Join Assam Study Centre Channel

Rise of New Social Movements || Class 12 Political Science

Rise of New Social Movements || Class 12 Political Science. ১৯৬০ চনৰ পিছৰ পৰা ভাৰতীয় ৰাজনীতিলৈ বহুতো পৰিৱৰ্তন আহিছে। বিশেষকৈ ৰাজনৈতিক অংশগ্রহণ (Political Participation) প্রক্ৰিয়াত এই পৰিৱৰ্তন অধিক ঘনীভূত হৈছিল। ৰাজনৈতিক দল আৰু প্ৰভাৱগোষ্ঠীসমূহৰ উপৰি অন্যান্য সামাজিক গোটসমূহে ৰাজনৈতিক সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলাবলৈ ধৰিলে। কৃষক, পিছপৰা শ্ৰেণী আৰু মহিলাক পূৰ্বতে ৰাজনীতিৰ বাহিৰত ৰখা হৈছিল যদিও এই গোটসমূহেও ভাৰতীয় গণতন্ত্ৰই প্ৰদান কৰা সুবিধা গ্ৰহণ কৰি আন্দোলনমুখী হৈ পৰিল। অৱশ্যে এই সামাজিক আন্দোলনবোৰে ভাৰতীয় গণতন্ত্রক অধিক পৰিপক্ক তথা বিস্তাৰিত হোৱাতহে সহায় কৰিছে । ১৯৭০ চনৰ সময়ছোৱাত ভাৰতত এনে বহুতো সামাজিক আন্দোলনৰ সূচনা হৈছিল। আন্দোলনৰ নেতাসকলে ৰাষ্ট্ৰ আৰু ৰাজনৈতিক দলসমূহৰ দ্বাৰা অৱহেলিত হোৱাৰ অভিযোগ আমি নিজস্ব দাবী উত্থাপন কৰিছিল। এই আন্দোলনসমূহৰ ভিতৰত কৃষক আন্দোলন অন্যতম আছিল যি দিল্লীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি চৰকাৰক হেঁচা প্ৰদান কৰিছিল। কৃষি দ্ৰব্যৰ মূল্যবৃদ্ধি, উন্নত জাতৰ বীজ যোগান আৰু কৃষিখণ্ডৰ অধিক বিনিয়োগৰ দাবীত আন্দোলনকাৰীসকল সৰৱ হৈ পৰিছিল। আনহাতে, মহিলাসকলে তেওঁলোকৰ সৰ্বাংগীন বিকাশৰ বাবে তীব্ৰ দাবী উত্থাপন কৰিছিল। Dalit Panthers ৰ নেতৃত্বত সংগঠিত হোৱা অনুসূচিত জাতিৰ লোকসকলে সমাজত তেওঁলোকৰ স্থান উন্নীতকৰণৰ ওপৰত জোৰ দিছিল। একেদৰে পাৰিপাৰ্শ্বিক বিষয়ত চৰকাৰৰ মনোযোগ আকৰ্ষণৰ বাবে পৰিৱেশ আন্দোলনৰো সূচনা হৈছিল।

Rise of New Social Movements || Class 12 Political Science

১। চিপক’ আন্দোলনৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰ : চিপক’ (Chipko) আন্দোলনৰ তিনিটা বৈশিষ্ট্য হ’ল—

(ক) বনাঞ্চল ধ্বংস ৰোধ কৰিবৰ বাবে গঢ়ি উঠা ই এটা পৰিৱেশ আন্দোলন আছিল ।

(খ) পাৰিপাৰ্শ্বিক আৰু অৰ্থনৈতিক শোষণৰ বিষয়বোৰ এই আন্দোলনৰ যোগেদি উত্থাপিত হৈছিল।

(গ) প্রাকৃতিক সম্পদৰ ওপৰত স্থানীয় লোকৰ নিয়ন্ত্ৰণ থকা উচিত বুলি আন্দোলনকাৰীসকলে সজোৰে দাবী উত্থাপন কৰিছিল।

২। সামাজিক আন্দোলনসমূহে (Social Moments) গণতন্ত্ৰৰ কাৰ্যকাৰিতাত বাধাৰ সৃষ্টি কৰে। শুদ্ধ নে অশুদ্ধ?

উত্তৰ : অশুদ্ধ। সামাজিক আন্দোলনসমূহে গণতন্ত্ৰৰ কাৰ্যকাৰিতাত বাধাৰ সৃষ্টি নকৰে।

৩। সমাজৰ কিছুমান বিষয়ত ৰাজনৈতিক দলসমূহে মনোযোগ নিদিয়াৰ বাবেই সামাজিক আন্দোলনবোৰৰ জন্ম হয়। শুদ্ধ নে অশুদ্ধ?

উত্তৰ : শুদ্ধ।

8। ১৯৭২ চনৰ প্ৰথমভাগত উত্তৰ প্ৰদেশত চিপক’ আন্দোলন সংঘটিত হোৱাৰ মূল কাৰণ কি আছিল ?

উত্তৰ : চিপক’ আন্দোলনক ভাৰতৰ প্ৰথম পৰিৱেশ আন্দোলন বুলি ক’ব পাৰি। বন বিভাগে গাঁওবাসীক আশ্ব (ash) গছবিধ কাটিবলৈ অনুমতি নিদিয়াৰ পৰিপ্ৰেক্ষিত্বতে উত্তৰ প্ৰদেশৰ দুই-তিনিখন গাঁৱতে এই আন্দোলনৰ সূচনা হৈছিল। কিন্তু বন বিভাগে সেই ঠাইতে তেনে ধৰণৰ গছ বাণিজ্যিক উদ্দেশ্যত এটা. খেলৰ সামগ্ৰী নিৰ্মাতা সংস্থাক কাটিবলৈ অনুমতি দিছিল। এইটোৱেই গাঁওবাসীক ক্ষুব্ধ কৰি তুলিছিল৷ আৰু গছ কটাৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল। লাহে লাহে এই আন্দোলন উত্তৰাখণ্ডৰ (Uttarakhand) অন্য ঠাইলৈও সম্প্ৰসাৰিত হৈছিল। এই আন্দোলনৰ মূল কাৰণসমূহ তলত দিব ধৰণে উল্লেখ কৰিব পাৰি-

ক) উত্তৰ প্ৰদেশৰ সেই বিশেষ অঞ্চলৰ গাঁওবাসীয়ে পৰিৱেশৰ অনিষ্ট নোহোৱাকৈ সৰু উদ্যোগ স্থাপন কৰিব বিচাৰিছিল।

খ) ভূমিহীন বন্যকৰ্মীৰ বিষয়টোৱেও প্রাধান্য পাইছিল আৰু তেওঁলোকক মজুৰি প্ৰদানৰ দাবী কৰা হৈছিল।

গ) গছ কটাৰ ঠিকা বাহিৰৰ অঞ্চলৰ লোকক দিয়াৰ পৰিৱৰ্তে স্থানীয় লোকক দিব লাগে বুলি নাই কৰিছিল ৷ এনেবোৰ দাবী আৰু চৰকাৰ তথা বন বিভাগৰ অমনোযোগিতাৰ ফলতেই চিপক’ আন্দোলন আৰম্ভ হৈছিল।

৫। চিপক’ আন্দোলনৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰ : চিপক’ আন্দোলনৰ প্ৰভাৱ ভাৰতীয় ৰাজনীতিত সুদূৰপ্ৰসাৰী আছিল। চিপক’ শব্দৰ অৰ্থ হ’ল সাৱতি ধৰা। উত্তৰ প্ৰদেশৰ কেইখনমান গাঁৱৰ মহিলাসকলে গছ কটাৰ বিৰুদ্ধে গছবোৰক সাৱটি ধৰি এক অভিনৱ পদ্ধতিৰে প্ৰতিবাদ কৰিছিল। এই বাতৰি সমগ্ৰ দেশতে প্ৰচাৰিত হৈছিল। বিটোরে পৰৱৰ্তী সময়ত এনে ধৰণৰ পৰিৱেশ আন্দোলনৰ বিকাশত সহায় কৰিছিল। তদুপৰি এই আলোচন মহিলাসকলৰ অংশগ্রহণেও বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। এই মহিলাৰ দ্বাৰা আন্দোলন সূচনা কৰাৰ ক্ষেত্ৰত বহুখিনি উদ্‌গনি যোগাইছিল। এই আন্দোলনৰ ফলশ্রুতিতে চৰকাৰে হিমালয় অঞ্চলত গছ কটাটো নিষিদ্ধ ঘোষণা কৰিছিল। যি কি নহওক, চিপক’ আন্দোলনে ভাৰতত পৰিৱেশ আন্দোলনৰ বাট মুকলি কৰিছিল বুলি ক’ব পাৰি ৷

৬। ৯০ ৰ দশকত অন্ধ্ৰপ্ৰদেশত আৰম্ভ হোৱা সুৰা-বিৰোধী আন্দোলনটোৰ (Anti-Arrack Movement) বিষয়ে চমুকৈ লিখা।

উত্তৰ : ১৯৯০ চনৰ প্ৰথমভাগত অন্ধ্ৰপ্ৰদেশৰ নীলৰ (Nellore) জিলাৰ এখন গাঁৱত মহিলাসকলে  আৰাক (Arrack) নামৰ সুৰাবিধৰ বিক্ৰীৰ বিৰুদ্ধে প্রতিবাদ আৰম্ভ কৰে। মহিলাসকলে সংগঠিত হৈ তেওঁলোকৰ চুবুৰীত সেই সুৰাবিধৰ বিক্ৰী বন্ধ কৰিছিল। তেওঁলোকৰ মতে সেই সুৰাবিধৰ বিক্ৰীয়ে মহিলাসকলক বেছিকৈ ক্ষতি কৰিছিল ৷ কাৰণ, পৰিয়ালৰ পুৰুষজনে সেই সুৰা সেৱন কৰি মহিলাৰ ওপৰত অত্যাচাৰ কৰাৰ লগতে কাম-বন কৰাৰ পৰাও বিৰত আছিল। এনে অৱস্থাত মহিলাসকলৰ জীৱনলৈ বিপর্যয় নামি আহিছিল। গতিকে তেওঁলোকৰ অঞ্চলটোক সুৰাৰ আক্ৰান্তৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে সকলো সুৰাৰ দোকান বন্ধ কৰিবলৈ প্ৰবল আন্দোলন গঢ়ি তুলিছিল। ই মূলতঃ সুৰাবিৰোধী আন্দোলন আছিল যদিও অন্য কিছুমান বিষয়ো পোহৰলৈ আনিছিল। ঘৰুৱা পৰিৱেশত মহিলাৰ নিৰ্যাতন, গ্রাম্য ঋণগ্রস্ততা আদি বিষয়বোৰ এই আন্দোলনৰ সময়তে আলোচিত হৈছিল। মুঠৰ ওপৰত ই সুৰাবিৰোধী আন্দোলন হৈ নাথাকি বৃহত্তৰ নাৰী আন্দোলনৰ এক অংশ হৈ পৰিছিল।

৭। নর্মদা বচাও আন্দোলনে কিয় নর্মদা উপত্যকাত বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰিছিল?

উত্তৰ : নর্মদা বচাও আন্দোলন মূলতঃ নর্মদা উপত্যকাত প্ৰস্তাৱিত বান্ধ প্রকল্প (Dam Project) বিৰোধিতা কৰি আৰম্ভ হৈছিল। নর্মদা নদীত নিৰ্মাণ কৰিবলগীয়া বান্ধৰ বিৰোধিতা কৰাৰ মূল কাৰণ আছিল— বান্ধ নিৰ্মাণৰ ফলত প্ৰত্যক্ষ বা পৰোক্ষভাৱে ক্ষতিগ্ৰস্ত হ’বলগীয়া লোকসকলৰ সঠিক ক্ষতিপূৰণ আৰু সংস্থাপনৰ দাবী। তদুপৰি বান্ধ নিৰ্মাণ প্ৰক্ৰিয়াত স্থানীয় লোকৰ অংশগ্রহণ সুনিশ্চিত নকৰালৈকে বান্ধ প্ৰকল্পৰ বিৰোধিতা কৰিছিল।

৮। দলিত পেন্থাৰে (Dalit Panthers) কোনবোৰ বিষয় উত্থাপন কৰিছিল ?

উত্তৰ : দলিত পেন্থাৰচ্ হ’ল ১৯৭২ চনত মহাৰাষ্ট্ৰত দলিত যুৱকসকলৰ দ্বাৰা গঠিত এটা সশস্ত্র সংগঠন। ভাৰতীয় সংবিধানে সকলোকে সমতা আৰু স্বাধীনতাৰ অধিকাৰ প্ৰদান কৰা সত্ত্বেও দলিতসকলে সদায় অন্যায় আৰু অসমতাৰ বলী হ’বলগীয়া বিষয়টো দলিত পেন্থাৰচে উত্থাপন কৰিছিল। তদুপৰি ভাৰত চৰকাৰে সূচনা কৰা সংৰক্ষণ আৰু সামাজিক সেৱাৰ আঁচনি ৰূপায়ণৰ দাবীও দলিত পেন্থাৰ চে উত্থাপন কৰিছিল ৷

Rise of New Social Movements Class 12 MCQ

৯। সামাজিক আন্দোলনসমূহে গণতন্ত্রক সবল কৰে বুলি ভাবা নেকি? তোমাৰ সমৰ্থনত যুক্তি দিয়া ।

উত্তৰ : কিছুমানৰ মতে গণ আন্দোলন আৰু প্ৰতিবাদৰ দৰে সামূহিক কাৰ্যই চৰকাৰৰ কাৰ্যক্ৰমণিকাত বাধা জন্মোৱাৰ লগতে সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াটো অযথা পলম কৰে। এনে কাৰ্য গণতন্ত্ৰৰ কাৰ্যকাৰিতাৰ বাবেও শুভ নহয় বুলি এইচাম লোকে ক’ব খোজে। কিন্তু এনেধৰণৰ মন্তব্য গ্রহণযোগ্য নহয় । কাৰণ, আন্দোলন আৰু প্ৰতিবাদৰ দৰে সামূহিক কাৰ্যই জনসাধাৰণক একত্ৰিত কৰাৰ লগতে তেওঁলোকৰ মাজত ৰাজনৈতিক সচেতনতাও বৃদ্ধি কৰে। নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে সচেতন হোৱাটো গণতন্ত্ৰৰ সাফল্যৰ বাবে জৰুৰী। তদুপৰি গণতন্ত্ৰৰ সফলতাৰ অন্যতম চৰ্ত জনমত গঠনতো আন্দোলন আৰু প্ৰতিবাদে সহায় কৰে বুলি ক’ব পাৰি। গতিকে এনেধৰণৰ আন্দোলনে গণতন্ত্রক শক্তিশালী কৰিছে বুলিহে ক’ব পাৰি । Rise of New Social Movements || Class 12 Political Science

১০। চিপকো আন্দোলন কোনখন ৰাজ্যত আৰম্ভ হৈছিল?

উত্তৰ : উত্তৰাখণ্ডত।

১২। নামদেও ধাচাল কোন আছিল ?

উত্তৰ : মাৰাঠী বিপ্লৱী কবি ।

১৩। কৃষকসকলৰ যিকোনো সংগঠন এটাৰ নাম উল্লেখ কৰা ৷

উত্তৰ : ভাৰতীয় কৃষক সংঘ।

১৪। NFF-ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : National Fish Worker’s Forum.

১৫। কোনখন জিলাত আৰাক বিৰোধী আন্দোলন আৰম্ভ হৈছিল ?

উত্তৰ : অন্ধ্ৰপ্ৰদেশৰ নেলোৰ জিলাত।

১৬। MKSS-ৰ সম্পূর্ণ অর্থ লিখা।

উত্তৰ : Mazdoor Kishan Sakti Sangathan.

১৭। কেতিয়া তথ্য জনাৰ অধিকাৰ আৰম্ভ হৈছিল ?

উত্তৰ : ২০০৫ চনত।

১৮। দলিত পন্থাৰ আদৰ্শ কি আছিল?

উত্তৰ : সমাজৰ পৰা জাতি প্ৰথা আঁতৰ কৰা ।

১৯। নর্মদা বচাও আন্দোলনৰ নেতাগৰাকীৰ নাম কি আছিল ?

উত্তৰ : মেধা পাটকাৰ

২০। ভাৰতীয় কিষাণ ইউনিয়নৰ নেতাজনৰ নাম কি আছিল ?

উত্তৰ : মহেন্দ্ৰ সিং টিকাইট।

২১। চিপকো আন্দোলনৰ এটা বৈশিষ্ট্য লিখা ।

উত্তৰ : গছ কটা বন্ধ কৰি পাৰিপাৰ্শ্বিকতা আন্দোলন গঢ়ি তোলা ।

২২। কোনটো সংগঠনে তথ্য জনাৰ অধিকাৰ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ : মজদুৰ কিষাণ শক্তি সংগঠনে।

২৩। সংবিধানৰ কোনটো সংশোধনীয়ে ৰাজনৈতিক বিষয়ত মহিলাসকলক সংৰক্ষণৰ অনুমোদন দিছিল ?

উত্তৰ : ৭৩ তম আৰু ৭৪ তম সংশোধনী।

২৪। কোন চনত সৰ্বভাৰতীয় কিষাণ সভা গঠন কৰা হৈছিল?

উত্তৰ : ১৯৮০ চনত।

২৫। POW মানে কি ?

উত্তৰ : Prisonar of War.

২৬। নেলোৰ জিলাত (আৰাক) কিমানবাৰ নিলামৰ সভা স্থগিত ৰাখিছিল ?

উত্তৰ : সোতৰবাৰ ৷

২৭। শুদ্ধ নে অশুদ্ধ লিখা।

(ক) বাণিজ্য শ্রমিক আন্দোলনৰ সৈতে কিছুমান সামাজিক বিবাদ জড়িত।

উত্তৰ : শুদ্ধ।

(খ) কৃষক আন্দোলন দলীয় ভিত্তিত গঠিত আন্দোলন।

উত্তৰ : অশুদ্ধ।

(গ) স্বেচ্ছাসেৱী সংগঠনবোৰে দলীয় ৰাজনীতিৰ পৰা আঁতৰত থকাটো পছন্দ কৰা নাছিল।

উত্তৰ : অশুদ্ধ।

(ঘ) ড° বি আৰ আম্বেদকাৰ দলিত সম্প্ৰদায়ৰ লোক আছিল?

উত্তৰ : শুদ্ধ।

(ঙ) ভাৰতীয় সংবিধানে অস্পৃশ্যতা নিষিদ্ধ কৰিছে?

উত্তৰ : শুদ্ধ।

(চ) যুধবীৰ সিং ভাৰতীয় কিষাণ ইউনিয়নৰ মুখ্য নেতা আছিল।

উত্তৰ : শুদ্ধ।

(ছ) মদ্যপানৰ কুপ্ৰভাৱৰ দ্বাৰা মহিলাসকল আটাইতকৈ বেয়াভাৱে ক্ষতিগ্ৰস্ত হৈছিল।

উত্তৰ : শুদ্ধ।

(জ) তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ জুন মাহৰ পৰা বলৱৎ হৈছিল।

উত্তৰ : শুদ্ধ

(ঝ) চিপকো আন্দোলন আছিল গছকটা বন্ধ কৰি পৰিৱেশ ৰক্ষা কৰা আন্দোলন।

উত্তৰ : শুদ্ধ

২৮। চিপক’ আন্দোলন ক’ত আৰম্ভ হৈছিল ?

উত্তৰ : উত্তৰ প্ৰদেশৰ (বৰ্তমান উত্তৰাখাণ্ড)ৰ এখন গাঁৱত।

২৯। ভাৰতত নাৰী আন্দোলনৰ পিতৃ বুলি কাক কোৱা হয়?

উত্তৰ : পণ্ডিত ৰামা বাই (Pandit Rama Bai )

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা “টেলিগ্রাম চেনেল” ত জইন হওক “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

৩০। কিমান চনত সৰ্বভাৰতীয় কৃষক সভা (All India Kisan Sabha) প্ৰতিষ্ঠা হৈছিল?

উত্তৰ : ১৯৩৬ চনত ।

৩১। কিমান চনত সৰ্বভাৰতীয় কৃষক সভা (All India Kisan Sabha) বিভাজিত হৈছিল?

উত্তৰ : ১৯৬৪ চনত।

৩২। অন্ধ্ৰপ্ৰদেশত সূচনা হোৱা Anti Arrack Movement কিহৰ লগত জড়িত আছিল ?

উত্তৰ : সুৰাৰ বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা।

৩৩। মেধা পাটেকাৰ কোনটো আন্দোলনৰ লগত জড়িত?

উত্তৰ : নর্মদা বচাও আন্দোলন।

৩৪। মণ্ডল আয়োগ কেতিয়া প্ৰতিষ্ঠা হৈছিল ?

Rise of New Social Movements Class 12 PDF

উত্তৰ : ১৯৭৯ চনত ।

৩৫। মণ্ডল আয়োগে ভাৰত চৰকাৰক কেতিয়া ইয়াৰ প্ৰতিবেদন দাখিল কৰিছিল ?

উত্তৰ : ১৯৮০ চনত ।

৩৬। মণ্ডল আয়োগৰ প্ৰতিবেদন ৰূপায়িত কৰাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল ?

উত্তৰ : ভি. পি. সিং।

৩৭। দলিত পেন্থাৰচ্ কেতিয়া গঠিত হৈছিল ?

উত্তৰ : ১৯৭২ চনত ।

৩৮। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অস্পৃশ্যতাক নিষিদ্ধ ঘোষণা কৰা হৈছিল ?

উত্তৰ : ১৭ নং অনুচ্ছেদত।

৩৯। চিপক’ আন্দোলনৰ মূল হোতা কোন আছিল ?

উত্তৰ : সুন্দৰলাল বহুগুনা ৷

৪০। ক’ত আৰু কেতিয়া দলিত পেন্থাৰ গঠন কৰা হৈছিল ?

উত্তৰ : ১৯৭২ চনত মহাৰাষ্ট্ৰত দলিত পেন্থাৰ গঠন হৈছিল।

৪১। দলিত পেন্থাৰ প্ৰধান দাবী কি আছিল?

উত্তৰ : হিন্দু বর্ণবাদী ব্যৱস্থা নোহোৱা কৰি দলিতসকলক মুক্তি দিয়া।

৪২। চিপকো আন্দোলনৰ মূল কাৰণ কি আছিল?

উত্তৰ : বনাঞ্চলত বন বিভাগে ঠিকাদাৰৰ জৰিয়তে বনানি ধ্বংস কৰাৰ কাৰ্যক প্ৰতিৰোধৰ কৰি বনাঞ্চলৰ অধিকাৰ নিজৰ হাতলৈ অনাটো আছিল চিপকো আন্দোলনৰ মূল কাৰণ।

৪২। দলিতসকলৰ বিষয়ে কোনে কবিতা ৰচনা কৰিছিল? ইয়াৰ তাৎপর্য কি লিখা।

উত্তৰ : মাৰাঠী কবি নামদেও ধাছালে দলিতসকলৰ বিষয়ে কবিতা লিখিছিল। ইয়াৰ তাৎপৰ্য হ’ল বৰ্ণভিত্তিক বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে প্রতিবাদ।

৪৩। চিপকো আন্দোলনৰ মুখ্য দিশটো কি আছিল ?

উত্তৰ : বনাঞ্চল ধ্বংস বন্ধ কৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰাটোৱে আছিল চিপকো আন্দোলনৰ অন্যতম মুখ্য দিশ।

৪৪। কৃষকৰ দুটা সংগঠনৰ নাম লিখা ।

উত্তৰ : ভাৰতীয় কিষাণ ইউনিয়ন, কৰ্ণাটকত ৰায়ত সংঘ। Rise of New Social Movements || Class 12 Political Science

৪৫। চৰ্দাৰ সৰোবৰ প্ৰকল্প কি?

উত্তৰ : নর্মদা আৰু ইয়াৰ উপনদীসমূহত নিৰ্মাণ কৰিবলৈ লোৱা বহুমুখী বান্ধ প্রকল্পকে চৰ্দাৰ সৰোবৰ প্রকল্প বুলি জনা যায়। এই প্ৰকল্পৰ জৰিয়তে বৃহৎ জলবিদ্যুৎ উৎপাদনৰ আঁচনি লোৱা হৈছিল যাৰ দ্বাৰা সম্ভাৱনাময় ভৱিষ্যতৰ ক্ষতিৰ বাবে প্ৰতিবাদ আন্দোলন গঢ়ি তোলা হৈছিল। Assam Study Centre

৪৬। নর্মদা বচাও আন্দোলন কি?

উত্তৰ : দক্ষিণ ভাৰতৰ নমদা নদীত নিৰ্মাণ কৰিবলৈ লোৱা বহুমুখী বান্ধৰ বিৰুদ্ধে গঢ়ি তোলা আন্দোলনেই হৈছে নর্মদা বচাও আন্দোলন। এই বান্ধৰ দ্বাৰা বৃহৎ জলবিদ্যুৎ উৎপাদন আঁচনিৰ দ্বাৰ হ’বপৰা ক্ষতিক বাধা প্ৰদান কৰিবৰ বাবে গঢ়ি তোলা আন্দোলনেই হ’ল এই আন্দোলনৰ মুখ্য উদ্দেশ্য।

৪৭। SEWA মানে কি বুজা? এই সংগঠনটো কেতিয়া স্থাপন কৰা হৈছিল ?

উত্তৰ : Society for Empowered Women Association.

৪৮। দলীয় ভিত্তিত পৰিচালিত কেইটামান আন্দোলনৰ নাম লিখা ।

উত্তৰ : জাতীয়তাবাদী আন্দোলন, নক্সালবাদী আন্দোলন আৰু সাম্যবাদী আন্দোলন ৷

৪৯। উত্তৰ ভাৰতত ভাৰতীয় কিষাণ ইউনিয়ন আন্দোলনৰ সমান্তৰালকৈ গঢ়ি উঠা আন্দোলনৰ দৰে দক্ষিণ ভাৰতত কি আন্দোলন গঢ়ি উঠিছিল?

উত্তৰ : উত্তৰ ভাৰতত গঢ়ি উঠা ভাৰতীয় কিষাণ ইউনিয়ন আন্দোলনৰ দৰে দক্ষিণ ভাৰততো নর্মদা চা আন্দোলনে গা কৰি উঠিছিল। এই বান্ধৰ দ্বাৰা বৃহৎ জলবিদ্যুৎ উৎপাদন আঁচনিৰ দ্বাৰা হ’বপৰা ক্ষতিক বাধা প্ৰদান কৰিবৰ বাবে সকলো জনগণ একগোট হৈ ইয়াৰ পৰা হ’ব পৰা ক্ষতিক ৰক্ষা কৰাই ইয়া মুখ্য লক্ষ্য আছিল।

৫০। জনপ্রিয় আন্দোলন (popular movement) মানে কি বুজা?

উত্তৰ : সামাজিক সমস্যা তথা সমাজৰ বৃহত্তৰ স্বাৰ্থ পূৰণৰ বাবে সমাজৰ অধিকাংশ লোক একত্ৰিত হৈ গঢ়ি তোলা আন্দোলনকে জনপ্রিয় আন্দোলন বুলি অভিহিত কৰা হয়।

৫১। দলীয় আৰু দলবিহীন আন্দোলনৰ বিষয়ে লিখা।

উত্তৰ : (ক) দলীয় আন্দোলনে নিৰ্বাচনত যোগদান কৰিব নোৱাৰে কিন্তু ৰাজনৈতিক দলৰ সৈতে সম্পৰ্ক থাকে। আনহাতে, দলবিহীন আন্দোলনকাৰী ৰাজনীতিৰ বাহিৰত থাকে।

(খ) দলীয় আন্দোলনে বিভিন্ন দাবীসমূহ ৰাজনৈতিক দলৰ দ্বাৰা পূৰণ কৰিব বিচাৰে। আনহাতে, দলবিহীন আন্দোলনে জনসাধাৰণৰ ভূমিকাৰ দ্বাৰা দাবীসমূহ পূৰণ কৰিব বিচাৰে।

(গ) দলীয় আন্দোলনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলন হিচাপে গঢ়ি উঠে। আনহাতে, দলবিহীন আন্দোলনে আন্তঃৰাষ্ট্ৰীয় সাহাৰ্য আৰু সমৰ্থন লাভ কৰিবলৈ সক্ষম হয়।

৫২। ভাৰতীয় কিষাণ ইউনিয়নৰ বিষয়ে লিখা।

উত্তৰ : বিভিন্ন কৃষি ভিত্তিক সমস্যা সমাধানৰ বাবে ভাৰতীয় কৃষক ইউনিয়ন সংঘ গঠন কৰা হয়। এই আন্দোলনৰ ভেটিতে বিভিন্ন সমাৱেশ, ধৰ্ণা, কাৰাগাৰ বৰণ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছিল। এটি আনুষ্ঠানিক অনুষ্ঠান হিচাপে ই কৃষিভিত্তিত সমস্যাৱলীৰ সমাধানৰ বাবে একত্ৰিত হৈ ওলাই আহিছিল। এক প্ৰভাৱশালী গোষ্ঠীৰ দৰে ই ৰাজনীতিতো নামি পৰিছিল। Rise of New Social Movements || Class 12 Political Science

৫৩। দলিত পেন্থাৰে কেনেধৰণৰ বিষয় সমাধান কৰিবৰ বাবে দাবী জনাইছিল ?

উত্তৰ : (ক) এই পেন্থাৰ জৰিয়তে সকলো নিপীড়িত লোক তথা ভূমিহীন কৃষক আৰু চহৰ অঞ্চলৰ ঔদ্যোগিক খণ্ডৰ শ্ৰমিকসকলক দলিতসকলৰ সৈতে সংগঠিত কৰি তেওঁলোকৰ ওপৰত কৰা অত্যাচাৰ বিৰোধিতা কৰাৰ দাবী জনাইছিল।

(খ) বৰ্ণবাদী ধাৰণা দূৰ কৰি দলিতসকলৰ ওপৰত বৃদ্ধি পোৱা উৎপীড়নৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধ আন্দোলন গঢ়ি তোলা। বর্ণবাদী হিন্দু সমাজে পাশৱিকভাৱে দলিতসকলৰ ওপৰত কৰা অত্যাচাৰক মষিমূৰ কৰা আছিল অন্যতম লক্ষ্য।

৫৪। ‘চিপক’ আন্দোলন’ কি আছিল ?

উত্তৰ : 1972 চনত উত্তৰ প্ৰদেশৰ তেহৰি গাৰৱাল জিলাৰ এখন সৰু গাঁৱত চিপক’ আন্দোলন আৰম্ভ হৈছিল। মূলতঃ বনাঞ্চল ধ্বংসকৰণ ৰোধ কৰিবৰ বাবে মহিলাসকলে গছবোৰ সাৱটি (চিপক’) এক অভিনৱ পদ্ধতিৰে প্ৰতিবাদ আৰম্ভ কৰিছিল।

৫৫। ‘চৰ্দাৰ সৰোবৰ প্ৰকল্প’ কি আছিল ?

উত্তৰ : নর্মদা নদী আৰু মধ্য প্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ মাজেৰে বৈ যোৱা ইয়াৰ উপনৈসমূহত বান্ধ নিৰ্মাণৰ বহু উদ্দেশ্যপ্রণোদিত মেগা প্রকল্পটোৱেই আছিল চৰ্দাৰ সৰোবৰ প্ৰকল্প। এই প্ৰকল্পৰ প্ৰতিবাদস্বৰূপেই নর্মদা বচাও আন্দোলন আৰম্ভ হৈছিল।

৫৬। নর্মদা বচাও আন্দোলন কি ?

উত্তৰ : নর্মদা বচাও আন্দোলন হ’ল নর্মদা নদী ইয়াৰ কাষৰীয়া অঞ্চলত বাস কৰা জনসাধাৰণ প্ৰকৃতিৰ ৰক্ষণাবেক্ষণৰ বাবে গঢ়ি উঠা এক পৰিৱেশ আন্দোলন। ই নর্মদা নদীৰ ওপৰত নির্মিত বান্ধ প্ৰকল্পৰ বিৰোধিতা কৰি আহিছে।

৫৭। গণ আন্দোলন ( Popular Movement) বুলিলে কি বুজা ?

উত্তৰ : গণ আন্দোলন হ’ল বিভিন্ন সামাজিক গোট যেনে, কৃষক, মহিলা, ছাত্ৰ আৰু দলিত সকলে নিজ দাবী আৰু আশা-আকাংক্ষা পূৰণৰ বাবে গঢ়ি উঠা আন্দোলনক বুজা যায়। চিপক’ আন্দোলন, নর্মদা বচাও আন্দোলন এনে গণ আন্দোলনৰ উদাহৰণ।

৫৮। দুটা গণ আন্দোলনৰ উদাহৰণ দিয়া।

উত্তৰ :

(ক) চিপক’ আন্দোলন

(খ) নর্মদা বচাও আন্দোলন

৫৯। মহিলা সৰলীকৰণ বুলিলে কি বুজা ?

উত্তৰ : মহিলা বা নাৰী সবলীকৰণ বুলি ক’লে মহিলাসকলৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক উন্নয়নৰ এক বহুমুখী প্রক্রিয়াক বুজা যায় ৷

৬০। দলিত পেন্থাৰচ্ বিষয়ে চমুকৈ লিখা ।

উত্তৰ : ১৯৭২ চনত মহাৰাষ্ট্ৰত দলিত যুৱকসকলৰ দ্বাৰা গঠিত সশস্ত্র সংগঠনটোক Dalit Panthers নামেৰে জনা গৈছিল। এই সংগঠনটোৱে ৰাজ্যখনৰ বিভিন্ন স্থানত দলিত লোকৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল ।

৬১। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণৰ কাৰণে ভাৰত চৰকাৰে গ্ৰহণ কৰা দুটা ব্যৱস্থা উল্লেখ কৰা ৷

উত্তৰ : (ক) সংসদ, ৰাজ্যিক বিধানসভা আৰু স্থানীয় নিকায়সমূহত অনুসূচিত জাতি আৰু জনজাতিৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে।

(খ) চৰকাৰী চাকৰি আৰু শিক্ষানুষ্ঠানতো এই দুটা শ্ৰেণীৰ মানুহৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ।

প্রশ্নঃ ৬২। মণ্ডল আয়োগ কি আৰু কিহৰ কাৰণে বিখ্যাত হৈছিল ?

উত্তৰ : ১৯৭৯ চনত ভাৰত চৰকাৰে অন্যান্য পিছপৰা শ্ৰেণীসমূহ (OBC) চিনাক্ত কৰি তেওঁলোকৰ কল্যাণৰ বাবে পৰামর্শ দিবলৈ এখন আয়োগ গঠন কৰি দিছিল। B. P. Mandal ৰ অধ্যক্ষতাত গঠিত এই আয়োগকে মণ্ডল আয়োগ বুলি জনা গৈছিল। এই আয়োগে আগবঢ়োৱা পৰামৰ্শবোৰ কাৰ্যকৰী কৰাৰ পিছতেই সংৰক্ষণ-বিৰোধী বিক্ষোভৰো সূত্ৰপাত হৈছিল। Rise of New Social Movements || Class 12 Political Science

৬৩। অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST) বুলিলে কি বুজা ?

উত্তৰ : ভাৰতৰ সংবিধানত কিছুমান জাতিক সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা বুলি চিনাক্ত কৰা হৈছে। সেই তালিকাত লিপিৱদ্ধ জাতিবোৰক অনুসূচিত জাতি আৰু জনজাতি বুলি কোৱা হয় ।

৬৪। দলিত পেন্থাৰে কিয় গণমুখী কাৰ্যসূচী হাতত লৈছিল ?

উত্তৰ : আইনগত অস্পৃশ্যতাৰ নীতি বৰ্জন কৰাটো ভাৰতীয় সংবিধানত গৃহীত হৈছিল আৰু সেয়ে সংবিধানত জাতি-ধর্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে কাৰণে সমান অধিকাৰ প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি সমাজৰ অৱহেলিত তথা দলিতসকলৰ প্ৰগতিৰ স্বাৰ্থত সংবিধান বলৱৎ কৰা হৈছিল। কিন্তু সংবিধানে প্ৰদান কৰা অধিকাৰক অতিক্ৰম কৰি দলিতসকলৰ ওপৰত চলি থকা বৰ্ণবাদী হিন্দু সমাজৰ নিপীড়নৰ কাৰ্য অন্ত নপৰিল । বিভিন্ন ৰাজহুৱা স্থানত দলিতসকলৰ প্ৰৱেশ আগৰ দৰেই নিষিদ্ধ হৈয়ে ৰ’ল। উচ্চ বৰ্ণৰ লোকৰ ছাঁ গচকিলে অপৰাধ কৰা বুলি শাস্তিৰ সন্মুখীন হ’ব লগা হ’ল এই দলিতসকল লোকৰ। ইয়াৰ উপৰি তেওঁলোকে ৰাজহুৱা পথ ব্যৱহাৰ কৰিবলৈ বাধা প্ৰদান কৰা হৈছিল আৰু উচ্চবৰ্ণৰ আইন প্ৰণয়নৰ পিছতো দলিতসকলে পূৰ্বৰ দৰেই বিভিন্ন সমস্যাৰ লৈ জীয়াই থাকিব লগা হ’ল। সেয়ে দলিতসকলৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে সকলো দলিত লোকৰ দ্বাৰা একত্ৰিত হৈ ১৯৭২ চনত মহাৰাষ্ট্ৰত দলিত পেন্থাৰ নামৰ এটা বিদ্ৰোহী সংগঠন গঠন কৰিলে। হিন্দু বর্ণবাদী ব্যৱস্থা নোহোৱা কৰা, ভূমিহীন কৃষক আৰু চহৰাঞ্চলৰ ঔদ্যোগিক খণ্ডৰ শ্ৰমিকসকলক দলিতসকলৰ লগত সংগঠিত কৰা, দলিতসকলৰ ওপৰত বৃদ্ধি পোৱা উৎপীড়ন প্ৰতিৰোধ কৰা আদিয়ে আছিল ইয়াৰ মূল লক্ষ্য।

৬৫। ভাৰতীয় কৃষক সংঘৰ দাবীসমূহ উল্লেখ কৰা।

উত্তৰ : ভাৰতীয় কৃষক ইউনিয়নে চৰকাৰক বিভিন্ন ধৰণৰ দাবী উত্থাপন কৰিছিল। সেই সমূহৰ ভিতৰত আছিল— কৃষিভিত্তিক বিভিন্ন সমস্যাসমূহ সমাধানৰ বাবে জনপ্রিয় আন্দোলন গঢ়ি তোলা, বিদ্যুৎ নিৰিখ অথবা মূল্য হ্ৰাস কৰা, কুঁহিয়াৰ আৰু গাখীৰৰ মূল্য বৃদ্ধি কৰা, নলা-নৰ্দমাৰ বাবে পঞ্জাৱৰ কৃষকসকলে চৰকাৰক দিবলগীয়া কৰৰ বাতিলকৰণ ব্যৱস্থা হাতত লোৱা, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত পর্যাপ্ত চৰকাৰী সাহাৰ্য প্ৰদান কৰা, উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ ক্ষেত্ৰত চৰকাৰে দায়িত্ব গ্ৰহণ কৰা আদিয়ে আছিল এই কিষাণ ইউনয়নৰ মূল দাবী। ইয়াৰ উপৰি জাতি ভিত্তিক আন্দোলন গঢ়ি তুলি কৃষকসকলক আর্তিক সমস্যাসমূহ দূৰ কৰি তেওঁলোকে যাতে বিভিন্ন শোভাযাত্রা, জনসমাৱেশ, কাৰাগাৰ বৰণ আদিৰ প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা একত্ৰিত হৈ চৰকাৰক দাবী জনাইছিল।

৬৬। চিপকো আন্দোলনৰ দাবীসমূহ কি আছিল ?

উত্তৰ : ১৯৭০ চনত ভাৰতত বননি সংৰক্ষণৰ বাবে চিপকো আন্দোলন গঢ়ি উঠিছিল। বন বিভাগে ঠিকাদাৰৰ জৰিয়তে বনাঞ্চল ধ্বংসৰ বাবে চলোৱা কাৰ্যক প্ৰতিৰোধ কৰি বনাঞ্চলৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে গঢ়ি তোলা প্ৰতিৰোধ কাৰ্যসূচীয়ে আছিল এই আন্দোলনৰ মূল উদ্দেশ্য ইয়াৰ উপৰি এই আন্দোলনে জীৱিকাৰ উৎস হিচাপে বনাঞ্চলক লক্ষ্য কৰি লোৱা কাৰ্যৰ বিৰোধিতা কৰিছিল। বিভিন্ন সময়ত বনানী ধ্বংস কৰি পাৰিপাৰ্শ্বিকতা অনিষ্ট কৰা কাৰ্যক ৰোধ কৰিবলৈ এই আন্দোলন আগবাঢ়ি আহিছিল। তদুপৰি ভূমি, পানী, বনাঞ্চল আদি প্ৰাকৃতিক সম্পদৰ ওপৰত হল লোকৰ অধিকাৰ সাব্যস্ত কৰা, বনাঞ্চলৰ ওপৰত ভিত্তি কৰি ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে স্থানীয় লোকৰ অনুমতি প্ৰদানৰ দ্বাৰা স্থানীয় লোকৰ পৰিৱেশ বিনষ্ট নকৰাকৈ জনগণৰ তথা অঞ্চলটোৰ বিকাশ সাধন কৰা আদিয়ে মূল দাবী আছিল। Rise of New Social Movements || Class 12 Political Science

৬৭। নর্মদা বচাও আন্দোলনে কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল ?

উত্তৰ : মেধা পাটকাৰৰ নেতৃত্বত নর্মদা বচাও আন্দোলন গঢ়ি উঠিছিল। চৰকাৰে নর্মদা নদীৰ ওপৰত স্থাপন কৰিবলৈ লোৱা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা নর্মদা নদীৰ উপত্যকাত বসবাস কৰা লোকন জীৱন আৰু জীৱিকাৰ প্ৰতি সৃষ্টি হ’বপৰা ভয়াৱহতাৰ পৰা ৰক্ষা পাবলৈ এই আন্দোলন গা কৰি উঠিছিল। ১৯৮৬ চনত মহাৰাষ্ট্ৰত ‘নর্মদা বান্ধৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকৰ সমিতি’ গঠন হৈছিল। এই আন্দোলনে বিভিন্ন দাবীসমূহ উত্থাপন কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্যকৌশল প্রয়োগ কৰি নদীবান্ধৰ দ্বাৰা প্ৰভাৱিত বিষয়টো ৰাষ্ট্ৰীয় পর্যায়লৈ পৰ্যবসিত কৰিছিল। বিশ্ব বেংকে নদীবান্ধৰ বাবে প্ৰদান কৰা সকলোবোৰ সাহাৰ্য এই আন্দোলনৰ প্ৰভাৱতে বন্ধ কৰি দিছিল।

৬৮। N.F.F. এ কি বুজায় ? মৎস্য কৰ্মীসকলে জীৱনৰ প্ৰতি কেনেধৰণৰ ভাবুকিৰ সন্মুখীন হৈছিল?

উত্তৰ : N.F.F. – National Fish Forum. ভাৰতৰ পূব আৰু পশ্চিম এলেকাসমূহত বহু পৰিয়ালৰ মাছ ধৰাটো এক অতীতৰ পৰা চলি থকা জীৱিকাৰ মাধ্যম অৱলম্বন কৰি আহিছে। বিশেষকৈ ৭০ আৰু ৮০ দশকত ভাৰত চৰকাৰে এই মাছমৰীয়াসকলৰ মাছ ধৰাৰ যি কৌশল আছিল তাক যান্ত্ৰিক আৰু আধুনিকীকৰণেৰে কৰিবলৈ চেষ্টা কৰা হৈছিল৷ মাছমৰীয়াসকলে কিন্তু এই যান্ত্ৰিক আৰু আধুনিকীকৰণক বিৰোধিতা কৰিছিল। তেওঁলোকে চৰকাৰৰ আৰ্থিক স্বতন্ত্ৰতাৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ত বিপ্লৱ কৰিছিল। ১৯৯১ চনত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আইনসন্মত যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু বিশ্বৰ বিভিন্ন সংগঠনৰ লগ হৈ পৰিৱেশ আৰু মাছমৰীয়াসকলৰ জীৱন আৰু জীৱিকাৰ ৰক্ষণাবেক্ষণৰ দিয়াৰ বাবে যুদ্ধ কৰিছিল।

৬৯। মহিলা সবলীকৰণ নীতিৰ (২০০১ চন) চাৰিটা উদ্দেশ্যে লিখা ।

উত্তৰ : মহিলা সবলীকৰণ নীতি ২০০১ৰ চাৰিটা বৈশিষ্ট্য হ’ল—

(ক) লিংগ বৈষম্য আঁতৰ কৰা।

(খ) সমমর্যাদা প্ৰদান কৰা ৷

(গ) অৰ্থনৈতিক স্বাৱলম্বিতা অৰ্জন কৰা।

(ঘ) ৰাজনৈতিক ক্ষমতা প্ৰদান কৰা ৷

৭০। মহিলাৰ সামাজিক মর্যাদাৰ ওপৰত এটি চমু টোকা লিখা। Rise of New Social Movements || Class 12 Political Science

উত্তৰ : সকলো ফালৰ পৰা ভাৰতীয় মহিলাসকলে পুৰুষৰ সমানে সকলো অধিকাৰ লাভ কৰিছে যদিও প্ৰকৃততে মহিলাসকলে পুৰুষৰ সমানে সকলো দিশত সমান মর্যাদা লাভ কৰিবলৈ সক্ষম হোৱা নাই । এই ক্ষেত্ৰত বিভিন্ন অন্ধবিশ্বাস, কু-সংস্কাৰ সম্বলিত কিছুমান ধাৰণাই মহিলাসকলক স্বাধীনভাৱে জীৱন-ধাৰণত বাধাৰ সৃষ্টি কৰিছে। সতীদাহ প্রথা, কন্যা শিশু হত্যা, বাল্য বিবাহ, যৌতুক প্রথা আদি বিভিন্ন ধাৰণাসমূহক ভাৰত চৰকাৰে নীতিগতভাৱে নিষিদ্ধ কৰিছে যদিও বহু ক্ষেত্ৰত মহিলাকসকল পশ্চিমীয় দেশৰ নাৰীৰ দৰে মুক্ত আৰু স্বাধীন হ’বলৈ সক্ষম হোৱা নাই। কিয়নো ভাৰতৰ বিভিন্ন অঞ্চলত এতিয়াও যৌতুক প্রথা অৱলম্বন কৰা, বহুতো নাৰীয়ে স্বামীৰ দ্বাৰা শাৰীৰিক, মানসিক যন্ত্ৰণাৰ লগতে হত্যাৰ দৰে ঘটনাৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াৰ উপৰি তেওঁলোকে বিভিন্ন ক্ষেত্ৰসমূহত প্রাথমিক শিক্ষা, স্থানীয় নিকায় আদিত নাৰীৰ বিশেষ সুবিধা প্রদানে এতিয়াও নাৰীক সবলীকৰণ কৰিব পৰা নাই ৷

৭১। মহিলা সবলীকৰণৰ উপায় হিচাপে সংসদ আৰু ৰাজ্যিক বিধানসভাত আসন সংৰক্ষণৰ দাবীটো পর্যালোচনা কৰা।

উত্তৰ : মহিলা সবলীকৰণ ধাৰণাৰ দ্বাৰাই মহিলাসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ উপৰি ৰাজনৈতিকভাৱেও বিশেষ সুবিধা প্ৰদানৰ দ্বাৰা তেওঁলোকক শক্তিশালী কৰি তোলাটোকে বুজায়। এই ক্ষেত্ৰত গণতান্ত্রিক দেশ এখনৰ পুৰুষৰ লগতে মহিলাসকলকো সমান ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিব লাগিব। মহিলাসকলক ৰাজনৈতিক দিশত আগুৱাই নিবলৈ তেওঁলোকৰ অধিকাৰসমূহ সফল প্রয়োগ কৰি তুলিবলৈ সংবিধানৰ ৭৩ নং আৰু ৭৪ নং সংশোধনীৰ জৰিয়তে পঞ্চায়ত আৰু স্থানীয় নিকায়সমূহত মহিলাৰ কাৰণে দুই-তৃতীয়াংশ আসন সংৰক্ষণ কৰি ইয়াৰ দ্বাৰা সংসদ আৰু ৰাজ্যিক বিধান মণ্ডলবোৰতো ঠিক একেদৰে মহিলাৰ বাবে আসন সংৰক্ষণ কৰিব লাগিব। তেতিয়াহে মহিলাৰ সবলীকৰণ সৃষ্টিত সংসদ আৰু ৰাজ্যিক বিধানমণ্ডলে কাৰ্যকৰী কৰিবলৈ সক্ষম হ’ব।

৭২। ভাৰতীয় কিষাণ ইউনিয়নৰ অৰ্থনৈতিক দাবীৰো আলোচনা কৰা ৷

উত্তৰ : ভাৰতীয় কিষাণ ইউনিয়নৰ অৰ্থনৈতিক দাবীসমূহ আছিল কৃষি ভিত্তিক। সকলো দলিত, কৃষক, শ্রমিক একগোট হৈ এই আন্দোলনটো সক্ৰিয় কৰিবলৈ ওলাই আহিছিল। এই আন্দোলনত শোভাযাত্রা, জনসমাৱেশ, ধৰ্ণা, কাৰাগাৰ বৰণ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ চৰকাৰক দাবী জনাই আহিছে। বিভিন্ন আৰ্থিক সমস্যাৰ ক্ষেত্ৰত এই আন্দোলনে সক্রিয় অংশগ্ৰহণ কৰিছিল। ফলত প্ৰভাৱশালী গোষ্ঠীৰ ৰাজনীতিত ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাত সহায়ক হৈছিল।

৭৩। চিপকো আন্দোলনৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি অশুদ্ধ।

(ক) গছ কটাত বাধা দিয়াৰ উদ্দেশ্যে এক পৰিৱেশ আন্দোলন।

(খ) পৰিৱেশ আৰু অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে প্রশ্ন উত্থাপন কৰা ।

(গ) সুৰাপানৰ বিৰুদ্ধে মহিলা আন্দোলন।

(ঘ) প্রাকৃতিক সম্পদৰ ওপৰত স্থানীয় সম্প্ৰদায়ৰ নিয়ন্ত্ৰণৰ বাবে দাবী জনোৱা । Rise of New Social Movements || Class 12 Political Science

উত্তৰ : (খ) আৰু (গ )

৭৪। ১৯৭০ চনৰ আৰম্ভণিত চিপকো আন্দোলনৰ কাৰণবোৰ চিনাক্ত কৰা। ইয়াৰ প্ৰভাৱসমূহ কি আছিল ?

উত্তৰ : গছক সাৱটি ধৰি অৰণ্য তথা গছ ৰক্ষাৰ বাবে অহিংস পদ্ধতিৰে আন্দোলন গঢ়ি তোলা আদিক লৈ এই আন্দোলন গঢ়ি উঠিছিল ৷ বন বিষয়াৰ সহযোগত ঠিকাদাৰে গছ কাটি বনানী ধ্বংস কৰা আৰু চুবুৰীয়া পৰিৱেশ বিনষ্ট কৰা আদি কাৰ্য ৰোধ কৰিবৰ বাবে আৰু বনাঞ্চলৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে এই আন্দোলন গঢ়ি উঠিছিল। ইয়াৰ উপৰি গছ সাৱটি ধৰা অথবা পৰিৱেশ- নাৰীবাদ নামেৰে গঢ়ি উঠা এই আন্দোলনে বনাঞ্চলৰ ওচৰে-পাঁজৰে থকা লোকসকলৰ জীৱন- জীৱিকাৰ উৎসৰ ওপৰত জনসাধাৰণৰ অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰয়াস কৰিছিল। ভাৰতৰ বিভিন্ন স্থানত সামাজিক বিষয় আৰু সমস্যা সমাধানৰ উদ্দেশ্যে সামাজিক আন্দোলন আৰু গণ প্রতিবাদ সাব্যস্ত কৰিবলৈ এই আন্দোলনে উদ্‌গনি জনাইছিল।

৭৫। আৰাক বিৰোধী আন্দোলনটোক মহিলা আন্দোলন বুলি ভাবানে? কাৰণ উল্লেখ কৰা।

উত্তৰ : ভাৰতীয় কৃষক ইউনিয়নে তেওঁলোকৰ দাবীসমূহ পূৰণৰ বাবে কৃষক আন্দোলন গঢ়ি তোলাৰ সময়তে অন্ধ্রপ্রদেশত মহিলাসকলে সুৰাপানৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী আন্দোলন গঢ়ি তুলিছিল ইয়াকে আৰাক আন্দোলন বুলি জনা যায়। ১৯৯০ চনত অন্ধ্ৰপ্ৰদেশৰ নেলো জিলাৰ অন্তৰ্গত গাঁৱত মহিলাসকলে সুৰাপান বিৰোধী এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। তেওঁলোকে প্রাপ্তবয় শিক্ষা অভিযানত অংশগ্ৰহণ কৰি শ্ৰেণীত শিক্ষাৰ লগতে মহিলাৰ সমস্যা আলোচনা কৰোঁতে বহু মহিলাই সুৰাপায়ীসকলৰ শাৰীৰিক, মানসিকভাৱে অত্যাচাৰৰ বলি হ’বলগা হৈছিল। ফলত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আন্দোলনে গা কৰি উঠিছিল। এনে আন্দোলনে সমগ্র দেশতে বিয়পি পৰিছিল আৰু আন্দোলনৰ দ্বাৰা মহিলাসকলে ৰাজনীতি আৰু অপৰাধৰ মাজৰ সম্পৰ্ক উদঙাই দিবলৈ সক্ষম হৈছিল। মহিলাসকলে সম্পত্তি অধিকাৰ আৰু স্ত্ৰীধনৰ ব্যৱস্থা উলংঘন নীতিৰ বিৰোধিতাৰে আন্দোলনত জপিয়াই পৰিছিল। এই আন্দোলনত ৰাজনীতিত মহিলাসকলৰ আসন সংৰক্ষণৰ বাবেও দাবী কৰিছিল।

৭৬। দলিত পেন্থাৰ দাবীবোৰ কি আছিল?

উত্তৰ : ভাৰতীয় সংবিধানে আইনগতভাৱে অস্পৃশ্যতাৰ নীতি বৰ্জনৰ যি নিয়ম বান্ধি দিছিল সেই নীতিত জাত-পাতৰ ভিত্তিত যিকোনো লোকৰ বিৰুদ্ধে বৈষম্য আচৰণ কৰাটো সংবিধানে নিষিদ্ধ কৰিছিল। কিন্তু সংবিধানে অৱহেলিত লোকসকলৰ প্ৰগতিৰ স্বাৰ্থত বলৱৎ কৰা এই নীতিক অতিক্ৰমী দলিতসকলৰ ওপৰত বৰ্ণবাদী হিন্দু সমাজৰ নিপীড়ন তথা উৎপীড়ন চলাইছিল। ৰাজহুৱা স্থানত দলিতসকলৰ মুক্তপ্ৰৱেশ নিষিদ্ধ কৰিছিল। কিন্তু এই সকলোবোৰ দূৰ কৰিবৰ বাবে দলিত পেন্থা গঠন কৰি কিছুমান দাবী এনেদৰে গ্ৰহণ কৰা হৈছিল :

(ক) বৰ্ণবাদী ধাৰণা দূৰ কৰি দলিতসকলৰ ওপৰত বৃদ্ধি পোৱা উৎপীড়নৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধ আন্দোলন গঢ়ি তোলা । বর্ণবাদী হিন্দু সমাজে পাশৱিকভাৱে দলিতসকলৰ ওপৰত কৰা অত্যাচাৰক মষিমূৰ কৰা আছিল অন্যতম লক্ষ্য।

(খ) এই পেন্থাৰ জৰিয়তে সকলো নিপীড়িত লোক তথা ভূমিহীন কৃষক আৰু চহৰ অঞ্চলৰ ঔদ্যোগিক খণ্ডৰ শ্ৰমিকসকলক দলিতসকলৰ সৈতে সংগঠিত কৰি তেওঁলোকৰ ওপৰত কৰা অত্যাচাৰ বিৰোধিতা কৰাৰ দাবী জনাইছিল।

৭৭। মণ্ডল আয়োগৰ পৰামৰ্শসমূহ কি লিখা।

উত্তৰ : ভাৰতীয় ৰাজনীতিত সৃষ্টি হোৱা জাতিভিত্তিক হিংসা-প্রতিহিংসাৰ জুয়ে আৱৰি পেলাইছিল। এনে সময়তে বিশ্বনাথ প্রতাপ সিংহৰ নেতৃত্বত ‘নেশ্যনেল ফ্ৰণ্ট’ চৰকাৰৰ দ্বাৰা মণ্ডল আয়োগৰ পৰামৰ্শৱলী বলৱৎ কৰা হৈছিল। ১৯৭৭-৭৯ চনত মোৰাৰজী দেশাইৰ নেতৃত্বাধীন জনতা চৰকাৰে এই আয়োগৰ পৰামৰ্শৱালী দাঙি ধৰিছিল। এই পৰামৰ্শৱালী অনুসৰি চৰকাৰী তথা ৰাজহুৱা প্ৰতিষ্ঠানৰ ২৭ শতাংশ চাকৰি পিছপৰা জাতিসমূহৰ বাবে সংৰক্ষিত হ’ব লাগে। ইয়াৰ উপৰি পিছপৰা শ্ৰেণীৰ লোকসকলে ৰাজনৈতিক দল গঠনৰ সুবিধা পায়। তদুপৰি বিভিন্ন প্ৰশাসনিক আৰু ৰাজনৈতিক ক্ষেত্ৰতো পিছপৰা, শ্ৰেণীৰ লোকসকলে বিশেষ সুবিধা লাভ কৰে।

৭৮। নামদেও ধালে কোন আছিল? শ্ৰেণী সংগ্ৰামৰ বিষয়ে কেইশাৰীমান লিখা।

উত্তৰঃ নামদেও ধালে ভাৰতৰ দলিত সম্প্ৰদায়ৰ সপক্ষে মাত মতা এগৰাকী মাৰাঠী বিপ্লৱী কবি আছিল ৷ হিন্দু ব্যৱস্থাৰে উচ্চ জাতিৰ প্ৰাধান্যতা আৰু উৎপীড়নৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিবলৈ ধাছালে উৎসাহ দিছিল। শ্ৰেণী সংগ্ৰাম হ’ল ধনী আৰু দুখীয়া তথা মালিক আৰু শ্ৰমিকৰ মাজত দেখা দিয়া দুই পক্ষীয় সংগ্রাম। মালিকসকলে শ্রমিকসকলক শোষণ কৰা আৰু এই শোষণৰ পৰা মুক্তি পাবলৈ শ্ৰমিকসকল একগোট হৈ ইয়াৰ বিৰুদ্ধে সংগ্ৰাম গঢ়ি তোলাই এই সংগ্ৰামৰ মূল লক্ষ্য আছিল। হিন্দু ধৰ্মৰ উচ্চ জাতি আৰু নিম্ন জাতিৰ মাজত হোৱা সংঘৰ্ষই আছিল শ্রেণী সংগ্ৰামৰ অন্যতম কাৰণ।

৭৯। নর্মদা বচাও আন্দোলনে নর্মদা উপত্যাকৰ নদীবান্ধ প্ৰকল্পৰ কিয় বিৰোধিতা কৰিছিল ?

উত্তৰ : মেধা পাটকাৰৰ নেতৃত্বত ১৯৮৮-৮৯ চনত নর্মদা বচাও আন্দোলনে গা কৰি উঠিছিল। বিশেষকৈ এই আন্দোলনে চৰকাৰে হাতত লোৱা বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে গ্ৰহণ কৰা এক সামূহিক প্ৰতিবাদৰ কাৰ্যসূচী তথা আন্দোলন আছিল। মধ্য প্ৰদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ লোকসকল এই বৃহৎ নর্মদা নদী বান্ধৰ দ্বাৰা হ’ব পৰা ক্ষতিৰ শংকা কৰি এই আন্দোলন বিস্তৃত ৰূপত গঢ়ি উঠিছিল এই নদী বান্ধৰ ফলত প্রায় ২৪৫ খন গাঁও জলমগ্ন হোৱাৰ উপৰি হাজাৰ হাজাৰ লোক ক্ষতিগ্রস্ত হোৱাৰ শংকা হৈছিল। মেধা পাটকাৰে নমদাৰ আন্দোলনক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তাৎক্ষণিক সফলতা লাভ কৰিছিল। এই ক্ষেত্ৰত বৰ্তমান সমগ্ৰ ভাৰতবৰ্ষতে এই নদীবান্ধৰ বিৰুদ্ধে সজাগ হৈ পৰিছে।

৮০। প্রতিবাদী আন্দোলনে গণতন্ত্রক শক্তিশালী কৰেনে? যুক্তি দশোৱা।

উত্তৰ : গণতান্ত্রিক আন্দোলনে দেশৰ সকলো জনসাধাৰণৰ অংশগ্ৰহণৰ লগতে সকলোৰে স্বাৰ্থ সুৰক্ষিত কৰাত গুৰুত্ব প্ৰদান কৰে। ঠিক একেদৰে গণতান্ত্ৰিকভাৱে প্ৰতিবাদী আন্দোলন গঢ়ি তোলা মানে অৱহেলিত আৰু উপেক্ষিত তথা শোষিত লোকৰ স্বাৰ্থৰক্ষাৰ বাবে সহায় আগবঢ়োৱাকে বুজায়। উদাহৰণস্বৰূপে এই ক্ষেত্ৰত দলিত পেন্থাৰচৰ আন্দোলনকে উনুকিয়াব পাৰি। উচ্চ হিন্দু ধৰ্মই দলিতসকলক বিভিন্ন ক্ষেত্ৰত কৰি অহা শোষণ, অত্যাচাৰ আদিৰ বাবে এই পেন্থাৰচ সকলে এক গণতান্ত্রিক আন্দোলন গঢ়ি তুলিছিল। গণতান্ত্রিক শাসন ব্যৱস্থাক প্ৰতিবাদী আন্দোলনে এক নতুন সক্রিয় ভূমিকা আগবঢ়ায়। ভাৰতবৰ্ষত বিভিন্ন সময়ত গঢ়ি উঠা এনে আন্দোলনৰ ফলত জনগণৰ নিজৰ অধিকাৰৰ প্ৰতি সচেতন হোৱাত সহায় কৰি আহিছে। এই গণ আন্দোলনে চৰকাৰৰ স্বেচ্ছাচাৰিতা ৰোধ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। উদাহৰণস্বৰূপে চিপকো আন্দোলনে উত্তৰ প্ৰদেশ চৰকাৰৰ জনস্বার্থবিৰোধী কাৰ্য ৰোধ কৰাৰ ক্ষেত্ৰত সমগ্র বিশ্বতে এক আলোড়ন সৃষ্টি কৰাত সফল হৈছে। এই আন্দোলনে সমগ্ৰ ভাৰতীয় নাৰী সমাজক ব্যাধি আৰু কুসংস্কাৰৰ বিৰুদ্ধে থিয় দিয়াত সহায় কৰিছে

৮১। ভাৰতত মহিলাসকলৰ আন্দোলনৰ বিষয়ে এখন ৰচনা লিখা ।

উত্তৰ : ভাৰতত কৃষক ইউনিয়নে গঢ়ি তোলা আন্দোলনৰ পৰিপ্ৰেক্ষিততে বিভিন্ন ধৰণৰ দাবীসমূহ তেওঁলোকে উত্থাপন কৰি চৰকাৰৰ পৰা সুবিধা আদায় কৰিবলৈ উঠি-পৰি লাগিছিল। তেনে সময়তে অন্ধ্ৰপ্ৰদেশত মহিলাসকলে সুৰাপানৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল। এই আন্দোলনক আৰাক বিৰোধী আন্দোলন বোলা হয়। অন্ধ্রপ্রদেশৰ বহুত ভিতৰুৱা জিলা নেলোৰ এখন গাঁৱত, মহিলাসকলে ১৯৯০ চনৰ আগভাগত প্রাপ্তবয়ষ্ক শিক্ষা অভিযানত অংশগ্ৰহণ কৰিছিল। শ্ৰেণীত শিক্ষাৰ লগতে মহিলাৰ সমস্যাৰ আলোচনা কৰোঁতে, বহুসংখ্যক মহিলাক স্থানীয় সুৰাপান কৰি মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলোৱা কথাটো সকলো মহিলাই বিৰোধিতা কৰিছিল। যাৰ ফলত অর্থনীতিত বহুতো ক্ষতিগ্ৰস্ত হৈছিল। এই আন্দোলনত মেধা পাটকাৰ, ইলা ভাট অৰুন্ধতী ৰয়, কিৰণ বেদী আদি বহুতো মহিলাই গুৰি ধৰিছিল। ২০০১ চনত চৰকাৰে ৰাষ্ট্ৰীয় মহিলা সবলীকৰণৰ নীতি গ্ৰহণ কৰে আৰু ২০০৫ চনত ঘৰুৱা হিংসাৰ বিৰুদ্ধে মহিলাৰ অধিকাৰী সম্পৰ্কীয় আইন প্ৰৱৰ্তন কৰি সমগ্ৰ ভাৰততে মহিলাসকলৰ ওপৰত অধিকাৰ সাব্যস্ত কৰে।

৮২। ভাৰতৰ জনসাধাৰণ বা সামাজিক আন্দোলনবোৰে কেনেদৰে গণতন্ত্ৰক শক্তিশালী কৰিছে? ‘ইয়াৰ সীমাৱদ্ধতাসমূহ কি ?

উত্তৰ : গণতান্ত্রিক আন্দোলনে দেশৰ সকলো জনসাধাৰণৰ অংশগ্ৰহণৰ লগতে সকলোৰে স্বাৰ্থ সুৰক্ষিত কৰাত গুৰুত্ব প্ৰদান কৰে। এই আন্দোলনৰ দ্বাৰা অৱহেলিত আৰু উপেক্ষিত তথা শোষিত লোকৰ স্বাৰ্থৰক্ষাৰ বাবে সহায় আগবঢ়োৱাকে বুজায়। উদাহৰণস্বৰূপে এই ক্ষেত্ৰত দলিত পেন্থাৰচৰ আন্দোলনকে উনুকিয়াব পাৰি। উচ্চ হিন্দু ধর্মই দলিতসকলক বিভিন্ন ক্ষেত্ৰত কৰি অহা শোষণ, অত্যাচাৰ আদিৰ বাবে এই পেন্থাচ সকলে এক গণতান্ত্রিক আন্দোলন গঢ়ি তুলিছিল। গণতান্ত্রিক শাসন ব্যৱস্থাক প্রতিবাদী আন্দোলনে এক নতুন সক্রিয় ভূমিকা আগবঢ়ায়। ভাৰতবৰ্ষত বিভিন্ন সময়ত গঢ়ি উঠা এনে আন্দোলনৰ ফলত জনগণৰ নিজৰ অধিকাৰৰ প্ৰতি সচেনত হোৱাত সহায় কৰি আহিছে। এই গণ আন্দোলনে চৰকাৰৰ স্বেচ্ছাচাৰিতা ৰোধ কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে! উদাহৰণস্বৰূপে চিপকো আন্দোলনে উত্তৰ প্ৰদেশ চৰকাৰৰ জনস্বার্থবিৰোধী কাৰ্য ৰোধ কৰাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে এক আলোড়ন সৃষ্টি কৰাত সফল হৈছে। এই আন্দোলনে সমগ্ৰ ভাৰতীয় নাৰী সমাজক ব্যাধি আৰু কুসংস্কাৰৰ বিৰুদ্ধে থিয় দিয়াত সহায় কৰিছে।

৮৩। নর্মদা বচাও আন্দোলন কি? ইয়াৰ বিৰুদ্ধে কেনেকুৱা সমালোচনা উত্থাপন হৈছিল ?

উত্তৰ : নর্মদা নদীবান্ধৰৰ ওপৰত ভিত্তি কৰি নর্মদা বচাও আন্দোলন গঢ়ি তোলা হৈছিল । এই আন্দোলনৰ নেতৃত্ব দিছিল মেধা পাটকাৰে। চৰকাৰে বিকাশৰ আঁচনি হাতত লৈ বৃহৎ নদীবান্ধ নিৰ্মাণৰ জৰিয়তে মধ্য প্রদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰত নর্মদা নদীত বৃহৎ জলবিদ্যুৎ উৎপাদনৰ বাবে প্ৰকল্প প্রস্তুত কৰিছিল। কিন্তু এই বান্ধৰ পৰা হ’বপৰা ক্ষতিৰ শংকাত সকলোৱে বান্ধ বিৰোধী আন্দোলন গঢ়ি তুলিছিল। এই আন্দোলনে সাধাৰণ লোকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি আহিব পাৰে বুলি সকলোৱে ভয় খাইছিল। ১৯৮৬ চনত মহাৰাষ্ট্ৰ ‘নর্মদা বান্ধৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকৰ সমিতি’, একেদৰে ‘চৰ্দাৰ সৰোবৰ প্ৰকল্প’ আকৌ ১৯৮৯ চনত সকলো সংগঠন লগ হৈ নর্মদা বচাও আন্দোলনৰ জন্ম দিয়ে। মেধা পাটকাৰৰ নেতৃত্বত গঢ়ি উঠা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই আন্দোলনে নদীবান্ধ বিৰোধী আন্দোলন শক্তিশালী কৰি তুলিছে। এই বান্ধ বিৰোধী আন্দোলনে সাধাৰণ ৰাইজৰ বৃহৎ স্বার্থ ৰক্ষাৰ বাবে প্ৰয়াস কৰে আনফালে চৰকাৰী পক্ষই আন্দোলন প্রগতিবিৰোধী আন্দোলন বুলি অভিহিত কৰে। ইয়াৰ উপৰি এই আন্দোলন খৰাংপীড়িত জনগণৰ স্বাৰ্থৰ পৰিপন্থী বুলিও সমালোচনা কৰে। Rise of New Social Movements || Class 12 Political Science

৮৪। অৰাজনৈতিক আন্দোলনৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ : এই অৰাজনৈতিক আন্দোলনৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে ক্ৰমেঃ

(ক) এই আন্দোলনৰ সৈতে কোনো ৰাজনৈতিক দলৰ সৈতে প্ৰত্যক্ষ সম্পর্ক নাই।

(খ) নিৰ্বাচনক কেন্দ্ৰ কৰি এই আন্দোলন গঢ়ি উঠা নাই। সাধাৰণ জনগণৰ স্বাৰ্থৰ লগতহে এই আন্দোলন প্রত্যক্ষভাৱে জড়িত।

(গ) এই আন্দোলনৰ দাবীসমূহ কোনো ৰাজনৈতিক দলৰ জৰিয়তে পূৰণ কৰাৰ পৰিৱৰ্তে জনগণৰ দ্বাৰা সবল জনমত গঠন কৰাৰ চেষ্টা কৰে।

(ঘ) সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক চৰিত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে অৰাজনৈতিক দলসমূহে।

(ঙ) এই আন্দোলনত জনসাধাৰণৰ জীৱন-জীৱিকাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰা হয়।

(চ) এই আন্দোলনৰ দ্বাৰা ভাৰতবৰ্ষত গান্ধীবাদী প্রতিবাদী কাৰ্যসূচীক শান্তিপূৰ্ণ আৰু অধিক প্ৰাসংগিক কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ৷

৮৫। অন্ধ্ৰ প্ৰদেশৰ আৰাক বিৰোধী আন্দোলনে দেশৰ কিছুমান গুৰুত্বপূৰ্ণ সমস্যাৰ প্ৰতি বিশেষ মনোযোগ আকৰ্ষণ কৰিছিল। এই সমস্যাসমূহ কি আছিল ?

উত্তৰ : ভাৰতীয় কৃষক ইউনিয়নে কৃষকসকলক লৈ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। ঠিক তেনে সময়তে অন্ধ্ৰপ্ৰদেশত মহিলাসকলে সুৰাপানৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী আন্দোলনত লিপ্ত হৈছিল। এই আন্দোলনে অন্ধ্ৰপ্ৰদেশৰ ভিতৰুৱা জিলা নেলোৰৰ এখন গাঁৱত মহিলাসকলে প্রাপ্তবয়ষ্ক শিক্ষা অভিযানৰ জৰিয়তে শ্ৰেণীত শিক্ষাৰ লগতে মহিলাৰ সমস্যাৰ আলোচনা কৰোঁতে বহুসংখ্যক মহিলাই, তেওঁলোকক, স্থানীয় সুৰাপান কৰি মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলোৱা কথাটোক মহিলাসকলে বিৰোধিতা কৰিছিল। সেয়ে মহিলাসকল একগোট হৈ আৰাকৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনৰ মূল উদ্দেশ্য আৰাক ব্যৱসায় বন্ধ কৰি শান্তি স্থাপন কৰাত গুৰুত্ব দিছিল। ইফালে সংবিধানে উল্লেখ কৰা সম্পত্তিৰ অধিকাৰ আৰু স্ত্রীধনৰ ব্যৱস্থাৰ উলংঘা কৰাৰ বিষয়তো এই আন্দোলনে গুৰুত্ব প্ৰদান কৰিছিল।

৮৬। সামাজিক আন্দোলন মানে কি বুজা? এই আন্দোলন আৰু ৰাজনৈতিক আন্দোলনৰ মাজত থকা পার্থক্য উল্লেখ কৰা ৷

উত্তৰ : যি আন্দোলনে গণতান্ত্ৰিকভাৱে দেশৰ সকলো জনসাধাৰণৰ অংশগ্ৰহণৰ লগতে সকলোৰে স্বাৰ্থ সুৰক্ষিত কৰাত গুৰুত্ব প্ৰদান কৰে তেনে আন্দোলন সামাজিক আন্দোলনৰ অন্তৰ্ভুক্ত কৰা হয় ৷ দেশৰ অৱহেলিত আৰু উপেক্ষিত তথা শোষিত লোকৰ স্বাৰ্থৰক্ষাৰ বাবে এই আন্দোলনে কাম কৰে ৷ সামাজিক আন্দোলন আৰু ৰাজনৈতিক আন্দোলনৰ মাজত কিছুমান পার্থক্য দেখা যায়। সেই সমূহ বিশেষকৈ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি ৷

(ক) সামাজিক আন্দোলনৰ জৰিয়তে সামাজিক সমস্যাসমূহ সমাধান অথবা সমাজত স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। আনহাতে ৰাজনৈতিক আন্দোলন ৰাজনৈতিক দলৰ সৈতে প্রত্যক্ষ সম্পর্ক থাকে।

(খ) নির্বাচনক কেন্দ্ৰ কৰি সামাজিক আন্দোলন নহয়। ই সাধাৰণৰ জনগণৰ স্বাৰ্থৰ বাবে গঢ়ি উঠে। আনহাতে, ৰাজনৈতিক আন্দোলন জনগণৰ স্বাৰ্থৰ লগত প্ৰত্যক্ষভাৱে জড়িত ।

(গ) এই আন্দোলনৰ দাবীসমূহ কোনো ৰাজনৈতিক দলৰ জৰিয়তে পূৰণ কৰাৰ পৰিৱৰ্তে জনগণৰ দ্বাৰা সবল জনমত গঠন কৰাৰ চেষ্টা কৰে। আনহাতে, ৰাজনৈতিক আন্দোলন সাধাৰণতে পৰিলক্ষিত নহয়

(ঘ) সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক চৰিত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে অৰাজনৈতিক দলসমূহে। কিন্তু ৰাজনৈতিক আন্দোলনে ৰাষ্ট্ৰৰ বিৰুদ্ধে এক বিশেষ দিশৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰে ।

(ঙ) সামাজিক আন্দোলনত জনসাধাৰণৰ জীৱন-জীৱিকাৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ দিশসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰা হয়। আনহাতে চৰকাৰে এই বিষয়সমূহৰ বিশ্লেষণাত্মক ব্যাখ্যা দাঙি ধৰি আন্দোলনকাৰীসকলক প্ৰদান কৰিব লাগে।

(চ) এই আন্দোলনৰ দ্বাৰা ভাৰতবৰ্ষত গান্ধীবাদী প্ৰতিবাদী কাৰ্যসূচীক শান্তিপূৰ্ণ আৰু অধিক প্ৰাসংগিক কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়৷ আনহাতে, ৰাজনৈতিক আন্দোলনে হিংসাত্মক ৰূপ ল’ব পাৰে ৷

৮৭। কৃষক সংগঠন কি? ভাৰতত এই সংগঠনৰ ভূমিকাৰ বিষয়ে লিখা।

উত্তৰ : কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে সংঘৱদ্ধভাৱে চেষ্টা কৰা কোনো গোট বা সংঘ গঠন কৰা গোটকে কৃষক সংগঠন বুলি কোৱা হয়। ইংৰাজ শাসনৰ সময়ত ভাৰতৰ কৃষকসকলে তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ বাবে সংঘৱদ্ধ হৈ সংগ্ৰাম কৰিবলৈ আৰম্ভ কৰিছিল। ১৯৭০ চনৰ কৃষিখণ্ডত এটা শক্তিশালী শ্রেণী সংগঠিত হ’বলৈ ধৰে আৰু ১৯৮০ ৰ দশকত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰবোৰ কৃষি নীতিয়ে এই কৃষক শ্ৰেণীটোৰ স্বাৰ্থত নেতিবাচক প্ৰভাৱ পেলোৱাৰ ফলশ্ৰুতিতেই ১৯৮৬ চনত ভাৰতীয় কৃষক সংঘ জন্ম হয়। এই সংগঠনে অৰাজনৈতিকভাৱে কাম কৰি কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে সহায় কৰি আহিছে। এনেদৰে হাৰিয়ানাৰ দৰে ৰাজ্যতো ১৯৮০ চনত কংগ্ৰেছ দল পতন আৰু অন্য ৰাজনৈতিক দলৰ উত্থানত এই সংঘই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ২০০৬ চনৰ অসমৰ বিধান সভাৰ নিৰ্বাচনৰ পাছত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসমৰ উদ্যোগত আমাৰ তিনিখন জিলা ক্ৰমে নগাঁও, গোলাঘাট আৰু ধেমাজিত ভূমি অধিকাৰৰ দাবীত জংগী আন্দোলন গঢ়ি উঠে।

৮৮। ভাৰতত পৰিৱেশ আন্দোলনৰ বিকাশ সম্পর্কে চমুকৈ লিখা ।

উত্তৰ : চিপক’ আন্দোলনক ভাৰতত পৰিৱেশ আন্দোলনৰ বাটকটীয়া বুলি কোৱা হয়। কাৰণ চিপক’ আন্দোলনতেই পোনপ্ৰথমে পৰিৱেশৰ অৱক্ষয়ৰ বিৰুদ্ধে সজাগতাৰ সৃষ্টি হৈছিল। ১৯৭০ চনত উত্তৰ প্ৰদেশৰ কেইখনমান গাঁৱত সূচনা হৈ পিছত অন্য ঠাইলৈও সম্প্ৰসাৰিত হোৱা চিপক’ আন্দোলনৰ যোগেদি বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলন গঢ়ি তোলা হৈছিল। প্ৰতিবাদকাৰী মহিলাসকলে গছ কটা বন্ধ কৰিবৰ বাবে গছবোৰক সাৱটি এক অভিনৱ পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই ঘটনাবোৰে বিভিন্ন ঠাইত বাতৰি কাকতৰ যোগেদি প্ৰচাৰিত হোৱাৰ পিছত অন্য ঠাইতো আন্দোলনৰ সূচনা হোৱাত উদ্‌গনি যোগাইছিল। চিপক’ আন্দোলনৰ নিচিনাকৈ বান্ধ বিৰোধী আন্দোলন যেনে, নর্মদা বচাও আন্দোলনেও ভাৰতত পৰিৱেশ আন্দোলনৰ বিকাশত সহায় কৰিছে বুলি ক’ব পাৰি ।

৮৯। মণ্ডল আয়োগৰ ওপৰত এটি চমু টোকা লিখা ।

উত্তৰ : ১৯৭৯ চনত ভাৰত চৰকাৰে অন্যান্য পিছপৰা শ্ৰেণীসমূহ (OBC) চিনাক্ত কৰি তেওঁলোকৰ সৰ্বোদিশৰ উন্নতিৰ বাবে পৰামৰ্শ দিবলৈ এখন আয়োগ গঠন কৰি দিছিল। B. P. Mandal ৰ অধ্যক্ষতাত গঠিত এই আয়োগ মণ্ডল আয়োগ নামেৰে পৰিচিত। আয়োগ ১৯৮০ চনত ইয়াৰ প্ৰতিবেদন চৰকাৰৰ ওচৰত দাখিল কৰিছিল। মণ্ডল আয়োগে আগবঢ়োৱা মূল পৰামৰ্শবোৰ আছিল এনেধৰণৰ —

(ক) চৰকাৰী চাকৰিত ২৭% OBC ৰ বাবে সংৰক্ষণৰ ব্যৱস্থা।

(খ) কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ দ্বাৰা পৰিচালিত বৈজ্ঞানিক, কাৰিকৰী আৰু বৃত্তিগত অনুষ্ঠানত 27% আসন অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা ।

(গ) অন্যান্য পিছপৰা শ্ৰেণীসমূহক বিত্তীয় আৰু কাৰিকৰী সাহায্য প্ৰদানৰ বাবে এক পৃথক বিত্তীয় অনুষ্ঠান গঠনৰ পৰামৰ্শ ।

এই পৰামৰ্শবোৰ সেই সময়ত ভি. পি. সিং চৰকাৰে গ্ৰহণ কৰিছিল আৰু সেইবোৰ কাৰ্যকৰী কৰিবৰ বাবে ১৯৯০ চনৰ ১৩ আগষ্টত আদেশ দিছিল। অৱশ্যে মণ্ডল আয়োগৰ পৰামৰ্শবোৰ কাৰ্যকৰী কৰাৰ প্ৰচেষ্টা হাতত লওঁতেই মণ্ডল বিৰোধী বা সংৰক্ষণবিৰোধী বিক্ষোভ আৰম্ভ হৈছিল।

৯০। সংৰক্ষণৰ বিপক্ষে চাৰিটা যুক্তি দিয়া ।

উত্তৰ : সংৰক্ষণ (Reservation) ব্যৱস্থাৰ বিৰুদ্ধে বহুতো যুক্তি প্ৰদৰ্শন কৰা দেখা যায়। তেনে চাৰিটা যুক্তি হ’ল—

১। জাতিবাদক উৎসাহঃ সংৰক্ষণ ব্যৱস্থা অর্থনৈতিক অৱস্থা বা দৰিদ্ৰতাৰ ওপৰত প্ৰতিষ্ঠিত নহৈ জাতিৰ ওপৰত প্ৰতিষ্ঠিত হোৱা বাবে ই জাতিবাদক উৎসাহিত কৰিছে।

২। নিৰ্ভৰশীলতা বৃদ্ধিঃ সংৰক্ষণ ব্যৱস্থাৰ ফলত অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলৰ মাজত নিৰ্ভৰশীলতা বৃদ্ধি পাইছে। সংৰক্ষণে তেওঁলোকক পৰিশ্ৰমৰ পৰিৱৰ্তে সংৰক্ষণ ব্যৱস্থাটোৰ ওপৰতহে অধিক নিৰ্ভৰশীল কৰি তুলিছে।

৩। সমতা নীতিৰ পৰিপন্থী : সংৰক্ষণ ব্যৱস্থাই সমতা নীতি উলংঘা কৰে । কাৰণ এনে ব্যৱস্থাত কিছুমানৰৰ বাবে বিশেষ সুবিধা তথা ৰেহাইৰ ব্যৱস্থা কৰা হয় ৷

৪। সকলোকে উপকৃত কৰিব পৰা নাইঃ সংৰক্ষণ ব্যৱস্থাই সকলোকে সমানে উপকৃত কৰিব পৰা নাই। এই ব্যৱস্থাৰ সুবিধা কেৱল ধনী বা অর্থনৈতিকভাৱে শক্তিশালীসকলেহে উপভোগ কৰি আহিছে। Rise of New Social Movements || Class 12 Political Science

৯১। National Commission for Scheduled Castes and Scheduled Tribesৰ ওপৰত এটি চমু টোকা লিখা ।

উত্তৰ : ১৯৭৮ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এজন অধ্যক্ষ আৰু তিনিজন সদস্যকলৈ National Commission for SC and ST নামৰ এখন আয়োগ গঠন কৰিছিল। এই আয়োগ গঠনৰ মূল উদ্দেশ্য আছিল অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলক প্ৰদান কৰা সাংবিধানিক সুৰক্ষা সম্পৰ্কত অনুসন্ধান কৰা। ১৯৮৭ চনত ১৯৭৮ চনৰ আয়োগখনক পুনৰ সংগঠিত কৰি National Commission for Scheduled Castes and Scheduled Tribes নামেৰে নামাকৰণ কৰা হয়। এই আয়োগৰ মূল কাৰ্যাৱলী হ’ল এনেধৰণৰ —

১। অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ বাবে সংবিধানে প্ৰদান কৰা সুৰক্ষাসমূহ (Safeguards) সঠিকভাৱে ৰূপায়িত হৈছে নে নাই সেইটো অনুসন্ধান কৰা ।

২। অস্পৃশ্যতাক নিৰ্মূল কৰিবৰ বাবে ১৯৭৬ চনত গ্ৰহণ কৰা Protection of Civil Rights Act ১৯৭৬ ৰ সঠিকভাৱে প্ৰয়োগ কৰা হৈছে নে নাই সেইটো বিচাৰ কৰাটোও আয়োগৰ এটা কাম ৷

৩। অস্পৃশ্যতাক উৎসাহিত কৰা সকলক শান্তি প্ৰদান কৰা হৈছে নে নাই সেই বিষয়ে অনুসন্ধান কৰা ৷

৪। চৰকাৰী সেৱা আৰু শৈক্ষিক অনুষ্ঠানত সংৰক্ষণৰ বিষয়তো ই অনুসন্ধান কৰে।

৫। SC আৰু ST সম্প্ৰদায় লোকৰ বিৰুদ্ধে সংঘটিত অপৰাধও ই অনুসন্ধান কৰে।    

৯২। তথ্য জনাৰ অধিকাৰ আন্দোলনৰ ওপৰত এটি চমু টোকা লিখা।

উত্তৰ : ভাৰতত তথ্য জনাৰ অধিকাৰ আন্দোলনৰ সূচনা হৈছিল ১৯৯০ চনত। ১৯৯০ চনত ৰাজস্থানত Mazdoor Kisan Sahkti Sangathan (MKS) নামৰ এটা সংগঠনে দুৰ্ভিক্ষৰ সময়ত আগবঢ়োৱা সাহায্য আৰু শ্ৰমিকৰ পাৰিশ্ৰমিকৰ তথ্য বিচাৰি পোনপ্ৰথমে এক আন্দোলন আৰম্ভ কৰিছিল। ৰাজস্থানৰ ‘Bhim Tehsil’ নামৰ এটা পিছপৰা অঞ্চৰ গাঁওবাসীয়ে স্কুল, স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ ক্ষেত্ৰত হোৱা অনিয়মৰ অভিযোগ তুলি সেইবোৰৰ সঠিক তথ্য বিচাৰিছিল। ১৯৯৪ আৰু ১৯৯৬ চনত MKSSয়ে ৰাজহুৱা শুনানি (Public hearing) অনুষ্ঠিত কৰি প্ৰশাসনক তেওঁলোকৰ স্থিতি জনসাধাৰণৰ আগত স্পষ্ট কৰিবলৈ দাবী জনাইছিল। আন্দোলনটোৱে কিছু পৰিমাণে সফলতা লাভ কৰিছিল যেতিয়া আন্দোলনকাৰীসকলে Rajasthan Panchayat Act সংশোধন কৰি পঞ্চায়তৰ নথি-পত্ৰ জনসাধাৰণৰ বাবে সহজলভ্য কৰিবৰ বাবে জোৰ দিবলৈ সক্ষম হৈছিল। ১৯৯৬ চনত MKSSয়ে দিল্লীত National Council for Peoples Right to information গঠন কৰি আন্দোলনটোক এক সৰ্বাত্মক ৰূপ প্ৰদানৰ চেষ্টা কৰিছিল। ২০০২ চনত Freedom of Information Act গৃহীত হৈছিল যদিও ই কাৰ্যকৰী নহ’ল। ২০০৪ চনতহে RTI বিলখন সংসদত উত্থাপন হয় আৰু ২০০৫ চনত ই আইনত পৰিণত হয়।    

Leave a Comment

error: Warning, you aare not allowed to copy this element