ক’লে ?

উত্তৰঃ ৰামশ্চন্দ্র। সেইবোৰ একো নহয় দেওহে। গপো নহয়, ওফোন্দও নহয়। হয় যদি এটা শাওপাতহে।

৪৮) শাওপাতত পৰিলে কি হয় বুলি লিখকে কৈছে?

উত্তৰঃ শাওপাতত পৰিলে মানুহে এডিঙিলৈকে পানীত নামিও পিয়াহত শুকাই মৰে।

৪৯) শাওপাতৰ নিমিত্তে দুর্যোধনে কি কৰিছিল?

উত্তৰঃ শাওপাতৰ নিমিতেই দূর্যোধনে পাঁচ পাণ্ডৱক পাচখন গাঁও দিয়ক চাৰি বেজীৰ আগটোৱে ঢাকিব পৰাটো মাটিকণ পর্যন্ত নিদিওঁ বুলি যুঁজ কৰি মৰি থাকিল।

৫০) শাওপাতত পৰিলে দুই ভাইৰ কি হয়?

উত্তৰ: শাওপাতত পৰিয়েই একঠা মাটিৰ নিমিত্তে দুই ভাতৃয়ে কিলাকিলি মৰামৰি গোচৰ ফৰিয়াদ কৰি সর্বস্বান্ত হৈ মৰে; অথচ আপোচ মিতমাত কৰি মিলিজুলি পৈতৃক সম্পত্তি খাই মেলি থাকিব নোৱাৰে।

৫১) মথুৰা আৰু বৃন্দাবনৰ মাজৰ ব্যৱধান কিমান ?

উত্তৰঃ ছমাইল কি দহমাইল।

৫২) দৈৱৰ বলতেই ৰাৱণে কি কৰিব নোৱাৰিলে?

উত্তৰ: দৈৱৰ বলতেই ৰাৱণে মনতে পাঙি থোৱা স্বৰ্গৰ জখলাটো কৰিব নোৱাৰিলে, লোণ সাগৰখন সিঁচি পেলাই লংকাৰ চাৰিওফালে গাখীৰৰ সাগৰখন বোৱাই আনিব নোৱাৰিলে।

৫৩) নৰসিংহ কোন আছিল ? তেওঁ কিয় এই অৱতাৰ লৈছিল?

উত্তৰ নৰসিংহ আছিল বিষ্ণুৰ তৃতীয় অৱতাৰ। বিষ্ণু বিদ্বেষী দৈত্যৰাজ হিৰণ্যকশিপুক বধ কৰাৰ উদ্দেশ্যে বিষ্ণুৱে এই অৱতাৰ ধাৰণ কৰিছিল ।

৫৪) প্রহলাদ কোন আছিল?

উত্তৰঃ বিষ্ণু বিদ্বেষী দৈত্যৰাজ হিৰণ্যকশিপুৰ পুত্ৰ আছিল। তেওঁ পৰম বিষ্ণু ভক্ত আছিল।

৫৫) লিখকে কিমান চনৰ কোন তাৰিখে অসমলৈ যাত্ৰা কৰিছিল ?

উত্তৰ: ১৯৩০ চনৰ ১৯ চেপ্তেম্বৰ তাৰিখে।

৫৬) তেখেতৰ লগত আৰু কোন কোন আছিল?

উত্তৰঃ তেখেতৰ সহধর্মিণী আৰু সৰু কন্যাটি।

৫৭) বি. এন. আৰ. ৰ সম্পূর্ণ নামটো কি?

উত্তৰ বেংগল নাগপুৰ ৰেল।

৫৮) ঝাৰচোগোড়া জংছন সম্বলপুৰৰ পৰা কিমান দূৰত্বত অবস্থিত?

উত্তৰঃ ৩১ মাইল দূৰত।

৫৯) সম্বলপুৰৰ পৰা ঝাৰছোগোড়া জংছন পাবলৈ কিমান সময় লাগিছিল? উত্তৰঃ প্রায় দুঘণ্টা মান।

৬০) লিখকে কেতিয়া সম্বলপুৰৰ পৰা কলিকতা পালেগৈ ?

উত্তৰঃ কুৰি তাৰিখে ৰাতি আঠমান বজাত।

৬১) লিখকে.কিয় লগত একো খোৱা বস্তু নিয়া নাছিল ?

উত্তৰঃ মেইল গাড়ীত মাথোন ৰাতিটো গৈ পুৱাই কলিকাতা পাবগৈ বুলি ভাবি লগত একোকে খোৱা বস্তু নিয়া নাছিল।

৬২) লিখকে ক’ৰ কৰ ৰিফেছমেন্ট ৰূমলৈ গার্ডক কৈ কিহৰ বাবে টেলিগ্রাম কৰিছিল?

উত্তৰঃ লিখকে গার্ডক কৈ খৰগপুৰ আৰু চক্ৰধৰপুৰ ৰিফ্রেছমেন্ট ৰূমলৈ টেলিগ্রাম কৰিছিল যাতে তেওঁলোকৰ বাবে অলপ আহাৰৰ আয়োজন কৰি থয়।

৬৩) উপায় বিহীন হৈ পেটৰ ভোক গুচাবলৈ লিখকে কি কৰিছিল?

উত্তৰঃ ষ্টেচনত বিক্ৰী কৰা কচুৰি চিঙৰা আদি কিনি লৈ ভোজন কৰিছিল।

৬৪) লেখকৰ পিতৃদেৱতা কি আছিল?

উত্তৰঃ লেখকৰ পিতৃদেৱতা ৰাজঘৰীয়া বেজ আছিল।

৬৫) লিখকে কেতিয়া গুৱাহাটীৰ পৰা ডিবৰু পাইছিল?

উত্তৰ: ২৩ তাৰিখে গুৱাহাটী এৰি ২৪ তাৰিখে ৰাতিপুৱা ন মান বজাত ডিবৰু পাইছিল।

৬৬) ডিব্ৰুগড় ষ্টেচনত লিখকে কাক কাক লগ পাইছিল?

উত্তৰঃ বিভিন্ন চিনা-জনা মানুহক লগপোৱাৰ উপৰিও তেওঁৰ মাজুজনী ছোৱালী, মাজু জোৱাইক লগতে তেওঁৰ সৰু ভায়েকক লগ পাইছিল।

৬৭) গিৰিয়েক মাতি আনিবলৈ পার্বতীয়ে কাক কাক পঠাইছিল?

উত্তৰঃ নন্দী ভৃংগীকে আদি কৰি বহুতকে পঠাইছিল।

৬৮) লিখকৰ জী-জোৱাই কি আছিল?

উত্তৰঃ জইন্ট চুপাৰিন্টেন্ডেন্ট।

৬৯) পানীত থাকিও মাছতৃষ্ণাতুৰ।  

  শুনি শুনি আহি উঠে মোৰ৷৷ – পদ ফাকিৰ তাত্ত্বিক অর্থ লিখা।

উত্তৰঃ মানুহৰ অন্তৰতে ঈশ্বৰ আছে, তথাপি ভক্তিহীন অজ্ঞানী মানুহে ঈশ্বৰ উপলব্ধি কৰিব নোৱাৰে। অজ্ঞানীজনৰ এনে অৱস্থা দেখি কবিৰ হাঁহি উঠে।

৭০) ‘পানী মে মীন পিয়াসী।

     মোক শুনত শুনত লগে হাসি৷৷

কবীৰৰ উক্ত পদ ফাঁকিৰ সৰল অসমীয় ভাবানুবাদ কি?

উত্তৰঃ উক্ত কবিতাফাকিৰ অসমীয়া ভাবানুবাদ হ’ল — পানীত থাকিও মাছ তৃষ্ণাতুৰ।  শুনি শুনি হাঁহি উঠে মোৰ।

৭১) “যথা নিযুক্তিহস্মি তথা কৰোমি”- সংস্কৃত পদটিৰ অর্থ লিখা।

উত্তৰঃ উক্ত সংস্কৃত পদটিৰ অৰ্থ হ’ল – যিদৰে (যিকামৰ বাবে) নিযুক্তি হৈছো, তাকো কৰিছো।

৭২) লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হৈছিল ১৮৬৪ চনত অবিভক্ত নগাঁও জিলাৰ আহতগুৰিনামৰ ঠাইত। ‘জোনাকী’ আলোচনীৰ যোগেদি অসমীয়া সাহিত্যলৈ তেখেতে নৱন্যাসৰ ধল প্ৰৱাহিত কৰে। ‘জোনাকীৰ পাততে তেওঁ ধেমেলীয়া নাটক ‘লিতিকাই’ আৰু গল্পসমূহ প্রকাশ পায়। সাহিত্যিক হিচাপে তেওঁৰ প্ৰতিভা আছিল বহুমুখী। কবিতা, নাটক, উপন্যাস, চুটিগল্প, ৰম্য ৰচনা, প্ৰৱন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ সকলোবোৰ শাখালৈ তেওঁ সৃষ্টিশীল অৱদান দি অসমীয়া ভাষা আৰু সাহিত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰে।

৭৩) ‘মোৰ মাতৃমুখ দর্শন’ শীর্ষক পাঠটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰঃ ‘মোৰ মাতৃমুখ দর্শন’শীর্ষক পাঠটো নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ প্রথম খণ্ডৰ পৰা লোৱা হৈছে।

৭৪) সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত?

উত্তৰঃ সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত।

৭৫) বেজবৰুৱাই ‘মাতৃমুখ’ দৰ্শনৰ বাবে ক’ৰ পৰা ক’লৈ যাত্ৰা কৰিছিল ?

উত্তৰ: কর্মসূত্রে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা বেজবৰুৱাই ‘মাতৃ দর্শনৰ’  বাবে সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল।

৭৬) ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল ?

উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী আছিল তেওঁৰ পত্নী প্রজ্ঞাসুন্দৰী আৰু তেওঁলোকৰ কনিষ্ঠা কন্যা।

৭৭) লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হ’ল চিকৰপতি নিকৰপতি।

৭৮) লক্ষ্মীনাথ বেজবৰুৱাক আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ’ল ‘মোৰ জীৱন সোঁৱৰণ’।

৭৯) লক্ষ্মীনাথ বেজবৰুৱাই ক’ত কেতিয়া জন্ম গ্রহণ কৰিছিল?

উত্তৰ লক্ষ্মীনাথ বেজবৰুৱাই ১৮৬৪ চনত নগাঁও জিলাৰ আঁহতগুৰিত জন্ম গ্রহণ কৰিছিল।

৮০) তেওঁ কেতিয়া এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ হয় ?

উত্তৰঃ তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এন্ট্রেন্স পৰীক্ষাত উত্তীর্ণ হয়।।

৮১) তেওঁ ক’ৰ পৰা বি এ পাছ কৰে?

উত্তৰঃ তেওঁ কলকাতাৰ জেনেৰেল এছেমব্লি ইনষ্টিটিউশ্যৰ পৰা বি এ পাছ কৰে।

৮২)  তেওঁ কলকাতাত থকা কালত কিহত আগভাগ লয়?

উত্তৰঃ তেওঁ কলকাতাত থকা কালত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্রতিষ্ঠা আৰু ‘জোনাকী’ আলোচনী প্রকাশত আগভাগ লয়।

৮৩) বেজবৰুৱাদেৱৰ কাৰ লগত বিবাহ সম্পন্ন হয়?

উত্তৰঃ বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্রজ্ঞা সুন্দৰী দেৱীৰ লগত তেওৰ বিবাহ সম্পন্ন হয়।

৮৪) বেজবৰুৱাদেৱৰ ধেমেলীয়া নাটকসমূহ কি কি?

উত্তৰঃ লিতিকাই, পাচনি, নোমল আৰু চিকৰপতি-নিকৰপতি

10 thoughts on ““মোৰ মাতৃমুখ দর্শন” উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ অসমীয়া পাঠ”

  1. মন্তব্যৰ বাবে ধন্যবাদ। অসমীয়া বিষয়ৰ সকলো পাঠ আলোচনা কৰা হৈছে।

    Reply

Leave a Comment

error: Warning, you aare not allowed to copy this element