Join Assam Study Centre Channel

আমেৰিকাৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্প আৰু প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ মাজত টেলিফোনিক বার্তালাপ

আমেৰিকাৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্প আৰু প্রধানমন্ত্রী নৰেন্দ্র মোডীৰ মাজত টেলিফোনিক বার্তালাপ

আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পে ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক G-7 আলোচনালৈ তেওঁলোকৰ  ৪০ মিনিট ধৰি চলা টেলিফোনিক বার্তালাপত আমন্ত্রণ জনায়। তেওঁলোকে মুখ্যত এই আলোচনাত ভাৰত-চীনৰ মাজত শেহতীয়াকৈ সীমান্ত অঞ্চলত সৃষ্টি হোৱা পৰিস্থিতি আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সংশোধনৰ ওপৰত আলোচনা কৰে।

২ জুন, ২০২০ ত হোৱা এই টেলিফোনিক বার্তালাপৰ পাছতেই ভাৰতৰ প্রধানমন্ত্রী মোডীয়ে টুইট কৰি এই বিষয়ে জানিবলৈ দিয়ে। টুইটত মোডীয়ে উল্লেখ কৰে যে বন্ধু ৰাষ্ট্রপতিগৰাকীৰ সৈতে তেওঁৰ এক সুন্দৰ, সৃষ্টিশীল আলোচনা হয়। তেওঁলোকৰ এই আলোচনাত ট্রাম্পে G-7 ৰ আমেৰিকাৰ পৰিকল্পনা, কভিড-১৯ আৰু অন্যান্য বিষয়ৰ ওপৰতো আলোচনা কৰে।

G-7 ৰ ৪৬ তম্‌ সন্মিলন আমেৰিকাৰ Camp David ত ১০ ৰ পৰা ১২ জুন ২০২০ লৈকে অনুস্থিত হোৱাৰ কথা আছিল। কিন্তু বিশ্বজুৰি সৃষ্টি হোৱা কভিড-১৯ মহামাৰীৰ পৰিপ্রেক্ষিতত এই সন্মিলন ছেপ্তেম্বৰ মাহলৈ পিছুৱাই দিয়া হয়।

ট্রাম্প-মোডী আলোচনাৰ দিশসমূহঃ

ক) ট্রাম্প-মোডীৰ আলোচনা মুঠ ৪০ মিনিট ধৰি হয়। ইয়াত G-7 গোটৰ সম্প্রসাৰণ, ভাৰত-চীন সীমান্তৰ উত্তেজনা, বিশ্ব স্বাস্থ্য সংস্থাৰ সংস্কাৰে মুখ্য স্থান লাভ কৰে।

খ) মোডীয়ে ট্রাম্পক অৱগত কৰে যে কভিড-১৯ মহামাৰীৰ পাছৰফালে বাস্তৱ পৰিস্থিতিক মোকাবিলা কৰিবলৈ G-7 ৰ সম্প্রসাৰণ অতিশয় প্রয়োজনীয়। এই ক্ষেত্রত মোডীয়ে নিজৰ দৃষ্টিভংগী ট্রাম্পৰ আগত ডাঙি ধৰে। মোডীয়ে কয় যে প্রস্তাবিত সন্মিলনখনৰ সফলতাৰ বাবে ভাৰতে আমেৰিকাৰ লগত একেলগে কাম কৰিবলৈ পালে সুখী হ’ব।

গ) দুয়োজন নেতাই ভাৰত-চীন সীমান্তত চীনে ভাৰতৰ মাটিত চলোৱা দখলী কার্যত নিজৰ মতামত ব্যক্ত কৰে। বিশেষকৈ চীনৰ পিপলচ্‌ লিবাৰেচন আর্মীয়ে চিকিমৰ নাকুলা অঞ্চল, গালৱানৰ তিনিটা ক্ষেত্র আৰু লাডাখৰ এটা ক্ষেত্রত এল অ চি অতিক্রম কৰা ঘটনাৰ ওপৰত আলোচনা কৰে।

ঘ) নেতাদ্বয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ সংস্কাৰৰ ওপৰতো আলোচনা কৰে। এইক্ষেত্রত দুয়োগৰাকীয়ে নিজস্ব দৃষ্টিভংগী ডাঙি ধৰে।

ঙ) উল্লেখযোগ্য যে মোডীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ ভিতৰত থাকি ইয়াৰ সংস্কাৰৰ পোষকতা কৰিছে, আনহাতে ট্রাম্পে ইয়াৰ পৰা নিজৰ সমর্থন প্রত্যাহাৰ কৰাৰ পাছত সংস্কাৰৰ পোষকতা কৰিছে।

চ) প্রধানমন্ত্রী মোডীয়ে আমেৰিকাত শেহতীয়াকৈ পুলিচৰ আয়ত্বত থকা র্জজ ফ্লয়েডৰ মৃত্যুত  উদ্বিগ্নতা প্রকাশ কৰে। এই সম্পর্কত আমেৰিকাত যি প্রতিবাদ হৈছে তাৰ সমাধান হোৱাতো কামনা কৰে।

মোডী-ট্রাম্পৰ মাজৰ আলোচনাৰ তাৎপর্যঃ

মোডী আৰু ট্রাম্পৰ মাজত হোৱা এই আলোচনাই ভাৰত-আমেৰিকাৰ মাজৰ দ্বি-পাক্ষিক সম্পর্কত এক গুৰুত্বপূর্ণ স্থান অধিকাৰ কৰিছে। বিশেষকৈ দুয়োখন দেশৰ অভ্যন্তৰত বিভিন্ন কাৰণত যি অশান্তিৰ সৃষ্টি হৈ আছে তাৰ পৰিপ্রেক্ষিতত দুইখন দেশৰ নেতাৰ মাজত এনে দীঘলীয়া টেলিফোনিক বার্তা আলোচনা অতি বিৰল।

ট্রাম্পৰ G-7 সংস্কাৰৰ পৰিকল্পনাঃ

ৰাষ্ট্রপতি ট্রাম্পে  শেহতীয়াকৈ G-7 গোটৰ সংস্কাৰৰ বাবে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনৰ লগতো টেলিফোনিক বার্তা কৰিছিল। তাত তেওঁ ৰাছিয়া পুনৰ G-7 ত অন্তভূক্তিৰ ওপৰত গুৰুত্ব দিছিল। লগতে আন কিছুমান দেশ যেনে ভাৰত, দক্ষিণ কোৰিয়া, অষ্ট্রেলিয়াকো ইয়াত সদস্য হিচাপে অন্তভূক্তিৰ প্রস্তাব দিছিল। উল্লেখযোগ্য যে G-7 ৰ বর্তমান সদস্যসকল হৈছে আমেৰিকা, ইংলণ্ড, ফ্রান্স, জার্মানী, জাপান, কানাডা আৰু ইটালী।  ৰাষ্ট্রপতি ট্রাম্পৰ মতে G-7 বর্তমান সময়ত আওপুৰনি হৈ পৰিছে। ইয়াক G-10 নতুবা G-11 হিচাপে নতুনকৈ সংশোধিত কৰি উন্নীতকৰণ কৰাৰ পোষকতা তেওঁ কৰিছে।

ট্রাম্পৰ এই পৰামর্শ কিয় বিতর্কিত ?

ট্রাম্পে জি-৭ ৰ সংস্কাৰৰ বাবে যি পৰামর্শ আগবঢ়াইছে সি বর্তমান সময়ত এক বিতর্কিত বিষয় হৈ পৰিছে। বিশেষকৈ ৰাছিয়া যি পুর্বে জি-৭ ৰ সদস্য হৈ আছিল। কিন্তু ২০১৪ চনত ইউক্রেইনৰ ক্রিমিয়াত ৰাছিয়াৰ আধিপত্যতাৰ ফলত জি-৭ সদস্যসকলে ৰাছিয়াক ইয়াৰ পৰা বহিস্কাৰ কৰিছিল।

জি-৭ ত ভাৰতৰ ভূমিকাঃ

২০১৯ চনত ফ্রান্সত অনুষ্ঠিত হোৱা জি-৭ৰ ৪৫ তম্ সন্মিলনত ভাৰতৰ হৈ প্রধানমন্ত্রী মোডীয়ে অংশগ্রহণ কৰিছিল। এই সন্মিলনলৈ ভাৰতক বিশেষভাবে নিমন্ত্রণ জনোৱা হৈছিল। ভাৰতৰ লগতে অষ্ট্রেলিয়া, চিলি, দক্ষিণ আফ্রিকা, ৰাৱাণ্ডা, চেনেগাল, ইজিপ্ত আৰু বুর্কিণা ফাচ’’ক এই সন্মিলনলৈ বিশেষভাবে নিমন্ত্রণ জনোৱা হৈছিল।

ইয়াৰ  ১০ বছৰৰ পুর্বে ২০০৫ চনত ইংলণ্ডৰ তেতিয়াৰ প্রধানমন্ত্রী টনী ব্লেয়াৰৰ আমন্ত্রণ মর্মে মনমোহন সিং এ জি-৭ সন্মিলনত ভাৰতক প্রতিনিধিত্ব কৰি সন্মিলনত উপস্থিত আছিল।

Leave a Comment

error: Warning, you aare not allowed to copy this element