Join Assam Study Centre Channel

Assamese Daily Current Affairs | APSC

Assamese Daily Current Affairs | APSC. আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত এছিয়ান কাবাডী চেম্পিয়নশ্বিপ ২০২৩, ভাৰতীয় বিমান সংস্থা, ভাৰতীয় পুৰুষ ফুটবল দলৰ ৰেংকিঙ, এক-টেপ-এক-গছ অভিযান, চত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী ইত্যাদি আলোচনা কৰা হৈছে।

১) ১ লাখ কোটি টকাৰ বজাৰ মূলধন লাভ কৰা প্ৰথম ভাৰতীয় বিমান সংস্থা কোনখন?  

ক) স্পাইচ জেট  

খ) এয়াৰ ইণ্ডিয়া  

গ) বিস্তাৰ  

ঘ) ইণ্ডিগো এয়াৰলাইন  

২) শেহতীয়াকৈ প্ৰকাশ পোৱা ফিফা ৰেংকিঙত ভাৰতীয় পুৰুষ ফুটবল দলৰ ৰেংকিঙ কিমান?  

ক) ৯৯ নং  

খ) ১০০ নং  

গ) ১০২ নং  

ঘ) ১০৩ নং  

৩) কোনখন ৰাজ্যত ‘এক-টেপ-এক-গছ’ অভিযান আৰম্ভ কৰা হৈছে?  

ক) উত্তৰ প্ৰদেশ  

খ) মধ্যপ্ৰদেশ  

গ) হিমাচল প্ৰদেশ  

ঘ) অৰুণাচল প্ৰদেশ  

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা “টেলিগ্রাম চেনেল” ত জইন হওক “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

৪) কোনখন ৰাজ্যই জ্যেষ্ঠ ৰাষ্ট্ৰীয় মহিলা ফুটবল চেম্পিয়নৰ খিতাপ লাভ কৰিছিল?  

ক) হাৰিয়ানা  

খ) পশ্চিম বংগ  

গ) তামিলনাডু  

ঘ) কেৰালা  

৫) চত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে?  

ক) অৰ্জুন মুণ্ডা  

খ) গৌৰৱ বল্লভ  

গ) টি এছ সিংদেৱ  

ঘ) শচীন পাইলট  

৬) ২০২৩ চনৰ এছিয়ান কাবাডী চেম্পিয়নশ্বিপৰ খিতাপ কোনখন দেশে লাভ কৰিছিল?  

ক) ভাৰত  

খ) ইৰাণ  

গ) বাংলাদেশ  

ঘ) পাকিস্তান  

৭) অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা শ্ৰীলংকাক বিশ্ব বেংকে কিমান মিলিয়ন মাৰ্কিন ডলাৰ আগবঢ়াইছে?  

ক) ৭০ কোটি  

খ) ৮০ কোটি  

গ) ৯০ কোটি  

ঘ) ১০০ কোটি টকা  

Assamese Daily Current Affairs | APSC উত্তৰসমূহঃ  

১) ইণ্ডিগো বিমান সংস্থা  

ইণ্ডিগ’ৰ মূল কোম্পানী ইণ্টাৰগ্ল’ব এভিয়েশনে ভাৰতৰ ভিতৰতে ১ লাখ কোটি টকাৰ বজাৰ মূলধন অতিক্ৰম কৰা প্ৰথমটো বিমান সংস্থা হিচাপে পৰিগণিত হৈছে। বিশ্বৰ শীৰ্ষ ১০ টা তালিকাভুক্ত বিমান সংস্থাৰ ভিতৰত বজাৰ মূলধনৰ ক্ষেত্ৰত ইণ্ডিগোৰ স্থান দশম। বুধবাৰে কোম্পানীটোৰ শ্বেয়াৰৰ মূল্য ৪% বৃদ্ধি পাই বিএছইত ₹২,৬৩৪.২৫/শ্বেয়াৰৰ অভিলেখ সৃষ্টি কৰে। হাৰিয়ানাৰ গুৰুগ্ৰামত মুখ্য কাৰ্যালয় থকা ইণ্টাৰগ্ল’ব এভিয়েশন লিমিটেড হৈছে কম খৰচী বিমান সংস্থা।  

২) ১০০ নং  

ফিফাৰ শেহতীয়া ৰেংকিঙত ভাৰতীয় পুৰুষ ফুটবল দলটোৱে ১০০ নম্বৰ স্থান লাভ কৰিছে। যোৱা পাঁচ বছৰৰ ভিতৰত এইবাৰ প্ৰথমবাৰৰ বাবে ভাৰতে শীৰ্ষ ১০০ ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ ৰেংকিঙৰ এই উন্নতি হৈছে দলটোৰ শেহতীয়া প্ৰদৰ্শনৰ প্ৰতি লক্ষ্য ৰাখি। জুন মাহত অনুষ্ঠিত হোৱা ইন্টাৰকন্টিনেণ্টেল কাপ আৰু দক্ষিণ এছিয়ান ফুটবল ফেডাৰেচন চেম্পিয়নশ্বিপত ভাৰতে মুঠ ৫খন খেলত জয়লাভ কৰি দুখন মেচত ড্ৰ’ কৰিছিল।  

৩) উত্তৰ প্ৰদেশ  

উত্তৰ প্ৰদেশৰ ৰাজ্য চৰকাৰে অহা ১ জুলাইৰ পৰা ৰাজ্যত ‘এক টেপ-এক গছ’ অভিযান আৰম্ভ কৰিবলৈ ওলাইছে।এই অভিযানৰ অধীনত ৰাজ্যৰ গ্ৰামাঞ্চলত প্ৰতিটো নতুন টেপ সংযোগৰ সৈতে বিনামূলীয়াকৈ গছপুলি বিতৰণ কৰা হ’ব। এই অভিযান আৰম্ভ হোৱাৰ এসপ্তাহৰ ভিতৰত ৫ লাখৰো অধিক গছপুলি বিতৰণ কৰা হ’ব। এই অভিযানৰ উদ্দেশ্য হৈছে গ্ৰাম্য অঞ্চলত খোৱা নলৰ পানী নিশ্চিত কৰাৰ লগতে সেউজ আৱৰণৰ প্ৰসাৰ।  

৪) তামিলনাডু  

তামিলনাডু মহিলা ফুটবল দলে হাৰিয়ানাক পৰাস্ত কৰি ছিনিয়ৰ ৰাষ্ট্ৰীয় মহিলা ফুটবল চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। অমৃতসৰৰ গুৰু নানক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেলত হাৰিয়ানাক ২-১ গ’লত পৰাস্ত কৰি খিতাপ দখল কৰে তামিলনাডুৱে। ২০১৮ চনত শেষবাৰৰ বাবে এই খিতাপ দখল কৰিছিল তামিলনাডুৱে।  

৫) টি এছ সিংদেৱ  

কংগ্ৰেছ দলে টি এছ সিংদেৱক ছত্তীশগড়ৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে টি এছ সিংদেৱক ছত্তীশগড় চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে লোৱাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ৰাজ্যৰ ৰাজনীতিৰ প্ৰেক্ষাপটত গুৰুত্বপূৰ্ণ বুলি বিবেচিত ছত্তীশগড় বিধানসভা নিৰ্বাচন ২০২৩ৰ পূৰ্বে এই সিদ্ধান্ত লোৱা হৈছে। বৰ্তমান ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল।  

৬) ভাৰত  

ফাইনেলত ইৰাণক ৪২-৩২ গ’লত পৰাস্ত কৰি ভাৰতে এছিয়ান কাবাডী চেম্পিয়নশ্বিপ ২০২৩ খিতাপ দখল কৰিছে। দক্ষিণ কোৰিয়াৰ বুছানত আয়োজন কৰা এছিয়ান কাবাডী চেম্পিয়নশ্বিপ ২০২৩। যোৱা ৯টা সংস্কৰণত ভাৰতৰ এয়া আছিল অষ্টমটো খিতাপ। ভাৰতীয় কাবাডী দলৰ পৰৱৰ্তী লক্ষ্য হৈছে চীনৰ হাংঝুত অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত পদক লাভ কৰা।  

৭) ৭০ কোটি  

বৰ্তমানৰ অৰ্থনৈতিক সংকট দূৰ কৰি দৰিদ্ৰ আৰু দুৰ্বল লোকসকলক সকাহ দিয়াৰ বাবে বিশ্ব বেংকে শ্ৰীলংকাক ৭০ কোটি মাৰ্কিন ডলাৰৰ সাহায্য আগবঢ়াইছে। মাৰ্চ মাহত আই এম এফৰ চুক্তিৰ পিছত এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ ফাণ্ডিং ট্ৰেঞ্চ। বৰ্তমান শ্ৰীলংকাই ইতিহাসৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। এই ধনৰ ভিতৰত ৫০ কোটি মাৰ্কিন ডলাৰ বাজেট সহায়ৰ বাবে আৰু ২০ কোটি মাৰ্কিন ডলাৰ সামাজিক সুৰক্ষাৰ বাবে আবণ্টন দিয়া হৈছে।

error: Warning, you aare not allowed to copy this element