Join Assam Study Centre Channel

উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ | অসমীয়া |আঘোণৰ কুঁৱলী

HS 2nd Year Assamese । AHSEC Assamese Study Materials। অসমীয়া ভাষাত অসমৰ ছাত্র-ছাত্রীসকলৰ বাবে ইণ্টাৰনেটত বিভিন্ন বিষয়ৰ পাঠৰ সমল নাই বুলি কলেও ভূল কোৱা নহয়। সেয়েহে ছাত্র-ছাত্রীসকল উপকৃত হোৱাকৈ অসমীয়া বিষয়ৰ AHSEC (Assam Higher Secondary Education Council) বিভিন্ন পাঠ সমূহৰ সমল আগবঢ়াই দিয়া হৈছে। AHSEC Assamese| Free Study Notes

লেখক পৰিচয়

কেশৱ মহন্ত (১৯২৬-২০০৬) অসমীয়া প্রগতিশীল কবি আৰু গীতিকাৰ। তেওঁ জামুগুৰিহাট হাইস্কুলত শিক্ষক হিচাপে কর্ম জীৱন আৰম্ভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রকাশন বিষয়া হিচাপে অৱসৰ লয়। তেওঁৰ প্ৰথম কবিতা পুথিখন হ’ল ‘আমাৰ পৃথিৱী’।

তেওঁৰ অন্যান্য কবিতা পুথিসমূহ হ’ল— আগন্তুক, তোমাৰ তেজ, মোৰ শুকান কলিজাত কুহিপাত, ৰ’দ চিকিমিকি, কুঁৱলী আঁতৰি যা, দিশ ধৱলী বৰণ, বকুত এজাক ধুমুহা। মোৰ যে কিমান হেপাহ তেওঁৰ দ্বাৰা ৰচিত গীতৰ সংকলন। এই পুথিখনৰ বাবে মহন্তই সাহিত্য একাডেমী বঁটা লাভ কৰে। তেওঁ শিশু সাহিত্যও ৰচনা কৰিছিল। ওমলা ঘৰ, আৰু মা আমি শদিয়ালৈ যামেই তেওঁৰ শিশু সাহিত্য পুথি।

HS 2nd Year Assamese ৰ প্রশ্নোত্তৰ


১) কবি কেশৱ মহন্তই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ কবি কেশৱ মহন্তই ‘মোৰ যে কিমান হেঁপাহ’ কাব্যগ্রন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল।


২) কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা।

উত্তৰঃ মোৰ যে কিমান হেঁপাহ।


৩) “পছোৱা” আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছল?

উত্তৰঃ হেম বৰুৱাই সম্পাদনা কৰিছিল।


৪) কেশৱ মহন্তই কোনখন আলোচনীত প্রথমতে কবি হিচাপে  আত্মপ্রকাশ কৰিছিল ?

উত্তৰঃ জয়ন্তী আলোচনীত।


৫) “আঘোণী কুঁৱলী” শীর্ষক কবিতাটিত উল্লেখ থকা সেউতী কোন?

উত্তৰ সেউতী হৈছে কবিৰ প্রেয়সী।


৬) জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ জয়ন্তীৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) তেওঁলোকে বাস্তৱ সামাজিক জীৱনৰ দুখ-শোক, হাঁহি-কান্দোন, অর্থনৈতিক ভেদ-ভাৱ, দুখীয়াসকলৰ কাৰুণ্যময় জীৱন, প্রগতিশীল চিন্তাধাৰা আদিক বিষয়বস্তু হিচাপে লৈ কবিতা ৰচনা কৰিছিল।

(খ) কবিতাত কথিত গদ্যময়ী ভাষাৰ ব্যৱহাৰ কৰিছিল।

HS 2nd Year Assamese


৭) অসমীয়া কবিতাত আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগাৱা তিনি আলোচনীৰ নাম লিখা।

উত্তৰঃ অসমীয়া কবিতাত আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনী হ’ল— জয়ন্তী, বাঁহী আৰু ৰামধেনু।


৮) কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ কেশৱ মহন্তই ৰচনা কৰা দুখন কবিতা পুথি হ’ল—“আমাৰ পৃথিৱী’, আৰু ‘মোৰ শুকান কলিজাৰ কুঁহিপাত’।


৯) ঘোণৰ পথাৰত কাম আৰু কাম’- কবিয়ে আঘোণৰ পথাৰত থকা কি কাম বিষয়ে ইংগিত দিছে।

উত্তৰঃ আঘোণৰ পথাৰ পকা ধানেৰে ভৰি থাকে। সেই সময়ত অসমীয়া মহিলাসকলে ধাননি পথাৰত বিভিন্ন কামত ব্যস্ত থাকে। অসমীয়া তিৰোতাসকলে পুৰুষৰ লগতে পথাৰৰ পৰা ধান কটা, ধান চপোৱা, আদি নানান কাম কৰিবলগা হয়। কবিয়ে কবিতাটোত ‘আঘোণৰ পথাৰত কাম আৰু কাম” কথাষাৰৰ দ্বাৰা এই ব্যস্ততাৰ ইংগিত দিছে।


১০) ‘উৰুলি আৰু ৰাগি’ শব্দ দুটাৰ অৰ্থ লিখা।

উত্তৰঃ উৰুলি – শুভ কার্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ।

ৰাগি – নিচা, মাদকতা।


১১) আঘোণৰ পথাৰত কিহৰ ৰাগি আছে ?

উত্তৰঃ উৰুলিৰ ৰাগি আছে।


১২) আঘোণৰ পথাৰত কি লুকাই থাকিল ?

উত্তৰঃ ধাননি লুকাল ।


১৩) আঘোণৰ কুঁৱলীত কোন হেৰাল?

উত্তৰঃ আঘোণৰ কুঁৱলীত সেউতী হেৰাল বুলি কবিয়ে কৈছে।


১৪) আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা।

বা

HS 2nd Year Assamese Question Answer

ঘোণৰ কুঁৱলী’ত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ আঘোণ মাহত অসমীয়া তিৰোতাসকলে পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি-ধেমালীয়ে ডেকা কবিকো আকষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাবোৰৰ মাজত নিজৰ প্ৰেয়সীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত তেওঁ কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্রেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱা ওঁঠযুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে।  আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককো খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে।


১৫) আঘোণৰ পথাৰৰ মন পৰশা চিত্র আঘোণৰ কুঁৱলী’ত কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা।

বা

‘আঘোণৰ কুঁৱলী’ শীর্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা

উত্তৰঃ কবি কেশৱ মহন্তই আঘোণৰ কুঁৱলী কবিতাটোত সহজ সৰল অথচ মন পৰশা গাঁৱলীয়া প্ৰেমৰ চিত্র অংকন কৰিছে।

আঘোণ মাহত অসমীয়া তিৰোতাবোৰে পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মুৰত খোপা বান্ধি পথাৰত নামে। সিহঁতৰ লঘু পৰিহাসময় হাঁহি ধেমালীয়ে ডেকা কবিকে আকর্ষিত কৰিছে। কবিয়ে অলপ দূৰৰ পৰা নোচোৱাৰ ভাও জুৰি পথাৰত কাম কৰি থকা তিৰোতাৰবাৰৰ মাজত নিজৰ প্রেয়সীৰ সন্ধান কৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখাত তেওঁ কাকো ভালদৰে মনিব পৰা নাই। কবিয়ে তেওঁৰ প্ৰেয়সী সেউতীৰ তামোলৰ পিকেৰে ৰঙা হোৱাওঁঠযুৰি চাবলৈ বিয়াকুল হৈছে। তেওঁৰ মন সেউতীৰ কাষলৈ উৰা মাৰিছে। আনকি সেউতীৰ মনৰ কথা জানিবলৈ বৌয়েককে খাটনি ধৰিছে। কিন্তু আঘোণৰ কুঁৱলীয়ে পথাৰখন ঢাকি ৰখা বাবে তেওঁৰ প্ৰেয়সীক চাব নোৱাৰি মন বিষাদেৰে ভৰি পৰিছে। এনেদৰে কবিয়ে ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটোত সহজ সৰল প্ৰেমৰ চিত্র অংকন কৰিছে।


১৬) প্রসংগ সংগতি দশাই ব্যাখ্যা কৰা

(ক) আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে

    মুঠি মুঠি কাঁচি ডাঙৰি ডাঙৰি,

    কাম আছে

    আঘোণৰ পথাৰত কাম আৰু কাম।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভ’ৰ অন্তৰ্গত কেশৱ মহন্তই ৰচনা কৰা ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

আঘোণৰ পকা ধাননি পথাৰত অসমীয়া তিৰোতাসকলে ধান চপোৱাৰ বাবে কেনেদৰে ব্যস্ত হয় তাৰ চিত্র উদ্ধত কবিতাফাঁকিৰ মাজেৰে ফুটাই তোলা হৈছে।

আঘোণ মাহত অসমীয়া তিৰোতাসকলে পকা ধানবোৰ চপাবলৈ লিহিৰি লিহিৰি আঙুলিত কাঁচিখন লৈ মূৰত খোপা বান্ধি পথাৰত নামে। সিহঁতে মুঠি মুঠি ধান কাটি ডাঙৰি বান্ধে। সেই সময়ত সিহঁত ইমানেই ব্যস্ত হৈ পৰে যে ওপৰলৈ মূৰ তুলি চাবলৈয়ো সময় নাপায়। আঘোণৰ পথাৰত দাৱনীসকলৰ কাম বহুত। সিহঁতে এই কাম সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে আনৰ সৈতে কৰি থাকে।

কবিতাফাঁকিৰ মাজেৰে অসমীয়া তিৰোতাসকলৰ কর্তব্যবোধ আৰু ব্যস্ততাপূর্ণ জীৱনৰ চিত্র ফুটি উঠিছে।

আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।


(খ) আঘোণৰ পথাৰত উৰুলিৰ বাগিহ আছে

     ৰাগি আছে,

     আঘোণৰ পথাৰত ৰাগি আৰু ৰাগি।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত কেশৱ মহন্তই ৰচনা কৰা ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

আঘোণ মাহৰ পকা ধাননি পথাৰত ব্যস্ত থকা সময়তো যে ডেকা-ডেকেৰীৰ মনত প্রেমৰ উদয় হ’ব পাৰে – সেই প্রসংগত কবিয়ে উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে। প্রেম এক সহজাত অনুভূতি। যিকোনো মূহুৰ্তত আৰু যিকোনো পৰিবেশত ডেকা-ডেকেৰীৰ মনত প্রেমানুভূতিৰ উদয় হ’ব পাৰে। আঘোণৰ পথাৰত কৰ্মৰত গাভৰুহঁতক চাই কবিৰ মনতো প্রেমৰ অনুৰণন জাগি উঠিছে। আঘোণমহীয়া পথাৰৰ ওপৰেদি বন-হাঁহবোৰ উৰি যোৱা দেখিলে ডেকা-গাভৰুৰ মন এক বিশেষ ৰাগীত (প্রেমানুভূতিত) উৰা মাৰে ভালপোৱাৰ কাষলৈ। অর্থাৎ আঘোণৰ পথাৰত কামৰ লগতে প্রেমানুভূতিৰ আনন্দও আছে।


(গ) আঘোণৰ কুঁৱলীত ধাননি লুকালে

   আঘোণৰ কুঁৱলীত দাৱনী ঢাকিলে

   আঘোণৰ কুঁৱলীতে সেউতী হেৰালে

   ডাঙৰি বান্ধিম বুলি তাৰ জৰী তোলাতে থাকি…

উত্তৰঃ উদ্ধত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভ’ৰ অন্তগত কেশৱ মহন্তই ৰচনা কৰা আঘোণৰ কুঁৱলী নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিতাফাঁকিৰ জৰিয়তে কবিয়ে আঘোণৰ পথাৰত কুঁৱলীয়ে ঢাকি ৰখা বাবে নিজৰ প্ৰেয়সীক চাব নোৱাৰি বিষাদত উক্ত কথাষাৰ কৈছে। কবিয়ে আঘোণৰ পথাৰত কাঁচিৰে ধান কাটি থকা গাভৰু ছোৱালীসকলৰ মাজত নিজৰ প্রেয়সী সেউতীক বিচাৰিছে। কিন্তু পথাৰখন কুঁৱলীয়ে ঢাকি ৰখা বাবে কবিয়ে নিজৰ প্রেয়সী তাত আছে নে নাই চাব পৰা নাই। গাভৰুসকলে ধান মুঠি মুঠিকৈ কাটি ডাঙৰি বান্ধি আছে কিন্তু কবিয়ে কল্পনাত নিজৰ মন প্রেয়সী সেউতীৰ মনৰ লগত ডাঙৰি বন্ধা দি বান্ধি আছে।


১৭) কবিতাটিৰ মূল কথা লিখা ।

উত্তৰঃ গাঁৱলীয়া কৃষক জীৱনৰ সৰল চিত্র এটি কবিতাটিত অঙ্কিত হৈছে। আঘোণ মাহ অসমীয়া কৃষকৰ বাবে গর্বভৰা মাহ। ভঁৰাললৈ লখিমী ৰূপী ধান গুটি অনাৰ মাহ। সোণালী ধাননিয়ে মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে। কিন্তু কুঁৱলীয়ে কবিক বাট ভেটি আমনি কৰিছে। কুঁৱলী নথকা হ’লে তেওঁ দাৱনীবোৰক দেখিলেহেতেন। কিজানি সেই দাৱনীজাকৰ মাজত কবিৰ ভাললগা সেউতী নামৰ দাৱনীজনীও আছে। আঘোণৰ পথাৰত দাৱনীৰ কাম অলেখ। কোনেও মূৰ নাদাঙে। কবিয়ে মন কৰিছে বনৰীয়া হাঁহজাক উৰি যোৱাৰ দৰে দাৱনীজাকেও অন্য ধাননি পথাৰলৈ গতি কৰিছে। কবিয়ে সংসাৰ কৰিম বুলি ভাবি থাকোতেই গ’ল। সময়ত সেউতীক নিজৰ মনৰ কথা কোৱা নহ’ল। কুঁৱলীৰ মাজতেই সেউতীজনী হেৰালে। কবিয়ে মনৰ আশা মনতেই মাৰ নিয়ালে।


১৮) আঘোণৰ পথাৰৰ মন পৰশা চিত্র কবিতাটিত কিদৰে প্ৰকাশ হৈছে?

উত্তৰঃ আঘোণৰ পথাৰ সোণালী ধানেৰে উপচি পৰে। ৰ’দৰ পোহৰত এইবোৰ জিলিকি উঠে। ধানবোৰ পতা-সোণ বৰণীয়া। দাৱনীহঁতে সিহঁতৰ লিহিৰি হাতেৰে ধানৰ ঠোকবোৰ মুঠি মাৰি ধৰি কাঁচিৰে কাটে। সিহঁতৰ খোপাবোৰ ওখলৈ বন্ধা। মাজে মাজে দাৱনীহঁতে হাঁহি-ধেমালি কৰে। কবিয়ে কুঁৱলীৰ বাবে সিহঁতক স্পষ্টকৈ দেখা নাই। কবিয়ে নিজৰ মৰমৰ দাৱনী সেউতীক চাবলৈ চেষ্টা কৰিও পৰা নাই। কাৰণ কুঁৱলীয়ে আমনি কৰিছে। মাজে মাজে ধাননিৰ ওপৰেদি বনৰীয়া হাঁহ জাক উৰি গৈছে।

আঘোণৰ পথাৰত সকলো ব্যস্ত। কামৰ বাহিৰে একো নাই। মাজে মাজে কবিৰ মনলৈ উৰুলিৰ ৰাগিৰ দৰে ৰাগি  আহিলে। তেওঁৰ সংসাৰ পতা ইচ্ছা হৈছে। কিন্তু তেনে, আশাত তেওঁ সফল হোৱা নাই। মুঠতে আঘোণ পথাৰে  আশা-নিৰাশা দুয়োটো ভাব প্রকাশ কৰিছে।


১৯) কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অঙ্কিত হৈছে?

উত্তৰঃ কবিয়ে কবিতাটিত নিভাজ প্ৰেমৰ চিত্ৰ এখন দাঙি ধৰিছে। কৃষকৰ বাবে ধাননিখন অতি মূল্যবান। ধান উৎপাদনে মানুহক সংসাৰ পতাত প্রেৰণা যোগায়। আঘোণৰ ধানেৰে পূর্ণ পথাৰ, দাৱনীৰ কর্ম জীৱনে কবিৰ মনলৈ প্ৰেমৰ জোৱাৰ আনিছে। তেওঁ মনৰ মানুহজনীৰ সন্ধান কৰিছে। কুঁৱলীৰ বাবে তেওঁ দাৱনী ৰূপী সেউতীক দেখা নাই ।

কবিয়ে নিজৰ বৌৱেকক নিজৰ মনৰ কথা সেউতীক ক’বলৈ কৈছিল। কিন্তু ধান দোৱাৰ পিছত সেউতী সেই ঠাইৰ পৰা আঁতৰি গৈছে। কবিৰ মনৰ কথা কোৱা নহ’ল। আনকি সংসাৰৰ বান্ধোনত সোমোৱাৰ কথাও মিছা হ’ল।


২০) কবিতাটিত এহাতে প্ৰেমৰ চিত্ৰ আৰু আনহাতে কবিৰ অন্তৰৰ বিষাদবোধ কেনেদৰে প্রকাশ পাইছে চমুকৈ আলোচনা কৰা।

উত্তৰঃ কবিতাটিত আঘোণৰ পথাৰৰ  সোণবৰণীয়া ধানৰ মনোমোহা পৰিবেশৰ মাজত নিভাঁজ প্ৰেমৰ সন্ধান আৰু আঘোণৰ কুঁৱলীয়ে বাট ভেটি প্ৰেমৰ পথত আমনি কৰাত কবিৰ অন্তৰত বিষাদবোধ প্রকাশ পাইছে। কবিয়ে প্রাণভৰি ধাননি পথাৰ, সোণালী ধাননিক ভাল পায়। তেওঁৰ এটা প্রেম আকলুৱা মন আছে। দাৱনী সেউতীৰ প্রতি তেওঁৰ প্রেমিক সুলভ ভালপোৱা আছে।

কিন্তু প্রেমৰ বাটত বাধাও আছে। কবিয়ে কুঁৱলীক বাধা দিছে যাৰ কাৰণে তেওঁ নিজৰ প্রেমিকাক দেখা নাপালে। লগতে মনৰ কথাও কোৱা নহ’ল। কবিৰ বিষাদবোধ তাতে দেখা দিছে।


২১) প্রসঙ্গ সঙ্গতি দশইি ব্যাখ্যা কৰা

(ক) আঘোণৰ আকাশেদি কোনোবা বিললে

…………………..মাৰি গ’ল।

উত্তৰঃ উক্ত কবিতাফাঁকি কেশৱ মহন্তৰ ‘আঘোণৰ কুঁৱলী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

ইয়াত কৰিয়ে আঘোণৰ পথাৰৰ সৌন্দৰ্য্যৰ কথা বর্ণনা কৰিছে।

আঘোণৰ পথাৰ কুঁৱলীৰে আবৃত। বাট পথ একোকে নমনি। পথাৰৰ দাৱনীবোৰে সোণবৰণীয়া ধানবোৰ কাটি আছে। মাজে মাজে দাৱনীবোৰে হাঁহি-খিকিন্দালি কৰিছে। কবিয়ে দাৱনীবোৰক দেখা নাই। কাৰণ কুঁৱলীয়ে বাৰে বাৰে আমনি কৰিছে। আঘোণৰ পথাৰ ব্যস্ততাৰে পূর্ণ পথাৰ। সকলোবোৰ ভিন ভিন কামত ব্যস্ত।

       সেই আঘোণমহীয়া পথাৰেদি কুঁৱলীৰ মাজেৰে আকাশেদি বনৰীয়া হাঁহ জাকি মাৰি উৰি যায়। ঠিক সেইদৰে দাৱনী জাকে এখন পথাৰৰ কাম শেষ কৰি অন্য এখন পথাৰলৈ গুছি যায়।


কিদৰে অন্যান্য পাঠৰ HS 2nd Year Assamese লাভ কৰিব ?

অসমীয়া বিষয়ৰ অন্যান্য পাঠসমূহৰ AHSEC Assamese| Free Study Notes লাভ কৰিবলৈ তলত লিংক দিয়া হৈছে। আপোনাৰ প্রয়োজনীয় পাঠৰ লিংকত ক্লিক কৰিলে HS 2nd Year Assamese লাভ কৰিব পাৰিব।


Leave a Comment

error: Warning, you aare not allowed to copy this element