Join Assam Study Centre Channel

ৰিচার্ড ডাউকিনচ্‌ বঁটা লাভ কৰা প্রথমগৰাকী ভাৰতীয়

২০২০ বর্ষৰ ৰিচার্ড ডাউকিনচ্‌ বঁটা

ৰিচার্ড ডাউকিনচ্‌ বঁটা লাভ কৰা প্রথমগৰাকী ভাৰতীয় হিচাপে ভাৰতবাসীক গৌৰাম্বিত কৰিলে জাভেদ আখটাৰে।

বলিউদৰ বিশিষ্ট লিখক, সংগীতজ্ঞ জাভেদ আখটাৰে ২০২০ বর্ষৰ ৰিচার্ড দাউকিনচ্চ, বঁটা লাভ কৰিছে। মানৱীয় উন্নতি, মানৱৱীয় প্রমূল্যবোধ, সুক্ষ্ম চিন্তাধাৰাৰ বাবে আখটাৰে এই বঁটা লাভ কৰিছে।

বৃটিছ জীৱবিজ্ঞানী ৰিচার্ড ডাউকিনচ্‌ৰ নামত এই বঁটা ২০০৩ চনৰ পৰা ব্যক্তিগত ক্ষেত্রত শৈক্ষিক, বিজ্ঞান, মনোৰঞ্জণ আদিত পাৰদর্শিতা দেখুওৱা ব্যক্তিলৈ এই বঁটা আগবঢ়াই অহা হৈছে।

ইয়াৰ আগতে এই বটা এংলো-আমেৰিকান বুদ্ধিজীৱী, সামাজিক চিন্তাবিদ, লিখক, দার্শনিক খ্রীষ্টোফাৰ হিটচেনচ্‌ক আৰু ৰাজনৈতিক ধাৰভাষ্যকাৰ, কমেডিয়ান বিল মাহেৰক দিয়া হৈছিল।

আখটাৰক এই বঁটা প্রদান কৰাৰ পাছত তেওঁ কৃতজ্ঞতা প্রকাশ কৰি কয় যে ৰিচার্ড ডাউকিনচ্‌ৰ তেওঁ এজন অনুৰাগী আছিল। ডাউকিনচ্‌ৰ প্রথম গ্রন্থ “The Selfish Gene” পঢ়াৰ পাছৰ পৰাই তেওঁ ডাউকিনচ্‌ৰ অনুৰাগী হৈ পৰে। আখটাৰক এই বঁটা ৰাজনীতি, আর্ট, সংস্কৃতি, সমাজ, ধর্মনিৰপেক্ষতাবাদ, সাম্প্রদায়িকতাবাদ আদি  ক্ষেত্রত তেওঁ গ্রহণ কৰা বলিষ্ঠ ভূমিকাৰ বাবে প্রদান কৰা হয়। এই ক্ষেত্রত ৰিচার্ড ডাউকিনচ্‌ ফাউণ্ডেচনে আখটাৰলৈ এক মেইল প্রেৰণ কৰাৰ কথা তেওঁ জনায়।

বর্তমান ভাৰতীয় প্রেক্ষাপটত ধর্মনিৰপেক্ষতাবাদে যি আলোচনা লাভ কৰিছে সেই সময়তে আখটাৰে এই বঁটা লাভ কৰাৰ কথাটো উল্লেখনীয় দিশ। আখটাৰৰ পত্নী, বিশিষ্ট অভিনেত্রী শ্বাবানা আজমীয়ে তেওঁৰ টুইটাৰত আজি এই কথা উল্লেখ কৰে।

এই বাতৰিটো জাভেদ আখটাৰৰ কন্যা জয়া আখটাৰেও তেওঁৰ ইনষ্ট্রগাম একাউণ্টৰ যোগেদি জানিবলৈ দিয়ে । তেও কয় যে “ My Dad just won the prestigious Richard Dawkins award 2020 and he is the only Indian to have done so”। বলিউদৰ অভিনেতা অনিল কাপুৰেও টুইট কৰি জাভেদ আখটাৰক অভিনন্দন জ্ঞাপন কৰে। সেইদৰে দিয়া মির্জায়েও টুইট কৰি আখটাৰক অভিনন্দন জনায়।

জাভেদ আখটাৰৰ কর্মৰাজিঃ

ৰিচার্ড ডাউকিনচ্‌ বঁটাৰ উপৰিও জাভেদ আখটাৰে ভাৰতীয় চিনেমা জগতলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে আন বহুতো কৃতিত্ব অর্জন কৰি থৈছে। বিশিষ্ট গীতিকাৰ, কাহিনীলিখক, কবি গৰাকীয়ে ৫ টা ৰাষ্ট্রীয় বঁটা ইতিমধ্যে লাভ কৰিছে। বর্ডাৰ, লগান, ৰিফিউজী, গডমাদাৰ, চাজ বোলছবিৰ বাবে তেওঁ এই বঁটা লাভ কৰিছিল। ২০১৩ চনত তেওঁ উর্দু ভাষাত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ১৯৯৯ চনত তেওঁ পদ্মশ্রী বঁটা আৰু ২০০৭ বর্ষত তেওঁ পদ্মভূষণ বঁটা লাভ কৰিছিল।

বলিউদৰ চিৰসেউজ বোলছবি সমূহৰ ভিতৰত তেওঁ শ্বোলে, দিৱাৰ, জঞ্জীৰ আদি চিনেমা প্রধান। বলিউদৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনে এইকেইখন বোলছবিৰ যোগেদি প্রতিষ্ঠা লাভ কৰিছিল।

ৰিচার্ড ডাউকিনচ্‌ বঁটাৰ বিষয়েঃ

এথিষ্ট এলায়েঞ্চ আমেৰিকাই ৰিচার্ড ডাউকিনচ্‌ বটাঁ প্রত্যেক বছৰে আগবঢ়াই আহিছে। ডাউকিন আছিল এজন ইংৰাজ জীৱবিজ্ঞানী। ২০১৩ বর্ষৰ Reader’s Poll মতে তেওঁ বিশ্বৰ আগশাৰীৰ চিন্তাবিদ আছিল।

এই বঁটা শিক্ষা, মনোৰঞ্জন, বিজ্ঞান, স্কলাৰশ্বিপ আদি ক্ষেত্রখনত বিশিষ্ট অৱদান আগবঢ়োৱা বিশ্বৰ এজন ব্যক্তিক প্রদান কৰা হয়।

Leave a Comment

error: Warning, you aare not allowed to copy this element