Join Assam Study Centre Channel

হস্তীবিদ্যার্ণৱ- উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ- অসমীয়া

পাঠৰ সাৰাংশ

হস্তীবিদ্যার্ণৱ পুথিখন হ’ল হাতী বিষয়ক এক উল্লেখযোগ্য পুথি। এই পুথিখন সুকুমাৰ বৰকাইথে ১৭৩৪ চনত আহোম ৰজা শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশ অনুসৰি ৰচনা কৰিছিল। এইখন হ’ল এক সচিত্র পুথি। ইয়াৰ ছবিবোৰ দিলবৰ আৰু দোষায় নামৰ দুজন শিল্পীয়ে অংকন কৰিছিল। পুথিখনত চিত্ৰকৰ দুগৰাকী, ৰজা শিৱসিংহ,বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ ছবি অংকন কৰা হৈছে। | হস্তীবিদ্যার্ণৱ পুথিত বিভিন্ন প্ৰকাৰ আৰু চৰিত্ৰৰ হাতীৰ বিৱৰণ দাঙি ধৰা হৈছে। ইয়াৰ লগতে হাতীশাল নির্মাণৰ নিয়ম, হাতী দাঁতৰ মূল্য আদিৰ বিষয়েও বর্ণনা পোৱা যায়। হস্তী গ্রন্থৰ অন্তৰ্গত প্রধান বিষয়বস্তু হৈছে – বিবিধ হাতীৰ লক্ষণ, হাতীশাল নির্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিবন্ধ, হাতীদাঁতৰ মূল্য, যাত্রা কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্রীতিবর্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নিবন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বশ্য হোৱাৰ মন্ত্র আদি। গদ্যত ৰচিত পুথিখনৰ ৰচনাশৈলী ওজঃ গুণযুক্ত। প্রাচীন অসমৰ চিত্ৰকলা আৰু ব্যৱহাৰিক সাহিত্যৰ স্বাক্ষৰস্বৰূপ এই পুথিখন চাই মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ড˚ ৰাজেন্দ্র প্রসাদ আদি বহুত খ্যাতনামা ব্যক্তিয়ে বৰকৈ প্রশংসা কৰি গৈছে। পুথিখন অসমীয়া জাতিৰ অমূল্য সম্পদ।

লেখক পৰিচয়ঃ

ড° সূর্যকুমাৰ ভূঞা (১৮৯২- ১৯৬৪) আছিল অসমৰ এজন পণ্ডিত, গৱেষক, সাহিত্যিক আৰু ইতিহাসবিদ। তেওঁৰ জন্ম হয় নগাঁও চহৰত। ১৯০৯ চনত তেওঁ শ্বিলং চৰকাৰী স্কুলৰ পৰা অসম উপত্যকাৰ ভিতৰতে প্রথম স্থান অধিকাৰ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয় আৰু ভিক্টোৰিয়া মেম’ৰিয়েল স্বর্ণ পদক লাভ কৰে। ভূঞাই ১৯১১ চনত কটন কলেজৰ পৰা আই, এ. আৰু ১৯১৩ চনত কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ইংৰাজী বিষয়ত সম্মান সহকাৰে বি.এ. পাছ কৰে। ১৯১৬ চনত তেওঁ কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম. এ. পাছ কৰি যোৰহাটৰ বেজবৰুৱা স্কুলত শিক্ষকতাৰ চাকৰিত যোগদান কৰি চাকৰি জীৱনৰ পাতনি মেলে। তাৰ দুবছৰৰ পিছত তেওঁ কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক হিচাপে নিযুক্ত হয়। ১৯৪৬ চনত তেওঁ কটন কলেজৰ অধ্যক্ষৰূপে কার্যভাৰ গ্ৰহণ কৰে। সূর্য কুমাৰ ভূঞা আছিল কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপক আৰু অধ্যক্ষ। গৱেষণা কার্যত নিয়োজিত হোৱাৰ উদ্দেশ্যে তেওঁ ১৯৩৬ চনত ইংলেণ্ডলৈ যায় আৰু লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্রী লাভ কৰে। ১৯৫২ চনত তেওঁ একে বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডি. লিট ডিগ্রী লাভ কৰে। সেইবছৰতে তেওঁ গোৱালিয়ৰত অনুষ্ঠিত ইণ্ডিয়ান হিষ্ট্রি কংগ্ৰেছৰ আধুনিক ইতিহাস শাখাৰ সভাপতি হিচাপে মনোনীত হয়। ১৯৫২ চনত তেওঁ ৰাজ্যসভাৰ সদস্য পদ লাভ কৰে আৰু ১৯৫৬ চনত ভাৰত চৰকাৰৰপৰা ‘পদ্মশ্রী’ সন্মান লাভ কৰে। ১৯৫৭ চনৰ পৰা ১৯৬০ চনলৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে সেৱা আগবঢ়ায়। তেওঁ অসম সাহিত্য সভাৰ শ্বিলং অধিবেশনৰ (১৯৫৩) সভাপতিৰ আসনো অলংকৃত কৰে।

ছাত্ৰ অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দিয়া সূর্যকুমাৰ ভূঞাই প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰে যদিও পিছলৈ তেওঁ ইতিহাসবিদ হিচাপে সুখ্যাতি লাভ কৰে। তেওঁ বহুতো মুল্যবান পুথি ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ বিকাশত অৰিহণা যোগায়। তেওঁৰ একমাত্র কবিতা পুথি হ’ল ‘নির্মালি’। ভূঞাদেৱে চুটিগল্পতো হাত দিছিল। তেওঁৰ একমাত্ৰ চুটিগল্প সংকলনৰ হ’ল ‘পঞ্চমী। ‘ত্রিপদী’ আৰু ‘সূর্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ’ তেওঁৰ উল্লেখযোগ্য প্রৱন্ধ সংকলন। তেখেতে জীৱনীমূলক গ্রন্থও ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা জীৱনীমূলক গ্রন্থ হ’ল—“গোপাল কৃষ্ণ গোখলে’, ‘আনন্দৰাম বৰুৱা’, ‘অসম জীয়ৰী’, ‘জোনাকী আৰু চানেকী’ । তদুপৰি তেওঁ কেইবাখনো ঐতিহাসিক তথ্যপূর্ণ পুথি যেনে—‘কোঁৱৰ বিদ্রোহ’, ‘বুৰঞ্জীৰ বাণী’, ‘ৰমণী গাভৰু’, ‘মীৰজুমলাৰ অসম আক্ৰমণ’, আৰু ‘লাচিত বৰফুকন’ ৰচনা কৰিছিল।

অসমীয়া ভাষাৰ গ্রন্থ ৰচনা কৰাৰ উপৰি তেওঁ কেইবাখনো উল্লেখযোগ্য ইংৰাজী গ্রন্থও ৰচনা কৰিছিল। সেয়া হ’ল—An Assamese Nur Jahan, Early British Relations with Assam, Lachit Borphukan and His Times, Atan Borhuhain and His Times, Men I have Met, London Memories আৰু গৱেষণা গ্রন্থ AngloAssamese Relations 1771 – 1820।

ইয়াৰ উপৰিও তেওঁ কেইবাখনো বুৰঞ্জী পুথি সম্পাদনা কৰিছিল। ১৯৬৪ চনত এইগৰাকী মহান ব্যক্তিৰ মৃত্যু হয়।

চমু প্রশ্ন (১, ২, ৩ নম্বৰৰ বাবে)

১) হস্তীবিদ্যার্ণৱ শীর্ষক পাঠটি ক’ৰ পৰা সংগ্রহ কৰা হৈছে?

উত্তৰঃ হস্তীবিদ্যার্ণৱ শীর্ষক পাঠটি যোগেন্দ্রনাৰায়ণ ভূঞা সম্পাদিত ‘বিবিধ প্ৰৱন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

২) হস্তীবিদ্যার্ণৱ শীর্ষক প্রবন্ধটি প্রথমতে কত প্রকাশ পাইছিল?

উত্তৰঃ ‘হস্তীবিদ্যার্ণৱ’ প্রবন্ধটি প্রথমতে শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’ আলোচনীত প্রকাশ পাইছিল।

৩) কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি?

উত্তৰঃ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম হ’ল ড° সূর্যকুমাৰ ভূঞা।

৪) সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্রন্থখনৰ নাম কি?

উত্তৰঃ সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্রন্থখনৰ নাম হ’ল – Anglo-Assamese Relations 1771 – 1820

৫) ‘হস্তীবিদ্যার্ণৱ সাৰ সংগ্রহ’ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘হস্তীবিদ্যার্ণৱ সাৰ সংগ্রহ’ পুথিখন সুকুমাৰ বৰকাথে ১৭৩৪ খৃষ্টাব্দত ৰচনা কৰিছিল।

৬) পুৰণি অসমীয়া সচিত্র পুথি দুখনৰ নাম লিখা।

উত্তৰঃ পুৰণি অসমীয়া সচিত্র পুথি দুখন হ’ল—ধর্ম পুৰাণ’ আৰু সচিত্ৰ ভাগৱত।

৭) হস্তীবিদ্যার্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল?

উত্তৰঃ হস্তীবিদ্যার্ণৱ পুথিৰ চিত্ৰবোৰ দিলবৰ আৰু দোষায় নামৰ দুজন শিল্পীয়ে অংকন কৰিছিল।

৮) হস্তীবিদ্যার্ণৱ পুথিত কোনকেইজন লোকৰ চিত্র অংকন হৈছিল?

উত্তৰঃ হস্তীবিদ্যার্ণৱ পুথিত আহোম ৰজা শিৱসিংহ, বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ ছবি অংকিত হৈছে।

৯) ‘হস্তিগ্রন্থ’ বুলিলে কি বুজা?

উত্তৰ ‘হতিগ্রস্থ’ বুলিলে হাতী বিষয়ক গ্রন্থক বুজায়।

১০) প্রখ্যাত ইতিহাসবিদ ড° সূর্যকুমাৰ ভূঞাৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ প্রখ্যাত ইতিহাসবিদ ড° সূর্যকুমাৰ ভূঞাৰ জন্ম ১৮৯২ চনত নগাঁও চহৰত হৈছিল।

১১) তেওঁ কি স্বর্ণ পদক লাভ কৰে?

উত্তৰঃ তেওঁ ভিক্টৰিয়া মেমৰিয়েল স্বর্ণ পদক লাভ কৰে।

১২) তেওঁ আই এ আৰু বি এ কেতিয়া পাছ কৰে?

উত্তৰঃ তেওঁ ১৯১১ চনত কটন কলেজৰ পৰা আই. এ আৰু ১৯১৩ চনত কলকাতাৰ প্রেছিডেন্সি কলেজৰ পৰা বি. এ. পাছ কৰে।

১৩) তেওঁ কেতিয়া এম.এ পাছ কৰে?

উত্তৰঃ তেওঁ ১৯১৬ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম, এ পাছ কৰে।

১৪) তেওঁ কেতিয়া কটন কলেজৰ অধ্যক্ষ ৰূপে কার্যভাৰ গ্ৰহণ কৰে?

উত্তৰঃ তেওঁ ১৯৪৬ চনত কটন কলেজৰ অধ্যক্ষ ৰূপে কার্যভাৰ গ্ৰহণ কৰে।

১৫) সূর্যকুমাৰ ভূঞাই কেতিয়া আৰু কিয় ইংলেণ্ডলৈ যায়?

উত্তৰঃ সূর্যকুমাৰ ভূঞাই গৱেষণাকর্ম নিয়োজিত হোৱাৰ উদ্দেশ্যে ১৯১৬ চনত ইংলেণ্ডলৈ যায়।

১৬) তেওঁ ক’ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰে?

উত্তৰঃ তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ কৰে।

১৭) তেওঁ কেতিয়া ডি.লিট. ডিগ্রী লাভ কৰে?

উত্তৰঃ তেওঁ ১৯৫২ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডি.লিট ডিগ্রী লাভ কৰে।

১৮) তেওঁ কিহৰ আধুনিক ইতিহাস শাখাৰ সভাপতি মনোনীত হয়?

উত্তৰঃ তেওঁ গোৱালিয়ৰত অনুষ্ঠিত ইণ্ডিয়ান হিষ্ট্রি কংগ্ৰেছৰ আধুনিক ইতিহাস শাখাৰ সভাপতি মনোনীত হয়।

১৯) তেওঁ কেতিয়া ৰাজ্যসভাৰ সদস্য পদ আৰু পদ্মশ্রী সম্মান লাভ কৰে?

উত্তৰঃ তেওঁ ১৯৫২ চনত ৰাজ্যসভাৰ সদস্য পদ আৰু তেওঁ ১৯৫৬ চনত পদ্মশ্রী সন্মান লাভ কৰে।

২০) সূর্যকুমাৰ ভূঞাই কি হিচাপে খ্যাতি অর্জন কৰে?

উত্তৰঃ তীক্ষ্ণ মেধাৰ অধিকাৰী সূর্যকুমাৰ ভূঞাই প্ৰথমতে কবি হিচাপে আত্মপ্রকাশ কৰে যদিও ইতিহাসবিদ হিচাপেহে খ্যাতি অর্জন কৰে।

২১) তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ তেওঁৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হ’ল – নির্মালি।

২২)  তেওঁৰ চুটি গল্পৰ পুথিখনৰ নাম কি?

উত্তৰঃ তেওঁৰ চুটিগল্পৰ পুথিখনৰ নাম হ’ল -পঞ্চমী।

২৩) তেওঁ উল্লেখযোগ্য প্রবন্ধ সংকলন কেইখন কি কি?

উত্তৰঃ তেওঁৰ উল্লেখযোগ্য প্রবন্ধ কেইখন হ’ল—“ত্রিপদী’ আৰু ‘সূর্যকুমাৰ ভূঞাৰ বিবিধ প্রবন্ধ’।

২৪) জয়ন্তী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰঃ ৰঘুনাথ চৌধাৰী।

২৫) কোনখন আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া প্রগতিশীল কাব্যধাৰাই প্রতিষ্ঠা লাভ কৰে?

উত্তৰঃ ৰামধেনু’আলোচনীৰ জৰিয়তে।

২৬) তেওঁৰ উল্লেখযোগ্য গ্রন্থসমূহ কি কি?

উত্তৰঃ তেওঁৰ উল্লেখযোগ্য গ্রন্থসমূহ হ’ল –জীৱনীমূলক গ্রন্থ- গোপাল কৃষ্ণ গোখলে, আনন্দৰাম বৰুৱা, অসম জীয়ৰী, জোনাকী আৰু চানেকী।

২৭) তেওঁৰ ঐতিহাসিক তথ্যপূর্ণ পুথিকেইখন কি কি?

উত্তৰঃ তেওঁৰ ঐতিহাসিক তথ্যপূর্ণ পুথিকেইখন হ’ল- কোঁৱৰ বিদ্রোহ, বুৰঞ্জীৰ বাণী, ৰমণী গাভৰু, মীৰজুমলাৰ অসম আক্ৰমণ আৰু লাচিত বৰফুকন।

২৮) তেওঁৰ ইংৰাজীত ৰচিত গ্রন্থবোৰ কি কি?

উত্তৰঃ তেওঁৰ ইংৰাজীত ৰচিত গ্রন্থবোৰ হ’ল – An Assamese Nur Jahan, Early British Relations with Assam, Lachit Borphukan and His Times, Atan Borguhain and His Times, Men I have Met, London Memories.

২৯) ড° সূর্যকুমাৰ ভূঞাৰ মৃত্যু কেতিয়া হৈছিল?

উত্তৰঃ ১৯৬৪ চনত ড° সূর্যকুমাৰ ভূঞাৰ মৃত্যু হয়।

৩০) কোন কোন জনজাতিৰ লোকসকলে হাতীৰ বিষয়ে ভালকৈ জানিছিল?

উত্তৰঃ খামতি, চিংফৌ, নৰা, ফাঁকিয়াল, মৰাণ আদি জনজাতীয় মানুহে হাতীৰ বিষয়ে ভালকৈ জানিছিল।

৩১) হস্তীবিদ্যার্ণৱ পুথিখন কেতিয়া ছপাৰূপত প্রকাশ হয়?

উত্তৰ: ১৯৭৬ চনত। (প্ৰকাশ কৰে অসম প্ৰকাশন পৰিষদে)।

৩২) কোনজন আহোম ৰজাৰ দিনৰ পৰা অসমত মোগলী সাজ-সজ্জাৰ প্ৰচলন হয়?

উত্তৰঃ স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা।

৩৩) হস্তীবিদ্যার্ণৱ পুথিখন কোনে ক’ত পাইছিল?

উত্তৰঃ সুকুমাৰ বৰকায়থৰ হস্তীবিদ্যার্ণৱ পুথিখন হেমচন্দ্র গোস্বামীয়ে সুপ্রসিদ্ধ পূর্ণানন্দ বুঢ়াোহাঞিৰ সন্ততি লোকেশ্বৰ বুঢ়াগোহাঞিৰ ঘৰত পাইছিল।

৩৪) “হস্তীবিদ্যার্ণৱ পুথি’ শীর্ষক পাঠটি ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ “হস্তীবিদ্যার্ণৱ পুথি’ শীর্ষক পাঠটি যোগেন্দ্ৰনাৰায়ণ ভূঞা সম্পাদিত সূর্যকুমাৰ বিবিধ প্রবন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে।

৩৫) “হস্তীবিদ্যার্ণৱ পুথি” শীর্ষক প্রৱন্ধটি প্রথমতে কত প্রকাশ পাইছিল?

উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাৰ দ্বাৰা ৰচিত ‘হস্তীবিদ্যার্ণৱ পুথি’ শীর্ষক প্রৱন্ধটি প্রথমতে প্রকাশ পাইছিল শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীত ১৯৫৩ চনত।

৩৬) কটন কলেজৰ প্ৰথমগৰাকী অধ্যাপকৰ নাম কি?

উত্তৰঃ কটন কলেজৰ প্ৰথমগৰাকী অধ্যাপকৰ নাম হ’ল — ড° সূর্যকুমাৰ ভূঞা।

৩৭) সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্রন্থখনৰ নাম কি?

উত্তৰঃ সূর্যকুমাৰ ভূঞাৰ গৱেষণা গ্রন্থখনৰ নাম হ’ল – Anglo-Assamese Relations 1771-1820

৩৮) ‘হস্তীবিদ্যার্ণৱ সাৰ সংগ্ৰহ’ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘হস্তীবিদ্যার্ণৱ সাৰ সংগ্ৰহ’ পুথিখন অষ্টাদশ শতিকাৰ লেখক সুকুমাৰ বৰকাথে ৰচনা কৰিছিল।

৩৯) কোনটো যুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল হৈছিল?

উত্তৰঃ মধ্যযুগত।

৪০) ব্যৱহাৰিক সাহিত্য কি?

উত্তৰঃ মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন বস্ত্র বাসস্থান অথবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদিক বিষয় হিচাপে লৈ ৰচিত ব্যৱহাৰিক জ্ঞানৰ পুথিবোৰক ‘ব্যৱহাৰিক সাহিত্য’ বুলি কোৱা হয়।

৪১) অষ্টাদশ শতিকাৰ ব্যৱহাৰিক সাহিত্যৰ শ্ৰেষ্ঠ পুথিখনৰ নাম কি?

উত্তৰঃ অষ্টাদশ শতিকাৰ লেখক সুকুমাৰ বৰকাথৰ হস্তি-বিদ্যার্ণৱ ‘সাৰ-সংগ্রহ’ ব্যৱহাৰিক সাহিত্যৰ শ্ৰেষ্ঠ পুথি।

৪২) সুকুমাৰ বৰকাইথ কোন আছিল?

উত্তৰঃ সুকুমাৰ বৰকাইথ আছিল অষ্টাদশ শতিকাৰ লেখক। তেওঁ ৰচনা কৰা ‘হস্তীবিদ্যার্ণৱ সাৰ সংগ্রহ’ পুথিখন ব্যৱহাৰিক সাহিত্যৰ শ্ৰেষ্ঠ পুথি।

৪৩) ‘হস্তীবিদ্যার্ণৱ সাৰ সংগ্রহ’ পুথিখন কাৰ আদেশত কোনে ৰচনা কৰিছিল?

উত্তৰঃ হস্তিবিদ্যার্ণৱ সাৰ সংগ্রহ’ পুথিখন অসমৰ স্বৰ্গদেউ শিৱসিংহ মহাৰাজ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশ অনুসৰি সুকুমাৰ বৰকাথে ১৬৫৬ শকত, অর্থাৎ ১৭৩৪ খ্রীষ্টাব্দত ৰচনা কৰিছিল।

৪৪) পুৰণি অসমীয়া সচিত্র পুথি দুখনৰ নাম লিখা।

উত্তৰঃ পুৰণি অসমীয়া সচিত্র পুথি দুখনৰ নাম হ’ল- শঙ্খচুড় বধ, ধর্ম পুৰাণ, লৱ-কুশৰ যুদ্ধ।

৪৫) হস্তীবিদ্যার্ণৱ পুথিৰ চিত্ৰবোৰ কোনে অংকন কৰিছিল?

উত্তৰঃ হস্তীবিদ্যার্ণৱ পুথিখনত চিত্ৰবোৰ দিলবৰ আৰু দোষায় নামৰ দুজন শিল্পীয়ে অংকন কৰিছিল।

৪৬) সুকুমাৰ বৰকাইথৰ ‘হস্তীবিদ্যার্ণৱ সাৰ সংগ্রহ’ পুথিখনক ব্যৱহাৰিক সাহিত্যৰ শ্রেষ্ঠ পুথি বুলি কিয় কোৱা হয় ?

উত্তৰঃ সকলো অসমীয়া হাতে লিখা সচিত্র পুথিৰ ভিতৰত সুকুমাৰ বৰকাইথৰ হস্তীবিদ্যার্ণৱ-সাৰ-সংগ্রহ’ পুথিখনিয়েই শ্রেষ্ঠ। হস্তীবিদ্যার্ণৱ-সাৰ-সংগ্রহ’ পুথিখনি অসমীয়া জাতিৰ এটি অমূল্য সম্পত্তি। মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ডাঃ ৰাজেন্দ্র প্রসাদ, এই সকলকে আদি কৰি অনেক খ্যাতনামা পুৰুষে এই পুথিখনি আদ্যোপান্ত চাই তাৰ বিচিত্র চিত্ৰকলাৰ বিষয়ে প্রশংসা কৰি গৈছে।

৪৭) সূর্যকুমাৰ ভূঞাই কিমান বছৰ কাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে সেৱা আগবঢ়ায় ?

উত্তৰঃ ১৯৫৭ চনৰ পৰা ১৯৬০ চনলৈ সূর্যকুমাৰ ভূঞাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে সেৱা আগবঢ়ায়।

৪৮) অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি যোৱা সূর্যকুমাৰ ভূঞা ৰচিত কেইখনমান গ্রন্থৰ নাম উল্লেখ কৰা।

উত্তৰঃ কবিতা পুথি – ‘নির্মালি’, চুটিগল্পৰ পুথি – পঞ্চমী, উল্লেখযোগ্য প্রবন্ধ সংকলন – “ত্রিপদী’ আৰু ‘সূর্যকুমাৰ ভূঞাৰ বিবিধ প্রবন্ধ’ আদি।

৪৯) সংস্কৃত ভাষাত হাতীৰ বিষয়ে ৰচনা কৰা কেইখনমান গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ সংস্কৃত ভাষাত হাতীৰ বিষয়ে কেইবাখনিও গ্রন্থ পোৱা যায়, যেনে- পালকাপ্য মুনি বিৰচিত হস্তী আয়ুৰ্বেদ, নীলকণ্ঠ বিৰচিত মাতঙ্গলীলা, তাঞ্জোৰত থকা অসম্পূর্ণ সংস্কৃত পুথি, আৰু গজেন্দ্র চিন্তামণি, বৰাহমিহিৰৰ বৃহৎ সংহিতা, সোমদেৱৰ যশস্তিলক, কৌটিল্যৰ অর্থশাস্ত্ৰ আৰু কামনদাকি আচাৰ্যৰ কামন্দকীয় নীতিসাৰ ইত্যাদি।

৫০) কোন কোন ব্যক্তিয়ে হস্তীবিদ্যার্ণৱ পুথিখনি আদ্যোপান্ত চাই তাৰ বিচিত্র চিত্রকলাৰ বিষয়ে প্রশংসা কৰি গৈছে?

উত্তৰঃ মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ডাঃ ৰাজেন্দ্র প্রসাদ, এই সকলকে আদি কৰি অনেক খ্যাতনামা পুৰুষে এই পুথিখনি আদ্যোপান্ত চাই তাৰ বিচিত্র চিত্রকলাৰ বিষয়ে প্রশংসা কৰি গৈছে।

৫১) সুকুমাৰ বৰকাইথৰ সাহিত্যকৃতি সম্পর্কে লিখা।’

উত্তৰঃ সুকুমাৰ বৰকাইথ আছিল অষ্টাদশ শতিকাৰ লেখক। তেওঁ ৰচনা কৰা ‘হস্তীবিদ্যার্ণৱ সাৰ-সংগ্রহ’ পুথিখন ব্যৱহাৰিক সাহিত্যৰ শ্ৰেষ্ঠ পুথি বুলি বিবেচিত হৈছে। হস্তীবিদ্যার্ণৱ পুথিত বিবিধ হাতীৰ দোষ-গুণৰ বৰ্ণনাৰ সূত্ৰে লগতে ছবিও দিয়া হৈছে। ৰজা কোন হাতীত উঠিলে ভাল, কোন হাতীত উঠিলে বেয়া, কোন হাতী থাকিলে ৰজাৰ কুশল আৰু সমৃদ্ধি বাঢ়ে, সেইবোৰো বর্ণনা কৰা হৈছে। হস্তীবিদ্যার্ণৱ পুথিৰ বাক্যত সৰল অসমীয়া ভাষাৰ চানেকি পোৱা যায়।

ৰচনাধর্মী প্রশ্ন

৫২) ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা? দুখন ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা।

উত্তৰঃ মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত জড়িত অন্ন-বস্ত্র-বাসস্থান অথবা জীৱ-জন্তুৰ গুণাগুণ, স্বাস্থ্য আদিক বিষয়বস্তু হিচাপে লৈ যি পুথি বা সাহিত্য ৰচিত হয়, তাকে ব্যৱহাৰিক সাহিত্য বুলি কোৱা হয়। ব্যৱহাৰিক সাহিত্য কবিতা, চুটি গল্প, উপন্যাস আদিৰ দৰে বিশুদ্ধ সাহিত্য নহয়। এই শ্ৰেণীৰ সাহিত্য বিশেষকৈ ৰাজ-পৃষ্ঠপোষকতাত সৃষ্টি হৈছিল। বিশুদ্ধ সাহিত্যৰ ভিতৰুৱা নহয় যদিও এই ব্যৱহাৰিক জ্ঞানৰ পুথিবোৰক ‘ব্যৱহাৰিক সাহিত্য’ বুলি চিহ্নিত কৰিব পৰা যায়।

অষ্টাদশ শতিকাৰ লেখক সুকুমাৰ বৰকাইথৰ ‘হস্তীবিদ্যার্ণৱ-সাৰ-সংগ্রহ’, বনমালীদেৱৰ চৰিত্ৰ ব্যৱহাৰিক সাহিত্য শ্ৰেণীৰ পুথি।

৫৩) সূর্যকুমাৰ ভূঞাৰ সাহিত্য প্রতিভা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ছাত্ৰ অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দিয়া সূর্যকুমাৰ ভূঞাই প্রথমতে কবি হিচাবে আত্মপ্রকাশ কৰে যদিও পিছলৈ তেওঁ ইতিহাসবিদ হিচাপে সুখ্যাতি লাভ কৰে। তেওঁ বহুত মূল্যবান পুথি ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ বিকাশত অৰিহণা যোগায়। তেওঁৰ একমাত্র কবিতা পুথি হল নির্মালি। তেওঁ চুটিগল্পতো হাত দিছিল। তেওঁৰ একমাত্ৰ চুটি গল্প সংকলনৰ নাম হ’ল-পঞ্চমী। ‘ত্রিপদী’ আৰু ‘সূর্যকুমাৰ ভূঞাৰ বিবিধ প্ৰৱন্ধ’ তেওঁৰ উল্লেখযোগ্য প্ৰৱন্ধ সংকলন। তেখেতে জীৱনীমূলক গ্রন্থও ৰচনা কৰিছিল। তেওঁ ৰচনা কৰা জীৱনীমূলক গ্রন্থসমূহ হ’ল- গোপাল কৃষ্ণ গোখলে, আনন্দৰাম বৰুৱা, অসম জীয়ৰী, জোনাকী আৰু চানেকী। তেওঁ কেইবাখনো ঐতিহাসিক তথ্যপূর্ণ পুথি ৰচনা কৰিছিল। এইবিলাক ক্রমে- কোঁৱৰ বিদ্রোহ, বুৰঞ্জীৰ বাণী, ৰমণী গাভৰু, মীৰজুমলাৰ অসম আক্ৰমণ, আৰু লাচিত বৰফুকন।

অসমীয়া ভাষাৰ গ্ৰন্থ ৰচনা কৰাৰ উপৰিও তেওঁ কেইবাখনো উল্লেখযোগ্য ইংৰাজী গ্রন্থও ৰচনা কৰিছিল -An Assamese Nur Jahan, Early British Relations with Assam, Lachit Borphukan and His Times, Atan Borguhain and His Times, Men I have Met, London Memories আৰু গৱেষণা গ্রন্থ Anglo- Assamese Relations 1771 – 1820.

ইয়াৰ উপৰিও তেওঁ কেইবাখনো বুৰঞ্জী পুথি সম্পাদনা কৰিছিল।

৫৪) হস্তীবিদ্যার্ণৱ পুথিৰ বিষয়বস্তুৰ আভাস দিয়া।

উত্তৰঃ হস্তীবিদ্যার্ণৱ পুথিখন হ’ল হাতী বিষয়ক এক উল্লেখযোগ্য পুথি। এই পুথিখন সুকুমাৰ বৰকাইথে ১৭৩৪ চনত আহোম ৰজা শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশ অনুসৰি ৰচনা কৰিছিল। এইখন হ’ল এক সচিত্র পুথি। ইয়াৰ ছবিবোৰ দিলবৰ আৰু দোষায় নামৰ দুজন শিল্পীয়ে অংকন কৰিছিল। পুথিখনত চিত্ৰকৰ দুগৰাকী, ৰজা শিৱসিংহ,বৰকুঁৱৰী অম্বিকাদেৱী আৰু ৰাজকুমাৰ উগ্ৰসিংহ কোঁৱৰৰ ছবি অংকন কৰা হৈছে। | হস্তীবিদ্যার্ণৱ পুথিত বিভিন্ন প্ৰকাৰ আৰু চৰিত্ৰৰ হাতীৰ বিৱৰণ দাঙি ধৰা হৈছে। ইয়াৰ লগতে হাতীশাল নির্মাণৰ নিয়ম, হাতী দাঁতৰ মূল্য আদিৰ বিষয়েও বর্ণনা পোৱা যায়। হস্তী গ্রন্থৰ অন্তৰ্গত প্রধান বিষয়বস্তু হৈছে – বিবিধ হাতীৰ লক্ষণ, হাতীশাল নির্মাণৰ নিয়ম, হাতীবন্ধা খুঁটাৰ মান আৰু কাঠৰ নিবন্ধ, হাতীদাঁতৰ মূল্য, যাত্রা কালত আৰু উভতি অহাৰ পিছত হাতীৰ শুভ কাম, কামন্দকীয় নীতিসাৰ মতে হস্তীৰ কৰ্ম, যুদ্ধ হস্তীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, ৰজাৰ গড়ৰ বাজত থাকিবলগীয়া হাতী, অন্য ৰজাৰ লগত অপ্রীতিবর্ধক হাতী, বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ শিকোৱাৰ নিবন্ধ, ময়দাৰ, মেদ বৃদ্ধি, পুষ্টি, মনচোকা আৰু বলৱন্ত হোৱাৰ নিয়ম, হস্তী বশ্য হোৱাৰ মন্ত্র আদি। গদ্যত ৰচিত পুথিখনৰ ৰচনাশৈলী ওজঃ গুণযুক্ত। প্রাচীন অসমৰ চিত্ৰকলা আৰু ব্যৱহাৰিক সাহিত্যৰ স্বাক্ষৰস্বৰূপ এই পুথিখন চাই মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, ড˚ ৰাজেন্দ্র প্রসাদ আদি বহুত খ্যাতনামা ব্যক্তিয়ে বৰকৈ প্রশংসা কৰি গৈছে। পুথিখন অসমীয়া জাতিৰ অমূল্য সম্পদ।

৫৫) মঙ্গলদায়ক হাতীৰ লক্ষণ সম্পর্কে হস্তীবিদ্যার্ণৱ পুথিত থকা বিৱৰণটি নিজৰ ভাষাত লিখা।

উত্তৰঃ হস্তীবিদ্যার্ণৱ পুথিখন সুকুমাৰ বৰকাইথে ৰচনা কৰা এক উল্লেখযোগ্য হাতী বিষয়ক পুথি। ইয়াত বিভিন্ন প্রকাৰ আৰু প্ৰকৃতিৰ হাতীৰ বিৱৰণ দাঙি ধৰা হৈছে। মংগলদায়ক হাতীৰ লক্ষণ সম্পর্কে হস্তীবিদ্যার্ণৱ পুথিত বর্ণনা কৰা হৈছে। মঙ্গলদায়ক হাতীৰ বিষয়ে পুথিখনত কোৱা হৈছে যে যিবোৰ হাতী শ্যামবর্ণ, সুন্দৰ, শৰীৰ স্থূল, দুই দন্ত দীর্ঘ সমান আগলৈ চাপি যোৱা, কালশিলি বর্ণ, অগ্রজোঙা, নখ অল্পকলীয়া আৰু বলৱন্ত সেইবোৰ হাতীক ‘মঙ্গলদায়ক হাতী’ বুলি কোৱা হয়। ৰজাৰ মঙ্গলদায়ক হাতী থাকিলে বহুত ধন লাভ হয়। হাতী সহজে বশ হয়।

৫৬) হস্তীবিদ্যার্ণৱ পুথিৰ গদ্যশৈলীৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰ : সুকুমাৰ বৰকাইথে ১৯৩৪ খৃষ্টাব্দত আহোম ৰজা শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকাদেৱীৰ আদেশক্রমে ‘হস্তীবিদ্যার্ণৱ সাৰ সংগ্ৰহ’ নামৰ সচিত্র পুথিখন ৰচনা কৰে। অসমীয়া জাতিৰ এটি অমূল্য সম্পত্তিস্বৰূপ হস্তীবিদ্যার্ণৱ পুথিখনি গদ্যত ৰচিত। পুথিখনিৰ ৰচনাশৈলী ওজঃ গুণ যুক্ত। এই গদ্য ওজঃ গুণ বিশিষ্ট, বাক্যৰ গঠনত সৰল অসমীয়া ভাষাৰ চানেকী পোৱা যায়। উদাহৰণস্বৰূপে হস্তীবিদ্যার্ণৱ পুথিখনৰ পৰা এটি বাক্য উদ্ধৃত কৰা হ’ল।

‘পাতালৰ জাতে যি হাতী আহিছে, তাৰ মুখখন দেখি, গাৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, যেন মাটি লুটি যাই, মূৰ জোকাৰি থাকে, পানী পৰুৱাৰ বুলন যেন বুলন খৰ’। মূল পুথিখনৰ ভাষা গদ্য যদিও ইয়াৰ প্ৰশস্তি অংশৰ ভাষা সংস্কৃতগন্ধী। পুথিখনৰ বাক্যত সৰল অসমীয়া ভাষাৰ চানেকি পোৱা যায়, ‘পাতালৰ জাতে যি হাতী আহিছে, তাৰ মুখৰূপ দেখি, গা ৰাতুল চন্দনৰ বৰ্ণনা হেন দেখি, নেজ মাটি লুটি যাই, মূৰ জোকাৰি থাকে, পানীপৰুৱাৰ বুলন যেন বুলন খৰ। আৰে টিপৰ কথা। বহুত বহুনাত বহিব, কলাফুলেৰে চেপি ডাবি ধৰি অলপ কৰি আঙ্গুলী কাণত লগাব। আকুহি থিয় কৰি যাব। পাচ মাউতে ডাবি মাৰিব, তেবে মূৰ দাঙ্গি যাব”।

Leave a Comment

error: Warning, you aare not allowed to copy this element