Join Assam Study Centre Channel

ভাৰতীয় আদর্শত বৈৰাগ্য । উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ

লেখক পৰিচয়

তীর্থনাথ শৰ্মা (১৯১১-১৯৮৬) অসমৰ এজন বিশিষ্ট শিক্ষাবিদ, গল্পকাৰ, কবি আৰু প্ৰৱন্ধকাৰ। তেওঁ গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। অসমীয়া সাহিত্যৰ জগতলৈ তেওঁ বিভিন্ন অৱদান আগবঢ়াইছে। তেওঁৰ বিবিধ বিষয় আলোচনা গ্রন্থবোৰ হ’ল- মহাত্মাৰ বাণী, গান্ধীৰ শিক্ষাসাৰ, পঞ্চপুষ্প, ভক্তিবাদ, আউনীআটী সত্ৰৰ বুৰঞ্জী, ঝান্সীৰ ৰাণী, বেণুধৰ শৰ্মাৰ জীৱনী আদি। তেওঁ সংকলন কৰা গ্ৰন্থবোৰ হ’ল- প্ৰৱেশিক্ষা কথা চানেকী, সাহিত্য সংগ্রহ আৰু চানেকী পাঠ। কামসেন্দুৰ নামৰ কবিতা পুথি এখনো তেওঁ ৰচনা কৰিছিল। তেওঁ ছদ্ম নামত বহুতো গল্পও ৰচনা কৰিছিল। ১৯৭১ চনৰ অসম সাহিত্য সভাৰ মাকুম অধিবেশনৰ তেওঁ সভাপতি হৈছিল।

১৯৮৬ চনত তেওঁৰ মৃত্য হয়।

চমু প্রশ্ন (১,২,৩ নম্বৰৰ বাবে)

১) ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান কেনেকুৱা ?

উত্তৰঃ ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান অতি উচ্চ।

২) ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?

উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বেদ।

৩) কর্ম কৰা কৌশলক ভগৱৰ্গীতাত কি যোগ বুলি কৈছে?

উত্তৰঃ কর্ম কৰা কৌশলক ভগৱদগীতত কর্মযোগ বুলি অভিহিত কৰা হৈছে।

৪) তীর্থনাথ শৰ্মাৰ কাব্যগ্রন্থখনৰ নাম কি?

উত্তৰঃ কাব্যগ্রন্থখনৰ নাম হ’ল—কামসেন্দুৰ।

৫) তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ কি?

উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ হৈছে সত্য কৰা আৰু ধর্ম আচৰণ কৰিবা।

৬) ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে কি সূচাইছে?

উত্তৰঃ ভাৰতীয় আদর্শত ‘সংবিভাজ্য’ শব্দটিয়ে স্ব-উপার্জিত ধন সমানে বিতৰণ কৰি ভোগ কৰা অর্থ সূচাইছে।

৭) ‘শ্ৰদ্ধয়া দেয়ম’ ‘অশ্রদ্ধয়া অদেয়ম’ মানে কি?

উত্তৰঃ ‘শ্ৰদ্ধয়া দেয়ম’ মানে হ’ল শ্ৰদ্ধাৰে দান কৰা আৰু ‘অশ্রদ্ধয়া অদেয়ম’ মানে হল অশ্রদ্ধাযুক্ত মন লৈ দান নকৰিবা।

৮) প্রকৃত ত্যাগ মানে কি?

উত্তৰঃ থাকিও সংযতভাৱে ভোগ কৰা আৰু সমবিতৰণৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাটোৱেই প্রকৃত ত্যাগ।

৯) ঈশোপনিষদত ‘ভূঞ্জীথাঃ’ মানে কি?

উত্তৰঃ ভূঞ্জীথাঃ’ হ’ল ঈশোপনিষদৰ এক নিষেধ বাক্য। ইয়াৰ অৰ্থ হ’ল ভোগ কৰা কিন্তু ত্যাগ কৰি ভোগ কৰা।

১০) ‘অতিথি দেবো ভৱ’ মানে কি?

উত্তৰ : ‘অতিথি দেবো ভৱ’ মানে হ’ল অতিথিৰ প্রতি সেৱা অর্থাৎ সমাজৰ প্ৰতি পালন কৰিবলগীয়া মানুহৰ দায়িত্বৰ কথা সূচাইছে।

১১) ‘ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ’ – কথাষাৰ বহলাই লিখা।

উত্তৰ : বেদ হৈছে ভাৰতৰ অতি প্রাচীন গ্রন্থ। বেদ চাৰিখন যেনে- ঋকবেদ, যজুবেদ, সামবেদ আৰু অথর্ববেদ। বেদবোৰ অকল ধর্ম শাস্ত্ৰই নহয়; এইবোৰ হৈছে এক উচ্চস্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নির্দেশনা। এই বেদবোৰৰ আদৰ্শৰ ওপৰতে ভাৰতীয় সভ্যতা আৰু সংস্কৃতি গঢ় লৈছে যিয়ে ভাৰতীয়সকলক বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় প্রদান কৰিছে। এই বেদ গ্রন্থবোৰত মানুহে মানি চলিব লগা আধ্যাত্মিক নিদের্শনাৰ পৰা আৰম্ভ কৰি পৰিয়াল পোহপাল কৰাৰ নীতি নিয়ম আনকি ব্যাধি নিবাৰণৰ উপায়বোৰো দিয়া আছে। এই বেদ গ্রন্থবোৰে শিকায় যে মানুহে কর্মময় জীৱন যাপন কৰিও এক সমৃদ্ধিময় আধ্যাত্মিক জীৱন যাপন কৰিব পাৰে। যুগ যুগ ধৰি ভাৰতীয় ঋষি মুনিসকলে এই বেদৰ আদৰ্শৰ ওপৰত জীৱন-যাপন কৰি ভাৰতীয় সংস্কৃতি গঢ় দিছে। সেয়ে ‘ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ হৈছে বেদ’—কথাষাৰ নিত্যান্তই যুক্তিসংগত।

১২) চাৰি আশ্ৰম বুলিলে কি বুজা ?

উত্তৰঃ ভাৰতীয় আদর্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হৈছে। এই চাৰি আশ্ৰম হৈছে- ব্রহ্মচার্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।

১৩) বৈৰাগ্য মানে কি? ভাৰতীয় আদর্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কৈছে?

উত্তৰঃ সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিৰ পিছতো তাৰ প্ৰতি নিৰাসক্ত হৈ থকাই হৈছে বৈৰাগ্য।

ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। কিন্তু এই বৈৰাগ্য বিচৰা বস্তু নোপোৱাৰ ফলত ওপজা বিৰক্তি নহয়। আকাঙ্খিত বস্তু পোৱাৰ পাছতো তাৰ প্রতি নিৰাসক্ত হৈ থাকিব পৰা গুণটোকেই ভাৰতীয় আদর্শত বৈৰাগ্য বুলি কোৱা হয়।

১৪) গুৰুৱে বিদ্যার্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল ?

উত্তৰঃ শিক্ষা সমাপ্ত কৰি গার্হস্থ্য জীৱনত প্রবেশ কৰিবলৈ লোৱা বিদ্যার্থীক গুৰুৱে তলত দিয়া ধৰণে উপদেশ দিছিল।

প্রথম, বিদ্যার্থীয়ে সত্য আৰু ধর্ম এই দুটা আচৰণ সদায় মানি চলিব লাগে।

দ্বিতীয়, সততাৰে ধন উপার্জন কৰিব লাগে।

তৃতীয়তে, পিতৃ-মাতৃ আৰু গুৰুজনক মান্য কৰি চলিব লাগে।

চতুর্থ, ডাঙৰৰ বেয়া গুণ পৰিহাৰ কৰি ভাল গুণ গ্ৰহণ কৰিব লাগে।

পঞ্চম, ধন-ঐশ্বর্য উপার্জন কৰি তাক সমভাৱে বিতৰণ কৰি সংযতভাৱে ভোগ কৰিব লাগে।

১৫) ‘ভাৰতীয় আদর্শত বৈৰাগ্য’ শীর্ষক প্ৰৱন্ধটোৰ মূল কথাখিনি তোমাৰ ভাষাত লিখা।

উত্তৰঃ ‘ভাৰতীয় আদর্শত বৈৰাগ্য’ শীর্ষক প্ৰৱন্ধটোক লিখক তীর্থনাথ শৰ্মাদেৱে ত্যাগৰ মাজেদি কিদৰে এক সমৃদ্ধিময় জীৱন যাপন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিছে।

লিখকৰ মতে যে ভাৰতীয় সভ্যতা, সংস্কৃতি আৰু সমাজ জীৱন ভাৰতৰ প্রাচীন গ্রন্থ বেদৰ ওপৰত প্রতিষ্ঠিত। বেদ চাৰিখন যেনে- ঋকবেদ, যজুবেদ, সামবেদ আৰু অথর্ববেদ। বেদবোৰ অকল ধর্ম শাস্ত্রই নহয়; এইবোৰ হৈছে এক উচ্চস্তৰৰ জীৱন যাপনৰ সুস্পষ্ট নির্দেশনা। এই বেদবোৰৰ আদৰ্শৰ ওপৰতে ভাৰতীয় সভ্যতা আৰু সংস্কৃতি গঢ় লৈছে যিয়ে ভাৰতীয়সকলক বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় প্রদান কৰিছে। এই বেদ গ্রন্থবোৰত মানুহে মানি চলিব লগা আধ্যাত্মিক নির্দেশনাৰ পৰা আৰম্ভ কৰি পৰিয়াল পোহপাল কৰাৰ নীতি নিয়ম আনকি ব্যাধি নিবাৰণৰ উপায়বোৰো দিয়া আছে। এই বেদ গ্রন্থবোৰে শিকায় যে মানুহে কর্মময় জীৱন যাপন কৰিও এক সমৃদ্ধিময় আধ্যাত্মিক জীৱন যাপন কৰিব পাৰে। যুগ যুগ ধৰি ভাৰতীয় ঋষি-মুনিসকলে এই বেদ আদৰ্শৰ ওপৰত জীৱন-যাপন কৰি ভাৰতীয় সংস্কৃতি গঢ় দিছে। ভাৰতীয় জীৱনাদর্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ। সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিৰ পিছতো তাৰ প্রতি নিৰাসক্ত হৈছে থকাই হৈছে বৈৰাগ্য। কিন্তু এই বৈৰাগ্য বিচৰা বস্তু নোপোৱাৰ ফলত ওপজা বিৰক্তি নহয়। কাঙ্খিত বস্তু পোৱাৰ পাছতো তাৰ প্রতি নিৰাসক্ত হৈ থাকিব পৰা গুণটোকেই ভাৰতীয় আদর্শত বৈৰাগ্য বুলি কোৱা হয়। ভাৰতীয় আদর্শত ব্যক্তি এজনৰ জীৱন কালছোৱাক চাৰিটা স্তৰত ভাগ কৰা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্ৰম বুলি কোৱা হৈছে। এই চাৰি আশ্ৰম হৈছে – ব্রহ্মচার্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।

ব্রহ্মচার্য আশ্ৰম হৈছে শিক্ষা লাভৰ স্তৰ। এইস্তৰত বিদ্যার্থীয়ে গুৰু গৃহত থাকি বিভিন্ন শিক্ষা লাভ কৰিব লাগে আৰু শিক্ষা সমাপ্ত কৰি গাৰ্হস্থ জীৱনত প্ৰবেশ কৰিবলৈ লোৱা বিদ্যার্থীক  গুৰুৱে তলত দিয়া ধৰণে উপদেশ দিছিল।

প্রথম, বিদ্যার্থীয়ে সত্য আৰু ধর্ম এই দুটা আচৰণ সদায় মানি চলিব লাগে।

দ্বিতীয়, সততাৰে ধন উপার্জন কৰিব লাগে।

তৃতীয়তে, পিতৃ-মাতৃ আৰু গুৰুজনক মান্য কৰি চলিব লাগে।

চতুর্থ, ডাঙৰৰ বেয়া গুণ পৰিহাৰ কৰি ভাল গুণ গ্ৰহণ কৰিব লাগে।

পঞ্চম, ধন-ঐশ্বর্য উপার্জন কৰি তাক সমভাৱে বিতৰণ কৰি সংযতভাৱে ভোগ কৰিব লাগে।

শেষত, ভাৰতীয় আদর্শই কামৰ ওপৰত অতি জোৰ দি কৈছে যে মানুহৰ কাম কৰাৰ বাহিৰে আন উপায় নাই। কিন্তু নিৰাসক্ত হৈ কর্মময় জীৱন যাপন কৰাই হৈছে ভাৰতীয় আদর্শত এক সমৃদ্ধিময় জীৱন।

১৬) তীর্থনাথ শমাই ৰচনা কৰা কাব্য পুথিখনৰ নাম কি?

উত্তৰঃ তীর্থনাথ শমাই ৰচনা কৰা কাব্য পুথিখনৰ নাম হ’ল কামসেন্দুৰ’।

১৭) “পঞ্চপুষ্প’ পুথিখনৰ ৰচক কোন?

উত্তৰঃ পঞ্চপুষ্প’ পুথিখনৰ ৰচক হ’ল তীর্থনাথ শর্মা।

১৮) তীর্থনাথ শর্মা ‘অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল?

উত্তৰঃ তীর্থনাথ শর্মা ‘অসম সাহিত্য সভাৰ ১৯৭১ চনত অনুষ্ঠিত মাকুম অধিবেশনৰ সভাপতি আছিল।

১৯) কর্মকৰা কৌশলক ভগৱদ গীতাত কি বুলি অভিহিত কৰা হৈছে?

উত্তৰঃ কর্ম কৰা কৌশলক ভগৱদ গীতাত ‘যোগ’ বা কর্মযোগ’ বুলি অভিহিত কৰিছে।

 

২০) কোনখন উপনিষদৰ অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ গমি চাব লগা কথা?

উত্তৰঃ ‘তৈত্তিৰীয়’ উপনিষদৰ অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ গমি চাবলগীয়া।

২১) তীর্থনাথ শর্মা কোনখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল?

উত্তৰঃ তীর্থনাথ শৰ্মা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।

 

২২) অর্থ লিখাঃ কেলেহুৱা, পাত্রিক, অপ্রমাদী, বৈৰাগ্য |

উত্তৰঃ  

কেলেহুৱা – লোকৰ ঘৰত চাপি পেট পুহি থকা

পাৰত্ৰিক – পৰলোক সম্বন্ধীয়

অপ্রমাদী – সর্তক, সাৱধান

বৈৰাগ্য – বিষয় বা ইন্দ্রিয় ভোগৰ প্রতি অনাসক্তি।

 

২৩) প্রকৃততে ত্যাগ বা বৈৰাগ্য কি?

উত্তৰঃ প্রকৃততে ত্যাগ বা বৈৰাগ্য হৈছে এক বিশেষ মনোধর্ম। সকলো থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সদগতি ঘটোৱাই হৈছে ত্যাগ। পালেও নিৰাসক্ত হৈ থকাতহে প্রকৃত বৈৰাগ্য।

 

২৪) ভাৰতীয় আদর্শত কিহৰ পিছত বানপ্রস্থ আৰু সন্যাসৰ বিধান দিয়া হৈছে ?

উত্তৰঃ ভাৰতীয় আদর্শত গৃহস্থী জীৱনৰ কর্তব্য সম্পাদন কৰি উঠাৰ পিছতহে বান প্রস্থ আৰু সন্ন্যাসৰ বিধান দিয়া হৈছে।

 

২৫) ঋকবেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায় ?

উত্তৰঃ ঋকবেদৰ মন্ত্ৰবিলাকত তথা ঋষিসকলৰ প্রার্থনাত এটা উজ্জ্বল সমৃদ্ধিময় জীৱনৰ কাৰণে এখন সমাজৰ প্রবল ধাউতিৰ পৰিচয় পোৱা যায়।

 

২৬) ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনেধৰণৰ ?

উত্তৰঃ ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ। অর্থাৎ কেৱল নিজৰ কাৰণে ধন-সম্পদ উপার্জন কৰিলেই নহ’ব, পৰিয়ালবৰ্গ, আনকি আচার্য আৰু অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও তেওঁৰ আৰ্জন অর্পিত কৰিব লাগে।

 

২৭) নিজ অধ্যয়নৰ গুৰুত্ব কেনেকুৱা ?

উত্তৰঃ পণ্ডিত তীর্থনাথ শৰ্মাদেৱে পাঠটিত ব্রহ্মচর্য ব্রত শেষ কৰি গাৰ্হস্থ জীৱনত প্ৰৱেশ কৰিব খোজা শিষ্যসকলৰ নিত্য অধ্যয়নৰ গুৰুত্ব সম্পর্কে তৈত্তিৰীয় উপনিষদৰ প্ৰসংগ টানি আনি কৈছে যে ‘নিত্য অধ্যয়ন সভা’ জীৱনৰ আৰু উন্নত আচৰণৰ অপৰিহার্য অংগ। অর্থাৎ খাৱন-শোৱনৰ দৰে নিত্য এৰিব নোৱাৰা আৰু এৰিব লগীয়া কৰণীয়।

 

২৮) সমাজ আৰু ব্যক্তিৰ মংগলৰ অর্থে মানুহে কি দুটা মহৎ গুণৰ কৰ্ষণ কৰিব লাগে?

উত্তৰঃ সমাজ আৰু ব্যক্তিৰ মংগলৰ অর্থে মানুহে যি দুটা মহৎ গুণৰ কৰ্ষণ কৰিব লাগে সেই দুটা মহৎ গুণ হ’ল – সত্য আৰু ধর্ম। বিদ্যা লাভৰ চৰম প্রাপ্য বা অর্জনীয় বিষয়ো এই দুটাই।

 

২৯) ভাৰতীয় আদর্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান সম্পর্কে চমুকৈ বুজাই লিখা।

উত্তৰঃ ভাৰতীয় আদর্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান অতি উচ্চ। প্ৰকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধর্ম বুলি লেখকে পাঠটিত উল্লেখ কৰিছে। সকলো থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সৰ্গতি ঘটোৱাটোহে প্রকৃত ত্যাগ। সেইদৰে পালেও নিৰাসক্ত হৈ থকাটোহে প্রকৃত বৈৰাগ্য। বৈৰাগ্য মানে হৈছে বিষয় বা ইন্দ্রিয় ভোগৰ প্রতি আসক্তিহীনতা।

 

৩০) এখন সমাজৰ আদর্শ কি তাক জানিবৰ উপায় কি?

উত্তৰঃ পাঠটিত লেখক গোস্বামীদেৱে উল্লেখ কৰিছে যে এখন সমাজৰ আদৰ্শ কি তাক জানিবৰ বাবে সেই সমাজৰ উঠি অহা যুৱক বা অধ্যয়ন সমাপ্ত কৰি জীৱন সংগ্ৰামত প্রবৃত্ত হ’ব খোজা ছাত্ৰসকলৰ আগত সেই যুগৰ মনীষী আৰু শিক্ষকসকলে কি উপদেশ দিয়ে, কি আদর্শ পালনৰ কাৰণে উদগনি দিয়ে সেই কথাবোৰ অনুধাৱন কৰিব লাগিব।

৩১) ধন-সম্পদ বৃদ্ধি সম্পর্কত উপনিষদত কেনে উপদেশ দিয়া হৈছে?

উত্তৰঃ লেখকে পাঠটিত তৈত্তিৰীয় উপনিষদৰ প্ৰসংগ টানি আনি উল্লেখ কৰিছে যে আচার্যই শিষ্যক নিজৰ মংগলৰ কাৰণে সৎ পথত থাকি, ধন-সম্পদ আহৰণ কৰিবলৈ উপদেশ দিছে। কাৰণ ধন-সম্পদ বঢ়োৱাৰ ওপৰতে ব্যক্তি তথা সমাজৰ সুখ-সমৃদ্ধি নিৰ্ভৰ কৰে। এই অর্থবৃদ্ধি উঠি অহা যুৱকৰ ব্যক্তিগত তথা সামাজিক উত্তৰ দায়িত্ব। উপনিষদৰ আচাৰ্যই এই কথা সতর্কভাৱে সোঁৱৰাই দিছে।

৩২) উপনিষদৰ কৰ্মযোগত কোৱা কথাখিনি চমুকৈ লিখা।

উত্তৰঃ উপনিষদৰ কর্মযোগত কোৱা হৈছে যে প্রবৃত্তিৰে কাম কৰি এশ বছৰ জীয়াই থকা, জীয়াই থাকিবলৈ বাঞ্ছা কৰা। কাৰণ তুমি শৰীৰধাৰী মানুহ, তোমাৰ কাম কৰাৰ বাহিৰে আন উপায় নাই। কেৱল কামত লিপ্ত নোহোৱাকৈ নিৰাসক্ত হৈ কাম কৰিবলৈ শিকা। কামো কৰিবা, সেই কামত লিপিত খায়ো নাথাকিবা, এয়াই হৈছে উপনিষদৰ কর্মযোগ।

৩৩) চাৰি আশ্ৰম বুলিলে কি বুজা? এই চাৰি আশ্ৰম কি কি লিখা।

উত্তৰঃ ভাৰতীয় আদর্শত জীৱনৰ চাৰিটা স্তৰৰ কথা কোৱা হৈছে। এই চাৰিটা স্তৰকে চাৰি আশ্রম বোলে। ভাৰতীয় আদর্শত চাৰি আশ্ৰম হ’ল -ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস।

জীৱনৰ প্ৰথমছোৱা সময়ত গুৰুৰ আশ্ৰমত থাকি জ্ঞান লাভ কৰাৰ সময়ছোৱাক ব্রহ্মচর্য আশ্রম বোলে।

শিক্ষা শেষ কৰি ঘৰলৈ উভতি আহি সংসাৰ ধৰ্মত মনোনিৱেশ কৰা সময়ছোৱাক গার্হস্থ্য আশ্রম বোলে।

গার্হস্থ্য ধর্ম শেষ কৰি শৰীৰৰ যি অৱসন্ন সময় আহে সেইছোৱা সময়ক বানপ্রস্থ আশ্রম বোলে।

জীৱনৰ একেবাৰে শেষৰছোৱা সময়, সংসাৰৰ মায়া-মোহ ত্যাগ কৰি, মাথো ধর্ম চিন্তা কৰি আত্মাৰ সদগতিৰ কামনাৰ অৰ্থে যি সময় অতিবাহিত কৰা হয়, সেই সময়ছোৱাকে সন্ন্যাস আশ্রম বুলি কোৱা হয়।

৩৪) উপনিষদত কি ভাৱে দান কৰিব লাগে বুলি বিদ্যার্থীক সোঁৱৰাই দিয়া হৈছে বুজাই লিখা।

উত্তৰঃ উপনিষদত কিদৰে দান কৰিব লাগে সেই সম্পর্কে কোৱা হৈছে যে-স্ব-উপার্জিত ধন সদায় সমবিতৰণৰ যোগেদি ভোগ কৰিব লাগে আৰু সদায় সামর্থ্য অনুসৰি শ্ৰদ্ধাৰে দান কৰিব লাগে। নিজৰ একোৱেই নাই বুলি দান নকৰাকৈ থাকিব নালাগে। বহুত দিব পৰা ক্ষমতা থাকিও অকণমান দান কৰাটো নিন্দনীয়। সদায় বিনম্ৰ আৰু মিত্রভাৱে দান কৰিব লাগে।

৩৫) ইশোপনিষদৰ প্ৰথম মন্ত্রটিৰ বিধি বাক্যটো কি আৰু তাৰ অর্থ কেনেধৰণৰ ?

উত্তৰঃ ইশোপনিষদৰ প্রথম মন্ত্রটিৰ বিধিবাক্যটো হ’ল -‘তেন ত্যক্তেন -ভুঞ্জীথাঃ মা গৃধঃ কস্যচিদ্ধনম্। ‘ভুঞ্জীথা’ মানে ভোগ কৰা, কিন্তু সাৱধান, ‘ত্যক্তেন’ অর্থাৎ ত্যাগ কৰিহে ভোগ কৰা। মা গৃধঃ’ অর্থাৎ নিজে ত্যাগৰ ভাবত থাকি আৰু আনৰ খিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাটোৱেই উপনিষদৰ বিধান।

৩৬) উপনিষদৰ যুগত শিক্ষা সাং কৰি গার্হস্থ জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা বিদ্যার্থীক গুৰুৱে কি উপদেশ দিছিল?

উত্তৰঃ উপনিষদৰ যুগত শিক্ষা সাং কৰি গার্হস্থ্য জীৱনত প্ৰৱেশ কৰিবলৈ উলটিব খোজা বিদ্যার্থীক গুৰুৱে উপদেশ দিছিল —‘সত্য ক’বা, ধর্ম আচৰণ কৰিবা আৰু দৈনন্দিন অধ্যয়নৰ পৰা বিৰত নহ’বা। ’আচাৰ্যক দক্ষিণা দি গার্হস্থ্য ধর্ম পালনেৰে বংশ ৰক্ষা কৰিবা। অথাৎ কল্যাণীয় পথৰ পৰা বিচ্যুত নহ’বা। নিজৰ মংগলৰ কাৰণে কৰণীয় কামৰ পৰা আতঁৰি নাথাকিবা। ধর্মপথৰ পৰা বিচ্যুত নোহোৱাকৈ ধন-সম্পত্তি আহৰণ কৰিবা। দেৱকার্য, পিতৃকার্যত এলাহ নকৰিবা। পিতৃ-মাতৃ-আচাৰ্যক দেৱতা জ্ঞান কৰিবা।

ইয়াৰ লগতে দান সম্পর্কেও বিদ্যার্থীক কোৱা হৈছে যে নিজ সামর্থ্য অনুসৰি শ্রদ্ধাৰে দান কৰিবা। নিজৰ একোৱে নাই বুলি নিদিয়াকৈ নাথাকি বিনম্র তথা সশ্রদ্ধভাবে দান কৰিবা।

৩৭) তৈত্তিৰীয় উপনিষদত গুৰুৱে দিয়া উপদেশখিনিৰ সাৰমৰ্ম বিচাৰ কৰা।

উত্তৰঃ ‘ভাৰতীয় আদর্শত বৈৰাগ্য’ পাঠটিত লেখকে উপনিষদৰ অনুশাসনৰ কথাখিনি উল্লেখ কৰিছে। ইয়াৰ প্রথম কথা দুটা হৈছে – সত্য আৰু ধর্ম। সমাজ আৰু ব্যক্তি জীৱন কল্যাণকৰ তথা সুখদায়ক হ’বলৈ হ’লে প্রত্যেক ব্যক্তিয়ে এই দুটা মহৎ গুণৰ কৰ্ষণ কৰিব লাগিব। অন্যথা ব্যক্তি আৰু সমাজ জীৱন উভয়ে দুখদায়ক, পীড়াজনক আৰু বিশৃংখল হোৱাৰ সম্ভাৱনা থাকে। সত্য আৰু ধৰ্মই হ’ল বিদ্যা আর্জনৰ চৰম লক্ষ্য। সভ্য জীৱন আৰু উন্নত আচৰণৰ বাবে এই নিত্য অধ্যয়ন অপৰিহার্য। তৈত্তিৰীয় উপনিষদৰ আন এঠাইত গুৰুৱে কৈছে যে অন্নক নিন্দা নকৰি যিমান পাৰি সিমান বঢ়াব লাগে। কিয়নো অন্ন বৃদ্ধি কার্য এটা ব্রত।

৩৮) ‘ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ’- কথাখিনি বহলাই লিখা।

উত্তৰ: ভাৰতীয় সংস্কৃতি মূলতঃ বৈদিক সংস্কৃতি। বেদ বুলিলে তিনিখন যজ্ঞীয় বেদ-ঋক, যজু, সাম আৰু এখন অযজ্ঞীয় – অর্থব বেদৰ কথা। বেদৰ প্রধান অংশ দুটা – এটা মন্ত্ৰ আৰু আনটো ব্রাহ্মণ। মন্ত্রভাগ পদ্যত আৰু ব্রাহ্মণভাগ গদ্যত ৰচিত। বেদক কেন্দ্ৰ কৰিয়েই সংহিতা, ব্রাহ্মণ, আৰণ্যক, উপনিষদ আদিৰ সৃষ্টি হৈছে। বৈদিক যুগতেই গঢ়ি উঠিছিল-ব্রহ্মচর্য, গার্হস্থ্য, বানপ্রস্থ আৰু সন্ন্যাস ৰূপত চাৰি আশ্ৰমৰ। এইবোৰেই ভাৰতীয় হিন্দুসকলৰ জীৱনৰ আদর্শ নিৰূপণ কৰি দিয়ে। বিভিন্ন ভাৰতীয় দর্শনত হিন্দু মনীষা তথা চিন্তাধাৰাৰ যি চৰম পৰিণতি লক্ষ্য কৰা যায়, তাৰ মূলেই হৈছে বেদ। বেদৰ কর্মকাণ্ডক অৱলম্বন কৰি মীমাংসা দর্শন আৰু জ্ঞান কাণ্ডক অৱলম্বন কৰি বেদান্ত দর্শন পল্লৱিত হৈছে। এইদৰে বেদৰ মাজতেই প্রাচীন ভাৰতৰ ধর্ম-দর্শন-সমাজ সকলোবোৰ প্রতিফলিত হৈছে বুলি ক’ব পাৰি। সেয়ে পাঠটিত প্রাসংগিকভাৱে লেখকে উল্লেখ কৰিছে যে ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ।

৩৯) বৈৰাগ্য মানে কি ? ভাৰতীয় আদর্শই কেনেধৰণৰ বৈৰাগ্যৰ কথা কৈছে?

উত্তৰঃ বৈৰাগ্য মানে হ’ল এক বিশেষ মানসিক অৱস্থা। যি মানসিক অৱস্থাত বিষয় বা ইন্দ্রিয় ভোগৰ প্রতি আসক্তিহীনতা আহে, সেয়াই বৈৰাগ্য।

লেখকে পাঠটিত বৈৰাগ্যৰ বিশেষ স্থান আছে বুলি উল্লেখ কৰিছে। পালেও নিৰাসক্ত হৈ

থকাতহে প্রকৃত বৈৰাগ্য বুলি লেখকে উল্লেখ কৰিছে। ভোগ আৰু প্ৰাচুৰ্যৰ মাজতো এনে ভাগ্যৰ ভাব থাকিব পাৰে। লাগে লাগে বুলি হাবাথুৰি খাই নোপোৱাৰ পিছত বিৰক্তি ৰূপ বৈৰাগ্যক ভাৰতীয় আদর্শই গ্ৰহণ নকৰে।

৪০) প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা।

ক) “প্রকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধর্ম”।

উত্তৰঃ উক্ত কথাফাঁকি লেখক পণ্ডিত তীর্থনাথ শৰ্মাদেৱৰ দ্বাৰা ৰচিত ‘ভাৰতীয় আদর্শত বৈৰাগ্য’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

ভাৰতীয় আদর্শত ত্যাগ বা বৈৰাগ্য কি তাক ক’বলৈ গৈ উক্ত কথাষাৰ লেখকে অৱতাৰণা কৰিছে। ‘ ভাৰতীয় আদর্শত বৈৰাগ্য বা ত্যাগ এক বিশেষ মানসিক অৱস্থা বা এক বিশেষ মনোধর্ম। এই ত্যাগ বা বৈৰাগ্যৰ স্থান ভাৰতীয় আদর্শত অতি উচ্চ। সকলো থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সঙ্গতি ঘটোৱাটোৱেই হৈছে প্রকৃত ত্যাগ। সেইদৰে পালেও নিৰাসক্ত হৈ থকাটোহে প্রকৃত বৈৰাগ্য। বৈৰাগ্য মানে হৈছে বিষয় বা ইন্দ্রিয় ভোগৰ প্রতি আসক্তিহীনতা।

খ) ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ।

উত্তৰঃ ব্যাখ্যায়ে কথাফাঁকি লেখক পণ্ডিত তীর্থনাথ শৰ্মাদেৱৰ দ্বাৰা ৰচিত ভাৰতীয় আদর্শত বৈৰাগ্য’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। ভাৰতীয় আদর্শত এগৰাকী ব্যক্তিৰ প্রকৃত দায়িত্ব কি হোৱা উচিত সেই কথা ক’বলৈ গৈ উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে। পাঠটিত উল্লেখ কৰা মতে, ব্যক্তিৰ দায়িত্বৰ পৰিধি ক্ৰমাৎ আপোনৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা সমাজ। অর্থাৎ কেৱল নিজৰ কাৰণেই ধন-সম্পদ উপার্জন কৰিলে নহ’ব, পৰিয়ালবৰ্গৰ কাৰণেও, আনকি আচার্য আৰু অতিথিয়ে প্রতিনিধিত্ব কৰা সমাজখনৰ কাৰণেও তেওঁৰ অর্জন অর্পিত কৰিব লাগে।

Leave a Comment

error: Warning, you aare not allowed to copy this element