Join Assam Study Centre Channel

Daily Current Affairs Quiz | 27-06-2020

Daily Current Affairs Quiz হৈছে Assam Study Centreৰ এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে ।

 

Daily Current Affairs Quiz – 27-06-2020

 

আজিৰ Daily Current Affairs Quiz ত  দেবিকা আৰু পুনিজা দলং, পাচপর্ট সেৱা দিৱস, স্কুলীয়া শিক্ষাত ৰিলায়েঞ্চৰ সহযোগিতা আদি বিষয় সামৰি লোৱা হৈছে।

 

Daily Current Affairs Quiz – আজিৰ প্রশ্নোত্তৰ

 

) ভাৰতৰ কোনখন ৰাজ্যত শেহতীয়াকৈ দেবিকা আৰু পুনিজা নামৰ দুখন দলং উদ্ধোধন কৰা হৈছে ?

ক) হিমাচল প্রদেশ

খ) জম্মু কাশ্মীৰ

গ) অৰুণাচল প্রদেশ

ঘ) অসম

 

) ভাৰতত প্রত্যেক বছৰে পাচপর্ট সেৱা দিৱস কিমান তাৰিখে উদ্‌যাপন কৰা হয় ?

ক) ২০ জুন

খ) ২২ জুন

গ) ২৪ জুন

ঘ) ২৬ জুন

 

) ভাৰতৰ কোনখন ৰাজ্যই স্কুলীয়া ছাত্র-ছাত্রীক শৈক্ষিক সমল যোগান ধৰিবৰ বাবে ৰিলায়েঞ্চ টি.ভি.ৰ লগত এক চুক্তি কৰিছে ?

ক) উত্তৰপ্রদেশ

খ) হাৰিয়ানা

গ) গুজৰাট

ঘ) উড়িষ্যা

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

) উচ্চ শিক্ষাৰ অনুষ্ঠানবিলাকৰ বাবে মানৱ সম্পদ উন্নয়ণ মন্ত্রণালয়ে তলৰ কোনটো ব্যবস্থা আৰম্ভ কৰিছে ?

ক) ধ্রুব ২.০

খ) যুক্তি ২.০

গ) শক্তি ২.০

ঘ) একতা ২.০

 

)  ভাৰতৰ প্রথমবাৰৰ বাবে কোনখন ৰাজ্যৰ ৰেলৰ ডবাক কভিড-১৯ ৰোগীৰ আইচলেচন কক্ষ হিচাপে ব্যবহাৰ কৰা হৈছে ?

ক) নিউ দিল্লী

খ) মধ্যপ্রদেশ

গ) উত্তৰপ্রদেশ

ঘ) গুজৰাট

 

) তলৰ কোনখন দেশে বাংলাদেশৰ পৰা সামগ্রী ৰপ্তানিত ৯৭ শতাংশ শুল্ক ৰেহাই দিছে ?

ক) আমেৰিকা

খ) ভাৰত

গ) জার্মানী

ঘ) চীন

 

)  কভিড-১৯ ৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্রীয় চিনেমা মহোৎসৱত “Martyapura Re Jamraj” নামৰ চুটি ছবিখনে জুৰীৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । ছবিখন কি ভাষাত নির্মাণ কৰা হৈছে ?

ক) মাৰাঠী

খ) হিন্দী

গ) উড়িয়া

ঘ) কানাডা

 

)   ভাৰতৰ কোনখন ৰাজ্য / কেন্দ্রীয় শাসিত অঞ্চলে বানপানীৰ আগজাননী দিবৰ বাবে “iFlows” নামৰ ব্যবস্থাৰ আৰম্ভ কৰিছে ?

ক) অসম

খ) মহাৰাষ্ট্র

গ) পশ্চিমবংগ

ঘ) গুজৰাট

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

উত্তৰসমূহঃ

 

১) জম্মু কাশ্মী

জম্মু কাশ্মীৰত কেন্দ্রীয় মন্ত্রী জীতেন্দ্র সিং এ শেহতীয়াকৈ দেবিকা আৰু পুনিজা নামৰ দুখন দলংৰ শুভাৰম্ভ কৰে। উধমপুৰ জিলাত ১০ মিটাৰ দৈঘ্যৰ দেবিকা দলং খন বর্ডাৰ ৰোডচ অর্গেনাইজেচনে ৭৫ লাখ টকা ব্যয় কৰি ১ বছৰৰ ভিতৰত নির্মাণ কৰি উলিয়ায়। সেইদৰে দ’দা জিলাত ৪ কোটি টকা ব্যয় কৰি পুনিজা দলংখন নির্মাণ কৰা হয়।

 

২) ২৪ জুন

১৯৬৭ চনৰ ২৪ জুনত ভাৰতত পাচপর্ট সেৱা আইন বলবৎ কৰা হয়। তেতিয়াৰ পৰা প্রত্যেক বছৰে ২৪ জুন তাৰিখটো পাচপর্ট সেৱা দিৱস হিচাপে উদ্‌যাপন কৰি অহা হৈছে ।

 

৩)  হাৰিয়ানা

হাৰিয়ানাৰ চৰকাৰে স্কুলীয়া ছাত্র-ছাত্রীসকলক শৈক্ষিক সমল যোগান ধৰিবৰ বাবে ৰিলায়েঞ্চ টেলিভিচনৰ লগত এক চুক্তি স্বাক্ষৰ কৰিছে । মুখ্যমন্ত্রীৰ দূৰ শিক্ষা কার্যসুচীৰ অধীনত গ্রাম্যাঞ্চলত শিক্ষা ব্যবস্থাৰ প্রসাৰৰ বাবে এই চুক্তি কৰা হৈছে । জিঅ’ প্লেটফর্মত মুঠ চাৰিটা চেনেল বিমামূলীয়াকৈ উপলব্ধ হ’ব আৰু ইয়াৰ পৰা ৰাজ্যখনৰ ৫২ লাখ ছাত্র-ছাত্রী উপকৃত হ’ব।

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

৪) যুক্তি ২.০

কেন্দ্রীয় মানৱ উন্নয়ন দপ্তৰৰ মন্ত্রী ৰমেশ পোখৰিয়াল নিশাংকে উচ্চ শিক্ষানুষ্ঠানসমুহৰ বাবে যুক্তি ২.০ নামৰ এক পর্টেল আৰম্ভ কৰিছে। যুক্তিৰ সম্পুর্ণ নাম হৈছে Young India Combating COVID with knowledge, Technology and Innovation।

 

৫) উত্তৰপ্রদেশ

উত্তৰপ্রদেশ চৰকাৰে ভাৰতত প্রথমবাৰৰ বাবে ৰেলৰ ডবা সমুহক কভিড-১৯ ত আক্রান্ত ৰোগীৰ আইচলেচন কক্ষ হিচাপে ব্যবহাৰ কৰিছে । বাৰানসীত থকা মাউ জংচনত এনেধৰণৰ প্রথমটো কক্ষ স্থাপন কৰা হৈছে । ৰেলবিভাগে ইতিমধ্যে ঘোষণা কৰিছিল যে তেওঁলোকে কভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ ৫২৩১ টা আইচলেচন কক্ষ প্রস্তুত কৰি ৰাখিছে । উত্তৰপ্রদেশৰ পাছত দিল্লী, অন্ধ্রপ্রদেশ, তেলেংগানা, মধ্যপ্রদেশ আদিয়েও এনে আইচলেচন কক্ষ ব্যবহাৰ কৰিছে।

 

৬) চীন

চীনে বাংলাদেশক সামগ্রী ৰপ্তানিৰ ক্ষেত্রত আটাইতকৈ বৃহৎ শুল্ক ৰেহাই দিছে। সর্বমুঠ ৯৭ শতাংশ ৰেহাইৰ ঘোষণা চীনে এইক্ষেত্রত কৰিছে । বাংলাদেশৰ প্রধানমন্ত্রী শ্বেইখ হাচিনা আৰু চীনৰ ৰাষ্ট্রপতি জিন পিঙৰ মাজত হোৱা ফলপ্রসু আলোচনাৰ সিদ্ধান্ত অনুসৰি ১ জুলাইৰ পৰা এই ৰেহাই ঘোষণা কৰা হৈছে ।

 

৭) উড়িয়া

কভিড-১৯ ৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্রীয় চিনেমা মহোৎসৱত উড়িয়া ভাষাত নির্মাণ কৰা Martyapura Re Jamraj (পৃথিৱীত যমৰাজ) শীর্ষক ১৩ মিনিট দৈর্ঘৰ চুটি ছবিখনে জুৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

 

৮) মহাৰাষ্ট্র

মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰে আৰু কেন্দ্রীয় স্বাস্থ্য মন্ত্রী হর্ষ বর্ধনে বানপানীৰ আগতীয়া জাননী দিবৰ বাবে iFlows নামৰ এক ব্যবস্থাৰ আৰম্ভণি কৰিছে ।Ministry of Earth Science আৰু Brihanmumbai Municipal Corporation এ যুটীয়াভাবে এই ব্যবস্থা প্রস্তুত কৰি উলিয়াইছে । সম্ভাব্য বানপানীৰ ৬ ৰ পৰা ৭২ ঘণ্টাৰ আগত এই ব্যবস্থাই আগজাননী দিব পাৰিব।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element