Join Assam Study Centre Channel

Daily Current Affairs Quiz: 10-07-2020

Daily Current Affairs Quiz হৈছে Assam Study Centreৰ এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে ।

আজিৰ Daily Current Affairs Quiz ত  তিনিদিনীয়া লকডাউন, নেপালত ভাৰতীয় টেলিভিচন চেনেলক নিষিদ্ধ, এপাচে হেলিকপ্তাৰ আদি বিষয় সামৰি লোৱা হৈছে।

 

Daily Current Affairs Quiz – আজিৰ প্রশ্নোত্তৰ

 

) তলৰ কোনখন ৰাজ্যই ১০ জুলাইৰ পৰা ১৩ জু্লাইলৈকে তিনিদিনীয়া লকডাউন ঘোষণা কৰিছে ?

ক) তেলেংগানা

খ)  কেৰেলা

গ) কর্ণাটক

ঘ) উত্তৰপ্রদেশ

 

) তলৰ কোনটো ভাৰতীয় টেলিভিচন চেনেলক নেপালত নিষিদ্ধ কৰা হোৱা নাই ?

ক) ৰাজ্যসভা

খ) এন ডি টি ভি

গ) ৰিপাব্লিক

ঘ) দুৰদর্শন

 

) তলৰ কোনটো কোম্পানীয়ে ভাৰতীয় বায়ু সেনা বাহিনীক ৫ খন এপাচে হেলিকপ্তাৰ হস্তান্তৰ কৰিছে ?

ক) ডাচল্ট

খ) লুকহেড মার্টিন

গ) জেনেৰেল ইলেক্ট্রিক

ঘ) বয়িং

 

) মংগল গ্রহলৈ অভিযান প্রেৰণৰ ক্ষেত্রত প্রথম আৰৱীয় দেশ কোনখন ?

ক) সংযুক্ত আৰৱ আমিৰশ্বাহ

খ) চৌদি আৰৱ

গ) কাটাৰ

ঘ) বাহৰেইন

 

)  বাতিল কৰা এছিয়া কাপ ক্রিকেট প্রতিযোগিতা পুনৰ কেতিয়া অনুষ্ঠিত হ’ব?

ক) জুন, ২০২১

খ)  জুন, ২০২২

গ) নবেম্বৰ, ২০২০

ঘ) জানুৱাৰী, ২০২১

 

) তলৰ কোনখন দেশে পৰৱর্তী এছিয়া কাপ ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত কৰিব ?

ক) পাকিস্থান

খ) শ্রীলংকা

গ) ভাৰত

ঘ) বাংলাদেশ

 

)  ইছৰোৱে ২০২০ চনৰ আগষ্ট মাহত কোনটো উপগ্রহ প্রক্ষেপণ কৰিব ?

ক) আমাজনিয়া- ১

খ) কলম্বিয়া ২ ডব্লিউ

গ) মাডেৰিয়া ২

ঘ) ৰিও নিগ্রো ৱাই ডব্লিউ

 

) এছিয়াৰ বৃহত্তম সৌৰ শক্তিকেন্দ্র প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে ভাৰতৰ কোনখন ৰাজ্যত শুভাৰম্ভ কৰিছে ?

ক) গুজৰাট

খ) উড়িষ্যা

গ) মধ্যপ্রদেশ

ঘ) উত্তৰপ্রদেশ

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

উত্তৰসমূহঃ

 

১)  উত্তৰপ্রদেশ

১০ জুলাইৰ পৰা ১৩ জুলাইলৈকে উত্তৰপ্রদেশ চৰকাৰে ৰাজ্যখনত তিনিদিনীয়া লকডাউন ঘোষণা কৰিছে ।

 

২) দুৰদর্শন

নেপালৰ কেবল টিভি চেনেলসমূহে ভাৰতৰ দুৰদর্শনৰ বাহিৰে অন্যান্য সকলো ভাৰতীয় টেলিভিচনৰ সম্প্রচাৰ বন্ধ কৰি দিছে । ৯ জুলাই তাৰাখে এ এন আই ত এই কথা প্রকাশ পাইছে। এই ক্ষেত্রত নেপালৰ কোনো চৰকাৰী জাননী প্রদান কৰা হোৱা নাই।

 

৩) বয়িং

আমেৰিকাৰ অগ্রণী আকাশীযান নির্মাতা কোম্পানী বয়িং এ ভাৰতক ৫ খন এপাচে যুঁজাৰু হেলিকপ্তাৰ হস্তান্তৰ কৰিছে।

 

৪)  সংযুক্ত আৰৱ আমিৰশ্বাহ

সংযুক্ত আৰৱ আমিৰশ্বাহে মংগল গ্রহলৈ প্রথমখন মহাকাশযান প্রেৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে । আৰৱৰ দেশসমূহৰ ভিতৰত চন্দ্রলৈ যান প্রেৰণ কৰা প্রথমখন দেশ হিচাপে আত্মপ্রকাশ কৰিলে সংযুক্ত আৰৱ আমিৰশ্বাহে।

 

৫) জুন ২০২১

২০২০ চনৰ চেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ ক্রিকেট প্রতিযোগিতাখন ২০২১ চনৰ জুন মাহলৈ পিছুৱাই দিয়া হয়। এই সিদ্ধান্ত কভিড-১৯ ৰ বাবে গ্রহণ কৰা হৈছে ।

 

৬) শ্রীলংকা

২০২০ চনৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা পাকিস্থানত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু বর্তমান পাকিস্থানৰ ক্রিকেট বর্ডে খেল অনুষ্ঠিত কৰাৰ স্বত্বাধিকাৰ শ্রীলংকাৰ ক্রিকেট বর্ডৰ লগত বিনিময় কৰে। সেয়ে ২০২১ চনৰ এছিয়া কাপ ক্রিকেট প্রতিযোগিতা শ্রীলংকাত অনুষ্ঠিত হ’ব। ২০২২ চনত এই প্রতিযোগিতা পাকিস্থানত অনুষ্ঠিত হ’ব।

 

৭) আমাজনিয়া ১

ভাৰতীয় মহাকাশ গৱেষণা প্রতিষ্ঠান ইছৰোৱে ২০২০ চনৰ আগষ্ট মাহত ব্রাজিলৰ এটা কৃত্রিম উপগ্রহ আমাজনিয়া ১ PSLV ৰ যোগেদি প্রক্ষেপণ কৰিব। ব্রাজিলৰ এই উপগ্রহটো ব্রাজিলত থলুৱাভাবে নির্মাণ কৰা হৈছে। এই উপগ্রহৰ যোগেদি পৃথিৱীক নিৰীক্ষণ কৰা হ’ব।

 

৮) মধ্যপ্রদেশ

১০ জুলাই ২০২০ তাৰিখে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে মধ্যপ্রদেশত ৭৫০ মেগা ৱাটৰ শৌৰশক্তি প্রকল্পৰ শুভাৰম্ভ কৰে । এই প্রজেক্টৰ নাম হৈছে ৰিৱা আলট্রা মেগা চলাৰ পাৱাৰ প্রজেক্ট। ৫০০ হেক্টৰ মাটিত স্থাপন কৰা এই প্রজেক্ট হৈছে এছিয়াৰ বৃহত্তম সৌৰ শক্তি প্রকল্প।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element