Join Assam Study Centre Channel

Class 12 – Sociology -Project Work 

Project Work বা প্রকল্প আঁচনি হৈছে এক আঁচনি য’ত গৱেষক বা ছাত্র-ছাত্রীয়ে সম্ভাৱ্য সমস্যাবোৰৰ প্ৰকৃত তথ্যবোৰ উদঘাটন কৰি একত্ৰিত ৰূপত ইয়াৰ চৰিত্ৰবোৰ বুজি উঠিবলৈ যত্ন কৰা এক আঁচনি। আমি ইয়াত Class 12 Sociology (সমাজশাস্ত্র) বিষয়ৰ Project Work পাঠৰ প্রশ্নোত্তৰ সমূহ আলোচনা কৰিম।

Class 12 – Sociology -Project Work

Class 12 – Sociology -Project Work

১ / ২ নম্বৰৰ প্রশ্ন

১) প্রকল্প আচনিৰ মূল উদ্দেশ্য কি?

উত্তৰ : প্রকল্প আচঁনিৰ মূল উদ্দেশ্য হ’ল জ্ঞান আহৰণ কৰা ।

 

২) প্রকল্প কর্ম মানে কি?

উত্তৰ : প্রকল্পৰ অৰ্থ হৈছে ধাৰণা, কোননো ঘটনাৰাজিৰ অন্তৰালত সাঙুৰ খাই সম্ভৱপৰ কাৰণসহ কাৰণ আৰু কার্য সম্পর্কৰ ভিত্তিত যি ধাৰণা পূৰ্বতে কৰি লোৱা হয়, সামাজিক গৱেষণাত ইয়াকে প্রকল্প বুলি কোৱা হয়। অর্থাৎ ই হৈছে এবিধ কাল্পনিক ধাৰণা, যি ধাৰণা কেৱল বিশ্বাসৰ ওপৰত প্ৰতিস্থিত আৰু তেনে বিশ্বাসক

যুক্তিবাদী তথ্যৰে পৰীক্ষা কৰি সত্যাসত্য বিচাৰৰ বাবে প্রস্তুত হয়।

 

৩) প্রকল্প আঁচনিৰ পদ্ধতিত প্রতিবেদন প্রস্তুত কোনে কৰে ?

উত্তৰ: প্রকল্প আঁচনি পদ্ধতিত প্রতিবেদন গৱেষকজনে নিজেই প্রস্তুত কৰে।

 

৪) প্রকল্প আঁচনি বা নিৰূপণৰ বাবে সাধাৰণতে কি পদ্ধতি অৱলম্বন কৰা হয়?

ত্তৰঃ জৰীপ পদ্ধতি আৱলম্বন কৰা হয়।

 

৫) প্রকল্প আঁচনিৰ কিমান স্তৰ আছে?

উত্তৰঃ প্রকল্প আঁচনিৰ চাৰিটা স্তৰ আছে।

 

৬) পৰিকল্পনা কি?

উত্তৰ : যেতিয়া কোনো এজন ব্যক্তিয়ে কোনো এটা উদ্দেশ্য সাধনৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে নিজকে প্রস্তুত কৰি লয় আৰু প্রয়োজনীয় সা-সম্পদবোৰ যোগাৰ কৰে, তেতিয়াই তাক পৰিকল্পনা বোলে।

 

৭) প্রকল্প কার্য পদ্ধতি কোনে প্রস্তুত কৰিছিল ?

উত্তৰ : ডব্লিউ. এইচ কিলপত্রিক (W. H. Kilpatric)ক প্রকল্প কার্য পদ্ধতিৰ প্ৰতিষ্ঠাপক বুলি জনা যায়।

Question for Mark 2/3

৮) প্রকল্প কার্য পদ্ধতিৰ প্ৰধান উদ্দেশ্যসমূহ কি কি?

উত্তৰঃ  প্রকল্প কার্য পদ্ধতিৰ প্রধান উদ্দেশ্যসমূহ হ’ল—

(ক) সমাজ সম্পর্কে জ্ঞান আৰু অভিজ্ঞতা অর্জন কৰা

(খ) ছাত্র-ছাত্রীৰ ব্যৱহাৰিক জ্ঞানৰ বিকাশ সাধন কৰা ।

(গ) ছাত্ৰ-ছাত্ৰীক সামাজিক সমস্যাৰ আৰু মানুহক মানসিক মনোভাৱ সম্পর্কে জ্ঞান দিয়া

(ঘ) ছাত্ৰ-ছাত্ৰীক সমাজৰ লগত সম্পর্ক স্থাপনৰ বাবে তেওঁলোকক সহায় কৰা

 

৯) প্রকল্প কার্য পদ্ধতিৰ স্তৰ বা পর্যায় কেইটা আৰু কি কি?

উত্তৰঃ  প্রকল্প কার্য পদ্ধতিৰ পর্যায় চাৰিটা। সেইকেইটা হ’ল—

(ক) প্রকল্প কার্যৰ পৰিকল্পনা।

(খ) তথ্য আৰু ঘটনাৰাজী সংগ্রহ কৰা ।

(গ) ঘটনা আৰু তথ্য-পাতিৰ বিশ্লেষণ আৰু ব্যাখ্যা কৰা

(ঘ) তথ্য-পাতিৰ উপস্থাপন কৰা ।

 

১০) পৰিকল্পনা কেইপ্রকাৰৰ আৰু কি কি?

উত্তৰঃ পৰিকল্পনা দুই প্রকাৰৰ

(ক) সামাজিক পৰিকল্পনা আৰু

(খ) অর্থনৈতিক পৰিকল্পনা

 

১১) প্রকল্প আঁচনি পদ্ধতিৰ চাৰিটা সুবিধা লিখা?

উত্তৰঃ প্রকল্প আঁচনি পদ্ধতিৰ চাৰিটা সুবিধা হল—

(ক) প্রকল্প আঁচনিয়ে গৱেষণাত অধ্যয়নৰ দৃষ্টি নিৰূপণ কৰাত সহায়ক হয়।

(খ) প্রকল্প আঁচনিৰ দ্বাৰা তথ্য সংগ্রহৰ নির্দেশনা সহজে আয়ত্ব কৰিব পাৰি

(গ) প্রকল্প আঁচনিৰ সাধাৰণীকৰণ ক্ষমতা থাকে ।

(ঘ) প্রকল্প আঁচনিৰ দ্বাৰা সামাজিক ঘটনা সংঘটিত ৰূপটোৰ সম্ভাৱ্য কাৰণবোৰ চিনাক্ত কৰিব পাৰে।

 

১২) প্রকল্প আঁচনি পদ্ধতিৰ চাৰিটা অসুবিধা লিখা।

উত্তৰঃ প্রকল্প আঁচনি পদ্ধতিৰ চাৰিটা অসুবিধা হল—

(ক) প্রকল্প কার্য পদ্ধতি এক খৰচি পদ্ধতি।

(খ) উপযুক্ত প্রকল্প কার্য পদ্ধতি নির্ধাৰণ কৰা টান

(গ) এই পদ্ধতিত শৃংখলাবদ্ধ অধ্যয়ন কৰা টান।

(ঘ) এই পদ্ধতিত বহু সময়ৰ আৱশ্যক হয়

 

১৩) পর্যবেক্ষণ বুলিলে কি বুজা?

উত্তৰঃ সকলো বৈজ্ঞানিক গৱেষণাৰ বাবে পর্যবেক্ষণ হয়— এক প্রাথমিক আৰু উমৈহতীয়া পদ্ধতি। গৱেষণা প্রক্রিয়াত ব্যৱহাৰ হোৱা পদ্ধতিসমূহৰ ভিতৰত ই আটাইতকৈ পুৰণি মৌলিক পদ্ধতি। কাৰণ জ্ঞান আহৰণৰ পথ পদক্ষেপটো পর্যবেক্ষণৰ দ্বাৰাহে আৰম্ভ হয়। সামাজিক গৱেষণাৰ তথ্য আহৰণৰ কৌশল হিচাপে আমি ক’ব লাগিব যে কোনো এটা ঘটনাক অন্তদৃষ্টিৰে আলোকপাত কৰি তাৰ প্রকৃতি আৰু স্বৰূপ বুজিবলৈ চেষ্টা কৰা প্রক্রিয়াই হ’ল পর্যবেক্ষণ।

 

১৪) সাক্ষাৎকাৰ পদ্ধতি কি?

উত্তৰঃ  সামাজিক গৱেষণাত তথ্য সংগ্রহৰ বাবে বহুলভাৱে প্রয়োগ হোৱা এক অন্যতম পদ্ধতি হ’ল সাক্ষাৎকাৰ পদ্ধতি। সহজ অথত মুখামুখি পৰিবেশত মৌখিক আলাপ-আলোচনাৰ যোগেদি তথা উৎঘাটন আৰু সংগ্রহ কৰা প্রক্রিয়াটোৱেই হ’ল সাক্ষাৎকাৰ পদ্ধতি।

সমাজতত্ত্ববিদ P. V. Young ৰ মতে, “সাক্ষাৎকাৰ হ’ল এটা প্রভাৱাত্মক অনৌপচাৰিক মৌখিক-অমৌখিক কথোপকথন, যাক নির্ধাৰিত বিষয়বস্তুক কেন্দ্ৰ কৰি বিশেষ উদ্দেশ্যৰে আৰম্ভ কৰা হয়।”

 

১৫) প্রকল্প বুলিলে কি বুজা?

উত্তৰঃ  প্রকল্প হৈছে এক ধাৰণা, কোনো ঘটনাৰাজীৰ অন্তৰালত সাঙুৰ খাই থকা সম্ভৱপৰ, কাৰণসমূহক আগত ৰাখি কাৰণ আৰু কার্য সম্পর্কৰ ভিত্তিত যি ধাৰণা পূৰ্বতে কৰি লোৱা হয়, সামাজিক গৱেষণাত ইয়াকে প্রকল্প বুলি কোৱা হয়। প্রকল্পৰ আভিধানিক অর্থ হৈছে—ই এবিধ কাল্পনিক ধাৰণা, যি ধাৰণা কেৱল বিশ্বাসৰ ওপৰত প্রতিষ্ঠিত আৰু তেনে বিশ্বাসক যুক্তিবাদী তথ্যৰে পৰীক্ষা কৰি সত্যাসত্য বিচাৰৰ বাবে প্রস্তুত কৰা হয়।

সমাজশাস্ত্রবিদ গোড আৰু হাৰ্টৰ মতে, প্রকল্প হৈছে এক ধাৰণা, যি ধাৰণাৰ বৈধতা নির্ণয় কৰা হয় প্রমাণ আৰু পৰীক্ষাৰ যোগেদি।

 

১৬) সামাজিক জৰীপৰ শব্দগত অর্থ লিখা ।

উত্তৰঃ  সামাজিক জৰীপ, গৱেষণাৰ দৰে যিকোনো ঘটনা বা সমস্যাত বৈজ্ঞানিক পদ্ধতিৰে অনুসন্ধান কৰা এক প্রণালীবদ্ধ প্রক্রিয়া।  জৰীপ বা Survey শব্দটোৰ এক বিশেষ অর্থ আছে। দুটা শব্দৰ সংযোজনত ইয়াক গঢ় দিয়া হৈছে। এটা হৈছে – Sur বা Sor। ইয়াৰ অথ হ’ল 0ver। আনটো শব্দ হ’ল Veein বা Veoin। ইয়াৰ অৰ্থ হৈছে See. গতিকে Survey শব্দটোৰ অৰ্থ হ’ল to look over বা to over See। ইয়াৰ অসমীয়া অর্থ হ’ল সচেতনভাবে চোৱা বা প্রণালীবদ্ধভাৱে পর্যবেক্ষণ কৰা।

 

১৭) জৰীপ কি?

উত্তৰঃ জৰীপ হৈছে কোনোবা এটা সামাজিক সমস্যা বা ঘটনাৰ বিষয়ে বিতংভাৱে পর্যবেক্ষণ কৰা বা তথ্যপাতি সংগ্রহ কৰা এটা প্রক্রিয়া অর্থাৎ কোনো এটা ঘটনা বা সমস্যাৰ লগত জড়িত সচেতন পর্যবেক্ষণ আৰু তাৰ বাবে সংগৃহিত তথ্যপাতিয়েই হৈছে জৰীপ।

 

১৮) সামাজিক জৰীপৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰ : সামাজিক জীপৰ মূল উদ্দেশ্যসমূহ হল—

ক) কোনো নির্দিষ্ট সামাজিক অৱস্থা, কোনো সামাজিক সমস্যা বা কোনো সামাজিক ঘটনাৰ ওপৰত সামাজিক জৰীপ চলাই নির্দিষ্ট তথ্যপাতি সংগ্ৰহ কৰা হয়।

(খ) সামগ্রিকৰ পৰিবৰ্তে আংশিকভাৱেহে সামাজিক জৰীপ চলোৱা হয়। উদাহৰণস্বৰূপে কোনো এটা সম্প্রদায় বা জনসমুহৰ সামগ্ৰিক জীৱনৰ পৰিবৰ্তে অর্থনৈতিক, শৈক্ষিক আদি কোনো এটা দিশৰ ওপৰতহে জৰীপৰ দ্বাৰা তথ্য সংগ্রহ কৰা হয়।

(গ) যিকোনো  এটা সামাজিক গৱেষণাৰ বিষয় বা প্রকল্প গ্রহণযোগ্যতা সম্পর্কে সামাজিক জৰীপে সহায় কৰে।

(ঘ) নির্দিষ্ট সামাজিক সমস্যা, অৱস্থা ঘটনাৰ ওপৰত বাস্তৱ তথ্য-পাতি সংগ্রহ কৰা। যেনে— দৰিদ্রতা, অপৰাধ আদি।

(ঙ) সমাজতত্ত্বীয় সিদ্ধান্ত বা প্রকল্প এটাৰ ব্যৱহাৰিক গ্রহণযোগ্যতা পৰীক্ষা কৰাৰ মানসেৰেও সামাজিক জৰীপ চলোৱা হয়।

 

১৯) সামাজিক জৰীপ আৰু সামাজিক গৱেষণাৰ মাজৰ কেইটামান পার্থক্য লিখা।

উত্তৰঃ  সামাজিক জৰীপ আৰু সামাজিক গৱেষণাৰ মাজৰ কেইটামান পার্থক্য হল—

(ক) সামাজিক গৱেষণাৰ মূল লক্ষ্য বা উদ্দেশ্য হৈছে মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰা। সামাজিক গৱেষণাই তথ্য সংগ্ৰহৰ দ্বাৰ উদঘাটন কৰি বাস্তৱ সত্যবোৰে মানুহৰ বস্তুনিষ্ঠ জ্ঞান বৃদ্ধি কৰে। কিন্তু সামাজিক জৰীপৰ দ্বাৰা যিকোনো এটা সমস্যাৰ ওপৰত তথ্য সংগ্রহ কৰি বস্তুনিষ্ঠতাৰ পৰিবৰ্তে সমস্যা সমাধানৰ পথ দেখুৱায়।  

(খ) সামাজিক গৱেষণাই প্রকাশ কৰা সিদ্ধান্তবোৰৰ সার্বজনীনতা আছে। সামাজিক গৱেষণাই দিয়া সিদ্ধান্তসমূহ সকলো স্থান আৰু সমাজতে প্রযোজ্য হয়। কিন্তু সামাজিক জৰীপে কোনো সার্বজনীন সিদ্ধান্ত প্রকাশ নকৰি আলোচিত বিষয়ৰ ওপৰতহে সাধাৰণ সিদ্ধান্ত দিয়ে।

(গ) সামাজিক জৰীপৰ ক্ষেত্র কোনো এক জনসংখ্যাত সীমাবদ্ধ হৈ থাকে। সামাজিক গৱেষণাৰ ক্ষেত্রত গোটেই মানৱ জাতিকে সামৰি লয়।

(ঘ) জৰীপৰ বাবে কোনো প্রকল্প প্রস্তুত কৰা নহয়। গৱেষণাৰ বাবে প্রকল্প প্রস্তুত কৰাটো অতি দৰকাৰী।

ঙ) জৰীপৰ উদ্দেশ্য সমস্যাৰ বিষয়ে সাধাৰণীকৰণ বা সিদ্ধান্ত দিয়াৰ বাবে নহয়। গৱেষণাৰ উদ্দেশ্যই হল কোনো সিদ্ধান্তত উপনীত হোৱা।

 

২০) সামাজিক জৰীপৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰ : সামাজিক জৰীপৰ বৈশিষ্ট্যবোৰ হ’ল—

 (ক) সমাজৰ কোনো এটা বিশেষ ঘটনা অৱস্থা বা সমস্যাৰ বিস্তৃত আৰু সম্পূর্ণ অধ্যয়নৰ বাবে সামাজিক জৰীপ কার্য চলোৱা হয়।

(খ) সামাজিক জৰীপৰ যোগেদি এজন অনুসন্ধানকাৰীয়ে জনসাধাৰণৰ লগত পোনপটীয়া যোগাযোগ কৰিব পাৰে।

(গ) সামাজিক জৰীপৰ যোগেদি প্রতিনিধিত্বমূলক নমুনাৰ সহায়ত অধ্যয়ন কৰা হয়।

ঘ) সামাজিক জীপ কার্য সাধাৰণতে এটা স্বাভাৱিক পৰিবেশত সম্পাদন কৰা হয়।

 

২১) প্ৰকল্পৰ উৎসসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ প্ৰকল্পৰ উৎসসমূহ হল—

(ক) সাধাৰণ সংস্কৃতিঃ মানুহৰ দৈনন্দিন জীৱনৰ আচাৰ-ব্যৱহাৰ, নিয়ম নীতি, ধর্মীয় অনুৰূপ, কার্য-কলাপ ইত্যাদিয়ে সংস্কৃতি গঠনৰ উৎপাদন বুলি ধৰিব পাৰি। এনেধৰণৰ সংস্কৃতিৰ আধাৰৰ পৰাই অনেক প্রকল্প ৰচনা কৰিব পাৰি। কাৰণ এনেধৰণৰ কার্যকলাপ বা আচাৰ-ব্যৱহাৰৰ দ্বাৰা সামাজিক কার্য নিৰূপণ কৰা হয়।  

(খ) বৈজ্ঞানিক সূত্র : প্রকল্প ৰচনাৰ অন্য এটা উল্লেখযোগ্য উৎস হৈছে সম-সাময়িক বৈজ্ঞানিক সুত্ৰসমূহ। বৈজ্ঞানিক সূত্ৰসমূহ হ’ল প্রমাণিত প্রকল্প। এবাৰ প্রমাণিত হোৱা সূত্ৰৰ পৰা কেতবোৰ সত্য, বাক্যাংশ অধিক প্রমাণৰ বাবে বাচি উলিওৱা হয় আৰু এনেকৈ বাচি উলিওৱা প্ৰতিটো বাক্যাংশয়েই প্রকল্প ৰচনাত বৰঙণি যোগাব পাৰে।

(গ) উপমানঃ সম-সাময়িক আন আন বৈজ্ঞানিক সূত্রত প্রতিষ্ঠা কৰা নিয়ম বা ঘটনা সংগঠনৰ যি সুত্ৰ তেনে সূত্রৰ ৰূপ সামাজিক ঘটনাৰ ক্ষেত্ৰত মিলাই চোৱা প্রক্রিয়াক উপমান বোলে।

জুলীয়ান হাক্সলীৰ মতে, আন আন বৈজ্ঞানিক সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক গৱেষণাতো অনেক প্রকল্প প্রস্তুত কৰিব পৰা যায়।

(ঘ) ব্যক্তিগত অভিজ্ঞতাঃ  প্রকল্প ৰচনাৰ উৎস কেবল বিজ্ঞান নাইবা সংস্কৃতি বা উপমানেই নহয়। এজন গৱেষকৰ ব্যক্তিগত জীৱনৰ অভিজ্ঞতা প্রকল্প ৰচনাত বহু সময়ত সহায়ক হোৱা দেখা যায়। এজন ব্যক্তিৰ সমাজৰ বিভিন্ন দিশৰ লগত জড়িত হৈ বিভিন্ন অভিজ্ঞতাৰে জীৱন নির্বাহ কৰে আৰু সকলো দিশৰ লগত সামাজিক সম্বন্ধ বজাই ৰাখিব পাৰে । এজন ব্যক্তিৰ সমাজৰ লগত থকা সামাজিক সম্বন্ধৰ পৰা আহৰণ কৰা অভিজ্ঞতাসমূহ ব্যক্তিৰ বাবে মূল্যবান সম্পদ, যাৰ সহায়ত কোনো তাত্ত্বিক ধাৰণা সৃষ্টি হ’ব পাৰে, প্রকল্প প্রস্তুতকৰণৰ ব্যক্তিৰ এনে অভিজ্ঞতাই উপযুক্ত সহায়ক হ’ব পাৰে।

Class 12 – Sociology -Project Work ৰ অতিৰিক্ত প্রশ্নোত্তৰ (Additional Expected Questions)

২২) সামাজিক গৱেষণা কি?

উওৰ : সামাজিক গৱেষণাৰ অৰ্থ হ’ল কোনো সামাজিক সমস্যা বা বিষয়ৰ মূল কাৰণ আদিৰ সম্পর্কে প্রকৃত তথা আৱিষ্কাৰৰ বাবে কৰা বিজ্ঞানসন্মত অধ্যয়ন বা অনুসন্ধান কার্য। চমুকৈ ইয়াক সমাজৰ বিষয়ে নতুন সত্যৰ আৱিষ্কাৰৰ প্রচেষ্টা বুলিও ক’ব পাৰি।

শ্লেচিংগৰ আৰু ষ্টিভেনচনৰ মতে, “যি অধ্যয়নৰ দ্বাৰা সামাজিক জীৱনক পদ্ধতিগতভাৱে আৱিষ্কাৰ, বিশ্লেষণ, অৱধাৰণ কৰি জ্ঞান অর্জন কৰা হয় আৰু তেনে জ্ঞানৰ জৰিয়তে যদি কোনো সামাজিক সূত্র নির্ধাৰণ কৰা হয়, অথবা এনে জ্ঞান ভাণ্ডাৰক উপযোগী  কৰি তোলা হয়, তেনে অধ্যয়নকে সামাজিক গৱেষণা বলি কোৱা হয়।

 

২৩) সামাজিক গৱেষণাৰ পদক্ষেপসমূহ উল্লেখ কৰা।

উত্তৰঃ  এজন গৱেষকে গৱেষণা কৰিবলৈ যাওতে কেইটামান পদক্ষেপ মানি চলিব লগা হয়। সেই পদক্ষেপবোৰ-

(ক) বিষয়বস্তু নির্বাচন

(খ) বিষয়বস্তুৰ সূত্ৰকৰণ

(গ) গ্রন্থ পর্যালোচনা

(ঘ) অভিকল্প প্রস্তুতকৰণ

(ঙ) তথ্য সংগ্রহ

(চ) তথ্য বিশ্লেষণ

(ছ) প্রতিবেদন দাখিল

(জ) সমাপ্ত বা সাধাৰণীকৰণ

 

২৪) সামাজিক গৱেষণাৰ উদ্দেশ্যসমূহ কি কি?

উত্তৰ : সামাজিক গৱেষণাৰ কিছুমান উদ্দেশ্য থাকে। ইয়াৰ প্রধান উদ্দেশ্য হৈছে—

(ক) সামাজিক ঘটনাৰ কাৰণ আৱিষ্কাৰ।

(খ) ঘটনাৰ কাৰণ আৰু পৰিমাণৰ সম্বন্ধ বিচাৰ কৰা।

(গ) ঘটনাৰ বিষয়ে অজ্ঞাত হৈ থকা কথাখিনি জানিবলৈ বিচৰা

(ঘ) ঘটনাৰ মৌলিক তথ্য আৰু চৰিত্ৰৰ বিশ্বজনীনতা আৱিষ্কাৰ কৰা

 

২৫) সামাজিক প্রতিবেদন প্রস্তুতৰ সমস্যা কেইটা কি কি?

উত্তৰ : গৱেষণাৰ প্রতিবেদন প্রস্তুতিত সাধাৰণতে তিনিটা সমস্যাই দেখা দিয়ে। সেইকেইটা হ’ল—

(ক) গৱেষণা প্রতিবেদনখন লিখিবলৈ প্রথমে কেনেকৈ আৰম্ভ কৰিব

(খ) সমগ্র প্রক্রিয়াটোৰ ধাৰাবাহিকতা বা কেনেকৈ আগুৱাই নিব

(গ) প্রতিবেদন প্রস্তুতিৰ কাম কেনেকৈ সমাধান কৰিব ।

 

২৬) ক্ষেত্রভিত্তিক অধ্যয়ন পদ্ধতিৰ উদ্ভাৱক কোন?

উত্তৰ : ব্রনিচুল মেলন’চকি।

 

২৭) প্রকল্প আঁচনিয়ে কি বুজায় ?

উত্তৰঃ প্রকল্প আঁচনি হৈছে এক আঁচনি য’ত গৱেষক বা ছাত্র-ছাত্রীয়ে সম্ভাৱ্য সমস্যাবোৰৰ প্ৰকৃত তথ্যবোৰ উদঘাটন কৰি একত্ৰিত ৰূপত ইয়াৰ চৰিত্ৰবোৰ বুজি উঠিবলৈ যত্ন কৰা এক আঁচনি।

 

২৮) প্রকল্প আঁচনি পদ্ধতিত এটা প্রতিবেদন যুগুত কৰাৰ সময়ত কি কি কথালৈ মন দিয়া উচিত?

উত্তৰ : প্রতিবেদন প্রস্তুত হৈছে প্রকল্প কার্যৰ একেবাৰে শেষৰ স্তৰ। প্রকল্প আঁচনি কৰোতে কি আৱিষ্কাৰ বা নতুন সত্য উদ্ভাৱন কৰা হ’ল— এই সকলোবোৰ কথা প্রতিবেদনত প্ৰকাশ কৰা হয়। গতিকে প্রকল্পৰ প্রতিবেদন প্রস্তুত কৰোতে অতি সাৱধানেৰে কৰিব লাগে। গৱেষণাৰ বা প্রকল্পৰ প্রতিবেদন প্রস্তুত কৰিবৰ কাৰণে কোনো নির্দিষ্টপ্রণালী নাই বুলিয়েই ক’ব পাৰি যদিও প্রকল্পৰ কামত যিখিনি পোৱা হ’ল বা যিখিনি কথা জানিব লগা আছে, সেই দিশকেইটা পৰিষ্কাৰকৈ তাত উল্লেখ কৰিব লাগিব। এটা সুস্পষ্ট প্রতিবেদন প্রস্তুত কৰিবলৈ হ’লে আগতীয়াকৈ কেনেকৈ প্ৰস্তুত কৰা হ’ব, কিহৰ কিহৰ ওপৰত প্রতিবেদন লিখা হ’ব, কি কি কথা সন্নিবিষ্ট কৰা হ’ব, ছবি, নক্সা আৰু তালিকাৰ যোগেদি কেনেকৈ তথ্যবিলাক ক’ত দেখুওৱা হ’ব, শেষ মন্তব্য কি হ’ব, এই বিষয়ে এটা স্পষ্ট আচনি প্রস্তুত কৰি থ’ব লাগে। অধ্যায়বিলাকৰ শিৰোনামা দিব লাগে। শিৰোনামাবোৰ এনেধৰণেৰে নামাকৰণ কৰিব লাগে যাতে প্রতিটো শিৰোনামৰ যোগেদি অধ্যায়টোৰ মূল বিষয়বস্তু বুজিব পৰা হয়।

 

২৯) সামাজিক সমীক্ষা পদ্ধতি কি?

উত্তৰঃ  সামাজিক সমীক্ষা বা জৰীপ পদ্ধতি সাধাৰণতে এনে এটা পদ্ধতি যি পদ্ধতিৰ দ্বাৰা কোনো এটা ঘটনা বা সমস্যাৰাজি প্রকৃত তথ্যসমূহ আহৰণ কৰাৰ পথ সুচল কৰে।

 

৩০) প্রকল্প আঁচনিয়ে কি বুজায় ? সংজ্ঞাসহ ইয়াৰ ব্যাখ্যা কৰা।

উত্তৰঃ প্রকল্প আঁচনি হৈছে এনে এক আঁচনি য’ত গৱেষক বা ছাত্র-ছাত্রীয়ে সম্ভাৱ্য সমস্যা বা ঘটনাবোৰৰ প্ৰকত তথ্যবোৰ উদঘাটন কৰি একত্রিত ৰূপত ইয়াৰ চৰিত্ৰবোৰ বুজি উঠিবলৈ যত্ন কৰা এক আঁচনি। চমু অর্থত প্রকল্প আঁচনিৰ অৰ্থ হৈছে ধাৰণা কৰা বা কল্পনা কৰা।।  প্রকল্প সম্পর্কে ব্যাখ্যা কৰি সমাজ বিজ্ঞানীসকলে কিছুমান সংজ্ঞা আগবঢ়াই গৈছে। প্রকল্পৰ আভিধানিক অর্থ হৈছে ই এবিধ কাল্পনিক ধাৰণা, যি ধাৰণা কেৱল বিশ্বাসৰ ওপৰত প্রতিষ্ঠিত আৰু তেনে বিশ্বাসক যুক্তিবাদী তথ্যৰে পৰীক্ষা কৰি সজাগতা বিচাৰৰ বাবে প্রস্তুত কৰা হয়। আর্ল এছ জনচনৰ মতে কোনো আৱিষ্কাৰৰ পথ সূচনা কৰাৰ নামেই প্রকল্প আৰু এনে আৱিষ্কাৰৰ বাবে বিশেষ কল্পনা, কৌতুহল আৰু প্ৰণালীৰ প্রযোজনা সেয়ে প্রকল্প হৈছে অর্ধ বিজ্ঞান আৰু অৰ্ধ কলা।

ওপৰৰ সংজ্ঞাসমূহৰ পৰা বুজা যায় যে প্রকল্প হৈছে অপ্রমাণিত এক ধাৰণা। কোনো এটা বা ততোধিক সামাজিক ঘটনাক কেন্দ্ৰ কৰি যদি কোনো ধাৰণা কল্পনা কৰি লোৱা হয়। তেন্তে গৱেষণা কার্যত এনে ধাৰণাক সদায় পৰীক্ষাৰ বাবে যুগুত কৰিব লাগিব। পৰীক্ষা কৰি উঠাৰ পাছত এনে ধাৰণা সজ হ’বও পাৰে, নহ’বও পাৰে। পৰীক্ষা কৰালৈকে ই কেৱল সজ হ’বলৈ হ’লে ই সদায় উপযুক্ত তথ্যৰ দ্বাৰা প্ৰমাণ কৰিব পৰা হ’ব লাগিব। তথ্যৰ সহায়ত পৰীক্ষা কৰাৰ পাছত যদি এনে ধাৰণাৰ সজাগতা প্রমাণ হয়। তেনে ধাৰণাৰ বৈধতা স্বীকাৰ কৰা হয়।

 

আপুনি যদি আমাৰ এই Class 12 – Sociology -Project Work পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element