Join Assam Study Centre Channel

Daily Current Affairs Quiz: 15-07-2020

Daily Current Affairs Quiz হৈছে Assam Study Centreৰ এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে ।

আজিৰ Daily Current Affairs Quiz ত  বিশ্ব যুৱ দক্ষতা দিৱস, বি চি চি আই ৰ অন্তৱর্তীকালীন চি ই অ, পি-৭ হেভী ড্রপ চিষ্টেম আদি বিষয় সামৰি লোৱা হৈছে।

 

Daily Current Affairs Quiz – আজিৰ প্রশ্নোত্তৰ

 

) তলৰ কোনটো কোম্পানীয়ে ৰিলায়েঞ্চ জিঅ’ত ৩৩,৭৩৭ কোটি টকা বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে ?

ক) মাইক্রচফট

খ)  ফেচবুক

গ) এপল

ঘ) গুগল

 

) তলৰ কাক বি চি চি আই ৰ অন্তৱর্তীকালীন চি ই অ হিচাপে নিয়োগ কৰা হৈছে ?

ক) অনিল কুম্বলে

খ) ৰাহুল দ্রাভিড়

গ) হেমাংগ আমিন

ঘ) শ্রীকান্ত

 

) হুৱাইৰ পৰা ৫ জি সেৱাৰ সামগ্রী ক্রয় কৰাৰ ক্ষেত্রত তলৰ কোনখন দেশে ইয়াৰ টেলিকম কোম্পানীসমূহক বাধা দিছে ?

ক) ফ্রান্স

খ) জার্মানী

গ) ইংলণ্ড

ঘ) আমেৰিকা

 

) আন্তঃৰাষ্ট্রীয় ছাত্র-ছাত্রীক নির্বাচিত কৰাৰ ক্ষেত্রত তলৰ কোনখন দেশে ইয়াৰ বিবদমান নির্দেশ বাতিল কৰিছে ?

ক) অষ্ট্রেলিয়া

খ) আমেৰিকা

গ) কানাডা

ঘ) ইংলণ্ড

 

৫) ভাৰতত তলৰ কোনে পি-৭ হেভী ড্রপ চিষ্টেম নির্মাণ কৰিছে ?

ক) ডি আৰ ডি অ

খ)  এইচ এ এল

গ) ইচৰো

ঘ) নাছা

 

) জিঅ গ্লাচ কি ?

ক) হেডচেট

খ) ৰেডিও

গ) টেলিভিচন

ঘ) অ টি টি প্লেটফর্ম

 

) ১৫ জুলাই তাৰিখে ভাৰতে তলৰ কাৰ লগত এক সন্মিলন অনুষ্ঠিত কৰিছে ?

ক) ইউৰোপিয়ান ইউনিয়ন

খ) এছিয়ান

গ) চার্ক

ঘ) জি ২০

 

) বিশ্ব যুৱ দক্ষতা দিৱস কেতিয়া অনুষ্ঠিত হয় ?

ক) ১৫ জুলাই

খ) ১৪ জুলাই

গ) ১৩ জুলাই

ঘ) ১২ জুলাই

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

উত্তৰসমূহঃ

 

১) গুগল

ৰিলায়েঞ্চ জিঅ’ ৰ ৪৩ ত্‌ম বার্ষিক সভা ১৫ জুলাই তাৰিখে অনুষ্ঠিত হয়। এই সভাত এক গুৰুত্বপূর্ণ ঘোষণা কৰি ইয়াৰ চেয়াৰমেন তথা মেনেজিং ডাইৰেক্টৰ মুকেশ আম্বানিয়ে কয় যে গুগলে কোম্পানীটোত ৩৩,৭৩৭ কোটী টকা বিনিয়োগ কৰিব।

 

২) হেমাংগ আমিন

বি চি চি আই য়ে হেমাংগ আমিন ক ইয়াৰ অন্তঃৱঅর্তীকালীন চি ই অ হিচাপে নিযুক্তি দিছে। ইয়াৰ পূর্বে বি চি চি আইৰ চি ই অ ৰাহুল জহৰীয়ে এই পদৰ পৰা পদত্যাগ কৰিছিল।

 

৩) ইংলণ্ড

ইংলণ্ডৰ চৰকাৰে ইয়াৰ টেলিকম কোম্পানীসমূহক ৫ জি সেৱাৰ সামগ্রী চীনা কোম্পানী হুৱাইৰ পৰা ক্রয় কৰাত নিষেধাজ্ঞা ঘোষণা কৰিছে।

 

৪) আমেৰিকা

আমেৰিকাৰ ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পে ১৪ জুলাই তাৰিখে এক আদেশ জাৰি কৰি আন্তঃৰাষ্ট্রীয় ছাত্র-ছাত্রীসকলক পঢ়াৰ ক্ষেত্রত কৰা নিষেধাজ্ঞা উঠাই লৈছে। এতিয়াৰ পৰা ছাত্র-ছাত্রীসকলে অনলাইন ক্লাছ গ্রহণ কৰিব পাৰিব।

 

৫) ডি আৰ ডি অ

ভাৰতৰ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডি আৰ ডি অ এ থলুৱাভাবে পি ৭ নামৰ এক গধুৰ দ্রপিং ব্যবস্থা প্রস্তুত কৰিছে। এই ব্যবস্থাৰ যোগেদি সামৰিক বাহিনীৰ বাবে সামগ্রী ৭ টনলৈকে আকাশমার্গৰ পৰা পেলাব পৰা যাব।

 

৬) হেডচেট

ৰিলায়েঞ্চ জিও এ জিও গ্লাছ নামৰ এক হেডচেট প্রস্তুত কৰিছে। এই হেডচেটৰ যোগেদি হলগ্রাফিক ভিডিও কলিং কৰিব পৰা যাব।

 

৭) ইউৰোপিয়ান ইউনিয়ন

১৫ জুলাই তাৰিখে ভাৰতে ইউৰোপিয়ান ইউনিয়নৰ লগত একখন ভার্চুৱেল সন্মিলন অনুষ্ঠিত কৰে। প্রধানমন্ত্রী মোডীয়ে এই সন্মিলনত ভাগ লৈ কভিড-১৯ ৰ পৰৱর্তী কালত অর্থনৈতিক পুনৰগঠনৰ ওপৰত আলোচনা কৰে।

 

৮) ১৫ জুলাই

১৫ জুলাই তাৰিখে বিশ্ব যুৱ দক্ষতা দিৱস অনুষ্ঠিত কৰা হয়।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element