Join Assam Study Centre Channel

Crisis of Democratic Order|| Class 12 Notes

Crisis of Democratic Order|| Class 12 Notes

ভাৰত-পাকিস্থান যুদ্ধ আৰু ১৯৭১ চনৰ সাধাৰণ নিৰ্বাচনত সফলতা লাভ কৰাৰ পিছত ইন্দিৰা গান্ধীৰ জনপ্রিয়তা জনসাধাৰণৰ মাজত বহুখিনি বৃদ্ধি পাইছিল। কিন্তু সেই সময়ছোৱাত কংগ্ৰেছ দলৰ ভিতৰত অন্তর্দ্বন্দ্বইও তীব্ৰ ৰূপ ধাৰণ কৰিছিল। তদুপৰি চৰকাৰ আৰু ন্যায়পালিকাৰ মাজৰ সংঘাতেও সেই সময়ত উত্তেজনাৰ সৃষ্টি কৰিছিল। ১৯৭১ চনৰ নিৰ্বাচনৰ সময়ত ইন্দিৰা গান্ধী নেতৃত্বাধীন Congress (R) দলে ‘গৰীবি হটাও’ শ্লোগান দিছিল। কিন্তু দেশৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থা সেই সময়ত মুঠেই সন্তোষজনক নাছিল। ভাৰত, পাকিস্থান যুদ্ধৰ সমাপ্তিৰ পিছত আমেৰিকায়ো ভাৰতক সাহায্য দিয়া বন্ধ কৰি দিছিল। আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য বৃদ্ধি পোৱাৰ ফলত অন্যান্য সামগ্ৰীৰো মূল্য বৃদ্ধি ঘটাইছিল। ১৯৭২-৭৩ চনৰ সময়ছোৱাত মৌচুমী বতাহে সৃষ্টি কৰা প্রতিকূল পৰিস্থিতিৰ বাবে কৃষিৰ উৎপাদনো নিম্নগামী হৈছিল। ফলত জনসাধাৰণে ইন্দিৰা গান্ধী আৰু তেওঁৰ চৰকাৰৰ প্রতি অসন্তুষ্টি প্ৰকাশ কৰিছিল। ১৯৭৪-৭৫ চনৰ সময়ছোৱাত মূল্যবৃদ্ধি খাদ্যসামগ্ৰীৰ নাটনি, নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ বিৰুদ্ধে বিহাৰত ছাত্র আন্দোলন আৰম্ভ হৈছিল। আন্দোলনৰ সময়ছোৱাত বন্ধ, ঘেৰাও, হৰতাল আদিৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰি ইন্দিৰা গান্ধী চৰকাৰখনৰ অপসাৰণৰ দাবী কৰিছিল। অন্যথা ১৯৭৪ চনত ৰে’ল কৰ্মচাৰীসকলে তেওঁৰ দৰমহা আৰু অন্যান্য সেৱা চৰ্তৰ উন্নতিৰ বাবে হৰতাল আৰম্ভ কৰে। ১৯৭৫ চনৰ ১২ জুনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ Jogmohan Lal Sinha ই ইন্দিৰা গান্ধীৰ লোকসভালৈ হোৱা নিৰ্বাচনক অবৈধ বুলি ৰায় দিছিল। এনে ৰায়ৰ পৰিপ্ৰেক্ষিতত ১৯৭৫ চনৰ ২৫ জুনত বিৰোধী দলৰ নেতা জয়প্ৰকাশ নাৰায়ণেও দিল্লীৰ দলৰ ৰাম লীলা গ্রাউণ্ডত এক প্রতিবাদ কাৰ্যসূচী গ্ৰহণ কৰি ইন্দিৰা গান্ধী চৰকাৰখনৰ অপসাৰণ দাবী কৰিছিল। তেওঁ সৈন্য বাহিনী, আৰক্ষী আৰু চৰকাৰী বিষয়াক অবৈধ আৰু অনৈতিক আদেশ মানি নচলিবলৈ আহ্বান জনাইছিল। প্ৰত্যুত্তৰত ইন্দিৰা গান্ধী নেতৃত্বাধীন চৰকাৰখনে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।

Crisis of Democratic Order|| Class 12 Notes

১। জৰুৰীকালীন অৱস্থা সম্পৰ্কত তলৰ কোনবোৰ উক্তি শুদ্ধ আৰু অশুদ্ধ বিচাৰ কৰা :

(ক) জৰুৰীকালীন অৱস্থা ইন্দিৰা গান্ধীৰ দ্বাৰা ১৯৭৫ চনত ঘোষণা কৰা হৈছিল।

(খ) ই জনসাধাৰণৰ মৌলিক অধিকাৰসমূহ বাতিল কৰিছিল।

(গ) শোচনীয় আর্থিক অৱস্থাৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল ।

(ঘ) জৰুৰীকালীন অৱস্থা ঘোষণাৰ সময়ত বিৰোধী দলৰ বহুতো নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

(ঙ) জৰুৰীকালীন অৱস্থা ঘোষণাত ভাৰতীয় সাম্যবাদী দলে সমর্থন কৰিছিল।

উত্তৰ : (ক) শুদ্ধ, (খ) শুদ্ধ, (গ) অশুদ্ধ, (ঘ) শুদ্ধ (ঙ) অশুদ্ধ।

২। জৰুৰীকালীন অৱস্থা ঘোষণাত ইন্ধন যোগোৱা চাৰিটা ঘটনা উল্লেখ কৰা।

উত্তৰ : তলৰ উল্লেখিত চাৰিটা ঘটনাই ইন্দিৰা গান্ধীক দেশত জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ অনুপ্ৰাণিত কৰিছিল—

(ক) জয়প্ৰকাশ নাৰায়ণৰ সম্পূৰ্ণ বিপ্লৱ (Total Revolution) আহ্বান

(খ) ১৯৭৪ চনৰ ৰে’ল কৰ্মচাৰীক ধৰ্মঘট।

(গ) এলাহবাদ উচ্চ ন্যায়ালয়ৰ ৰায় ।

(ঘ) Shah Commissionৰ প্ৰতিবেদন।

৩। কোনবোৰ কাৰণত ১৯৮০ চনত মধ্যকালীন নির্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছিল?  

উত্তৰ : ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত জনতা দল ক্ষমতালৈ আহে আৰু মোৰাৰজী দেশাইৰ নেতৃত্বত এখন সংযুক্ত চৰকাৰ গঠন হয়। অৱশ্যে প্ৰধানমন্ত্ৰীৰ পদটোৰ বাবে তিনিজন নেতা যথাক্ৰমে মোৰাৰজী দেশাই, চৰণ সিং আৰু জগজীৱন ৰামৰ মাজত তুমুল প্রতিদ্বন্দ্বিতা হৈছিল। সেয়ে, মোৰাৰজী দেশাই প্রধানমন্ত্ৰী হোৱাৰ পিছতো ক্ষমতাকেন্দ্ৰিক সংগ্ৰামৰ অন্ত পৰা নাছিল ৷ আনহাতে, জনতা দলৰ চৰকাৰখনৰ অংশীদাৰী দলকেইটাৰ মাজত কোনো আদর্শগত মিল নাছিল। ফলত ১৮ মাহৰ পিছত ইয়াৰ পিছত কংগ্ৰেছ দলৰ সমৰ্থনত চৰণ সিঙৰ নেতৃত্বত এখন চৰকাৰ গঠন হৈছিল যদিও পিছত কংগ্ৰেছে সমর্থন উঠাই লোৱাত সেইখন চৰকাৰৰো পতন ঘটে। এনেবোৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত ১৯৮০ চনত নতুন নির্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছিল।

৪। শ্বাহ আয়োগ (Shah Commission) ৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ : ১৯৭৭ চনৰ নিৰ্বাচনত জনতা দলে ক্ষমতা দখল কৰাৰ পিছত উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ J. C Shah অধীনত এক আয়োগ গঠন কৰি দিয়া হৈছিল। Shah Commission নামেৰে পৰিচিত এই আয়োগ গঠনৰ মূল উদ্দেশ্য আছিল ১৯৭৫ চনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাত সংঘটিত হোৱা কুশাসন, ক্ষমতাৰ অপপ্ৰয়োগ আৰু কৰ্তৃত্বৰ অপব্যৱহাৰ সম্পৰ্কে অনুসন্ধান কৰা ৷ আয়োগে ক্ষমতাৰ অপপ্রয়োগ সম্পৰ্কীয় সকলোবোৰ অভিযোগ অনুসন্ধান কৰিছিল। আৰু বহুতো লোকৰ সাক্ষ্য গ্রহণ কৰিছিল ৷ আয়োগে আনকি ইন্দিৰা গান্ধীকো আয়োগৰ সন্মুখত হাজিৰ কৰিছিল যদিও তেওঁ কোনো প্রশ্নৰ উত্তৰ নিদিলে। Shah Commissionয়ে প্ৰকাশ কৰা তথ্য মতে প্রায় ১ লাখ ১১ হাজাৰ মানুহ জৰুৰী অৱস্থাত গ্ৰেপ্তাৰ কৰি জে’লত ভৰোৱা হৈছিল। সংবাদ পত্ৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। প্ৰতিবেদনত এইটোও উল্লেখ কৰা হৈছিল যে Delhi Power Supply Corporation ৰ General Manager জনে দিল্লীৰ ৰাজ্যপালৰ পৰা সকলো প্ৰেছত ১৯৭৫ চনৰ ২৬ জুনৰ ২ বজাত বিদ্যুৎ কৰ্তনৰ বাবে মৌখিক আদেশ পাইছিল। সেই অনুসৰি দুই-তিনিদিনৰ পিছতহে বিদ্যুতৰ পুনৰ যোগান ধৰা হৈছিল। জৰুৰী অৱস্থা সময়ত ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ ভূমিকাও যথেষ্ট বিতর্কমূলক বুলি আয়োগৰ প্রতিবেদনত উল্লেখ কৰা হৈছিল ৷

৫। ১৯৭৫ চনত জাতীয় জৰুৰী অৱস্থা ঘোষণাৰ মূল কাৰণ কি আছিল ?

উত্তৰ : সাধাৰণতে, যুদ্ধ বা যুদ্ধত ভাবুকি অথবা সশস্ত্র বিপ্লৱৰ ফলত যদি সমগ্ৰ ভাৰত বা ভাৰতৰ কোনো অংশৰ নিৰাপত্তা বিপদাপন্ন হয়, তেন্তে ৰাষ্ট্ৰপতিয়ে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। কিন্তু সংবিধানৰ ৪৪ তম সংশোধনীৰ আগতে চৰকাৰে আভ্যন্তৰীণ অশান্তিৰ বাবেও জাতীয় জৰুৰী ঘোষণা অৱস্থা কৰিব পাৰিছিল। ১৯৭৫ চনৰ সময়ছোৱাত দেশত সৃষ্টি হোৱা অশান্তিময় পৰিস্থিতিৰ বাবেই ইন্দিৰা গান্ধীয়ে জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ ৰাষ্ট্ৰপতিক পৰামৰ্শ দিছিল। বিহাৰৰ ছাত্র আন্দোলন, ৰে’লৱে কৰ্মচাৰীৰ আন্দোলন আৰু বিভিন্ন ঠাইত ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাই আভ্যন্তৰীণ অশান্তি (Internal Disturbances) বিয়পোৱাৰ অজুহাতত জৰুৰী অৱস্থা ঘোষণা কৰাৰ পৰামৰ্শ দিয়ে ৷

৬। ১৯৭৭ চনৰ নিৰ্বাচনত অকংগ্ৰেছী দলসমূহ ক্ষমতালৈ অহাৰ মূল কাৰণ কি আছিল?

উত্তৰ : ১৯৭৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলক পৰাভূত কৰি অকংগ্ৰেছী দলসমূহে চৰকাৰ গঠনৰ সুবিধা পাইছিল। অৱশ্যে ইয়াৰ অন্তৰালত কিছুমান কাৰণ আছিল। সেইবোৰ হ’ল—

১। জৰুৰীকালীন অৱস্থাত ইন্দিৰা গান্ধীৰ কৰ্তৃত্বমূলক শাসনে বিৰোধী দলসমূহৰ জ্যেষ্ঠ নেতাসকলক ক্ষুব্ধ কৰিছিল। ফলত ইন্দিৰা গান্ধী চৰকাৰক উৎখাত কৰিবলৈ এইচাম নেতা বদ্ধপৰিকৰ হৈছিল।

২। জৰুৰী অৱস্থাত আৰক্ষী আৰু আমোলাতন্ত্ৰৰ অতপালিত নাগৰিকসকল বেয়াকৈ অতিষ্ঠ হৈছিল। ফলত সেই চাম নাগৰিককে বিকল্প চৰকাৰৰ সন্ধান কৰিছিল ।

৩। জৰুৰী অৱস্থাই মুখ্য বিৰোধী ৰাজনৈতিক দলসমূহক পৰস্পৰৰ কাষ চপাই অনাত সহায় কৰিছিল । এইদৰে জৰুৰী অৱস্থাই সৃষ্টি কৰা ৰাজনৈতিক পৰিৱেশত নতুন দলৰ বাবে ক্ষমতা দখলৰ বাট মুকলি হৈছিল।

৭। জয়প্রকাশ নাৰায়ণ কোনখন ৰাজ্যৰ লোক আছিল?

উত্তৰ : বিহাৰ ।

৮। ভাৰতত সাম্যবাদী দলটো কোনে গঠন কৰিছিল ?

উত্তৰ : চাৰু মজুমদাৰে ৷

৯। ভাৰতত পোনপ্ৰথমবাৰৰ বাবে কেতিয়া জৰুৰী অৱস্থা ঘোষণা কৰিছিল?

উত্তৰ : ১৯৭৫ চনত

১০। শ্বাহ আয়োগৰ নেতৃত্ব কোনে দিছিল?

উত্তৰ : জে চি শ্বাহক ।

১১। গুজৰাট আৰু বিহাৰৰ ছাত্র আন্দোলনক কোনে নেতৃত্ব দিছিল?

উত্তৰ : জয়প্রকাশ নাৰায়ণে।

১২। ইন্দিৰা গান্ধীৰ কুৰ্দিফীয়া আঁচনিৰ যিকোনো এটা কাৰ্য উল্লেখ কৰা।

উত্তৰ : দৰিদ্ৰতা দূৰীকৰণ

১৩। জনতা দল কেতিয়া ক্ষমতালৈ আহিছিল?

উত্তৰ : ১৯৭৭ চনত ।

১৪। কোনখন চৰকাৰৰ কাৰ্যকালত মণ্ডল আয়োগ গঠন হৈছিল।

উত্তৰ : জনতা দলৰ কাৰ্যকালত।

১৫। ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত জয়লাভ কৰা দলটোৰ নাম কি আছিল ?

উত্তৰ : জনতা দলে।

১৬। ভাৰতবৰ্ষত কোনে সমৰ্পিত আমোলাতন্ত্ৰ আৰু ন্যায়পালিকাৰ ধাৰণাটো প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : ইন্দিৰা গান্ধীয়ে ।

১৭। ১৯৭৫ চনত জৰুৰী অৱস্থা ঘোষণা কৰা ৰাষ্ট্ৰপতিজনৰ নাম কি?

উত্তৰ : ফকৰুদ্দিন আলী আহমেদ ।

১৮। গণতন্ত্ৰ প্ৰতিষ্ঠাৰ প্ৰতীক কোন আছিল?

উত্তৰঃ জয়প্রকাশ নাৰায়ণ ৷

১৯। চাৰু মজুমদাৰ কোন আছিল ?

উত্তৰঃ এজন প্ৰখ্যাত সমাজবাদী নেতা আছিল। তেওঁ সমাজবাদী বিপ্লৱী আৰু নক্সালবাদী আন্দোলনৰ গুৰি ধৰোঁতা আছিল।

২০। ‘গণতন্ত্ৰৰ বাবে কংগ্ৰেছৰ নেতা কোন আছিল?

উত্তৰ : জগজীৱন ৰাম ৷

২১। ভাৰতবৰ্ষৰ কোনটো অঞ্চলত মার্ক্সবাদী লেনিনবাদী দলটো শক্তিশালী আছিল?

উত্তৰ : পশ্চিমবংগত।

২২। শুদ্ধ উত্তৰটো বাচি উলিওৱা ।

Crisis of Democratic Order|| Class 12 Notes

(ক) ১৯৭১ চনৰ নিৰ্বাচনত (কংগ্ৰেছ দল/জনতা দলে) গৰীবী হটাও শ্ল’গান দিছিল।

উত্তৰ : কংগ্ৰেছে।

(খ) (১৯৬৬/১৯৬৭) চনত দাৰ্জিলিং পাহাৰৰ নক্সালবাদী আৰক্ষী থানাত কৃষক বিদ্ৰোহ হৈছিল।

উত্তৰ : ১৯৬৭ চনত ।

(গ) (৩৫২/৩৫৬) নং অনুচ্ছেদ অনুসৰি ১৯৭৫ চনত ভাৰতীয় সংবিধানে জৰুৰী অৱস্থা ঘোষণা কৰিছিল।

উত্তৰ : ৩৫২নং অনুচ্ছেদত।

(ঘ) (মোৰাৰজী দেশাই/চৰণ সিং) ১৯৭৭ চনৰ নিৰ্বাচনত প্রধানমন্ত্ৰী হৈছিল।

উত্তৰ : মোৰাৰজী দেশাই।

(ঙ) ১৯৭৪ চনৰ ৰে’ল আন্দোলনত নেতৃত্ব দিছিল (জয়প্ৰকাশ নাৰায়ণে/জর্জ ফাণ্ডাণ্ডেজে)।

উত্তৰ : জর্জ ফার্ণাণ্ডেজে।

(চ) শ্বাহ আয়োগ নিযুক্তি দিয়া হৈছিল (১৯৭৫/১৯৭৭/১৯৮০) চনত ।

উত্তৰ : ১৯৭১ চনত ।

(ছ) নক্সালবাদী আন্দোলন (১৯৬৭/১৯৬৯/১৯৭৪) চনত আৰম্ভ হৈছিল।

উত্তৰ : ১৯৬৭ চনত ।

(জ) ইন্দিৰাই ইণ্ডিয়া, ইণ্ডিয়াই ইন্দিৰা’ শ্ল’গান আগবঢ়াইছিল (চৰণ সিং/জগজীৱন ৰাম দেৱকান্ত বৰুৱা)ই।

উত্তৰ : দেৱকান্ত বৰুৱাই ।

(ঝ) ‘সৰ্বাত্মক বিপ্লৱ’ৰ আহবান জনাইছিল (মোৰাৰজী দেশাই/জর্জ ফার্ণাণ্ডেজ/জয়প্ৰকাশ নাৰায়ণে)।

উত্তৰ : জয়প্রকাশ নাৰায়ণ ।

২৩। ভাৰতৰ প্ৰথমজন অকংগ্ৰেছী প্রধানমন্ত্রী কোন আছিল?

উত্তৰ : মোৰাৰজী দেশাই।

২৪। কিমান চনত জনতা দলে পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰত ক্ষমতা দখল কৰিছিল ?

উত্তৰ : ১৯৭৭ চনত ।

২৫। কোনখন ৰাজ্যত Nav Nirman Movement আৰম্ভ হৈছিল ?

উত্তৰ : গুজৰাট।

২৬। সংবিধানৰ কোনটো অনুচ্ছেদ মতে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে ?

উত্তৰ : ৩৫২ নং অনুচ্ছেদ।

২৭। 1975 চনত জাতীয় জৰুৰী ঘোষণা কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্রী কোন আছিল ?

উত্তৰ : ইন্দিৰা গান্ধী ।

২৮। কোনটো কাৰণত ১৯৭৫ চনত জাতীয় জৰুৰী ঘোষণা কৰা হৈছিল?

উত্তৰ : আভ্যন্তৰীণ অশান্তি (Internal Disturbances)

২৯। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেতিয়া জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে ?

উত্তৰ : যুদ্ধ বা সশস্ত্ৰ সংগ্ৰামৰ ফলত সমগ্ৰ ভাৰতৰ বা ভাৰতৰ কোনো অংশৰ নিৰাপত্তা বিপদাপন্ন হৈছে বুলি নিশ্চিত হ’লে ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰী ঘোষণা কৰিব পাৰে।

৩০। RSSৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ : Rashtriya Swayamsevak Sangha

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা “টেলিগ্রাম চেনেল” ত জইন হওক “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

৩১। Shah Commission কেতিয়া নিয়োগ কৰা হৈছিল ?

উত্তৰ : ১৯৭৭ চনত ।

৩২। ১৯৭৫ চনৰ জাতীয় জৰুৰী সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল ?

উত্তৰ : ফকৰুদ্দিন আলি আহমেদ।

৩৩। ‘গৰীবি হটাও’ শ্লোগানটো কোনে দিছিল?

উত্তৰ : ইন্দিৰা গান্ধীয়ে।

৩৪। সম্পূর্ণ বিপ্লৱ (Total Revolution) কোনে আৰম্ভ কৰিছিল?

উত্তৰ : জয়প্রকাশ নাৰায়ণে।

৩৫। CPI (Marxist Leninist) দলটো কেতিয়া জন্ম হৈছিল ?

উত্তৰ : ১৯৬৯ চনত।

৩৬। ১৯৭৫ চনৰ কোনটো তাৰিখত ভাৰতত জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল ?

উত্তৰ : 25 জুনত

৩৭। কোনটো সংবিধান সংশোধনীৰ যোগেদি লোকসভাৰ কাৰ্যকাল ৫ বছৰৰ পৰা ৬ বছৰলৈ বৃদ্ধি হৈছিল ?

উত্তৰ : ৪২ তম সংশোধনী।

৩৮। ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত কোনটো দল ক্ষমতালৈ আহিছিল ?

উত্তৰ : জনতা দল। ৩৯। ভাৰতীয় লোক দলৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ : চৌধুৰী চৰণ সিং।

৪০। ভূন্দান (Bhoodan) আন্দোলনৰ লগত জড়িত এজন গান্ধীবাদী নেতাৰ নাম লিখা ।

উত্তৰ : জয়প্রকাশ নাৰায়ণ ।

৪১। কিমান চনত পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰত অকংগ্ৰেছী চৰকাৰ গঠন হৈছিল ?

উত্তৰ : ১৯৭৭ চনত।  

৪২। কোনে আৰু কিয় কুৰি দফীয়া আঁচনি প্ৰৱৰ্তন কৰিছিল ?

উত্তৰ : ইন্দিৰা গান্ধীয়ে দুখীয়া লোকৰ কল্যাণৰ বাবে ১৯৭৫ চনত কুৰি দফীয়া আঁচনি ঘোষণা কৰিছিল।

৪২। দক্ষিণৰ ৰাজ্যসমূহত কংগ্ৰেছৰ জয়লাভ হোৱাৰ দুটা কাৰণ লিখা।

উত্তৰ : (ক) দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত জৰুৰী অৱস্থাৰ প্ৰভাৱ তীব্ৰ নাছিল।

(খ) উত্তৰ ভাৰতৰ দৰে দক্ষিণৰ বিৰোধী দলসমূহে কংগ্ৰেছৰ বিৰুদ্ধে ঐক্যৱদ্ধ হোৱা নাছিল।

NCERT Class 12 Political Science Notes

৪৩। ১৯৭৪ চনৰ ৰে’ল ধৰ্মঘটৰ বিষয়ে এটি টোকা লিখা।

উত্তৰ : ১৯৭৪ চনত জৰ্জ ফার্ণাণ্ডেজৰ নেতৃত্বত ‘The National Co-ordination Committee for Railwaymen’s Struggle’ নামৰ সংগঠনটোৱে ৰে’লৱে কৰ্মচাৰীসকলক অতিৰিক্ত সা-সুবিধা আৰু কাম কৰাৰ পৰিৱেশ সৃষ্টি কৰি ইয়াৰ উন্নীতকৰণৰ ব্যৱস্থা হাতত ল’বলৈ দাবী জনাই সমগ্ৰ দেশতে ধৰ্মঘট আৰম্ভ কৰিছিল। এই ধৰ্মঘটৰ ফলত সমগ্ৰ দেশখনতে ৰে’লগাড়ীৰ চলাচল বন্ধ হৈ পৰিছিল । ফলশ্রুতিত সমগ্ৰ দেশতে অস্থিৰতাৰ পৰিৱেশৰ সৃষ্টি হৈছিল। চৰকাৰে এই আন্দোলনক অবৈধ বুলি ঘোষণা কৰি ইয়াক দমন কৰিবৰ বাবে ঠায়ে ঠায়ে সশস্ত্র বাহিনী নিয়োগ কৰি আন্দোলনকাৰীক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ ফলত আন্দোলনকাৰীয়ে কোনো মীমাংসা নোহোৱাকৈ ধৰ্মঘট প্রত্যাহাৰ কৰিবলৈ বাধ্য হয়।

৪৪। সমগ্র দেশজুৰি কোনে আৰু কিয় সত্যাগ্ৰহ আৰম্ভ কৰিছিল?

উত্তৰ : জয়প্রকাশ নাৰায়ণে সমগ্ৰ দেশতে প্ৰকৃত গণতান্ত্রিক শাসন ব্যৱস্থা প্ৰতিষ্ঠাৰ বাবে ইন্দিৰা গান্ধীৰ পদত্যাগৰ দাবীত এক ৰাষ্ট্ৰীয় সত্যাগ্রহ আন্দোলন আৰম্ভ কৰিছিল।

৪৫। সংবিধানৰ মৌলিক গাঁথনিৰ বিষয়ে লিখা।

উত্তৰ : ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ লক্ষ্য আৰু আদৰ্শৰ ভিত্তিত কিছুমান বিষয় সন্নিৱিষ্ট কৰা হৈছে যিবোৰ বিষয় মৌলিক গাঁথনিৰ পৰা সংশোধন কৰিব নোৱাৰি। তেনে বিষয়সমূহক সাধাৰণতে সংসদীয় গণতান্ত্রিক শাসন ব্যৱস্থা, আইন প্রণয়ন পদ্ধতি, ন্যায়িক সমীক্ষা, ধৰ্মনিৰপেক্ষতা, সমতাৰ অধিকাৰ, মৌলিক অধিকাৰ ইত্যাদি। Crisis of Democratic Order|| Class 12 Notes

৪৬। ভাৰতৰ উৎসর্গিত আমোলাতন্ত্ৰৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰ : (ক) চৰকাৰ গঠন কৰা ৰাজনৈতিক দলৰ নীতি আৰু কৰ্মসূচীৰ সৈতে আমোলাতন্ত্ৰই সম্পর্ক অক্ষুণ্ণ ৰক্ষা কৰা।

(খ) সংবিধানৰ নীতি আৰু আদৰ্শৰ প্ৰতি দায়ৱদ্ধতা প্ৰকাশ কৰাৰ উপৰি ক্ষমতাধিষ্ঠিত ৰাজনৈতিক দলৰ মতাদৰ্শৰ প্ৰতি দায়ৱদ্ধ প্ৰকাশ কৰা।  

৪৭। কংগ্ৰেছ চৰকাৰে কিহৰ ভিত্তিত আৰু কিয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল?

উত্তৰ : সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ ভিত্তিত দেশত যেতিয়া আভ্যন্তৰীণ বিশৃংখলতাই দেখা দিয়ে তেতিয়াই জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। এনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত ন্যায়পালিকা-কার্যপালিকাৰ সংঘাত, ইন্দিৰা গান্ধীৰ অদমনীয় মনোভাৱ, আৰ্থ-সামাজিক পৰিস্থিতি আদিয়ে সংকটকালীন পৰিৱেশৰ সৃষ্টি কৰে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে ইন্দিৰা গান্ধীয়ে উচ্চতম ন্যায়ালয়ত কৰা আবেদনৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দান সাময়িকভাৱে স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ লগে লগে ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ ৰাষ্ট্ৰপতি পৰামৰ্শ দিছিল। Assam Study Centre

৪৮। আমেৰিকাই কিয় ভাৰতলৈ সকলো সাহাৰ্য বন্ধ কৰি দিছিল? দুটা কাৰণ দৰ্শোৱা।

উত্তৰ : (ক) বাংলাদেশৰ যুদ্ধত ভাৰতৰ নৈতিক আৰু অৰ্থনৈতিক সমর্থনত পাকিস্তান সন্তুষ্ট হোৱা  নাছিল৷ যাৰ ফলত আমেৰিকাই পাকিস্তানৰ সমৰ্থনত ভাৰতলৈ আগবঢ়োৱা সকলো সাহাৰ্য বন্ধ কৰি দিছিল।

(খ) ভাৰতত বৃদ্ধি পোৱা বাওঁপন্থী আন্দোলনৰ কাৰ্যকলাপত আমেৰিকা কোনো ৰকমেই সন্তুষ্ট হোৱা নাছিল ।

৪৯। জৰুৰীকালীন অৱস্থাৰ প্ৰয়োগৰ (Implication of Emergency) বিষয়ে লিখা।

উত্তৰ : (ক) ১৯৭৫ চনৰ ১২ জুন তাৰিখত এলাহাবাদ উচ্চ ন্যায়ালয়ে ইন্দিৰা গান্ধী নিৰ্বাচিত হোৱাটো অবৈধ বুলি ঘোষণা কৰিছিল ।

(খ) ১৯৭৫ চনৰ ২৫ জুনত ফকৰুদ্দিন আলী আহমেদৰ দ্বাৰা জৰুৰী অৱস্থা ঘোষণা কৰিছিল।

৫০। আৰক্ষী বাহিনী আৰু আমোলাতন্ত্ৰৰ কাৰ্যৰ ভিত্তিত জৰুৰী অৱস্থাৰ প্ৰভাৱ কেনেকুৱা আছিল উল্লেখ কৰা ।

উত্তৰ : আৰক্ষী বাহিনী আৰু আমোলাতন্ত্ৰই এক বিশেষ ক্ষমতাৰ দ্বাৰা জৰুৰীকালীন অৱস্থাত আভ্যন্তৰীণ ৰক্ষা আইন আৰু নিবাৰক আটক আইনৰ অধীনত বহুতো নিৰপৰাধী সদস্যক আটক কৰিছিল। সেই সময়ত ৰাষ্ট্ৰৰ সকলো ক্ষমতা প্ৰধানমন্ত্ৰী আৰু নিৰ্দিষ্ট কেইজনমান সহযোগী আমোলাৰ হাতত কেন্দ্ৰীভূত হয় আৰু ইয়াৰ ফলতে শাসন ব্যৱস্থাটো তেওঁলোকৰ ইচ্ছানুসৰি পৰিচালনা কৰিছিল। Crisis of Democratic Order|| Class 12 Notes

৫১। সংবাদ মাধ্যমৰ নিষেধাজ্ঞানো (Press censorship) কি লিখা ।

উত্তৰ : সংবাদ মাধ্যমসমূহে কোনো বাতৰি প্ৰকাশ কৰাৰ পূৰ্বেই চৰকাৰৰ পৰা অনুমতি ল’ব লাগে। এই আগতীয়া অনুমোদন তথা অনুমতিকে সংবাদ মাধ্যমৰ নিষেধাজ্ঞা বোলা হয়। ১৯৭৪ চনত ইন্দিৰা গান্ধীৰ দ্বাৰা ঘোষিত জৰুৰী অৱস্থাৰ সময়ত এই নিষেধাজ্ঞা প্ৰৱৰ্তন কৰা হয়। ইয়াৰ দ্বাৰা চৰকাৰে সংবাদ মাধ্যসমূহৰ স্বাধীনতা বাতিল কৰি দিছিল।    

৫২। নিবাৰক আটক (Preventive Detention) বুলিলে কি বুজা যায় ?

উত্তৰ : নিবাৰক আটক হ’ল জৰুৰী অৱস্থাত প্ৰৱৰ্তন কৰা এখন আইন। চৰকাৰে নিৰাপত্তাৰক্ষী লোকৰ পৰা চৰকাৰীবিৰোধী কাৰ্যকলাপ সংঘটিত হ’ব পৰা সম্ভাৱনাক প্ৰতিৰোধ কৰিবৰ বাবে নিৰাপত্তাৰক্ষীসকলক এই আইনৰ দ্বাৰা আটক কৰাৰ ব্যৱস্থা হাতত ৰাখিছিল।

৫৩। অকংগ্ৰেছী দলবোৰে কংগ্ৰেছক কিয় বিৰোধিতা কৰিছিল ?

উত্তৰ : কাৰণ অকংগ্ৰেছী দলবোৰে কংগ্ৰেছক জৰুৰী অৱস্থা ঘোষণাৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল আৰু ইন্দিৰা গান্ধীৰ পদত্যাগ দাবী জনাইছিল।

৫৪। ১৯৭৭ চনৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কি কি নতুন দল গঠন হৈছিল?

উত্তৰ : জনতা দল আৰু গণতান্ত্ৰিক কংগ্ৰেছ দল নামেৰে দুটা নতুন দল গঠন হৈছিল।

৫৫। ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ দুটা ফলাফলৰ বিষয়ে উল্লেখ কৰা।

উত্তৰ : ১৯৭৭ চনৰ লোকসভা নির্বাচনে (ক) কংগ্ৰেছ দলৰ আধিপত্যৰ সমাপ্তি আৰু জনতা দলৰ দ্বাৰা চৰকাৰ গঠন আৰু

(খ) পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰত মৰ্চা চৰকাৰ গঠন হৈছিল।

৫৬। জাতীয় জৰুৰী অৱস্থা বুলিলে কি বুজা ?

উত্তৰ : সংবিধানৰ ৩৫২ (১) অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰত যদি যুদ্ধ সংঘটিত হয় বা যুদ্ধৰ সম্ভাৱনাই দেখা দিয়ে, অথবা আভ্যন্তৰীণ সশস্ত্র বিপ্লৱৰ দ্বাৰা সমগ্ৰ দেশৰ বা দেশৰ কোনো অংশৰ নিৰাপত্তা বিপদাপন্ন হৈছে বুলি আশংকা কৰি ৰাষ্ট্ৰপতিয়ে যি জৰুৰী অৱস্থা ঘোষণা কৰে তাকে জাতীয় জৰুৰী অৱস্থা বুলি কোৱা হয়।

৫৭। জাতীয় জৰুৰী ঘোষণাৰ দুটা কাৰণ লিখা।

উত্তৰ : (ক) যুদ্ধ বা যুদ্ধৰ সম্ভাৱনা।

(খ) আভ্যন্তৰীণ সশস্ত্র বিপ্লৱ।

৫৮। ভাৰতত এতিয়ালৈকে কিমানবাৰ জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে?

উত্তৰ : ভাৰতত এতিয়ালৈকে তিনিবাৰ জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। ১৯৬২ চনত চীনৰ ভাৰত আক্ৰমণৰ সময়ত, ১৯৭১ চনত পাকিস্থানৰ ভাৰত আক্ৰমণৰ সময়ত আৰু ১৯৭৫ চনত আভ্যন্তৰীণ অশান্তিৰ বাবে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল।

৫৯। ১৯৭১-৭৫ চনৰ সময়ছোৱাত সংসদ আৰু ন্যায়ালয়ৰ মাজত হোৱা দুটা সংঘাত উল্লেখ কৰা।

উত্তৰ : ১৯৭১-৭৫ চনৰ সময়ছোৱাত সংসদ আৰু ন্যায়ালয়ৰ মাজত সৃষ্টি হোৱা দুটা সংঘাত হ’ল—

১। সংসদে মৌলিক অধিকাৰ বাতিল কৰিব পাৰে নে নাই সেইলৈ ন্যায়ালয়ৰ আৰু সংসদৰ মাজত সংঘাত হৈছিল।

২। সংসদে সংবিধান সংশোধনৰ দ্বাৰা সম্পত্তিৰ অধিকাৰক বাতিল কৰিব পাৰে নে নোৱাৰে— সেই লৈও ন্যায়ালয় আৰু সংসদৰ মাজত সংঘাত সৃষ্টি হৈছিল।

৬০। ১৯৭১ চনত ইন্দিৰা গান্ধীয়ে শাসনভাৰ লাভ কৰাৰ সময়ত দেশত সৃষ্টি হোৱা দুটা অর্থনৈতিক সমস্যা উল্লেখ কৰা ।

উত্তৰ : ১৯৭১ চনৰ নিৰ্বাচনত জয়লাভ তথা শাসনভাৰ গ্ৰহণ কৰাৰ পিছত ইন্দিৰা গান্ধীৰ চৰকাৰখনে বহুতো সমস্যাৰ সন্মুখীন হৈছিল। তেনে দুটা অর্থনৈতিক সমস্যা হ’ল—

১। দ্রব্য মূল্যবৃদ্ধি

২। মৌচুমী বতাহে সৃষ্টি কৰা প্রতিকূল পৰিস্থিতিৰ ফলত কৃষিৰ নিম্ন উৎপাদন ।

৬১। বিহাৰত ছাত্র আন্দোলন কিয় আৰু কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ : ১৯৭৪ চনৰ মাৰ্চ মাহত দ্রব্য-সামগ্ৰীৰ বৰ্দ্ধিত মূল্য, খাদ্য-সামগ্ৰীৰ নাটনি, নিবনুৱা সমস্যা আৰু দুৰ্নীতিৰ বিৰুদ্ধে বিহাৰত ছাত্র আন্দোলন আৰম্ভ হৈছিল।

৬২। জগজীৱন ৰাম কোন আছিল ?

উত্তৰ : জগজীৱন ৰাম (Jogjiwan Ram) এজন স্বাধীনতা সংগ্ৰামী আৰু বিহাৰৰ এজন কংগ্ৰেছী নেতা আছিল। তেওঁ ভাৰতৰ সংবিধান সভাৰো এজন সদস্য আছিল। তেওঁ 1977 চনৰ 79 চনলৈ ভাৰতৰ উপ-প্রধানমন্ত্রীও আছিল।

৬৩। ৰাষ্ট্ৰপতিৰ শাসন (President’s Rule) বুলি ক’লে কি বুজা ?

উত্তৰ : সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি যদি ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালৰ প্ৰতিবেদন অথবা অইন কোনো সূত্ৰৰ দ্বাৰা জানিব পাৰে যে কোনো এখন ৰাজ্যৰ প্ৰশাসন কাৰ্য সংবিধানৰ বিধান অনুসৰি পৰিচালিত হোৱা নাই তেতিয়াহ’লে ৰাষ্ট্ৰপতিয়ে সেই ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা কৰি শাসনভাৰ নিজৰ হাতলৈ আনিব পাৰে। এনে ঘোষণাক ৰাজ্যিক জৰুৰী অৱস্থা বা ৰাষ্ট্ৰপতিৰ শাসন বুলি কোৱা হয়। ১৯৭৪ চনৰ গুজৰাট ছাত্র আন্দোলনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল।

৬৪। ১৯৮০ চনত মধ্যৱৰ্তীকালীন নির্বাচন অনুষ্ঠিত কৰাৰ কাৰণবোৰ কি আছিল ?

উত্তৰ : জনতা দলে শাসনভাৰ গ্ৰহণ কৰাৰ ঠিক ১৮ মাহৰ পিছত এই দল বিভাজন ঘটে। যাৰ ফলত মোৰাৰজী দেশাইৰ চৰকাৰখনে সংখ্যাগৰিষ্ঠতা হেৰুৱায়। ঠিক একেদৰে চৰণ সিঙে কংগ্ৰেছৰ সমৰ্থনত নতুনকৈ চৰকাৰ গঠন কৰি চাৰি মাহৰ পিছতে চৰকাৰ ভংগ হ’বলগা হয়। এনেদৰে সঘন পৰিৱৰ্তন আৰু নেতৃত্বৰ প্ৰত্যাহ্বান তথা সংখ্যাগৰিষ্ঠতাৰ অভাৱেৰে ১৯৮০ চনত মধ্যৱৰ্তীকালীন নির্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছিল।  

৬৫। জৰুৰী অৱস্থাত ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ কেনেকৈ ক্ষতিগ্রস্ত হয় উল্লেখ কৰা।

উত্তৰ : ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ ফলত নাগৰিকৰ মৌলিক অধিকাৰবোৰ খৰ্ব হৈছিল। ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ ঘোষিত এই জৰুৰীকালীন অৱস্থাই ন্যায়পালিকাৰ দ্বাৰাও সুৰক্ষিত হোৱাৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিছিল। বিশেষকৈ সংবাদ পত্ৰৰ স্বাধীনতা, আভ্যন্তৰীণ শান্তি ৰক্ষা আইনতো নিষেধাজ্ঞা আৰোপ কৰিছিল৷ তদুপৰি নিবাৰক প্ৰতিৰোধ আইনৰ ভিত্তিত বিৰোধী দলৰ নেতাসকলক আটক কৰা হৈছিল। সমাজবাদী নেতা চাৰু মজুমদাৰকে ধৰি বহুতো ব্যক্তিক আৰক্ষীয়ে নিৰ্মমভাৱে অত্যাচাৰ চলাইছিল ৷

৬৬। জৰুৰীকালীন অৱস্থাই কি বুজায়? আভ্যন্তৰীণ অশান্তিৰ বাবে ঘোষণা কৰা জৰুৰী অৱস্থাৰ যিকোনো এটা প্ৰভাৱৰ বিষয়ে লিখা।

উত্তৰ : ভাৰতীয় সংবিধানে তিনিবিধ জৰুৰীকালীন অৱস্থাৰ বিষয়ে উল্লেখ কৰিছে। সংবিধানৰ ৩৫২নং অনুচ্ছেদৰ পৰা ৩ নং অনুচ্ছেদটো উল্লেখ কৰা জৰুৰী অৱস্থা কেইটা হ’ল ক্ৰমে জাতীয় জৰুৰী অৱস্থা, ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ জৰুৰী অৱস্থা আৰু বিত্তীয় জৰুৰী অৱস্থা। জৰুৰী অৱস্থা ঘোষিত হলে সকলো শাসন ব্যৱস্থা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ লিখিত অনুমোদন লাভ কৰি ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিব পাৰে ।

৬৭। কুৰি দফীয়া আঁচনি কোনে আৰু কিয় প্ৰৱৰ্তন কৰিছিল?

উত্তৰ : কুৰি দফীয়া আঁচনিখন ইন্দিৰা গান্ধীয়ে প্ৰৱৰ্তন কৰিছিল। এই আঁচনিৰ জৰিয়তে গৰীৱসকলৰ দাৰিদ্ৰতা দূৰ কৰিবলৈ কল্যাণকামী আঁচনি প্রস্তুত কৰাটোৱে আছিল মুখ্য উদ্দেশ্য। Crisis of Democratic Order|| Class 12 Notes

৬৮। কাৰ আবেদনৰ ভিত্তিত ইন্দিৰা গান্ধীৰ নিৰ্বাচনক অবৈধ বুলি ঘোষণা কৰা হৈছিল ?

উত্তৰ : সমাজবাদী নেতা ৰাজনাৰায়ণৰ আবেদনৰ ভিত্তিতে ইন্দিৰা গান্ধীৰ নিৰ্বাচন আদালতে অবৈধ বুলি ঘোষণা কৰিছিল ।

৬৯। ‘জৰুৰীকালীন ব্যৱস্থাটো ভাৰতীয় ৰাজনীতিৰ এটা আটাইতকৈ বিতর্কিত বিষয়।’ যুক্তি দশোৱা।

উত্তৰ : ভাৰতৰ ৰাজনীতিত জৰুৰী কালীন অৱস্থাটো এটা আটাইতকৈ বিতর্কিত বিষয় বুলি ক’ব পাৰি। এই বিষয়টো শাসক দলক সম্পূৰ্ণ ৰাজনৈতিক স্বাৰ্থত অপপ্ৰয়োগ কৰি গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে দেশখনৰ নিৰাপত্তা, আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি কৰে। এনে অৱস্থাত নাগৰিকৰ অধিকাৰ খৰ্ব কৰাৰ উপৰি সংবাদ মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি স্বাধীনতা বিলোপ সাধিছিল। তেনে সময়ত দেশত অশান্তি দূৰ কৰাতকৈ বিৰোধীক দমন কৰাতহে বেছি গুৰুত্ব দিছিল। সেয়েহে এই জৰুৰীকালীন ব্যৱস্থাটো ভাৰতীয় ৰাজনীতিত এটা আটাইতকৈ বিতর্কিত বিষয় বুলি বিবেচনা কৰিব পাৰি ৷  

৭০। ভাৰতীয় ৰাজনীতিত জৰুৰী অৱস্থাৰ সময়ত কি সংঘটিত হৈছিল সেই বিষয়ে এটি সমালোচনাত্মক বৰ্ণনা দিয়া।

উত্তৰ : ভাৰতীয় ৰাজনীতিত ১৯৭৫ চনত ঘোষণা কৰা জৰুৰীকালীন ব্যৱস্থাটো এটা আটাইতকৈ বিতর্কিতন বিষয় বুলি ক’ব পাৰি। এই বিষয়টোৱে শাসক দলক সম্পূৰ্ণ ৰাজনৈতিক স্বার্থত অপপ্রয়োগ কৰি গণতন্ত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে দেশখনৰ নিৰাপত্তা, আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি কৰে ৷ এনে অৱস্থাত নাগৰিকৰ অধিকাৰ খৰ্ব কৰাৰ উপৰি সংবাদ মাধ্যমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰি স্বাধীনতাৰ বিলোপ সাধিছিল। তেনে সময়ত দেশত অশান্তি দূৰ কৰাতকৈ বিৰোধীক দমন কৰাতহে বেছি গুৰুত্ব দিছিল । জৰুৰীকালীন অৱস্থাই কোনোকালে ভাৰতীয় গণতন্ত্ৰক আঘাত কৰিব নোৱাৰে ৷ আভ্যন্তৰীণ জৰুৰী অৱস্থাত সামৰিক বিপ্লৱৰ সূচনা হ’ব লাগিব আৰু তাৰ বাবে ৰাষ্ট্ৰপতিৰ পৰামৰ্শ আৰু লিখিত আকাৰত মন্ত্ৰী পৰিষদে অনুমোদন দিব লাগিব। সকলো নাগৰিকে এই অৱস্থাৰ বাবে পৌৰ স্বাতন্ত্র্য্যতা মূল্য উপলব্ধি কৰিব পাৰিব লাগিব, কিন্তু সামৰিক বাহিনী আৰু প্ৰশাসনে স্বতন্ত্রভাৱে কোনো কাৰ্য কৰিব পৰা নাছিল। এই ক্ষেত্ৰত শাসক দলে দুয়োটা বিভাগক ৰাজনৈতিক যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছিল।

৭১। জৰুৰী অৱস্থাৰ পিছতো সমাপ্ত নহৈ ৰৈ যোৱা বিষয়বোৰ উল্লেখ কৰা ।

উত্তৰ : ভাৰতীয় ৰাজনীতিত দেখা দিয়া জৰুৰীকালীন অৱস্থাই বহুতো পৰিৱৰ্তন আনিছিল । এই জৰুৰীকালীন অৱস্থা ১৯৭৭ চনত প্ৰত্যাহাৰ কৰা হয় যদিও ইয়াত কিছুমান দিশ ৰৈ গৈছিল। এই দিশসমূহ হ’ল ক্রমে :

(ক) ভাৰতীয় ৰাজনীতিত সংখ্যাগৰিষ্ঠতা লাভ কৰা দলৰ একচেটিয়া মনোভাৱ গঢ়ি উঠা।

(খ) চৰকাৰৰ বিৰুদ্ধে বিভিন্ন সময়ত প্রতিবাদ আৰু আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা।

(গ) বিভিন্ন কাৰণত কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত দেখা দিয়া বিভেদ তথা সংঘাতৰ অৱস্থা ।

(ঘ) শাসকীয় দল আৰু চৰকাৰ বিৰোধী দলৰ মাজত দেখা দিয়া বিৰোধী মতভেদ।

(ঙ) আৰক্ষী আৰু আমোলাসকলৰ শাসকীয় দলৰ প্ৰতি থকা বিশেষ পক্ষপাতিত্বমূলক নীতি আদি বিভিন্ন বিষয় জৰুৰীকালীন অৱস্থাৰ পিছতো বৰ্তি আছে।

৭২। সমাজৰ বিভিন্ন গোটবোৰে জৰুৰীকালীন অৱস্থাৰ পৰা কেনেধৰণৰ বিভিন্ন পৰিৱৰ্তন আশা কৰিছিল ?

উত্তৰ : ভাৰতীয় ৰাজনীতিত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাই পক্ষপাতিত্বমূলক আৰু বিৰোধী মনৰ দুই প্ৰকাৰৰ মনোভাৱৰ সূচনা কৰিছিল। যিসকল শাসকীয় দলৰ সমৰ্থক আছিল তেওঁলোকে জৰুৰীকালীন অৱস্থাৰ ফলত সমাজৰ উন্নতি হোৱাৰ কথাটো উল্লেখ কৰে। জৰুৰীকালীন অৱস্থা ঘোষণাৰ দ্বাৰা দেশত দেখা দিয়া বিভিন্ন আভ্যন্তৰীণ আসোঁৱাহসমূহ দূৰ কৰি বিভিন্ন উন্নয়নমূলক আঁচনিসমূহক কাৰ্যকৰী কৰিবলৈ সহায়ক হৈছিল । তদুপৰি আন্তৰ্জাতিক পৰ্যায়ত দেখা দিয়া সম্ভাৱনাময় বিপদৰ পৰা ৰক্ষা পাবলৈ জৰুৰীকালীন অৱস্থা ঘোষণাই আভ্যন্তৰীণ বিদ্ৰোহ দমন কৰি শান্তি প্রতিষ্ঠা কৰাত সহায় কৰিব পাৰে। আনহাতে বিদ্ৰোহী দলৰ নেতাসকলে ইয়াৰ বিৰোধিতা কৰিছিল। তেওঁলোকে জৰুৰীকালীন অৱস্থাত দেখা দিয়া সমস্যাসমূহক বাৰুকৈয়ে উপলব্ধি কৰিবলৈ লৈছিল। কিয়নো এই অৱস্থাত ভাৰতীয় গণতন্ত্ৰৰ কোনো গুৰুত্বতা কমি আহে । তদুপৰি গণতন্ত্ৰত শাসন ব্যৱস্থাত জৰুৰীকালীন অৱস্থাই ব্যক্তি স্বাধীনতা খৰ্ব কৰি পেলায়।

৭৩। তলত উল্লেখিত উক্তিবোৰ শুদ্ধ নে অশুদ্ধ লিখা।

(ক) ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল ৷

উত্তৰ : সঁচা ।

(খ) জৰুৰীকালীন অৱস্থা ঘোষণাৰ সময়ত সকলো মৌলিক অধিকাৰ বাতিল কৰা হৈছিল।

উত্তৰ : সঁচা।

(গ) দেশত দেখা দিয়া অৰ্থনৈতিক অৱস্থাৰ অৱনতিৰ ফলতে ইয়াক কাৰ্যকৰী কৰা হৈছিল।

উত্তৰ : মিছা ৷ Crisis of Democratic Order|| Class 12 Notes

(ঘ) জৰুৰীকালীন অৱস্থা ঘোষণাৰ সময়ত বহুতো নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল ৷

উত্তৰ : সঁচা।

(ঙ) ভাৰতৰ সাম্যবাদী দলে এই জৰুৰীকালীন অৱস্থাক সমৰ্থন কৰিছিল ।

উত্তৰ : মিছা । Assam Study Centre

৭৪। তলৰ কোনটো জৰুৰীকালীন অৱস্থা ঘোষণাৰ সৈতে নিমিলে।

(ক) সর্বাত্মক বিপ্লৱৰ আহ্বান

(খ) ১৯৭৫ চনৰ ৰে’লৱে ধৰ্মঘট।

(গ) নক্সালবাদী বিপ্লৱৰ আহ্বান।

(ঘ) এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়দান

(ঙ) শ্বাহ আয়োগৰ প্ৰতিবেদনৰ বিষয়বস্তু।

উত্তৰ : ১৯৭৪ চনৰ ৰে’ল ধৰ্মঘট।

৭৫। ১৯৭৫ চনৰ ২৫ জুনত ঘোষিত জৰুৰীকালীন অৱস্থাৰ ছটা ফলাফল উল্লেখ কৰা।

উত্তৰ : (ক) দেশৰ নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ বাতিল কৰা হৈছিল।

(খ) সংবাদ মাধ্যমৰ স্বাধীনতাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

গ) বহুতো নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল।

ঘ) যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক কেইজনমান শক্তিশালী শাসকীয় দললৈ কেন্দ্ৰীভূত তথা একাত্মক ব্যৱস্থালৈ ৰূপান্তৰ ৷  

ঙ) জৰুৰীকালীন অৱস্থাত দেখা দিয়া ধৰ্মঘট, হৰতাল আদিক নিষিদ্ধকৰণ।

৭৬। ১৯৮০ চনত মধ্যৱৰ্তীকালীন নির্বাচন অনুষ্ঠিত মূল কাৰণসমূহ কি?

উত্তৰ : জনতা দলে শাসনভাৰ গ্ৰহণ কৰাৰ ঠিক ১৮ মাহৰ পিছত এই দলৰ বিভাজন ঘটে। যাৰ ফলত মোৰাৰজী দেশাইৰ চৰকাৰখনে সংখ্যাগৰিষ্ঠতা হেৰুৱায়। ঠিক একেদৰে চৰণ সিঙে কংগ্ৰেছৰ সমৰ্থনত নতুনকৈ চৰকাৰ গঠন কৰি চাৰি মাহৰ পিছতে চৰকাৰ ভংগ হ’বলগা হয়। এনেদৰে সঘন পৰিৱৰ্তন আৰু নেতৃত্বৰ প্ৰত্যাহ্বান তথা সংখ্যাগৰিষ্ঠতাৰ অভাৱে ১৯৮০ চনত মধ্যৱৰ্তীকালীন নির্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছিল। Crisis of Democratic Order|| Class 12 Notes

৭৭। ১৯৭৭ চনত জনতা দলৰ চৰকাৰে কিয় শ্বাহ আয়োগ নিয়োগ কৰিছিল আৰু ইয়াৰ প্ৰতিবেদনত কি আছিল ?

উত্তৰ : ১৯৭৭ চনৰ মে’ মাহত ন্যায়াধীশ জে. চি. শ্বাহৰ নেতৃত্বত জনতা দলে এখন আয়োগ গঠন কৰিছিল ৷ এই আয়োগকে শ্বাহ আয়োগ বুলি কোৱা হয়। এই আয়োগৰ মূল উদ্দেশ্যৰ আছিল দেশত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ সময়ত উদ্ভৱ হোৱা বিভিন্ন সমস্যাসমূহৰ সঠিক তদন্ত কৰা । এনে অৱস্থাত শাসকীয় দলৰ দ্বাৰা ক্ষমতাৰ অপব্যৱহাৰ, গণতন্ত্ৰবিৰোধী কঠোৰ নীতি-নিয়ম প্ৰৱৰ্তন আদি কেনেদৰে হৈছে তাক অনুসন্ধান কৰাৰ বাবেই এই আয়োগক নিযুক্তি দিয়া হৈছিল। জৰুৰীকালীন অৱস্থাত শ্বাহ আয়োগৰ অনুসন্ধানৰ দ্বাৰা ইন্দিৰা গান্ধীকে ধৰি কেইবাজনো সহযোগী নেতাৰ ক্ষমতাক ব্যক্তিগত স্বাৰ্থপূৰ্বণৰ বাবে ব্যৱহাৰ কৰাৰ তথ্য পোৱা গৈছিল। ঠিক একেদৰে জৰুৰীকালীন অৱস্থা অব্যাহত থকাৰ সময়তে আৰক্ষী প্ৰশাসনেও ৰাষ্ট্ৰৰ ক্ষমতাক অপব্যৱহাৰৰ জৰিয়তে দেশৰ সাধাৰণ জনগণৰ ওপৰত অমানুষিক অত্যাচাৰ চলাইছিল।

৭৮। ১৯৭৭ চনৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিৰোধী দল কেন্দ্ৰত ক্ষমতালৈ আহিছিল। ইয়াৰ কাৰণবোৰ কি আছিল ?

উত্তৰঃ জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত কংগ্ৰেছ চকাৰে অগণতান্ত্ৰিকভাৱে নীতি-নিময়, সংবাদ পত্ৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা, অত্যাচাৰ, মৌলিক অধিকাৰসমূহৰ খৰ্ব কৰাত জনগণ অতিষ্ঠ হৈ পৰিছিল। ফলত প্ৰধান বিৰোধী দলসমূহে নিজৰ ক্ষুদ্ৰ স্বাৰ্থ আৰু আদৰ্শগত পার্থক্যক বিসর্জন দি কংগ্ৰেছবিৰোধী আদৰ্শ গ্ৰহণ কৰি শক্তিশালী ৰাজনৈতিক দল জনতা দল গঠন কৰিছিল। কংগ্ৰেছ দলৰ ভিতৰছোৱাত দেখা দিয়া বিৰোধী মনৰ বহুতো লোকে ইয়াক সমর্থন কৰিছিল। ফলত একগোট হৈ জনতা দল গঠনে কংগ্ৰেছ বিৰোধী ভোটসমূহ বিভাজিত হোৱাৰ আশংকা নাইকিয়া হৈছিল। ইয়াৰ উপৰি জৰুৰীকালীন অৱস্থাত ইন্দিৰা গান্ধীৰ একনায়কত্ববাদী মনোভাৱে সাধাৰণ জনগণক ভীতিগ্ৰস্ত কৰিছিল৷ সাধাৰণ জনগণৰ ওপৰত অত্যাচাৰ চলোৱা আৰু সংবাদ পত্ৰৰ স্বাধীনতা খৰ্ব কৰাৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা কাৰ্যই কেন্দ্ৰত জনতা দল গঠনত অৰিহনা যোগাইছিল।

৭৯। ভাৰতীয় ৰাজনীতিত জৰুৰীকালীন অৱস্থা ঘোষণাই সৃষ্টি কৰা প্ৰভাৱৰ বিষয়ে তলত দিয়া মন্তব্যবোৰ আলোচনা কৰা।

উত্তৰ : (ক) নাগৰিক পৌৰসভাৰ ওপৰত প্ৰভাৱঃ জৰুৰীকালীন অৱস্থা ঘোষণা সময়ত নাগৰিকৰ সকলোবোৰ মৌলিক অধিকাৰ বাতিল কৰিছিল। এনে সময়ত নাগৰিকে পৌৰ স্বাধীনতাৰ মুল্য উপলব্ধি কৰিবলৈ সক্ষম হৈছিল। তদুপৰি ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ ক্ষমতা কর্তনে নাগৰিকৰ অধিকাৰ ৰক্ষণাবেক্ষণত শংকাৰ সৃষ্টি কৰিছিল।

(খ) কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ ওপৰত প্ৰভাৱঃ জৰুৰীকালীন অৱস্থা ঘোষণাই ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ ক্ষমতাৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। কাৰ্যপালিকাই ন্যায়পালিকাৰ কাৰ্যত অপ্রয়োজনীয় হস্তক্ষেপ কৰা দেখা গৈছিল।

(গ) সংবাদ মাধ্যমৰ কাৰ্য ওপৰত প্ৰভাৱঃ জৰুৰীকালীন অৱস্থা ঘোষণাই সংবাদ মাধ্যমসমূহৰ স্বাধীনতা সম্পূৰ্ণ নোহোৱা কৰিছিল। যিকোনো তথ্য প্ৰকাশৰ বাবে সংবাদ মাধ্যমসমূহে আগতীয়াকৈ চৰকাৰী অনুমতি ল’ব লগা হৈছিল।

(ঘ) পুলিচ আৰু আমোলাৰ ওপৰত প্ৰভাৱঃ জৰুৰীকালীন অৱস্থা ঘোষণাৰ ফলত আৰক্ষী বাহিনী আৰু আমোলাতন্ত্র এক শক্তিশালী তথা স্বেচ্ছাচাৰী ৰূপত আত্মপ্ৰকাশ কৰিছিল। তেওঁলোকে শাসকীয় তথা কেন্দ্রীভূত কেইজনমান শক্তিশালী শাসক দলৰ হাতিয়াৰ হৈ অগণন লোকক বিশেষকৈ বিৰোধী দলৰ নেতা, সদস্য, বুদ্ধিজীৱী, সাংবাদিক আদিক আটক কৰি অত্যাচাৰ চলাইছিল। ইয়াৰ উপৰি আমোলাতন্ত্ৰ বিষয়াই ক্ষমতাশালী হৈ পক্ষপাতিত্বমূলক আচৰণ কৰিছিল। তেওঁলোকে নীতিসমূহ কংগ্ৰেছৰ স্বাৰ্থৰ হকে ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলতে সমাজবাদী দল গঠন হৈছিল।

৮০। জৰুৰী অৱস্থা ঘোষণাই ভাৰতীয় দলীয় ব্যৱস্থাত কেনেধৰণৰ প্ৰভাৱ পেলাইছিল? উদাহৰণেৰে আলোচনা কৰা।

উত্তৰ : ভাৰতত জৰুৰী অৱস্থা ঘোষণা কৰাৰ ফলত দলীয় ব্যৱস্থাৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছিল। সেই সমূহৰ ভিতৰত কেইটামান দিশ হ’লঃ

(ক) জৰুৰী অৱস্থা ঘোষণাৰ ফলত কংগ্ৰেছ দলে বিৰোধী দলৰ নেতা-সদস্যসকলৰ ওপৰত হিংসাত্মক মনোভাৱ পোষণ কৰিছিল। ঠিক একেদৰে পৰৱৰ্তী সময়ত শাসকীয় দলে প্রতিহিংসামূলক মনোবৃত্তিৰে কংগ্ৰেছৰ ওপৰত একেই ব্যৱস্থা গ্ৰহণ কৰিছিল।

(খ) জৰুৰী অৱস্থা ঘোষণাই বিৰোধী দলসমূহক একগোট হৈ কংগ্ৰেছৰ বিৰুদ্ধে থিয় দিবলৈ অনুপ্ৰেৰণা যোগাইছিল। কাৰণ তেওঁলোক কংগ্ৰেছ দলৰ দ্বাৰা অমানুষিক অত্যাচাৰৰ বলি হ’ব লগা হৈছিল। ফলত কংগ্ৰেছ বিৰোধী সকলো দলে ঐক্যৱদ্ধভাৱে ইয়াৰ বিৰোধিতা কৰিবলৈ দল গঠনৰ চেষ্টা কৰিছিল ।

(গ) কংগ্ৰেছ দলৰ মাজৰে বহুতে জৰুৰী অৱস্থা ঘোষণাৰ প্ৰতি একমত নাছিল ৷ সেয়ে তেওঁলোকৰ মাজত অন্তঃকন্দলৰ সৃষ্টি হৈছিল। এনে সময়তে জগজীৱন ৰামৰ নেতৃত্বত ‘গণতন্ত্ৰৰ বাবে কংগ্ৰেছ’ নামৰ আন এক ৰাজনৈতিক দল গঠন কৰিবলৈ আগবাঢ়ি আহিছিল ।

(ঘ) ১৯৭৭ চনত কংগ্ৰেছ চৰকাৰৰ মইমতালিৰ বাবেই পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় ৰাজনীতিত অকংগ্ৰেছী শাসকীয় দলে চৰকাৰ গঠন কৰিছিল। ফলত কংগ্ৰেছৰ একচত্ৰী শাসন ব্যৱস্থা অন্ত পেলোৱাত অৰিহনা যোগাইছিল। Crisis of Democratic Order|| Class 12 Notes

৮১। জনতা দলৰ নীতি আৰু কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা।

উত্তৰ : ভাৰতীয় ৰাজনীতিত ১৯৭৭ চনত পোনপ্ৰথমবাৰৰ বাবে জনতা দলে চৰকাৰ গঠন কৰে। এই দলৰ কিছুমান নীতি আৰু কাৰ্যাৱলী তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি :

(ক) সংবিধানৰ ৪৪নং সংশোধনীৰ সহায়ত কংগ্ৰেছ চৰকাৰে জৰুৰী অৱস্থা ঘোষণাৰ সময়ত সৃষ্টি হোৱা নেতিবাচক সকলো দিশসমূহ দূৰ কৰা।

(খ) সম্পত্তি অধিকাৰ মৌলিক অধিকাৰৰ পৰা কৰ্তন কৰি আইনগত অধিকাৰ হিচাপে মর্যাদা প্ৰদান কৰা ৷

(গ) লোকসভা আৰু বিধান সভাৰ কাৰ্যকাল ছয় বছৰৰ পাৰ পাঁচ বছৰলৈ হ্ৰাস কৰা ৷

(ঘ) উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহৰ পৰা কাঢ়ি নিয়া ক্ষমতা আৰু পদমর্যাদা পুনৰ প্ৰতিষ্ঠা কৰা ।

(ঙ) জৰুৰী অৱস্থাত প্ৰৱৰ্তন কৰা বিভিন্ন কঠোৰ আৰু বিতৰ্কমূলক আইনসমূহ বাতিল কৰা।

(চ) নিৰ্দেশক নীতিৰ তুলনাত মৌলিক অধিকাৰক অগ্ৰাধিকাৰ দিয়া।

৮২। ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল সম্পর্কে আলোচনা কৰা।

উত্তৰ : ১৯৭৭ চনত লোকসভা নিৰ্বাচন ভাৰতীয় ৰাজনীতিৰ বাবে আছিল এক বিশেষ গুৰুত্বপূৰ্ণ দিশ। এই নির্বাচনে গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল৷ (ক) ১৯৭৭ চনৰ নিৰ্বাচনে কংগ্ৰেছ দলৰ আধিপত্য ওফৰাই পেলায়।

(খ) পোনপ্ৰথমবাৰৰ বাবে মৰ্চা চৰকাৰ গঠন হয় আৰু এই মৰ্চা চৰকাৰত জনতা দলৰ লগতে আন বহুতো ৰাজনৈতিক দলে যোগ দিয়ে ।

(গ) বিভিন্ন পিছপৰা সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ বিষয়টো এই নিৰ্বাচনৰ পৰাই হৈ আহিছে।

৮৩। ১৯৭৩ চনৰ ন্যায়পালিকা আৰু সংসদৰ মাজত দেখা দিয়া বিবাদৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰ : ১৯৬৭ চনৰ নিৰ্বাচনে ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ মাজত বিভিন্ন বিষয়সমূহক লৈ সংঘাতৰ সৃষ্টি কৰিছিল। ন্যায়পালিকাই উত্থাপন কৰা কেইবাটাও ৰায় কংগ্ৰেছে মানি ল’ব বিচৰা নাছিল। তেওঁলোকৰ মতে ন্যায়পালিকা এটা ৰক্ষণশীল অনুষ্ঠান আৰু এই অনুষ্ঠানটোৱে কংগ্ৰেছৰ দৰিদ্ৰপন্থী কল্যাণমূলক কাৰ্যসূচী কাৰ্যকৰী কৰাত বাধাৰ সৃষ্টি কৰিছে। ইন্দিৰা গান্ধীৰ একনায়কত্ববাদী চৰিত্ৰটোক নিয়ন্ত্ৰণৰ বাবে ন্যায়পালিকাসসমূহত বিভিন্ন সাংবিধানিক প্রশ্নৰ উত্থাপন হৈছিল। সেই বিষয়সমূহৰ বিষয়ত মৌলিক অধিকাৰ বাতিল কৰা, সংবিধান সংশোধনীত অন্তর্ভুক্ত সম্পত্তিৰ অধিকাৰ সংকুচিত কৰা আদি বিষয়ত ন্যায়ালয়ে নেতিবাচক স্থিতি গ্ৰহণ কৰিছিল। যাৰ ফলত ন্যায়পালিকা আৰু সংসদৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। ইন্দিৰা গান্ধীয়ে এই স্থিতিক সহ্য কৰিব নোৱাৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ বাবে নিৰ্বাচিত তিনিজন ন্যায়াধীশক অতিক্ৰম কৰি এ এন ৰায়ক মুখ্য ন্যায়াধীশ পদত নিযুক্তি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

৮৪। ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ প্ৰভাৱৰ বিষয়ে লিখা।

উত্তৰ : ১৯৭৫ চনত জৰুৰী ব্যৱস্থাই ভাৰতীয় ৰাজনীতিত বহুতো প্ৰভাৱ পেলাইছিল। তাৰ ভিতৰত কেইটামান হ’ল— সেই সময়ত নাগৰিকসকলৰ মৌলিক অধিকাৰ বাতিল কৰা হৈছিল। নাগৰিকৰ জীৱন আৰু স্বাধীনতাৰ অধিকাৰ চৰকাৰৰ দ্বাৰা বাতিল কৰা হৈছিল। কংগ্ৰেছ আৰু বিৰোধী দলবোৰৰ মাজত সংঘাতৰ সূচনা হৈছিল। ১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ পিছত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰত মৰ্চা চৰকাৰ গঠন হয়। বহুসংখ্যক বিৰোধী নেতাৰ গ্ৰেপ্তাৰ হৈছিল। এনেদৰে বিভিন্ন দিশসমূহৰ পৰিৱৰ্তনীয় অৱস্থাই ভাৰতীয় ৰাজনৈতিক দিশত বহুতো প্ৰভাৱ পেলাইছিল।

৮৫।  গুজৰাট আন্দোলনৰ ওপৰত এটি চমু টোকা লিখা ।

উত্তৰ : ১৯৭৪ চনৰ জানুৱাৰী মাহত গুজৰাটত ছাত্ৰসকলে খাদ্য-সামগ্ৰীৰ, ৰন্ধন গেছ আৰু অন্যান অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য আৰু দুৰ্নীতিৰ বিৰুদ্ধে এক আন্দোলন আৰম্ভ কৰে। শাসনাধিষ্ঠিত কংগ্ৰেছ দলৰ বিৰুদ্ধে আৰম্ভ হোৱা এই আন্দোলনত বিৰোধী দলসমূহেও সমর্থন দিয়াত আন্দোলনে ব্যাপক ৰূপ পৰিগ্ৰহণ কৰিছিল। যাৰ ফলত শাসনাধীন দলটোৱে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিছিল। আন্দোলনকাৰী নেতা আৰু বিৰোধী দলৰ নেতাসকলৰ প্ৰচণ্ড দাবীত ৰাজ্যখনত নতুনকৈ নির্বাচন অনুষ্ঠিত কৰিবলৈও শাসনাধীন কংগ্ৰেছ দলটো বাধ্য হৈছিল। মুঠৰ ওপৰত গুজৰাটত আৰম্ভ হোৱা আন্দোলনে শাসনাধীন কংগ্ৰেছ দলৰ চৰকাৰখনক শলঠেকত পেলাবলৈ সক্ষম হৈছিল। যি কি নহওক, ১৯৭৫  চনৰ গুজৰাটত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হ’ল যত কংগ্ৰেছ দলে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল।   Crisis of Democratic Order|| Class 12 Notes

৮৬। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোন তিনিটা পৰিস্থিতিত জৰুৰী ক্ষমতা প্রয়োগ কৰিব পাৰে ?

উত্তৰ : তিনিটা বিশেষ পৰিস্থিতিত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জৰুৰী ক্ষমতা প্রয়োগ কৰিব পাৰে। সেই তিনিটা পৰিস্থিতি হ’ল—

১। সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতি যদি নিশ্চিত হয় যে কোনো বিদেশী শক্তিয়ে ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে বা যুদ্ধ ঘোষণাৰ ভাবুকি দিছে, অথবা আভ্যন্তৰীণ সশস্ত্ৰ বিদ্ৰোহৰ সম্ভাৱনাৰ ফলত সমগ্ৰ ভাৰতবৰ্ষ অথবা ভাৰতবৰ্ষৰ কোনো এটা অংশৰ নিৰাপত্তা ক্ষুণ্ণ হোৱা আশংকাই দেখা দিছে তেতিয়াহ’লে ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে ।

২। সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি যদি ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালৰ প্ৰতিবেদন অথবা অন্য কোনো সূত্ৰৰ দ্বাৰা জানিব পাৰে যে কোনোবা এখন ৰাজ্যৰ প্ৰশাসনৰ কাৰ্য, সংবিধানৰ বিধান অনুসৰি পৰিচালিত হোৱা নাই তেতিয়া হ’লে ৰাষ্ট্ৰপতিয়ে সেই ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা কৰি শাসনভাৰ নিজৰ হাতলৈ আনিব পাৰে। এনে ঘোষণাকে ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ বাবে জৰুৰী অৱস্থা বা ৰাষ্ট্ৰপতিৰ শাসন বোলা হয় ৷

৩। ভাৰতীয় সংবিধানৰ ৩৬০ নং অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষ অথবা ইয়াৰ কোনো অংশত শোচনীয় অৰ্থনৈতিক অৱস্থাৰ সৃষ্টি হ’লে অথবা অর্থনৈতিক স্থায়িত্ব বিপদাপন্ন হ’লে ৰাষ্ট্ৰপতিয়ে তেনে ৰাজ্য বা সমগ্ৰ ৰাষ্ট্ৰতে অর্থনৈতিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে।

৮৭। বিহাৰ ছাত্র আন্দোলনৰ ওপৰত এটি চমু টোকা লিখা।

উত্তৰ : ১৯৭৪ চনৰ মাৰ্চ মাহত মূল্যবৃদ্ধি, খাদ্য সংকট, নিবনুৱা সমস্যা আৰু দুৰ্নীতি বিৰুদ্ধে প্ৰতিবাদ কৰাৰ উদ্দেশ্যে বিহাৰৰ ছাত্ৰসকলে সক্ৰিয় ৰাজনীতি ত্যাগ কৰি সমাজ সেৱাত মনোনিৱেশ কৰা জয়প্রকাশ নাৰায়ণক আন্দোলনটোৰ গুৰি ধৰিবৰ বাবে আহবান জনাইছিল। জয়প্রকাশ নাৰায়ণে ছাত্ৰ সমাজৰ সেই আহবান এটা চৰ্তত ৰক্ষা কৰিবলৈ মান্তি হৈছিল। চৰ্তটো আছিল— আন্দোলনটো সদায় অহিংস ৰূপত থাকিব লাগিব আৰু ই কেৱল বিহাৰৰ ভিতৰতে সীমাৱদ্ধ হ’ব নালাগিব। এইদৰে আন্দোলনটোৱে ৰাজনৈতিক চৰিত্ৰ লাভ কৰাৰ লগতে সৰ্বাত্মক ৰূপো পৰিগ্ৰহণ কৰিছিল। বিভিন্ন অঞ্চলৰ বিভিন্ন শ্ৰেণীৰ মানুহে আন্দোলনটোত যোগদান কৰিছিল। শাসনাধীন কংগ্ৰেছ চৰকাৰৰ প্রতিবাদ স্বৰূপে বন্ধ, ঘেৰাও, হৰতাল আদি কাৰ্যসূচীও গ্ৰহণ কৰা হৈছিল। জয়প্ৰকাশ নাৰায়ণে শাসনাধিষ্ঠিত চৰকাৰখনৰ অপসাৰণৰ দাবী কৰিছিল যদিও চৰকাৰখনে পদত্যাগ কৰিবলৈ মান্তি হোৱা নাছিল। বিহাৰৰ ছাত্ৰ আন্দোলনটো লাহে লাহে দেশৰ চহকী অংশলৈও সম্প্ৰসাৰিত হৈছিল। কংগ্ৰেছ বিৰোধী এনে আন্দোলনৰ পৰিপ্ৰেক্ষিতত ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰিছিল।

৮৮। ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ তিনিটা ফল উল্লেখ কৰা।

উত্তৰ : ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ তিনিটা গুৰুত্বপূৰ্ণ ফল (Outcomes) আছিল এনে ধৰণৰ —  

১। কংগ্ৰেছ দলৰ পৰাজয় : ১৯৭৭ চনৰ নিৰ্বাচনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফলটো আছিল কংগ্ৰেছ দলৰ পৰাজয়। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ দলে লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ’ল।

২। অকংগ্ৰেছী দলৰ চৰকাৰ গঠন : ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰত অকংগ্ৰেছী চৰকাৰ গঠন হৈছিল। জনতা দল আৰু ইয়াৰ মিত্ৰ দলসমূহে ৩৩০ খন আসন দখল কৰি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।

৩। সংযুক্ত চৰকাৰ : ১৯৭৭ চনৰ নিৰ্বাচনৰ পিছত পোনপ্ৰথমবাৰৰ বাবে কেন্দ্ৰত সংযুক্ত চৰকাৰ গঠিত হৈছিল। কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা হেৰুৱাত জনতা দলে অন্য কেইটামান দলৰ লগ লাগি চৰকাৰ গঠন কৰিছিল। Crisis of Democratic Order|| Class 12 Notes

৮৯। ১৯৭৪ চনৰ ৰে’ল কৰ্মচাৰীৰ ধৰ্মঘটসম্পর্কে চমুকৈ লিখা।

উত্তৰ : ১৯৭৪ চনৰ সময়ছোৱাত কেন্দ্ৰৰ শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰে সন্মুখীন হোৱা প্ৰত্যাহবানবোৰৰ ভিতৰত ৰে’ল কৰ্মচাৰীৰ ধৰ্মঘটো অন্যতম আছিল। ১৯৭৪ চনত জৰ্জ ফার্নাণ্ডেজৰ নেতৃত্বত National Co-ordination Committee for Railwaymen নামৰ সংস্থাটোৱে ৰে’ল কৰ্মচাৰীৰ বনাচ আৰু অন্যান্য সেৱাচৰ্তৰ দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰিছিল। সেই দাবীসমূহ চৰকাৰে বিৰোধিতা কৰাত ১৯৭৪ চনৰ মে’ মাহত ৰে’ল কৰ্মচাৰীসকলে দেশজুৰি ধৰ্মঘট আৰম্ভ কৰে। চৰকাৰে ধৰ্মঘট কাৰ্যক অবৈধ ঘোষণা কৰি ৰে’লৱে কৰ্মচাৰীৰ দাবীবোৰ মানিবলৈ অস্বীকাৰ কৰিলে। তদুপৰি বহুলোক, ধৰ্মঘটকাৰীক চৰকাৰে গ্ৰেপ্তাৰ কৰিলে। অৱশেষত কোনো সমাধান নোহোৱাকৈ ২০ দিনৰ পিছত ধর্মঘটটো উঠাই ল’বলৈ ধৰ্মঘটকাৰীসকল বাধ্য হৈছিল।

৯০। কোনবোৰ পৰিস্থিতিত ১৯৭৬ চনৰ জুন মাহত ভাৰতত জাতীয় জৰুৰী ঘোষণা কৰা হৈছিল ?

অথবা ১৯৭৬ চনত জৰুৰী অৱস্থা ঘোষণাৰ মূল কাৰণসমূহ আলোচনা কৰা ৷

উত্তৰ : কিছুমান বিশেষ পৰিস্থিতিত বা কাৰণত ১৯৭৫ চনত ভাৰতত জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰা হৈছিল। সেইবোৰ হ’ল—

১। অর্থনৈতিক কাৰণ : ইন্দিৰা গান্ধীৰ কংগ্ৰেছ দলে ‘গৰীবি হটাও’ শ্লোগান দিছিল যদিও নিৰ্বাচনৰ পিছত দেশৰ অৰ্থনৈতিক অৱস্থাৰ বিশেষ উন্নতি নহ’ল। পাকিস্থান যুদ্ধৰ পিছত আমেৰিকাইয়ো ভাৰতক সাহায্য দিয়াটো বন্ধ কৰি দিছিল। আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্যবৃদ্ধি পোৱাৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অত্যধিক হাৰত বৃদ্ধি পাইছিল। তদুপৰি মৌচুমী বতাহে সৃষ্টি কৰা প্ৰতিকূল পৰিৱেশৰ ফলত কৃষিৰ উৎপাদনো নিম্নগামী হৈছিল।

২। ছাত্র আন্দোলন আৰু ৰে’লৱে কৰ্মচাৰীৰ ধৰ্মঘট : ১৯৭৪ চনত বিহাৰ আৰু গুজৰাটত মূল্যবৃদ্ধি, খাদ্য সংকট, দুৰ্নীতি আৰু নিবনুৱা সমস্যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে ছাত্র সমাজ একত্ৰিত হৈছিল। ছাত্ৰ সমাজ একত্ৰিত হৈ জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত শাসকীয় কংগ্ৰেছ দলৰ বিৰুদ্ধে নানান প্রতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছিল। আনহাতে, ১৯৭৪ চনত ৰে’ল কৰ্মচাৰীসকলে আৰম্ভ কৰা ধৰ্মঘটেও ৰে’লসেৱা ব্যাহত কৰিছিল। এনে পৰিস্থিতিত সেই সময়ৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে জাতীয় জৰুৰী ঘোষণা সিদ্ধান্ত লৈছিল। Crisis of Democratic Order|| Class 12 Notes

৩। এলাহবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ঃ ১৯৭৫ চনৰ ১২ জুনত এলাহবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সিনহাই ইন্দিৰা গান্ধীৰ লোকসভালৈ নিৰ্বাচনৰ অবৈধ বুলি ৰায় দিছিল। ইন্দিৰা গান্ধীৰ নিৰ্বাচনক লৈ প্ৰশ্ন উত্থাপিত হোৱাত ক্ষুব্ধ হৈ শ্ৰীমতী গান্ধীয়ে ৰাষ্ট্ৰপতিক জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ অনুৰোধ জনাইছিল।

৪। ইন্দিৰা গান্ধীৰ পদত্যাগ দাবী : এলাহবাদ উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ৰ ভিত্তিত জয়প্রকাশ নাৰায়ণে ইন্দিৰা গান্ধীৰ পদত্যাগ দাবী কৰিছিল। ইয়াতে ক্ষান্ত নাথাকি জয়প্রকাশ নাৰায়ণে ১৯৭৫ চনৰ ২৫ জুনত দিল্লীৰ ৰমিলা গ্ৰাউণ্ডত এক বিশাল প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। ইয়াৰ উপৰি তেওঁ সৈন্য বাহিনী আৰক্ষী আৰু সকলো চৰকাৰী কৰ্মচাৰীক অবৈধ আৰু অনৈতিকতাসম্পন্ন চৰকাৰৰ আদেশ মানি নচলিবলৈ আহবান জনাইছিল। এনেবোৰ পৰিস্থিতিৰ আলমত প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে আভ্যন্তৰীণ অশান্তিৰ অজুহাতত ৰাষ্ট্ৰপতিক জৰুৰী অৱস্থা ঘোষণা কৰিবলৈ পৰামৰ্শ দিছিল। ফলস্বৰূপে ১৯৭৫ চনৰ ২৫ জুনত সেই সময়ৰ ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদে ভাৰতত জৰুৰী অৱস্থা ঘোষণা কৰে।

Leave a Comment

error: Warning, you aare not allowed to copy this element