Join Assam Study Centre Channel

উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ | অসমীয়া |মিলন

AHSEC Assamese Study Materials। অসমীয়া ভাষাত অসমৰ ছাত্র-ছাত্রীসকলৰ বাবে ইণ্টাৰনেটত বিভিন্ন বিষয়ৰ পাঠৰ সমল নাই বুলি কলেও ভূল কোৱা নহয়। সেয়েহে ছাত্র-ছাত্রীসকল উপকৃত হোৱাকৈ অসমীয়া বিষয়ৰ AHSEC (Assam Higher Secondary Education Council) বিভিন্ন পাঠ সমূহৰ সমল আগবঢ়াই দিয়া হৈছে। AHSEC Assamese| Free Study Notes

 

কবি পৰিচয়ঃ

নলিনীবালা দেৱী (১৮৯৮ — ১৯৭৭) হৈছে অসমীয়া ভাষাৰ এগৰাকী অতিন্দ্রীয় ৰহস্যবাদী (আধ্যাত্মিক) কবি। তেখেত আছিল অসমৰ কর্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ জীয়ৰী। নিচেই সৰু কালতে তেওঁৰ বিয়া হয়। ঊনৈশ বছৰ বয়সত তেওঁৰ স্বামী বিয়োগ হয়। ইয়াৰ পিছত দুই সন্তানকো হেৰুৱায়। স্বামী আৰু সন্তান হেৰুৱা বেদনাত হৃদয় – মন ব্যথিত হৈ উঠাত তেখেতে ঘৰতে বাংলা আৰু সংস্কৃত সাহিত্য অধ্যয়ন কৰিবলৈ লয় আৰু লগে লগে কাব্য সাধনাত ব্ৰত হয়। তেখেতৰ সৰহভাগ কবিতাতে অতিন্দ্রীয় ৰহস্যবাদী সুৰ প্রতিধ্বনিত হৈছে। তেওঁ ৰচনা কৰা কাব্য পুথিবোৰ হৈছে—সপোনৰ সুৰ, সন্ধিয়াৰ সুৰ, পৰশমণি, অলকানন্দা, অন্তিম সুৰ অদি। স্মৃতিতীর্থ আৰু বিশ্বদীপা তেওঁৰ আত্মজীৱনীমূলক গ্রন্থ। তেখেতৰ সৰহভাগ কবিতাই আত্ম-মনৰ শোক, দুখ, বেদনা আৰু কাৰুণ্যৰ কাব্যিক ছন্দোময় অভিব্যক্তি।

১৯৬৮ চনত অলকানন্দা কবিতা পুথিৰ বাবে তেখেতে সাহিত্য অকাডেমী বঁটা লাভ  কৰে। ১৯৫৪ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ ত্রয়োবিংশ অধিবেশনত তেওঁ সভানেত্রী আছিল। ১৯৫৮ চনত ভাৰত চৰকাৰে তেওঁক ‘পদ্মশ্রী’ উপাধি প্রদান কৰে। ১৯৭৭ চনত তেওঁৰ মৃত্যু হয়।

AHSEC Assamese| Free Study Notes

প্রশ্নোত্তৰ

 

১) নলিনীবালা দেৱীক কি কবি ৰূপে জনা যায়?

উত্তৰঃ নলিনীবালা দেৱীক অতীন্দ্রিয়বাদী কবি বুলি জনা যায়।

 

২) নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হ’লঃ এৰি অহা দিনবোৰ।

 

৩) ‘জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ কি মনোভাব প্রকাশ পাইছে?

উত্তৰঃ নলিনীবালা দেৱীৰ ‘জাগৃতি’ কাব্যগ্রন্থখনৰ মাজেদি ৰহস্যবাদী ভাৱ আৰু ভগবৎ-প্রীতিৰ মনোভাৱ প্রকাশ পাইছে।

 

৪) “মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি কাক বুজাইছে?

উত্তৰঃ মিলন কবিতাটিত কৰিয়ে ‘তোমাৰ’ বুলি সৃষ্টিকর্তা ভগৱানক বুজাইছে।

 

৫) নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ নলিনীবালা দেৱীয়ে ‘অলকানন্দা’ কাব্যগ্রন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

৬) নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনী গ্রন্থৰ নাম লিখা।

উত্তৰঃ নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীমূলক গ্রন্থৰ নাম হ’ল – “স্মৃতিতীর্থ” আৰু “বিশ্বদীপা” ।

 

৭) কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰশন দিয়ে?

উত্তৰঃ কবিয়ে সপোনে-দিঠকে পৰমজনৰ অস্তিত্বক হৃদয়ৰ মাজত অনুভৱ কৰে। ৰাতিপুৱা সুর্য উদয় হোৱাৰ পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিৰ আৰাধ্য দেৱতাজনে তেওঁক দেখা দিয়ে। অর্থাৎ পৰমজনৰ অস্তিত্ব কবিয়ে ভিন ভিন ৰূপত অনুভৱ কৰে।

 

৮) কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে “আছা মোৰ নিজান কোণত” বুলি পৰম আৰাধ্য দেৱতা পৰম ঈশ্বৰৰ কৈছে। অর্থাৎ কবিয়ে নিজৰ হৃদয়ত পৰম ঈশ্বৰক সকলো সময়তে অনুভৱ কৰি থাকে।

 

৯) কোনে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েহি ?

উত্তৰঃ কবিয়ে ভাবে যে বিশ্বব্রহ্মাণ্ডৰ প্ৰতিটো বস্তুৰ মাজেদিয়ে পৰম ঈশ্বৰৰ  অস্তিত্ব প্রকাশ পাই আছে। সেয়ে কবিৰ মতে ৰাতিপুৱা নিয়ৰৰ মালা গাঁথি পৰম ঈশ্বৰেই তেওঁক দেখা দিয়ে।

 

১০) ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায় ?

উত্তৰঃ ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে পৰম ঈশ্বৰকেই দেখা পায় অর্থাৎ কবিৰ মতে ঈশ্বৰ সৰ্বব্যাপী।

AHSEC Assamese| Free Study Notes

 

১১) নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাৱধাৰা প্ৰকাশ পাইছে? তোমাৰ পাঠটিৰ আধাৰত আলোচনা কৰা।

উত্তৰঃ নলিনীবালা দেৱী অতীন্দ্রিয় তথা ৰহস্যবাদী কবি। অতীন্দ্রিয় কবিসকলে সকলোতে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰাৰ দৰে কবি নলিনীবালা দেৱীয়েও আৰাধ্যজনৰ অস্তিত্ব বিশ্বৰ সকলোতে উপলব্ধি কৰিছে।

নলিনীবালা দেৱীৰ ‘মিলন’ নামৰ কবিতাটিৰ মাজেদি এই ভাৱটোৱে অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দর্য-সুষমাই কবিৰ ভগবৎ প্রীতি ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূর্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ধৰণে অনুভৱ কৰে।

কবিয়ে এই অনুভৱক পৰমজনৰ লগত অন্তহীন মিলন বুলি অভিহিত কৰিছে।

 

১২)  “মিলন” কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা।

উত্তৰঃ “মিলন” নামৰ কবিতাটিত কবিয়ে পৰমেশ্বৰৰ লগত নিজৰ আত্মাৰ মিলন হোৱাৰ কথা বুজাব বিচাৰিছে। কবিয়ে সপোনে-দিঠকে পৰমজনৰ  অস্তিত্বক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধুলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দর্য-সুষমাই কবিৰ ভগৱৎ প্রীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূর্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ধৰণে  অনুভৱ কৰে অর্থাৎ ঈশ্বৰ আত্মাৰ লগত নিজৰ আত্মাৰ মিলন হোৱা বুলি অনুভৱ কৰে।

 

১৩) কবিয়ে পৰম আৰাধ্যজনক ক’ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে, চমুকৈ আলোচনা কৰা।

উত্তৰঃ কবিয়ে সপোনে-দিঠকে পৰমজনৰ অস্তিত্ব নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দর্য-সুষমাই কবিৰ ভগৱৎ প্রীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূর্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰজনৰ অক্তিত্ব ভিন ভিন ৰূপত দেখা পায় বুলি কৈছে।

 

১৪) কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কি বুজাইছে ব্যাখ্যা কৰা।

উত্তৰঃ কবিয়ে ‘মিলন’ নামৰ কবিতাটিত ঈশ্বৰৰ লগত নিজৰ আত্মাৰ অনন্ত মিলন হোৱা বুলি ক’ব বিচাৰিছে।  

নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দর্য-সুষমাই কবিৰ ভগৱৎ প্রীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূর্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্রাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ৰূপত দেখা পায় বুলি কৈছে অর্থাৎ ঈশ্বৰৰ আত্মাৰ লগত নিজৰ আত্মাৰ মিলন হোৱা বুলি অনুভৱ কৰে।

আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

১৫) কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্ৰকাশ পাইছে, চমুকৈ আলোচনা কৰা।

উত্তৰঃ নলিনীবালা দেৱী অতীন্দ্রিয় বা ৰহস্যবাদী অর্থাৎ আধ্যাত্মিক ভাবধাৰাৰ কবি।

অতীন্দ্রিয়বাদী কবিসকলে সকলোতে ঈশ্বৰৰ অস্তিত্ব অনুভৱ কৰাৰ দৰে কবি  নলিনীবালা দেৱীয়েও  আৰাধ্যজনৰ অস্তিত্ব বিশ্বৰ সকলোতে উপলব্ধি কৰিছে।

নলিনীবালা দেৱীৰ ‘মিলন’ নামৰ কবিতাটিৰ মাজেদি এই ভাৱটোৱে প্রতিধ্বনিত হৈছে। কবিয়ে সপোনে-দিঠকে পৰমজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দর্য-সুষমাই কবিৰ ভগবৎ প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূর্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে হলে গুণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ধৰণে অনুভৱ কৰে। কবিয়ে এই অনুভৱক পৰমজনৰ লগত অন্তহীন মিলন বুলি অভিহিত কৰিছে।

 এনেদৰে কবিয়ে ‘মিলন’ নামৰ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি ব্যক্ত কৰিছে।

 

১৬)  নলিনীবালা দেৱীয়ে কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে?

উত্তৰঃ ১৯৬৮ চনত।

 

১৭) সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী অসমৰ মহিলা কবি কোন?

উত্তৰঃ নলিনীবালা দেৱী।

AHSEC Assamese| Free Study Notes

 

১৮) নলিনীবালা দেৱীয়ে কোন চনত, কোন স্থানত বহা অসম সাহিত্য সভাৰ সভাপতি হৈছিল?

উত্তৰঃ ১৯৫৪ চন, যোৰহাটত বহা অসম সাহিত্য সভা অধিবেশনত।

 

১৯) নলিনীবালা দেৱীক ভাৰত চৰকাৰে কি উপাধিৰে বিভূষিত কৰিছিল?

উত্তৰঃ পদ্মশ্রী।

 

২০) “মিলন’ কবিতাটি নলিনীবালা দেৱীৰ কোনখন কবিতা পুথিৰ অন্তৰ্গত? উত্তৰঃ সন্ধিয়াৰ সুৰ।

 

২১) নলিনীবালা দেৱীৰ স্বদেশপ্রেমৰ সুৰ প্ৰকাশিত হোৱা কাব্য সংকলন দুখনৰ নাম কি?

উত্তৰঃ ‘যুগ দেৱতা’ আৰু ‘জাগৃতি।

 

২২) নলিনীবালা দেৱীৰ আধ্যাত্মিক ভাৱৰ প্রতিধ্বনি থকা কাব্য সংকলন দুখনৰ

কি?

উত্তৰঃ ‘সন্ধিয়াৰ সুৰ’ আৰু পৰশমণি’।

 

২৩) নলিনীবালা দেৱীৰ পিতৃৰ নাম কি?

উত্তৰঃ কর্মবীৰ নবীন চন্দ্ৰ বৰদলৈ।

 

২৪) নলিনীবালা দেৱীক কি কবি ৰূপে জনা যায়?

উত্তৰঃ নলিনীবালা দেৱীক অতীন্দ্রিয়বাদী কবি বুলি জনা যায়।

 

২৫) “জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ কি মনোভাব প্রকাশ পাইছে?

উত্তৰঃ নলিনীবালা দেৱীৰ ‘জাগৃতি’ কাব্যগ্রন্থখনৰ মাজেৰে কবিৰ স্বদেশপ্রেম প্রবাহিত হৈছে।

 

২৬) “মিলন’ কবিতাটিত কবিয়ে তোমাৰ বুলি কাক বুজাইছে?

উত্তৰঃ মিলন কবিতাটিত কবিয়ে ‘তোমাৰ’ বুলি সৃষ্টিকর্তা ভগৱানক বুজাইছে।

 

২৭) নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থখনৰ বাবে সাহিত্য অকাডেমী বটা লাভ কৰিছিল?

উত্তৰঃ নলিনীবালা দেৱীয়ে ১৯৬৮ চনত ‘অলকানন্দা’ কাব্যগ্রন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

 

২৮) নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি?

উত্তৰঃ নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হ’ল- ‘এৰি অহা দিনবোৰ’।

 

২৯) নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা।

উত্তৰঃ নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম হ’ল – স্মৃতিতীর্থ আৰু বিশ্বদীপা।

 

৩০) কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দর্শন দিয়ে?

উত্তৰঃ কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক মনৰ পৰা উদয় হোৱা মানসৰ তীৰে তীৰে দৰশন দিয়ে।

আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

৩১) কবিয়ে ‘আছা মোৰৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে?

উত্তৰঃ কবিয়ে ‘আছা মোৰৰ নিজান কোণত’ বুলি পৰম আৰাধ্যজনৰ কথা বুজাইছে।

 

৩২) কোনে নিয়ৰৰ মালা গাঁথি ৰাতিপূৱা কৰিক দেখা দিয়েহি?

উত্তৰঃ পৰম আৰাধ্যজনে নিয়ৰৰ মালা গাথি ৰাতিপুৱা কবিক দেখা দিয়েহি।

 

৩৩) ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায় ?

উত্তৰঃ ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে পৰম আৰাধ্যজনক দেখা পায়।

 

৩৪) নলিনীবালা দেৱীৰ জন্ম কেতিয়া হয়?

উত্তৰঃ নলিনীবালা দেৱীৰ ১৮৯৮ চনৰ ২৩ মার্চত গুৱাহাটীত জন্ম হয়।  

 

৩৫) তেওঁ কাৰ কন্যা আছিল?

উত্তৰঃ তেওঁ কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ জ্যেষ্ঠা কন্যা আছিল।

 

৩৬) তেওঁ কিয় গভীৰ শোকত ম্রিয়মান হৈছিল?

উত্তৰঃ  মাথোঁ ১৯ বছৰ বয়সতে স্বামী বিয়োগ আৰু তাৰ পিচত দুটি সন্তানৰ মৃত্যু হোৱাত তেওঁ গভীৰ শোকত ম্রিয়মান হৈছিল।

 

৩৭) নলিনীবালা দেৱীৰ কবিতাত কি ধাৰণা প্রকাশ পাইছে?

উত্তৰঃ নলিনীবালা দেৱীৰ কবিতাত মূলত অতিন্দ্রীয়বাদী বা ৰহসাবাদী ভাব আৰু ভগৱৎ প্রীতিৰ ধাৰণাই প্রকাশ পাইছে।

 

৩৮)  নলিনীবালা দেৱীৰ কেইখনমান উল্লেখযোগ্য কাব্য গ্রন্থৰ নাম লিখা।

উত্তৰঃ নলিনীবালা দেৱীৰ কেইখনমান উল্লেখযোগ্য কাব্য গ্রন্থৰ নাম হ’ল – সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি, যুগ দেৱতা, জাগৃতি, অলকানন্দা, অন্তিম সুৰ আদি।

 

৩৯) কবিৰ কোনকেইখন কাব্যগ্রন্থৰ মাজেৰে আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্রতিধ্বনিত হৈছে ?

উত্তৰঃ কবিৰ সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, পৰশমণি,  অলকানন্দ আৰু অন্তিম সুৰ কাব্যৰ মাজেৰে আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্রতিধ্বনিত হৈছে।

 

৪০) তেওঁৰ কোন দুখন কাব্য গ্রন্থত স্বদেশপ্রেমৰ সুৰ প্ৰৱাহিত হৈছে?

উত্তৰঃ তেওঁৰ যুগ দেৱতা আৰু জাগৃতি কাব্যগ্রন্থত স্বদেশ প্ৰেমৰ সুৰ প্ৰৱাহিত হৈছে।

 

৪১) তেওঁ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল?

উত্তৰঃ তেওঁ ১৯৫৪ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ ত্ৰয়োবিংশ অধিৱেশনৰ সভাপতি আছিল।

 

৪২) ভাৰত চৰকাৰে তেওঁক কেতিয়া আৰু কি উপাধি প্রদান কৰে?

উত্তৰঃ ১৯৫৮ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্রী উপাধি প্রদান কৰে।

 

৪৩) নলিনীবালা দেৱীয়ে কেতিয়া ইহলীলা সম্বৰণ কৰে?

উত্তৰঃ ১৯৭৭ চনৰ ২৪ ডিচেম্বৰ তাৰিখে নলিনীবালা দেৱীয়ে ইহলীলা সম্বৰণক কৰে।

 

৪৪) মিলন কবিতাটি নলিনীবালা দেৱীৰ কোনখন কাব্য গ্রন্থৰ পৰা তুলি দিয়া হৈছে? উত্তৰঃ মিলন কবিতাটি নলিনীবালা দেৱীৰ সন্ধিয়াৰ সুৰ কাব্য গ্রন্থৰ পৰা তুলি দিয়া হৈছে।

 

কিদৰে অন্যান্য পাঠৰ AHSEC Assamese| Free Study Notes লাভ কৰিব ?

অসমীয়া বিষয়ৰ অন্যান্য পাঠসমূহৰ AHSEC Assamese| Free Study Notes লাভ কৰিবলৈ তলত লিংক দিয়া হৈছে। আপোনাৰ প্রয়োজনীয় পাঠৰ লিংকত ক্লিক কৰিলে AHSEC Assamese| Free Study Notes লাভ কৰিব পাৰিব।

Leave a Comment

error: Warning, you aare not allowed to copy this element