Join Assam Study Centre Channel

Daily Current Affairs Quiz: 14-07-2020

Daily Current Affairs Quiz হৈছে Assam Study Centreৰ এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে ।

আজিৰ Daily Current Affairs Quiz ত  চানবাহাৰ ৰেল প্রজেক্ট, বিপদাপন্ন জীৱৰ বাণিজ্যিক ফার্মিং, ৰাজস্থানৰ উপ-মুখ্যমন্ত্রী আদি বিষয় সামৰি লোৱা হৈছে।

 

Daily Current Affairs Quiz – আজিৰ প্রশ্নোত্তৰ

 

) তলৰ কোনটো টেকনলজি কোম্পানীয়ে ভাৰতত ১০ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে ?

ক) মাইক্রচফট

খ)  ফেচবুক

গ) এপল

ঘ) গুগল

 

) তলৰ কোনখন ৰাষ্ট্রই চানবাহাৰ ৰেল প্রজেক্টত ভাৰতক বাদ দিছে ?

ক) আফগানিস্থান

খ) চীন

গ) ইৰাণ

ঘ) পাকিস্থান

 

)  তলৰ কোনখন ৰাষ্ট্রই বিপদাপন্ন জীৱৰ বাণিজ্যিক ফার্মিংৰ বাবে অনুমতি প্রদান কৰিছে ?

ক) চীন

খ) চিংগাপুৰ

গ) ফিলিপাইনচ

ঘ) ম্যানমাৰ

 

) ২০২৫ বর্ষৰ ভিতৰত ভাৰত চৰকাৰে ৰাজহুৱা স্বাস্থ্য খণ্ডত জি ডি পিৰ কিমান শতাংশ বৃদ্ধি কৰাৰ কথা কৈছে ?

ক) ১.৫ শতাংশ

খ) ২.৫ শতাংশ

গ) ২ শতাংশ

ঘ) ৩ শতাংশ

 

৫) তলৰ কোনখন ৰাষ্ট্রই চীনক ২০১৬ চনৰ মধ্যস্থতাৰ নীতি নিয়ম মানি চলাৰ আহব্বান জনাইছে ?

ক) ভিয়েটনাম

খ)  ইণ্ডোনেছিয়া

গ) মালয়েছিয়া

ঘ) ফিলিপাইনচ

 

) বিগত ৩ মাহত কোনখন ৰাষ্ট্রৰ জি ডি পি উল্লেখনীয়ভাবে ৪১.২ শতাংশ নিম্নগামী হৈছে ?

ক) ভাৰত

খ) চিংগাপুৰ

গ) চীন

ঘ) ইংলণ্ড

 

)  ৰাজস্থানৰ উপ-মুখ্যমন্ত্রী পদৰ পৰা তলৰ কাক আতঁৰাই দিয়া হৈছে ?

ক) বসুন্ধৰা ৰাজ

খ) অশোক গেহলট

গ) শচীন পাইলট

ঘ) মিলিন্দ দেওৰা

 

) পোলেণ্ডৰ ৰাষ্ট্রপতি পদৰ নির্বাচনত তলৰ কোনগৰাকী ব্যক্তি বিজয়ী হৈছে ?

ক) এন্দ্রেজ দোদা

খ) ৰাফাল ট্রাজাচকোস্কী

গ) জাডৱিগা এমিলিউইকজ

ঘ) পাইটৰ গ্লিনস্কী

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

উত্তৰসমূহঃ

 

১) গুগল

গুগলৰ চি ই অ সুন্দৰ পিচাইয়ে ঘোষণা কৰিছে যে ৭৫০০০ কোটি টকা (প্রায় ১০ বিলিয়ন) অনাগত ৫-৭ বছৰত “Google for India Digitization Fund” ত গুগলে ব্যয় কৰিব।

 

২) ইৰাণ

চাহবাহাৰ বন্দৰৰ পৰা যাহিদানলৈ নির্মাণ কৰিবলগীয়া ৰেলৱে প্রজেক্টৰ পৰা ইৰাণে ভাৰতক বাদ দিছে। এই ৰেল পথছোৱা আফগানিস্থানৰ সীমান্তত অৱস্থিত। এতিয়া ইৰাণ চৰকাৰে অকলে ইয়াক নির্মাণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। উল্লেখযোগ্য যে ৪ বছৰৰ পূর্বে এই পথ নির্মাণ কৰিবলৈ ইৰাণৰ লগত ভাৰতৰ চুক্তি স্বাক্ষৰিত হৈছিল।

 

৩) ম্যানমা

ম্যানমাৰৰ চৰকাৰে জুন মাহত এখন আইন গৃহীত কৰি ৰাষ্ট্রখনত বিপদাপন্ন জীৱ-জন্তুসমূহৰ বাণিজ্যিক ফার্মিংৰ বাবে অনুমতি প্রদান কৰিছে। এই অনুমতি ৰাষ্ট্রখনৰ ব্যক্তিগত চিৰিয়াখানা সমূহক প্রদান কৰা হৈছে য’ত ৯০ বিধ বিপদাপন্ন জীৱৰ ফার্মিংৰ অনুমতি দিয়া হৈছে।

 

৪) ২.৫ শতাংশ

কেন্দ্রীয় গৃহ মন্ত্রণালয়ে ৰাজহুৱা স্বাস্থ্য খণ্ডৰ পুঁজি বৃদ্ধি কৰাৰ পোষকতা কৰিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রী হর্ষ বর্ধনে ১৫ বিত্তীয় আয়োগৰ এক বৈঠকত অংশগ্রহণ কৰি কয় যে ভাৰতৰ জি ডি পিৰ ২.৫ শতাংশ ২০২৫ বর্ষৰ ভিতৰ্ত স্বাস্থ্য খণ্ডত বিনিয়োগ কৰা হ’ব।

 

৫) ফিলিপাইনচ

দক্ষিণ চীন সাগৰত চীনৰ কার্যকলাপৰ প্রতি লক্ষ ৰাখি ফিলিপাইনচে চীনক ২০১৬ চনৰ মধ্যস্থতাৰ নীতি-নিয়ম মানি চলিবৰ বাবে আহব্বান জনাইছে। ফিলিপাইনচে কয় যে দক্ষিণ চীন সাগৰত কেৱল চীনৰ ঐতিহাসিক অধিকাৰ নাই।

 

৬) চিংগাপু

চিংগাপুৰৰ জি ডি পি উল্লেখনীয়ভাবে বিগত তিনিমাহত ৪১.২ শতাংশ হ্রাস পাইছে। ৰাষ্ট্রখনত কভিড-১৯ ৰ সংক্রমণ ৰোধ বাবে দিয়া লকডাউনৰ বাবে এনে হ্রাস হৈছে বুলি চিংগাপুৰে প্রকাশ কৰিছে ।

 

৭) শচীন পাইলট

ৰাজস্থানৰ উপ-মুখ্যমন্ত্রী পদৰ পৰা শচীন পাইলটক ১৪ জুলাই তাৰিখে আতঁৰাই দিয়া হৈছে । ইয়াৰ লগতে পাইলটক ৰাজ্যখনৰ কংগ্রেছ দলৰ মুখ্য পদৰ পৰাও আঁতৰাই দিয়া হৈছে।

 

৮) এন্দ্রেজ দোদা

পোলেণ্ডৰ ৰাষ্ট্রপতি পদৰ নির্বাচনত বর্তমানৰ ৰাষ্ট্রপতি এন্দ্রেজ দোদাই তেওঁৰ নিকটতম প্রার্থী ৰাফেল ট্রাজাচকোস্কীক পৰাস্ত কৰি পুনৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হৈছে। এই নির্বাচন ১২ জুলাইত অনুষ্ঠিত হৈছিল আৰু ভোট গণনা ১৩ জুলাইত কৰা হয়।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element