Join Assam Study Centre Channel

Daily Current Affairs Quiz: 06-07-2020

Daily Current Affairs Quiz হৈছে Assam Study Centreৰ এক ব্যতিক্রমী প্রচেষ্টা। এই শিতানৰ  যোগেদি অসমৰ ছাত্র-ছাত্রীসকলক বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ প্রস্তুতিৰ বাবে অসমীয়া ভাষাত নিয়মীয়াভাৱে Quiz আকাৰত কাৰেণ্ট Current Affairs আগবঢ়াই অহা হৈছে ।

আজিৰ Daily Current Affairs Quiz ত  অলিম্পিক চেম্পিয়ন লিন ডেন, চোৰাংচোৱা কৃত্রিম উপগ্রহ, কানৱাৰ মেলা, শিপিনী সন্মান যোজনা, আদি বিষয় সামৰি লোৱা হৈছে।

 

Daily Current Affairs Quiz – আজিৰ প্রশ্নোত্তৰ

 

) তলৰ কোনখন দেশে এটা নতুন চোৰাংচোৱা কৃত্রিম উপগ্রহ প্রক্ষেপ কৰিছে ?

ক) ইজৰাইল

খ) ইৰাণ

গ) তুর্কী

ঘ) দক্ষিণ কোৰিয়া

 

) দুবাৰকৈ অলিম্পিক চেম্পিয়ন লিন ডেনে শেহতীয়াকৈ বেডমিণ্টন খেলৰ পৰা অৱসৰ ঘোষণা কৰিছে । তেওঁ কোনখন দেশৰ ?

ক) চীন

খ) দক্ষিণ কোৰিয়া

গ) জাপান

ঘ) মালয়েচিয়া

 

) তলৰ কোনখন ৰাজ্যই কৰণাৰ বাবে কানৱাৰ মেলা বাতিল কৰিছে ?

ক) উত্তৰাখণ্ড

খ) দিল্লী

গ) ঝাৰখণ্ড

ঘ) হিমাচল প্রদেশ

 

) ভাৰতৰ কোনখন ৰাজ্যই শিপিনী সন্মান যোজনা আৰম্ভ কৰিছে ?

ক) তেলেংগানা

খ) কর্ণাটক

গ) মধ্যপ্রদেশ

ঘ) মহাৰাষ্ট্র

 

)  তলৰ কোনখন ৰাষ্ট্রত সন্দেহজনক প্লেগ বেমাৰৰ এটা কেছ পোৱা গৈছে ?

ক) জাপান

খ) ঞ্জার্মানী

গ) ব্রাজিল

ঘ) চীন

 

) কোনখন ৰাষ্ট্রই খালিস্তানৰ দাবীত থকা ৪০ টা ৱেবচাইট নিষিদ্ধ কৰিছে ?

ক) মালয়েচিয়া

খ) পাকিস্থান

গ) ভাৰত

ঘ) বাংলাদেশ

 

) শেহতীয়াকৈ কভিড-১৯ আক্রান্তৰ তালিকাত ভাৰতৰ স্থান কিমান ?

ক) চতুর্থ

খ) পঞ্চম

গ) তৃতীয়

ঘ) দ্বিতীয়

 

)  বিশ্বপ্রসিদ্ধ ইটালীয়ান সংগীতজ্ঞ Ennio Morricone ৰ অলপতে মৃত্যু ঘটিছে। তেওঁ প্রথম অস্কাৰ বঁটা কিমান চনত লাভ কৰিছিল ?

ক) ২০০৭ চন

খ) ২০১৬ চন

গ) ২০১৮ চন

ঘ) ২০১৯ চন

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

 

উত্তৰসমূহঃ

 

১)  ইজৰাইল

ইজৰাইলৰ প্রতিৰক্ষা মন্ত্রীয়ে ৬ জুলাইত ঘোষণা কৰে যে তেওঁলোকে সফলতাৰে এটা চোৰাংচোৱা কৃত্রিম উপগ্রহৰ প্রক্ষেপণ সমাপ্ত কৰিছে ।

 

২) চীন

পাঁচবাৰৰ অলিম্পিক চেম্পিয়ন লিন ডিন এ বেডমিণ্টন খেলৰ পৰা অৱসৰ ঘোষণা কৰিছে। ক্রীড়া জগতৰ শ্রেষ্ঠ খেলুৱৈসকলৰ ভিতৰত ডেনক অন্যতম এগৰাকী বুলি গণ্য কৰা হয়।। পাঁচবাৰকৈ অলিম্পিক খিতাপ অর্জন কৰাৰ উপৰিও তেওঁ ৬ বাৰকৈ ইংলণ্ডৰ বেডমিণ্টন খিতাপ অর্জন কৰিছিল।

 

৩) উত্তৰাখণ্ড

 উত্তৰাখণ্ডৰ পুলিচে কভিড- ১৯ ৰ বাবে অনুষ্ঠিত হ’বলগীয়া কানৱাৰ মেলা বাতিল কৰাৰ জাননী দিছে। ভক্তসকলক হৰিদ্বাৰলৈ এইসময়ত নাহিবলৈ পুলিচে অনুৰোধ জনাইছে।

 

৪)  কর্ণাটক

কর্ণাটকৰ মুখ্যমন্ত্রী বি এচ য়েডিয়ুৰাপ্পাই ৰাজ্যখনত শিপিনী সন্মান যোজনা আৰম্ভ কৰিছে। এই যোজনাৰ অধীনত প্রায় ১৯৭৪৪ গৰাকী শিপিনীক ডি বি টিৰ যোগেদি ২০০০ টকাকৈ আর্থিক সাহার্য প্রদান কৰা হ’ব।

 

৫) চীন

চীনৰ উত্তৰ দিশৰ মংগোলিয়াভ এখন নগৰত ৫ জুলাই তাৰিখে প্লেগ ৰোগৰ এটা সন্দেহজনক কেছ পোৱা গৈছে।

 

৬) ভাৰত

 ভাৰতৰ গৃহ মন্ত্রণালয়ে পৃথক খালিস্থানৰ দাবীত ভোটাৰসকলক প্রভাৱিত কৰিবলৈ চেষ্টা কৰা ৪০ টা ৱেবচাইট নিষিদ্ধ ঘোষণা কৰিছে। ৫ জুলাইত এই নিষিদ্ধকৰণ কৰা হয়।

 

৭) তৃতীয়

৫ জুলাই তাৰিখে বিশ্বৰ কৰণাত আক্রান্ত দেশবিলাকৰ ভিতৰ্ত ভাৰতে তৃতীয় স্থানলৈ আগবাঢ়িছে। এতিয়ালৈকে ভাৰতত সর্বমুঠ ১৯৬৯৩ জন ব্যক্তিৰ কৰণাত মৃত্যু হৈছে ।

 

৮) ২০১৬

৬ জুলাই, ২০২০ তাৰিখে বিশ্বপ্রসিদ্ধ অস্কাৰ বঁটা  বিজয়ী ইটালিয়ান ছবি নির্মাতা Ennio Morricone ৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৯১ বছৰ। ২০১৬ চনত তেওঁ The Hateful Eight ছবিৰ বাবে অস্কাৰ বঁটা লাভ কৰিছিল।

 

আপুনি যদি আমাৰ এই Daily Current Affairs Quiz পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা আমাৰ “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

Leave a Comment

error: Warning, you aare not allowed to copy this element