Join Assam Study Centre Channel

ভাৰতৰ সামাজিক পৰিৱর্তন আৰু উন্নয়ণ – উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ সমাজশাস্ত্র

১ নম্বৰৰ প্রশ্ন

১) ৰামকৃষ্ণ মিছন কোনে প্রতিষ্ঠা কৰিছিল?

উত্তৰঃ স্বামী বিবেকানন্দই ১৮৯৭ চনত ৰামকৃষ্ণ মিছন প্রতিষ্ঠা কৰিছিল।

 

২) ভাৰতীয় ব্রাহ্ম সমাজ কোনে প্রতিষ্ঠা কৰিছিল ?

উত্তৰ : ৰাজা ৰামমোহন ৰায়

 

৩) মহিলাৰ বাবে প্ৰথমখন স্কুল জ্যোতিবা ফুলেই ক’ত খুলিছিল?

উত্তৰ : পুণেত খুলিছিল।

 

৪) যিকোনো তিনিগৰাকী সমাজ সংস্কাৰকৰ নাম লিখা ।

উত্তৰঃ ৰাজা ৰামমোহন ৰায়, স্বামী দয়ানন্দ সৰস্বতী আৰু স্বামী বিবেকানন্দ।

 

৫) সামাজিক পৰিবৰ্তন মানে কি?

উত্তৰঃ সামাজিক পৰিবৰ্তন মানে হৈছে সামাজিক সম্বন্ধৰ পৰিবর্তন।

 

৬) সংস্কৃতকৰণ অৱধাৰণাটো প্রথম আলোচনা কৰা সমাজতত্ত্বজনৰ নাম কি?

উত্তৰ : এম. এন. শ্রীনিবাস

 

৭)  ভাৰতত আধুনিকীকৰণৰ আৰম্ভণি কেতিয়া হৈছিল?

উত্তৰঃ ভাৰতত ইংৰাজসকলৰ ঔপনিবেশিকতাবাদৰ পাছৰ পৰাই আধুনিকীকৰণ প্রক্রিয়া আৰম্ভ হয়।

 

৮) পাশ্চাত্যকৰণ অৱধাৰণাটোৰ উত্তৰক কোন?

উত্তৰঃ সমাজতত্ত্ববিদ এম. এন. শ্রীনিবাস

 

৯)  ভাৰতত কিমান চনত চাহ উদ্যোগ আৰম্ভ কৰে?

উত্তৰঃ ১৮৫১ চনত

 

১০) ঔপনিবেশিকতাবাদে কি বুজায়?

উত্তৰঃ সাধাৰণ অৰ্থত এখন দেশৰ ওপৰত আন এখন দেশৰ শাসন, শাসিত দেশখনৰ সম্পদ শাসকীয় দেশখনৰ কল্যাণ বা স্বার্থৰ বাবে ব্যৱহাৰ কৰা আদিয়েই ঔপনিবেশিকতাবাদ।

১১)  গাঁথনিগত পৰিবৰ্তন কি?

উত্তৰঃ বর্তমান সমাজ অতীত সমাজৰ পৰিৱৰ্তিত ৰূপ। অর্থাৎ আমি যিখন সমাজত উপনীত হৈছোহি এইখন সমাজেও পৰিবৰ্তনৰ বিভিন্ন স্তৰ অতিক্ৰম কৰিছে। ভাৰতীয় সমাজো পৰিবৰ্তনৰ এক সুন্দৰ ইতিহাসৰ মাজেৰেই আধুনিক স্তৰত উপনীত হৈছে। ভাৰতে আধুনিক স্তৰত উপনীত হোৱাৰ অন্যতম হৈছে উপনিবেশিকতাবাদ। ঔপনিবেশিকতাবাদ বা বিভিন্ন কাৰণত এখন সমাজ সামগ্রিকভাৱে সকলো দিশৰ পদ্ধতিগত পৰিবর্তনকে গাথঁনি পৰিবর্তন বোলে।

 

১২) ঔপনিবেশিকতাবাদে সাধন কৰা যিকোনো দুটা গাঁথনিগত পৰিবৰ্তন উল্লেখ কৰা।

উত্তৰঃ উদ্যোগীকৰণ আৰু নগৰীকৰণ

 

১৩)  সামাজিক সংস্কাৰ কি?

উত্তৰঃ যদি সমাজত কোনো বিদ্বান ব্যক্তি বা বুদ্ধিজীৱিয়ে সমাজত প্ৰচলিত কু-প্রথাসমূহৰ বিৰুদ্ধাচৰণ কৰি  সেইবোৰ দূৰ কৰিবলৈ চেষ্টা কৰে, আৰু সংস্কাৰমূলক পৰামৰ্শ আগবঢ়াই তেনে এক প্রচেষ্টাকেসামাজিক সংস্কাৰ বুলিকোৱা হয়।

 

১৪) সংস্কৃতকৰণ মানে কি?

উত্তৰঃ নিম্ন জাতৰ মানুহে পৰম্পৰাগত পদ্ধতি পৰিত্যাগ কৰি উচ্চ জাতৰ বিশ্বাস, প্রথা আৰু পৰিচালিত হোৱাকে সংস্কৃতকৰণ বোলে।

 

১৫) আমাৰ সমাজত সতীদাহ প্রথা প্রচলন হোৱাৰ কাৰণবোৰ লিখা।

উত্তৰঃ আমাৰ সমাজত সতীদাহ প্রথাৰ প্ৰচলন হোৱাৰ দুটা কাৰণ হ’ল—

(ক) সতীদাহ প্রথা আমাৰ সমাজত প্ৰচলিত আছিল, কাৰণ বিবাহ হৈছে বহুজনৰ জন্মৰ সৈতে সম্পর্কীত।  সেয়ে স্বামীৰ মৃত্যুৰ লগে লগে স্ত্রীয়েও ইচ্ছামতে দেহ ত্যাগ কৰিব লাগে।

(খ) আমাৰ সমাজত এনে এটা ধাৰণা আছিল যে ভগৱান ইয়াৰ দ্বাৰা সুখী হ’ব আৰু সতীয়ে পৰিত্ৰাণ পাব।

 

১৬) স্বাধীনতাৰ পূর্বে জাতিভিত্তিক আন্দোলন কিয় আৰম্ভ হৈছিল?

উত্তৰঃ স্বাধীনতাৰ পূর্বে জাতিভিত্তিক আন্দোলন এই কাৰণেই আৰম্ভ হৈছিল যে ব্রাহ্মণ আৰু অন্য উচ্চ শ্রেণীৰ আধিপত্যতাৰ বিৰুদ্ধে যুঁজিবলৈ আৰু নিজৰ জাতিৰ সামাজিক মর্যাদা দাঙি ধৰিবলৈ।

১৭) আধুনিকীকৰণ কি?

উত্তৰঃ পৰম্পৰাগত অৱস্থাৰ পৰা প্রগতিশীল অৱস্থালৈ ৰূপান্তৰ, পুৰণি ধ্যান-ধাৰণা, মূল্যবোধৰ পৰা নতুন লৈ হোৱা পৰিবৰ্তন আৰু যান্ত্রিক সভ্যতাৰে গঢ় লৈ উঠা আধুনিক সমাজৰ পৰিবৰ্তিত আৰ্হিয়ে হৈছে আধুনিকীকৰণ।

 

১৮) নগৰীকৰণ কি?

উত্তৰঃ গাঁৱৰ পৰা নগৰলৈ হোৱা পৰিবৰ্তনমুখী অৱস্থাই হৈছে সহজ অর্থত নগৰীকৰণ, অর্থাৎ যি প্রক্রিয়াৰ জড়িয়তে গাঁওবোৰৰ অৱস্থিতিৰ পৰিবৰ্তন আৰু সেই অঞ্চলৰ নগৰীয়া আকৃতিৰ সূচনা হয়।

 

১৯) উদ্যোগীকৰণ কি?

উত্তৰঃ উদ্যোগীকৰণ হৈছে আধুনিকীকৰণ উত্তৰণ ঘটোৱা এক সার্বজনীন প্রক্রিয়া।

 

২০) ধর্মনিৰপেক্ষকৰণ কি?

উত্তৰঃ কোনো নির্দিষ্ট ধর্ম বা বিশ্বাসৰ প্রতি বিশেষ আসক্তিহীনতা। অর্থাৎ সমাজত ধৰ্মৰ প্ৰভাৱ হ্রাস হোৱাকে বুজায়।

২১) পাশ্চাত্যকৰণ কি?

উত্তৰঃ পশ্চিমীয়া দেশৰ আৰ্হি বা আদর্শ প্রাচ্য দেশে অনুকৰণ কৰা পদ্ধতিয়েই হৈছে পাশ্চাত্যকৰণ। যেতিয়া পশ্চিমীয়া দেশৰ দৃষ্টিভঙ্গী, জীৱন-ধাৰণৰ প্ৰণালী, অভ্যাস আদি গ্ৰহণ কৰা যায়, তেতিয়া তাক পাশ্চাত্যকৰণ বা  পশ্চিমীয়াকৰণ বুলি জনা যায়।

 

২৩) সাংস্কৃতিক পৰিবৰ্তন কি?

উত্তৰঃ যেতিয়া কোনো এখন দেশত বা সমাজত সংস্কৃতিৰ যি আমূল পৰিবর্তন হয়, তেতিয়া তাক সাংস্কৃতিক পৰিবৰ্তন বুলি কোৱা হয়।

 

২৪) ধর্মনিৰপেক্ষ ৰাষ্ট্ৰই কি সূচায়?

উত্তৰ: ধর্ম নিৰপেক্ষ ৰাষ্ট্ৰই সমাজত বা দেশত প্রচলিত কোনো ধর্মৰে পৃষ্ঠপোষকতা নকৰে আৰু কোনো ধর্মকে হীন বা নীচ জ্ঞানো নকৰে। সকলো ধৰ্মৰ প্রতি সমমর্যাদা প্রদান কৰাকে সুচায়।

 

২৫) সংস্কৃতি কি?

উত্তৰঃ সমাজতত্ত্ববিদ ই. বি. টাইলৰৰ মতে, “সংস্কৃতি এনে এক মিশ্রণ, যি জ্ঞান, বিশ্বাস, কলা, নৈতিকতা, আইন, ৰীতি-নীতি আৰু সমাজৰ সদস্য হিচাপে মানুহে আহৰণ কৰিবলগীয়া অন্যান্য দিশসমূহ সামৰি লয়।

 

২৬) আধুনিক ভাৰতৰ পিতৃ বুলি কাক জনা যায়?

উত্তৰঃ ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ পিতৃ বুলি জনা যায়।

 

২৭)  আর্য সমাজৰ প্রতিস্থাপক কোন আছিল?

উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতী।

 

২৮) দলিতসকল কোন?

উত্তৰঃ দলিতসকল সমাজৰ এনে এটা শ্রেণী যি সমাজৰ আটাইতকৈ নিম্ন মর্যাদাৰ, অন্য জাতিৰ দ্বাৰা যাৰ সামাজিক স্থান আৰু আর্থ-সামাজিক দিশ অতি শোচনীয়।

 

২৯) ভাৰতবৰ্ষত উপনিৱেশ কোনে স্থাপন কৰিছিল?

উত্তৰ: ব্রিটিছ, পর্তুগীজ আৰু ফৰাচীসকলে।

 

৩০) ভাৰত চৰকাৰৰ প্রস্তাৱ মতে কেতিয়া ভাৰতত পৰিকল্পনা আয়োগ গঠন হৈছিল? উত্তৰঃ ১৯৫০ চনৰ মাৰ্চ মাহত

৩১) ভাৰতত প্রথম ৰেল সেৱা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ: ১৮৫৩ চনত ।

 

৩২) “স্বৰাজ মোৰ জন্মগত অধিকাৰ” উক্তিটো কাৰ আছিল?

উত্তৰঃ বাল গংগাধৰ তিলক

 

৩৩) পুঁজিবাদ কোনটো পৰিসৰৰ অন্তর্ভুক্ত?

উত্তৰ : অর্থনৈতিক

২,৩, ৪ নম্বৰৰ প্রশ্ন

৩৪) সামাজিক সংৰচনা বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণতে সংৰচনা মানে কোনো এটা সামগ্রিক বস্তুৰ বিভিন্ন অংশৰ আন্তঃসম্বন্ধৰ স্বৰূপ। যিদৰে মানৱ দেহ গঠন হ’বলৈ বিভিন্ন অংগ-প্রত্যংগ সন্মিলিত হোৱাৰ দৰকাৰ, সেইদৰে বিভিন্ন অংশ বা সমূহ লগ লাগি সমাজ গঠন হয়। সমাজৰ এই সাংগঠনিক গঠন পদ্ধতিটোকে সামাজিক সংৰচনা বোলা হয়। সমাজতত্ত্ববিদ ৰেডক্লিফ ব্রাউন মতে, “সামাজিক সংৰচনা হ’ল ব্যক্তিৰ নিয়ন্ত্ৰিত আৰু আনুষ্ঠানিক সম্পৰ্কৰ এক পদ্ধতি।”

 

৩৫) সামাজিক সংৰচনাৰ উপাদানকেইটা কি কি?

উত্তৰঃ সামাজিক সংৰচনাৰ উপাদানকেইটা হ’ল—

(ক) প্রতিমানগত পদ্ধতি: প্রতিমানে সমাজক ধাৰণা আৰু প্ৰমূল্যৰে পৰিচালিত কৰে। ব্যক্তিয়ে সমাজ আকাংক্ষিত প্রতিমান পালন কৰিব বিচাৰে।

(খ) সংস্থিতি পদ্ধতিঃ সংস্থিতি পদ্ধতিয়ে মানুহৰ ভূমিকা আৰু ৰূপায়ণত গুৰুত্ব দিয়ে।

(গ) অনুশাসন পদ্ধতিঃ প্রতিমান ৰক্ষাৰ বাবে অনুশাসন পদ্ধতিৰ প্ৰচলন থাকে। অনুশাসনৰ কঠোৰতাৰ ওপৰত সামাজিক সংৰচনাৰ স্থায়িত্ব নিৰ্ভৰ কৰে।

(ঘ) ক্রিয়া পদ্ধতিঃ বিভিন্ন ক্রিয়া সম্পাদনৰ জৰিয়তে সামাজিক সংৰচনাৰ স্থিতি বৰ্তি থাকে।

 

৩৬) সামাজিক পৰিবৰ্তন বুলিলে কি বুজা?

উত্তৰঃ যি প্ৰক্ৰিয়াৰ যোগেদি এখন সমাজৰ সামগ্ৰিকভাৱে পৰিবর্তন হয়, তেনে প্রক্রিয়াকে সামাজিক বোলে। অর্থাৎ যেতিয়া সমাজৰ বেছিসংখ্যক মানুহৰ দৃষ্টিভঙ্গী আৰু কৰ্ম প্ৰণালীৰ পৰিবর্তন সূচনা হয়, তাক সামাজিক পৰিবর্তন  বুলি জনা যায়।

 

৩৭) ভাৰতৰ কেইটামান সামাজিক পৰিবৰ্তন প্রক্রিয়া উল্লেখ কৰা।

উত্তৰঃ ভাৰতৰ কেইটামান সামাজিক পৰিবৰ্তন প্রক্রিয়া হৈছে ঔপনিবেশিক শাসন, সংস্কৃতকৰণ, পাশ্চাত্যকৰণ, উদ্যোগীকৰণ, নগৰীকৰণ ইত্যাদি।

 

৩৮) ঔপনিবেশিক শাসনৰ তিনিটা সংৰচনাত্মক অৱদান উল্লেখ কৰা।

উত্তৰঃ ঔপনিবেশিক শাসনৰ তিনিটা সংৰচনাত্মক অৱদান হল-

(ক) সংসদীয় আইন ব্যৱস্থা

(খ) আইন শংখলা নিয়ন্ত্ৰণত পুলিচ ব্যৱস্থা আৰু

(গ) শিক্ষা ব্যৱস্থা আদি।

 

৩৯)উপনিবেশিক শাসনৰ তিনিটা সাংস্কৃতিক অৱদান লিখা।

উত্তৰঃ ঔপনিবেশিক শাসনৰ তিনিটা সাংস্কৃতিক অৱদান হ’ল—

(ক) ৰাস্তাৰ বাওঁফালে খোজ কঢ়া

(খ) টেবুলত ভাত খোৱা নিয়ম

(গ) লংপেণ্ট-চাৰ্ট পিন্ধা আদি ।

 

৪০) ঔপনিবেশিক ভাৰতৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ব্রিটিছসকল ভাৰতত পদার্পণৰ সময়ত ভাৰতৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা অতি পিছপৰা আছিল। সেই সময়ত ঘোৰাগাড়ী, গৰুগাড়ী, হাতী, সৰুনাও, পালতৰানাও আদিয়েই পৰিবহনৰ মুখ্য মাধ্যম আছিল। ব্রিটিছসকলে তেওঁলোকৰ ব্যৱসায়-বাণিজ্য ইত্যাদি কামৰ বাবেই ভাৰতৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নত মন দিবলৈ বাধ্য হ’ল। তেওঁলোকে সাগৰ পথত জাহাজৰ প্ৰচলন কৰাৰ লগতে ৰাস্তা-ঘাটো উন্নত কৰাৰ প্রচেষ্টা চলায়। ১৮০৯ চনত গ্ৰেণ্ড ট্রাংক ৰোড নামৰ কলিকতা-দিল্লী সংযোগী পথৰ নিৰ্মাণ আৰম্ভ কৰে আৰু ১৮৪০ চনত এই কাম সম্পূর্ণ কৰে। ক্রমে এই পৃথক অন্য কিছুমান ৰাস্তাৰে সংযোগ সাধন কৰে। ১৮৫৩ চনত বোম্বাই আৰু থানা চহৰৰ মাজত প্রথম ৰেল চলাচল আৰম্ভ হয়। ডেলহাউচিৰ দিনত কলিকতা আৰু মাদ্রাজত ৰেলপথৰ আৰম্ভণি হয়। যোগাযোগৰ উন্নতিৰ বাবে ডাক-সেৱা ব্যৱস্থা, টেলিগ্রাম আৰু টেলিফোনৰ ব্যৱস্থা, জলপথ-স্থলপথ আৰু ৰে’লপথৰ উন্নতি সাধন আদিয়ে ভাৰতলৈ আমূল পৰিবৰ্তন আনিলে। ১৮৫৪ চনত লর্ড ডেলহাউচিয়ে ‘গড়কাপ্তানী’ বিভাগ গঠন কৰে আৰু এই বিভাগে পকীঘৰ, দলং নির্মাণ আদিত গুৰুত্ব দিয়ে। ঘোঁৰাৰে পৰিবহন কৰা ডাক সেৱাৰো দ্রুত উন্নতি ঘটে। ১৮৬৬ চনলৈকে ভাৰতত থকা ২৭৬ টা ডাকঘৰ ১৯৪৮-৪৯ চনত ২৬,৭৬০ টালৈ বৃদ্ধি হয়। এনেদৰেই ব্রিটিছৰ আমোলত ভাৰতৰ পৰিবহন, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতি পৰিলক্ষিত হয়।

৪১) ভাৰতত চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ১৮৫১ চনত ভাৰতত প্রথম চাহ উদ্যোগ আৰম্ভ হয়। ১৮২৩ খ্রীষ্টাব্দত ৰবার্ট ব্রুচে গড়গাঁৱৰ চিংফৌ গামৰ পৰা চাহ গছৰ সম্ভেদ পায়। ১৮৩৭ খ্রীষ্টাব্দত গর্ডন চাহাবে চীন দেশৰ পৰা মানুহ আনি অসমত চাহ প্রস্তুত কৰে । এই চাহৰ কিছু অংশ ইংলেণ্ডলৈ পঠাইছিল আৰু ইংলেণ্ডৰ পৰা অসমৰ চাহপাতে চীনৰ চাহপাতৰ লগত ফেৰ মাৰিব পৰা হ’ব বুলি ভাবিছিল । ফলস্বৰূপে অসমত চাহখেতিৰ প্ৰসাৰ বাঢ়িল। ১৮৪০ চনত জয়পুৰ চাহ বাগিচাখন অসম কোম্পানীয়ে কিনি লয়। কিছুদিনৰ পিছতে উজনি অসমত আৰু নখন চাহ বাগিচা প্রতিষ্ঠা হয়। ১৮৫৫ চনত চিলেট আৰু কাছাৰটো চাহ বাগিচা স্থাপিত হয়। এই চাহ বাগিছাসমূহত স্থানীয় শ্রমিকসকলে কাম কৰিবলৈ অনিহা প্রকাশ কৰাত ব্রিটিচসকলে বাগিচাসমূহত কাম কৰিবলৈ বাহিৰৰ পৰা শ্রমিক আনিব লগা হৈছিল। ১৮৬২ চনৰ দেশীয় শ্রমিক পৰিবহন আইনৰ আধাৰত ঠিকাদাৰসকলে শ্রমিক সৰবৰাহ কৰিছিল। বাহিৰৰ পৰা অনা চাহ-শ্ৰমিকসক কমেও পাঁচ বছৰৰ কাৰণে আনিবলৈ চুক্তি কৰিছিল আৰু নানান প্রলোভনেৰে প্রলোভিত কৰিছিল। ইয়াৰ ফলত ভাৰতত চাহবাগানৰ মালিকসকলে এক আড়ম্বৰপূৰ্ণ জীৱন -যাপন কৰিবলৈ সুবিধা পাইছিল।

 

৪২) উদ্যোগীকৰণ বুলিলে কি বুজা? ভাৰতত উদ্যোগীকৰণৰ প্ৰভাৱ সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ উদ্যোগ ক্ষেত্ৰৰ সম্প্ৰসাৰণেই হ’ল উদ্যোগীকৰণ। উদ্যোগীকৰণ বুলিলে সাধাৰণতে যন্ত্রপাতিৰ ব্যৱহাৰ অর্থাৎ উৎপাদন কার্যত মানৱীয় শক্তিৰ ঠাইত যান্ত্রিক শক্তি ব্যৱহাৰ কৰাকে উদ্যোগীকৰণ বোলে। উদ্যোগীকৰণক মূলতঃ সহায় কৰে বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ দ্রুত উন্নয়নে। ইয়াৰ ফলতেই উদ্যোগ, কল-কাৰখানাৰ বিকাশ সাধন হয়।

ভাৰতীয় সমাজত উদ্যোগীকৰণে সামাজিক সংৰচনাৰ পৰিবৰ্তনৰ বিভিন্ন দিশত উল্লেখযোগ্য প্রভাৱ পেলোৱা পৰিলক্ষিত হৈছে। সেই দিশসমূহ হ’ল—

(ক) উদ্যোগীকৰণৰ ফলত ভাৰতীয় সমাজৰ জাতি ব্যৱস্থাত বহুতো পৰিবৰ্তনে দেখা দিলে। উদ্যোগীকৰণৰ ফলত জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলো লোক একেখন উদ্যোগীক সমাজত মিলিত হ’ল। জাতিবিলাকৰ মাজত খোৱা-বোৱা, চাল-চলন আদিৰ ক্ষেত্ৰত থকা বাধাসমূহ দূৰ হ’ল।

(খ) জাতিব্যৱস্থা গতিশীল নহয়। তদুপৰি ধৰাবন্ধা বৃত্তিৰ বাহিৰে অন্য বৃত্তি গ্রহণৰো সুবিধা নাছিল। উদ্যোগীকৰণৰ ফলত বিভিন্ন বৃত্তি গ্ৰহণৰ সুবিধা ওলোৱাত ব্যক্তিয়ে জাতিগত বৃত্তি এৰি নিজৰ ইচ্ছামতে যিকোনো বৃত্তিকে গ্রহণ কৰিব পৰা হ’ল।

(গ) ভাৰতীয় সমাজৰ পৰম্পৰাগত পৰিয়াল ব্যৱস্থা যুটীয়া পৰিয়াললৈ পৰিবৰ্তন আহিল। আর্থিক প্রয়োজনীয়তা আৰু বাসস্থানৰ নাটনিৰ ফলস্বৰূপে যুটীয়া পৰিয়ালৰ ঠাইত সৰু সৰু একক পৰিয়ালৰ সৃষ্টি হ’ল।

(ঘ) উদ্যোগীকৰণৰ ফলত জন্মগত প্ৰস্থিতিৰ পৰিবৰ্তে স্বলব্ধ প্ৰস্থিতিৰ ওপৰত গুৰুত্ব বৃদ্ধি পালে। বর্তমান সময়ত ব্যক্তিৰ গুণ, কর্ম, প্রতিপত্তিৰ প্ৰভাৱ, শিক্ষা-দীক্ষা, ক্ষমতা ইত্যাদিয়েহে প্ৰস্থিতি আহৰণত সহায় কৰে।

(ঙ) বিবাহৰ ক্ষেত্ৰটো উদ্যোগীকৰণে পৰিবৰ্তনৰ সূচনা কৰিছে। বর্তমান বিবাহ পদ্ধতি ধর্মীয় সংস্কাৰ হৈ থকা নাই।

(চ) উদ্যোগীকৰণে ভাৰতীয় অর্থনীতিতে পৰিবৰ্তন আনিছে। পৰম্পৰাগত কৃষি অর্থনীতি ভাৰতীয় সমাজৰ মিশ্র অর্থনীতিৰ সমাজলৈ গতি কৰিছে।

 

৪৩) ঔদ্যোগিক সমাজৰ বৈশিষ্ট্যসমূহ কি কি?

নাইবা

ঔদ্যোগীকৰণৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ ঔদ্যোগিক সমাজৰ বৈশিষ্ট্যবোৰ হ’ল-

(ক) যান্ত্রিক নিৰ্ভৰশীলতাঃ  উদ্যোগিক সমাজৰ মূল বৈশিষ্ট্য হ’ল যান্ত্রিক নিৰ্ভৰশীলতা। আধুনিক সমাজত জনসাধাৰণৰ দৈনন্দিন জীৱনৰ যন্ত্রপাতিৰ প্ৰভাৱ মন কৰিবলগীয়া। ক্ষুদ্র উদ্যোগৰ পৰা আৰম্ভ কৰি বৃহৎ উদ্যোগী সকলো ক্ষেত্ৰতে কল-কাৰখানাৰ দ্বাৰা উৎপাদন কার্য সম্পাদন কৰা।

(খ) জটিল আৰু ব্যস্ততাপূর্ণ জীৱনঃ ঔদ্যোগীক সমাজবোৰ সাধাৰণতেই জটিল আৰু ব্যস্ততাপূর্ণ হোৱা যায়। অহর্নিশে শ্ৰমিকসকলৰ উদ্যোগ, কল-কাৰখানাৰ কার্য চলি থকা হেতুকে ঔদ্যোগিক সমাজৰ জনসাধাৰণে ব্যস্ততাপূর্ণ হোৱাটো একো আচৰিত কথা নহয়।

(গ) উদ্যোগিক সমাজৰ লোকসকলে নিজৰ ৰুচিযোগ্যতা অনসৰি বেলেগ বেলেগ   বৃত্তি নির্বাচন কৰিবলৈ সুবিধা পায়।

(ঘ) প্রাথমিক পৰিয়ালঃ প্রাথমিক পৰিয়াল ঔদ্যোগিক সমাজৰ অন্যতম প্রধান বৈশিষ্ট্য। বাসস্থানৰ  সমস্যাৰ বাবেই ঔদ্যোগিক সমাজত প্রাথমিক পৰিয়ালে প্রাধান্য লাভ কৰা দেখা যায় ।

(ঙ) নগৰ সৃষ্টিঃ ঔদ্যোগিক সমাজক কেন্দ্র কৰি নগৰৰ সৃষ্টি আৰু বিকাশ হোৱা পৰিলক্ষিত হয়। গ্রামাঞ্চলৰ পৰা নগৰলৈ প্ৰব্ৰজন, ঔদ্যোগিক সম্প্রসাৰণৰ বাবে সৃষ্টি হোৱা ঘনবসতিয়েও নগৰ সৃষ্টিত সহায় কৰে।

বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষাৰ প্রাধান্যঃ ঔদ্যোগিক সমাজত বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষাই প্রাধান্য কৰা পৰিলক্ষিত হয়। কল-কাৰখানা, উদ্যোগ আদিত কাৰিকৰী শিক্ষাৰ প্রশিক্ষণ প্রাপ্ত ব্যক্তিয়েহে নিযুক্তি লাভ কৰে।

 

৪৪) উদ্যোগীকৰণৰ তিনিটা কুপ্রভাৱ লিখা।

উত্তৰঃ উদ্যোগীকৰপৰ তিনিটা কু-প্রভাৱ হ’ল—

(ক) উদ্যোগীকৰণে ব্যাপক প্ৰদূষণৰ সৃষ্টি কৰে

(খ) উদ্যোগীকৰণ কুটীৰ শিল্প ধ্বংসৰ কাৰণ  

(গ) ধন সম্পদ মুষ্টিমেয় কিছুমান লোকৰ হাততহে থাকে

 

৪৫) নগৰীকৰণ বুলিলে কি বুজা? নগৰীয়া সমাজৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ নগৰীকৰণ হৈছে গাঁৱৰ পৰা নগৰলৈ গতি কৰা এক অহৰহ প্রক্রিয়া অর্থাৎ পুৰণি মূল্যবোধ এৰি নতুন মূল্যবোধেৰে পৰিচালিত হৈ গাঁৱৰ পৰা নগৰলৈ ধাৱমান হোৱা প্রক্রিয়াকে নগৰীকৰণ বোলে। সমাজতত্ত্ববিদ লুইচ ৱাৰ্থৰ মতে, “নগৰীকৰণ হৈছে এটি প্রক্রিয়া আৰু নগৰীয়াবাদ হৈছে জীৱনৰ এটি গীত।”

নগৰীয়া সমাজৰ বৈশিষ্ট্যবোৰ হ’ল—

(ক) অধিক জনসংখ্যাঃ অধিক জনসংখ্যা নগৰীয়া সমাজৰ মূল বৈশিষ্ট্য। নগৰীয়া অঞ্চলত ব্যৱসায় প্রতিষ্ঠান, উদ্যোগ, কল-কাৰখানা, শিক্ষানুষ্ঠান আদিৰ সুবিধা থকাৰ বাবে গাঁৱৰ পৰা ব্যক্তিসকল নগৰলৈ যায় আৰু তাতে বসতি কৰেগৈ। সেয়েহে নগৰ অঞ্চলত জনসংখ্যা অধিক হোৱা দেখা যায়।

(খ) ভিন্ন পৰিবেশঃ একেখন নগৰতে ভিন্ন পৰিবেশ থকা দেখা যায়। বিভিন্ন ঠাই, উদ্দেশ্য লৈ একেলগে গোটখোৱা জনসমূহৰ মাজত মাত-কথা, আচাৰ-ব্যৱহাৰ, খোৱা-বোৱা, পৰিলক্ষিত হোৱাটো একো আচৰিত কথা নহয়।

(গ) আনুষ্ঠানিক সম্পর্কঃ নগৰীয়া সমাজত ব্যক্তিসকলৰ মাজত অনৌপচাৰিক সম্পৰ্কৰ পৰিবৰ্তে আনুষ্ঠানিক সম্পর্কই গা কৰি উঠাৰ পৰিপ্ৰেক্ষিতত ব্যক্তিসকলৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা, সহৃদয়তা, আন্তৰিকতাৰ অভাৱ দেখা যায়।

(ঘ) দ্বিতীয়ক সমূহঃ নগৰীয়া সমাজত দ্বিতীয়সমূহৰ সকলোবোৰ বৈশিষ্ট্য পৰিলক্ষিত হয়। নগৰীয়া সমাজ দ্বিতীয়ক সমূহৰ অন্তর্ভুক্ত। যেনে– আনুষ্ঠানিক সম্পর্ক, বৃহৎ আকাৰ, নিয়ম উপনিয়ন, লক্ষ্য নির্দেশক, অস্বেচ্ছাকৃত সহযোগ আদি।

(ঙ) প্রাথমিক পৰিয়ালঃ বাসস্থানৰ সমস্যা নগৰীয়া সমাজত সদায় পৰিলক্ষিত হয়। তেনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত প্রাথমিক পৰিয়ালে প্রাধান্য লাভ কৰাটো স্বাভাৱিক।

(চ) উদ্যোগীকৰণঃ উদ্যোগীকৰণে নগৰীকৰণত সহায় কৰে। উদ্যোগ ক্ষেত্ৰৰ সম্প্ৰসাৰণেই হ’ল উদ্যোগীকৰণ। ই নগৰীকৰণৰ আন এটি মূল বৈশিষ্ট্য।

উল্লেখিত বৈশিষ্ট্যসমূহৰ উপৰি পৰিবহনৰ উন্নতি, বিশিষ্টকৰণ আৰু স্থানীয়কৰণ, সামাজিক গতিশীলতা আৰু ব্যক্তিত্বৰ বিকাশৰ ওপৰত ভিত্তি কৰিয়েই এখন সমাজত নগৰীকৰণ সম্ভৱ হৈ উঠে। অর্থাৎ ওপৰোক্ত উপাদানসমুহে নগৰীয়া পৰিৱেশ ৰচনাৰ ক্ষেত্ৰত যথেষ্ট প্রভাৱ বিস্তাৰ কৰে।

 

৪৬) সংস্কৃতকৰণ বুলিলে কি বুজা? সংস্কৃতকৰণৰ বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰঃ সংস্কৃতকৰণ হৈছে এনে এটা প্রক্রিয়া, যি প্রক্রিয়াৰ জৰিয়তে নিম্নজাতিৰ ব্যক্তিসকলে উচ্চ জাতি বিশেষকৈ ব্রাহ্মণসকলৰ আচাৰ ব্যৱহাৰ ৰীতি-নীতি সাজপাৰ, জীৱন-যাপন প্রণালী, বিশ্বাস আদি অনুকৰণ কৰি নিজৰ সামাজিক প্রস্থিতি উন্নত কৰিবলৈ চেষ্টা কৰে, তেনে প্রক্রিয়াকে সংস্কৃতকৰণ বােলে।

সংস্কৃতকৰণৰ বৈশিষ্ট্যবোৰ হ’ল—

(ক) একেটা জাতি বা সমূহৰ গতিশীলতাঃ সংস্কৃতকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এটা নিম্ন বা শ্রেণী বা সমূহৰ লোকে উচ্চ জাতি বা শ্রেণী বা সমূহৰ স্থানলৈ সমূহীয়াভাৱে গতি কৰে। এই গতিশীলতাৰ বাবে তেওঁলোকৰ প্রচলিত পৰম্পৰাগত ৰীতি-নীতি, বৃত্তি আদি পৰিত্যাগ কৰি নতুন ৰীতি-নীতি, বৃত্তি আদি গ্ৰহণ কৰিব লাগে। সমাজৰ সমূহীয়াভাৱে হোৱা গতিশীলতাৰ বাবে তেওঁলোকৰ প্ৰচলিত অপৰম্পৰাগত ৰীতি-নীতি, বৃত্তি আদি পৰিত্যাগ কৰি নতুন ৰীতি-নীতি বৃত্তি আদি গ্ৰহণ কৰিব লাগে। সমাজৰ সমূহীয়াভাৱে হোৱা গতিশীলতাকহে সংস্কৃতকৰণ বোলে।

(খ) এটা জাতি বা সমূহৰ ভিতৰত হোৱা পৰিবর্তনঃ সংস্কৃতকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে সমাজৰ উচ্চ শ্রেণী বা জাতিৰ লোকসকলে নিজৰ উচ্চ প্ৰস্থিতি ৰক্ষাৰ বাবে মাজে সময়ে কিছুমান ৰীতি-নীতি পদ্ধতিৰ সংস্তৰণ ঘটায়। তেনেদৰে কিছুমান নিম্নজাতৰ বা শ্ৰেণীৰ লোকেও কিছুমান উন্নত ৰীতি-নীতি গ্রহণ কৰি শ্ৰেষ্ঠ জাতি হিচাপে সমাজত পৰিচালিত হ’বলৈ বিচাৰে। সংস্কৃতকৰণে এইধৰণে অনা পৰিবৰ্তন এটা জাতি বা সমূহৰ ভিতৰতহে পৰিলক্ষিত হয়।

(গ) দীর্ঘদিনীয়া প্রচেষ্টাঃ অতি কম সময়ৰ ভিতৰতে এটা শ্রেণী বা জাতিৰ লোকে সংস্কৃতকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে উচ্চ শ্রেণী বা জাতিলৈ গতি কৰিব নোৱাৰে। সংস্কৃতকৰণ হ’বলৈ যাওঁতে দুটা পুৰুষ পর্যন্ত প্রচেষ্টা চলোৱাৰ উদাহৰণ আছে। অধ্যাপক শ্রীনিবাসে কুৰ্গসকলক দুটা পুৰুষ পর্যন্ত প্রচেষ্টা চলোৱাৰ কথা উল্লেখ কৰিছে। গতিকে সংস্কৃতকৰণ এক দীর্ঘদিনীয়া প্রচেষ্টা।

(ঘ) উর্ধমুখী গতিশীলতাঃ সংস্কৃতকৰণৰ ফলত হোৱা সামাজিক গতিশীলতাই সদায় উর্ধমুখেহে গতি কৰে। সংস্কৃতকৰণ প্ৰক্ৰিয়াৰ জৰিয়তে কোনো এটা জনসমষ্টিয়ে উচ্চমানৰ ৰীতি-নীতি, খাদ্যাভাস, ধর্ম পদ্ধতি আদি গ্রহণ কৰি উর্ধমুখী গতিশীলতা অব্যাহত ৰাখে।

(ঙ) সামাজিক স্থানৰ পৰিবর্তনঃ সংস্কৃতকৰণ প্ৰক্ৰিয়াৰে এটা নিম্ন জাতি বা শ্ৰেণীৰ  লোকে উচ্চ জাতিৰ বা শ্ৰেণীৰ প্ৰস্থিতি আহৰণ কৰিবলৈ কৰা চেষ্টাৰ ফলত সেই নিম্ন শ্রেণী বা জাতিটোৰ সামাজিক স্থান বা প্রস্থিতিয়ে নিম্নৰ পৰা উচ্চলৈ গতি কৰে।

(চ) প্রতিযোগিতা আৰু মানসিক তৃপ্তিঃ  যেতিয়া কোনো এটা নিম্ন শ্রেণী বা জাতিৰ লোকে সংস্কৃ্তকৰণ প্রক্রিয়াৰে গতি কৰে, তেতিয়া নতুন পদ্ধতি, ৰীতি নীতি গ্রহণ কৰি মানসিক তৃপ্তি লাভ কৰে। অৱশেষত  উচ্চ প্ৰস্থিতিপ্রাপ্ত হৈয়ো মানসিক তৃপ্তি লাভ কৰে। এনেধৰণেই সংস্কৃতকৰণ প্রক্রিয়াই উচ্চ জাতৰ বা শ্ৰেণীৰ আদর্শ বা ৰীতি-নীতি গ্রহণৰ প্রতিযোগিতা চলায়।

Leave a Comment

error: Warning, you aare not allowed to copy this element