Join Assam Study Centre Channel

Daily Current Affairs G.K. 11-06-2020

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  NIRF ৰেংকিঙ, গগনযান মিছন,  শ্রীলংকাৰ সংসদীয় নির্বাচন আদি বিষয় সামৰি লোৱা হৈছে।

 

আজিৰ  প্রশ্নোত্তৰঃ

 

) ২০২০ চনত NIRF ৰ ৰেংকিঙত ভাৰতৰ কোনখন শিক্ষানুষ্ঠানে স্থান শীর্ষস্থান লাভ কৰিছে ?

ক) আই আই টি দিল্লী

খ) আই আই টি মাদ্রাজ

গ) আই আই টি বেংগালুৰু

ঘ) আই আই টি বোম্বে

 

) NIRF ৰ ৰেংকিঙত ভাৰতৰ কোনখন মহাবিদ্যালয়ে শ্রেষ্ঠ স্থান লাভ কৰিছে ?

ক) দ্য হিন্দু

খ) লেডী শ্রীৰাম

গ) মিৰাণ্ডা হাউচ

ঘ) চেইণ্ট ষ্টিফেন্স

 

) প্রথম মানৱবিহীন পৰীক্ষামূলক যান “গগনযান” কোনটো বছৰলৈ পিছুৱাই দিয়া হৈছে ?

ক) ২০২১

খ) ২০২২

গ) ২০২৩

ঘ) ২০২৪

 

) গগনযান মিছন কোনটো বর্ষলৈ পিছুৱাই দিয়া হৈছে ?

ক) ২০২১

খ) ২০২২

গ) ২০২৩

ঘ) ২০২৪

 

) শ্রী লংকাৰ সংসদীয় নির্বাচন কেতিয়া অনুষ্ঠিত হ’ব ?

ক) ৫ আগষ্ট

খ) ১৫ জুলাই

গ) ৩০ জুন

ঘ) ২৫ ছেপ্তেম্বৰ

 

) কোনখন দেশে হাইদ্রক্লৰকুইন আৰু ইয়াৰ ফর্মুলেচন ৰপ্তানি কৰাত থকা নিষেধাজ্ঞা উঠাই লৈছে ?

ক) ভাৰত

খ) আমেৰিকা

গ) জাপান

ঘ) অষ্ট্রেলিয়া

 

) ১১ জুন ২০২০ তাৰিখে কোনখন ৰাজ্যই “সেউজ দিন” উদ্‌যাপন কৰে ?

ক) মেঘালয়

খ) মিজোৰাম

গ) মণিপুৰ

ঘ) অসম

 

) তলৰ কোনখন ৰাষ্ট্রই ইয়াৰ বিদ্যালয় সমূহ চাৰিটা ষ্টেজত পুনৰ খোলাৰ সিদ্ধান্ত লৈছে ?

ক) পাকিস্থান

খ) ভাৰত

গ) নেপাল

ঘ) শ্রীলংকা

 

 

উত্তৰসমূহঃ

 

 

১) আই আই টি মাদ্রাজ

কেন্দ্রীয় মানৱ সম্পদ মন্ত্রী ৰমেশ পখৰিয়ালে India Rankings 2020 (NIRF) ১১ জুন, ২০২০ তাৰিখে প্রকাশ কৰে। ইয়াত উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান সমূহৰ সর্বভাৰতীয় ভিত্তিত ৰেংকিঙ কৰা হয়। এই মতে আই আই টি মাদ্রাজে ভাৰতৰ উচ্চ শিক্ষাৰ সকলো শিক্ষানুষ্ঠানৰ ভিতৰত শীর্ষস্থান লাভ কৰিছে।

অসমৰ আই আই টি গুৱাহাটীয়ে সপ্তম স্থান, তেজপুৰ বিশ্ববিদ্যালয়ে ৬৫ সংখ্যক স্থান, গুৱাহাটী বিশ্ববিদ্যালয়ে ৭২ সংখ্যক স্থান অধিকাৰ কৰিছে।

 

২) মিৰাণ্ডা হাউচ

NIRF ৰ ২০২০ ৰ তালিকা অনুসৰি  মিৰাণ্ডা হাউচে ভাৰতৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত প্রথমস্থান অধিকাৰ কৰিছে। দ্বিতীয়তে লেডী শ্রীৰাম কলেজ আৰু তৃতীয় স্থানত হিন্দু কলেজে স্থান লাভ কৰিছে।

 

৩) ২০২১

ইছৰোৰ উচ্চাকাংক্ষী প্রথমখন মানৱবিহীন গগনযান মিছন ২০২১ চনলৈ পিছুৱাই দিয়া হৈছে। ইয়াৰ ফলত সমগ্র অভিযানটোৰ সময়সীমাৰ সালসলনি ঘটিছে।

 

৪) ২০২২

গগনযান অভিযান যাৰ বিষয়ে প্রধানমন্ত্রী মোডীয়ে ২০১৮ চনৰ ১৫ আগষ্টত ঘোষণা কৰিছিল, ইয়াৰ শেষ স্তৰ ২০২২ চনলৈ পিছুৱাই গৈছে। থলুৱা প্রযুক্তিবিদ্যা ব্যবহাৰ কৰি ইছৰোৱে প্রথমবাৰৰ বাবে মহাকশচাৰীক মহাকাশলৈ পঠিওৱাৰ চিন্তা-চর্চা কৰিছিল।

 

৫) ৫ আগষ্ট

শ্রীলংকাৰ সংসদীয় নির্বাচন ২০২০ চনৰ  ৫ আগষ্টত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে কভিড- ১৯ ৰ বাবে শ্রীলংকাৰ এই নির্বাচন দুবাৰকৈ পিছুৱাই দিয়া হৈছিল।

 

৬) ভাৰত

ভাৰতে হাইদ্রক্লৰকুইন এ পি আই আৰু ফর্মুলেচনৰ ৰপ্তানিৰ ওপৰত থকা বাধা-নিষেধ উঠাই লৈছে।

 

৭) মিজোৰাম

মিজোৰামে ১১ জুন, ২০২০ তাৰিখটোক ৰাজ্যত “সেউজ মিজোৰাম দিন” হিচাপে  উদযাপন কৰে। পৰিবেশ সুৰক্ষাৰ বাবে জনসাধাৰণৰ মাজত এই উপলক্ষে গছপুলি বিতৰণ কৰা হয়। ১৯৯৯ চনৰ পৰা ২০ বছৰ ধৰি মিজোৰামে এই দিনটো উদ্‌যাপন কৰি আহিছে।

 

৮) শ্রীলংকা

শ্রীলংকাৰ চৰকাৰে সকলো চৰকাৰী বিদ্যালয় জুনৰ শেহৰ ফালে ৪ টা পর্যায়ত পুনৰ খুলি দিয়াৰ সিদ্ধান্ত লৈছে। দেশখনত যোৱা এক মাহ ধৰি এটাও কভিড-১৯ পজিটিভ কেছ নাই আৰু ক্রমান্বয়ে দেশখন  নর্মেল পর্যায়লৈ ঘুৰি আহিছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element