Join Assam Study Centre Channel

কিয় জপিয়াই নাচি উঠিল নিউজিলেণ্ডৰ প্রধানমন্ত্রী ?

কৰণামুক্ত দেশ হিচাপে ঘোষণা নিউজিলেণ্ডক

ভাৰতত ক’ৰণাৰ সংহাৰৰ মূহুর্তত আমাৰ বাবে এটা ভাল খবৰ। বিশ্বত নিউজিলেণ্ডে আজি ৮ জুন, ২০২০ তাৰিখে কৰণামুক্ত দেশ হিচাপে পৰিগণিত হৈছে। ইয়াৰ লগে লগে দেশখনে সকলোধৰণৰ সামাজিক দুৰত্বৰ ক্ষেত্রত আৰোপ কৰা সকলো বাধা-নিষেধ উঠাই লৈছে। এতিয়াৰ পৰা নিউজিলেণ্ডৰ জনসাধাৰণে আগৰ দৰে চ’লাফুৰা, সমবেত হোৱা, বজাৰ-সমাৰ সকলোবিলাক কৰিব পাৰিব।

নিউজিলেণ্ডৰ প্রধানমন্ত্রী জেকিণ্ডা আর্দানে এই ঘোষণা কৰি কয় যে তেওঁ আজি আনন্দত জাপ মাৰি নাচিবৰ মন গৈছে। দেশখনত এতিয়া এজনো কভিড-১৯ ত আক্রান্ত পজিটিভ কেছ নাই। তেওঁৰ বিশ্বাস যে দেশখনে কৰণাক সম্পূর্ণভাবে নিয়ন্ত্রণ কৰিছে।

প্রধানমন্ত্রীগৰাকীয়ে এক টেলিভিচন বার্তাত উল্লেখ কৰে যে দেশখনৰ জনসাধাৰণে ভাইৰাছটোৰ বিৰুদ্ধে একত্রিত হৈ যুঁজ দিলে আৰু জয়লাভ কৰিলে। আজি মাজনিশাৰ পৰা দেশখনত থকা সকলো বাধা নিষেধ উঠাই লোৱা হ’ব।

 

সীমান্ত অঞ্চল বন্ধ থাকিবঃ

আভ্যন্তৰীণ ক্ষেত্রত বাধা-নিষেধ উঠাই দিয়া হৈছে যদিও দেশখৰ সীমান্ত অঞ্চল সম্পূর্ণ বন্ধ থাকিব।

 

মুখ্য দিশসমূহঃ

১)নিউজিলেণ্ডত যোৱা ১৭ দিনত এটাও কৰণা পজিটিভ কেছ পোৱা নাই। মাত্র এটা পজিটিভ কেছ আছিল আৰু আক্রান্ত ব্যক্তিজনও ইতিমধ্যে আৰোগ্য হৈছে।

২) নিউজিলেণ্ডৰ প্রায় ৫ মিলিয়ন জনসাধাৰণৰ ভিতৰত ১১৫৪ টা কভিড-১৯ ত আক্রান্ত পজিটিভ কেছ পোৱা গৈছিল।

৩) দেশখনত কঠোৰভাবে ৭ সপ্তাহ লক-ডাউন ঘোষণা কৰা হৈছিল।

৪) বাধা-নিষেধ উঠাই দিয়াৰ পাছত সকলো ধৰণৰ খেল-ধেমালী, জনসমাগম, থিয়েটাৰ সকলো মুকলি হৈ পৰিব।

৫) উল্লেখযোগ্য যে কভিড-১৯ ৰ পাছত নিউজিলেণ্ডৰ Super Rugby Aotearoa হ’ব বিশ্বৰ প্রথমখন খেল প্রতিযোগিতা।

 

অর্থনীতিৰ পুনুৰুদ্ধাৰঃ

আজিৰ তাৰিখত নিউজিলেণ্ডৰ প্রধান লক্ষ্য হৈছে ইয়াৰ অর্থনীতিৰ পুনুৰুদ্ধাৰ কৰা। বিশ্ব সকলোবিলাক দেশৰ ভিতৰত অর্থনীতিৰ পুনুৰুদ্ধাৰৰ ক্ষেত্রত নিউজিলেণ্ডেই নিজৰ অর্থনীতিক শক্তিশালী কৰি নেতৃত্ব দিব লাগিব। প্রধানমন্ত্রীগৰাকীয়ে কয় যে লকডাউনৰ প্রথম পর্যায়ৰ সময়ত অর্থনীতিককৈ ৩.৮ শতাংশ তলত দেশখনৰ অর্থনীতি আৰম্ভ হ’ব।

Leave a Comment

error: Warning, you aare not allowed to copy this element