Join Assam Study Centre Channel

Daily Current Affairs G.K. 17-06-2020

Volkan Bozkir elected president of 75th UN General Assembly। ৰাষ্ট্রসংঘৰ সাধাৰণ সভাৰ প্রেচিডেণ্ট হিচাপে তুর্কীৰ কুটনীটিবিদ Volkan Bozkir ক নির্বাচিত কৰা হৈছে। ৭৫ সংখ্যক সাধাৰণ সভাৰ সভাপতি হিচাপে তেওঁ চেপ্তেম্বৰত দায়িত্ব গ্রহণ কৰিব। বিনাপ্রতিদ্বন্দিতাৰে নির্বাচিত কৰা ব’জকিৰ হৈছে তুর্কীৰ প্রথমগৰাকী ব্যক্তি।

গোপন বেলট ভোটৰ যোগেদি অনুষ্ঠিত হোৱা ভোটদানত ব’জকিৰে সর্বমূঠ ১৭৮ টা ভোট লাভ কৰিছিল। বিশ্বৰ ১১ দেশ ভোটদানৰ পৰা বিৰত আছিল।

নির্বাচিত হোৱাৰ পাছত ব’জকিৰে টুইট কৰি কয় যে “ I am thankful to all UN member States, for electing me with an overwhelming majority as the President of the 75th UN General Assembly.”

 

ভলকান ব’জকিৰ  কোন ?

 

ভলকান ব’জকিৰে বর্তমান তুর্কীৰ সংসদীয় বৈদেশিক পৰিক্রমা কমিটিৰ মুখ্যপদত অধিষ্ঠিত হৈ আছে। ইস্তানবুলৰ জাষ্টিচ এণ্ড ডেভেলপমেণ্ট কমিটিৰ আইনপ্রণেতা হিচাপেও তেওঁ দায়িত্ব  পালন কৰি আছে।

তুর্কীৰ বৈদেশিক সেৱা বিভাগত তেওঁ প্রায় ৪০ বছৰ ধৰি কাম কৰি আছিল। ইৰাক, জার্মানী, ৰোমানিয়া, নিউয়র্ক আদিত তুর্কীৰ বৈদেশিক বিভাগভ হৈ কাম কৰাৰ অভিজ্ঞতা তেওঁৰ আছে।

তদুপৰি তুর্কীৰ ইউৰোপিয়ান পৰিক্রমা মন্ত্রী আৰু মুখ্য মধ্যস্থতাকাৰী হিচাপেও তেওঁ কাম কৰিছিল।

উল্লেখযোগ্য যে বর্তমান ৰাষ্ট্রসংঘৰ সাধাৰণ সভাৰ প্রেচিডেণ্ট পদত নাইজেৰিয়াৰ কুটনীতিবিদ টিজ্জানি মহম্মদ বন্দে অধিষ্ঠিত হৈ আছে। তেওঁৰ ১৭ চেপ্তেম্বৰ ২০১৯ ত দায়িত্ব গ্রহণ কৰিছিল আৰু এইবছৰ চেপ্তেম্বৰত তেওঁৰ কার্যকাল সমাপ্ত হ’ব।

আপুনি যদি আমাৰ এই বিষয়সমূহ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ৱেবচাইট চাবস্কাইব কৰক

Leave a Comment

error: Warning, you aare not allowed to copy this element