Join Assam Study Centre Channel

Daily Current Affairs Quiz: 1st July 2020

Daily Current Affairs Quiz হৈছে Assam Study Centreৰ এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে ।

আজিৰ Daily Current Affairs Quiz ত  চীনত নতুন মহামাৰী, MSME ত পঞ্জীয়ণ, চীনা কোম্পানী নিষিদ্ধ, Academy of Motion Picture Arts and Science  আদি বিষয় সামৰি লোৱা হৈছে।

 

Daily Current Affairs Quiz: আজিৰ প্রশ্নোত্তৰ

 

) কেন্দ্রীয় চৰকাৰে তলৰ কোনখন ৰাজ্যক আগন্তুক ৬ মাহৰ বাবে অশান্তজর্জৰ  হিচাপে ঘোষণা কৰিছে ?

ক) মেঘালয়

খ) গোৱা

গ) নাগালেণ্ড

ঘ) তেলেংগানা  

 

)  ভাৰতে তলৰ কোনবিধ বোমা আৰু অধিক অর্জন কৰিবৰ বাবে পৰিকল্পনা গ্রহণ কৰিছে ?

ক) AXIL 1300

খ) AKASH

গ) HCA 13

ঘ) SPICE 2000

 

) চীনত নতুনকৈ মহামাৰীৰ সম্ভাবনা থকা নতুন কি ভাইৰাছ চিনাক্তকৰণ হৈছে ?

ক) S8

খ) G4

গ) C5

ঘ) A7

 

) ভাৰতে তলৰ কোনখন ৰাষ্ট্রৰ সৈতে মাছমৰীয়া আৰু সাধাৰণ বন্দী নাগৰিকৰ তালিকাৰ বিনিময় কৰিছে ?

ক) শ্রী লংকা

খ) চীন

গ) বাংলাদেশ

ঘ) পাকিস্থান

 

৫)  MSME ত পঞ্জীয়ণৰ বাবে MSME বিভাগে তলৰ কোনটো পর্টেল আৰম্ভ কৰিছে ?

ক) উদ্যম

খ) উদান

গ) সত্যম

ঘ) সাৰঞ্চ

 

) মটৰ দূর্ঘটনাত দূর্ঘটনাগ্রস্ত লোকৰ কেছলেছ চিকিৎসাৰ বাবে তলৰ কোনটো বিভাগে এখন আচঁনিৰ পৰিকল্পনা কৰিছে ?

ক) গৃহ বিভাগ

খ) পৰিবহণ বিভাগ

গ) প্রতিৰক্ষা বিভাগ

ঘ) নগৰ উন্নয়ণ বিভাগ

 

)  কোনখন দেশৰ ফেডাৰেল যোগাযোগ কমিচনে চীনৰ দুটা কোম্পানীক তেওঁলোকৰ ৰাষ্ট্রীয় নিৰাপত্তাৰ বাবে ভাবুকি বুলি উল্লেখ কৰিছে ?

ক) ভাৰত

খ) ইংলণ্ড

গ) ফ্রান্স

ঘ) আমেৰিকা

 

)   Academy of Motion Picture Arts and Science লৈ বলিউদৰ কোন দুগৰাকী অভিনেতা/অভিনেত্রীক আমন্ত্রণ জনোৱা হৈছে ?

ক) দীপিকা পাডুকন, প্রিয়ংকা চোপ্রা

খ) দিয়া মির্জা, পৰিণীতা চোপ্রা

গ) অনিল কাপুৰ, টাবু

ঘ) আলিয়া ভাট, হৃত্বিক ৰোশন

 

উত্তৰসমূহঃ

 

১) নাগালেণ্ড

কেন্দ্রীয় চৰকাৰে ৩০ জুন তাৰিখে এক ঘোষণাৰ যোগেদি উল্লেখ কৰে যে সমগ্র নাগালেণ্ড আগন্তুক ৬ মাহৰ বাবে এক অশান্তজর্জৰ অঞ্চল হিচাপে থাকিব। এই পৰিপ্রেক্ষিতত তাত সশস্ত্র বাহিনী নিয়োজিত কৰাটো অতিশয় জৰুৰী ।

 

২) SPICE 2000

ভাৰত চৰকাৰে সামৰিক ক্ষেত্রখন আৰু অধিক শক্তিশালী কৰাৰ বাবে SPICE 2000 বোমা অধিক আহৰণ কৰাৰ পৰিকল্পনা কৰিছে ।এই বোমাৰ যোগেদি ভূ-পৃষ্ঠত থকা শত্রুৰ শিবিৰ অতি সহজে ধ্বংস কৰিব পৰা যায় । উল্লেখযোগ্য যে এই বোমা বালাকোটত জইচ ই মহম্মদৰ শিবিৰত আক্রমণ কৰিবলৈ ব্যবহাৰ কৰা হৈছিল।

 

৩)  G4

চীনৰ গৱেষকসকলে কভিড-১৯ ৰ পাছত মহামাৰীৰ ৰূপ ল’ব পৰা আন এটা ভাইৰাছ ধৰা পেলাইছে । এই নতুন ভাইৰাছটোৰ নাম দিয়া হৈছে G4 । তেওঁলোকে দাবী কৰা মতে এই নতুন ভাইৰাছ গাহৰিৰ জড়িয়তে অতি সহজে মানুহলৈ বিয়পে।

 

৪) পাকিস্থান

নতুন দিল্লী আৰু ইছলামাবাদৰ মাজত হোৱা কুটনৈতিক আলোচনাৰ সিদ্ধান্তমর্মে ভাৰত আৰু পাকিস্থান উভয়পক্ষই নিজৰ জিম্মাত কাৰাবন্দী হিচাপে থকা মাছমৰীয়া আৰু সাধাৰণ নাগৰিকৰ তালিকা বিনিময় কৰে। উল্লেখযোগ্য যে ২০০৮ চনত দুয়োপক্ষৰ মাজত হোৱা এক চুক্তিৰ পৰিপ্রেক্ষিতত এনে আদান-প্রদান প্রত্যেক বছৰে ১ জানুৱাৰী আৰু ১ জুলাইত কৰা হয়।

 

৫) উদ্যম

ভাৰতৰ MSME বিভাগে ১ জুলাইত MSME খণ্ডৰ উদ্যোগীসকলৰ শ্রেণীবিভাজন আৰু পঞ্জীয়ণৰ বাবে “উদ্যম” নামেৰে এটা পর্টেল আৰম্ভ কৰিছে ।

 

৬) পৰিবহণ  বিভাগ

ৰাষ্ট্রীয় ঘাইপথ আৰু পথ পৰিবহণ বিভাগে ভাৰতত মটৰ দূর্ঘটনাত দূর্ঘটনাগ্রস্ত লোকসকলৰ চিকিৎসাৰ বাবে এখন আচঁনি প্রস্তুত কৰি আছে । এই আচঁনিত দূর্ঘটনাগ্রস্ত ব্যক্তিৰ চিকিৎসাত কেছলেছ ব্যবস্থা ব্যবহাৰ কৰা হ’ব। লগতে আচঁনিৰ অধীনত মটৰ এক্সিডেণ্ট পুঁজি গঠন কৰাৰ পৰিকল্পনা কৰিছে ।

 

৭) আমেৰিকা

আমেৰিকাৰ ফেডাৰেল যোগাযোগ কমিচলে চীনৰ দুটা কোম্পানী HUAWEI Technology আৰু ZTE ক ৰাষ্ট্রীয় নিৰাপত্তাৰ বাবে ভাবুকি বুলি উল্লেখ কৰিছে। অভিযোগ মতে এই দুটা কোম্পানীৰ লগত চীনৰ কমিউনিষ্ট দল আৰু চীনৰ সামৰিক বাহিনীৰ লগত ওচৰ সম্পর্ক আছে।

 

৮) আলিয়া ভাট, হৃত্বিক ৰোশন

Academy of Motion Picture Arts and Sciences লৈ বলিউদৰ দুজন অভিনেতা/অভিনেত্রী আলিয়া ভাট আৰু হৃত্বিক ৰোশনক আমন্ত্রণ জনোৱা হৈছে । বিশ্বৰ বিভিন্ন দেশৰ মুঠ ৮১৯ গৰাকী ব্যক্তিক ইয়ালৈ নিমন্ত্রণ কৰা হৈছে। যদি আলিয়া ভাট আৰু হৃত্বিক ৰোশনে এই আমন্ত্রণ ৰক্ষা কৰে তেন্তে তেওঁলোকে এই বছৰৰ অস্কাৰ বঁটাত ভোটদানৰ অধিকাৰ লাভ কৰিব।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element