Join Assam Study Centre Channel

উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ | অসমীয়া |কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা

কিশোৰ কিশোৰীৰ মনৰ এক ডাঙৰ সংঘাত হ’ল ব্যক্তিত্ব গঠনৰ সংঘাত। এই সময়ছোৱাতে নানাজনক দেখি, নানা কথা জানি তাৰ মাজত তেওঁলোকে নিজক আৱিস্কাৰ কৰাৰ চেষ্টা কৰে। এয়া হ’ল ব্যক্তিত্ব গঠনৰ সময়। সেয়েহে সকলোৱেই এই সময়ছোৱাত এক ধৰণৰ (Identity Crisis) সমস্যাত ভোগে। Class12 Assamese Question Answer

Class12 Assamese Question Answer

লেখকৰ পৰিচয়

১৯৪৯ চনত জন্ম হোৱা ড° স্বর্ণলতা দাসে কর্মজীৱনৰ পাতনি মেলে এগৰাকী অধ্যাপিকা হিচাপে। প্রথমতে তেওঁ গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত কিছু বছৰ শিক্ষকতা কৰি পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত অধ্যাপিকা ৰূপে যোগদান কৰে। উচ্চতৰ  মাধ্যমিক স্তৰৰ শিক্ষা বিষয়ৰ পাঠ্যপুথি ৰচনাত জড়িত ড° দাসৰ কুৰিখনতকৈ অধিক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্রীয় পত্রিকাত প্রকাশিত হৈছে।

প্রশ্নোত্তৰ

) কৈশোৰ কালৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ কৈশোৰ কালত দ্রুত শাৰীৰিক বিকাশ লক্ষ্য কৰা যায়।

) কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়?

উত্তৰঃ কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা পৰিৱৰ্তন আৰু বৈশিষ্ট্যসমূহলৈ লক্ষ্য কৰি ১০-১১ বছৰ বয়সৰ পৰা ১৮-১৯ বছৰ বয়সৰ সময়খিনিকে সচৰাচৰ কৈশোৰ কাল বুলি জনা যায়। বাল্যকাল আৰু প্রাপ্তবয়স্কৰ মাজৰ সময়ছোৱা হৈছে কৈশোৰ কাল।

) মানৱ জীৱনৰ কোনটো কালক ৰূপান্তৰকাল বুলি অভিহিত কৰিব পাৰি?

উত্তৰঃ কৈশোৰ কালক।

) নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাবৰ উন্মেষ হোৱাত সহায় কৰে ?

উত্তৰঃ কৈশোৰ কালছোৱাত মানুহৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্রতি, দর্শনৰ প্রতি বা জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক অন্তদ্বন্দৰো সৃষ্টি হ’ব পাৰে। কিছু ক্ষেত্ৰত পিতৃ-মাতৃ বা সমাজৰ বয়োজ্যেষ্ঠ জনৰ মতাদর্শৰ পৰা ফালৰি কাটি নিজৰ যুক্তি, বিচাৰ-বিবেচনাৰ এক নতুন নৈতিকতাসমৃদ্ধ সমাজ সৃষ্টি কৰিবলৈ বিচাৰে। যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে কৈশোৰ মনত সৃষ্টি কৰে এক সার্বজনীন বিশ্ব ভাতৃত্বৰ মনোভাৱ। সমাজ সচেতনতাৰ লগতে গঢ়ি উঠে নিঃস্বার্থ মনোভাৱ। যাৰ ফলত কিশোৰে নতুন সমাজ গঢ়ৰ সপোনত ব্ৰতী হয়। ন্যায়ৰ হকে যুজিবলৈ লোৱা মনোভাৱৰ বাবেই বিশ্বৰ বহুবোৰ সামাজিক বিপ্লৱত অংশগ্রহণ কৰা লোকসকলৰ অধিকাংশই কিশোৰ-কিশোৰী । নৈতিকতাৰ এনে বিকাশে সামাজিক দায়বদ্ধতা দেশপ্রেম বা বিশ্ব প্রেম আদি ভাৱৰ উন্মেষ হোৱাত সহায় কৰে।

) কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়?

উত্তৰঃ মাধ্যমিক শিক্ষা।

) কৈশোৰকালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ লিখা।

উত্তৰঃ কৈশোৰকালৰ দ্রুত বিকাশ সহজেই লক্ষণীয়। যৌৱন প্ৰাপ্তিৰ লগে লগে হোৱা জৈৱিক পৰিৱর্তনে ল’ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী-পুৰুৰ দেহৰ গঠনৰ পাৰ্থক্যও পৰিলক্ষিত হয়। প্রজনন ক্ষমতা কৈশোৰকালৰ এক প্রধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন, কণ্ঠস্বৰৰ পৰিৱর্তন  আনিয়ে দেখা দিয়ে। এই অভাৱনীয় পৰিৱর্তনসমূহে কিশোৰ-কিশোৰীৰ মনলৈ আত্ম সচেতনতাৰ ভাৱ আনি দিয়ে, যিটোৱে অনাহক লাজ, ভয় বা উৎকণ্ঠাৰ সৃষ্টি কৰে।

বিপৰীত লিংগকামিতাও কৈশোৰকালৰ আন এক প্রধান বৈশিষ্ট্য। এই সময়ছোৱাত কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাৱ অনুভৱ কৰে।

) কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিৱর্তন সমূহ লিখা

উত্তৰঃ কৈশোৰ কালছোৱাত মানুহৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত কিছু পৰিমাণে তাৰ প্ৰভাৱ পৰে। ধৰ্মৰ প্রতি, দর্শনৰ প্রতি বা জীৱনৰ লক্ষ্য উদ্দেশ্যৰ প্ৰতি উৎকণ্ঠা জাগি উঠে আৰু তাৰেই ফলস্বৰূপে মানসিক দ্বন্দৰো সৃষ্টি হ’ব পাৰে। কৈশোৰকালত সমাজ চেতনাৰ লগতে গঢ়ি উঠেট নিঃস্বার্থ মনোভাৱ। যাৰ ফলত কিশোৰে নতুন সমাজ গঢ়াৰ সপোনত – নৈতিকতাৰ এনে বিকাশে সামাজিক দায়বদ্ধতা, দেশপ্রেম বা বিশ্বপ্ৰেমৰ ভাৱৰ উন্মেষ হোৱাত সহায় কৰে।

) কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ কিদৰেহয় ?

উত্তৰঃ কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূর্ণ গতিত হয়। মানসিক শক্তি মানে হ’ল- বুদ্ধি, বিমূর্ত চিন্তনৰ ক্ষমতা, যুক্তি শক্তি, বিভিন্ন দিশত আগ্রহ আদি। কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু হ্রাস পায়, শেষৰ পিনে ই দ্রুতগতি লয় আৰু কৈশোৰৰ শেষত বৌদ্ধিক ক্ষমতাই চৰম উৎকর্ষ লাভ কৰে।  

শৈশৱকালৰ অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ-বুদ্ধিক যুক্তিসংগতভাবে চিন্তা কৰিব পৰা শক্তিৰ বিকাশ এই কালছোৱাতেই হয়। মূর্ত চিন্তাৰ বিপৰীতে বিমূর্ত চিন্তনৰ ক্ষমতা কৈশোৰকালৰ এক বৈশিষ্ট্য, যিটোৱে স্বাধীন আৰু মৌলিক চিন্তাধাৰাৰ বিকাশত যথেষ্ট অৰিহণা যোগায়। এক কথাত ক’বলৈ গ’লে, জীৱশ্রেষ্ঠ মানুহৰ ভিন-ভিন মানসিক ক্ষমতাৰ পূর্ণ বিকাশ ঘটে এই কৈশোৰকালতে।

) কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্রাথমিক  আৰু মৌলিক বিষয় কি কি?

উত্তৰঃ ভাষা শিক্ষা, গণিত, বিজ্ঞান আৰু সমাজবিজ্ঞান।

১০) কিশোৰ-সংস্কৃতি বুলিলে কি বুজা ?

উত্তৰঃ কৈশোৰ কালৰ সামাজিক বিকাশ এক লেখত ল’বলগীয়া বিষয়। দলীয় মনোভাবৰ লগতে সহমর্মিতাৰ উন্মেষ হয় এই কালছোৱাত। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক ‘উপ-সংস্কৃতি’ যাক কিশোৰ-সংস্কৃতি বুলি অভিহিত কৰা হয়। কিশোৰ অৱস্থাৰ চা-চলন, সাজ-পাৰ, বাকৃভংগী, ধ্যান-ধাৰণা৷ আনকি ৰাজনৈতিক মতাদর্শ আদিতো কৈশোৰ সংস্কৃতিয়ে যথেষ্ট প্রভাৱ পেলোৱা দেখা যায়।

১১) কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ  কৈশোৰ কাল জীৱনৰ ৰূপান্তৰৰ কাল। এই কালতে জীৱনলৈ নানান শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আনি পৰিৱৰ্তনসমূহ আহি পৰে। অর্থাৎ শিশুটোৰ আৱেগিক অৱস্থা বা সামাজিক অৱস্থাই বিকাশ লাভ কৰে।

আৱেগিক বিকাশঃ কিশোৰ কিশোৰীৰ আৱেগিক দিশৰ বিকাশ পূর্ণতম বুলিব পাৰি। আৱেগ-অনুভূতিৰ অত্যাধিক বিকাশ হোৱাৰ বাবেই তেওঁলোক আৱেগপ্রৱন হয়  আৰু তেওঁলোকৰ জীৱন সম্পুর্ণভাবে আৱেগে পৰিচালিত কৰে। আবেগে তেওঁলোকৰ মনত এক আলোড়নৰ সৃষ্টি কৰে যাৰ ফলত তেওঁলোকৰ মন কেতিয়াবা অতি আশাবাদী আৰু কেতিয়াবা অতি নিৰাশাবা্দি হৈ পৰে। আশা নিৰাশাৰ দোমোজাত পৰি বহুতৰে আনৰ লগত মিলিব নোৱৰা সমস্যাই দেখা দিয়ে। সুস্থভাৱে নিজৰ মনটো পৰিচালনা কৰিব নোৱাৰাৰ বাবেই  কিশোৰ-কিশোৰী বিদ্রোহীভাবাপন্নও হৈ পৰে। পৰিয়াল বা সমাজৰ প্রতি এনে নেতিবাচক মনোভাব পোষন কৰাসকল যথাযথ ভাবে শিক্ষিত কৰিব নোৱাৰিলে তেওঁলোকৰ মাজত অপৰাধ প্রৱণতাই দেখা দিয়ে। এয়াই হল কৈশোৰত  আৱেগিক বিকাশৰ লক্ষণ।

Get HS 2nd Year Assamese Question Answer

সামাজিক বিকাশঃ কৈশোৰৰ সামাজিক বিকাশ এক উল্লেখনীয় বিষয়। দলীয় মনোভাব লগতে সহমর্মিতাৰ উন্মেষ হয় এইখিনি সময়তে। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে ঘোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত এক “উপসংস্কৃতি’ গঢ় লৈ উঠে যাক কিশোৰ সংস্কৃতি বোলা হয়। কিশোৰ অৱস্থাৰ চাল চলন, বাকভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক মতাদর্শ আদিতো এই সংস্কৃতিয়ে প্ৰভাৱ পেলায়। কিশোৰসকলৰ মাজত ধনাত্মক দিশতকৈ ঋণাত্মক দিশৰহে প্ৰভাৱ বেছি। মদ, ড্রাগছ আদিৰ প্রতি আসক্তি অথবা সমাজৰ স্বীকৃতি আচৰণৰ প্রতি অনীহা আদিও সামাজিক বিকাশৰে লক্ষণ। সেয়েহে এই সময়তে যথার্থ শিক্ষাৰ প্ৰয়োজন, যাৰ অবিহনে এনে সময়তে কিশোৰসকল বিপথগামী হ’ব পাৰে।

১২) কৈশোৰ কালৰ বাবে কেনে ধৰণৰ শিক্ষা উপযোগী ? উদাহৰণসহ বর্ণনা কৰা।

উত্তৰঃ কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষা হ’ল মাধ্যমিক শিক্ষা। কৈশোৰ বা সন্ধি কালৰ ল’ৰা-ছোৱালী পঢ়া শিক্ষানুষ্ঠানসমূহ হল মাধ্যমিক শিক্ষাৰ অনুষ্ঠান। অৱশ্যে কৈশোৰৰ শিক্ষা ব্যৱস্থাৰ কথা কওঁতে আনুষ্ঠানিক শিক্ষাৰ লগতে অনানুষ্ঠানিক শিক্ষাৰ সমানে গুৰুত্ব আছে।

আপুনি যদি আমাৰ এই লেখা পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

ব্যক্তি জীৱনৰ জটিলতাপূর্ণ কৈশোৰ কালটোক সামৰি লোৱা মাধ্যমিক শিক্ষাই সমগ্র শিক্ষা ব্যৱস্থাতে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। স্বাধীনতাৰ পৰৱর্তী দশকটোতে গঠিত হোৱা মাধ্যমিক শিক্ষা আয়োগে (১৯৫২-৫৩) মাধ্যমিক শিক্ষাৰ তিনিটা লক্ষ্যৰ বিষয়ে ব্যক্ত কৰিছে। সেই কেইটা হল – ১) দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক অর্থনৈতিক সমস্যাৰ পটভূমিত বর্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া, ২) নিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্রয়োজনীয় গুণ আয়ত্ত কৰি অথনৈতিক অগ্রগতিত সহায় কৰা, আৰু ৩) জাহীয় সংহতিৰ বিকাশ সাধন কৰা। আনহাতে (১৯৮৬ চনত) ভাৰত চৰকাৰে ঘোষণা কৰা ৰাষ্ট্রীয় শিক্ষা নীতিতো মাধ্যমিক শিক্ষাক গুৰুত্ব সহকাৰে লোৱা হৈছে। আনহাতে একৈশ শতিকাৰ শিক্ষা ব্যৱস্থাৰ বাবে গঠিত হোৱা আন্তৰাষ্ট্ৰীয় শিক্ষা আয়োগে (১৯৯৬) মাধ্যমিক শিক্ষাক জীৱনৰ আলি-কেঁকুৰী  (Crossroads of life) বুলি অভিহিত কৰিছে। য’ত ভবিষ্যত জীৱনৰ অতি লাগতীয়াল  সমলসমুহ আহৰণ কৰিব পাৰি আৰু যোগ্যতা, অভিৰুচি প্রয়োজন অনুসৰি নিজস্ব পথেদি জীৱনৰ বাটত অগ্রসৰ হ’ব পাৰি।  

কৈশোৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্রমৰ চাৰিটা প্রাথমিক আৰু মৌলিক বিষয় হল – (ক) ভাষা শিক্ষণ, (খ) গণিত, (গ) বিজ্ঞান আৰু (ঘ) সমাজ বিজ্ঞান। ইয়াৰ লগতে কাৰিকৰী শিক্ষা, স্বাস্থ্য  আৰু শাৰীৰিক শিক্ষা, পৰিবেশ শিক্ষা, যৌন শিক্ষা, জনশিক্ষা, মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা, মূল্যবোধৰ শিক্ষা আদিকো ওপৰঞ্চি বিষয় হিচাপে শিকোৱাৰ পৰামর্শ দিয়া হৈছে। এনেবোৰ বিষয় অন্তর্ভুক্তিয়ে কিশোৰ মনৰ বিভিন্ন সমস্যাসমূহ সমাধান কৰি কিশোৰসকলক এক সুস্থ মানৱ হোৱাত সহায় কৰিব।

১৩) চমুটোকা লিখা ।

দিবাস্বপ্ন, বীৰপূজন, অপৰাধ কিশোৰ

উত্তৰঃ দিবাস্বপ্ন দিবাস্বপ্ন হল অলীক কল্পনা। ই কৈশোৰ কালৰ সমস্যা। কল্পনা শক্তিৰ  অভূতপূর্ব বিকাশে কিশোৰ কিশোৰীৰ মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে আৰু বহুক্ষেত্ৰত বাস্তৱৰ পৰা ফালৰি কাটি কেৱল কল্পনাৰ জগততে তেওঁলোকে বিচৰণ কৰে।  অৱশ্যে দিবাস্বপ্নই কিশোৰৰ সৃজনী শক্তিত যোগাত্মক প্রভাৱো পেলাব পাৰে। আনহাতে এনেবোৰ কল্পনাই সৃষ্টিশীল কাম-কাজত অংশ গ্ৰহণ কৰাতো প্ৰেৰণা দিয়ে। বহুতে দুঃসাহসিক কামত অংশগ্রহণ কৰে। বহুতৰ মাত ভ্রমণতৃষ্ণা জাগে, দেশ-বিদেশ ফুৰাৰ ইচ্ছা হয় আৰু অজানিতে ক’ৰবালৈ গুচিও যায়। মুঠতে দিবাস্বপ্ন হ’ল কৈশোৰ কালৰ অন্তহীন কল্পনা।

Best Study Notes on HS 2nd Year Assamese Question Answer

বীৰপূজনঃ বীৰপূজাৰ প্রবৃত্তি কৈশোৰৰ আন এক বৈশিষ্ট। নিজৰ ভাল লগা ব্যক্তিৰ জীৱনাদর্শ গ্ৰহণৰ প্ৰবৃত্তি এই সময়তে প্রৱল হৈ পৰে। তেনে ব্যক্তিৰ সকলো গুন মানুহে নীৰৱে অনুকৰণ কৰিবলৈ লয়। সাধাৰণতে এই ক্ষেত্ৰত ছবি জগতৰ, খেল জগতৰ, সংগীত জগতৰ ব্যক্তিসকলকে কিশোৰে আদর্শ হিচাপে গ্ৰহণ কৰে। বীৰপূজনৰ এই প্রবৃত্তিক সঠিক পথেৰে লৈ কৈশোৰ কালৰ পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী পাঠ অন্তর্ভুক্ত হয়।

অপৰাধ কিশোৰঃ কৈশোৰৰ আবেগিক অনুভূতি অন্তহীন। এনে অত্যাধিক আৱেগৰ ফলতে কিশোৰৰ মন কেতিয়াবা আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী হৈ পৰে। আশা নিৰাশাৰ দোমোজাই বহুতকে সামাজিকভাৱে মিলিব নোৱাৰা সমস্যাত পেলায়। এনেকুৱা  অৱস্থাত মনক সুস্থভাৱে পৰিচালনা কৰিব নোৱাৰি কিশোৰে সমাজৰ প্ৰতি নেতিবাচক মনোভাব গ্রহণ কৰে আৰু এক সময়ত অপৰাধপ্রবণ হৈ উঠে। এনে অপৰাধপ্রবণ কিশোৰক যথেষ্ট আৰু মৰমৰে সহযোগিতা কৰিব লাগে। তেওঁৰ প্ৰতি অমনোযোগিতাই তেওঁৰ এনে প্রৱণতা আৰু বঢ়াইহে তুলিব পাৰে।

১৪) কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল নিজস্বতাৰ সংঘাত। – ব্যাখ্যা কৰা।

উত্তৰঃ কথাফাঁকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিবিষ্ট ড° স্বর্ণলতা দাসৰ কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে।

কিশোৰ কিশোৰীৰ মনৰ এক ডাঙৰ সংঘাত হ’ল ব্যক্তিত্ব গঠনৰ সংঘাত। এই সময়ছোৱাতে নানাজনক দেখি, নানা কথা জানি তাৰ মাজত তেওঁলোকে নিজক আৱিস্কাৰ কৰাৰ চেষ্টা কৰে। এয়া হ’ল ব্যক্তিত্ব গঠনৰ সময়। সেয়েহে সকলোৱেই এই সময়ছোৱাত এক ধৰণৰ (Identity Crisis) সমস্যাত ভোগে। নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি বাস্তৱৰ নানা জটিলতা কিশোৰসকলে নিজে ফঁহিয়াই চাব নোৱাৰে। তেওঁলোকৰ মনত গঢ়ি উঠা আদৰ্শৰ লগত বাস্তৱৰ সংঘাতে তেওঁলোকৰ মনত সংঘাতৰ জন্ম দিয়ে। ই হ’ল নিজস্বতাৰ সংঘাত। কেতিয়াবা এনে শক্তিশালী সংঘাতেই সমাজৰ গাঁথনিও সলাই পেলাই নতুন সমাজ সৃষ্টিত অৰিহণা যোগায়। সেয়েহে লেখিকাই এই নিজস্বতাৰ সংঘাতক কৈশোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হিচাপে চিনাক্ত কৰিছে।

১৫) বিপৰীত লিংগকামিতা কৈশোৰকালৰ আন এক প্রধান বৈশিষ্ট, চমুকৈ লিখা।

উত্তৰঃ কৈশোৰকালত কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাৱ অনুভৱ কৰে। প্ৰকৃততে আমাৰ দেহত থকা অন্তঃস্রাৱী গ্রন্থিসমূহৰ নিঃসৰণৰ ফলস্বৰূপে হোৱা জৈৱ ৰাসায়নিক প্রক্রিয়াৰেই এই ফল। এই প্রক্রিয়াত দেহৰ যৌন গ্রন্থিসমূহ সক্রিয় হৈ উঠি কিশোৰক অফুৰন্ত শক্তিৰ গৰাকী কৰি তোলে। এই শক্তিক সুপথে পৰিচালিত কৰিব পাৰিলে কৈশোৰত দেখা দিয়া বহুবোৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।

১৬) কৈশোৰ কালক কি বুলি কোৱা হয়?

উত্তৰঃ কৈশোৰ কালক অতি সংকটময় কাল অর্থাৎ ধুমুহা আৰু পীড়নৰ সময় বুলি কোৱা হয়।

১৭) কৈশোৰ কালক কি কাল বুলি কোৱা হয়?

উত্তৰঃ এক ৰূপান্তৰৰ কাল বুলি কোৱা হয়।

১৮) কৈশোৰ কালৰ সময়সীমা কোনখিনি?

উত্তৰঃ বাল্যকাল আৰু প্রাপ্তবয়স্কৰ মাজৰ সময়চোৱা  ১১ বছৰৰ পৰা ১৮-১৯  বছৰৰ সময়খিনি কৈশোৰৰ সময়সীমা।

১৯) কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত কেনে ধৰণৰ শাৰীৰিক আৰু মানসিক বিকাশ হয়?

উত্তৰঃ এইসময়ত ল’ৰা-ছোৱালীৰ মাজত হোৱা জৈৱিক পৰিৱৰ্ত্তনে দেহৰ অঙ্গৰ আকাৰ, ওজন, উচ্চতা বৃদ্ধি কৰে। তেতিয়া নাৰী-পুৰুষৰ দেহৰ পার্থক্য ধৰা পৰে।  

Prepare for exam with Class12 Assamese Question Answer

প্রজনন ক্ষমতা প্রাপ্তি কৈশোৰ কালৰ এক প্রধান বৈশিষ্ট্য। তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিবর্তন, কণ্ঠস্বৰৰ পৰিৱৰ্তন আদিয়ে দেখা দিয়ে ।

বিপৰীত লিঙ্গকামী কৈশোৰ কালৰ আন প্রধান বৈশিষ্ট্য। কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্রতি আসক্তিৰ ভাৱ অনুভৱ কৰে। তেওঁলোকৰ দেহৰ যৌন গ্রন্থিসমূহ সক্রিয় হৈ উঠি যৌৱন অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তােলে। এই শক্তি সুপথে পৰিচালিত কৰিব পাৰিলে কৈশোৰত দেখা দিয়া বহুবোৰ সমস্যাৰ হাত সাৰিব পাৰি।

কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ পূর্ণগতিত হয়। মানসিক শক্তি মানে হ’ল-বুদ্ধি, বিমূৰ্ত্ত চিন্তাৰ ক্ষমতা, যুক্তি শক্তি, বিভিন্ন দিশত আগ্রহ আদি। মূর্ত চিন্তাৰ সলনি বিমূর্ত চিন্তাৰ ক্ষমতা কৈশোৰ কালৰ বৈশিষ্ট্য। এক কথাত ক’বলৈ গলে, জীৱশ্রেষ্ঠ মানুহৰ ভিন ভিন মানসিক ক্ষমতাৰ পূর্ণ বিকাশ এই সময়তে ঘটে।

২০) কোন চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ঘোষণা কৰিছিল ?

উত্তৰঃ ১৯৮৬ চনত।

২১) আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক কি বুলি কৈছে?

উত্তৰঃ মাধ্যমিক শিক্ষাক জীৱনৰ আলি-কেঁকুৰি বুলি অভিহিত কৰিছে।

২২) কৈশোৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্রাণী আৰু মৌলিক বিষয় কি?

Get now Class12 Assamese Question Answer

উত্তৰঃ (ক) ভাষা শিক্ষণ, (খ) গণিত, (গ) বিজ্ঞান, (ঘ) সমাজ বিজ্ঞান।

২৩) কৈশোৰ সংস্কৃতি কি?

উত্তৰঃ কৈশোৰ কালত দলীয় মনোভাৱৰ লগতে সহমর্মিতাৰ উন্মেষ হয়। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক ‘উপ সংস্কৃতি’ যাক কিশোৰ-সংস্কৃতি বুলি গণ্য কৰা হয়।


কিদৰে অন্যান্য পাঠৰ Class12 Assamese Question Answer লাভ কৰিব ?

অসমীয়া বিষয়ৰ অন্যান্য পাঠসমূহৰ Class12 Assamese Question Answer লাভ কৰিবলৈ তলত লিংক দিয়া হৈছে। আপোনাৰ প্রয়োজনীয় পাঠৰ লিংকত ক্লিক কৰিলে Class12 Assamese Question Answer লাভ কৰিব পাৰিব।

2 thoughts on “উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষ | অসমীয়া |কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা”

Leave a Comment

error: Warning, you aare not allowed to copy this element