Join Assam Study Centre Channel

Daily Current Affairs Quiz 30th June 2020

Daily Current Affairs Quiz হৈছে Assam Study Centreৰ এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে ।

আজিৰ Daily Current Affairs Quiz ত  কভিড- ১৯ ৰ ভাৰতৰ প্রথম প্রতিষেধক, চীনা এপ্লিকেশ্বন নিষিদ্ধ, চৈয়দ আলি শ্বাহ গিলানী, আদি বিষয় সামৰি লোৱা হৈছে।

 

Daily Current Affairs Quiz – আজিৰ প্রশ্নোত্তৰ

 

) কভিড- ১৯ ৰ ভাৰতৰ প্রথম প্রতিষেধকটোৰ নাম কি ?

ক) কভিন

খ) কৰিল

গ) কৰিচ

ঘ) কভাক্সিন  

 

)  আনলক  লকডাউনৰ পর্য্যায় ২.০ ত ভাৰতত কণ্টেইনমেণ্ট জ’নত লকডাউন কিমাত তাৰিখলৈকে বৃদ্ধি কৰিছে ?

ক) ৩১ আগষ্ট

খ) ১৫ জুলাই

গ) ৩১ জুলাই

ঘ) ১৪ আগষ্ট

 

) সার্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে ভাৰতে কিমানটা চীনা এপ্লিকেশ্বনক নিষিদ্ধ কৰিছে ?

ক) ৫৯ টা

খ) ৬৫ টা

গ) ৬৯ টা

ঘ) ৪৪ টা

 

) কেন্দ্রীয় চৰকাৰে “প্রধানমন্ত্রী গৰীৱ কল্যাণ যোজনা” কোন মাহলৈকে বৃদ্ধি কৰিছে ?

ক) আগষ্ট ২০২০

খ) নবেম্বৰ ২০২০

গ) অক্টোবৰ ২০২০

ঘ) ডিচেম্বৰ ২০২০

 

)  তলৰ কোনখন ৰাষ্ট্রই বিতর্কিত ৰাষ্ট্রীয় নিৰাপত্তা আইন গৃহীত কৰিছে ?

ক) চীন

খ) নেপাল

গ) পাকিস্থান

ঘ) ভাৰত

 

) ভাৰতৰ কোনখন ৰাজ্যই লোকেল ট্রেইনত আদালতৰ কর্মচাৰী, বেংকৰ কর্মচাৰীক  অহা-যোৱা কৰিবৰ বাবে ৰেল বিভাগক অনুৰোধ কৰিছে?

ক) উত্তৰপ্রদেশ

খ) কর্ণাটক

গ) মহাৰাষ্ট্র

ঘ) দিল্লী

 

)  কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা চৈয়দ আলি শ্বাহে তলৰ কোনটো ৰাজনৈতিক দলৰ পৰা পদত্যাগ কৰিছে ?

ক) নেশ্বনেল কনফাৰেন্স

খ) হুৰিয়ত কনফাৰেন্স

গ) পিপুলচ ডেমক্রেটিক পার্টি

ঘ) জম্মু কাশ্মীৰৰ ডেমক্রেটিক ফ্রিডম পার্টি

 

)   ইৰাণে তলৰ কোনজন বিশ্ব নেতাক আটক কৰিবৰ বাবে গ্রেপ্তাৰী পৰোৱা্না জাৰি কৰিছে ?

ক) ডনাল্ড ট্রাম্প

খ) ভ্লাডিমিৰ পুটিন

গ) জিনপিঙ

ঘ) ৰজা চলমান

 

উত্তৰসমূহঃ

১) কভাক্সিন

ভাৰতৰ ঔষধ নির্মাতা কোম্পানী “ভাৰত বায়টেক”ক ড্রাগ কণ্ট্রলাৰ জেনেৰেল অৱ ইণ্ডিয়াই কভিড-১৯ ৰ প্রতিষেধক “কভাক্সিন’ক পৰীক্ষা কৰিবৰ বাবে অনুমতি প্রদান কৰিছে। ইয়াৰ লগে লগে কোম্পানীটোৱে কভাক্সিনক Phase 1 আৰু Phase 2 ত মানৱ দেহৰ ওপৰত পৰীক্ষা কৰিবলৈ সুযোগ পালে।

 

২) ৩১ জুলাই

কেন্দ্রীয় গৃহ মন্ত্রণালয়ে আনলক লকডাউন ২.০ ত কণ্টেইনমেন জ’নত লকডাউনৰ সময়সীমা ৩১ জুলাইলৈকে বৃদ্ধি কৰিছে ।

 

৩)  ৫৯ টা

ভাৰতৰ তথ্য প্রযুক্তিবিদ্যা বিভাগে ৫৯ টা চীনা মবাইল এপ্লিকেশ্বন ভাৰতত নিষিদ্ধ কৰিছে ।  এক আদেশৰ যোগেদি বিভাগটোৱে কয় যে এই এপ্লিকেশ্বনবিলাকে ভাৰতৰ সার্বভৌমত্ব, নিৰাপত্তা, প্রতিৰক্ষা আৰু সমাজত বিশৃংখলতাৰ সৃষ্টি কৰাৰ সম্ভাৱনা বেছি।

 

৪) নৱেম্বৰ ২০২০

ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে এক গুৰুত্বপূর্ণ ঘোষণা কৰি কয় যে কেন্দ্রীয় আচঁনি “গৰীৱ কল্যাণ যোজনা”ৰ সময়সীমা নৱেম্বৰ মাহৰ শেষলৈকে বৃদ্ধি কৰা হৈছে ।

 

৫) চীন

চীনৰ সংসদে ৩০ জুন ২০২০ তাৰিখে হংকঙক লৈ এখন বিতর্কিত ৰাষ্ট্রীয় নিৰাপত্তা আইন গৃহীত কৰে।

 

৬) মহাৰাষ্ট্র

মহাৰাষ্ট্রৰ চৰকাৰে উচ্চ ন্যায়ালয়, ৰাজহুৱা বেংক আৰু বিভিন্ন কেন্দ্রীয় প্রতিষ্ঠান বিভাগৰ কর্মচাৰীসকলক স্থানীয় ৰেলত অহা-যোৱা কৰিবলৈ অনুমতি দিবৰ বাবে ৰেল বিভাগক অনুৰো্ধ জনাইছে । অৱশ্যে শেষ সিদ্ধান্ত বর্তমান ৰেল বিভাগৰ ওপৰত নির্ভৰ কৰিছে।

 

৭) হুৰিয়ৎ কনফাৰেন্স

কাশ্মীৰৰ বৃহৎ বিচ্ছিন্নতাবাদী ৰাজনৈতিক শক্তি হুৰিয়ত কনফাৰেন্সৰ পৰা চৈয়দ আলি শ্বাহ গিলানীয়ে পদত্যাগ কৰিছে। ৯০ বছৰীয়া গিলানী কাশ্মীৰৰ বিচ্ছিন্নতাবাদী শক্তিৰ উল্লেখযোগ্য নেতা হিচাপে সকলোৰে পৰিচিত। কাশ্মীৰত হত্যা, উগ্রবাদ বৃদ্ধিৰ বাবে গিলানীক দোষাৰোপ প্রায়ে কৰি থকা হয়।

 

৮) ডনাল্ড ট্রাম্প

 ইৰানিয়ান জেনেৰেল কাছিম চোলেমানিৰ হত্যাৰ ক্ষেত্রত ইৰাণে আমেৰিকাৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পক দোষী সাব্যস্ত কৰিছে। এই বাবে ট্রাম্পক আটক কৰিবৰ বাবে ইৰাণে এখন গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে । এইক্ষেত্রত ইৰাণে ইণ্টাৰপলক এখন “ৰেড নটিচ” দিবলৈ অনুৰোধ জনাইছে।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element