Join Assam Study Centre Channel

Daily Current Affairs Quiz: 13-07-2020

Daily Current Affairs Quiz হৈছে Assam Study Centreৰ এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে ।

আজিৰ Daily Current Affairs Quiz ত  কভিড-১৯ ৰ ভেকচিন,  “ৰক’-টক’ অভিযান, অভিনেত্রী কেলী প্রেষ্টন, আদি বিষয় সামৰি লোৱা হৈছে।

 

Daily Current Affairs Quiz – আজিৰ প্রশ্নোত্তৰ

 

) বিশ্বৰ কোনখন ৰাষ্ট্রই সফলতাৰে কভিড-১৯ ৰ ভেকচিনৰ পৰীক্ষা মানৱ শৰীৰৰ ওপৰত সমাপ্ত কৰিছে ?

ক) আমেৰিকা

খ)  চীন

গ) জার্মানী

ঘ) ৰাছিয়া

 

) তলৰ কোনখন ৰাজ্যই মাস্ক নিপিন্ধা ব্যক্তিৰ বিৰুদ্ধে “ৰক’-টক’ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে ?

ক) দিল্লী

খ) মধ্যপ্রদেশ

গ) মহাৰাষ্ট্র

ঘ) উত্তৰপ্রদেশ

 

)  অভিনেত্রী কেলী প্রেষ্টনৰ ৫৭ বছৰ বয়সত স্তনৰ কেন্সাৰত মৃত্যু হয় । তেওঁ হলিউদৰ কোনগৰাকী অভিনেতাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ?

ক) টম ক্রুইজ

খ) জন ট্রাভল্টা

গ) জর্জ ক্লুনী

ঘ) মাট ডেমন

 

) ভাৰতীয় সৈন্যবাহিনীয়ে চিগ ৭১৬ ৰাইফলৰ দ্বিতীয়টো কোটা তলৰ কোণখন দেশৰ পৰা ক্রয় কৰাৰ সিদ্ধান্ত লৈছে ?

ক) ৰাছিয়া

খ) ফ্রান্স

গ) আমেৰিকা

ঘ) জার্মানী

 

)কেৰেলাৰ কোনটো মন্দিৰৰ ওপৰত ট্রাভাংকুৰৰ ৰাজপৰিয়ালৰ প্রশাসনীয় স্বত্ব থাকিব বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছে ?

ক) গুৰুভয়ুৰ

খ)  শ্রী পদ্মনাভস্বামী

গ) ভাদাকুন্নাথান

ঘ) সবৰিমালা

 

) তলৰ কোনখন দেশে বিদেশ ভ্রমণৰ বাবে কভিদ-১৯ নিগেটিভ চার্টিফিকেট থকাটো বাধ্যতামূলক কৰিছে ?

ক) পাকিস্থান

খ) আমেৰিকা

গ) ভাৰত

ঘ) বাংলাদেশ

 

)  ২০২০ চনৰ চিংগাপুৰৰ সাধাৰণ নির্বাচনত তলৰ কোনটো দল পূনৰ ক্ষমতাত অধিষ্ঠিত হৈছে ?

ক) পিপুলচ একচন পার্টী

খ) ডেমক্রেটিক প্রগ্রেচিভ এলায়েঞ্চ

গ) জাষ্টিচ পার্টি

ঘ) ৱর্কাচ পার্টি

 

) প্রত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্রত ভাৰত তলৰ কোনখন দেশৰ বাবে বিশ্বৰ ভিতৰত দ্বিতীয় উৎস হৈ পৰিছে ?

ক) আমেৰিকা

খ) জাপান

গ) কানাডা

ঘ) ইংলণ্ড

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

উত্তৰসমূহঃ

 

১)  ৰাছিয়া

কভিড-১৯ ৰ ভেকচিন নির্মাণৰ ক্ষেত্রত বিশ্বৰ ভিতৰত ৰাছিয়া প্রথম হিচাপে পৰিগণিত হৈছে । মানব দেহৰ ওপৰত কৰা পৰীক্ষা সফল হৈছে বুলি ৰাছিয়াৰ পৰা তথ্য প্রকাশ পাইছে ।

 

২) মধ্যপ্রদেশ

মধ্যপ্রদেশৰ চৰকাৰে ৰাজ্যখনত মাস্ক নিপিন্ধা ব্যক্তিসকলৰ বিৰুদ্ধে “ৰক’-টক’ নামৰ এটা অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে । এই অভিযানৰ যোগেদি ৰাজ্যখনৰ কিছুমান নির্বাচিত স্বেচ্চাসেৱী সংগঠনৰ দ্বাৰা ৰাস্তাত মাস্ক নিপিন্ধা ব্যক্তিসকলক ২০ টকাত মাস্ক দিয়া হ’ব।

 

৩) জন ট্রাভল্টা

হলিউদৰ বিশিষ্ট অভিনেত্রী কেলী প্রেটচনৰ ৫৭ বছৰ বয়সত স্তনৰ কেন্সাৰত মৃত্যু হয়। তেওঁ হলিউদৰ অভিনেতা জন ট্রাভল্টাৰ পত্নী আছিল।

 

৪)  আমেৰিকা

ভাৰতীয় সৈন্যবাহিনীয়ে আমেৰিকাৰ পৰা চিগ ৭১৬ ৰ ৭২০০০ টা ৰাইফল ক্রয় কৰাৰ সিদ্ধান্ত লৈছে। এইটো আমেৰিকাৰ পৰা ক্রয় কৰা দ্বিতীয় বেটচ হ’ব।

 

৫) শ্রীপদ্মনাভস্বামী

কেৰেলাৰ ট্রিবান্দৰপুৰমত থকা শ্রীপদ্মনাভস্বামী মন্দিৰৰ পৰিচালনা আৰু প্রশাসনৰ ক্ষেত্রত ট্রিভাংকুৰৰ ৰাজপৰিয়ালৰ স্বতাধিকাৰক উচ্চতম ন্যায়ালয়ে স্বীকৃতি প্রদান কৰিছে ।

 

৬) বাংলাদেশ

বাংলাদেশৰ বৈদেশিক মন্ত্রণালয়ে ১২ জুলাই তাৰিখে সিদ্ধান্ত গ্রহণ কৰে যে এতিয়াৰ পৰা বিদেশ ভ্রমণ কৰা ইয়াৰ নাগৰিকৰ বাবে কভিড-১৯ ৰ নিগেটিভ চার্টিফিকেট থকাটো বাধ্যতামূলক হ’ব।

 

৭) পিপুলচ একচন পার্টি

চিংগাপুৰৰ শাসনাধিষ্ঠ পিপুলচ একচন পার্টিয়ে ২০২০ চনৰ সাধাৰণ নির্বাচনত পূনৰ ক্ষমতা দখল কৰিছে । ১০ জুলাই তাৰিখে এই সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল।

 

৮) ইংলণ্ড

ইংলণ্ডৰ চৰকাৰৰ এক প্রতিবেদন অনুসৰি দেশখনত ভাৰতে বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ বিদেশী বিনিয়োগ কৰিছে। এতিয়ালৈকে ভাৰতে ইংলণ্ডৰ ১২০ টা প্রজেক্টত বিনিয়োগ কৰিছে আৰু ৫৪২৯ টা সংস্থাপনৰ সৃষ্টি কৰিছে ।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element