Join Assam Study Centre Channel

উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ | অসমীয়া |বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো

AHSEC | HS 2nd year Assamese study Materials । অসমীয়া ভাষাত অসমৰ ছাত্র-ছাত্রীসকলৰ বাবে ইণ্টাৰনেটত বিভিন্ন বিষয়ৰ পাঠৰ সমল নাই বুলি কলেও ভূল কোৱা নহয়। সেয়েহে ছাত্র-ছাত্রীসকল উপকৃত হোৱাকৈ অসমীয়া বিষয়ৰ AHSEC (Assam Higher Secondary Education Council) বিভিন্ন পাঠ সমূহৰ সমল আগবঢ়াই দিয়া হৈছে। Assamese HS 2nd year Assamese study Notes

লেখকৰ পৰিচয়ঃ

ডঃ দীনেশ চন্দ্র গোস্বামীৰ জন্ম ১৯৪৯ চনত। বিশিষ্ট বিজ্ঞানী ডঃ দীনেশ চন্দ্র গোস্বামী ৰঙিয়া হাইস্কুলৰ পৰা ১৯৬৩ চনত মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটী কটন কলেজত শিক্ষা গ্রহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদার্থ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ আৰু পি, এইচ. ডি ডিগ্রী লাভ কৰে। গুৱাহাটী বি বৰুৱা কলেজ শিক্ষকতাৰে কর্মজীৱনৰ পাতনি মেলা ডঃ গোস্বামীয়ে পিছৰ কালছোৱাত কটন কলেজত শিক্ষক হিচাপে, নতুন দিল্লীৰ বৈজ্ঞানীক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি. এছ, আই আৰ) আৰু যোৰহাটত থকা আঞ্চলিক গৱেষণাগাৰ (আৰ আৰ এল)ত বৈজ্ঞানিক হিচাপে সেৱা আগবঢ়ায়। আঞ্চলিক গৱেষণাগাৰত সঞ্চালক পর্যায়ৰ বিজ্ঞানী আৰু উপদেষ্টা হিচাপে ২০০৯ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।

অসমীয়া বিজ্ঞান সাহিত্যলৈ ডঃ গোস্বামীৰ বিশেষ অৱদান আছে। তেওঁ জনপ্রিয় বিজ্ঞান আৰু কল্প বিজ্ঞান বিষয়ক প্রায় আঢ়ৈ কুৰিখন গ্রন্থ ৰচনা কৰে। সেইবোৰৰ ভিতৰত উল্লেযোগ্য গ্রন্থবোৰ হ’ল—’বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’, শতাধিক মহান বিজ্ঞানী’, ‘জোনাকীৰ জিলিকনি’, ‘উষ্ণ প্রবাহ’, ‘মোহনীয় বিশ্বব্রহ্মাণ্ড’ আৰু ‘শব্দ, নিৰন্তৰ শব্দ’। এতিয়ালৈক গোস্বামীয়ে অনুবাদ কৰা ১৭ খন গ্রন্থ প্রকাশিত হৈছে। ‘দৃষ্টি’ নামৰ বিজ্ঞান বিষয়ক আলোচনীখনৰ তেওঁ কেইবাবছৰৰ সম্পাদক আছিল। অসম সাহিত্য সভাই প্রকাশ কৰা বিশ্বকোষৰ বিত্ত বিষয়ৰ ৰচনা কৰা অনেক তত্বগধুৰ প্ৰৱন্ধ-পাতি বিভিন্ন কাকত-আলোচনীত প্রকাশিত হৈছে । ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো’ শীর্ষক পাঠটি বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ নামৰ গ্ৰন্থখনৰ পৰা (পৰিবর্ধিত আৰু সম্পাদিত ৰূপত) লোৱা হৈছে।

HS 2nd year Assamese study Notes

১) ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ -শীর্ষক পাঠটিৰ ক’ৰপৰা লোৱা হৈছে?

উত্তৰঃ ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো’ প্রৱন্ধটিৰ লিখক ডঃ দীনেশ চন্দ্র গোস্বামী। বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে।

 

২) বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসম্মত কাৰণ কি?

উত্তৰঃ বসন্ত ৰোগৰ বিজ্ঞানসম্মত কাৰণ হৈছে – ই অতি ক্ষুদ্ৰ ভাইৰাছ বা বিজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ। এনে ভাইৰাছৰ পৰা শৰীৰটোত ৰক্ষা কৰিবৰ বাবে বিজ্ঞানে ছিটা আবিস্কাৰ কৰিছে।

 

৩) আমাৰ বিশ্বব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটন ব্যবস্থাটো কি বুলি কোৱা হয় ?

উত্তৰ: আমাৰ বিশ্বব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটনৰ ব্যবস্থাক বিজ্ঞান বুলি কোৱা হয়।

HS 2nd year Assamese study Notes

 

) যাদু মন্ত্র বা তাবিজ প্ৰভৃতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?

উত্তৰঃ যাদু-মন্ত্র বা তাবিজ প্রভৃতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি।

 

) ডঃ দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা।

উত্তৰঃ ডঃ দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম হ’ল দৃষ্টি।

আপুনি যদি আমাৰ এই HS 2nd year Assamese study Notesপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

)  সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যবহাৰ কৰা অনুচিত?

উত্তৰঃ সপোন হৈছে মানুহৰ অবচেতন মনৰ এক অস্পষ্ট ধাৰণাহে। ইয়াৰ কোনো বাম্ভৱ ভিত্তি নাই। কিছুমান মানুহে সপোনত কোনো ৰোগৰ ঔষধ পোৱা বুলি দাবী কৰে যদিও সেইবোৰ গ্ৰহণ কৰা উচিত নহয়। কাৰণ কোনো ৰোগৰ ঔষধ বিবিধ পৰীক্ষা নিৰীক্ষা কৰিহে প্রস্তুত কৰা হয়। কিন্তু সপোনত ৰোগ আৰু ঔষধৰ কোনো সামঞ্জস্য নাথাকে। সেয়ে সপোনত পোৱা ঔষধ গ্রহণ কৰিলে হিতৰ বিপৰীতে ৰোগীৰ প্ৰাণ নাশৰ শংকা থাকে। সেয়ে সপোনত পোৱা বুলি দাবী কৰা ঔষধ ব্যৱহাৰ কৰা অনুচিত।

 

) বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি?

উত্তৰঃ বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাব আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানী সকলে কোন বস্তু বা ঘটনা লক্ষ্য বা পর্যবেক্ষণ কৰে, তাৰ নতুন তথ্য আৰু নতুন পর্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্রমান কৰিহে গ্ৰহণ কৰে।

 

) মুকলি মন মানে কি?

উত্তৰঃ  আঁকোৰ গোজ হৈ অযুক্তিকৰ পুৰণি কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা বা নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মানসিকতাই হ’ল মুকলি মন ।

 

) ভূত-প্রেত, দেবতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে ?

উত্তৰঃ ভূত-প্রেত, দেৱতা-অপদেবতা আদিৰ কোনো বাস্তব ভিত্তি নাই। এইবোৰ মানুহ অন্ধবিশ্বাসহে।

 

১০)  আদিম মানুহে জুইৰ ব্যৱহাৰ কিদৰে কৰিছিল?

উত্তৰঃ আদিম মানুহ এজনে শিল দলিয়াই থাকোতে শিলে শিলে ঘর্ষণ হৈ জুই উঠিল। সেই পর্যবেক্ষণৰ পিছত তেওঁ জুই জ্বলি উঠা প্রক্রিয়াটো বাৰে বাৰে কৰি থাকিল আৰু সিদ্ধান্তলৈ আহিল যে শিলে শিলে ঘর্ষণ খালে জুই উঠে। তেওঁ জুইৰ ধৰ্ম অধ্যয়ন কৰিলে। এনেদৰে আদিম মানুহে জুইৰ ব্যৱহাৰ শিকিলে।

আপুনি যদি আমাৰ এই HS 2nd year Assamese study Notesপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

১১) ‘আমাৰ বিশ্বব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটন কৰাটোকেই হ’ল বিজ্ঞান’ – কথাষাৰ বুজাই লিখা

উত্তৰঃ আমাৰ বিশ্বব্রহ্মাণ্ডখন ৰহস্যৰে ভৰপুৰ। অর্থাৎ আমি বিশ্বব্রহ্মাণ্ডত যিবোৰ ঘটনা ঘটি থকা দেখি আছে সেইবোৰ ঘটি থকাৰ কিবা নহয় কিবা কাৰণ আছে। আমি সাধাৰণ ধাৰণাৰে সেইবোৰৰ ৰহস্যৰ কোনো সুউত্তৰ পাব নোৱাৰো। বিজ্ঞানে সেইবোৰ ঘটনাৰ  আঁৰত থকা ৰহসা উদঘাটনৰ বাবে চেষ্টা কৰে। ইয়াৰ বাবে বিজ্ঞানে পর্যবেক্ষণ আৰু পৰীক্ষা-নিৰীক্ষণ দ্বাৰা এক সাধাৰণ সত্যত উপনীত হয় আৰু সিদ্ধান্তটো সি একে জাতীয় আৰু একে পৰিস্থিতিত সঁচা বুলি মানি লোৱা হয়। বর্তমানলৈ বিজ্ঞান পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা বহুত ৰহস্য উদঘাটন কৰিছে। উদাহৰণস্বৰুপে আমাৰ পৃথিৱীত ঋতু পৰিৱৰ্তন হয় সেয়া বিজ্ঞানে পর্যবেক্ষন  আৰু পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিছে যে ই পৃথিৱীৰ আহ্নিক গতি আৰু বার্ষিক গতিৰ ফলত সংঘটিত হয়। সেয়ে আমাৰ বিশ্বব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটন কৰা পৰীক্ষা-নিৰীক্ষাটোকেই বিজ্ঞান বুলি কোৱা হয়।

 

১২) বৈজ্ঞানিক মানসিকতা মানে কি বুজাই লিখা।

উত্তৰঃ বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰে কোনো বস্তু বা ঘটনা বিচাৰ বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়েই হ’ল বৈজ্ঞানিক মানসিকতা। বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’বলৈ উচ্চ ডিগ্রীধাৰী  হোৱাৰ প্ৰয়োজন নাই। বিজ্ঞানৰ উচ্চ ডিগ্রীধাৰী হলেও কোনো লোকৰ বৈজ্ঞানিক মানসিকতা  নাথাকিব পাৰে আৰু তেওঁ পৰম্পৰাবাদী আৰু অন্ধবিশ্বাসী হ’ব পাৰে। সমাজৰ নিৰক্ষৰ হোজা লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’ব পাৰে।

 

১৩) বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়?

উত্তৰঃ পর্যবেক্ষণ আৰু পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা কোনো ঘটনাৰ আৰঁত থকা ৰহস্য উদ্ঘাটনৰ প্রচেষ্টাই বিজ্ঞান আৰু বিজ্ঞানসন্মত চিন্তা-চর্চাৰে কোনো ঘটনা বা বস্তু বিচাৰ বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়েই হ’ল বৈজ্ঞানিক মানসিকতা। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্রগতিত অৰিহণা যোগায়। বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে কেতিয়ও ভুত-প্রেত, দেৱতা- অপদেবতা  আদি বিশ্বাস নকৰে যদিহে এইবোৰ বিচাৰ  বিশ্লেষণৰ দ্বাৰা প্রমান কৰিব নোৱাৰি। তেনেদৰে  বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে সপোনত পোৱা ঔষধৰ ওপৰতো বিশ্বাস নকৰে। কাৰণ তেওঁ জানে যে কোনো বেমাৰ ঔষধ পৰীক্ষা- নিৰীক্ষাৰ দ্বাৰাহে প্ৰস্তুত কৰা হয়। সেয়ে  বৈজ্ঞানিক মানসিকতাই মানুহক অন্ধবিশ্বাসৰ পৰা মুক্ত কৰি সমাজৰ প্ৰগতিত অৰিহণা যোগায়।

 

১৪) প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা – ‘বিজ্ঞানৰ গোটই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি’

উত্তৰঃ উক্ত কথাফাকি ‘সাহিত্য সৌৰভৰ অন্তত ডঃ দীনেশ চন্দ্র গোস্বামীয়ে ৰচনা কৰা বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰে’ শীর্ষক প্রবন্ধটোৰ পৰা লোৱা হৈছে। বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ বাবে যে মুকলি মনৰ অধিকাৰী হোৱাটো মূল চর্ত  তাকে কবলৈ গৈ লিখকে উক্ত কথাষাৰৰ অৱতাৰনা কৰিছে।  বৈজ্ঞানিক মানসিকতা আকোৱালি ল’বলৈ মুক্ত বা মুকলি মনৰ প্ৰয়োজন। পূৰণি চিন্তাধাৰা, অন্ধবিশ্বাস যুক্তিহীন ভাবে খামুচি ধৰি থাকিলে কোনেও কেতিয়াও বৈজ্ঞানিক মানসিকতা গঢ়িব নোৱাৰে। বিজ্ঞানীসকল এনে মুক্ত মনৰ অধিকাৰী। তেওঁলোকে সকলো পুর্ব বিশ্বাসৰ পৰা মুক্ত মনলৈ কোনোঘটনা পর্যবেক্ষণ কৰি তথ্যবোৰ সুন্দৰকৈ সজাই ঘটনাটোৰ এক উপকল্প তৈয়াৰ কৰি লয়। পিছত তেনে ঘটনা বা বিষয়ৰ ওপৰত নতুন নতুন তথ্য সংগ্রহ কৰি ধাৰণাটোৰ সঁচা-মিছা নির্ণয় কৰি এক সুস্থিৰ সিদ্ধান্তত উপনীত হয়। বৈজ্ঞানিকসকলৰ মন সদায় যুক্তিযুক্তভাবে নতুন আৰু সঁচাটোক আকোৱালি ল’বলৈ প্ৰস্তুত থাকে। সেইবাবে বিজ্ঞানৰ গোটেই পদ্ধতিটোত মুকলি মনৰ গুৰুত্ব বৰ বেছি।

আপুনি যদি আমাৰ এই HS 2nd year Assamese study Notesপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

১৫) বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বহুতো অন্ধবিশ্বাস চলি আছে। উদাহৰণস্বৰূপে মানুহে কিছুমান বেমাৰ ভূত-প্রেত বা কোনো অপদেৱতাৰ বাবে হয় বুলি বিশ্বাস কৰি যাদু-মন্ত্র, তাবিজ-কবচ আদি গ্ৰহণ কৰে।

বৈজ্ঞানিক মানসিকতাৰ অভাৱত মানুহে দুষিত পানী ব্যৱহাৰ কৰি ডায়েৰীয়া, মেলেৰীয়া, জণ্ডিছ আদি নানা বেমাৰৰ দ্বাৰা আক্রান্ত হয়। 

বৈজ্ঞানিক মানসিকতাৰ অভাৱত মানুহে আঙ্গুলি কাটি তেজ ওলালে তেজখিনি শোহা মাৰি খাই থয়। কিন্তু তেজ চলাচল কৰা অন্ত্রটো আমাৰ আহাৰ জীন নিওৱা তন্ত্রটোৰ পৰা যে পৃথক সেই কথা তেওঁ নাজানে।

 

১৬) ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’- শীর্ষক পাঠটিৰ লিখক কোন?

উত্তৰ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীর্ষক পাঠটি লিখক হ’ল ডঃ দীনেশ চন্দ্র গোস্বামী।

 

১৭) ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’-শীর্ষক পাঠটিৰ ক’ৰপৰা লোৱা হৈছে?

উত্তৰঃ ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীর্ষক পাঠটি বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে।

 

১৮) আই ওলালে গোসানীৰ নাম ধৰা বা গোপিনী সবাহ পতাতে লিখকৰ মতে কেনে ধৰণৰ অনুষ্ঠান ?

উত্তৰঃ আই ওলালে গোসানীৰ নাম ধৰা বা গোপিনী সবাহ পতাটো লিখকৰ মতে ধর্মীয় অনুষ্ঠান।

 

১৯) দাঁতৰ পোকবোৰ প্ৰকৃততে কি?

উত্তৰঃ দাঁতৰ পোকবোৰ প্ৰকৃততে একপ্রকাৰ অণুজীৱহে।

 

২০) আমাৰ সমাজৰ অমানৱীয় আৰু নিকৃষ্ট কথা বুলি লিখকে উল্লেখ কৰা ঘটনাটো কি?

উত্তৰঃ আমাৰ সমাজৰ অমানৱীয় আৰু নিকৃষ্ট কথা বুলি লিখকে উল্লেখ কৰা ঘটনাটো হ’ল ডাইনী হত্যা প্রথা।

আপুনি যদি আমাৰ এই HS 2nd year Assamese study Notesপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

২১) বসন্ত ৰোগ কিহৰ পৰা সৃষ্টি হয়?

উত্তৰঃ বসন্ত ৰোগ একোবিধ অতি ক্ষুদ্র ‘ভাইৰাছ বা বীজাণুৰ পৰা সৃষ্টি হয়।

 

২২) ডঃ দীনেশ চন্দ্র গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ দীনেশ চন্দ্র গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হ’ল –

১) বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা আৰু ২) জোনাকীৰ জিলিকনি।

 

২৩) বিজ্ঞান বুলিলে কাক বুজায় ?

উত্তৰঃ আমাৰ বিশ্বব্রহ্মগুৰ ৰহস্য উদ্ঘাটনাৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান।

 

২৪) বিজ্ঞানীৰ কাম কি?

উত্তৰঃ বিশ্বব্রহ্মাণ্ডত আমি দেখা বস্তু তথা পৰিঘটনাবোৰৰ পর্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্য অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফঁহিয়াই চাই তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা -এইবোৰেই হ’ল বিজ্ঞানীৰ কাম।

 

২৫) প্রথম বিজ্ঞানীজনৰ পদ্ধতি কেনে আছিল?

উত্তৰঃ প্রথম বিজ্ঞানীজনে নিজকে সুধিলে – জুই কেনেকৈ জ্বলে? কেনেকৈ এই জুই অন্য  ঠাইলৈ নিব পাৰি ? তাৰ উত্তৰ বিচাৰি তেওঁ বিভিন্ন বস্তু ঘঁহি চাইছিল। বিভিন্ন বস্তুৰে জুই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। এয়াই আছিল প্রথম বিজ্ঞানীজনৰ পদ্ধতি।

 

২৬) বর্তমান সমাজ বিজ্ঞানীয়ে কেনে কৌশল ব্যৱহাৰ কৰে?

উত্তৰঃ প্রথম বিজ্ঞানীজনৰ পদ্ধতি আজিৰ যুগতো একেবাৰে সলনি হোৱা নাই। মাত্র সি  বেছি সূক্ষ্ম, বেছি নিখুঁত হৈছে। আজিৰ সমাজৰ বিজ্ঞানীজনে খালী চকু, খালী হাতেৰে পর্যবেক্ষণ তথা পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্রপাতি, উন্নত কৌশল ব্যৱহাৰ কৰিছে। পর্যবেক্ষণৰ বাবে তেওঁৰ হাতত  এক্স ৰশ্মিৰ দূৰবীণ, আলোকীয় বা ৰেডিও’  দুৰবীণ, অণুবীক্ষণ যন্ত্র, লেজাৰ ৰশ্মি, অপটিকেল ফাইবাৰ আদি আছে। পৰীক্ষাৰ বাবে তেওঁৰ হাতত উন্নত তর্জুৰ পৰা  আৰম্ভ কৰি পদার্থ-কণা-ত্বৰকৰ দৰে হেজাৰ হেজাৰ বস্তু আছে।

 

২৭)  বিজ্ঞানৰ গোটেই পদ্ধতিত মুকলি মনটোৰ গুৰুত্ব কেনে ধৰণৰ ?

উত্তৰঃ বিজ্ঞানৰ গোটেই পদ্ধতিত মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।  আকোঁৰগোজ  হৈ পুৰণা কথাটোতে লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজকে উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়।

 

২৮) বিশুদ্ধ খোৱাপানীৰ অভাৱত মূলতঃ কেনে ধৰণৰ ৰোগ হ’ব পাৰে?

উত্তৰঃ বিশুদ্ধ খোৱাপানীৰ অভাৱৰ বাবে ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি নানাবিধ ৰোগ হ’ব পাৰে। এইবোৰ ৰোগৰ নির্দিষ্ট কাৰণ আছে আৰু প্রতিষেধক চিকিংসাৰো বৈজ্ঞানিক উপায় আছে।

 

২৯)  কি গুণৰ বাৰে মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈছে- চমুকৈ বুজাই লিখা।

উত্তৰঃ  মানুহ কৌতুহলপ্রিয় প্রাণী। মানুহে সদায় নজনা কথা জানিব খোজে, নুবুজা কথা বুজি ল’ব খোজে। একেবাৰে আদিম মানুহৰ পৰা এতিয়াৰ আধুনিক মানুহলৈ প্রত্যেকৰে এই অনুসন্ধিৎসা আছে। তাৰ বাহিৰেও মানুহৰ আছে কথাবোৰ ভাঙি পাতি চাব পৰা, ফঁহিয়াই চাব পৰা বুদ্ধি। বুদ্ধি আৰু অনুসন্ধিৎসাৰ বাবেই মানুহ উন্নতিৰ পথে আগুৱাই গৈ আছে।

 

৩০) বিজ্ঞানৰ পৰিক্ৰমাৰ আৰম্ভণি কেনেকৈ হ’ল বুলি লিখকে কৈছে।

উত্তৰঃ বিশিষ্ট লেখক ডঃ দীনেশ চন্দ্র গোস্বামীদেৱে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়ি পাৰোঁ’ শীর্ষক প্রবন্ধত উল্লেখ কৰা মতে, বস্তু আৰু ঘটনা লক্ষ্য কৰিব পৰা গুণ, তাক জানিবলৈ বুজিবলৈ আগ্ৰহ কৰা গুণ, আৰু বুজি লৈ সেই বস্তু বা পৰিঘটনা নিজৰ আয়ত্তলৈ অনাৰ  আগ্রহৰ ফলতে মানুহে নানা বস্তু আৰু ঘটনা আৱিস্কাৰ কৰি গৈ থাকিল। এই প্রক্রিযয়াতে বিজ্ঞানৰ প্রক্রিয়াৰো আৰম্ভণি হ’ল।

আপুনি যদি আমাৰ এই HS 2nd year Assamese study Notesপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

৩১) বিজ্ঞানীসকলে সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ বিচৰাৰ ফলত মানৰ সমাজৰ কি লাভ হৈছে ?

উত্তৰঃ বিজ্ঞানীসকলে সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যোৱাৰ বাবেই আমাৰ আহাৰ, আশ্রয়, কাপোৰ-কানি নানা সমস্যাৰ আজি সমাধান হৈছে। তাৰোপৰি প্ৰকৃতিৰ নতুন নতুন দ্রব্য, শক্তি আৰু পৰিঘটনাক আজি মানুহে নিজৰ আয়ত্তলৈ আনিবলৈ সক্ষম হৈছে বা জ্ঞানৰ পিয়াহ গুচাবলৈ সক্ষম হৈছে।

 

৩২) আঙুলি এটা কাটিলে শোহা মাৰি তেজখিনি খাই থ’লে শৰীৰৰ উপকাৰ হয়নে? উত্তৰঃ আঙুলি এটা কাটিলে তেজ ওলালে আমাৰ বহুতে শোহা মাৰি তেজখিনি খাই থয়। তেওঁলোকে সেই কাম কৰি ভাবে যে দেহৰ পৰা ওলোৱা তেজখিনি পুনৰ দেহত ভৰাই থলে। কিন্তু আমাৰ শৰীৰৰ তেজ চলাচল কৰা ব্যবস্থা বা তন্ত্রটো আমাৰ আহাৰ জীন নিওৱা, তন্ত্রটোৰ পৰা একেবাৰে পৃথক। গতিকে পেটলৈ তেজখিনি সুমুৱাই দিলে সি পোনে পোনে সোঁতলৈ গুচি  নাযায়। আনহাতে, দূষিত হৈ পেটত সোমোৱা বাবে সি অপকাৰীহে হ’ব পাৰে।

 

৩৩)  তিৰোতা মানুহৰ মাহেকীয়া কেনে ধৰণৰ প্রক্রিয়া বুজাই লিখা।

উত্তৰঃ তিৰোতা মানুহৰ মাহেকীয়া এক স্বাভাৱিক প্রক্রিয়া। ই কোনো ৰোগ নহয় বা তাৰ দশাত কোনো অণুজীৱ ৰা জীবাণু জড়িত থাকে। তেনে তিৰো্তাই আচলতে দৈনন্দিন কাম কাজ কৰি থাকিব পাৰে। মাথোঁ দৌৰা, ঢেকী দিয়াৰ দৰে টান কাম নকৰাকৈ থকা ভাল। তাৰ বিপৰীতে মাহেকীয়া হোৱা তিৰোতা গৰাকীক পাগৰ পৰা আঁতৰাই, টান কাম কৰিব দি, সেমেকা মজিয়াত কম কাপোৰৰ বিছনাত শুবলৈ দিলে ৰোগ মাতি অনাহে হয়।

 

৩৪) বিজ্ঞানৰ মানৱ জাতিলৈ মূল্যবান অৱদান সম্পর্কে লিখকে প্রকাশ কৰা কথাখিনি বুজাই লিখা।

উত্তৰঃ ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো’ শীর্ষক প্রবন্ধটিত লেখক ড˚ দীনেশ চন্দ্র গোস্বামীদেৱে মানব জাতিলৈ বহু বেছি মূল্যবান অবদান দিছে যেনে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাব আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে পর্যবেক্ষণ কৰে, তাৰ পাছত তথ্যবোৰ সুন্দৰকৈ সজাই লৈ এইটো এনে বস্তু বা এইটো এনে পৰিঘটনা হ’ব লাগে বুলি এটা উপকল্প, এটা ধাৰণা কৰি লয়। তাৰ পিছত নতুন তথ্য নতুন পর্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সচাঁ নে মিছা জানিব খোজে। যদি দেখে যে নতুনকৈ পোৱা তথ্যবোৰে আগৰ ধাৰণাটো বা সিদ্ধান্তটা মানি নচলে, তেনেহলে তেওঁলোকে কোনো দ্বিধাবোধ নকৰাকৈ আগৰ সিদ্ধান্তটো এৰি পেলায়।

 

৩৫) বিজ্ঞানৰ গোটেই পদ্ধতিত মুকলি মনটোৰ গুৰুৰ উদাহৰণসহ বুজাই লিখা

উত্তৰঃ বিজ্ঞানৰ গোটেই পদ্ধতিত মুকলি মনটোৰ গুৰুত্ব বৰ বেছি। আকোৰগোজ হৈ পুৰণা কথাটোত লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনটোৱে ব্যক্তি তথা সমাজকে উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়। উদাহৰণ হিচাপে ক’ব পাৰি যে ‘বোপাককাৰ দিনৰে পৰা এনেদৰে খেতি কৰি আহিছে-এতিয়া এইবোৰ আমাক শিকাবলৈ আহিছ ? বুলি এজনে নিজৰ নিশকতীয়া বীজেৰে, সাৰ-পানী দিয়াৰ পুৰণি পদ্ধতিৰে খেতি কৰিলে। আন এজনে আকৌ তেওঁৰ মুকলি মনটোৰ বাবেই কৃষি বিষয়াৰজনৰ কথাষাৰৰ অন্ততঃ কেইডৰামান মাটিত পৰীক্ষা কৰি চাব খুজিলে। তেওঁ নতুন বীজ আনিলে। মাটি নমুনা পৰীক্ষা কৰাই বিশেষজ্ঞই কোৱা বিধৰ আৰু কোৱা পৰিমাণৰ বিশেষ সাৰ দিলে। তেওঁৰ খেতি প্রথম জন কৃষকতকৈ বহু বেছি ভাল হ’ব।

আপুনি যদি আমাৰ এই HS 2nd year Assamese study Notes পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

৩৬)  সপোনত দেখা ঘটনাবোৰ আৰু ইয়াৰ ফলাফল দাবীৰ ভিত্তি আছেনে?

উত্তৰঃ কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগ নিৰাময়ৰ দৰৱ বা মন্ত্র লাভ কৰা বুলি দাবী কৰে। আন দুই এজন মানুহে হঠাতে কোনো অদ্ভুত শক্তিৰ অধিকাৰী হৈ পৰা বুলি ভূত-ভবিষ্যতৰ কথা ক’ব পৰা, আনকি ভৱিষ্যত নির্ণয় কৰিব পৰা বুলি আৰু প্রায় সকলো ৰোগ নিৰাময় কৰিব পৰা হোৱা বুলি দাবী কৰে। এনে দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত এইবোৰ মিছা বুলি প্রমাণিত হয়। কিন্তু অন্ধবিশ্বাসী এচাম মানুহ পৃষ্ঠপোষকতাতে এইবোৰ ঘটনা ঘটি থাকে। এইবোৰ ঘটনাই ব্যক্তি আৰু সমাজৰ কেনে অনিষ্ট কৰে অলপ ভাবি চালেই অনুভৱ কৰিব পাৰি।

 

৩৭) ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো’- পাঠটিত ছাত্র-ছাত্রীৰ প্ৰতি আগবঢ়োৱা উপদেশখিনি চমুকৈ লিখা।

উত্তৰঃ ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীর্ষক পাঠটিত লেখক ডঃ দীনেশচন্দ্র গোস্বামীদের কেতবোৰ মুলাৱান উপদেশ আগবঢ়াইছে। এনে উপদেশবোৰ হৈছে যে-মনটো মুকলি কৰি ৰাখি নতুন জ্ঞান, নতুন তথ্যৰে নতুন সিদ্ধান্তত উপনীত হ’বলৈ সাজু হোৱা। সকলো কথা চালি-জাৰি চাবলৈ, ফঁহিয়াই চাবলৈ অভ্যাস কৰা। পুৰণি কালৰে পৰা বোপককা দিনৰে পৰা চলি অহা বুলি অনিষ্টকাৰী বা প্রগতিত বাধাৰ সৃষ্টিকাৰী প্ৰথাবোৰ চলাই থাকিব নালাগে। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি থাকিব নালাগে। কৰিব পৰাখিনি কৰি যাৰ লাগে। প্রকৃত বিজ্ঞানী এজনে যেনে মন, তেনে চিন্তা লৈ আগবাঢ়ে, যেনে পদ্ধতি অনুসৰণ কৰে, তেনে মনৰ অধিকাৰী হ’ব লাগে। এনে বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত অৰিহণা যোগাব।

 

৩৮) ভূত-প্রেত, দেৱতা অপদেবতা আদিৰ বাস্তব ভিত্তি আছেনে? কিছুমান মানুহে এইবোৰত গভীৰ বিশ্বাস কৰাৰ ফলত আমাৰ সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে?

উত্তৰঃ ভূত-প্রেত, দেৱতা-অপদেবতা আনিৰ বাস্তুৱ ভিত্তি নাই। প্রার্চীন কালৰ মানুহে বহুতে কথা বা ঘটনাৰ কার্য-কাৰণ সম্পর্ক জনা নাছিল। তেওঁলোকে সেইবোৰ কোনো ভূত-প্রেত, দেৱতা-অপদেবতা আদি অদৃশ্য শক্তিৰ কাণ্ড বুলি বিশ্বাস কৰিছিল। বসন্ত আদি ৰোগ শীতলা আদি অপেশ্বৰীৰ ৰোষত হোৱা বুলি বিশ্বাস কৰিছিল। কিন্তু আধুনিক চিকিৎসা বিজ্ঞানীয়ে প্রমাণ কৰি দেখুৱাইছে যে ভুত-প্রেত, দেৱতা-অপদেৱতা বুলি কো্নো শক্তি নাই।

ভূত-প্রেত, দেৱতা-অপদেৱতা বিশ্বাস কৰা নিষ্ঠুৰ মানুহ কিছুমানে সম্প্রতি “ডাইনী’ বুলি সন্দেহ কৰি দৰিদ্র, নিঠৰুৱা তিৰোতা কেতবোৰক অতি নিষ্ঠুৰভাবে হত্যা কৰি আছে। ই এক জঘন্য অপৰাধ।  

 

৩৯) প্রসংগ-সংগতি দশইি ব্যাখ্যা কৰা – “বিজ্ঞানৰ গোটেই পদ্ধতিটোত এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।”

উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পাঠাপুথিৰ অন্তর্ভুক্ত ডঃ দীনেশচন্দ্র গোস্বামী ৰচিত “বৈজ্ঞানিক  মানসিকতা কিদৰে গঢ়িব পাৰোঁ” শীর্ষক প্রবন্ধটিৰ পৰা তুলি দিয়া হৈছে।

বৈজ্ঞানিক চিন্তাধাৰা, মনোভাব আৰু পদ্ধতিৰ উন্নতি সাধনৰ বাবে যে এক মুকলি মনৰ প্রয়োজন সেই কথা প্রকাশ কৰাৰ প্ৰয়োজনতে লেখকে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

মানৱ জাতিলৈ বিজ্ঞানৰ মহা মূল্যবান অৱদান হ’ল- বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে বৈজ্ঞানিক চিস্তাধাৰাৰে কোনো এটা বস্তু লক্ষ্য বা পর্যবেক্ষণ কৰি, বিশ্লেষণৰ সহায়ত বস্তুটো সম্পর্কে মাত্র এক ধাৰণা গঢ় দিয়ে আৰু পিছত পদ্ধতিগতভাৱে তাৰ পৰীক্ষা সম্পন্ন কৰি সত্যত উপনীত হয়। কিন্তু এই পথত আগবাঢ়িবৰ বাবে মানুহক এটা মুকলি মনৰ প্রয়োজন হয়। কিয়নো আকোৰগোজ হৈ পুৰণা কথাতে লাগি থাকি নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনটোৱে ব্যক্তি তথা সমাজক উন্নতি জখলাৰে আগুৱাই লৈ যায়।

আপুনি যদি আমাৰ এই HS 2nd year Assamese study Notesপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

৪০) আগতে যেতিয়া বহুতো কথাৰ কার্য-কাৰণৰ সম্পর্ক মানুহে জনা নাছিল তেতিয়া সেইবোৰ কেনে ধৰণৰ কার্য বুলি ভবা হৈছিল বুজাই লিখা।

উত্তৰঃ ডঃ দীনেশ চন্দ্র গোস্বামীদেৱে প্রবন্ধটিত উল্লেখ কৰিছে যে শিশুৰ বিভিন্ন ৰোগ প্রতিৰোধৰ কাৰণে বিজ্ঞানীসকলে নানা বেজী-ছিটা আদি আৱিষ্কাৰ কৰিছে। এইবোৰ দিবৰ বাবে দেশৰ চুকে কোণে বিস্তৰ প্রচাৰ চলাইছে। কিন্তু এতিয়াও সন্তানক বেজী/ ছিটা  নিদি বিপদাপন্ন কৰা মাক দেউতাক আমাৰ সমাজত আছে।

আগতে যেতিয়া মানুহে বহুতো কথাৰ কার্য-কাৰণৰ সম্পর্কে জনা নাছিল, তেতিয়া সেই্বোৰ কোনো দেৱ-দেৱতা, ভূত-পিশাচ বা কোনো অদৃশ্য শক্তিৰ কাম বুলি মানি লৈছিল। মানুহে বৰ আই, সৰু  আই বা বসন্ত ৰোগ আদি শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষতে হোৱা বুলি বিশাস কৰিছিল। তেনে দেৱ-দেৱী, ভূত-প্রেতক সন্তুষ্ট কৰিবলৈ মানুহে নানা পূজা নাম-সবাহ-সৎকাৰৰ ব্যৱস্থা কৰিছিল। কিন্তু ৰোগীৰ ঘৰত নাম-সবাহ পাতি মাহ-প্ৰসাদ দিলে তাৰ জৰিয়তে ৰোগী পৰিচৰ্যা কৰোতাসকলৰ সংস্পর্শলৈ অহাৰ ফলত আনি মানুহৰ গালৈ এই ভাইৰাছ বিয়পি যাব পাৰে।

HS 2nd year Assamese study Notes

 

৪১) বৈজ্ঞানিক মানসিকতা কেনেদৰে গঢ়িব পাৰোঁ -বুজাই লিখা।

উত্তৰঃ আকোঁৰগোজ হৈ আওপুৰণি কথাত লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনটোৱে ব্যক্তি তথা সমাজৰ উন্নতিৰ জখলাক আগুৱাই লৈ যায়। কিন্তু ইয়াভ বাবে মনটো মুকলি কৰি ৰাখি নতুন নতুন তথ্যৰে নতুন সিদ্ধান্তত উপনীত হ’বলৈ সাজু থাকিব লাগিব। সকলো কথা চালি-জাৰি চাবলৈ, ফঁহিয়াই চাবলৈ অভ্যাস কৰিব লাগিব। পুৰণিকালৰ বোপাককাৰ দিনৰে পৰা চলি আহিছে বুলি অনিষ্টকাৰী বা প্রগতিত বাধাৰ সৃষ্টি প্রথাবোৰ চলাই নাৰাখি অথবা ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি বহি নাথাকি, কৰিব পৰাখিনি কৰি যাব লাগিব। এনেদৰে প্ৰতিজন মানুহেই বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিব পাৰে।

HS 2nd year Assamese study Notes

 

৪২) অসমীয়া বিজ্ঞান সাহিত্যলৈ ডঃ দীনেশচন্দ্র গোস্বামীৰ অৱদান সম্পর্কে বহলাই লিখা।

উত্তৰঃ অসমীয়া বিজ্ঞান সাহিত্যলৈ ডঃ দীনেশচন্দ্র গোস্বামীৰ বিশেষ অৱদান আছে। তেখেতে জনপ্রিয় বিজ্ঞান (Popular Science) আৰু কল্পবিজ্ঞান (Science Fiction) বিষয়ক আঢ়ৈ কুৰিমান গ্রন্থ ৰচনা কৰিছে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল- “বৈজ্ঞানিক মন, বৈজ্ঞানিক মানসিকতা”, “শতাধিক মহান বিজ্ঞানী”, “জোনাকীৰ জিলিকনি”, “উষ্ণ প্রবা”, “মোহনীয় বিশ্বব্রহ্মাণ্ড”, “শব্দ নিৰন্তৰ শব্দ”। এতিয়ালৈকে  গোস্বামীয়ে অনুবাদ কৰা ১৭ খন  গ্রন্থ প্রকাশিত হৈছে। “দৃষ্টি” নামৰ বিজ্ঞান বিষয়ক আলোচনীখন তেওঁ কেইবাবছৰ সম্পাদনা কৰিছিল। তাৰোপৰি অসম সাহিত্য সভাই প্রকাশ কৰা “বিশ্বকোষ”ৰ বিজ্ঞান বিষয়ৰ খণ্ড তিনিটাৰ তেওঁ মুখ্য সম্পাদক আছিল। ইয়াৰ বাহিৰেও তেওঁৰ অনেক তত্ত্ব গধুৰ প্ৰৱন্ধপাতি কাকত-আলোচনীত প্রকাশিত হৈছে।

আপুনি যদি আমাৰ এই HS 2nd year Assamese study Notesপঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

৪৩) প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

(ক) বিজ্ঞানীসকলে এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যোৱা বাবেই আমাৰ আহাৰ, আয়, কাপোৰ-কানি নানা সমস্যাৰ আজি সমাধান হৈছে।

উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তর্ভক্ত ড˚ দীনেশচন্দ্র গোস্বামী ৰচিত বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীর্ষক প্রবন্ধটিৰ পৰা তুলি দিয়া হৈছে। বৈজ্ঞানিক অনুসন্ধিৎসা তথা বৈজ্ঞানিক ন ন আৱিষ্কাৰৰ ফল প্রকাশ কৰাৰ প্ৰসংগত লেখকে উক্ত কথাফাঁকি অৱতাৰণা কৰিছে।  মানুহ কৌতুহলপ্রিয় প্রাণী, মানুহে নজনা কথা জানিব বিচাৰে। শাৰীৰিক শক্তিৰে দমন বা আয়ত্ত কৰিব নোৱৰা বস্তু বা ঘটনা বুদ্ধি প্রয়োগ কৰি নিজৰ নিয়ন্ত্ৰণলৈ আনিব বিচাৰে। এনে প্রক্রিয়াৰ মাজতে বিজ্ঞান প্রক্রিয়াৰো আৰম্ভণি। বিজ্ঞানত আমি দেখা বস্তু বা ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়। বিজ্ঞানীসকলৰ এনে ব্যাখ্যা, পর্যবেক্ষণ তথা পৰীক্ষা-নিৰীক্ষা সুফলৰ বাবেই আজি মানুহৰ আহাৰ, আশ্রয় তথা কাপোৰ-কানি সমস্যাৰ সমাধান হৈছে।

HS 2nd year Assamese study Notes

 

(খ) বুদ্ধি আৰু অনুসন্ধিৎসাৰ বাবেই মানুহে উন্নতিৰ পথেৰে আগুৱাই গৈ আছে, তাৰ বলতেই মানুহে প্ৰকৃতিৰ নানা সত্য, নানা ৰহস্য উদ্ঘাটন কৰিছে আৰু প্ৰকৃতিৰ শক্তি আৰু সম্পদ নিজ জীৱনৰ মান উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছে।

উত্তৰঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তর্ভুক্ত ডঃ দীনেশচন্দ্র গোস্বামীদেৱ ৰচিত  “বৈজ্ঞানিক মানসিকতা কিলৰে গঢ়িব পাৰো’ শীর্ষক প্রৱন্ধটিৰ পৰা তুলি দিয়া হৈছে।

বুদ্ধি আৰু অনুসন্ধিৎসাৰ বলত মানৱ সমাজৰ কিদৰে উন্নতি হৈছে তাক প্ৰকাশ কৰাৰ প্রসংগত লেখকে উক্ত কথাফাঁকিৰ অৱতাৰণা কৰিছে।

মানুহ বুদ্ধিবৃত্তি সম্পন্ন কৌতূহলপ্রিয় প্রাণী। মানুহে সদায় নজনা কথা জানিবলৈ তথা নুবুজা কথা বুজিবলৈ চেষ্টা কৰে। আদিম মানুহৰ পৰা এতিয়াৰ মানুহলৈ প্রত্যেকৰে এই অনুসন্ধিৎসা আছে। যাৰ ফলত আদিম অৱস্থাৰ পৰা মানুহে বৰ্তমানৰ অৱস্থা লাভ কৰিছে। তাৰোপৰি মানুহৰ আছে কথাবোৰ ভাঙি-পাতি চাব পৰা, ফহিয়াই চাব পৰা, ফঁহিয়াই চাই বুজি ল’ব পৰা বুদ্ধি। বুদ্ধি আৰু অনুসন্ধিৎসাৰ বাবেই আজি মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈ আছে। যাৰ বলত মানুহে প্রকৃতিৰ নানা সত্য, নানা ৰহস্য উদঘাটন কৰিছে আৰু প্ৰকৃতিৰ শক্তি আৰু সম্পদ নিজৰ জীৱনৰ মান উন্নত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিছে।

 

(গ) বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তা, বৈজ্ঞানিক মনোভাৱ, বৈজ্ঞানিক পদ্ধতি।

উত্তৰঃ উক্ত কথাফাঁকি আমাৰ পাঠ্যপুঠিত থকা ডঃ দীনেশচন্দ্র গোস্বামীদেৱ ৰচিত “বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ” শীর্ষক প্রবন্ধটিৰ পৰা তুলি দিয়া হৈছে।

লেখকে বিজ্ঞানৰ মহা মূল্যৱান দান সম্পর্কে ক’বলৈ গৈ উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।

আমাৰ বিশ্বব্রহ্মাণ্ডখনৰ ৰহস্য উদঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান। বিজ্ঞানত আমি দেখা বস্তু আৰু ঘটনাবোৰৰ একোটা সুসংবদ্ধ ব্যাখ্যা দিবলৈ চেষ্টা কৰা হয়। বিজ্ঞানীসকলে লক্ষ্য বা পর্যবেক্ষণ কৰি, তথ্যবোৰ সুন্দৰকৈ সজাই লৈ এইটো এনে বস্তু বা এইটো এনে পৰিঘটনা হ’ব লাগে বুলি এটা উপকল্প, এটা ধাৰণা কৰি লয়। তাৰ পাছত নতুন তথ্য, নতুন পর্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা জানিব খোজে। বিজ্ঞানীসকলৰ এনে  অনুসন্ধিৎসা তথা আৱিষ্কাৰে আধুনিক মানুহৰ মনোজগতত প্রৱেশ কৰি মানুহৰ মন মুকলি কৰিছে। ফলত আজিৰ মানৱ সমাজ বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাব তথা বৈজ্ঞানিক পদ্ধতিৰে উদ্বুদ্ধ হৈছে। এইবোৰ বিজ্ঞানৰেই মহান অৱদান।

Leave a Comment

error: Warning, you aare not allowed to copy this element