Join Assam Study Centre Channel

Daily Current Affairs G.K. 10-06-2020

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতানত  ৰমন মেগছেছে বঁটা, SAUNI যোজনা, বিশ্ব ৰাজনীতিত কভিড-১৯ ৰ প্রভাব আদি বিষয় সামৰি লোৱা হৈছে।

 

আজিৰ  প্রশ্নোত্তৰঃ

 

) তলৰ কোনখন ৰাজ্যত এটা তেল খাদত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হৈছে?

ক) ত্রিপুৰা

খ) অসম

গ) তামিলনাডু

ঘ) অন্ধ্রপ্রদেশ

 

) তলৰ কোনজন ভাৰউত্তোলকক আন্তঃৰাষ্ট্রীয় ভাৰোউত্তোলন ফেডাৰেচনে ড্রপ টেষ্টত নির্দোষী বুলি ঘোষণা কৰিছে ?

ক) মীৰাবাঈ চানু

খ) চঞ্জিতা চানু

গ) সন্তোষী মাতচা

ঘ) চাকিনা খাতুন

 

) ২০২০ বর্ষত তলৰ কোনটো বঁটা কভিদ-১৯ ৰ বাবে বাতিল কৰা হৈছে?

ক) ৰমণ মেগছেছে বঁটা

খ) নঁবেল বঁটা

গ) ৰাষ্ট্রীয় বঁটা

ঘ) একাডেমী বঁটা

 

) SAUNI যোজনাৰ দ্বিতীয় পর্যায় ১৫ আগষ্টৰ ভিতৰত সম্পূর্ণ কৰিবলৈ তলৰ কোনখন ৰাজ্যই লক্ষ বান্ধি লৈছে ?

ক) ৰাজস্থান

খ) পাঞ্জাব

গ) গুজৰাট

ঘ) মধ্যপ্রদেশ

 

) আৱদ্ধ হৈ থকা শ্রমিকক কিমান দিন ভিতৰত ঘুৰাই নিবলৈ ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলবিলাকক উচ্চতম ন্যায়ালয়ে আদেশ দিছে ?

ক) ২০ দিন

খ) ১৫ দিন

গ) ১০ দিন

ঘ) ৩ দিন

 

) বিশ্ব বেংকৰ মতে ২০২০ বিত্তীয় বর্ষত বিশ্ব অর্থনীতি কিমান তললৈ নামি আহিব ?

ক) ৫.২ শতাংশ

খ) ৬.৪ শতাংশ

গ) ৭.১ শতাংশ

ঘ) ৪.৮ শতাংশ

 

) কভিড-১৯ ৰোগীক পর্যবেক্ষণ কৰিবৰ বাবে কভিড-বিপ নামৰ ভাৰতৰ প্রথমটো তাঁৰবিহীন মনোবৈজ্ঞানিক পেৰামিটাৰ পর্যবেক্ষণ ব্যবস্থা কোনে আৰম্ভ কৰিছে ?

ক) প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে

খ) পিয়ুষ গোৱেল

গ) স্মৃতি ইৰাণী

ঘ) ড˚ জীতেন্দ্র সিং

 

) কোনটো গ্রহৰ চন্দ্র আশা কৰাতকৈ দ্রুতভাবে আতঁৰি গৈছে ?

ক) পৃথিৱী

খ) বৃহস্পতি

গ) শনি

ঘ) নেপচুন

 

 

উত্তৰসমূহঃ

 

১)  অসম

অসমৰ তিনচুকীয়া জিলাত ৮ জুন, ২০২০ তাৰিখে অইল ইণ্ডিয়া লিমিটেডৰ এটা খাৰুৱা তেলৰ খাদত অগ্নিকাণ্ড সংঘটিত হৈছে। বাঘজানন্থিত এই খাদটোত যোৱা ১৪  দিন ধৰি গেছ নির্গমণ হৈ আছিল।

 

২) সঞ্জিতা চানু

ভাৰতীয় ভাৰত্তোলক সঞ্জিতা চানুক আন্তঃৰাষ্ট্রীয় ভাৰোত্তলন ফেডাৰেচনে ড্রপিং টেষ্টত তেওঁৰ চেম্পল পৰীক্ষাৰ অন্তত নির্দোষী ঘোষণা কৰিছে। World Anti-Doping Agency ৰ প্রতিবেদনৰ ওপৰত ভিত্তি কৰি এই সিদ্ধান্ত লোৱা হৈছে।

 

৩) ৰমণ মেগছেছে বঁটা

ৰমণ মেগছেছে বঁটা, যাক এছিয়াৰ নৱেল বঁটাৰ সংস্কৰণ বুলি অভিহিত কৰা হয়, এইবছৰ কভিড- ১৯ ৰ পৰিপ্রেক্ষিতত বাতিল কৰা হৈছে। ৯ জুন, ২০২০ ত মেনিলাত অৱস্থিত সংস্থাটোৱে এই ঘোষণা কৰে।

 

৪) গুজৰাট

গুজৰাটৰ মুখ্যমন্ত্রী বিজয় ৰূপানীয়ে ১০ জুন, ২০২০ তাৰিখে ঘোষণা কৰে যে Saurashtra-Narmada Avataran Irrigation চমুকৈ SAUNI যোজনা ১৫ আগষ্টৰ ভিতৰত সম্পূর্ণ কৰা হ’ব। এই যোজনাৰ অধীনত নর্মদা নদীৰ পানী সৌৰাষ্ট্র আৰু কুটচ্চ অঞ্চলৰ ১১৫ টা জলধাৰা ভর্তি কৰি দিয়া হ’ব যাৰ সহায়ত অঞ্চলটোৰ জনসাধাৰণৰ খোৱা পানী আৰু জলসিঞ্চনৰ অভাব দূৰ হ’ব।

 

৫) ১৫ দিন

ভাৰতৰ উচ্চতম ন্যায়ালয়ে  ৯ জুন তাৰিখে এক আদেশ জাৰি কৰি কয় যে ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহে ১৫ দিনৰ ভিতৰত আআদ্ধ হৈ থকা প্রব্রজিত শ্রমিকসকলক চিনাক্তকৰণ কৰি তেওঁলোকৰ ঘৰলৈ ঘুৰাই অনাৰ ব্যবস্থা কৰিব লাগিব। ন্যায়ালয়ে লগতে ৰেল বিভাগক আদেশ দিয়ে যে ইয়াৰ বাবে প্রয়োজনীয় শ্রমিক ৰেলৰ ব্যবস্থা ২৪ ঘণ্টাৰ ভিতৰত কৰিব লাগিব।

 

৬) ৫.২ শতাংশ

বিশ্ব বেংকৰ মতে কভিড-১৯ ৰ পাছত বিশ্ব অর্থনীতি ৫.২ শতাংশলৈ অৱনমিত হ’ব। এইয়া হ’ব দ্বিতীয় বিশ্বযুদ্ধৰ পাছত হোৱা আটাইতকৈ বেছি অর্থনৈতিক অৱনমন।

 

৭) ড˚ জীতেন্দ্র সিং

কভিড- ১৯ সকলক মিনিটৰিং কৰিবৰ বাবে কেন্দ্রীয় ডনাৰ মন্ত্রী ড জীতেন্দ্র সিংয়ে কভিড-বিপ নামৰ এটা ব্যবস্থা ৭ জুন তাৰিখে শুভাৰম্ভ কৰে।

 

৮) শনি

শনিগ্রহৰ চন্দ্র টাইটান আশা কৰাতকৈ অধিক বেগেৰে প্রত্যক বছৰে আঁতৰি গোই আছে। প্রত্যেক বছৰে ৪ ইঞ্চি (১১ চেণ্টিমিটাৰ) কৈ ই আতঁৰি গৈছে। এই তথ্য নাছাৰ কেছিনী স্পেচক্রাফটৰ পৰা লাভ কৰা তথ্য নাছাই প্রকাশ কৰিছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element