Join Assam Study Centre Channel

ৰোহিত শর্মাৰ নাম বি চি চি আই এ ৰাজীব গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত কৰিছে

ভাৰতীয় ক্রিকেট দলৰ সহঃঅধিনায়ক ৰোহিত শর্মাৰ নাম বি চি চি আই এ ৰাজীব গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত কৰিছে।

একে সময়তে শিখৰ ধাৱান, দিপ্তী শর্মা আৰু ঈশান্ত শর্মাৰ নামো অর্জুন বঁটাৰ বাবে মনোনীত কৰিছে।

২০২০ বর্ষৰ বাবে সন্মানীয় ৰাজীৱ গান্ধী খেল ৰত্নৰ বাবে ৰোহিত শর্মাৰ নাম মনোনীত কৰাৰ কথা বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে প্রকাশ কৰে।

কেন্দ্রীয় খেল আৰু যুৱ মন্ত্রণালয়ে বি চি চি আইৰ পৰা খেল জগতৰ বঁটাৰ বাবে  দেশৰ আগশাৰীৰ খেলুৱৈৰ নাম বিচাৰিছিল। বঁটাৰ বাবে বিবেচিত সময়সীমা বান্ধি দিয়া হৈছিল ২০১৬ চনৰ জানুৱাৰীৰ পৰা ২০১৯ চনৰ ডিচেম্বৰ মাহলৈকে।

মনোনীতসকলৰ নাম প্রকাশ কৰি সৌৰভ গাংগুলীয়ে কয় যে বহু তথ্য আৰু পেৰামিটাৰ পৰীক্ষা-নিৰীক্ষাৰ অন্তত এইসকলৰ খেলুৱৈৰ নাম তালিকাত অন্তঃভুক্ত কৰা হৈছে। তেওঁ কয় যে ক্রিকেট জগতত এজন অদ্বিতীয় বেটচমেন হিচাপে ৰোহিত শর্মা উজ্বলি উঠিছে আৰু ভাবিব নোৱৰা ধৰণেৰে সীমিত অভাৰৰ মেটচ্‌ বিলাকত ৰাণ সংগ্রহ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ ধাৰাবাহিকতা, কমিটমেণ্ট আৰু নেতৃত্বসুলভ গুণৰ বাবে তেওঁৰ নাম ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰ বাবে মনোনীত কৰা হৈছে।

ৰোহিত শর্মাঃ

ৰোহিত শর্মা হৈছে ভাৰতীয় ক্রিকেট দলৰ সীমিত অভাৰৰ মেটচ্‌ৰ সহঃঅধিনায়ক। ২০১৯ বর্ষত তেওঁক আন্তঃৰাষ্ট্রীয় ক্রিকেট কাউন্সিলে ICC ODI Cricketer হিচাপে সন্মানিত কৰিছিল। একেখন বিশ্বকাপত পাঁচটা শতক অর্জন কৰা তেওঁ হৈছে একমাত্র ক্রিকেটাৰ। তেওঁ ২০১৯ চনত এই কৃতিত্ব অর্জন কৰিছিল। টি টুৱেণ্টি খেলত চাৰিটা শতক অর্জন কৰা প্রথমজন ক্রিকেটাৰ হিচাপেও তেওঁ জনাজাত। টেষ্ট ক্রিকেট খেলত ঘৰুৱা পথাৰত অপেনিং বেটচমেন হিচাপে ডাবল চেঞ্চুৰী কৰা কৃতিত্বৰো তেওঁ অধিকাৰী।

শিখৰ ধাৱানঃ

শিখৰ ধাৱান হৈছে বিশ্বৰ একমাত্র ক্রিকেটাৰ যি একেৰাহে দুবাৰকৈ আই চি চি চেম্পিয়নচ ট্রফীত অধিক ৰাণ সংগ্রহ কৰা বাবে গল্ডেন বেট লাভ কৰিছিল। টেষ্ট ক্রিকেটত আটাইতকৈ দ্রুততম চেঞ্চুৰী অর্জন কৰাৰ কৃতিত্ব তেওঁৰ নামত আছে। তদুপৰি তেওঁ হৈছে এদিনীয়া ক্রিকেটত ২০০০ আৰু ৩০০০ ৰাণ খৰতকীয়াকৈ সংগ্রহ কৰা প্রথমজন বেটচ্‌মেন। সেইদৰে এদিনীয়া ক্রিকেটত দ্রুততম ৪০০০ আৰু ৫০০০ ৰাণ সংগ্রহ কৰা দ্বিতীয়গৰাকী বেটচ্‌মেন।

ঈশান্ত শর্মাঃ

ভাৰতীয় ক্রিকেটত ঈশান্ত শর্মা হৈছে তিনিওধৰণৰ ক্রিকেট খেলত খেলা আটাইতকৈ যুৱ ক্রিকেটাৰ। এছিয়াৰ বাহিৰত কোনো এজন ভাৰতীয়ই আটাইতকৈ বেছি উইকেট লাভ কৰাৰ সন্মানৰ অধিকাৰী তেওঁ।

দিপ্তী শর্মাঃ

ভাৰতীয় মহিলা ক্রিকেট দলৰ এগৰাকী গুৰুত্বপূর্ণ সদস্য। মহিলা ক্রিকেট দলৰ আটাইতকৈ বেছি ৰাণ সংগ্রহ কৰা মহিলা খেলুৱৈ হৈছে দিপ্তী শর্মা। তেখেত এগৰাকী অলৰাউণ্ডাৰ। মহিলা ক্রিকেটত এদিনীয়া খেলত ৬ টাকৈ উইকেট লাভ কৰা একমাত্র ভাৰতীয় মহিলা ক্রিকেট খেলুৱৈ তেওঁ।

Leave a Comment

error: Warning, you aare not allowed to copy this element