Join Assam Study Centre Channel

Daily Current Affairs Quiz: 07-07-2020

Daily Current Affairs Quiz হৈছে Assam Study Centreৰ এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে ।

আজিৰ Daily Current Affairs Quiz ত  ব্যক্তিগত খণ্ডৰ চাকৰিত ৭৫ শতাংশ সংৰক্ষণ,  Conflict of interest” স্কেনাৰ,   দিহিং পাটকাই বন্যপ্রা|ণী উদ্যান, ইনজেটি শ্রীনিবাস আদি বিষয় সামৰি লোৱা হৈছে।

 

Daily Current Affairs Quiz – আজিৰ প্রশ্নোত্তৰ

 

) ভাৰতৰ কোনজন ক্রিকেটাৰ “Conflict of interest” স্কেনাৰৰ আওঁতালৈ আহিছে ?

ক) ৰোহিত শর্মা

খ) বিৰাট কোহলী

গ) শিখৰ ধাৱান

ঘ) ৰবীন্দ্র জাদেজা

 

) এল পি জি চিলিণ্ডাৰ প্রতি ঘৰ মানুহলৈ যোগান ধৰা ভাৰতৰ কোনখন ৰাজ্য প্রথম হিচাপে পৰিগণিত হৈছে ?

ক) উত্তৰাখণ্ড

খ) উড়িষ্যা

গ) হিমাচল প্রদেশ

ঘ) চিকিম

 

) ভাৰতৰ কোনখন ৰাজ্যই থলুৱাৰ বাবে ব্যক্তিগত খণ্ডৰ চাকৰিত ৭৫ শতাংশ সংৰক্ষণ কৰাৰ এখন বিলত অনুমোদন জনাইছে ?

ক) গুজৰাট

খ) দিল্লী

গ) উত্তৰপ্রদেশ

ঘ) হাৰিয়ানা

 

) MSME Emergency Response Programme ৰ অধীনত ভাৰতে তলৰ কোনটো আন্তঃৰাষ্ট্রীয় সংগঠনৰ লগত ৭৫০ মিলিয়ন মার্কিন ডলাৰৰ এখন চুক্তিত স্বাক্ষৰিত কৰিছে ?

ক) WB

খ) IMF

গ) ADB

ঘ) UN

 

)  দিহিং পাটকাই বন্যপ্রা|ণী উদ্যানক ৰাষ্ট্রীয় উদ্যানলৈ উন্নীতকৰণ কৰা হ’ব। দিহিং পাটকাই ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ?

ক) ত্রিপুৰা

খ) মণিপুৰ

গ) অসম

ঘ) নাগালেণ্ড

 

) কৌশলগত, অদ্ধ-কৌশলগত আৰু কৌশলবিহীন শ্রমিকৰ বাবে ভাৰতৰ কোনখন ৰাজ্যই এটা জব পর্টেল মুকলি কৰিছে ?

ক) বিহাৰ

খ) উড়িষ্য

গ) ঝাৰখণ্ড

ঘ) মহাৰাষ্ট্র

 

) ইনজেটি শ্রীনিবাসক তলৰ কোনটো কতৃপক্ষৰ চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছে ?

ক) WB

খ) SCO

গ) IFSCA

ঘ) SIDBI

 

)  কভিদ-19 ৰ মানৱীয় পৰীক্ষা তলৰ কোন তাৰিখৰ পৰা আৰম্ভ হ’ব ?

ক) ৭ জুলাই

খ) ৬ জুলাই

গ) ৫ জুলাই

ঘ) ১ জুলাই

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

উত্তৰসমূহঃ

 

১)  বিৰাট কোহলী

ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক তেওঁৰ দুটা কোম্পানীক কেন্দ্র কৰি “Conflict of Interst” স্কেনাৰলৈ আহিছে । তেওঁ দুটা কোম্পানীৰ লগত থকা সম্পর্কক কেন্দ্র কৰি সঞ্জীব গুপ্তাই অভিযোগ কৰে যে এই কার্যই বি চি চি আইৰ সংবিধান উলংঘা কৰিছে।

 

২) হিমাচল প্রদেশ

হিমাচল প্রদেশৰ মুখ্যমন্ত্রী জয় ৰাম ঠাকুৰে ৬ জুলাইত ঘোষণা কৰে যে ভাৰতৰ ভিতৰত হিমাচল প্রদেশে প্রত্যেক ঘৰত এল পি জি যোগান ধৰা প্রথম ৰাজ্য হিচাপে পৰিগণিত হৈছে ।

 

৩) হাৰিয়ানা

৬ জুলাইত হাৰিয়ানাৰ কেবিনেটে ব্যক্তিগত খণ্ডত থলুৱাৰ বাবে ৭৫ শতাংশ সংৰক্ষণৰ এটা প্রস্তাব গৃহীত কৰে ।

 

৪)  বিশ্ব বেংক

ভাৰত চৰকাৰে বিশ্ব বেংকৰ লগত ৭৫০ মিলিয়ন মার্কিন ডলাৰৰ এখন চুক্তিত স্বাক্ষৰিত কৰে। এই পুঁজিৰ যোগেদি MSME খণ্ডৰ উদ্যোগীসকলক আর্থিক সাহার্য প্রদানৰ ব্যবস্থা কৰা হ’ব।

 

৫) অসম

অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৬ জুলাইত ঘোষণা কৰে যে দিহিগ পাটকাই বনাঞ্চলক ৰাষ্ট্রীয় উদ্যানলৈ উন্নীতকৰণ কৰা হ’ব।

 

৬) মহাৰাষ্ট্র

মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই ৬ জুলাই তাৰিখে “মহা জব পর্টেল” নামৰ এটা জব পর্টেলৰ মুকলি কৰে। এই পর্টেলৰ যোগেদি ৰাজ্যখনৰ কৌশলগত, অদ্ধ-কৌশলগত আৰু অনা-কৌশলগত ব্যক্তিসকলক চাকৰিৰ সুবিধা প্রদান কৰা হ’ব।

 

৭) IFSCA

ইনজেটি শ্রীনিবাসক International Financial Services Centres Authority ৰ চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হৈছে। ৬ জুলাই তাৰিখে এক অফিচিয়েল অধিসুচনাৰ যোগেদি এই কথা প্রকাশ কৰা হয়।

 

৮) ৭ জুলাই

৭ জুলাই তাৰিখৰ পৰা ভাৰতত আই চি এম আৰে প্রথম পর্যায়ত কভিড-১৯ ৰ ভেকচিনৰ মানৱীয় পৰীক্ষা আৰম্ভ কৰিছে।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element