Join Assam Study Centre Channel

Daily Current Affairs Quiz: 08-07-2020

Daily Current Affairs Quiz হৈছে Assam Study Centreৰ এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে ।

আজিৰ Daily Current Affairs Quiz ত  Global Real Estate Transparency Index,  প্রধানমন্ত্রী গৰীৱ কল্যাণ যোজনা, কৰণাৰ পাছত প্রথম আন্তঃৰাষ্ট্রীয় ক্রিকেট খেল আদি বিষয় সামৰি লোৱা হৈছে।

 

Daily Current Affairs Quiz – আজিৰ প্রশ্নোত্তৰ

 

) ভাৰতৰ কোনজন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে নিজকে কোৱাৰেণ্টাইন কৰিছে ?

ক) চট্টীশগড়

খ) ঝাৰখণ্ড

গ) কর্ণাটক

ঘ) উত্তৰপ্রদেশ

 

) কোনখন ৰাষ্ট্রত ২০১১ চনৰ বিশ্বকাপ ক্রিকেটৰ ফাইনেল খেল ফিক্সিং হোৱাৰ অভিযোগৰ অনুসন্ধান পর্যাপ্ত প্রমাণ নথকাৰ বাবে বাতিল কৰা হৈছে ?

ক) পাকিস্থান

খ) ইংলণ্ড

গ) শ্রীলংকা

ঘ) ভাৰত

 

) তলৰ কোনখন ৰাষ্ট্রৰ ৰাষ্ট্রপতিগৰাকী কভিড-১৯ ত পজিটিভ পোৱা গৈছে ?

ক) ব্রাজিল

খ) ৰাছিয়া

গ) ফ্রান্স

ঘ) আমেৰিকা

 

) ম্যানমাৰ আৰু শ্রীলংকাই তলৰ কোনটো অসুখক ২০২৩ চনৰ ভিতৰত নির্মূল কৰাৰ লক্ষ্য বান্ধি লৈছে ?

ক) ৰুবেলা

খ) ইবলা

গ) এইচ আই ভি

ঘ) সৰু আই

 

)  কেন্দ্রীয় কেবিনেটে “প্রধানমন্ত্রী গৰীৱ কল্যাণ যোজনা” কেতিয়ালৈকে বৃদ্ধি কৰিছে ?

ক) ২০২০ চনৰ নৱেম্বৰ

খ) ২০২০ চনৰ অক্টোবৰ

গ) ২০২০ চনৰ ডিচেম্বৰ

ঘ) ২০২০ চনৰ চেপ্তেম্বৰ

 

) তলৰ কোনটো সংস্থাই স্বীকাৰ কৰিছে যে কৰণা ভাইৰাচ বতাহতো সংক্রমিত হোৱাৰ প্রমাণ পোৱা গৈছে ?

ক) বিশ্ব স্বাস্থ্য সংস্থা

খ) ৰাষ্ট্রসংঘ

গ) ৰাষ্ট্রসংঘৰ মানব অধিকাৰ আয়োগ

ঘ) আই চি এম আৰ

 

) কভিড-১৯ ৰ পাছত তলৰ কোন দুখন দেশৰ মাজত প্রথম আন্তঃৰাষ্ট্রীয় ক্রিকেট খেল অনুষ্ঠিত হৈছে ?

ক) ৱেষ্ট ইণ্ডিজ বনাম ইংলণ্ড

খ) ৱেষ্ট ইণ্ডিজ বনাম পাকিস্থান

গ) ইংলণ্ড বনাম আয়াৰলেণ্ড

ঘ) ইংলণ্ড বনাম পাকিস্থান

 

)  Global Real Estate Transparency Index ত ভাৰতৰ স্থান আজিৰ তাৰিখত কিমান ?

ক) ৩৪ ত্‌ম

খ) ৫৫ ত্‌ম

গ) ৩৭ ত্‌ম

ঘ) ৪১ ত্‌ম

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

উত্তৰসমূহঃ

 

১)  ঝাৰখণ্ড

ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেণে নিজকে তেওঁ ৰাঁচীত থকা গৃহত কোৱাৰেণ্টাইন কৰিছে । মুখ্যমন্ত্রীৰ কার্যালয়ৰ অন্যান্য কর্মচাৰীসকলকো ঘৰত কোৱাৰেণ্টাইন কৰিবলৈ কোৱা হৈছে।

 

২) শ্রীলংকা

শ্রীলংকাত ২০১১ চনৰ বিশ্বকাপ ক্রিকেটৰ ফাইনেল মেটচ্‌ক লৈ ফিক্সিংৰ এটা অভিযোগ উত্থাপন হৈছিল । উল্লেখযোগ্য যে এই খেলখনত শ্রীলংকাক হৰুৱাই ভাৰত চেম্পিয়ন হৈছিল। এই অভিযোগ অনুসন্ধানৰ বাবে গঠন কৰি দিয়া আয়োগে পর্যাপ্ত প্রমাণ নথকাৰ বাবে অনুসন্ধান বাতিল কৰে।

 

৩) ব্রাজিল

ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ বলচনাৰোক ৭ জুলাইত কভিড-১৯ পৰীক্ষাত পজিটিভ পোৱা গৈছে। ইয়াৰ পূর্বে তেওঁক তীব্র জ্বৰ হৈ থকাৰ বাবে চিকিৎসালয়ত ভর্ত্তি কৰোৱা হৈছিল।

 

৪)  ৰুবেলা

দক্ষিণ-পুব এচিয়াত শ্রীলংকা আৰু মালদ্বীপে ২০২৩ চনৰ ভিতৰত ৰুবেলাক সম্পূর্ণ আতঁৰ কৰিবৰ বাবে লক্ষ্য বান্ধি লৈছে।

 

৫) ২০২০ চনৰ নবেম্বৰ

কেন্দ্রীয় কেবিনেটে প্রধানমন্ত্রী গৰীৱ কল্যাণ যোজনাৰ সময়সীমা ২০২০ চনৰ নবেম্বৰ মাহলৈকে বৃদ্ধি কৰিছে । এই যোজনাৰ অধীনত প্রায় ৮০ কোটি মানুহক ৫ কেজি আটা, ১ কেজি দাইল প্রত্যেক মাহে আগবঢ়োৱা হ’ব।

 

৬) বিশ্ব স্বাস্থ্য সংস্থা

৭ জুলাইত বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰিছে যে কভিড-১৯ ৰ ভাইৰাছ বতাহতো সংক্রমিত হ’ব পাৰে। এক বৈজ্ঞানিকৰ বিশেষজ্ঞ দ’লে চলোৱা গৱেষণাত এই কথা ধৰা পৰিছে ।

 

৭) ইংলণ্ড বনাম ৱেষ্ট ইণ্ডিজ

বিশ্বত কৰণাভাইৰাচৰ সংক্রমণৰ সুদীর্ধ ১১৬ দিন পাচত ইংলণ্ড আৰু ৱেষ্ট ইণ্ডিজৰ মাজত প্রথমখন আন্তঃৰাষ্ট্রীয় ক্রিকেট খেল অনুষ্ঠিত হয়।

 

৮) ৩৪ ত্‌ম

Global Real Estate Transparency Indexৰ ৰেংকিংত ভাৰতে ৩৪ ত্‌ম স্থান লাভ কৰিছে।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element