Join Assam Study Centre Channel

Daily Current Affairs Quiz: 2nd July 2020

Daily Current Affairs Quiz হৈছে Assam Study Centreৰ এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে ।

আজিৰ Daily Current Affairs Quiz ত  ২০২৭ চনৰ এছিয়া কাপ, পদ্ম বঁটা, নতুন ষ্টাম্প ডিউটি নিয়ম, নমামী গংগা আদি বিষয় সামৰি লোৱা হৈছে।

 

Daily Current Affairs Quiz – আজিৰ প্রশ্নোত্তৰ

 

) ২০২৭ চনৰ এছিয়া কাপ অনুষ্ঠিত কৰিবৰ বাবে তলৰ কোনখন দেশ দাবী তুলিছে ?

ক) পাকিস্থান

খ) ভাৰত

গ) নেপাল

ঘ) চীন

 

)  পদ্ম বঁটাৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ কেতিয়া ?

ক) ৩০ অক্টোবৰ

খ) ১৫ আগষ্ট

গ) ১৫ চেপ্তেম্বৰ

ঘ) ৩০ চেপ্তেম্বৰ

 

) তলৰ কোনখন দেশৰ প্রধানমন্ত্রীয়ে প্রতিৰক্ষাৰ বাবে ১০ বছৰীয়া মেগা পৰিকল্পনা গ্রহণ কৰিছে ?

ক) ইংলণ্ড

খ) অষ্ট্রেলিয়া

গ) চীন

ঘ) ফ্রান্স

 

) ভাৰতৰ প্রধানমন্ত্রী  নৰেন্দ্র মোডীয়ে তলৰ কোনটো মাইক্র ব্লগিং ৱেবচাইটৰ পৰা নিজৰ একাউণ্ট আঁতৰাই দিছে ?

ক) টুইটাৰ

খ) ফেচবুক

গ) ইনষ্ট্রগ্রাম

ঘ) উইবু

 

)  নতুন ষ্টাম্প ডিউটি নিয়ম কেতিয়াৰ পৰা কার্যকৰী হ’ব ?

ক) ১৫ জুন

খ) ১ জুন

গ) ২৯ জুন

ঘ) ১ জুলাই

 

) তলৰ কোনখন দেশে ইয়াৰ নতুন সংবিধান সংশোধনৰ ক্ষেত্রত গণভোট অনুষ্ঠিত কৰিছে ?

ক) নেপাল

খ) ৰাছিয়া

গ) ইংলণ্ড

ঘ) ফ্রান্স

 

) নমামী গংগা কার্যসুচীৰ অন্তঃগত গংগা পৰিস্কাৰৰ বাবে বিশ্ব বেংকে কিমান পৰিমাণৰ ঋণৰ অনুমোদন জনাইছে ?

ক) ৩০০ মিলিয়ন মার্কিন ডলাৰ

খ) ৪০০ মিলিয়ন মার্কিন ডলাৰ

গ) ৪৫০ মিলিয়ন মার্কিন ডলাৰ

ঘ) ২৫০ মিলিয়ন মার্কিন ডলাৰ

 

)   কভিড-১৯ ৰ ফলত চাকৰি হেৰুওৱা ব্যক্তিসকলৰ বাবে ভাৰতৰ কোনখন ৰাজ্যই সংস্থাপন দিবৰ বাবে এক কার্যসুচী আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে ?

ক) তামিলনাডু

খ) কেৰেলা

গ) কর্ণাটক

ঘ) তেলেংগানা

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

উত্তৰসমূহঃ

 

১) ভাৰত

২০২৭ বর্ষৰ এছিয়ান কাপ ফুটবল প্রতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে ভাৰতে দাবী তুলিছে। এছিয়ান ফুটবল ফেডাৰেচনে এই কথা ঘোষণা কৰে। ভাৰতৰ লগতে এই প্রতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে ইৰাণ, উজবেকিস্তান, কাটাৰ আৰু চৌদি আৰৱেও নিজৰ দাবী ফেডাৰেচনৰ ওচৰত উত্থাপন কৰিছে ।

 

২) ১৫ চেপ্তেম্বৰ

গৃহ মন্ত্রণালয়ে ঘোষণা কৰিছে যে পদ্ম বঁটাৰ বাবে মনোনয়ন পত্র দাখিলৰ অন্তিম তাৰিখ ১৫ চেপ্তেম্বৰলৈকে বৃদ্ধি কৰা হৈছে । মে মাহৰ ১ তাৰিখৰ পৰা অনলাইনযোগে এই মনোনয়ন পত্র দাখিল কৰিব পাৰিব।

 

৩)  অষ্ট্রেলিয়া

অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিচনে আগন্তুক ১০ বছৰৰ বাবে তেওঁলোকৰ সামৰিকক্ষেত্র শক্তিশালী কৰিবৰ বাবে ২৭০ বিলিয়ন অষ্ট্রেলিয়ান ডলাৰ পেকেজ ঘোষণা কৰিছে। এই পুঁজিৰ যোগেদি অষ্ট্রেলিয়াই মাটি, সাগৰ আৰু আকাশত দীর্ঘ দূৰত্বৰ আৰু হাইপাৰচনিক ষ্ট্রাইক মিচাইল প্রস্তুতত ব্যবহাৰ কৰিব।

 

৪) উইবো

চীনৰ মাইক্রব্লগিং ৱেবচাইট উইবোৰ পৰা ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে নিজৰ একাউণ্ট ডিলিট কৰিছে । ইয়াৰ পূর্বে ভাৰতে চীনৰ ৫৯ টা মবাইল এপ্লিকেশ্বনক নিষিদ্ধ কৰিছিল।

 

৫) ১ জুলাই

ভাৰতৰ ষ্টাম্প আইন ১৮৯৯ ৰ অধীনত নতুন ষ্টাম্প ডিউটি নীতি-নিয়ম ১ জুলাই ২০২০ তাৰিখৰ পৰা কার্যকৰী হ’ব।

 

৬) ৰাছিয়া

ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে আগবঢ়োৱা সংবিধান সংশোধনৰ প্রস্তাৱ ৰাছিয়াৰ জনসাধাৰণে গণভোটৰ যোগেদি গৃহীত কৰিছে । গুৰুত্বপূর্ণ যে এই সংশোধনৰ ফলত ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিনক ২০৩৬ চনলৈকে ক্ষমতাত থকাৰ সুবিধা প্রদান কৰিব।

 

৭) ৪০০ মিলিয়ন মার্কিন ডলা

বিশ্ব বেংকে ভাৰতলৈ নমামী গংগা কার্যসুচীৰ অধীনত গংগা পৰিস্কাৰৰ বাবে ৪০০ মিলিয়ন মার্কিন ডলাৰ ঋণ হিচাপে আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে ।

 

৮) কেৰেলা

১ জুলাই ২০২০ তাৰিখে কেৰেলাৰ চৰকাৰে “ড্রিম কেৰেলা প্রজেক্ট” আৰম্ভ কৰিছে। এই যোজনাৰ অধীনত কভিড- ১৯ ৰ ফলত চাকৰি হেৰুওৱা ব্যক্তিসকলক সংস্থাপনৰ ব্যবস্থা গ্রহণ কৰা হ’ব।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element