Daily Current Affairs Quiz | 28-06-2020

Assam Study Centreৰ Daily Current Affairs Quiz হৈছে এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে ।

আজিৰ Daily Current Affairs Quiz ত  মুক্তিযোদ্ধাৰ কল্যাণ, এছিয়ান, ফিনলেণ্ডত ভাৰতৰ নতুন ৰাষ্ট্রদুত, পষ্টেল বেলট ভোট আদি বিষয় সামৰি লোৱা হৈছে।

 

Daily Current Affairs Quiz – আজিৰ প্রশ্নোত্তৰ

 

) মুক্তিযোদ্ধাসকলৰ কল্যাণৰ দিশ চোৱা-চিতা কৰিবলৈ কাৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছে ?

ক) এন কে সিং

খ) জি কিষণ ৰেড্ডী

গ) অজয় কুমাৰ ভালা

ঘ) নিত্যানন্দ ৰায়

 

)  ফিনলেণ্ডৰ নতুন ৰাষ্ট্রদুত হিচাপে ভাৰতৰ কাক নিযুক্তি দিয়া হৈছে ?

ক) বাণী ৰাও

খ) ৰবীশ কুমাৰ

গ) গায়ত্রী আই কুমাৰ

ঘ) ভিনয় কুমাৰ

 

) ভাৰতৰ কোন গৰাকী লিখকে ২০২০ বর্ষৰ “Commonwealth Short Story Award” ৰ এছিয়াৰ আঞ্চলিক বঁটা লাভ কৰিছে ?

 

ক) কৃতিকা পাণ্ডে

খ) আৰবিন্দ আদিগা

গ) মাধুৰী বিজয়

ঘ) বিক্রম শেঠ

 

) “Employees Provident Fund Organisation” এ তেওঁলোকৰ পেন্সনাৰসকলৰ বাবে ডিজিটেল লাইফ চার্টিফিকেটৰ বাবে কাৰ লগত পার্টনাৰশ্বিপ কৰিছে ?

ক) ইণ্ডিয়া পষ্ট পেমেণ্ট বেংক

খ) কমন চার্ভিচ চেণ্টাৰ

গ) পাচপর্ট সেৱা কেন্দ্র

ঘ) UIDAI

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

)  ভাৰতৰ চেম্বার্চ অৱ কমার্চৰ মুখ্য কার্যালয় ক’ত অৱস্থিত ?

ক) মুম্বাই

খ) এলাহাবাদ

গ) কলকাতা

ঘ) নিউ দিল্লী

 

) তলৰ কোনটো কোম্পানীয়ে তেওঁলোকৰ মুখ চিনাক্তকৰণ চফটৱেৰ ব্যবহাৰ কৰাত পুলিচক নিষিদ্ধ কৰিছে ?

ক) গুগল

খ) এপল

গ) আই বি এম

ঘ) এমাজন

 

)  ভাৰতৰ আইন মন্ত্রণালয়ে শেহতীয়াকৈ জ্যেষ্ঠ নাগৰিকৰ বাবে থকা পষ্টেল বেলট ভোটৰ বয়সৰ সময় সীমা কিমান বছৰলৈ হ্রাস কৰিছে ?

ক) ৬০

খ) ৬৫

গ) ৭০

ঘ) ৮০

 

)   ৩৬ সংখ্যক এচিয়ান সন্মিলনত সভাপতিত্ব কোনে কৰিছিল ?

ক) ভাৰত

খ) ভিয়েটনাম

গ) থাইলেণ্ড

ঘ) ফিলিপাইনচ

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

Daily Current Affairs Quiz উত্তৰসমূহঃ

 

১) জি কিষাণ ৰেড্ডী

কেন্দ্রীয় গৃহ বিভাগে জি কিষাণ ৰেড্ডীৰ নেতৃত্বত দেশৰ মুক্তিযোদ্ধাসকলৰ কল্যাণৰ দিশ চোৱা-চিতা কৰিবলৈ এখন কমিটি গঠন কৰি দিছে । কমিটি খনত দেশৰ বিশিষ্ট অন্যান্য ৯ জন মুক্তিযোদ্ধাক সদস্য হিচাপে অন্তভূক্ত কৰা হৈছে ।

 

২) ৰবীশ কুমাৰ

বিশিষ্ট কুটনীতিবিদ আৰু বৈদেশিক মন্ত্রণালয়ৰ প্রাক্তন মুখপত্র ৰবীশ কুমাৰক ফিনলেণ্ডৰ নতুন ৰাষ্ট্রদুত হিচাপে নিযুক্তি দিয়া হৈছে । কুমাৰ ১৯৯৫ চনৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আছিল।

Daily Current Affairs Quiz

 

৩)  কৃতিকা পাণ্ডে

ভাৰতীয় লিখক কৃতিকা পাণ্ডেয়ে “Commonwealth Short Story” বঁটা এছিয়াৰ আঞ্চলিক শিতানত লাভ কৰিছে । তেওঁ গুৰুত্বপূর্ণ গ্রন্থ “The Great Indian Tee and Snakes” শীর্ষক গ্রন্থৰ বাবে এই বঁটা লাভ কৰিছে ।

 

৪) কমন চার্ভিচ চেণ্টাৰ

Employees Provident Fund Organisation এ পেন্সনাৰসকলৰ লাইফ চার্টিফিকেট প্রদান কৰিবৰ বাবে কমন চার্ভিচ চেণ্টাৰৰ লগত একেলগে কাম কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে । ইয়াৰ ফলত দেশৰ প্রায় ৬৫ লাখ পেন্সনাৰে কমন চার্ভিচ চেণ্টাৰৰ যোগেদি ডিজিটেল লাইফ চার্টিফিকেট দাখিল কৰিব পাৰিব।

 

৫) কলকাতা

ভাৰতৰ চেম্বার্চ অৱ কমার্চৰ মুখ্য কার্যালয় কলকাতাত অৱস্থিত । ১৯২৫ চনত এই সংস্থাটো গঠন কৰা হৈছিল ।

 

৬) এমাজন

এমাজনে ইয়াৰ এটা গুৰুত্বপূর্ণ চফটৱেৰ “Rekognition” শেহতীয়াকৈ পুলিচক ব্যবহাৰ কৰা নিষিদ্ধ কৰিছে । আমেৰিকাত এই চফটৱেৰ পুলিচে অপব্যবহাৰ কৰাক লৈ তীব্র প্রতিবাদ সংঘটিত হৈছিল। ইয়াৰ পাছতে এমাজনে পুলিচে ইয়াক ব্যবহাৰ কৰাত নিষিদ্ধতা কৰে।

 

Daily Current Affairs Quiz

 

৭) ৬৫ বছৰ

শেহতীয়াকৈ ভাৰতৰ আইন মন্ত্রণালয়ে দেশৰ জ্যেষ্ঠ নাগৰিকৰ বাবে থকা পষ্টেল বেলটৰ যোগেদি ভোটদানৰ বয়সৰ সীমা হ্রাস কৰিছে । বর্তমান এই সীমা ৬৫ বছৰলৈ হ্রাস কৰা হয় । তদুপৰি কোৱা হৈছে যে কোনো কভিড-১৯ ত আক্রান্ত ব্যক্তিয়েও এই সুবিধা ল’ব পাৰিব । ইয়াৰ পূর্বে আইন বিভাগে ২০১৯ চনত পষ্টেল বেলটৰ সুবিধা ৮০ বছৰ উর্দ্ধৰ জ্যেষ্ঠ নাগৰিকক প্রদান কৰিছিল। উল্লেখযোগ্য যে এই সুবিধা লাভ কৰা ভাৰতৰ প্রথমখন ৰাজ্য হ’ব বিহাৰ।

 

৮) ভিয়েটনাম

দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্রসমূহৰ সংগঠন চমুকৈ এছিয়ানৰ ৩৬ সংখ্যক সন্মিলন ভিডিও কনফাৰেন্সিংৰ যোগেদি সমাপ্ত হয়। এই সন্মিলনত ভিয়েটনামে সভাপতিত্ব কৰিছিল। এইবছৰৰ সন্মিলনৰ প্রধান শ্লোগান আছিল “ Cohesive and Responsive ASEAN”।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave A Reply

Your email address will not be published. Required fields are marked *