Join Assam Study Centre Channel

Politics of Planned Development || NCERT Class 12 Political Science Study Materials

Politics of Planned Development || NCERT Class 12 Political Science Study Materials

জাতি গঠন আৰু গণতন্ত্ৰ প্ৰতিষ্ঠাৰ চেষ্টাত ব্ৰতী থকা অৱস্থাত স্বাধীন ভাৰতৰ নেতাসকলৰ সমুখত অন্য এটা প্রত্যাহবান আহি পৰিছিল। সেইটো হ’ল— সকলোৰে কল্যাণ সাধন কৰিব পৰাকৈ অৰ্থনৈতিক বিকাশ। কিন্তু উন্নয়নৰ কথা চিন্তা কৰিয়েই ভাৰতীয় নেতাসকল দোমোজাত পৰিবলগীয়া হয় ৷ কাৰণ ভাৰতৰ সন্মুখত তেতিয়া উন্নয়নৰ দুটা আৰ্হি আছিল— পুঁজিবাদী উন্নয়নৰ আৰ্হি আৰু সমাজবাদী আৰ্হি। ভাৰতে এই দুয়োটাৰে এটাকো ইয়াৰ ধ্ৰুপদী (Classical form) ৰূপত গ্ৰহণ নকৰি দুয়োটাৰ, এক সংমিশ্রিত অর্থ-ব্যৱস্থা গঢ়ি তুলিলে। অৱশ্যে ৰাছিয়াৰ অৰ্থনৈতিক পৰিকল্পনাৰ ধাৰণাটো গ্ৰহণ কৰি পৰিকল্পিত অর্থনৈতিক উন্নয়নৰ এক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল’লে। এইটো অধ্যায়ত ভাৰতে উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন আৰ্হি, কৌশলসমূহ আলোচনা কৰাৰ লগতে পঞ্চ বাৰ্ষিক পৰিকল্পনাসমূহে কিদৰে ভাৰতৰ বিকাশত সহায় কৰিছে সেই বিষয়ে আলোচনা কৰা হ’ব ।  

১। ‘Bombay Plan’ সম্পৰ্কত তলৰ কোনটো উক্তি শুদ্ধ নহয়।

(ক) ভাৰতৰ অৰ্থনৈতিক ভৱিষ্যতৰ এক পৰিকল্পনা।

(খ) ই ৰাষ্ট্ৰ মালিকানাধীন উদ্যোগৰ পোষকতা কৰিছিল।

(গ) ইয়াক কেইজনমান আগশাৰীৰ উদ্যোগপতিৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিল।

(ঘ) ই পৰিকল্পনাৰ ধাৰণাটো সজোৰে উত্থাপন কৰিছিল ৷

উত্তৰ : (ক)

২। পৰিকল্পনাৰ ধাৰণাটো ভাৰতে ক’ৰ পৰা আনিছিল ?

উত্তৰ : ছোভিয়েট ৰাছিয়াৰ পৰা ৷

৩। স্বাধীনতাৰ সময়ত ভাৰতৰ সন্মুখত দেখা দিয়া বিকাশৰ বিভিন্ন আৰ্হিসমূহৰ মাজত কি পাৰ্থক্য আছিল ব্যাখ্যা কৰা।

উত্তৰ : স্বাধীনতাৰ সময়ত ভাৰতৰ সমুখত বিকাশৰ দুটা আৰ্হি (Models) আছিল। এটা হ’ল আমেৰিকা আৰু অন্যান্য ইউৰোপিয়ান ৰাষ্ট্ৰসমূহত কাৰ্যকৰী হৈ থকা পুঁজিবাদী আৰ্হি (Capitalist Model) আৰু আনটো হ’ল ছোভিয়েট ইউনিয়নত কাৰ্যকৰী হৈ থকা সমাজবাদী আৰ্হি (Socialist Model) । ভাৰতৰ অতি কমসংখ্যক লোকেহে বিকাশৰ পুঁজিবাদী আৰ্হিক সমৰ্থন কৰিছিল আৰু বেছিসংখ্যকেই সমাজবাদী আৰ্হিটোৰ পোষকতা কৰিছিল। এই দুটা আৰ্হিৰ মাজত থকা মূল পার্থক্যটো আছিল— পুঁজিবাদী ব্যৱস্থাত উৎপাদন কার্য ব্যক্তিগত খণ্ডত পৰিচালিত হোৱাৰ বিপৰীতে সমাজবাদত উৎপাদন আৰু বিতৰণৰ লগত জড়িত সকলো কাৰ্য ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্রিত হয়। ভাৰতীয় জাতীয়তাবাদী নেতাসকলে দৰিদ্ৰতা দূৰীকৰণ আৰু আৰ্থ-সামাজিক অর্থ ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰাষ্ট্ৰক দায়িত্বশীল কৰাৰ ওপৰত গুৰুত্ব দিছিল। কিছুমানে ঔদ্যোগিকৰণক বেছি গুৰুত্ব দিছিল। অন্য কিছুমানে কৃষিৰ বিকাশ আৰু দৰিদ্ৰতা দূৰীকৰণকহে অগ্ৰাধিকাৰ দিছিল। যি কি নহওক এনে বিতৰ্কৰ ওৰ পেলোৱা হৈছিল পঞ্চবার্ষিক পৰিকল্পনাৰ যোগেদি। প্রথম পঞ্চবার্ষিক পৰিকল্পনাত কৃষিক অগ্ৰাধিকাৰ দিয়াৰ বিপৰীতে বিত্তীয় পঞ্চবার্ষিক পৰিকল্পনাত ঔদ্যোগিকৰণক অধিক গুৰুত্ব দিয়া হৈছিল।

৪। প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ মূল বিষয়সমূহ কি আছিল ? ই দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ পৰা কিদৰে পৃথক?

উত্তৰ : ১৯৫১ চনত আৰম্ভ হোৱা প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাৰ যোগেদি দৰিদ্ৰ চক্ৰৰ পৰা দেশৰ অর্থনীতিক মুক্ত কৰিব বিচৰা হৈছিল। এই পৰিকল্পনাত মূলতঃ কৃষিখণ্ডৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছিল। কৃষিৰ উন্নতিৰ বাবে বান্ধ (Dams) নিৰ্মাণ আৰু জলসিঞ্চনৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল। কৃষিখণ্ডৰ বিকাশৰ ক্ষেত্ৰত ভূমি বিভাজন নীতিটোক অন্যতম বাধা হিচাপে এই পৰিকল্পনাই চিনাক্ত কৰিছিল। সেইবাবে প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাতে ভূমি সংস্কাৰৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল। প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ লক্ষ্যৰ পৰা ফালৰি কাটি দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাই গধুৰ উদ্যোগৰ ওপৰতহে বেছি গুৰুত্ব দিছিল। তদুপৰি প্ৰথম পৰিকল্পনাই ধীৰ গতিৰ বিকাশৰ পোষকতা কৰিছিল যদিও দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাই এই ক্ষেত্ৰত দ্ৰুত পৰিৱৰ্তন বিচাৰিছিল।

৫। সেউজ বিপ্লৱ কি আছিল? সেউজ বিপ্লৱৰ দুটা নেতিবাচক আৰু দুটা ইতিবাচক ফল উল্লেখ কৰা ।

উত্তৰ : HYV (Highly Yielding Varieties) বীজ আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ, জলসিঞ্চন ব্যৱস্থাৰ বিস্তাৰ আদিৰ জৰিয়তে কৃষি খণ্ডৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাটোক সেউজ বিপ্লৱ বুলি কোৱা হয়। ১৯৬৫ চনৰ পিছত এই প্ৰচেষ্টা হাতত লোৱা হৈছিল। ভাৰতত সেউজ বিপ্লৱে ১৯৬৫ চনৰ পৰা ১৯৮০ চনৰ প্ৰথম ভাগত পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষি খণ্ডক উপকৃত কৰা পৰিলক্ষিত হৈছিল।

সেউজ বিপ্লৱৰ ইতিবাচক ফল : সেউজ বিপ্লৱে কঢ়িয়াই অনা দুটা ইতিবাচক ফল হ’ল— সেউজ বিপ্লৱে খাদ্য সামগ্রী উৎপাদন বিশেষকৈ ধান আৰু ঘেঁহুৰ উৎপাদন বৃদ্ধি কৰিছিল। সেউজ বিপ্লৱে নতুন উচ্চ উৎপাদনক্ষম বীজৰ উদ্ভাৱনত সহায় কৰিছিল।

নেতিবাচক ফল : সেউজ বিপ্লৱৰ দুটা নেতিবাচক ফল হ’ল— সেউজ বিপ্লৱে আঞ্চলিক আৰু আন্তঃবৈষম্য বৃদ্ধি কৰিছিল। এই বিষয়ে হাৰিয়ানা, পঞ্জাব আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ বিকাশতহে অধিক সহায় কৰিছিল। আয় বৈষম্য (Income disparities) বৃদ্ধিৰ বাবেও সেউজ বিপ্লৱকে জগৰীয়া কৰা হয়।  

৬। POSCO ৰ সম্পূৰ্ণ নামটো লিখা।

উত্তৰ : Pohang Iron and Steel Company.

৭। উন্নয়নৰ দুটা আৰ্হি আছিল, এটা উদাৰ পুঁজিবাদী আৰু আনটো আৰ্হি কি?

উত্তৰ : সমাজবাদী ৰক্ষণশীল আৰ্হি।

৮। পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল ।

Politics of Planned Development || NCERT Class 12 Political Science Study Materials

উত্তৰ : ১৯৫০ চনত।

৯। FYP মানে কি ?

উত্তৰ : Five Year Plan.

১০। প্রথম পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ : ১৯৫১ চনত

১১। প্রথম পঞ্চবার্ষিক পৰিকল্পনাত সন্নিৱিষ্ট এটা বৃহৎ প্ৰকল্পৰ নাম লিখা।

উত্তৰ : ভাক্রানাঙ্গল বান্ধ ৷

১২। ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : পি. চি. মহলানৱীশ।

১৩। খাদ্য সংকটৰ সময়ত ভাৰতবৰ্ষই কোনখন দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল ?

উত্তৰ : আমেৰিকাৰ ওপৰত ।

১৪। AMUL-ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : Anand Milk Union Limited.

১৫। ভাৰতৰ ‘দুগ্ধমানৱ’ বুলিলে কাক কোৱা হয় ?

উত্তৰ : ভার্গিজ কুৰিয়েনক।

১৬। কিমান চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল ?

উত্তৰ : ১৯৫০ চনত ।

১৭। প্রথম পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ : ১৯৫১ চনত

১৮। প্রথম পঞ্চবার্ষিক পৰিকল্পনাত কোনটো খণ্ডৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছিল?

উত্তৰ : কৃষি খণ্ডৰ ওপৰত

১৯। ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন ?

উত্তৰ : ভাৰতৰ প্ৰধান মন্ত্রী।

২০।  দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত কিহক অগ্ৰাধিকাৰ দিয়া হৈছিল?

উত্তৰ : গধুৰ উদ্যোগক ।

২১। ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনা কোনে প্ৰস্তুত কৰে ?

উত্তৰ : পৰিকল্পনা আয়োগে।

২২। সেউজ বিপ্লৱ কিহৰ লগত জড়িত আছিল ?

উত্তৰ : কৃষিৰ উৎপাদনশীলতা বৃদ্ধিৰ লগত।

২৩।  পৰিকল্পনা আয়োগক এটা সাংবিধানিক সংস্থা (Constitutional body) বুলি ক’ব পাৰিনে ?

উত্তৰ : নোৱাৰি।

২৪। প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ কেতিয়া শেষ হৈছিল?

উত্তৰ : ১৯৫৬ চনত ।

২৫। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ : ১৯৫৬ চনত ।

২৬। পৃথিৱীৰ কোন দেশত পোনপ্ৰথমে পঞ্চবার্ষিক পৰিকল্পনা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰ : ছোভিয়েট ৰাছিয়া ৷

২৭। উৰিষ্যাৰ গাঁওবাসীয়ে POSCO প্ৰকল্পৰ বিৰুদ্ধে কিয় প্ৰতিবাদ কৰিছিল?

উত্তৰ : উৰিষ্যাৰ গাঁওবাসীয়ে POSCO প্ৰকল্পৰ বিৰোধিতা কৰিছিল। ইয়াৰ কাৰণ হ’ল এই উদ্যোগ স্থাপনৰ ফলত গাঁওবাসীয়ে নিজৰ বাসগৃহ আৰু খেতিপথাৰৰ অধিকাৰৰ পৰা বঞ্চিত তথা উচ্ছেদিত হোৱাৰ সম্ভাৱনা আছিল ।

২৮। বাওঁপন্থী আৰু সোঁপন্থী দল মানে কি বুজা ?

উত্তৰ : ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ ক্ষেত্ৰত সাম্যবাদী আৰ্হি তথা ৰক্ষণশীল আৰু দুখীয়া, নিপীড়িত জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব প্ৰদন কৰাক বাওঁপন্থী আৰু ধনিক শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষিত তথা উদাৰ পুঁজিবাদী আৰ্হিক সমৰ্থন কৰা সকলক সোঁপন্থী দল বুলি কোৱা হয়।

২৯। বিকাশ মানে কি বুজা ?

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা “টেলিগ্রাম চেনেল” ত জইন হওক “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

উত্তৰ : দেশ এখনৰ অৰ্থনৈতিক দিশৰ উন্নয়নৰ ক্ষেত্ৰত জনমূৰি আয় বৃদ্ধিৰ লগতে উদ্যোগীকৰণ, নগৰীকৰণ, শ্রম বিভাজন আৰু বিনিয়োগৰ আদিয়ে বাৰুকৈয়ে প্ৰভাৱ পেলায়। ইয়াৰ দ্বাৰা দেশখনৰ উন্নয়নৰ দিশটো স্পষ্ট কৰি তোলে। ইয়াকে দেশখনৰ বিকাশ হোৱা বুলি ক’ব পাৰি।

৩০। আধুনিকতা কিহৰ লগত জড়িত?

উত্তৰ : দেশ এখনৰ উন্নয়ন বা বিকাশৰ লগত আধুনিকতা শব্দটো জড়িত। এই ক্ষেত্ৰত দেশ এখনৰ উন্নয়নৰ দিশটো ভালদৰে পৰ্যালোচনা কৰিব পৰা যায় ৷

৩১। বোম্বে পৰিকল্পনা মানে কি আছিল?

উত্তৰ : ভাৰতবৰ্ষত ১৯৪৪ চনত কিছুমান উদ্যোগপতিয়ে বোম্বাইত মিলিত হৈ এখন পৰিকল্পিত অর্থনীতি প্রতিষ্ঠা কৰাৰ বাবে এখন যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰিছিল। এই খচৰাখনত উদ্যোগিক আৰু অন্যান্য অর্থনৈতিক বিনিয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। ইয়াকে বোম্বে পৰিকল্পনা বুলি কোৱা হয় ৷

Politics of Planned Development || NCERT Class 12 Political Science Study Materials

৩২। চৰকাৰী বাজেটক দুটা ভাগত ভাগ কৰিব পাৰি ভাগ দুটা কি কি?

উত্তৰ : চৰকাৰী বাজেটক দুটা ভাগত বিভক্ত কৰা হৈছে। সেই কেইটা ক্ৰমে পৰিকল্পনা বাজেট আৰু অপৰিকল্পনা বাজেট।

৩৩। কোন চনত প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? আৰু ভাৰতৰ বিকাশ তীব্ৰ কৰিবলৈ কোৱা অৰ্থনীতিবিদজন কোন ?

উত্তৰঃ ১৯৫১ চনত প্ৰথম পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল। কে এন ৰাজ নামৰ অৰ্থনীতিবিদজনে ভাৰতৰ বিকাশ তীব্ৰ কৰিবলৈ কৈছিল।

৩৪। ‘কেৰালাৰ মডেল’ৰ দ্বাৰা কোনবোৰ বিশেষ বস্তুৰ ওপৰত গুৰুত্ব দিয়া হৈছিল?

উত্তৰ : ‘কেৰালা মডেল’ বুলি ক’লে কেৰালা ৰাজ্যৰ বছৰেকীয়া পৰিকল্পনাকে বুজায়। শিক্ষা, স্বাস্থ্য, ভূমি সংস্কাৰ, ফলপ্রসু খাদ্য বিতৰণ আৰু দৰিদ্ৰতা নিবাৰণৰ ওপৰত এই আৰ্হিটোৱে বিশেষ গুৰুত্ব প্ৰদান কৰিছিল ।

৩৫। মিশ্র অর্থনীতি বুলিলে কি বুজা ?

উত্তৰ : যি অৰ্থনীতিত সমাজবাদ আৰু পুঁজিবাদৰ দুয়োটা আৰ্হিৰে অৱস্থিতি পোৱা যায় তাকে মিশ্ৰ অর্থনীতি বুলি কোৱা হয়।

৩৬। পর্যাপ্ত খাদ্য নিশ্চিতকৰণৰ বাবে ভাৰতে কেনেকুৱা নীতি গ্রহণ কৰিছিল?

উত্তৰঃ ভাৰবৰ্ষই খাদ্য সংকট দূৰ কৰিবলৈ আমেৰিকাৰ পৰা আমদানিকৃত খাদ্য সামগ্ৰীৰে খাদ্য সামগ্ৰীৰ ভঁৰাল চহকী কৰিছিল। ইয়াৰ উপৰি সেউজ বিপ্লৱৰ নীতিৰ দ্বাৰা কৃষিৰ উৎপাদন বৃদ্ধি কৰিবলৈ পৰিকল্পনা হাতত লৈছিল।

৩৭। National Planning Commission কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ অধ্যক্ষ কোন আছিল?

উত্তৰ : ১৯৩৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দ্বাৰা National Planning Commission স্থাপন কৰা হৈছিল। ইয়াৰ অধ্যক্ষ আছিল জৱাহৰলাল নেহৰু।  

৩৮। ভাৰতত পৰিকল্পনাৰ দুটা লক্ষ্য উল্লেখ কৰা।

উত্তৰ : ভাৰতত পৰিকল্পনাৰ দুটা লক্ষ্য হ’ল-

১। উৎপাদনৰ হাৰ বৃদ্ধি কৰা ৷

২। সম্পদ আৰু আয়ৰ ক্ষেত্ৰত থকা অসমতা হ্ৰাস কৰা ।

৩৯। ভাৰতৰ পৰিকল্পনা আয়োগ কেতিয়া আৰু কেনেকৈ গঠিত হৈছিল ?

উত্তৰ : 1950 চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা এটা প্ৰস্তাৱ অনুসৰি পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল।

৪০। স্বাধীনতাৰ সময়ত ভাৰতৰ সন্মুখত থকা উন্নয়নৰ আৰ্হি দুটা কি কি আছিল ?

উত্তৰ : স্বাধীনতাৰ সময়ত ভাৰতৰ সন্মুখত থকা উন্নয়নৰ আৰ্হি দুটা হ’ল—

১। উন্নয়নৰ পুঁজিবাদী আৰ্হি (Capitalist Model)

২। উন্নয়নৰ সমাজবাদী আৰ্হি (Socialist Model)

৪১। পুঁজিবাদ কি?

উত্তৰ : পুঁজিবাদ হ’ল এনে এক অর্থনৈতিক ব্যৱস্থা য’ত উৎপাদনৰ আহিলাসমূহ ব্যক্তিৰ বা পুঁজিপতিৰ নিয়ন্ত্ৰণত থাকে আৰু বজাৰত সকলো ধৰণৰ অৰ্থনৈতিক কার্যকলাপ যোগান আৰু চাহিদাই নিৰূপণ কৰে। এনে অর্থনৈতিক ব্যৱস্থাত মুনাফা অর্জনক একমাত্র লক্ষ্য হিচাপে গ্ৰহণ কৰা হয়।

৪২। মিশ্র অর্থনীতি বুলিলে কি বুজা?

উত্তৰ : যি অৰ্থনৈতিক ব্যৱস্থাত ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ডৰ সহ-অৱস্থান ঘটে তেনে অর্থনৈতিক ব্যৱস্থাকে মিশ্র অর্থনীতি বুলি কোৱা হয়। ভাৰতৰ অৰ্থনীতি মিশ্ৰ অৰ্থনীতিৰ উদাহৰণ।

৪৩। সমাজবাদী অর্থনীতিক দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : সমাজবাদী অর্থনীতিৰ দুটা বৈশিষ্ট্য হ’ল—

১। এনে অর্থনৈতিক ব্যৱস্থাত উৎপাদনৰ আহিলাসমূহ ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত থাকে।

২। পৰিকল্পিত অর্থনীতি এনে অর্থ ব্যৱস্থা অন্য এটা বৈশিষ্ট্য।

৪৪। পৰিকল্পনা আয়োগ এক সংবিধানস্বীকৃত অনুষ্ঠান হয়নে? যুক্তিসহ উত্তৰ দিয়া।

উত্তৰ : পৰিকল্পনা আয়োগ এক সাংবিধানিক অনুষ্ঠান নহয়। কাৰণ ভাৰতীয় সংবিধানৰ ক’তো পৰিকল্পনা আয়োগৰ বিষয়ে উল্লেখ নাই। ১৯৫০ চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা এক প্ৰস্তাৱ অনুসৰি এই আয়োগ গঠন কৰা হৈছিল।

Politics of Planned Development || NCERT Class 12 Political Science Study Materials

৪৫। Bombay Plan কি ?

উত্তৰ : 1944 চনত ভাৰতৰ কিছুসংখ্যক বৃহৎ উদ্যোগপতি মিলিত হৈ পৰিকল্পিত অৰ্থনীতিৰ বাবে যি যুটীয়া খচৰা প্ৰস্তৱ গ্ৰহণ কৰিছিল তাকে Bombay Plan বুলি কোৱা হয় ৷

৪৬। অর্থনৈতিক পৰিকল্পনা কি ?

উত্তৰ : অর্থনৈতিক পৰিকল্পনা হ’ল অৰ্থনৈতিক উন্নয়নৰ এক কৌশল, য’ত ৰাষ্ট্ৰই বা চৰকাৰে সময়ৰ ভিতৰত উপনীত হ’ব পৰাকৈ কেতবোৰ লক্ষ্য নিৰ্ধাৰণ কৰে আৰু সেই অনুসৰি সম্পদৰাজি আৱণ্টন কৰে।

৪৭। পৰিকল্পনা আয়োগৰ দুটা কাৰ্য উল্লেখ কৰা।

উত্তৰ : পৰিকল্পনা আয়োগৰ দুটা কাৰ্য হ’ল—

১। পৰিকল্পনাৰ লক্ষ্যসমূহ নিৰ্ধাৰণ কৰা।

২। পৰিকল্পনাৰ লক্ষ্যসমূহ ৰূপায়ণৰ বাবে আঁচনি প্ৰস্তুত কৰা আৰু সেইবোৰৰ নিয়মীয়া পর্যালোচনা।

৪৮। সেউজ বিপ্লৱ বুলিলে কি বুজা?

উত্তৰ : সেউজ বিপ্লৱে ভাৰতীয় কৃষি খণ্ডত ১৯৬০ ৰ দশকত লোৱা এক পদক্ষেপক বুজায়। উৎপাদনক্ষম বীজ আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰ, জলসিঞ্চনৰ বিস্তাৰ আদিৰ যোগেদি কৃষিৰ উৎপাদনশীলতা বৃদ্ধিৰ যি প্ৰচেষ্টা ভাৰত চৰকাৰে গ্ৰহণ কৰিছিল তাকে সেউজ বিপ্লৱ বুলি কোৱা হয়।

৪৯। পৰিকল্পিত উন্নয়ন (Planned Development) বুলিলে কি বুজা ?

উত্তৰ : পৰিকল্পিত উন্নয়ন বুলি ক’লে এনে এক প্ৰক্ৰিয়াক বুজা যায় য’ত চৰকাৰৰ এটা কেন্দ্ৰীয় সংস্থাই উন্নয়নৰ লক্ষ্যসমূহ নিৰ্ধাৰণ কৰে আৰু সেই লক্ষ্যসমূহ এক নির্দিষ্ট সময়ৰ ভিতৰত পূৰণৰ চেষ্টা কৰা হয়। ভাৰতত পৰিকল্পিত উন্নয়নৰ আৰ্হিটোক গ্ৰহণ কৰা হৈছে।

৫০। প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ দুটা লক্ষ্য উল্লেখ কৰা।

উত্তৰ : প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাৰ দুটা লক্ষ্য হ’ল—

(ক) কৃষিখণ্ডৰ উন্নয়ন।

(খ) ভূমি সংস্কাৰ।

৫১। প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ বিষয়ে ব্যাখ্যা কৰা ।

উত্তৰ : ভাৰতবৰ্ষই দেশৰ অৰ্থনীতি ব্যৱস্থাটো টনকীয়াল কৰিবলৈ পঞ্চবার্ষিক পৰিকল্পনা হাতত লৈছিল। সেয়ে প্রথম পঞ্চবার্ষিক পৰিকল্পনাত দেশখনৰ কৃষিখণ্ডক শক্তিশালী কৰি তুলিবলৈ লোৱা হৈছিল। কাৰণ সেই সময়ত দেশ বিভাজনে কৃষিখণ্ডত বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছিল। ফলত দেশৰ অৰ্থনৈতিক অৱস্থাটো অতি দুৰ্বল হৈ পৰিছিল। এনে ধৰণৰ চিন্তাধাৰাক আগত লৈ কৃষিখণ্ডক প্রথম পঞ্চবার্ষিক পৰিকল্পনাত অন্তৰ্ভুক্ত কৰিবলৈ লোৱা হৈছিল। এই পৰিকল্পনাৰ মূল লক্ষ্যসমূহ হ’ল –

(ক) জলসিঞ্চনৰ প্ৰসাৰৰ দ্বাৰা কৃষিখণ্ডত অত্যধিক গুৰুত্ব প্ৰদান কৰা। প্রথম পঞ্চবার্ষিক পৰিকল্পনাত কৃষিখণ্ডত পর্যাপ্ত পৰিমাণৰ পানী যোগান ধৰিবৰ বাবে ভাক্রা নাঙ্গল বান্ধৰ দৰে বান্ধ প্ৰতিষ্ঠা কৰিবলৈ লোৱা হৈছিল।

(খ) এই সময়ছোৱাত সামন্তৰীয় ব্যৱস্থাই খেতিয়কৰ মাজত কৃষিভূমিৰ বিতৰণৰ পৰিৱৰ্তে সামন্ত প্রভুসকলৰ হাততহে হাজাৰ হাজাৰ একৰ কৃষিভূমি নিয়ন্ত্রণাধীন আছিল। ফলত কৃষিখণ্ডত দেখা দিয়া বৈষম্যতাই দেশৰ উন্নয়নত বাধা হিচাপে থিয় দিছিল। সেয়ে ভূমি সংস্কাৰৰ দ্বাৰা প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাতে যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছিল ।

(গ) দেশখনৰ জাতীয় আয়ৰ কথালৈ গুৰুত্ব প্ৰদান কৰি জনসাধাৰণৰ সঞ্চয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। জনসাধাৰণৰ ব্যয় তথা ক্রয় ক্ষমতা কম কৰি সঞ্চয়ৰ হাৰ বৃদ্ধি কৰিলে দেশখনত উন্নয়ন তথা বিকাশ হোৱাতো নিশ্চিত। সেয়ে এই পৰিকল্পনাত এনেধৰণৰ আঁচনি প্ৰস্তুত কৰি জনসাধাৰণৰ সঞ্চয়ৰ হাৰ বৃদ্ধি কৰিবলৈ লোৱা হৈছিল।

৫২। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ স্থপতি কোন আছিল? ইয়াৰ লক্ষ্যসমূহ কি আছিল লিখা।

উত্তৰ : দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ প্ৰধান স্থপতি আছিল পি. চি. মহলানবিছক। তেওঁৰ নেতৃত্বতে দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। এই পৰিকল্পনাত বৃহৎ উদ্যোগসমূহৰ ওপৰত প্ৰধানকৈ গুৰুত্ব প্ৰদান কৰা হৈছিল। এই পৰিকল্পনাতে সমাজবাদী আৰ্হিৰে উন্নয়ন তথা বিকাশৰ জৰিয়তে সমাজ গাঁথনিত পৰিৱৰ্তন সাধনৰ ওপৰত জোৰ দিয়া হৈছিল। অর্থনৈতিক বিকাশে সমাজৰ নিম্নশ্রেণীৰ লোকসকলৰ আয়, সম্পদ আদিৰ যাতে কেন্দ্ৰীভূতকৰণ নহয় তাৰ ওপৰত জোৰ দিয়া হৈছিল। এনেদৰে দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত দ্ৰুত বিকাশৰ ক্ষেত্ৰত বৃহৎ উদ্যোগ প্ৰতিষ্ঠা আৰু অর্থনৈতিক ভাৰসাম্যতাৰ ওপৰত জোৰ দিছিল।

৫৩। ব্যক্তিগত খণ্ড কি? ৰাজহুৱা খণ্ডৰ লগত ইয়াৰ প্ৰভেদ বুজাই লিখা।

উত্তৰ : পুঁজিবাদী আৰ্হিৰে দেশৰ বিকাশ সাধনত সহায় কৰা অথবা যিবোৰ খণ্ডত চৰকাৰী নিয়ন্ত্ৰণ নাথাকে, কেৱল ব্যক্তিগতভাৱে পুঁজি নিয়োগ কৰিব পাৰে তেনেবোৰ খণ্ডকে ব্যক্তিগত খণ্ড বোলা হয়। ব্যক্তিগতখণ্ড আৰু ৰাজহুৱা খণ্ডৰ মাজত কিছুমান প্রভেদ দেখা যায়। এই ক্ষেত্ৰত ব্যক্তিগত খণ্ডই পুঁজিবাদী আৰ্হি অনুসৰণ কৰে আনহাতে, ৰাজহুৱা খণ্ডই সমাজবাদী আৰ্হিক অনুসৰণ কৰে। দ্বিতীয়তে, ব্যক্তিগত খণ্ডই ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হৈ কাম কৰিব পাৰে, কিন্তু ৰাজহুৱা খণ্ডত ৰাষ্ট্ৰৰ নিয়ন্ত্রণাধীন আৰু ই চৰকাৰৰ নীতি-নিয়মৰ দ্বাৰা পৰিচালিত হয়।  

৫৪। সেউজ বিপ্লৱ কি? ই কেনেকৈ আৰম্ভ হৈছিল ?

উত্তৰ : ১৯৬০ ৰ দশকৰ মাজভাগত ভাৰতৰ কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধিৰ বাবে যি প্ৰচেষ্টা হাতত লৈছিল তাকেই সেউজ বিপ্লৱ বুলি কোৱা হয়। সেই সময়ত ভাৰতে খাদ্য সংকটৰ সন্মুখীন হ’ব লগা হৈছিল আৰু সেয়ে আমেৰিকাৰ পৰা খাদ্য সামগ্রী আমদানি কৰিব লগা হৈছিল। তেনে সময়তে আমেৰিকাই ভাৰতৰ বিভিন্ন নীতিত হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল। যাৰ বাবে ভাৰতবৰ্ষই খাদ্য উৎপাদনত আত্মনিৰ্ভৰশীল হোৱাৰ লগতে কৃষিখণ্ডত বৈজ্ঞানিক কৌশল প্ৰৱৰ্তনৰ বাবে অগ্ৰসৰ হ’বলৈ লয়। উন্নত জাতৰ বীজ, খেতি পথাৰত ৰাসায়নিক সাৰৰ ব্যৱহাৰ, নতুন তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ কৰি কৃষি উৎপাদনৰ বৃদ্ধি কৰা আদি কাৰ্যৰ দ্বাৰা দেশৰ বিকাশ সাধন কৰিবলৈ আৰম্ভ কৰে। এনেদৰে কৃষি খণ্ডৰ আমূল পৰিৱৰ্তন আনিবলৈ যিবিলাক নীতি হাতত লৈছিল সেই নীতিসমূহক সেউজ বিপ্লৱ বুলি জনা যায় ৷ সেউজ বিপ্লৱৰ ইতিবাচক প্ৰভাৱ দেখা গৈছিল। জলসিঞ্চন ব্যৱস্থাৰ দ্ৰুতগতিত সম্প্ৰসাৰণ ঘটিছিল। বিশেষকৈ কৃষিখণ্ডত বৈদ্যুতিক তথা ডিজেল পাম্পচেট আৰু নলীনাদ যোগান ধৰা হৈছিল। ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰো দ্ৰুত প্ৰয়োগ ঘটিছিল। দ্বিতীয়তে, কৃষিখণ্ডৰ খাদ্য-সামগ্ৰীৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিলে আৰু আমদানিকৃত সামগ্ৰীৰ পৰিমাণ হ্রাস ঘটিল। সেউজ বিপ্লৱৰ ফলত দেখা দিয়া নেতিবাচক প্ৰভাৱসমূহ হ’ল কৃষি খণ্ডত দেখা দিয়া আঞ্চলিক বৈষম্যতা বৃদ্ধিয়ে পাঞ্জাৱ, হাৰিয়ানাৰ দৰে অঞ্চলসমূহৰ বাহিৰে আন অঞ্চলত সেউজ বিপ্লৱৰ প্ৰভাৱ পৰা নাছিল। দ্বিতীয়তে, সেউজ বিপ্লৱৰ ফলত এক শক্তিশালী কৃষক শ্ৰেণীৰ উত্থানে ৰাজনৈতিকভাৱে শক্তিশালী কৰি তুলিছিল। ফলত কৃষিখণ্ডলৈ আগবঢ়োৱা ৰাজসাহাৰ্য তেওঁলোকে হস্তগত কৰিছিল। আকৌ, সেউজ বিপ্লৱৰ ফলত অৱহেলিত অঞ্চলসমূহত কৃষকসকলৰ মাজত মাওবাদী শক্তিসমূহ অধিক শক্তিশালী হৈ গঢ়ি উঠিছিল।

Politics of Planned Development || NCERT Class 12 Political Science Study Materials

৫৫। দুগ্ধ মানৱ বুলি কাক কোৱা হয়? শ্বেত বিপ্লৱৰ বিষয়ে আলোচনা কৰা ।

উত্তৰ : সেউজ বিপ্লৱে কৃষিখণ্ডত যিদৰে আমূল পৰিৱৰ্তন আনিছিল ঠিক তেনেদৰে আন আন ক্ষেত্ৰতো এনে বিপ্লৱৰ সূচনা হৈছিল। বিশেষকৈ দুগ্ধপামৰ জৰিয়তে যি বিপ্লৱৰ সূচনা হৈছিল তাক শ্বেত বিপ্লৱ বুলি অভিহিত কৰা হৈছিল। ভার্গিজ কুৰেইন আছিল এই বিপ্লৱৰ অন্যতম আৰু তেওঁক ভাৰতবৰ্ষৰ দুগ্ধ ব্যক্তি বা দুগ্ধ মানৱ হিচাপে জনা যায়। গাখীৰৰ পৰা উৎপাদিত দ্ৰব্যক কেন্দ্ৰ কৰি সংঘটিত হোৱা বাবেই ইয়াক শ্বেত বিপ্লৱ বুলি জনা যায়। আমূল উৎপাদনত গুজৰাট সমবায় দুগ্ধ আৰু মার্কেটিং ফেডাৰেশ্যন লিমিটেড গঠনত ভার্গিজ কুৰেইনে মুখ্য ভূমিকা পালন কৰিছিল। গুজৰাটৰ আনন্দ নামৰ চহৰত ২.৫ নিযুত দুগ্ধ উৎপাদনকাৰীয়ে এই আন্দোলনত যোগদান কৰিছিল। ১৯৭০ ৰ দশকত আৰম্ভ কৰা অপাৰেশ্যন ফ্লাড নামৰ আঁচনিৰ জৰিয়তে অধিক দুগ্ধ উৎপাদনৰ লক্ষ্য আগত ৰাখি দেশজুৰি দুগ্ধ উৎপাদনকাৰীসকলক সংগঠিত কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে দুগ্ধ ক্ৰয় কৰাসকলক  পোনপটীয়াকৈ উৎপাদনকাৰীৰ সৈতে সম্পৰ্ক গঢ়ি তোলা হৈছিল। ফলত মধ্যভোগী শ্রেণীসকলক এই উৎপাদন ক্ষেত্রৰ পৰা দূৰত ৰখা হৈছিল। ইয়াৰ দ্বাৰা গ্ৰামাঞ্চলৰ বিকাশ আৰু দৰিদ্ৰতা দূৰীকৰণৰ দৰে আঁচনিৰ সহায়ত মহিলাসকলে মহিলা দুগ্ধ সমবায় সমিতি গঠন কৰিছিল। যাৰ দ্বাৰা মহিলাসকলক অর্থনৈতিকভাৱে আত্মনিৰ্ভৰশীল হোৱাত অধিক অনুপ্ৰেৰণা যোগাইছিল।

৫৬। সেউজ বিপ্লৱ আৰু শ্বেত বিপ্লৱৰ মাজত থকা পাৰ্থক্যসমূহৰ বিষয়ে আলোচনা কৰা ।

উত্তৰ : সেউজ বিপ্লৱৰ ভেটি হ’ল কৃষিখণ্ড। কৃষিখণ্ডৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰাই এই বিপ্লৱৰ মূল্য লক্ষ্য আৰু উদ্দেশ্য। খাদ্য দ্ৰব্যৰ উৎপাদন বৃদ্ধি কৰি সেউজ বিপ্লৱে খাদ্য সামগ্ৰীৰ নাটনি দূৰ কৰাত গুৰুত্ব প্ৰদান কৰিছিল। আনহাতে, শ্বেত বিপ্লৱৰ মূল লক্ষ্য আছিল দুগ্ধ উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰা । এক বিশেষ আঁচনিৰ জৰিয়তে এই দুগ্ধ বিপ্লৱে দুগ্ধ উৎপাদনৰ জৰিয়তে গ্ৰামাঞ্চলৰ বিকাশ আৰু দৰিদ্ৰতা দূৰীকৰণত জোৰ দিছিল। দ্বিতীয়তে, সেউজ বিপ্লৱত খেতিয়কসকল প্ৰত্যক্ষভাৱে জড়িত আছিল। আনহাতে, শ্বেত বিপ্লৱত গাখীৰৰ ব্যৱসায়ৰ লগতহে জড়িত আছিল। সেউজ বিপ্লৱৰ সৈতে ড° নৰ্মান ব’ৰলাউগৰ অৰিহনা জড়িত আছিল, কিন্তু শ্বেত বিপ্লৱৰ সৈতে ভার্গিজ কুৰেইনৰ অৰিহনা জড়িত আছিল। তৃতীয়তে, সেউজ বিপ্লৱৰ ফলত পঞ্জাৱ, হাৰিয়ানা ৰাজ্যকেইখনতে বেছি লাভ হৈছিল শ্বেত বিপ্লৱে গুজৰাটত বিশেষকৈ গা কৰি উঠিছিল। চতুর্থতে, সেউজ বিপ্লৱে সমবায় ভিত্তিত কৃষিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল, কিন্তু শ্বেত বিপ্লৱে সমবায় ভিত্তিত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল।

৫৭। বিকাশৰ ধাৰণাটোৰ বিষয়ে আলোচনা কৰা।

উত্তৰ : বিভিন্ন শ্ৰেণীৰ লোকৰ মাজত ‘বিকাশ’ৰ ধাৰণাটো ভিন্ন ভিন্ন ধৰণে হয়। বিকাশ বুলি ক’লে সাধাৰণতে পশ্চিমীয়া দেশসমূহৰ সাম্প্ৰতিক অৱস্থিতিৰ পৰিৱৰ্তনৰ কথাকে বুজোৱা হয়। এই ক্ষেত্ৰত বিকাশ বুলি কওঁতে দ্রুত অর্থনৈতিক তথা সামগ্ৰিক দিশসমূহৰ উন্নয়নৰ কথাকে বুজোৱা যায়। ফলত পশ্চিমীয়া দেশসমূহত সঘনে বিভিন্ন পৰিৱৰ্তন হোৱা দেখা গৈছে। বিশেষকৈ আধুনিকীকৰণ ঔদ্যোগিকীকৰণ, উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰ, উৎপাদন বৃদ্ধি, প্রতিযোগিতামূলক অর্থনীতি এই সকলোবোৰ ফলতে দেশ এখনৰ বিকাশ খৰতকীয়া পৰিলক্ষিত হোৱা দেখা যায়। এনেধৰণৰ ধাৰণাক লৈয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ৰাষ্ট্ৰসমূহত ইয়াৰ প্ৰভাৱ পৰা দেখা যায়। ফলত ই তিনিটা ভিন্ন স্তৰত দেশসমূহক বিভাজন কৰিছে— উন্নত, উন্নয়নশীল আৰু অনুন্নত। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ মুহূৰ্তত বিশ্বত প্ৰধানকৈ পুঁজিবাদী আৰু সমাজবাদী দুই আৰ্হিৰ প্ৰচলন আছিল। এই দুই ধাৰণাৰ ভিতৰত পুঁজিবাদী ধাৰণাই অধিক উৎপাদনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা আৰু ব্যক্তিগত পুঁজিবাদীসকলৰ বিকাশত অগ্ৰাধিকাৰ দিছিল। উৎপাদিত সামগ্রী বিতৰণত সমান সুযোগ-সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনে গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল। আনহাতে, সমাজবাদী ধাৰণাই সমাজৰ সকলোৰে বাবে সম সুযোগ-সুবিধা প্রদান কৰিছে। সমাজবাদী ধাৰণাই উৎপাদন বৃদ্ধিৰ জৰিয়তে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাটো গুৰুত্বপূৰ্ণ বুলি ভাবে। এনেদৰে বিকাশৰ জৰিয়তে ৰাষ্ট্ৰসমূহে আধুনিকীকৰণ, ঔদ্যোগিকীকৰণ আৰু উন্নত প্রযুক্তি কৌশলৰ ব্যৱহ ওপৰত গুৰুত্ব দিছিল। ইয়াৰ মূলতে দ্রুত উন্নয়ন তথা বিকাশ সম্ভৱ হ’ব বুলি ক’ব পাৰি।

৫৮। পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ কাৰ্য পৰিধি আলোচনা কৰা ৷

উত্তৰঃ ১৯৫০ চনৰ ১৫ আগষ্টত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। ১৯৫১ চনত প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাৰ প্ৰস্তুতি হাতত লোৱা হৈছিল। ইয়াৰ মূল্য উদ্দেশ্য আৰু কাৰ্যব্যৱস্থা আছিল এনেধৰণৰ – সকলো নাগৰিকক জীৱন ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন কৰাত গুৰুত্ব প্ৰদান কৰিছিল। এই পৰিকল্পনাৰ জাতীয় আয় বৃদ্ধিৰ জৰিয়তে অৰ্থনৈতিক বিকাশত জোৰ দিছিল। সম্প্ৰদায়ৰ উৎপাদিত সম্পদৰ অধিকাৰ আৰু নিয়ন্ত্ৰণ জনসাধাৰণৰ হিতৰ হকে সুৰক্ষিত কৰি ৰখা আৰু ইয়াৰ সদ্ব্যৱহাৰৰ ওপৰত পৰিকল্পনাই গুৰুত্ব প্ৰদান কৰিছিল। অর্থনৈতিক অসমতা হ্ৰাস কৰিবলৈ পঞ্চবার্ষিক পৰিকল্পনাৰ দ্বাৰা বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল। বিভিন্ন জনকল্যাণমূলক আঁচনিৰ জৰিয়তে দৰিদ্ৰতা দূৰীকৰণ, নিবনুৱা সমস্যা সমাধান আদি কাৰ্যপন্থা হাতত লৈছিল। ইয়াৰ উপৰি সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে ন্যূনতম প্রয়োজনীয়খিনি যাতে দেশৰ সকলো জনসাধাৰণে লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিছিল। তদুপৰি পঞ্চবার্ষিক পৰিকল্পনাই আঞ্চলিক ভাৰসাম্যতা ৰক্ষা কৰিবলৈ পিছপৰা অঞ্চলৰ বিকাশৰ সাধন কৰা আৰু ৰাজ্যসমূহৰ দ্ৰুতগতিত বিকাশৰ জৰিয়তে সমতা স্থাপন কৰিবলৈ গুৰুত্ব প্ৰদান কৰিছিল ৷

৫৯। বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা।

উত্তৰ : বিকেন্দ্ৰীকৃত পৰিকল্পনা হ’ল স্থানীয় পৰ্যায়ত আঁচনি প্ৰস্তুত আৰু প্ৰণয়ন কৰাত গুৰুত্ব প্ৰদান কৰা ৷ পৰিকল্পনা সাধাৰণতে দুই প্ৰকাৰৰ হ’ব পাৰে। কেন্দ্ৰীকৃত আৰু বিকেন্দ্ৰীকৃত পৰিকল্পনা। দেশ তথা সমাজৰ উচ্চ শ্ৰেণীৰ লোকৰ দ্বাৰা পৰিচালিত পৰিকল্পনাক কেন্দ্ৰীভূত পৰিকল্পনা বুলি কোৱা হয়। আনহাতে, যি পৰিকল্পনাৰ দ্বাৰা স্থানীয় তথা আঞ্চলিক পর্যায়লৈ বিভিন্ন কাৰ্য আঁচনিৰ বিতৰণ কৰা হয়, তেনে পৰিকল্পনাকে বিকেন্দ্ৰীকৃত পৰিকল্পনা বুলি কোৱা হয়। এই বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ জৰিয়তে জনসাধাৰণক উন্নয়নমূলক আঁচনিত অংশগ্ৰহণ কৰাৰ বাবে সুযোগ আৰু উৎসাহ প্রদান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। উদাহৰণস্বৰূপে কেৰেলা চৰকাৰে পোনপ্ৰথমবাৰৰ বাবে বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ জৰিয়তে যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। পঞ্চায়তীৰাজ শাসন ব্যৱস্থা প্ৰচলন কৰি দেশৰ বিভিন্ন আঞ্চলিক পৰ্যায়ত দ্রুতগতিত বিকাশ সাধন কৰিবলৈ এই পৰিকল্পনাৰ দ্বাৰা জোৰ দিয়া হৈছিল। বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ জৰিয়তে চৰকাৰে স্থানীয় স্বায়ত্তশাসিত কৰ্তৃপক্ষৰ হাতত বিভিন্ন ক্ষমতা অৰ্পন কৰি কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ কাৰ্যকৰী হোৱাকৈ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছিল। বিকেন্দ্ৰীকৃত পৰিকল্পনাৰ দ্বাৰা সাধাৰণ জনগণে যাতে গণতান্ত্রিক মনোভাৱেৰে অংশগ্ৰহণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।

৬০। ভূমি সংস্কাৰ মানে কি বুজা? ভূমি সংস্কাৰৰ বিভিন্ন পৰামৰ্শসমূহৰ বিষয়ে আলোচনা কৰা।

উত্তৰ : ভাৰতবৰ্ষই ব্ৰিটিছৰ পৰা যেতিয়া দেশৰ শাসনভাৰ গ্ৰহণ কৰে তেতিয়া ভাৰত চৰকাৰে কৃষিভূমিৰ ক্ষেত্ৰত জমিদাৰী প্রথা বিলোপ সাধন কৰি মাটিৰ উৰ্ধতম সীমা নির্ধাৰণৰ জৰিয়তে কৃষক, শ্রমিক আৰু দৰিদ্ৰ জনসাধাৰণক প্ৰয়োজনীয় ভূমি প্ৰদান কৰিবলৈ যি ব্যৱস্থা গ্ৰহণ কৰিছিল সিয়ে হ’ল ভূমি সংস্কাৰ ব্যৱস্থা। ঔপনিৱেশিক ব্যৱস্থাৰ দ্বাৰা জমিদাৰী ব্যৱস্থাৰ বিলোপ সাধন কৰাই কৃষিভূমিক নিয়ন্ত্রণ কৰিবলৈ হাতত লোৱা হৈছিল। এই ক্ষেত্ৰত কৃষিখণ্ডত উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ বাবে সিঁচৰতি হৈ থকা ভূমিক একত্ৰিত কৰি তোলাৰ বাবে চেষ্টা কৰা হৈছিল ৷ চিলিং ব্যৱস্থা প্ৰৱৰ্তন কৰি এজন ব্যক্তিৰ হাতত থাকিব পৰা সকলো ভূমিৰ পৰিমাণ নিৰ্ধাৰণ কৰি উদ্বৃত ভূমিসমূহ অধিকৰণ কৰি ভূমিহীনসকলক বিলাই দিয়া ব্যৱস্থা হাতত হৈছিল। আনৰ ভূমিত খেতি কৰা কৃষকক বিধিগতভাৱে নিৰাপত্তা প্ৰদানত জোৰ দিয়া হৈছিল। এনেদৰে ভূমি সংস্কাৰ নীতিৰ জৰিয়তে কৃষিখণ্ডত উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হৈছিল ৷

৬১। ১৯৬৫ আৰু ১৯৬৭ চনৰ খাদ্য সংকটৰ বিষয়ে আলোচনা কৰা।

উত্তৰ : ভাৰতীয় ৰাজনীতি আৰু অৰ্থনীতিৰ বাবে ১৯৬০ চনটো আছিল এক মহা দুৰ্যোগৰ সময় পাকিস্তানৰ সৈতে ১৯৬২ চনত হোৱা যুদ্ধ আৰু ১৯৬৫-৬৭ চনত খৰাং বতৰে ভাৰতীয় অর্থনীতিক জুৰুলা কৰি পেলাইছিল। এনে সংকটৰ সময়ত দেশৰ চুকে-কোণে এক দুর্ভিক্ষসম পৰিস্থিতিৰে দেখা দিছিল। ইফালে ১৯৬৫-৬৬ চনত প্ৰচুৰ পৰিমাণে হ্ৰাস পোৱা বৰষুণৰ ফলত কৃষি খণ্ডৰ উৎপাদনৰ পৰিমাণ কমি আহিছিল। ফলত ব্যাপক মূল্যবৃদ্ধিয়ে খাদ্য দ্ৰব্যৰ যোগানত ব্যাঘাত জন্মাইছল। বৈদেশিক মুদ্ৰাৰ ভঁৰাল দুৰ্বল হোৱাৰ বাবে আমদানিৰ পৰিমাণো হ্ৰাস পাবলৈ লৈছিল। এনে পৰিস্থিতিত ১৯৬৬- ১৯৬৯ চনৰ ভাৰত চৰকাৰে পঞ্চবার্ষিক পৰিকল্পনাও স্থগিত ৰাখিছিল। খাদ্য সংকটৰ ফলত সৃষ্টি হোৱা সম্ভাৱ্য বিপদক ৰক্ষা কৰিবৰ বাবে আমেৰিকাই আগবঢ়োৱা অৰ্থ সাহার্যও পাক-ভাৰত যুদ্ধৰ বাবে বাতিল কৰা হৈছিল। এনেদৰে ভাৰত চৰকাৰে সময়ে সময়ে বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। সেয়ে আত্মনিৰ্ভৰশীলতা নীতিৰ প্ৰৱৰ্তনৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰি উলিয়াইছিল।

৬২। পৰিকল্পিত অৰ্থনীতিৰ চাৰিটা লক্ষ্য লিখা।

উত্তৰ : ভাৰতৰ পৰিকল্পিত অৰ্থনীতিৰ চাৰিটা মূল লক্ষ্য হ’ল—

১। ক্ষিপ্র অর্থনৈতিক উন্নয়ন : অর্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰ কৰা ভাৰতৰ পৰিকল্পিত অৰ্থনীতিৰ অন্যতম লক্ষ্য। ক্ষিপ্ৰ অৰ্থনৈতিক উন্নয়ন বুলি ক’লে মুঠ জাতীয় উৎপাদনৰ ক্ৰমবৰ্ধমান হাৰটোক বুজা যায় ।

২। আধুনিকীকৰণ : আধুনিকীকৰণ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাটো ভাৰতৰ পৰিকল্পিত অৰ্থনীতিৰ আন এটা লক্ষ্য। আধুনিকীকৰণৰ অৰ্থ হ’ল— কৃষিখণ্ড, ঔদ্যোগিক খণ্ডকে ধৰি বিভিন্ন খণ্ডত আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ ৷ অৱশ্যে আধুনিকীকৰণৰ ধাৰণাটো নতুন প্রযুক্তিবিদ্যাৰ প্ৰয়োগৰ লগতেই জড়িত নহয়, ই কেতবোৰ মূল্যবোধৰ পৰিৱৰ্তনৰ সৈতেও জড়িত হৈ থাকে।

৩। আত্মনিৰ্ভৰশীলতা : ১৯৫০-৯০ চনৰ সময়ছোৱাত ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনীতিৰ অন্যতম প্রদান লক্ষ্য আছিল আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা। আত্মনিৰ্ভৰশীলতা অৰ্জন কৰাৰ প্ৰথম পদক্ষেপ হিচাপে আমদানি হ্রাসকৰণক চিনাক্ত কৰা হৈছিল।

৪। সামাজিক ন্যায় : সামাজিক ন্যায় প্ৰতিষ্ঠাৰ কৰাটোও ভাৰতৰ পৰিকল্পিত অৰ্থনীতিৰ আন এটা বৈশিষ্ট্য। ধনী আৰু দুখীয়াৰ মাজত ব্যৱধান হ্ৰাস কৰি সামাজিক ন্যায় প্রতিষ্ঠা কৰিব বিচৰা হৈছে।

৬৩। সেউজ বিপ্লৱে কৃষিৰ ওপৰত পেলোৱা চাৰিটা সুপ্ৰভাৱ উল্লেখ কৰা ।

উত্তৰ : সেউজ বিপ্লৱ ভাৰতীয় কৃষিক্ষেত্ৰত এক আশীৰ্বাদৰূপে পৰিগণিত হৈছিল. কৃষিৰ ওপৰত সেউজ বিপ্লৱৰ চাৰিটা সুপ্ৰভাৱ তলত উল্লেখ কৰা হ’ল—

(ক) উৎপাদন বৃদ্ধি : সেউজ বিপ্লৱে কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰিছিল।

(খ) উৎপাদনশীলতা বৃদ্ধি: কৃষিখণ্ডত উচিত উৎপাদনক্ষম বীজ আৰু সাৰ প্ৰয়োগে কৃষিৰ উৎপাদনশীলতা বহুগুণে বৃদ্ধি কৰিছিল।

(গ) বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগ : সেউজ বিপ্লৱৰ সময়ত পোনপ্ৰথমবাৰৰ বাবে কৃষিক্ষেত্ৰত বৈজ্ঞানিক পদ্ধতি যেনে, HYV বীজ, জলসিঞ্চন আদিৰ প্ৰয়োগ কৰা হৈছিল।

(ঘ) অধিক আয় : সেউজ বিপ্লৱে কৃষিখণ্ডলৈ অনা সমৃদ্ধিয়ে আয় বৃদ্ধিতো সহায় কৰিছিল।

৬৪। সেউজ বিপ্লৱৰ চাৰিটা নেতিবাচক প্ৰভাৱ উল্লেখ কৰা ।

উত্তৰ : সেউজ বিপ্লৱৰ চাৰিটা নেতিবাচক প্ৰভাৱ হ’ল—

১। খাদ্য শস্যতেই সীমাৱদ্ধ : সেউজ বিপ্লৱ কেৱল ধান আৰু ঘেঁহুৰ দৰে খাদ্যশস্যৰ উৎপাদনতেই সীমাৱদ্ধ আছিল।

২। অসমতাঃ সেউজ বিপ্লৱে ধনী আৰু দুখীয়া কৃষকসকলৰ মাজত ব্যৱধান অধিক বৃদ্ধি কৰিছিল।

৩। সীমিত প্ৰভাৱ : সেউজ বিপ্লৱ কেৱল পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আদি কেইখনমান ৰাজ্যতে সীমাৱদ্ধ আছিল।

৪। কৃষকৰ শোষণ : কৃষিখণ্ডত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগৰ বলত ধনী কৃষকসকলে দুখীয়া কৃষকসকলক শোষণ কৰাৰ সুবিধা পাইছিল।

৬৫। পৰিকল্পনা আয়োগৰ গঠন সম্পর্কে চমুকৈ লিখা।

উত্তৰ : পৰিকল্পনা আয়োগ এক সংবিধান বহির্ভূত অনুষ্ঠান। ১৯৫০ চনত ভাৰত চৰকাৰে লোৱা এক সিদ্ধান্ত অনুসৰি পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। ভাৰতৰ প্ৰধান মন্ত্ৰী ইয়াৰ পদেন সভাপতি। তেওঁৰ অধ্যক্ষতাতে আয়োগৰ অধিৱেশন পৰিচালিত হয়। অধ্যক্ষৰ উপৰি আয়োগৰ এজন উপাধ্যক্ষ (Member Sacretary) আৰু ৯-১০ জন সদস্য থাকে। পাঁচজন বা ছজন মন্ত্রীও ইয়াৰ সদস্য। তেওঁলোকৰ মাজৰ এজনে সদস্য সচিব হিচাপে কাম কৰে। পৰিকল্পনা আয়োগৰ বৰ্তমান মুঠ সদস্য সংখ্যা ১১ জন ।

৬৬। বাওঁপন্থী (Leftist) আৰু সোঁপন্থী (Rightist) দল বুলিলে কি বুজা ?

উত্তৰ : প্ৰত্যেক দেশত দলীয় ব্যৱস্থা সোঁপন্থী আৰু বাওঁপন্থী দল থকা দেখা যায়। এই দুই প্ৰকাৰৰ, ৰাজনৈতিক দলৰ লক্ষ্য আৰু লক্ষ্য সাধনৰ উপায় বেলেগ বেলেগ। বাওঁপন্থী দলবোৰে সমাজৰ দুৰ্বল, অৱহেলিত শ্ৰেণীৰ কল্যাণৰ ওপৰত গুৰুত্ব দিয়ে। ই সকলো ধৰণৰ শোষণ-নিষ্পেষণ নাইকিয়া কৰি সমাজত সমতা প্রতিষ্ঠা কৰিব বিচাৰে। এই দলবোৰে সামাজিক পৰিৱৰ্তন ক্ষেত্ৰত বৈপ্লৱিক পন্থাত বিশ্বাস কৰে। সাম্যবাদী আদৰ্শত বিশ্বাসী দলবোৰক বাওঁপন্থী দল বুলি কোৱা হয়। আনহাতে, সোঁপন্থী দল বুলি ক’লে সেইবোৰ দলক বুজা যায় যি মুক্ত প্রতিযোগিতা, বজাৰ অৰ্থনীতি আৰু ৰাষ্ট্ৰৰ সীমিত নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়ে। এনে দলে অর্থনৈতিক কাম-কাজত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ সীমিত হোৱাটো বিচাৰে। ভাৰতৰ কংগ্ৰেছ দল এনে দলৰ উদাহৰণ।

৬৭। পৰিকল্পনা আয়োগৰ কাৰ্যাৱলী চমুকৈ আলোচনা কৰা।

উত্তৰ : পৰিকল্পিত অৰ্থনীতিৰ লক্ষ্যসমূহ পূৰণৰ বাবে পৰিকল্পনা আয়োগে বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰিবলগীয়া। সেই কাৰ্যসমূহ তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি—

১। সম্পদৰ মূল্যায়ণ : কোনো এক আঁচনি প্ৰস্তুত কৰাৰ আগতে পৰিকল্পনা আয়োগে দেশৰ মুঠ সম্পদৰ এক মূল্যায়ণ কৰে। সম্পদ বুলি কওঁতে মুদ্ৰাগত আৰু মানৱ সম্পদ দুয়োপক্ষকে সামৰি লোৱা হয় ৷ আয়োগে সম্পদসমূহৰ এক তালিকা প্রস্তুত কৰে যাৰ ভিত্তিত বিকাশৰ হাৰটো নিৰ্ধাৰণ কৰা হয় ।

২। পৰিকল্পনা প্রস্তুত : সম্পদৰ মূল্যায়নৰ পিছত পৰিকল্পনা আয়োগে এক খচৰা পৰিকল্পনা (Plan) প্রস্তুত কৰে। দেশৰ সম্পদসমূহক কিদৰে খটুৱাব পাৰি তাৰ ভিত্তিতেই খচৰা পৰিকল্পনাখন প্ৰস্তুত কৰা হয়।

৩। অগ্ৰাধিকাৰ ক্ষেত্ৰ নিৰ্ধাৰণ : পৰিকল্পনা আয়োগে অগ্ৰাধিকাৰ ক্ষেত্ৰসমূহ পৰিকল্পনাত স্পষ্টকৈ নিৰ্ধাৰণ কৰি দিয়ে। অর্থাৎ কোনটো পৰিকল্পনাত কোনটো ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব, সেইটো নিৰ্ধাৰণ কৰাটো পৰিকল্পনা আয়োগৰ কাম। উদাহৰণস্বৰূপে প্রথম পঞ্চবার্ষিক পৰিকল্পনাত কৃষিক অগ্ৰাধিকৰা দিয়াৰ বিপৰীতে দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত ঔদ্যোগক গুৰুত্ব দিয়া হৈছিল।

৪। পৰামৰ্শদান : এক পৰামৰ্শ প্ৰদানকাৰী অনুষ্ঠান হিচাপে পৰিকল্পনা আয়োগে ভাৰত চৰকাৰক অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত পৰামৰ্শ দিয়ে।

৫। আঁচনিৰ মূল্যায়ন : উন্নয়নৰ আঁচনিসমূহ বাস্তৱত ৰূপায়িত হোৱাৰ লগে লগে সেইবোৰক নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে মূল্যায়ণ কৰাটোও পৰিকল্পনা আয়োগৰ এটা কাৰ্য।

৬৮। ভাৰতবৰ্ষত পৰিকল্পনাৰ সফলতাসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ : ভাৰতবৰ্ষত পঞ্চবার্ষিক পৰিকল্পনাই তলত দিয়া দিশকেইটাত সফলতা অৰ্জন কৰা পৰিলক্ষিত হৈছে—

১। সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ উন্নয়নৰ হাৰঃ বিকাশৰ হাৰ পৰিকল্পনাৰ সময়ছোৱাত আশাতীতভাৱে বৃদ্ধি পোৱা দেখা গৈছে। প্রথম পৰিকল্পনাত ৩৬% পৰা দশম পৰিকল্পনালৈ এই হাৰ ৬.৫% লৈ বৃদ্ধি পাইছে। চলিত একাদশ পৰিকল্পনাত এই হাৰ ৯/১০ লৈ উন্নীত হ’ব বুলি আশা কৰা হৈছে।

২। জনমূৰি আয় বৃদ্ধিঃ বিগত পৰিকল্পনাৰ সময়ছোৱাত জনমূৰি আয়ও যথেষ্ট বৃদ্ধি পাইছে। ১৯৫০ চনত থকা ১০.০৪%, ২০০৩-০৪ বৰ্ষত ২৬% বৃদ্ধি পাইছে।

৩। অর্থনৈতিক আন্তঃগাঁথনি : পৰিবহণ, যোগাযোগ, জলসিঞ্চন, শক্তি উৎপাদন আৰু বিপণন ব্যৱস্থা যথেষ্ট সুদৃঢ় ভিত্তিত প্ৰতিষ্ঠিত হোৱাৰ ফলত কৃষি আৰু উদ্যোগখণ্ড তথা বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰা সম্ভৱ হৈছে।

৪। মানুহৰ আয়ুস বৃদ্ধিঃ ভাৰতৰ মানুহৰ গড় আয়ুকাল ১৯৬১ চনত থকা ৩২ বছৰৰ বিপৰীতে ২০০৩-০৪ চনৰ হিচাপ অনুযায়ী ৬৫ বছৰলৈ বৃদ্ধি পাইছে।

৫। শিক্ষা আৰু জ্ঞান-বিজ্ঞানৰ প্ৰসাৰ : স্কুলত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিকৰণৰ সংখ্যা প্রথম পৰিকল্পনাৰ আৰম্ভণিতে থকা ২.৩৯ লাখৰ বিপৰীতে দশম পৰিকল্পনাৰ প্ৰথমভাগত ২৬ লাখতকৈও বেছি আছিল। সেইদৰে গৱেষণা, বিজ্ঞান, প্রযুক্তিবিদ্যা আৰু পৰিচালনা শিক্ষা যথেষ্ট পৰিমাণে উন্নত হোৱা পৰিলক্ষিত হৈছে।        

Leave a Comment

error: Warning, you aare not allowed to copy this element