Join Assam Study Centre Channel

সামাজিক পৰিৱর্তন আৰু শাসন প্রণালী

এছিয়া মহাদেশৰ দক্ষিণে অৱস্থিত কর্কটক্রান্তীয় দেশ ভাৰতবর্ষ ৯২,৮৭,৭৮২ বর্গ কিলোমিটাৰ মাটিকালিৰ আৰু  বিশ্বৰ দ্বিতীয় সর্ববৃহৎ জনসংখ্যাৰ এখন গণতান্ত্রিক দেশ। পৃথিৱীৰ মুঠ মাটিকালিৰ শতকৰা দুভাগহে ভাৰতৰ মাটি, কিন্তু পৃথিৱীৰ মুঠ জনসংখ্যাৰ সাতভাগৰ এভাগতকৈয়ো ভাৰতৰ জনসংখ্যা বেছি। গতিকে এনে এখন দেশৰ গণতান্ত্রিক শাসন ব্যৱস্থাই বিশ্বৰ গণতান্ত্রিক দেশসমূহৰ শীর্ষস্থানত ভাৰতবৰ্ষৰ স্থানাভিষিক্ত হৈছে।

পাঠটোৰ মূল কথা

গণতন্ত্রৰ জন্ম হয় গ্ৰীচত। সেই সময়ত গ্ৰীচৰ নগৰবোৰত প্রত্যক্ষ গণতান্ত্রিক ব্যৱস্থা আছিল। এখন ৰাষ্ট্রৰ গৰিষ্ঠসংখ্যক অধিবাসীয়ে চৰকাৰী কার্যাৱলী নিৰূপণ কৰা চৰকাৰী সিদ্ধান্তসমূহৰ ওপৰত কাৰ্যকৰী প্ৰভাৱ বিস্তাৰ কৰিব পাৰিলেই সেই ৰাষ্ট্রক গণতান্ত্রিক ৰাষ্ট্ৰ বুলি কোৱা হয়। যি সময়ত ইউৰোপৰ প্ৰায়বিলাক দেশতে ৰাজতন্ত্র আৰু অভিজাততন্ত্র প্রাদুর্ভাৱ আছিল, সেই সময়ত গণতান্ত্রিক চৰকাৰক আদর্শ চৰকাৰ বুলি গণ্য কৰা নাছিল। বর্তমান বিশ্বত গণতন্ত্রই এক বিশিষ্ট স্থান দখল কৰিছে। এতিয়া আৰু গণতন্ত্র অতীত ৰূপত নাই। অধ্যাপক এইচ ই কাৰে ১৯৪৫ চনতে কৈছিল যে পুৰণি গ্রীক-গণতান্ত্রিক সুবিধাবাদী শ্ৰেণীৰ ৰাজত্বৰ ওপৰত প্রতিষ্ঠিত আৰু আধুনিক গণতন্ত্র পৌৰাণিক গণতন্ত্রৰ পৰা সম্পূর্ণ পৃথক। ভাৰতবর্ষ বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্র। ভাৰতীয় সংবিধান পৃথিৱীৰ সর্ববৃহৎ উল্লেখনীয় সংবিধান। সেয়েহে গণতন্ত্রৰ প্ৰকাৰ, গণতন্ত্রৰ সুবিধা আৰু অসুবিধা, গণতন্ত্রৰ সফলতাৰ ব্যৱস্থাৱলী, ভাৰতীয় সংবিধানৰ আদর্শ আৰু বৈশিষ্ট্য, সামাজিক ন্যায় আৰু সামাজিক পৰিৱৰ্তন, ক্ষমতাৰ বিকেন্দ্রীকৰণ আৰু পঞ্চায়তীৰাজ ব্যৱস্থা আদি গণতান্ত্রিক ৰাজনীতি বা শাসন প্রণালীৰ অন্তৰ্গত।

বিশ্বৰ সর্ববৃহৎ গণতান্ত্রিক দেশ ভাৰতৰ সংবিধান গ্ৰহণৰ এক সুন্দৰ ইতিবৃত্ত আছে আৰু এক ঐতিহাসিক ক্রমবিকাশৰ অন্তত ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে সংবিধান গ্রহণ কৰা হয়। দেশৰ গণতান্ত্রিক ব্যৱস্থা আৰু ভাৰতীয় সংবিধানে সমাজত সামাজিক ন্যায় প্রতিষ্ঠা কৰিলে, যি ন্যায় ব্যৱস্থাই সমাজ পৰিবৰ্তনত বিশেষ অৰিহণা যোগালে। ব্রিটিছ সংসদৰ দৰে ভাৰতীয় সংসদে যিকোনো আইন প্রণয়ন কৰিব নোৱাৰা ব্যবস্থাটোৱেই সর্বোচ্চৰ উদাহৰণ। ভাৰতীয় সংবিধানে বিভিন্ন দিশত সামাজিক ন্যায় প্রতিষ্ঠা কৰিব বিচাৰিছে আৰু বিভিন্ন প্রণয়ন কৰিছে। আইন প্রয়োগ কৰিবলৈ শক্তিৰ প্ৰয়োজন, কিন্তু ন্যায় প্রতিষ্ঠা কৰিবলৈ সুস্থ মানসিকতাৰ প্রয়োজন।

গণতান্ত্রিক ভাৱধাৰা আৰু ভাৰতীয় সংবিধানে ক্ষমতাৰ বিকেন্দ্রীকৰণ কৰিছে আৰু স্থানীয় স্বায়ত্ত শাসনৰ যোগেদি দেশৰ সামগ্রিক উন্নয়নৰ কথা চিন্তা কৰিছে। দেশৰ উন্নয়নমূলক কাম-কাজ চলোৱাৰ দায়িত্ব যে চৰকাৰৰ ওপৰতে আৰোপিত নকৰি ৰাজ্য চৰকাৰসমূহ আৰু স্থানীয় নিকায়সমূহৰ ওপৰতো ন্যস্ত কৰা আছে, ইয়ে হৈছে ক্ষমতাৰ বিভাজন বা ক্ষমতাৰ বিকেন্দ্রীকৰণ। গ্রাম্য আৰু নগৰ অঞ্চলৰ ভিত্তিত স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাক পঞ্চায়তীৰাজ ব্যৱস্থা আৰু পৌৰ শাসন ব্যৱস্থা হিচাপে ভাগ কৰা হৈছে। অতি প্রাচীন কালৰে পৰাই ভাৰতত পঞ্চায়তীৰাজ ব্যৱস্থাৰ দৰে স্থানীয় স্বায়ত্ত শাসিত সন্থা, সভা আৰু গাঁওসভা আদি আছিল, কিন্তু স্বাধীনোত্তৰ ভাৰতত পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰসাৰ উল্লেখনীয়। ১৯৫৮ চনৰ পৰা ভাৰতত পঞ্চায়তীৰাজ ব্যৱস্থাৰ প্ৰসাৰ ঘটে। আক্ষৰিক অর্থত পঞ্চায়ত মানে পাঁচজন ব্যক্তিৰ সমষ্টি, যি শাসন বা নিয়ন্ত্রণ চলায়। ভাৰতৰ পৰিকল্পনা আয়োগৰ অধীনত পৰিকল্পনা আঁচনি সম্পর্কীয় সমিতিয়ে বলৱন্ত ৰায় মেহতাক সভাপতি হিচাপে লৈ সামূহিক উন্নয়ন আৰু জাতীয় সম্প্রসাৰণ সেৱাৰ বিষয়ে অধ্যয়ন কৰিবলৈ এটা দল নিয়োগ কৰে। এই সামাজিক পৰামর্শসমূহ মেহতা কমিটিৰ চুপাৰিশ হিচাপে জনাজাত। সমিতিয়ে তিনিখলপীয়া পঞ্চায়ত ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছে। সুৰক্ষিত সেৱা, সামূহিক সেৱা, সমাজ সেৱা, ৰাজহুৱা ব্যৱহাৰ্য আদি পঞ্চায়ত ব্যৱস্থাৰ ক্ষমতা, দায়িত্ব আৰু কৰ্তব্যৰ অন্তর্ভুক্ত।

বিভিন্ন ৰাজনৈতিক দল, বাওঁপন্থীদল বা বহুদলীয় ব্যৱস্থা গণতন্ত্রৰ এক অপৰিহার্য অংগ। কোনো এক ব্যক্তিৰ সমুহে সমূহীয়া ৰাজনৈতিক, সামাজিক আৰু একে ৰাষ্ট্ৰীয়তাবোধ বা জাতীয়তাবোধ চিন্তাধাৰাৰে সাংগঠনিকভাৱে  মিলিত হয়, তেতিয়া সেই সমূহটোক ৰাজনৈতিক দল হিচাপে অভিহিত কৰিব পাৰি। এখন গণতান্ত্রিক দেশত ৰাজনৈতিক দলৰ যি পদ্ধতি সেয়া আইন সম্বন্ধীয় নহয়, ই হৈছে সম্পূর্ণ এক ৰাজনৈতিক সংস্থা। বর্তমান ভাৰতবৰ্ষত বহুতো ৰাজনৈতিক দল আছে।

গণতান্ত্রিক ৰাষ্ট্র এখনত প্ৰভাৱগোষ্ঠীয়ে গুৰুত্বপূর্ণ স্থান দখল কৰিছে। প্ৰভাৱগোষ্ঠীয়ে চৰকাৰক নতুন সমস্যাৰ প্রতি সজাগ কৰে আৰু কল্যাণকামী আঁচনি গ্ৰহণ কৰিবলৈ চৰকাৰক বাধ্য কৰে। ই কোনো স্থায়ী দল বা সংগঠন নহয়। নিজৰ উদ্দেশ্য সাধনৰ বাবেহে এনে দল বা সংগঠন গঠন হয় আৰু উদ্দেশ্য পূৰণ হ’লে ই নিষ্ক্রিয় হৈ পৰিব পাৰে। যিবোৰ দল বা সংগঠনে চৰকাৰৰ ওচৰত হেঁচা প্রয়োগ কৰে বা চৰকাৰৰ ওচৰত প্ৰভাৱ বিস্তাৰ কৰে, সেইবোৰকে হেঁচনী দল বা প্রভাৱগোষ্ঠী বোলা হয়। যেনে— কৃষক সন্থা, ছাত্ৰ সন্থা, নিবনুৱা সন্থা ইত্যাদি।

পৰিশেষত ক’ব পাৰি যে গণতান্ত্রিক ভাৱধাৰা আৰু ভাৰতৰ সংবিধানে সামাজিক পৰিৱৰ্তনৰ দিশত এক উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছে।

১, ২, ৩ নম্বৰৰ প্রশ্নোত্তৰঃ

) ভাৰতবৰ্ষ কি ধৰণৰ ৰাষ্ট্র?

উত্তৰঃ ভাৰতবর্ষ এখন ধর্মনিৰপেক্ষ আৰু গণতান্ত্রিক ৰাষ্ট্র।

)  সংবিধান কি?

উত্তৰঃ সংবিধান হ’ল দেশৰ সার্বভৌমত্ব ৰক্ষাৰ কাৰণে এখন গণতান্ত্রিক দেশৰ লিখিত বিধি বা ৰীতি-নীতি।

৩)  ভাৰতীয় সংবিধানখন কেতিয়া কার্যকৰী হৈছিল ?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰীত।

)  সংবিধানৰ খচৰা প্রস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল?

উত্তৰ : ড° বি আৰ আম্বেদকাৰ

) কল্যাণকামী ৰাষ্ট্র কি?

উত্তৰঃ কল্যাণকামী ৰাষ্ট্ৰ হ’ল ৰাষ্ট্ৰখনত বসবাস কৰা সকলো নাগৰিকৰ সৰ্বাংগীন উন্নতিৰ বাবে সুযোগ-সুবিধা প্রদান কৰা ৰাষ্ট্ৰই হ’ল কল্যাণকামী ৰাষ্ট্র। চিন্তাবিদ কোলেৰ মতে, “কল্যাণকামী ৰাষ্ট এনে এখন সমাজ য’ত নাগৰিকে জীৱন-ধাৰণৰ নিম্নতম মান উপভোগ কৰাৰ বাবে আৱশ্যকীয় সুযোগ-সুবিধাখিনি প্রদান কৰা হয়”।

)  “গণতন্ত্র হৈছে জনসাধাৰণৰ দ্বাৰা গঠিত, জনসাধাৰণৰ কাৰণে জনসাধাৰণৰ চৰকাৰ”, কোনে কৈছিল ?

উত্তৰ : আমেৰিকাৰ ৰাষ্ট্রপতি আব্রাহাম লিংকনে কৈছিল।

)  পঞ্চায়তীৰাজে কি বুজায় ?

উত্তৰঃ পঞ্চায়তীৰাজ হৈছে এক শাসন পদ্ধতি যত প্রশাসনৰ প্রধান গোট হৈছে গাঁও পঞ্চায়ত। পঞ্চায়তীৰাজ শব্দটো নতুন শব্দ, ইয়াৰ উৎপত্তি হৈছিল বৃটিছসকলৰ শাসনৰ সময়ত। পঞ্চায়তী শব্দই পঞ্চায়তক, ৰাজ শব্দই শাসন বা চৰকাৰক বুজায়।

) গাঁও পঞ্চায়তৰ কার্যকাল কিমান?

উত্তৰঃ পাঁচ বছৰ

) গাঁওসভা কি?

উত্তৰ : গাঁওসভা গাঁৱত অনুষ্ঠিত কৰা হয় আৰু এইটো পঞ্চায়তীৰাজ ভিত্তি। এই গাঁওসভাতে নির্দিষ্ট পঞ্চায়তৰ গাঁওসমূহৰ উন্নতিৰ কাৰণে বিভিন্ন আঁচনি প্রস্তুত কৰা হয়।

১০) পঞ্চায়তীৰাজৰ স্তৰ তিনিটা কি কি?

উত্তৰ : পঞ্চায়তীৰাজৰ স্তৰ তিনিটা হ’ল—

(ক) গাঁও পঞ্চায়ত ,

(খ) আঞ্চলিক পঞ্চায়ত আৰু

(গ) জিলা পৰিষদ

১১) পঞ্চায়তৰ আয়ৰ তিনিটা উৎস লিখা

উত্তৰ : পঞ্চায়তৰ আয়ৰ তিনিটা উৎস হ’ল—

(ক) চৰকাৰী অনুদান।

(খ) গৃহ কৰ।

(গ) পঞ্চায়তত নিজৰ ভূমিৰ পৰা হোৱা আয়।

১২) আইন কি ?

উত্তৰ : আইন হৈছে কোনো ৰাজনৈতিক কর্তৃপক্ষৰ দ্বাৰা প্ৰৱৰ্তন কৰা কিছুমান বিধি বা নীতি-নিয়ম। অধ্যাপক হলেণ্ডৰ মতে, “আইন হ’ল সর্বভাৰতীয় ৰাজনৈতিক কর্তৃপক্ষই বলবৎ কৰা মানুহৰ বাহ্যিক কার্যৰ সাধাৰণ নিয়ম।”

১৩) ৰাষ্ট্র কি?

উত্তৰ : সুস্থ আৰু স্বাৱলম্বী জীৱন-যাপন কৰিবলৈ লোৱা এটা জনসমষ্টি, যি স্থায়ীভাৱে কোনো নিদিষ্ট ভূ-খণ্ড অধিকাৰ কৰি থাকে, যি বহিঃশক্তিৰ নিয়ন্ত্রণৰ পৰা সম্পূর্ণভাৱে মুক্ত, যাৰ সৰহসংখ্যক আদিবাসীয়েই স্বাভাবিক আনুগত্য লাভ কৰা এটা সুগঠিত চৰকাৰ আছে, তেনে এক ব্যক্তিৰ সমষ্টিকে ৰাষ্ট্র বোলে।

১৪) কেইটামান স্বার্থজনিত গোটৰ নাম লিখা

উত্তৰঃ টাটা, বিৰলা, ডালমিয়া, মাৰোৱাৰী সম্প্রদায় বা গোয়েংকা আদি।

১৫) কোনটো শব্দক প্রথমে ভাৰতীয় সংবিধানত ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ ন্যায়

১৬) কিমান চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল?

উত্তৰ: ১৯২0 চনত

১৭) কিমান চনত স্বৰাজ আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৩১ চনত স্বৰাজ আন্দোলন আৰু ১৯৩৫ চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল।

১৮) গণতন্ত্র কেইপ্ৰকাৰ আৰু কি কি ?

উত্তৰঃ গণতন্ত্র দুই প্রকাৰৰ। ক্রমে—

(ক) প্রত্যক্ষ গণতন্ত্র আৰু

(খ) পৰোক্ষ গণতন্ত্র।

১৯) গণতন্ত্রৰ চাৰিটা গুণ বা সুবিধা লিখা

উত্তৰঃ গণতন্ত্রৰ চাৰিটা গুণ বা সুবিধা হল—

(ক) গণতন্ত্রক সর্বশ্রেষ্ঠ শাসন ব্যৱস্থা বুলি কোৱা হয়। জনসাধাৰণৰ হাততেই ৰাষ্ট্রৰ সর্বোচ্চ ক্ষমতা ন্যস্ত থাকে। গতিকে চৰকাৰে জনস্বার্থ সমর্থিত কার্য আঁচনি গ্রহণ কৰে।

(খ) গণতন্ত্রৰ অন্যতম ভিত্তি হ’ল স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধ। গণতন্ত্রত মৌলিক অধিকাৰ বা স্বাধীনতা, সকলো জনসাধাৰণৰ সম-অধিকাৰ আৰু ৰাষ্ট্ৰীয় একতা পৰিলক্ষিত হয়।

(গ) অন্যান্য শাসন ব্যৱস্থাৰ তুলনাত গণতন্ত্রই দক্ষতা আৰু কর্মকুশলতাৰ পৰিচয় দিয়ে। শাসন ব্যৱস্থাত বহু যোগ্য লোক জড়িত হৈ থকাত এনে ব্যৱস্থাত সুদক্ষতা প্রকাশ পায়।

(ঘ) গণতান্ত্রিক চৰকাৰত জনসাধাৰণৰ অংশ গ্রহণে জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰে আৰু সুনাগৰিকৰ সৃষ্টি হয়।

২০) গণতন্ত্রৰ চাৰিটা দোষ বা অসুবিধা লিখা

উত্তৰ : গণতন্ত্রৰ চাৰিটা দোষ বা অসুবিধা হ’ল—

(ক) গণতন্ত্র জনসাধাৰণৰ চৰকাৰ, আৰু অধিকাংশ জনসাধাৰণেই অশিক্ষিত, অযোগ্য আৰু অজ্ঞ। গতিকে গণতান্ত্রিক শাসন অশিক্ষিত-অযোগ্য আৰু অজ্ঞ শাসন ব্যৱস্থা হিচাপে খ্যাত।

(খ) গণতন্ত্রত ব্যক্তিৰ গুণতকৈ সংখ্যাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। ফলত দক্ষ আৰু যোগ্য ব্যক্তিসকল গণতান্ত্রিক ব্যৱস্থাত নিৰুৎসাহিত হয়।

(গ) গণতন্ত্রৰ এটা অন্যতম অসুবিধা হ’ল দ্রুত আইন প্রণয়নৰ অসুবিধা। আইন গ্রহণ পদ্ধতিটো গণতান্ত্রিক ৰাষ্ট্ৰত দীঘলীয়া নীতিৰে হয় বাবে আইন প্রণয়নৰ বাবে দীর্ঘ সময়ৰ প্রয়োজন।

(ঘ) গণতান্ত্রিক ৰাষ্ট্রৰ জনসাধাৰণ ৰক্ষণশীল। তেওঁলোকে পুৰণা সংস্কৃতি পালন কৰিব বিচাৰে বাবে বিজ্ঞান-সাহিত্য আদিৰ নতুন ভাৱধাৰা গ্রহণত উৎসাহিত নহয়, ফলত গণতন্ত্রত উন্নতি কম হয়।

২১) প্রত্যক্ষ গণতন্ত্র কাক বোলে ?

উত্তৰঃ প্রত্যক্ষ গণতন্ত্রত জনসাধাৰণে নির্বাচিত প্রতিনিধি বা বিষয়াৰ অবিহন ৰাজহুৱাভাৱে চৰকাৰৰ সিদ্ধান্ত গ্রহণ কৰিব পাৰে। পৌৰাণিক গণতন্ত্র মূলতঃ প্রত্যক্ষ গণতন্ত্র।  বর্তমান সময়ত প্রত্যক্ষ গণতন্ত্র প্রচলন নাই। গ্ৰীচ আৰু  ছুইজাৰলেণ্ডত বর্তমান এই গণতন্ত্র প্রচলন আছে।

২২) পৰোক্ষ গণতন্ত্র কাক বোলে?

উত্তৰঃ পৰোক্ষ গণতন্ত্ৰত চৰকাৰ চলাবৰ বাবে জণগনে প্রতিনিধি নির্বাচন কৰে। বর্তমান পৃথিবীৰ বিভিন্ন স্থানত পৰোক্ষ গণতন্ত্র প্রচলন আছে। ভাৰতীয় গণতন্ত্র হৈছে পৰোক্ষ গণতন্ত্রৰ উদাহৰণ।

২৩) গণতন্ত্রৰ সাফল্যৰ বাবে ষ্টুৱাট মিলে আগবঢ়োৱা চৰ্ত তিনিটা কি কি?

উত্তৰ: গণতন্ত্রৰ সাফল্যৰ বাবে ষ্টুৱার্ট মিলে আগবঢ়োৱা চৰ্ত তিনিটা হল—

(ক) গণতান্ত্রিক শাসন ব্যৱস্থা গ্ৰহণৰ বাবে জনসাধাৰণে উপযুক্ত মনোভাৱ প্ৰকাশ কৰিব লাগিব।

(খ) জনসাধাৰণে নিজা স্বাধীনতা আৰু অধিকাৰ ৰক্ষাৰ বাবে প্রতিজ্ঞাবদ্ধ হ’ব লাগিব। (গ) জনসাধাৰণ তেওঁলোকৰ কর্তব্য পালন সম্পর্কে সচেতন হ’ব লাগিব।

২৪)ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ ভাৰতীয় সংবিধানৰ চাৰিটা বৈশিষ্ট্য হল—

(ক) পৃথিৱীৰ সর্ববৃহৎ লিখিত সংবিধান।

(খ) ধর্মনিৰপেক্ষতা ভাৰতীয় সংবিধানৰ আন এটা বৈশিষ্ট্য। ৰাষ্ট্রৰ নির্দিষ্ট ধর্মৰ পৰিবৰ্তে সকলো ধর্মৰে সমান অধিকাৰ, ধর্মীয় উদাৰতা আৰু সহিষ্ণুতা, ধর্মীয় একতা আদি ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য।

(গ) জাতি-ধর্ম-বর্ণ-ভাষা নির্বিশেষে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ব্যৱস্থা ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য।

(ঘ) ভাৰতীয় সংবিধানত সংসদীয় গণতন্ত্র ব্যৱস্থা আছে, য’ত মন্ত্রী পৰিষদৰ লগত বিধানমণ্ডলৰ ঘনিষ্ঠ সময় আছে। তদুপৰি বিধায়িনী আৰু বিত্তীয় বিষয়ত নিম্নসদনৰ চূড়ান্ত ক্ষমতা প্রতিপন্ন হৈছে।

২৫) গণতান্ত্রিক চৰকাৰ বুলিলে কি বুজা?

উত্তৰ: গণতন্ত্র হ’ল আধুনিক যুগৰ উৎকৃষ্ট শাসন ব্যৱস্থা। যি শাসন ব্যৱস্থাত জনসাধাৰণে নিজে নাইবা প্রতিনিধিৰ দ্বাৰা চৰকাৰ গঠন কৰি দেশ শাসন কৰে, তাকে গণতান্ত্রিক চৰকাৰ বোলে। আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি আব্রাহাম লিংকনৰ মতে, “গণতন্ত্র হৈছে জনসাধাৰণৰ দ্বাৰা, জনসাধাৰণৰ কাৰণে গঠন কৰা জনসাধাৰণৰ চৰকাৰ।”

২৬) গণতন্ত্র কৃতকার্য কৰিবৰ বাবে প্রয়োজনীয় চাৰিটা চর্ত উল্লেখ কৰা।

উত্তৰঃ গণতন্ত্র কৃতকার্য কৰিবৰ বাবে প্রয়োজনীয় চাৰিটা চর্ত হ’ল—

(ক) গণতন্ত্রত নাগৰিকসকলৰ ৰাজনৈতিক সচেতনতা থাকিব লাগিব।

(খ) গণতান্ত্রিক দেশৰ নাগৰিকসকল শিক্ষিত হ’ব লাগিব।

(গ) সকলো নাগৰিকৰ সহনশীলতা গুণ থাকিব লাগিব ।

(ঘ) নাগৰিকসকলে চৰকাৰৰ লগত সহযোগ কৰিব লাগিব।

২৭) পঞ্চয়তীৰাজ ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহ লিখা।

উত্তৰ: পঞ্চায়তীৰাজ ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহ হ’ল—

(ক) ১৯৯২ চনৰ আইনমতে স্থানীয় স্বায়ত্বশাসন ব্যৱস্থাটো তিনিখলপীয়া কৰা

(খ) গাঁওসভা একেবাৰে নিম্ন স্তৰৰ স্থানীয় শাসন ব্যৱস্থা

(গ) গাঁওসভাৰ সদস্যসকলক প্রত্যক্ষ ভোটৰ দ্বাৰা নির্বাচিত কৰিব লাগে

(ঘ) পঞ্চায়তীৰাজ ব্যৱস্থাৰ গাঁওসভাৰ কিছুসংখ্যক আসন, অনুসূচিত জাতি-জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষণ কৰা হয়। মহিলাৰ বাবে মুঠ আসনৰ ৩৩ শতাংশ আসন সংৰক্ষিত কৰা হয়।

ঙ) পঞ্চায়তীৰাজ ব্যৱস্থাক যথেষ্ট পৰিমাণে বিত্তীয় ক্ষমতা প্রদান কৰিছে।

২৮) প্রভাৱগোষ্ঠী বুলিলে কি বুজা?

উত্তৰঃ আধুনিক গণতান্ত্রিক ব্যৱস্থাত ৰাজনৈতিক দলৰ উপৰিও চৰকাৰক প্ৰভাৱান্বিত কৰিবৰ বাবে সামাজিক আন্দোলন, স্বার্থন্বেষীসমূহ আৰু প্ৰভাৱগোষ্ঠী প্রস্তুত কৰি ইয়াৰ সদস্যসকলৰ স্বাৰ্থ ৰক্ষা আৰু উন্নতিৰ বাবে চেষ্টা কৰা গোট বা সমূহকে প্রভাৱ গোষ্ঠী বোলে। প্ৰভাৱ গোষ্ঠী কোনো ৰাজনৈতিক দল নহয়, যিয়ে ৰাজনৈতিক ক্ষমতা ভাল কৰিবলৈ বিচাৰে, প্ৰভাৱ গোষ্ঠী বুলি ক’লে একে অর্থনৈতিক স্বার্থ থকা ব্যক্তিৰ এনে এক সমূহক বুজাব পাৰি, যিয়ে চৰকাৰৰ ন্যায়িক সিদ্ধান্তসমূহ পৰিচালনা কৰিবলৈ চেষ্টা কৰে। এনেদৰে যিবোৰ সমূহ বা দল সংগঠনে চৰকাৰৰ ওপৰত হেঁচা প্রয়োগ কৰে বা চৰকাৰৰ ওচৰত প্ৰভাৱ বিস্তাৰ কৰে, সেইবোৰকে হেঁচনী দল বা প্ৰভাৱ গোষ্ঠী বোলে। যেনে- ট্রেড ইউনিয়ন, কৃষক সংগ্রাম সমিতি, নিৱনুৱা সন্থা, শ্রমিক সন্থা ইত্যাদি।

২৯) প্রভাৱগোষ্ঠীৰ বৈশিষ্ট্যবোৰ কি কি?

উত্তৰ: প্রভাৱগোষ্ঠীৰ বৈশিষ্ট্যবোৰ হ’ল—

(ক) প্ৰভাৱগোষ্ঠী হৈছে এক অৰাজনৈতিক সংগঠন

(খ) প্ৰভাৱগোষ্ঠীৰ চৰকাৰৰ ওচৰত হেঁচা দিবলৈ নির্দিষ্ট আঁচনি বা দাবী থাকে

(গ) প্ৰভাৱগোষ্ঠীৰ স্থায়িত্ব নাই

(ঘ) প্ৰভাৱগোষ্ঠীৰ উদ্দেশ্য সাধাৰণতে বহুমুখী নহয়, ই একমুখীহে

(ঙ) প্রভাৱগোষ্ঠীৰ কোনো পৰিসীমা নাই বা নির্দিষ্ট সদস্য নাথাকে।

(চ) প্ৰভাৱগোষ্ঠীয়ে সদায় নেপথ্যত থাকি কাম কৰে, চৰকাৰৰ আইন প্রণয়ন কার্যকৰী কৰাৰ ক্ষেত্ৰত ই বাহিৰৰ পৰা কর্তৃপক্ষৰ ওপৰত হেঁচা প্রয়োগ কৰে।

Leave a Comment

error: Warning, you aare not allowed to copy this element