Join Assam Study Centre Channel

Daily Current Affairs Quiz 29th June 2020

Daily Current Affairs Quiz হৈছে Assam Study Centreৰ এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে । Daily Current Affairs Quiz 29th June 2020 ত  প্লাজমা বেংক, প্রজেক্ট প্লেটিনা, সন্ত্রাসবাদীৰ আক্রমণ,  মধ্যপ্রদেশৰ ৰাজ্যপাল আদি বিষয় সামৰি লোৱা হৈছে।

 

Daily Current Affairs Quiz 29th June 2020 – আজিৰ প্রশ্নোত্তৰ

 

) ভাৰতৰ প্রথম প্লাজমা বেংক কোনখন ৰাজ্যত স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছে ?

ক) উত্তৰ প্রদেশ

খ) কর্ণাটক

গ) কেৰেলা

ঘ) দিল্লী

 

)  “প্রজেক্ট প্লেটিনা” নামৰ বিশ্বৰ সর্ববৃহৎ প্লাজমা থেৰাপী পৰীক্ষামূলক ভাবে কোনখন ৰাজ্যত আৰম্ভ কৰা হৈছে ?

ক) দিল্লী

খ) কর্ণাটক

গ) কেৰেলা

ঘ) মহাৰাষ্ট্র

 

) মধ্যপ্রদেশৰ ৰাজ্যপাল হিচাপে তলৰ কাক অতিৰিক্তভাবে দায়িত্ব দিয়া হৈছে ?

ক) বাজুভাই বালা

খ) আচার্য দেভব্রত

গ) আনন্দীবেন পেটেল

ঘ) ভগত সিং কোষাৰী

 

) মহাৰাষ্ট্রই ৰাজ্যখনত লকডাউনৰ সময়সীমা কেতিয়ালৈ বৃদ্ধি কৰিছে ?

ক) ১৫ জুলাই

খ) ৩১ জুলাই

গ) ৩১ আগষ্ট

ঘ) ২২ জুলাই

 

)  উদ্যোগিক নিৰাপত্তাৰ বাবে ভাৰতৰ কোন ৰাজ্যই বিশেষ নিৰাপত্তা বাহিনী গঠন কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ?

ক) অন্ধ্রপ্রদেশ

খ) মহাৰাষ্ট্র

গ) উত্তৰপ্রদেশ

ঘ) মধ্যপ্রদেশ

 

) তলৰ কোনখন ৰাজ্যৰ ৰাষ্ট্রপতিয়ে তেওঁলোকৰ ঐতিহাসিক কীর্তিচিহ্ন সমূহ সংৰক্ষণৰ বাবে এক আদেশত স্বাক্ষৰ প্রদান কৰিছে ?

ক) ইংলণ্ড

খ) আমেৰিকা

গ) ফ্রান্স

ঘ) ৰাছিয়া

 

)  কেন্দ্রীয় চৰকাৰে কোনখন ৰাজ্য / কেন্দ্রীয় শাসিত অঞ্চলৰ বাজেট চাৰি গুণ বৃদ্ধি কৰিছে ?

ক) জম্মু কাশ্মীৰ

খ) দিল্লী

গ) পুডুচেৰী

ঘ) লাডাখ

 

)   তলৰ কোনখন ৰাষ্ট্রৰ ষ্টক একচেঞ্জত ২৯ জুন ২০২০ তাৰিখে সন্ত্রাসবাদীৰ আক্রমণ সংঘটিত হয় ?

ক) ভাৰত

খ) ভিয়েটনাম

গ) থাইলেণ্ড

ঘ) ফিলিপাইনচ

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

উত্তৰসমূহঃ

 

১) দিল্লী

দিল্লীৰ চৰকাৰে কভিড- ১৯ ৰোগীসকলৰ বাবে ৰাজ্যখনৰ ৰাজধানীত এটা প্লাজমা বেংক স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰিছে ।

 

২) মহাৰাষ্ট্র

মহাৰাষ্ট্রত মুখ্যমন্ত্রী উদ্ধৱ বালাচাহেব থাকৰেই ২৯ জুন তাৰিখে “প্রজেক্ট প্লেটিনা” নামৰ বিশ্বৰ আটাইতকৈ বৃহৎ প্লাজমা থেৰাপি সেৱাৰ শুভাৰম্ভ কৰে । কভিড-১৯ ত গুৰুতৰভাবে আক্রান্ত ৰোগীসকলক বিনামূলীয়াকৈ এই চিকিৎসা প্রদান কৰা হ’ব।

 

৩)  আনন্দিবেন পেটেল

ৰাষ্ট্রপতি ৰাময়াথ কোবিন্দে উত্তৰপ্রদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেলক সাময়িকভাবে মধ্যপ্রদেশৰ ৰাজ্যপালৰ দায়িত্ব প্রদান কৰিছে। তেখেতে মধ্যপ্রদেশৰ ৰাজ্যপাল লাল জি টেণ্ডনৰ অনুপস্থিতিত দায়িত্ব পালন কৰিব। উল্লেখযোগ্য যে মধ্যপ্রদেশৰ ৮৫ বছৰীয়া ৰাজ্যপালগৰাকীক উশাহ-নিশাহত কষ্ট পোৱাৰ বাবে ১১ জুনত চিকিৎসালয়ত ভর্তি কৰোৱা হৈছে ।

 

৪) ৩১ জুলাই

কভিড-১৯ ৰ ব্যাপক সংক্রমণৰ বাবে মহাৰাষ্ট্রৰ চৰকাৰে ৰাজ্যখনত লকডাউনৰ সময়সীমা ৩১ জুলাইলৈকে বৃদ্ধি কৰিছে ।

 

৫) উত্তৰপ্রদেশ

উত্তৰপ্রদেশ চৰকাৰে ৰাজ্যখনৰ উদ্যোগিক ক্ষেত্রখনৰ নিৰাপত্তাৰ বাবে এক বিশেষ নিৰাপত্তা বাহিনী গঠন কৰিব। এই বাহিনীটোৱে বেংক, এয়াৰপর্ট, মেট্র ৰেল, আদালত, উদ্যোগ আৰু ৰাজ্যখনৰ অন্যান্য গুৰুত্বপূর্ণ অনুষ্ঠানসমূহত নিৰাপত্তা প্রদান কৰিব ।

 

৬) আমেৰিকা

আমেৰিকাৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে ৰাষ্ট্রখনৰ ঐতিহাসিক কীর্তিচিহ্নসমূহ সংৰক্ষণৰ বাবে ২৬ জুন তাৰিখে এক আদেশত স্বাক্ষৰ প্রদান কৰিছে।

 

৭) লাডাখ

কেন্দ্রীয় মন্ত্রী হৰদীপ পুৰীয়ে ২৯ জুন তাৰিখে কে ঘোষণা কৰি কয় যে লাডাখ অটনমাচ হিল ডেভেলপমেণ্ট কাউন্সিল ৰ বাবে বাজেটত আৱণ্টিত ধন চাৰিগুণ বৃদ্ধি কৰা হৈছে ।

 

৮) পাকিস্থান

২৯ জুন ২০২০ তাৰিখে পাকিস্থানৰ ষ্টক একচেঞ্জত অস্ত্র লৈ অহা কেইজনমান ব্যক্তিয়ে আক্রমণ কৰে । এই  আক্রমণত ২ জন নিৰাপত্তাৰক্ষী, এজন পুলিচ নিহত হয়। লগতে ৪ জন বন্দুকধাৰীও প্রত্যাক্রমণত নিহত হয়।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element