HS 2nd Year Assamese Notes । AHSEC Assamese Study Materials। অসমীয়া ভাষাত অসমৰ ছাত্র-ছাত্রীসকলৰ বাবে ইণ্টাৰনেটত বিভিন্ন বিষয়ৰ পাঠৰ সমল নাই বুলি কলেও ভূল কোৱা নহয়। সেয়েহে ছাত্র-ছাত্রীসকল উপকৃত হোৱাকৈ অসমীয়া বিষয়ৰ AHSEC (Assam Higher Secondary Education Council) বিভিন্ন পাঠ সমূহৰ সমল আগবঢ়াই দিয়া হৈছে। AHSEC Assamese| Free Study Notes
HS 2nd Year Assamese Notes
কবি পৰিচয়
নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪) এগৰাকী অসমীয়া কবি, গীতিকাৰ আৰু গৱেষক। তেখেতৰ জন্ম শিৱসাগৰত হৈছিল। তেখেতে সন্দিকৈ মহাবিদ্যালয়ৰ পৰা বি.এ. আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম. এ. পাছ কৰি গুৱাহাটী বি. বৰুৱা মহাবিদ্যালয়ত অধ্যাপনাৰে কর্ম জীৱনৰ পাতনি মেলি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা পদত নিযুক্ত হয়। এই বিশ্ববিদ্যালয়ৰ পৰা তেখেতে জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচপে অৱসৰ গ্ৰহণ কৰে।
তেখেতৰ প্রথম কবিতা পুথিখন হ’ল বন ফিৰিঙৰ জুই। তেখেতৰ অন্যান্য কবিতা পুথিবোৰ হ’ল— দিনৰ পিছত দিন, সমীপেষু, অন্তৰঙ্গ, সুদীর্ঘ দিন আৰু ঋতু। সোণবৰণীয়া আই আৰু সুৰীয়া মাত তেখেতৰ গীতৰ পুথি। দেৱী, শিৱ, আৰু সূর্য তেখেতৰ উল্লেখযোগ্য গৱেষণামূলক গ্রন্থ। ১৯৮৩ চনত সুদীর্ঘ দিন আৰু ঋতু গ্রন্থখনৰ বাবে তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰে। ১৯৯১ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ দুধনৈ অধিবেশনত তেখেতে সভাপতিত্ব কৰিছিল। ২০০৪ চনত ডঃ নির্মলপ্ৰভা বৰদলৈ স্বর্গগামী হয়।
প্রশ্নোত্তৰ
১) নির্মলপ্ৰভা বৰদলৈৰ প্রথম কবিতা পুথিখনৰ নাম লিখা।
উত্তৰঃ ‘বনফৰিঙৰ ৰং’।
২) নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন পুথিৰ বাবে সাহিত্য একাদেমী বঁটা লাভ কৰে?
উত্তৰ : ‘সুদীর্ঘ দিন আৰু ঋতু’ গ্ৰন্থখনৰ বাবে।
৩) কৰুণতম কবিতাটো কবিৰ কোনখন কবিতা পুথিত সংকলিত হৈছে?
উত্তৰঃ দিনৰ পাছত দিন’ নামৰ কাব্যপুথিত সংকলিত হৈছে।
৪) ‘কৰুণতম’ কোন শ্রেণীৰ কবিতা?
উত্তৰঃ আধুনিক কবিতা।
HS 2nd Year Assamese Notes | AHSEC
৫) নির্মলপ্ৰভা বৰদলৈৰ তিনি কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ তিখিন কবিতা পুথিৰ নাম হ’ল -‘বনফৰিঙৰ ৰং’, ‘দিনৰ পাছত দিন’, আৰু সুদীর্ঘ দিন আৰু ঋতু।
৬) নির্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম লিখা।
উত্তৰঃ নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গীতৰ পুথিৰ নাম হ’ল- ‘সোণবৰণীয়া আই, আৰু ‘সুৰীয়া মাত’।
৭) নির্মলপ্ৰভা বৰদৰৈ গৱেষণামূলক গ্রন্থ তিনিখনৰ নাম লিখা।
উত্তৰঃ নিৰ্মলপ্ৰভা বৰদৰৈ গৱেষণামূলক গ্রন্থ তিনিখনৰ নাম হল– ‘দেৱী’, ‘শিৱ’ আৰু সূৰ্য্য।
৮) ‘কৰুণতম’ আৰু ‘সুভাস’ শব্দ দুটাৰ অৰ্থ লিখা।
উত্তৰঃ ‘কৰুণতম’ শব্দৰ অৰ্থ হ’ল অধিক দুখজনক আৰু ‘সুভাস ’শব্দৰ অৰ্থ হ’ল সুগন্ধ।
৯) ‘কৰুণতম’ কবিতাৰ আধাৰত কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ‘কৰুণতম’ কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য হল- আধুনিক কবিতাত নগৰীয়া জীৱনৰ প্রতি বিদ্বেষভাব আৰু গাঁৱলীয়া জীৱনৰ প্রতি আকর্ষণ প্রকাশ পায়।
দ্বিতীয়তে, আধুনিক কবিতাত চুটি চুটি কাব্যিক বাক্য প্রয়োগ কৰা হয়।
১০) ‘কৰুণতম’ কবিতাটিৰ নামকৰণৰ তাৎপর্য বিশ্লেষণ কৰা।
উত্তৰঃ ‘কৰুণতম’ কবিতাটিত কবিৰ মনত উদয় হোৱা অতীতৰ প্রতি দুখ বা কাৰুণ্য প্রকাশ পাইছে। কবিয়ে নিজৰ দেউতাকক হেৰুৱাইছে। তেওঁৰ দেউতাক এজন খেতিয়ক আছিল বাবে যেতিয়া কবিয়ে আহিনৰ পথাৰৰ গোন্ধ পায় তেতিয়া তেওঁৰ দেউতাকলৈ মনত পৰে। সেইদৰে দোকানৰ জাপ ভঙা গামোচাৰ সুভাসে কবিৰ মনত মাতৃ স্মৃতি জাগ্রত কৰে। কবিৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ কৰ্মৰ জৰিয়তে সময়ৰ বুকুত স্বাক্ষৰ ৰাখি থৈ গৈছে।
কিন্তু কবিয়ে নিজৰ সন্তান বা ভৱিষ্যত প্রজন্মৰ বাবে কোনো স্বাক্ষৰ ৰাথি থৈ যাব পৰা নাই। সেয়া উপলব্ধি কৰি কবিৰ মনত দুখ উপজিছে।
এইদৰে বিশ্লেষণ কৰিলে দেখা যায় যে কবিতাটিৰ বিষয়-বস্তুত কবিৰ মনৰ দুখ বা কাৰণ প্রকাশ পাইছে। সেয়ে ‘কৰুণতম’ কবিতাটিৰ নামকৰণ সার্থক হৈছে।
১১) ‘কৰুণতম’ কবিতাত কবিৰ পিতৃ-মাতৃৰ গভীৰ প্রতি শ্রদ্ধা প্রকাশ নেকি বিচাৰ কৰা।
উত্তৰঃ ‘কৰুণতম’ কবিতাটিত কবিৰ পিতৃ-মাতৃৰ প্রতি কবিৰ গভীৰতম শ্রদ্ধা প্রকাশ পাইছে।
কবিতাটিত আমি পাওঁ যে কবিয়ে যেতিয়া আহিনৰ পথাৰৰ গোন্ধ পায় তেতিয়া দেউতাকৰ কথা মনত পৰে । কাৰণ কবিৰ দেউতাক এজন কৃষক আছিল। সেইদৰে দোকানৰ জাপ-ভঙা গামোচাৰ সুবাসে কবিৰ মনত মাতৃ-স্মৃতি জাগ্রত কৰে। কাৰণ কবিৰ মাক এগৰাকী শিপিনী আছিল। ইয়াৰ উপৰিও কবিৰ পিতৃ-মাতৃয়ে সময়ৰ বুকুত তেওঁলোকৰ অস্তিত্বৰ স্বাক্ষৰ ৰাখি থৈ যোৱা বুলি কবিয়ে স্বাকীৰ কৰিছে। কবিৰ ভাষাত-
“আহিনৰ পথাৰৰ গোন্ধ
কেনেবাকে নাকত আহি লাগিলে
মই হেৰা পাওঁ দেউতাক।
দোকানৰ জাপ-ভঙা
গামোচাৰ সুভাসত
মই হেৰা পাওঁ মোৰ আইক।”
এনেদৰে কবিতাটিত পিতৃ-মাতৃৰ প্রতি কবিৰ গভীৰ শ্রদ্ধা প্রকাশ পাইছে।
HS 2nd Year Assamese Question Answer
১২) ‘কৰুণতম’ কবিতাত কবিৰ অন্তৰৰ গভীৰ দুখবোধ কেনেদৰে প্ৰকাশ পাইছে বিচাৰ কৰা।
উত্তৰঃ ‘কৰুণতম’ কবিতাটিত কবিৰ অন্তৰৰ গভীৰ দুখবোধ প্রকাশ পাইছে।
প্রথমতে, কবিয়ে নিজৰ দেউতাকক হেৰুওৱা বা দুখ অনুভৱ কৰিছে। তেওঁৰ দেউতাক এজন খেতিয়ক আছিল। সেয়ে কবিয়ে আহিনৰ গোন্ধ পালে দেউতাকৰ কথা মনত পৰে, লগে লগে তেওঁৰ মন কাৰুণ্যৰে ভৰি পৰে। দ্বিতীয়তে, কবিৰ মাকৰ মৃত্যু হৈছে। তেখেত এগৰাকী শিপিনী আছিল। সেয়ে দোকনৰ জাপ ভঙা গামোচাৰ সুভাসত কবিৰ মনত আইৰ স্মৃতি জাগি উঠে। অর্থাৎ কবিৰ পিতৃ-মাতৃয়ে কবিৰ মনত তেওঁলোকৰ কাম-কাজৰ স্বাক্ষৰ ৰাখি থৈ গৈছে। কবিয়ে দুখ অনুভৱ কৰি কৈছে যে তেওঁৰ পিতৃ-মাতৃয়ে কবিৰ বাবে তেওঁলোকৰ জীৱন কালৰ স্মৃতি ৰাখি থৈ গৈছে যদিও কবিয়ে নিজৰ সন্তানৰ কাৰণে কোনো স্মৃতি ৰাথি থৈ যাব পৰা নাই বুলি আক্ষেপ কৰিছে।
গতিকে দেখা যায় কবিতাটিত কবিৰ অন্তৰৰ গভীৰ দুখবোধ প্রকাশ পাইছে।
১৩) ‘কৰুণতম’ কবিতাত প্ৰকাৰান্তে গ্রাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্র অংকন হোৱা বুলি ক’ব পাৰি নেকি বিচাৰ কৰা।
উত্তৰঃ ‘কৰুণতম’ কবিতাটিত প্ৰকাৰান্তে গ্রাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্র প্রকাশ হোৱা বুলি ক’ব পাৰি। কাৰণ—
কবিয়ে গ্রাম্য জীৱনৰ প্রতি এক শ্রদ্ধাবোধ অনুভৱ কৰিছে। কবিয়ে কৈছে যে আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে তেওঁৰ নাকত লাগিলে দেউতাকৰ কথা মনত পৰে। কাৰণ তেওঁৰ দেউতাক এজন কৃষক আছিল। আনহাতে দোকানৰ জাপ ভঙা গামোচাৰ সুভাসত তেওঁৰ আইৰ কথা মনত পৰে। কাৰণ তেওঁৰ মাক এগৰাকী শিপিনী আছিল। শেষত নগৰত বাস কৰা কবিয়ে দুখ কৰি কৈছে যে তেওঁৰ মাক-দেউতাকে কবিৰ কাৰণে গ্রাম্য জীৱনৰ স্মৃতি ৰাখি থৈ গৈছে। কিন্তু কবিয়ে নগৰীয়া জীৱনত তেনে কোনো স্মৃতি পৰৱর্তী বংশধৰসকলৰ কাৰণে ৰাখি থৈ যাব পৰা নাই বুলি দুখ কৰিছে।
গতিকে দেখা যায় কবিতাটিত গ্রাম্য জীৱন আৰু নগৰীয়া জীৱনৰ সংঘাতৰ চিত্ৰ অংকিত হৈছে।
আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।
১৪) প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰ ।
“মই মোৰ
সন্তানৰ কাৰণে
ক’ত থৈ যাম
ক‘ত ??”
উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি সাহিতৰ সৌৰভৰ অন্তৰ্গত ডঃ নির্মলপ্রভা বৰদলৈয়ে ৰচনা কৰা ‘কৰুণতম’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
আধুনিকতাৰ প্ৰভাৱত নিজৰ স্বকীয়তা হেৰুৱাৰ উপক্রম হোৱাত কবিয়ে নিজৰ অস্তিত্বৰ প্রতি সন্দিহান হৈ উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।
কবিয়ে আক্ষেপৰ সুৰত, কৈছে যে গাঁৱলীয়া জীৱনৰ নির্মল, মধুময় প্রাকৃতিক পৰিবেশ হেৰাই গৈছে। সৰুকালত পোৱা গাঁৱলীয়া স্বকীয়তা এতিয়া মাথো এক স্মৃতি হৈ ৰৈ আছে। তেওঁৰ পিতৃ-মাতৃয়ে নিজৰ নিজৰ স্বকীয় কর্মৰে তেওঁলোকৰ স্বাক্ষৰ ৰাখি থৈ গৈছিল। কিন্তু সময়ৰ সোঁতত কবিয়ে গাঁৱলীয়া জীৱনৰ সহজ-সৰল স্বকীয়তা হেৰুৱাই পেলাইছে।
সেয়ে তেওঁ দুখ কৰি কৈছে যে তেওঁৰ ভৱিষ্যত প্রজন্মৰ বাবে তেওঁ কোনো ধৰণৰ স্বকীয়তাৰ স্বাক্ষৰ ৰাখি থৈ যাব নোৱাৰিলে।
১৫) কবিতাটিৰ মূল কথা লিখা ।
উত্তৰঃ এই কবিতাটি ১০ শাৰীৰ এটি কবিতা। কবিতাটিত গ্রাম্য জীৱনৰ ভাৱধাৰা প্রকাশ হৈছে। আধুনিকতাই মানুহৰ স্বাভাবিকতা ম্লান কৰিছে। তথাপিও কবিয়ে নিজস্বতা হেৰুৱাব নোখোজে। কবিৰ দেউতাক এজন কৃষিজীৱী আছিল। তেওঁৰ পথাৰ, বোকা-পানী, ধাননিৰ সৈতে সম্পর্ক আছিল। সেয়ে আধুনিক সময়ে তেওঁৰ গাঁৱৰ সৈতে থকা সম্পর্ক ছিঙিব পৰা নাই। আহিনৰ পথাৰৰ গোন্ধ নাকত লাগিলে কবিয়ে নিজৰ পিতৃক বিচাৰি পায়। গামোচাৰ ঘ্রাণেও তেওঁক মাকলৈ মনত পেলাই দিয়ে। কিন্তু তেওঁৰ সন্তানে তেওঁক কিদৰে মনত ৰাখিব। তেওঁ নিজাকৈ কিবা সংস্কৃতি সন্তানক দিব পাৰিবনে বুলি কবিৰ মনত প্রশ্ন জাগিছে।
১৬) কবিয়ে কেনে ধৰণৰ সমাজ এখন কবিতাটিত দাঙি ধৰিছে?
উত্তৰঃ কবিয়ে অসমীয়া গাঁৱলীয়া সমাজক কবিতাটিত দাঙি ধৰিছে।
কিদৰে অন্যান্য পাঠৰ HS 2nd Year Assamese Notes লাভ কৰিব ?
অসমীয়া বিষয়ৰ অন্যান্য পাঠসমূহৰ HS 2nd Year Assamese Notes লাভ কৰিবলৈ তলত লিংক দিয়া হৈছে। আপোনাৰ প্রয়োজনীয় পাঠৰ লিংকত ক্লিক কৰিলে HS 2nd Year Assamese লাভ কৰিব পাৰিব।