Join Assam Study Centre Channel

Daily Current Affairs G.K. 12-06-2020

আজিৰ কাৰেণ্ট এফেয়ার্চ শিতান (today’s current affairs)ত  শিশু শ্রমিকৰ বিশ্ব দিৱস, ২০২০ বর্ষৰ বিশ্ব খাদ্য পুৰস্কাৰ, সপ্তাহৰ শেষৰ দিনৰ লকডাউন আদি বিষয় সামৰি লোৱা হৈছে।

 

আজিৰ  প্রশ্নোত্তৰঃ

 

) কোনখন ৰাজ্যই সপ্তাহটোৰ শেষৰ দিন আৰু চৰকাৰী বন্ধৰ দিনক লকডাউন কৰিবৰ বাবে আদেশ জাৰি কৰিছে ?

ক) দিল্লী

খ) পাঞ্জাব

গ) উৰিষ্যা

ঘ) কেৰেলা

 

) বিজয় মালিয়াক আশ্রয় নিদিবৰ বাবে ভাৰতে কোনখন ৰাষ্ট্রক অনুৰোধ কৰিছে ?

ক) ইংলণ্ড

খ) আয়াৰলেণ্ড

গ) স্পেইন

ঘ) চিংগাপুৰ

 

) কোনখন ৰাজ্যই ৰাজ্যিক ভিত্তিত কৰণা সংক্রমণৰ তথ্য লাভ কৰিবলৈ চেম্পল সংগ্রহৰ কাম আৰম্ভ কৰিছে ?

ক) দিল্লী

খ) পাঞ্জাব

গ) হাৰিয়ানা

ঘ) উত্তৰপ্রদেশ

 

) হোটেল বিলাকক কভিড-১৯ ৰ চিকিৎসাৰ বাবে ব্যবহাৰ কৰিব পাৰি নাই তাক পৰীক্ষা কৰিবলৈ কোনে আদেশ জাৰি কৰিছে ?

ক) উচ্চতম ন্যায়ালয়ে

খ) দিল্লী উচ্চ ন্যায়ালয়ে

গ) আই চি এম আৰ

ঘ) কেন্দ্রই

 

) কোনখন দেশৰ অর্থনীতি এপ্রিল মাহত উল্লেখনীয়ভাবে ২০.৪ শতাংশ নিম্নগামী হৈছে ?

ক) স্পেইন

খ) আমেৰিকা

গ) ইটালী

ঘ) ইংলণ্ড

 

) শিশু শ্রমিকৰ বিৰুদ্ধে বিশ্ব দিৱস কিমান তাৰিখে উদ্‌যাপন কৰা হয় ?

ক) ১১ জুন

খ) ১০ জুন

গ) ১২ জুন

ঘ) ৯ জুন

 

) ২০২০ বর্ষৰ বিশ্ব খাদ্য পুৰস্কাৰ কোনে লাভ কৰিছে ?

ক) ড˚ ৰতন লাল

খ) ৰাম ৰাজেশকৰণ

গ) অৰুণাচল শ্রীনিবাসন

ঘ) হচাহালি ৰামস্বামী

 

)  “আত্মনির্ভৰ ভাৰত অভিযান”ৰ অন্তঃগত বিভিন্ন আচঁনিসমূহ কার্যকৰী কৰিবৰ বাবে কোনখন ৰাজ্য / কেন্দ্রীয় শাসিত অঞ্চলে বিশেষ টাস্ক ফর্চ গঠন কৰিছে ?

ক) জম্মু কাশ্মীৰ

খ) দিল্লী

গ) লাডাখ

ঘ) গুজৰাট

 

 

উত্তৰসমূহঃ

 

 

১) পাঞ্জাব

পাঞ্জাবৰ মুখ্যমন্ত্রী কেপ্তেইন অমৰিন্দৰ সিং এ সপ্তাহৰ শেষৰ দিন আৰু চৰকাৰী বন্ধৰ দিনসমূহক লকডাউন থাকিব বুলি ঘোষণা কৰিছে। এই দিনসমূহত মেডিকেলকে ধৰি অন্যান্য অত্যাবশ্যকীয় সেৱাৰ লগত জড়িত ব্যক্তিসকলে চলাফুৰা কৰিবৰ বাবে ই-পাছৰ প্রয়োজন হ’ব।

 

২) ইংলণ্ড

ভাৰতে ইংলণ্ডৰ চৰকাৰক ভাৰতৰ পৰা পলায়ন কৰা বিজয় মালিয়াক কোনোধৰণৰ আশ্রয় নিদিবৰ বাবে অনুৰোধ জনাইছে। ভাৰতে কয় যে বিজয় মালিয়াক দেশলৈ ঘুৰাই আনিবৰ বাবে কোনোধৰণৰ যুক্তি নাই।

 

৩) উত্তৰপ্রদেশ

১২ জুন, ২০২০ তাৰিখে উত্তৰপ্রদেশ চৰকাৰে সমাজৰ বিভিন্ন কোণত কৰণা ভাইৰাচৰ সংক্রমণ চিনাক্তকৰণৰ বাবে চেম্পল সংগ্রহৰ কাম আৰম্ভ কৰিব। এক সপ্তাহ ধৰি চলিবলগীয়া এই কেম্পেইনত ডেলিভাৰী বয়, বাতৰিকাকতৰ দোকান-হকাৰ আৰু দৈনিক শ্রমিকক সামৰি লোৱা হ’ব।

 

৪) দিল্লী উচ্চ ন্যায়ালয়

দিল্লী উচ্চ ন্যায়লয়ে ডক্টৰসকলক লৈ এখন কমিটি গঠনৰ বাবে আদেশ দিছে। তেওঁলোকে প্রস্তাবিত দুখন হোটেললৈ যাব (হোটেল Surya আৰু হোটেল Crown Plaza) আৰু পৰীক্ষা কৰিব যে এই দুখন হোটেলত কভিড-১৯ ত আক্রান্ত ব্যক্তিক চিকিৎসা কৰিবৰ বাবে চিকিৎসালয় হিচাপে ব্যবহাৰ কৰিব পাৰিব নাই।

 

৫) ইংলণ্ড

কভিড-১৯ ৰ বাবে ইংলণ্ডত যি লকডাউন ঘোষণা কৰা হোইছিল তাৰ ফলত ইংলণ্ডৰ অর্থনীতি ৰেকর্ডসংখ্যক ২০.৪ শতাংশলৈ হ্রাস পায়। ১২ জুন ২০২০ ত ইংলণ্ত চৰকাৰীভাবে এই তথ্য প্রকাশ কৰা হয়।

 

৬) ১২ জুন

১২ জুন, ২০২০ তাৰিখে সমগ্র বিশ্বত শিশু শ্রমিকৰ বিৰুদ্ধে বিশ্ব দিৱস উদ্‌যাপন কৰা হয়। এই বছৰৰ দিৱসৰ মূল শ্লোগান আছিল “ Covid-19: Protect Children from Child Labour, now more than over”।

 

৭) ড˚ ৰতন লাল

ভাৰতীয় মূলৰ আমেৰিকান ভূ-বিজ্ঞানী ড˚ ৰতন লালক ২০২০ বর্ষৰ বিশ্ব খাদ্য পুৰস্কাৰ প্রদান কৰা হয় । প্রাকৃতক সম্পদক ৰক্ষা  আৰু জলবায়ু পৰিৱর্তনৰ হাৰ কমাই কিদৰে খাদ্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰি তাৰ বাবে তেখেতে আগবঢ়োৱা ধাৰণাৰ বাবে এই পুৰস্কাৰ প্রদান কৰা হৈছে।

 

৮) জম্মু কাশ্মী

আত্মনির্ভৰ ভাৰত অভিযানৰ অংশ হিচাপে শক্তি খণ্ডৰ সংস্কাৰ, বেংকৰ বিনিয়োগ, ঋণ উদ্ধাৰ আদি অন্যান্য বিষয়ৰ ওপৰত এটা টাস্ক ফর্চ জম্মু কাশ্মীৰৰ চৰকাৰে গঠন কৰি দিছে।

Leave a Comment

error: Warning, you aare not allowed to copy this element