Join Assam Study Centre Channel

মগনিয়াৰ- উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ অসমীয়া

যতীন্দ্রনাথ দুৱৰা

যতীন্দ্রনাথ দুৱৰা (১৮৯২-১৯৬৪) আছিল এজন অসমীয়া কবি। অসমীয়া ভাষাত প্রথম কথা কবিতাৰ ৰচক। তেওঁৰ জন্ম হয় ১৮৯২ চনত শিৱসাগৰৰ আমোলাপটিত। ১৯০৯ চনত শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ হয়। উচ্চ শিক্ষাৰ বাবে তেওঁ কটন কলেজত ভৰ্ত্তি হৈছিল যদিও পিছত কলিকতালৈ গৈ স্কটিচ চার্চ কলেজৰ পৰা বি. এ. পাছ কৰে। তাৰ পিছত আইন আৰু এম. এ. শিক্ষা আধাতে সামৰি শিৱসাগৰলৈ উভতি আছে।

ডিব্ৰুগড়ৰ জর্জ ইনষ্টিটিউটত দুৱৰাই পোন প্রথম শিক্ষকতা কৰিবলৈ লয়। পিছত স্কটিচ চার্চ কলেজিয়েট স্কুলত বহু বছৰ শিক্ষকতা কৰে। কিছুদিন কলিকতা বিশ্ববিদ্যালয়ৰ এম. শ্ৰেণীতো অংশকালীন অধ্যাপক হিচাপে কাম কৰিছিল। ১৯৪৫ চনত ডিব্ৰুগড়ত হনুমান সূৰজমন কানৈ কলেজ স্থাপন হোৱাত দুৱৰা অসমীয়া বিভাগৰ মুখ্য অধ্যাপক পদত নিযুক্ত হয় আৰু এই পদৰ পৰাই তেওঁ চাকৰি জীৱনৰ পৰা অৱসৰ লাভ কৰে।

ছাত্ৰাৱস্থাৰ পৰাই কবিতা ৰচনা কৰা দুৱৰাৰ কবিতা পুথিকেইখন হ’ল—ওমৰতীর্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, আৰু মৰমৰ সুৰ। ‘কথা কবিতা’ হৈছে তেওঁৰ একমাত্র কথা কবিত পুথি। এইখন অসমীয়া ভাষাত ৰচনা কৰা প্রথম সার্থক কথা কবিতাৰ পুথি। “বনফুল” পুথিৰ বাবে তেওঁ ‘সাহিত্য একাডেমী বঁটা লাভ কৰে। সাহিত্য একাডেমী বটা লাভ তেৱেই হৈছে প্ৰথম অসমীয়া। তেওঁ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুবিংশ অধিবেশনৰ সভাপতি হৈছিল। ১৯৬৪ চনত শিৱসাগৰত যতীন্দ্রনাথ দুৱৰাৰ মৃত্যু হয়।

১ নম্বৰৰ প্রশ্নোত্তৰ

 

১) অসমীয়া সাহিত্যত প্রথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন?

উত্তৰঃ যতীন্দ্রনাথ দুৱৰা।

২) কবি যতীন্দ্রনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৮৯২ চনত।

৩) যতীন্দ্রনাথ দুৱৰাক কি কবি বুলি কোৱা হয়?

উত্তৰঃ বনফুলৰ কবি।

৪) ‘ওমৰ তীর্থ’ পুথিখন কোনখন পুথিৰ ভাবানুবাদ ?

উত্তৰঃ  ‘ওমৰ তীর্থ’ পুথিখন ফার্চী চুফী কবি ওমৰ খায়ামৰ ‘ৰুবায়ত’ নামৰ কাব্য পুথিখনৰ ভাবানুবাদ।

৫) যতীন্দ্রনাথ দুৱৰাই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছল?

উত্তৰঃ ‘বনফুল’ কাব্য পুথিখনৰ বাবে।

 

৬) অসমীয়া ভাষাৰ প্ৰথমগৰাকী ‘কথাকবিতা’ৰ ৰচক কোন?

উত্তৰঃ অসমীয়া ভাষাৰ প্ৰথমগৰাকী কথা-কবিতাৰ ৰচক হ’ল যতীন্দ্রনাথ দুৱৰা।

 

৭) যতীন্দ্রনাথ দুৱৰাই ৰচনা কৰা কথা-কবিতাৰ পুথিখনিৰ নাম কি?

উত্তৰঃযতীন্দ্রনাথ দুৱৰাই ৰচনা কৰা ‘কথা-কবিতা’ৰ পুথিখনিৰ নাম হ’ল কথা-কবিতা’।

 

৮) যতীন্দ্রনাথ দুৱৰাই কোন চনত জন্ম লাভ কৰিছিল?

উত্তৰঃ ১৮৯২ চনত শিৱসাগৰৰ আমোলাপটিত যতীন্দ্র নাথ দুৱৰাই জন্ম গ্রহণ কৰিছিল।

 

৯)  যতীন্দ্র নাথ দুৱৰাৰ ‘ওমৰ তীর্থ’ কোনগৰাকী ফার্চী ছুফী কবিৰ কাব্যৰ ভাবানুবাদ?

উত্তৰঃ যতীন্দ্রনাথ দুৱৰাৰ ‘ওমৰ তীর্থ’ফাচী ছুফী কবি ওমৰ খায়ামৰ কাব্যৰ ভাবানুবাদ।

 

১০)  ‘ওমৰ তীর্থ’ কাব্য পুথিৰ মূল কি?

উত্তঃ ‘ওমৰ তীর্থ’ কাব্য-পুথিৰ মূল হ’ল ওমৰ খায়াম নামৰ ফার্চী ছুফী কবিৰ ৰুবায়ত  নামৰ পুথিখন।

 

১১) যতীন্দ্রনাথ দুৱৰাই অসম সাহিত্য সভাৰ কোন স্থানত অনুষ্ঠিত অধিৱেশনত সভাপতিত্ব কৰিছিল?

উত্তৰঃ যতীন্দ্রনাথ দুৱৰাই ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ চৰ্তুবিংশ অধিৱেশনত সভাপতিত্ব কৰিছিল।

 

১২) ‘মগনিয়াৰ’ পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ ‘মগনিয়াৰ’ পাঠটি যতীন্দ্রনাথ দুৱৰাৰ ‘কথা-কবিতা’ নামৰ পুথিখনৰ পৰা সংগ্রহ কৰা হৈছে।

 

১৩) ৰুছ সাহিত্যিক ‘টুর্গেনিভ’ৰ কোনটো কথা কবিতাৰ লগত  মগনিয়াৰৰ সাদৃশ্য আছে?

উত্তৰঃ ৰুছ সাহিত্যিক আইভান টুর্গেনিভৰ “The begger’ নামৰ কথা-কবিতাটোৰ লগত মগনিয়াৰৰ সাদৃশ্য আছে।

 

১৪) দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা কবিতা পুথিখনৰ নাম হ’ল বনফুল।

 

১৫) ‘কথা-কবিতা’ ৰচনা কৰোঁতে কোনগৰাকী আফ্রিকাৰ লেখিকাৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল?

উত্তৰঃ ‘কথা কবিতা’ ৰচনা কৰোঁতে আফ্রিকাৰ মহিলা লেখক অলিভ শ্রাইনাৰৰ দ্বাৰা যতীন্দ্রনাথ দুৱৰা অনুপ্রাণিত হৈছিল।

 

১৬) ‘মগনিয়াৰ’ পাঠটিৰ কেন্দ্রস্থ ভাবটো কি?

উত্তৰঃ ‘মগনিয়াৰ’ পাঠটিৰ কেন্দ্রস্থ ভাব হৈছে দৰিদ্ৰতা আৰু সেই দৰিদ্ৰতাৰ প্ৰতি থকা কবিৰ আন্তৰিকতা।

 

১৭) যতীন্দ্র নাথ দুৱৰাই লিখা দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ যতীন্দ্র নাথ দুৱৰাই লিখা দুখন কবিতা পুথিৰ নাম হ’ল “আপোন সুৰ” আৰু “মিলনৰ সুৰ”।

 

১৮) মগনিয়াৰজনৰ শৰীৰৰ চমু বর্ণনা দিয়া।

উত্তৰঃ মগনিয়াৰজনৰ সৰ্বশৰীৰত দৰিদ্ৰতাৰ চিন স্পষ্ট হৈ আছিল। সি বুঢ়া, বেমাৰী, হাড়-ছাল ওলোৱা  আছিল। তাৰ ওঁঠ শেতা, চকু দুটা ৰঙা, গাৰ কাপোৰ ফটা-চিটা। এয়া যেন দৰিদ্ৰতাৰ এক জ্বলন্ত শোক লগা দৃশ্য।

 

১৯) কথা কবিতা বুলিলে কি বুজা?

উত্তৰঃ কথা-কবিতা এবিধ কবিতাই। ইয়াত ভাব প্রকাশৰ মাধ্যমৰূপে গদ্য কথাকে নির্বাচন কৰা হয়। কথা কবিতাক আমি কবিত্বময়ী গদ্যত ভাব কথা লিখাৰ ভংগী বা ৰীতি বুলি ক’ব পাৰো।

 

২০) কথা কবিতাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ কথা কবিতাৰ তিনিটা বৈশিষ্ট্য হল—

(ক) কথা-কবিতা’ত ৰূপৰ সমাৱেশ থাকে আৰু ই প্ৰায়েই ৰূপকাত্মক

(খ) কথা-কবিতা’ চিত্রধর্মিতাৰ ওপৰত প্রতিষ্ঠিত।

(গ) কথা-কবিতাত ভাবেই প্রধান বস্তু। ইয়াত এটি মাত্র কেন্দ্রস্থ ভাবে থাকে।

 

২১)  যতীন্দ্রনাথ দুৱৰাই কিহৰ আলমত কথা কবিতা ৰচনা কৰিছিল ?

উত্তৰঃ যতীন্দ্রনাথ দুৱৰাই ৰুছ সাহিত্যিক আইভান টুর্গেনিভৰ ‘Poems in prose’-ৰ  অন্তর্গত ‘The begger’ আৰু আফ্রিকাৰ মহিলা লেখক অলিভ শ্রাইনাৰৰ ৰচনাৰ আলমত কথা-কবিতা ৰচনা কৰিছিল।

চমু প্রশ্ন (২/৩ নম্বৰৰ বাবে)

 

২২) ‘কথা কবিতা’ বুলিলে কি বুজা? ইয়াৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ‘কথা কবিতা’ হ’ল কোনো এক ভাৱব্যঞ্জক পৰিস্থিতিক বিষয়-বস্তু হিচাপে লৈ গদ্যত লিখা চুটি ৰচনা।

কথা কবিতাৰ দুটা বৈশিষ্ট্য হল—

প্রথম, কথা কবিতাত এটা মাত্র কেন্দ্রস্থ ভাৱ থাকে।

দ্বিতীয়, কথা কবিতা চিত্রধর্মী।

২৩) কবিতা আৰু কথা কবিতাৰ মজত কি কি পার্থক্য আছে?

উত্তৰঃ কবিতা আৰু কথা-কবিতাৰ মাজত পার্থক্য আছে, যেনে—

(ক) কবিতা মিত্রাক্ষৰ বা অমিত্রাক্ষৰ ছন্দত লিখা হয়। কিন্তু কথা-কবিতা গদ্যত ৰচনা কৰা হয়।

(খ) কবিতাত এটাতকৈ অধিক ভাৱৰ সমাবেশ ঘটিব পাৰে। কিন্তু কথা-কবিতাত এটা মাথো কেন্দ্রস্থ ভাৱ থাকে।

(গ) কবিতাত বিভিন্ন ধৰণৰ অলংকাৰ প্ৰয়োগ কৰা হয়। কিন্তু কথা-কবিতাত অলংকাৰ প্রয়োগৰ মাত্রা কম যদিও ই ৰূপকাত্মক।

২৪) ওমৰ খায়াম কোন ? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা।

উত্তৰ: ওমৰ খায়াম আছিল এজন ফার্চী চুফী কবি। তেওঁ ৰচনা কৰা এখন পুথিৰ নাম হ’ল ‘ৰুবায়ত’।

২৫) মগনিয়াৰজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে?

উত্তৰঃ মগনিয়াৰজনক দিবলৈ কবিৰ পকেটত একো নথকাত কবিয়ে মগনিয়াজনৰ হাত  দুখন সাবটি ধৰাত মগনিয়াৰজনে কবিৰ পৰা এক দান পোৱাৰ কথা কৈছে। সেই দানটো হ’ল মগনিয়াৰৰ প্রতি কবিৰ মানবীয় সহমর্মিতা।

২৬) “ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই”- কোনে কি প্ৰসংগত এই উক্তি কৰিছিল ?  

উত্তৰঃ হাড়-ছাল ওলোৱা এজন মগনিয়াৰ কবিৰ সন্মুখত উপস্থিত হৈ সহায় খোজাত কবিয়ে মগনিয়াৰজনক দিবলৈ পকেটত একো বিচাৰি নোপোৱা প্ৰসংগত কবিয়ে মগনিয়াৰজনক উদ্দেশ্যি উক্ত কথাষাৰ কৈছিল। কথা ফাকিৰ জৰিয়তে দুখীয়াৰ প্রতি কবিৰ সহমর্মিতা প্রকাশ পাইছে।

দীঘল প্রশ্ন (৪/৫ নম্বৰৰ বাবে)

 

২৭) মগনিয়াৰ শীর্ষক কথা কবিতাটিৰ সাৰাংশ লিখা।

উত্তৰঃ কবি যতীন্দ্রনাথ দুৱাৰাই এদিন বাটেৰে গৈ আছিল। এনেতে এজন ওলোৱা বুঢ়া বেমাৰী মগনিয়াৰ আহি তেওঁৰ সন্মুখত থিয় দিলে। মগনিয়াৰজনৰ ওঁঠ আছিল শেতা, চকু দুটা ৰঙা, গাত আছিল ফটা-কাপোৰ। মগনিয়াৰজনে ওখহা অপৰিস্কাৰ হাত এখন আগবঢ়াই কবিৰ ওচৰত ভিক্ষা খুজিলে। কবিয়ে মোনাত হাত সুমুৱাই দি একো নাপালে আনকি এখন ৰুমালো  নাপাই মগনিয়াৰজনৰ হাত দখন সাৱটি ধৰি একো দিব নোৱৰাৰ বাবে মগনিয়াৰজনক খং নকৰিবলৈ ক’লে। মগনিয়াৰজনে শেতা ওঁঠ দুখনেৰে হাঁহি কবিয়ে দেখুওৱা সহানুভূতিৰ বাবে ধন্যবাদ জনালে। মগনিয়াৰজনে ক’লে যে তেনেদৰে দেখুওৱা সহানুভূতিও এক প্রকাৰৰ দান।

২৮) ‘মগনিয়াৰ’ পাঠটিত কথা-কবিতাৰ কি কি লক্ষণ পৰিস্ফুত হৈছে?

উত্তৰঃ যতীন্দ্রনাথ দুৱৰাৰ ‘কথা-কবিতা’ শিৰোনামাৰ পাঠটি এটি কথা-কবিতা। ইয়াত

কথা কবিতাৰ সকলোবিলাক লক্ষণ পৰিস্ফুত হৈছে।

প্রথমতে কথা কবিতাত এটি মাথো কেন্দ্রস্থ ভাৱ থাকে। ‘মগনিয়াৰ’ শীর্ষক কবিতাটিতো মাত্র এটি কেন্দ্রস্থ ভাৱ আছে। সেয়া হ’ল দুখীয়াৰ প্রতি কবিৰ মানবীয় সহানভতি।

দ্বিতীয়তে, কথা কবিতা ৰূপকাত্মক। পাঠটিৰ প্রধান চৰিত্ৰ মগনীয়াৰজনে বিশ্বৰ মগনীয়াৰ বা দুখীয়াসকলক প্রতিনিধিত্ব কৰিছে। দুখীয়াসকলে যে মানুহৰ পৰা অকল টকা পইচা নিবিচাৰি ভাল ব্যৱহাৰ বা সহানুভূতি বিচাৰে সেয়া পাঠটিৰ জৰিয়তে ফুটাই তোলা হৈছে।

তৃতীয়তে, কথা-কবিতা চিত্রধর্মী। সমাজত মানুহৰ অৱস্থান বা মানুহৰ লগত সামাজিক পৰিৱেশৰ সম্পৰ্কৰ চিত্ৰ দাঙি ধৰা হয়। মগনিয়াৰ নামৰ পাঠটিতে মগনিয়াৰজনৰ লগত কবিৰ মানৱীয় সম্পর্কৰ চিত্র ফুটাই তোলা হৈছে।

 

২৯) কবি যতীন্দ্রনাথ দুৱৰাৰ সাহিত্যকৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা।

উত্তৰঃ যতীন্দ্রনাথ দুৱৰা আছিল অসমীয়া ভাষাত প্রথম কথা কবিতাৰ ৰচক। দুৱৰাই ছাত্র অৱস্থাৰ পৰাই কাব্য সাধনা আৰম্ভ কৰে। তেওঁ ৰচনা কৰা কবিতা পুথিকেইখন হ’ল—ওমৰ তীর্থ, আপোন সুৰ, বনফুল, মিলনৰ সুৰ, আৰু মৰমৰ সুৰ। ‘কথা কবিতা’ হৈছে তেওঁৰ একমাত্র কথা-কবিতাৰ পুথি। তেওঁ ৰুচ সাহিত্যিক আইভান টুর্গেনিভ আৰু আফ্রিকাৰ অলিভ শ্রাইনাৰৰ ৰচনাৰ আলমত কথা-কবিতা ৰচনা কৰিছিল। তেওঁৰ ‘কথা-কবিতা’ নামৰ পুথিখন অসমীয়া ভাষাত প্রথম সার্থক কথা-কবিতাৰ পুথি।

‘বনফুল’ কবিতা পুথিৰ বাবে তেওঁ ‘সাহিত্য একাডেমী’ বঁটা লাভ কৰে। সাহিত্য একাডেমী কৰা তেওঁ হৈছে প্রথমজন অসমীয়া। মানুহৰ লগত মানুহৰ সম্পর্ক, দুখীয়াৰ প্রতি মানৱীয় সহানুভূতি, মানৱীয় প্ৰমূল্যৰ অৱক্ষয় আদি তেওঁৰ কবিতাৰ প্রধান বিষয়বস্তু। তেওঁৰ কবিতাত ৰূপকৰ প্ৰয়োগ এক লক্ষণীয় বিষয়।

তেওঁ ১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ চতুর্বিংশ অধিবেশনৰ সভাপতি হৈছিল।

 

৩০) ‘মগনিয়াৰ’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে? পাঠটিৰ মূল ভাৱটি তোমাৰ ভাষাত  লিখা।

উত্তৰঃ মগনিয়াৰ’ পাঠটি কবি যতীন্দ্রনাথ দুৱৰাই ৰচনা কৰা ‘কথা-কবিতা’ নামৰ পুথি খনৰ পৰা লোৱা হৈছে। কবি যতীন্দ্রনাথ দুৱৰা কদিন বাটেৰে গৈ আছিল। এনেতে এজন হাড়-ছাল ওলোৱা বুঢ়া বেমাৰী মগনিয়াৰ আহি তেওঁৰ সন্মুখত থিয় দিলে। মগনিয়াৰজনৰ ওঁঠ আছিল শেতা, চকু দুটা ৰঙা, গাত আছিল ফটা-কাপোৰ।  মগনিয়াৰজনে ওখহা অপৰিষ্কাৰ হাত এখন আগবঢ়াই কবিৰ ওচৰত ভিক্ষা খুজিলে। কবিয়ে মোনাত হাত সুমুৱাই দি একোকে বিচাৰি নাপালে আনকি এখন ৰুমালো নাপাই মগনিয়াৰজনৰ হাত দুখন সাৱটি ধৰি একো দিব নোৱৰাৰ বাবে খং নকৰিবলৈ ক’লে। মগনিয়াৰজনে শেতা ওঁঠ দুখনেৰে হাঁহি কবিয়ে দেখুওৱা সহানুভুতিৰ বাবে ধন্যবাদ জনালে। মগনিয়াৰজনে ক’লে যে তেনেদৰে দেখুওৱা সহানুভূতিও এক প্রকাৰৰ দান।

দুখিয়াৰ প্রতি মানবীয় সহমর্মিতাই হৈছে ‘মগনিয়াৰ’ শীর্ষক পাঠটিক মূল ভাৱ। পাঠটিৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে দুখীয়াসকলো সর্বসাধাৰণৰ দৰেই মানুহ। সিহঁতৰ লগত আমি মানৱীয় আৰু সহানুভূতিস্বৰূপ আচৰণ কৰিব লাগে। কবিয়ে মগনিয়াৰজনক দিবলৈ পকেটত একো বিচাৰি নাপাই মগনিয়াৰজনৰ হাত দুখন সাবটি ধৰাত মগনিয়াৰজন অকল আনন্দ পোৱাই নহয়, এনে সহমর্মিতাও এক দান বুলি স্বীকাৰ কৰিছে।

 

৩১) ‘ককাই, মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই’- কোনে, কি প্রসংগত এই কথাখিনি কৈছিল জুকিয়াই লিখা।

উত্তৰঃ উক্ত কথাষাৰৰ বক্তা হ’ল কবি যতীন্দ্র নাথ দুৱৰা।  এদিন ৰাস্তাৰে গৈ থাকোতে কবিয়ে এজন মগনিয়াৰ লগ পালে। তেওঁ বুঢ়া, বেমাৰী, গাৰ হাড়-ছাল ওলোৱা, শেতা ওঁঠৰ, চকু ৰঙা আৰু ফটা কাপোৰ পৰিধান কৰা মগনিয়াৰজনে হাত মেলি কবিৰ পৰা অকণমান সহয় বিচাৰিছিল। কিন্তু মগনিয়াৰজনক দিবলৈ কবিৰ সেই সময়ত একোৱেই নাছিল। মগনিয়াৰজনৰ ওচৰত নিজৰ অসহায় অৱস্থাটোৰ বাবে কবি ব্যথিত হৈ পৰিছিল। এই প্ৰসংগতে কবিয়ে মগনিয়াৰজনৰ হাত দুখন সাবটি ধৰি তেনেদৰে কৈছিল।

 

৩২) ‘কি হ’ল; কোনো কথা নাই- ইয়াৰ কাৰণে অশেষ ধন্যবাদ – ইও যে এটা দান”. কথাষাৰ কোনে কি প্রসংগত কৈছিল ? কথাষাৰৰ তাৎপর্য বুজাই লিখা।

উত্তঃ উক্ত কথাষাৰ মগনিয়াৰজনে কবিক উদ্দেশ্যি কৈছিল।

কবিয়ে এদিন ৰাস্তাৰে গৈ থাকোতে এজন মগনিয়াৰ লগ পাইছিল। বুঢ়া, বেমাৰ হাড়ছাল ওলোৱা, শেঁতা ওঁঠৰ, চক ৰঙা আৰু ফটা কাপোৰ পৰিধান কৰা মগনিয়াৰজনে হাত মেলি কবিৰ পৰা অকণমান সহায় বিচাৰিছিল। কিন্তু তাক দিব পৰাকৈ সেই সময়ত কবিৰ একো নাছিল। সেয়ে মানৱীয় সহানুভূতিৰে কবিয়ে মগনিয়াৰজনৰ হাত দুখন সাবটি ধৰি নিজৰ অৱস্থাটো প্ৰকাশ কৰিছিল। কবিৰ ব্যৱহাৰত মগনিয়াৰজন আশ্চর্যাম্বিত আৰু অভিভূত’ হল। কবিৰ পৰা পোৱা আন্তৰিকতাখিনিক মগনিয়াৰজনে পৰম দান বুলি গ্রহণ কৰিছে।

কথাষাৰৰ তাৎপর্য এয়াই আৰু এই প্ৰসংগতেই মগনিয়াজনে কবিক উক্ত কথাষাৰ কৈছিল।

 

৩৩) মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ মূলভাব লিখা।

উত্তৰঃ ‘মগনিয়াৰ’ যতীন্দ্র নাথ দুৱৰাৰ দ্বাৰা ৰচিত এটি কথা কবিতা। কবিতাটিৰ কেন্দ্রস্থ ভাৱ হৈছে দৰিদ্ৰতা আৰু আন্তৰিকতা। কবিতাটিত কবি যতীন্দ্রনাথ দুৱৰাই এজন মগনিয়াৰক লগ পো ৱাৰ অভিজ্ঞতা বর্ণনা কৰিছে। ৰান্তাৰে গৈ থাকোতে এদিন তেওঁ মগনিয়াৰ এজনৰ মুখামুখি হয়। বুঢ়া, বেমাৰী, গাৰ হাড়-ছাল ওলোৱা, শেতা ওঁঠৰ, ৰঙা চকুৰ আৰু ফটা কাপোৰ পৰিধান কৰা মগনিয়াৰজনে হাত মেলি কবিৰ পৰা অকণমান সহায় ভিক্ষা মাগিছিল। কিন্ত সেই সময়ত তেওঁক দিব পৰাকৈ কবিৰ একোৱেই নাছিল। সেয়ে কবিয়ে মানৱীয় সহানভূতিৰে মগনিয়াৰজনৰ হাত দুখন সাবটি ধৰি নিজৰ অৱস্থাটো প্ৰকাশ কৰিলে। কবিৰ এনে আন্তৰিকতা ভৰা আৰু মৰম আকলুৱা ব্যৱহাৰত মগনিয়াৰজন আশ্চর্যান্বিত আৰু অভিভূত হ’ল। কবিৰ পৰা পোৱা এই আন্তৰিকতাখিনিকে মগনিয়াৰজনে পৰম দান বুলি গ্ৰহণ কৰিলে। এয়েই কবিতাটিৰ মূলভাব।

 

৩৪) ‘ময়ো বুজিলো যে মোৰ এজন লগৰীয়াৰ পৰা ময়ো এটা দান পালোঁ’-মগনিয়াৰ পাঠটিৰ আধাৰত কথাখিনি মুকলিকে বুজাই লিখা।  

উত্তৰঃ উক্ত কথাফাঁকিৰ জৰিয়তে কবি যতীন্দ্র নাথ দুৱৰাই মানৱীয়তা আৰু মৰম-স্নেহ, অনুভূতিৰ এটি দান পোৱাৰ কথা ব্যক্ত কৰিছে। মগনিয়াৰজনে অকণমান সহায় ভিক্ষা বিচৰাত কবিয়ে লগত একো লৈ নহা বাবে একো দিব পৰা নাই। সেয়ে কবিয়ে মগনিয়াৰজনক খং কৰিবলৈ নিদি নিজৰ অক্ষমতাৰ কথা কৈছে। কবিৰ মগনিয়াৰজনক দিবলৈ একো নহ’ব পাৰে, কিন্তু মগনিয়াৰজনৰ দৰিদ্রতাৰ প্ৰতি তেওঁৰ সহানুভূতি আছে। এই কথাৰ উমান মগনিয়াৰজনে পাইছিল আৰু সেয়ে তেওঁ কবিক অশেষ ধন্যবাদহে জনাইছিল। কবি আৰু মগনিয়াৰজনৰ লগত কোনো পার্থিব বস্তু বা সামগ্রী নাই, সেয়ে কবি দুৱৰাই নিজৰ লগত মগনিয়াৰজনৰ সাদৃশ্য বিচাৰি পাইছে। দুয়োজনৰে পার্থিব সামগ্ৰীৰ অভাৱ হেতু কবি দুৱৰাই নিজৰ লগত মগনিয়াৰজনৰ লগত নিজৰ সাদৃশ্য বিচাৰি পাইছে  আৰু মগনিয়াৰজন নিজৰ লগৰীয়া বুলি শেষত অনুভুতিশীল মন্তব্য কৰিছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element