Join Assam Study Centre Channel

Daily Current Affairs G.K. 17-06-2020

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ নির্বাচন, ২০২০ বর্ষৰ এমি বঁটা, মেডিকেল কলেজত অ বি চি ৰ সংৰক্ষণ  আদি বিষয় সামৰি লোৱা হৈছে। Daily Current Affairs G.K. 17-06-2020

 

আজিৰ  প্রশ্নোত্তৰঃ

 

) ১৭ জুন ২০২০ তাৰিখে প্রধানমন্ত্রী মোডীয়ে কিমানখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ লগত মত বিনিময় কৰিছিল ?

ক) ১৫

খ) ২১

গ) ১৬

ঘ) ২০

 

) ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে কিমানখন ৰাষ্ট্রক ১৭ জুনত নির্বাচন কৰা হৈছে ?

ক) ৬

খ) ৩

গ) ৪

ঘ) ৫

 

) ভাৰতৰ কোনখন ৰাজ্যই ১৬০০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি ১২ খন আন্তঃৰাষ্ট্রীয় ফার্মৰ লগত কৰিছে ?

ক) তেলেংগানা

খ) মহাৰাষ্ট্র

গ) অন্ধ্রপ্রদেশ

ঘ) উত্তৰপ্রদেশ

 

) চাকৰিয়াল, পেন্সনাৰসকলৰ দৰমহা, পেন্সন স্থগিতকৰণৰ এক অধ্যাদেশ কোনখন ৰাজ্যই গৃহীত কৰিছে ?

ক) উড়িষ্যা

খ) কর্ণাটক

গ) মহাৰাষ্ট্র

ঘ) তেলেংগানা

 

) ১৭ জুন ২০২০ তাৰিখে AIIB এ কিমান পৰিমাণৰ ঋণ ভাৰতলৈ প্রদান কৰিছে ?

ক) ৭৫০ মিলিয়ন মার্কিন ডলাৰ

খ) ৫০০ মিলিয়ন মার্কিন ডলাৰ

গ) ৩৮০ মিলিয়ন মার্কিন ডলাৰ

ঘ) ৪৫০ মিলিয়ন মার্কিন ডলাৰ

 

) মেডিকেল কলেজ সমূহত অ বি চি ছাত্র-ছাত্রীসকলৰ বাবে ২৭ শতাংশ আসন সংৰক্ষণৰ বাবে কেন্দ্রক নির্দেশ দিবলৈ কোনখন ন্যায়ালয়ত এক আবেদন দাখিল কৰা হৈছে ?

ক) উচ্চতম ন্যায়ালয়

খ) দিল্লী উচ্চ ন্যায়ালয়

গ) বম্বে উচ্চ ন্যায়ালয়

ঘ) এলাহাবাদ উচ্চ ন্যায়ালয়

 

) ২০২০ বর্ষৰ এমি বঁটা কোনে আয়োজিত আৰু নির্মাণ কৰিব ?

ক) Oprah Winfrey

খ) Jimmy Fallon

গ) Ellen DeGeneres

ঘ) Jimmy Kimmel

 

)  কোনখন দেশে ইয়াৰ এখন ৰাজ্যত চীনৰ সহযোগিতাত নির্মাণ কৰি থকা এক মেগা প্রজেক্টৰ অনুসন্ধান কৰিবলৈ ন্যায়াধিকৰন স্থাপন কৰিছে ?

ক) বাংলাদেশ

খ) নেপাল

গ) ভূটান

ঘ) ম্যানমাৰ

 

 

উত্তৰসমূহঃ

 

 

১) ১৫

প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে ১৫ জুনত ১৫ খন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ লগত মত বিনিময় অনুষ্ঠান্ত বহে। তেওঁ কয় যে ভাৰতত বর্তমান কৰণাত আক্রান্ত সক্রিয় কেছৰ বিপৰীতে আৰোগ্য লাভৰ সংখ্যা বেছি।

 

২) ৫

১৭ জুনত ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে ৫ খন ৰাষ্ট্রক নির্বাচিত কৰে। জুন মাহৰ বাবে ১৫ জনীয়া শক্তিশালী নিৰাপত্তা পৰিষদৰ সদস্যসকলৰ সভাপতিৰ আসন ফ্রান্সে অধিকাৰ কৰে।

 

৩) মহাৰাষ্ট্র

মহাৰাষ্ট্র চৰকাৰে ১২ খন আন্তঃৰাষ্ট্রীয় ফার্মৰ লগত ১৬০০০ কোটি টকাৰ এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ ভিতৰত ৫০০০ কোটি টকাৰ এক চুক্তি চীনৰ তিনিখন ফার্মৰ লগত হোৱা চুক্তিও জড়িত হৈ আছে।

 

৪) তেলেংগানা

তেলেংগানা চৰকাৰে দূর্যোগ আৰু জনস্বাস্থ্যৰ জৰুৰীকালীন সময়ত চাকৰিয়াল আৰু পেন্সনাৰসকলৰ দৰমহা আৰু পেন্সন স্থগিতকৰণৰ বাবে এক বিশেষ ব্যবস্থাৰ ওপৰত অধ্যাদেশ জাৰি কৰিছে।

 

৫) ৭৫০ মিলিয়ন মার্কিন ডলাৰ

Asian Infrastructure Investment Bank  চমুকৈ AIIB এ ১৭ জুন ২০২০ তাৰিখে ভাৰতলৈ ৭৫০ মিলিয়ন মার্কিন ডলাৰৰ ঋণ মঞ্জুৰ কৰিছে। এই পুঁজি ভাৰত চৰকাৰে দৰিদ্র আৰু অসুৰক্ষিত শ্রেণীৰ ওপৰত কভিড-১৯ ৰ প্রভাৱ বিৰুদ্ধে মোকাবিলা কৰিবলৈ ব্যবহাৰ কৰিব।

 

৬) দিল্লী উচ্চ ন্যায়ালয়

২০২০ৰ শৈক্ষিক বর্ষত মেডিকেল আৰু ডেণ্টেল কলেজসমূহত অ বি চি ৰ বাবে ২৭  শতাংশ আসন সংৰক্ষণৰ বাবে কেন্দ্রক আদেশ দিবলৈ দিল্লী উচ্চ ন্যায়ালয়ত এক আবেদন দাখিল কৰা হৈছে ।

 

৭) Jimmey Kimmel

আমেৰিকাৰ জনপ্রিয় টেলিভিচন হষ্ট Jimmey Kimmel এ ২০২০ বর্ষৰ এমি বঁটা অনুষ্ঠিত কৰিব। এই বটা প্রদান অনুষ্ঠান চেপ্তেম্বৰ মাহৰ ২০ তাৰিখে অনুষ্ঠিত হ’ব।

 

৮) ম্যানমাৰ

চীনৰ সহযোগত কাৰেণ ৰাজ্যত চলি থকা এক মেগা প্রজেক্টৰ নির্মান কার্যৰ অনুসন্ধান কৰিবলৈ ম্যানমাৰ চৰকাৰে এক ন্যায়াধীকৰণ গঠন কৰি দিছে।

 

আপুনি যদি আমাৰ এই বিষয়সমূহ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ৱেবচাইট চাবস্কাইব কৰক

Leave a Comment

error: Warning, you aare not allowed to copy this element