Join Assam Study Centre Channel

Daily Current Affairs for UPSC

Daily Current Affairs for UPSC. বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সকলো নিষ্ঠাবান ছাত্ৰ-ছাত্ৰী আৰু পাঠকৰ বাবে Assam Study Centre এ আগবঢ়াইছে দৈনিক সাম্প্ৰতিক পৰিক্ৰমা কুইজ। আজিৰ  প্ৰশ্নোত্তৰত গুৰুত্বপূৰ্ণ বিষয় যেনে ‘উদ্যোগ ৰত্ন’ বঁটা, এছিয়ান জুনিয়ৰ স্কোয়াছ চেম্পিয়নশ্বিপ আদিৰ বিষয়ে আলোচনা কৰা হৈছে।  

Daily Current Affairs for UPSC

১) মহাৰাষ্ট্ৰ চৰকাৰে প্রতিষ্ঠা কৰা প্রথম ‘উদ্যোগ ৰত্ন’ বঁটাৰে কাক সন্মানিত কৰা হৈছিল?  

(ক) ৰতন টাটা  

(খ) মুকেশ আম্বানী  

(গ) গৌতম আদানী  

(ঘ) আদৰ পুনাৱালা  

২) দক্ষিণ ইণ্ডিয়ান বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাক নিযুক্তি দিয়া হৈছে?  

(ক) অনুপ পুনাৱাল্লা  

(খ) অজয় সিনহা  

(গ) ৰমেশ পুৰী  

(ঘ) পি আৰ শেশাদ্ৰী  

৩) এছিয়ান জুনিয়ৰ স্কোয়াছ চেম্পিয়নশ্বিপৰ ১৭ বছৰ অনুৰ্ধৰ শাখাত কোন ভাৰতীয়ই স্বৰ্ণ পদক লাভ কৰিছিল?  

(ক) অদিতি সিনহা  

(খ) অংকিতা ৰাইনা  

(গ) অনাহত সিং  

(ঘ) মোহিনী সিং  

৪) ফিফা মহিলা বিশ্বকাপ ২০২৩ৰ খিতাপ কোনখন দেশে লাভ কৰিছে?  

(ক) আৰ্জেণ্টিনা  

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা “টেলিগ্রাম চেনেল” ত জইন হওক “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

(খ) ব্ৰাজিল  

(গ) ইংলেণ্ড  

(ঘ) স্পেইন  

৫) কোনটো গৱেষণা প্ৰতিষ্ঠানত পদুম ফুলৰ নতুন জাত ‘NAMOH 108’ প্ৰস্তুত কৰা হৈছে?  

(ক) ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান, লক্ষ্ণৌ  

(খ) এফ এছ এছ এ আই  

(গ) ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান, হাওৰা  

(ঘ) ইয়াৰে কোনোটোৱেই নহয়  

৬) ভাৰতীয় মূলৰ কোনজন নেতাই ছিংগাপুৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে যোগ্যতা অৰ্জন কৰিছে?  

(ক) পৱন নাগাৰ্জুন  

(খ) থাৰ্মান শনমুগাৰত্নম  

(গ) অভয় দেশপাণ্ডে  

(ঘ) দেৱকৃষ্ণন  

৭) ১৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অলিম্পিয়াডত ভাৰতে কি পদবী লাভ কৰিছিল?  

(ক) ১  

(খ) ২  

(গ) ৩  

(ঘ) ৪  

Daily Current Affairs for UPSC উত্তৰসমূহ:-  

১) ৰতন টাটা  

প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাক মহাৰাষ্ট্ৰ চৰকাৰে প্ৰতিষ্ঠা কৰা প্ৰথমটো ‘উদ্যোগ ৰত্ন’ বঁটাৰে সন্মানিত কৰা হয়। এই উপলক্ষে মুখ্যমন্ত্রী একনাথ শিন্দে, উপ-মুখ্যমন্ত্রী দেৱেন্দ্র ফদনবিছ আৰু অজিত পাৱাৰ উপস্থিত থাকে৷ ২০২১-২২ বিত্তীয় বৰ্ষত টাটা কোম্পানীসমূহৰ মুঠ ৰাজহ আছিল ১২৮ বিলিয়ন ডলাৰ।  

২) পি আৰ চেশাদ্ৰী  

ভাৰতীয় ৰিজাৰ্ভ বেংকে কেৰালাস্থিত দক্ষিণ ইণ্ডিয়ান বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে পি আৰ চেছাদ্ৰীক নিযুক্তি দিবলৈ অনুমোদন জনাইছে। এই নিযুক্তি ১ অক্টোবৰৰ পৰা তিনি বছৰৰ বাবে হ’ব। শেশাদ্ৰীয়ে দিল্লী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিক বিষয়ত স্নাতক আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট বেংগালুৰুৰ পৰা মেনেজমেণ্টত স্নাতকোত্তৰ ডিপ্লমা লাভ কৰিছে।  

৩) অনাহত সিং  

চীনৰ ডালিয়ানত অনুষ্ঠিত এছিয়ান জুনিয়ৰ স্কোয়াছ ব্যক্তিগত চেম্পিয়নশ্বিপত ১৭ বছৰ অনুৰ্ধৰ শাখাত ভাৰতৰ অনাহত সিঙে স্বৰ্ণ পদক লাভ কৰে। ১৬ আগষ্টৰ পৰা ২০ আগষ্টলৈ আয়োজন কৰা এই প্ৰতিযোগিতা। থাইলেণ্ডত অনুষ্ঠিত হোৱা যোৱা বছৰৰ সংস্কৰণত তেওঁ প্ৰথমটো সোণৰ পদক লাভ কৰিছিল। ২০০৮ চনৰ ১৩ মাৰ্চত দিল্লীত জন্মগ্ৰহণ কৰিছিল অনাহত সিঙৰ।  

৪) স্পেইন  

ফিফা মহিলা বিশ্বকাপ ২০২৩ৰ ফাইনেলৰ খিতাপ দখল কৰিছে স্পেইনে। ফাইনেলত স্পেইনৰ মহিলা দলটোৱে ইংলেণ্ডক ১-০ গ’লত পৰাস্ত কৰি ঐতিহাসিক জয় লাভ কৰে। স্পেইনৰ মহিলা ফুটবল দলে প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হৈছে। চূড়ান্ত খেলখনত খেলখনৰ ২৯ মিনিটত স্পেইনৰ হৈ অলগা কাৰ্মোনাই একমাত্ৰ গ’লটো দিয়ে।  

৫) ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান, লক্ষ্ণৌ  

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে উন্মোচন কৰে ১০৮ টা পাহি থকা পদুম ফুলৰ নতুন জাত ‘নামোহ ১০৮’। এই জাতৰ পদুম লক্ষ্ণৌত অৱস্থিত ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান (এন বি আৰ আই)ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে। ‘এন বি আৰ আই নমোহ ১০৮’ জাতৰ পদুমৰ ফুল মাৰ্চৰ পৰা ডিচেম্বৰ মাহলৈকে ফুলে আৰু এইবিধ এই জাতৰ প্ৰথম ফুল।  

৬) থাৰ্মান শনমুগাৰত্নম  

ভাৰতীয় মূলৰ থাৰমান শনমুগাৰত্নমকে ধৰি তিনিজন লোকে ছিংগাপুৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে যোগ্যতা অৰ্জন কৰিছে। আন দুজনৰ ভিতৰত চীন মূলৰ প্ৰাক্তন বিষয়াও আছে। অন্তিম তাৰিখলৈকে ৰাষ্ট্ৰপতি নিৰ্বাচনী সমিতিয়ে যোগ্যতাৰ প্ৰমাণ পত্ৰৰ বাবে মুঠ ৬ খন আৱেদন লাভ কৰিছিল। ১৩ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি হালিমা ইয়াকুবৰ ছবছৰীয়া কাৰ্যকাল শেষ হ’ব ।  

৭) ২  

২০২৩ চনৰ ১০ আগষ্টৰ পৰা ২০ আগষ্টলৈ পোলেণ্ডৰ চ’ৰজ’ত অনুষ্ঠিত হ’বলগীয়া ১৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ অলিম্পিয়াডত ভাৰতে দ্বিতীয় স্থান দখল কৰি ভাৰতে চাৰিটা স্বৰ্ণ আৰু এটা ৰূপৰ পদক লাভ কৰিছে। যুক্তৰাজ্যই ৫টা সোণৰ সৈতে প্ৰথম স্থান দখল কৰে। এই অলিম্পিয়াডত ৫০খন দেশৰ মুঠ ২৩৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে, আৰু সামূহিকভাৱে সকলো শাখাতে ২৭টা সোণ, ৪১টা ৰূপ আৰু ৫০টা ব্ৰঞ্জৰ পদক লাভ কৰে।

Leave a Comment

error: Warning, you aare not allowed to copy this element