Join Assam Study Centre Channel

Daisly Assamese Current Affairs | Assamese G.K.

Daisly Assamese Current Affairs | Assamese G.K. আজিৰ কাৰেণ্ট এফেয়ার্চত শক্তি পৰিৱৰ্তন সূচকাংক ২০২৩, ফিফা ক্লাব বিশ্বকাপ ২০২৩, ৰাষ্ট্ৰসংঘৰ নতুন মহাকাশ পৰিক্ৰমা আদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ আলোচনা কৰা হৈছে।  

১) বিশ্ব অৰ্থনৈতিক মঞ্চই প্ৰকাশ কৰা শক্তি পৰিৱৰ্তন সূচকাংকত ভাৰতৰ স্থান কি?  

ক) ৬৭ নং  

খ) ৬৮ নং  

গ) ৬৯ নং  

ঘ) ৭০ নং  

২) ফিফা ক্লাব বিশ্বকাপ ২০২৩ কোনখন চহৰত আয়োজন কৰা হ’ব?  

ক) ডুবাই  

খ) নতুন দিল্লী  

গ) জেদ্দা  

ঘ) তেহৰাণ  

৩) ৰাষ্ট্ৰসংঘৰ নতুন মহাকাশ পৰিক্ৰমা সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে?  

ক) আৰতি হোলা-মণি  

খ) মীনাক্ষী সিনহা  

গ) নবীন কলৰা  

ঘ) ৰোমা ৰাষ্টোগী  

Daisly Assamese Current Affairs | Assamese G.K.

৪) বিশ্ব ক্ৰিকেটত একেৰাহে ১০০ খন টেষ্ট খেলা প্ৰথমজন বলাৰ কোন?  

ক) পেট কামিন্স  

খ) ৰছিদ খান  

গ) ৰবিচন্দ্ৰন অশ্বিন  

ঘ) নাথান লায়ন  

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা “টেলিগ্রাম চেনেল” ত জইন হওক “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

৫) কোনটো বীমা কোম্পানীয়ে হোৱাটছএপ আৰু ইউ পি আইৰ জৰিয়তে প্ৰিমিয়ামৰ ধন পৰিশোধৰ সুবিধা আৰম্ভ কৰিছে?  

ক) এল আই চি  

খ) টাটা এ আই এ  

গ) বাজাজ এলিয়ানজ  

ঘ) ভাৰতী অক্ষ  

৬) পঞ্জাৱৰ নতুন মুখ্য সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে?  

ক) অজয় কুমাৰ  

খ) অভিষেক অৱস্থী  

গ) ৰাজেশ আগৰৱাল  

ঘ) অনুৰাগ ভাৰ্মা  

উত্তৰসমূহঃ  

১) ৬৭ নং  

শেহতীয়াকৈ বিশ্ব অৰ্থনৈতিক মঞ্চই শক্তি পৰিৱৰ্তন সূচকাংক প্ৰকাশ কৰিছে। এই ৰেংকিঙত ভাৰত ৬৭ নম্বৰ স্থানত আছে। এই তালিকাৰ শীৰ্ষত আছে ছুইডেন। শীৰ্ষ ৫ খন দেশৰ ভিতৰত আছে ডেনমাৰ্ক, নৰৱে, ফিনলেণ্ড আৰু ছুইজাৰলেণ্ড। এইবাৰ ১২০খন দেশৰ তালিকা জাৰি কৰা হৈছে। বিশ্ব অৰ্থনৈতিক মঞ্চ হৈছে এক আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা। ১৯৭১ চনৰ ২৪ জানুৱাৰীত ইয়াৰ প্ৰতিষ্ঠা হয়।  

২) জেদ্দা  

ছৌদি আৰৱৰ জেদ্দা চহৰত আয়োজন কৰা হৈছে ফিফা ক্লাব বিশ্বকাপ ২০২৩। কিং আব্দুল্লা স্প’ৰ্ট চিটি ষ্টেডিয়াম আৰু প্ৰিন্স আব্দুল্লাহ আল ফৈছাল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ফেব্ৰুৱাৰী মাহত ফিফাই ২০২৩ চনৰ ক্লাব বিশ্বকাপৰ বাবে ছৌদি আৰবক নিৰ্বাচিত কৰিছিল।২০২৭ চনত ছৌদি আৰবে এছিয়ান কাপ আয়োজন কৰিব।  

৩) আৰতি হোলা-মণি  

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে ভাৰতীয় মূলৰ উপগ্ৰহ উদ্যোগ বিশেষজ্ঞ আৰতি হোলা-মাইনীক ভিয়েনাস্থিত ৰাষ্ট্ৰসংঘৰ বহিঃ মহাকাশ পৰিক্ৰমা কাৰ্যালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিছে। ইটালীৰ ছিমোনেটা ডি পিপ্পোৰ ঠাইত যুক্তৰাজ্যৰ হোলা-মেনীয়ে স্থান লাভ কৰিব। ৰাষ্ট্ৰসংঘৰ বহিঃ মহাকাশ পৰিক্ৰমা কাৰ্যালয় হৈছে মহাকাশত শান্তিপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক প্ৰসাৰিত কৰা ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়।  

Daisly Assamese Current Affairs | Assamese G.K.

৪) নাথান লায়ন  

অষ্ট্ৰেলিয়াৰ স্পিনাৰ নাথান লায়নে ৰাষ্ট্ৰীয় দলৰ হৈ একেৰাহে ১০০ খন টেষ্ট খেলা বিশ্বৰ প্ৰথমজন বলাৰ হিচাপে পৰিগণিত হৈছে। ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন এছেজ টেষ্টৰ ১১খন খেলত অন্তৰ্ভুক্ত হৈ তেওঁ এই কৃতিত্ব অৰ্জন কৰে। বলাৰৰ কথা ক’বলৈ গ’লে এতিয়ালৈকে কোনো খেলুৱৈয়েই ১০০খন টেষ্ট অবিৰতভাৱে খেলিবলৈ সক্ষম হোৱা নাছিল। অবিৰতভাৱে বেছিভাগ টেষ্ট খেলা খেলুৱৈৰ কথা ক’বলৈ গ’লে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক এলাষ্টাৰ কুক ১৫৯খন মেচৰে শীৰ্ষত আছে।  

৫)  টাটা এ আই এ  

টাটা গ্ৰুপৰ সমৰ্থিত বীমা কোম্পানী টাটা এ আই এয়ে হোৱাটছএপ আৰু ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচৰ জৰিয়তে ডিজিটেল পেমেণ্ট আৰম্ভ কৰিছে। বীমা উদ্যোগত এই ধৰণৰ প্ৰথম পদক্ষেপ। এই নতুন সুবিধাৰ জৰিয়তে পলিচিধাৰীয়ে ডিজিটেলভাৱে প্ৰিমিয়াম পৰিশোধ কৰিব পাৰিব আৰু লগতে প্ৰিমিয়াম পৰিশোধৰ ৰচিদও লাভ কৰিব পাৰিব।  

৬) অনুৰাগ ভাৰ্মা  

পঞ্জাৱৰ ৰাজ্য চৰকাৰে ১৯৯৩ চনৰ বেচৰ আই এ এছ বিষয়া অনুৰাগ ভাৰ্মাক ৰাজ্যখনৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়ে। তেওঁ হ’ব পঞ্জাৱ ৰাজ্যৰ ৪২ সংখ্যক মুখ্য সচিব। বৰ্তমান তেওঁ গৃহ আৰু ন্যায় বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কাম কৰি আছে। ১৯৮৯ চনৰ বেটচৰ আই এ এছ বিষয়া বিজয় কুমাৰ জাঞ্জুৱাৰ পিছত তেওঁ ৩০ জুনত অৱসৰ গ্ৰহণ কৰিব।

error: Warning, you aare not allowed to copy this element