Join Assam Study Centre Channel

Daily Current Affairs Quiz | 26-06-2020

Assam Study Centreৰ Daily Current Affairs Quiz হৈছে এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে কুইজ আকাৰত কাৰেণ্ট এফেয়ার্চ সমূহ আগবঢ়াই অহা হৈছে ।

Daily Current Affairs Quiz | 26-06-2020

Daily Current Affairs Quiz ত আজি আন্তঃৰাষ্ট্রীয় বিমান সেৱা বাতিলকৰণ, গোধন ন্যায় যোজনা, ২০২৩ চনৰ  ফিফাৰ মহিলা বিশ্বকাপ আদি বিষয় সামৰি লোৱা হৈছে।

 

আজিৰ Daily Current Affairs Quiz – প্রশ্নোত্তৰ

) কিমান তাৰিখলৈকে ভাৰতৰ পৰা আৰু ভাৰতলৈ চলাচল কৰা সকলো ধৰণৰ বাণিজ্যিক বিমানৰ সেৱা বাতিল কৰা হৈছে ? 

ক) ১ জুলাই

খ) ১৫ জুলাই

গ) ৩১ জুলাই

ঘ) ২২ জুন

) ভাৰতৰ কোনখন ৰাজ্যই গোধন ন্যায় যোজনা ঘোষণা কৰিছে ?

ক) ঝাৰখণ্ড

খ) চট্টিশগড়

গ) বিহাৰ

ঘ) উড়িষ্যা

) Drug Abuse and Illicit Trafficking ৰ আন্তঃৰাষ্ট্রীয় দিৱস কেতিয়া উদ্‌যাপন কৰা হয় ?

ক) ২৭ জুন

খ) ২৬ জুন

গ) ২৫ জুন

ঘ) ২৪ জুন

Daily Current Affairs Quiz

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

) “Navigating the New Normal” নামৰ আচৰণৰ পৰিৱর্তনৰ এক অভিযান ভাৰতত কোনে আৰম্ভ কৰিছে ?

ক) নীতি আয়োগ

খ) আই চি এম আৰ

গ) স্বাস্থ্য বিভাগ

ঘ) গৃহ বিভাগ

)  ২০২৩ বর্ষৰ ফিফাৰ মহিলা বিশ্বকাপ প্রতিযোগিতা কোনখন দেশে অনুষ্ঠিত কৰিব?

ক) ব্রাজিল

খ) কলম্বিয়া

গ) জাপান

ঘ) অষ্ট্রেলিয়া, নিউজিলেণ্ড

) ২০১৯ বর্ষৰ ফিফাৰ মহিলা বিশ্বকাপ কোনখন দেশত অনুষ্ঠিত হৈছিল ?

ক) আমেৰিকা

খ) বেলজিয়াম

গ) ফ্রান্স

ঘ) জার্মানী

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

)  হংকঙৰ নিৰাপত্তা আইনৰ ওপৰত চীনক বাধা দিবৰ বাবে কোনখন দেশে এখন বিল গৃহীত কৰিছে ?

ক) ইংলণ্ড

খ) আমেৰিকা

গ) জার্মানী

ঘ) ৰাছিয়া

) কোনখন দেশৰ মহাকাশ নিগমে ২০২৩ বর্ষত প্রথমগৰাকী মহাকাশ পর্য্যটকক মহাকাশলৈ নিয়াৰ পৰিকল্পনা কৰিছে ?

ক) আমেৰিকা

খ) ফ্রান্স

গ) চীন

ঘ) ৰাছিয়া

উত্তৰসমূহঃ

 

১) ১৫ জুলাই

ভাৰতৰ পৰা আৰু ভাৰতলৈ অহা সকলোধৰণৰ বাণিজ্যিক যাত্রীবাহী বিমানৰ চলাচল ১৫ জুলাই ২০২০ লৈকে কভিদ-১৯ ৰ পৰিপ্রেক্ষিতত বাতিল কৰা হৈছে। অসামৰিক বিমানসেৱাৰ ডাইৰেক্টৰ জেনেৰেলে এক জাননী এই সম্পর্কত জাৰি কৰে ।

২) চট্টিশগড়

২৫ জুন ২০২০ তাৰিখে চট্টীশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলে ৰাজ্যখনত “গোধন ন্যায় যোজনা” ঘোষণা কৰে ।এই আচঁনিৰ অধীনত চৰকাৰে পশুপালকসকলৰ পৰা গোবৰ নিদিষ্ট মুল্যত সংগ্রহ কৰিব। লগতে মুকলিকৈ পদপথত ঘুৰি ফুৰা গৰুসমূহক বাধা দিয়া হ’ব। আশাকৰা হৈছে এই আচঁনিৰ যোগেদি গো-পালকসকল বাণিজ্যিকভাবে উপকৃত হ’ব।

৩)  ২৬ জুন

Drug Abuse and Illicit Trafficking দিৱস ২০২০ চনৰ  ২৬ জুন তাৰিখে    উদ্‌যাপন কৰা হয়। এইবছৰৰ এই দিৱসৰ শ্লোগান আছিল “Better Knowledge for Better Care”।

৪) নীতি আয়োগ

২৫ জুন তাৰিখে নীতি আয়োগে দেশৰ জনসাধাৰণৰ আচৰণগত পৰিৱর্তনৰ বাবে “Navigating the New Normal” শীর্ষক এক অভিযান আৰম্ভ কৰিছে। মহামাৰী কৰণাৰ বিৰুদ্ধে যুঁজিবলৈ কেনে ধৰণৰ নীতি-নিয়াম জনসাধাৰণে মানি চলা উচিত ইয়াৰ ওপৰত এই অভিযানে কাম কৰিব।

৫)  অষ্ট্রেলিয়া, নিউজিলেণ্ড

২০২৩ বর্ষৰ ফিফাৰ মহিলা বিশ্বকাপ যুটীয়াভাবে অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডে অনুষ্ঠিত কৰিব। ৩৭ জনীয়া ফিফাই ভোটৰ যোগেদি দেশদুখনক নির্বাচিত কৰে । অষ্ট্রেলিয়া আৰু নিউজিলেণ্ডে ৩৫ টা ভোট লাভ কৰি প্রতিযোগিতাখন অনুষ্ঠিত কৰাৰ অনুমতি লাভ কৰে । কলম্বিয়াই ১৩ টা ভোট লাভ কৰে ।

৬) ফ্রান্স

২০১৯ বর্ষৰ ফিফাৰ মহিলা বিশ্বকাপ প্রতিযোগিতা ফ্রান্সত অনুষ্ঠিত হৈছিল । চুড়ান্ত খেলখনত আমেৰিকাই নেডাৰলেণ্ডক ২ – ০ গলত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰ আৰু মুঠ ৪ বাৰ বিজয়ীৰ সন্মান লাভ কৰে।

৭) আমেৰিকা

আমেৰিকাৰ উচ্চ সদন চিনেটে চীনৰ ওপৰত হংকঙত ৰাষ্ট্রীয় নিৰাপত্তা  আইন জাপি দিব বিচৰাৰ বাবে কঠোৰ বাধা আৰোপ কৰি এখন বিল গৃহীত কৰিছে। এই বিল এতিয়া নিম্ন সদন প্রতিনিধিসভাৰ অনুমোদনৰ বাবে উত্থাপন কৰা হ’ব।

৮) ৰাছিয়া

ৰাছিয়াৰ Energia Space Corporation এ ঘোষণা কৰিছে যে ২০২৩ বর্ষত তেওঁলোকে প্রথমজন পর্য্যটকক মহাকাশলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element