Join Assam Study Centre Channel

Daily Current Affairs G.K. 08-06-2020

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত উত্তৰাখণ্ডৰ গ্রীস্মকালীন ৰাজধানী, কভিড মুক্ত ৰাষ্ট্র, উড়িষ্যাৰ নতুন ৰাজ্যিক গীত, ARPIT উদ্ধাৰকাৰী Pod আদিৰ ওপৰত প্রস্তুত কৰা হৈছে।

 

আজিৰ  প্রশ্নোত্তৰঃ

 

১) তলৰ কোনটো অঞ্চলক উত্তৰাখণ্ডৰ নতুন গ্রীস্মকালীন ৰাজধানী হিচাপে ঘোষণা কৰা হৈছে ?

ক) ঋষিকেশ

খ) কাশীপুৰ

গ) ৰামনগৰ

ঘ) ভৰাইচেন

 

২) কোনখন ৰাষ্ট্রই  নিজকে কভিড মুক্ত ৰাষ্ট্র হিচাপে ঘোষণা কৰিছে ?

ক) অষ্ট্রেলিয়া

খ) দক্ষিণ কোৰিয়া

গ) চুইডেন

ঘ) নিউজিলেণ্ড

 

৩) ভাৰতৰ খাদ্য সুৰক্ষা সুচকৰ ক্ষেত্রত কোনখন ৰাজ্য শীর্ষস্থানত আছে ?

ক) মধ্যপ্রদেশ

খ) গুজৰাট

গ) মহাৰাষ্ট্র

ঘ) তেলেংগানা

 

৪) ভাৰতৰ কোনখন কেন্দ্রীয় শাষিত অঞ্চল খাদ্য সুৰক্ষা সুচকত শীর্ষস্থান আছে ?

ক) দিল্লী

খ) আন্দামান নিকোবৰ দীপপুঞ্জ

গ) পুডুচেৰী

ঘ) চণ্ডীগড়

 

৫) কোনখন ৰাজ্যই “বন্দে উৎকল জননী”ক নিজৰ ৰাজ্যিক সঙ্গীত হিচাপে ঘোষণা কৰিছে ?

ক) উড়িষ্যা

খ) ত্রিপুৰা

গ) মণিপুৰ

ঘ) ঝাৰখণ্ড

 

৬) শক্তিখণ্ক আগবঢ়াই নিবৰ বাবে ভাৰতে কোনখন ৰাষ্ট্রৰ লগত এখন চুক্তিত স্বাক্ষৰ কৰিছে ?

ক) চুইজাৰলেণ্ড

খ) জার্মানী

গ) ডেনমার্ক

ঘ) নৰ‍ৱে

 

৭) থলুৱাভাবে ভাৰতত কোনে ARPIT – Airborne Rescue Pod নির্মাণ কৰি উলিয়াইছে ?

ক) IAF

খ) DRDO

গ) ISRO

ঘ) ICMR

 

৮) কোনখন দেশক প্রত্যাহব্বান জনাবলৈ বিশ্বৰ বিভিন্ন দেশৰ আইনপ্রণেতা সকলে আন্তঃসংসদীয় মৈত্রী গঠন কৰিছে ?

ক) আমেৰিকা

খ) ইৰাণ

গ) চীন

ঘ) ইজৰাইল

 

 

উত্তৰসমূহঃ

 

 

১) ভৰাইচেন

চামোলি জিলাৰ ভৰাইচেন অঞ্চলক উত্তৰাখণ্ডৰ নতুন গ্রীস্মকালীন ৰাজধানী হিচাপে ঘোষণা কৰা হৈছে। জম্মু-কাশ্মীৰৰ পাছতে এখন ৰাজ্যৰ দুখন ৰাজধানী থকা উত্তৰাখণ্ড হৈছে ভাৰতৰ দ্বিতীয়খন ৰাজ্য।

 

২) নিউজিলেণ্ড

নিউজিলেণ্ডে নিজকে কৰণামুক্ত ৰাষ্ট্র হিচাপে ঘোষণা কৰিছে। ইয়াৰ লগে লগে দেশখনত লকডাউনত থকা সকলোবিলাক বাধা-নিষেধ আতৰি গৈছে।

 

৩) গুজৰাট

FSSAI এ ৭ জুন, ২০২০ ত প্রকাশ কৰা মতে ভাৰতৰ বৃহৎ ৰাজ্যসমুহৰ ভিতৰত গুজৰাটে আৰু সৰু ৰাজ্যবিলাকৰ ভিতৰত গোৱাই  খাদ্য সুৰক্ষা সুচকত শীর্ষস্থান অধিকাৰ কৰিছে।

 

৪) চণ্ডীগড়

কেন্দ্রীয় শাসিত অঞ্চলবিলাকৰ ভিতৰত চণ্ডীগড়ে খাদ্য সুৰক্ষা সুচকৰ ক্ষেত্রত শীর্ষস্থান লাভ কৰিছে। ইয়াৰ পাছতে ক্রমে দিল্লী আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জই স্থান লাভ কৰিছে।

 

৫) উড়িষ্যা

উড়িষ্যাৰ ৰাজ্যিক কেবিনেটে ৭ জুন, ২০২০ তাৰিখে সিদ্ধান্ত গ্রহন কৰে যে “বন্দে উৎকল জননী” তেওঁলোকৰ ৰাজ্যিক সংগীত হ’ব। এই বিশেষ বিষয়টো আৰম্ভণি হৈছিল কভিড-১৯ ৰ বিৰুদ্ধে ৰাজ্যখনত যিসকল ব্যক্তিয়ে যুঁজ দি আছিল, তেওঁলোকৰ বাবে কৃতজ্ঞতা প্রকাশ কৰি কই গীতটি গাবৰ বাবে অনুৰোধ জনোৱাৰ পাছৰ পৰা।

 

৬) ডেনমার্ক

শক্তিখণ্ডত সহযোগিতাৰ বাবে ভাৰত আৰু ডেনমার্কে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। শক্তিখণ্ডত বলিষ্ঠ আৰু দীর্ঘম্যাদী সহযোগিতাৰ লক্ষ্য বান্ধি এই চুক্তি স্বাক্ষৰ কৰা হৈছে।

 

৭) IAF

ভাৰতীয় বায়ু সেনা (Indian Air Force) চমুকৈ IAF এ ARPIT নামৰ এক আকাশী উদ্ধাৰকাৰী ব্যবস্থাৰ উদ্ভাবন কৰিছে। গুৰুতৰভাবে আক্রান্ত ৰোগীসকল বিশেষকৈ কভিড-১৯ ত আক্রান্ত লোকসকলক দুর্গম অঞ্চলৰ পৰা কঢ়িয়াবলৈ ইয়াক ব্যবহাৰ কৰা হ’ব।

 

৮) চীন

আমেৰিকা, ইংলণ্ডকে ধৰি বিশ্বৰ আগশাৰীৰ ৮ খন দেশৰ আইনপ্রণেতাসকলে চীনক প্রত্যাহব্বান জনাবলৈ এক আন্তঃসংসদীয় মৈত্রী গঠন কৰিছে। গোলকীয় বাণিজ্য, মানব অধিকাৰ, নিৰাপত্তাৰ ক্ষেত্রত চীনৰ পৰা আহিব পৰা ভাবুকিৰ পৰিপ্রেক্ষিতত এই মৈত্রী গঠন কৰা হৈছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element