Join Assam Study Centre Channel

Regional Aspirations Class 12 || Project

Regional Aspirations Class 12 || Project.   বিভিন্ন ধৰ্ম, ভাষা গোষ্ঠী আৰু সংস্কৃতিৰ সমন্বয়ত গঢ় লৈ উঠা, ভাৰত এখন বিশাল দেশ। বিচিত্ৰতা ইয়াৰ এটা প্রধান বৈশিষ্ট্য। বিভিন্ন অঞ্চলত বাস কৰা ইয়াৰ জনসাধাৰণে বেলেগ বেলেগ ভাষা, ধৰ্ম, আৰু সংস্কৃতি গ্ৰহণ আৰু পোষণ কৰি আহিছে। ইয়াৰ কিছুমান অঞ্চল অধিক উন্নত। কিছুমান পিছপৰা আৰু কিছুমান অনুন্নত অৱস্থাত আছে। ফলত বিভিন্ন অঞ্চলৰ মানুহৰ মাজত পাৰস্পৰিক ঈৰ্ষা আৰু প্রতিদ্বন্দ্বিতাৰ ভাব উদয় হৈছে । সেয়েহে, দেশৰ বিভিন্ন অঞ্চলত সময়ে সময়ে সাম্প্রদায়িক সংঘর্ষ, জাতিগত আৰুৰ ভাষাগত সংঘৰ্ষ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। যিটোৱে বহুসংখ্যক মানুহৰ জীৱন আৰু সম্প্ৰতি ধ্বংস কৰিছে। এই সমস্যাবোৰ সদায় ভাৰতীয় জাতীয় সংহতি ৰক্ষাত বাধা জনাই আহিছে। ভাৰতত গণতান্ত্ৰিক ব্যৱস্থাৰ বিস্তাৰৰ লগে লগে বিভিন্ন অঞ্চলত বাস কৰা মানুহখিনিয়ে তেওঁলোকৰ আশা-আকাংক্ষা চৰকাৰৰ ওচৰত দাঙি ধৰাৰ সুবিধা পাইছে। অৱশ্যে কেতিয়াবা তেওঁলোকৰ দাবী পূৰণৰ বাবে দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰো আশ্ৰয় লোৱা দেখা গৈছে। এইদৰে বিভিন্ন অঞ্চলৰ জনসাধাৰণে নিজৰ স্বকীয়তা বজাই ৰাখি অঞ্চলটোৰ সৰ্বাংগীন বিকাশৰ বাবে একত্ৰিত হোৱাকে আঞ্চলিকতাবাদ বুলি ক’ব পাৰি । ভাৰতীয় সংহতিৰ প্ৰতি ভাবুকিস্বৰূপ এনে আঞ্চলিকতাবাদী মনোভাৱৰ আৱিৰ্ভাৱ হৈছিল ১৯৮০ চনত কংগ্ৰেছ দলে পুনৰ ক্ষমতা দখল কৰি এক সুস্থিৰ ৰাজনৈতিক ব্যৱস্থা প্ৰতিষ্ঠাৰ পিছৰে পৰা। এই দশকত দেশত বহুতো অঞ্চলত তেনে আঞ্চলিকতাবাদী আন্দোলন আৰম্ভ হোৱা পৰিলক্ষিত হৈছিল। তাৰ ভিতৰত পঞ্জাৱ, জম্মু আৰু কাশ্মীৰ, মিজোৰাম, নাগালেণ্ড, অসম উল্লেখযোগ্য।  

Regional Aspirations Class 12 || Project

১। Punjab Accord কি আছিল? ইয়াৰ মূল বিধানসমূহ আলোচনা কৰা।

উত্তৰ : ১৯৬৬ চনত পঞ্জাৱক ভাষাৰ ভিত্তিত পুনৰ গঠন কৰা হ’ল যদিও আকালি দলৰ বহুতো নেতা ইয়াৰ দ্বাৰা সন্তুষ্ট নহ’ল। তেওঁলোকৰ বহুতেই ৰাজনৈতিক স্বতন্ত্রতা বিচাৰি ১৯৭০ চনৰ সময়ত দাবী উত্থাপন কৰিবলৈ ধৰিলে। ড° জগজিৎ সিঙৰ নেতৃত্বত কিছুমানে আকৌ পঞ্জাৱৰ কাৰণে এখন স্বাধীন ৰাষ্ট্ৰ  গঠনৰ দাবীও উত্থাপন কৰিলে। অৱশ্যে ১৯৭৭ চনলৈকে এই দাবী সিমান বেছি শক্তিশালী ৰূপত প্রকাশিত হোৱা নাছিল। কিন্তু ১৯৮০ চনৰ পৰা পঞ্জাৱৰ পৃথক খালিস্থান (Khalistan) গঠনৰ দাবীয়ে ৰাজ্যখনৰ গুৰুতৰ আইন-শৃংখলাৰ পৰিস্থিতি সৃষ্টি কৰিছিল বিশেষকৈ আনন্দপুৰ আৰ্হিৰ প্ৰস্তাৱৰ ভিত্তিত আকালি দলৰ কিছুমান নেতাই সন্ত্রাসমূলক কাৰ্যত লিপ্ত হৈছিল। সন্ত্ৰাসবাদীসকলে অমৃতসৰত  থকা শিখসকলৰ সচিত্ৰ স্বৰ্ণমন্দিৰত কাৰ্যালয় তথা সামৰিক ঘাটি স্থাপন কৰিছিল। প্ৰত্যুত্তৰত ভাৰত চৰকাৰে ১৯৮৪ চনৰ জুন মাহত Operation Blue Star আৰম্ভ কৰে। চৰকাৰৰ এই অভিযানত বহুতো সন্ত্রাসবাদী আটক হোৱাৰ লগতে ইতিহাস প্রসিদ্ধ মন্দিৰটো ধ্বংস হৈছিল যিটোৱে পঞ্জাৱত ব্যাপক প্রতিহিংসাৰ সৃষ্টি কৰিছিল। অমৃতসৰৰ স্বৰ্ণমন্দিৰ ধ্বংসৰ পিছত ১৯৮৪ চনৰ ৩১ অক্টোবৰত ইন্দিৰা গান্ধীয়ে দুজন শিখ দেহৰক্ষীৰ হাতত প্ৰাণ হেৰুৱালে। এই ঘটনাই পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খুৱালে । সমগ্ৰ উত্তৰ ভাৰতৰ শিখবিৰোধী সংঘৰ্ষ আৰম্ভ হয় আৰু কেৱল ৰাজধানী চহৰ দিল্লীতে হাজাৰৰো অধিক শিখ সম্প্ৰদায়ৰ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ৷ পৰিস্থিতিৰ ভয়াৱহতা উপলব্ধি কৰি সেই সময়ৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে আকালি দলৰ নৰমপন্থী (Moderate) নেতাসকলৰ লগত এক আলোচনাত মিলিত হৈছিল। আলোচনাৰ ফলশ্ৰুতিতেই ৰাজীৱ গান্ধী আৰু — আকালি দলৰ সভাপতি Harchand Sing Longwalৰ মাজত এক চুক্তি স্বাক্ষৰিত হয়, যাক Rajib & Gandhi Longwal Accord বা Punjab Accord নামেৰে জনা যায়। ১৯৮৫ চনৰ জুলাই মাহত স্বাক্ষৰিত এই চুক্তিৰ মূল বিধানসমূহ আছিল এনেধৰণৰ — ক। চণ্ডীগড় পঞ্জাবলৈ হস্তান্তৰ কৰা হ’ব। খ। হাৰিয়ানা আৰু পঞ্জাৱৰ মাজত থকা সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে এক পৃথক আয়োগ নিয়োগ কৰা হ’ব। গ। পঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানৰ মাজত Rabi-beas নদীৰ পানী বিতৰণক লৈ থকা সংঘাত মীমাংসাৰ বাবে এখন আদালত স্থাপন কৰা হ’ব। ঘ। পঞ্জাৱত সংঘটিত হিংসাত্মক কার্যকলাপৰ সময়ত ক্ষতিগ্রস্ত লোকসকলক ক্ষতিপূৰণ প্ৰদানৰ ব্যৱস্থা । ঙ। পঞ্জাৱৰ পৰা Armed Forces Special Powers Actৰ প্ৰয়োগ উঠাই লোৱা।

২। আনন্দপুৰ চাহিব প্ৰস্তাৱ (Anandpur Sahib Resolution) কিয় বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল ?

উত্তৰ : ১৯৬৬ চনত পঞ্জাৱক ভাষাৰ ভিত্তিত পুনৰ গঠন কৰা হ’ল যদিও সেইটোও আকালি দলৰ নেতাসকলক সন্তুষ্ট কৰিব নোৱাৰিলে সেয়ে ১৯৭০ চনত আকালি দলৰ কিছু সংখ্যক নেতাই তেওঁলোকৰ অঞ্চলৰ বাবে ৰাজনৈতিক স্বতন্ত্ৰতাৰ দাবী উত্থাপন কৰিলে। তেওঁলোকৰ এই দাবী ১৯৭৩ চনত গৃহীত আনন্দপুৰ চাহিব প্ৰস্তাৱত প্ৰতিফলিত হৈছিল। এই প্ৰস্তাৱত আফলিত স্বতন্ত্ৰতা আৰু কেন্দ্ৰ-ৰাজ্যৰ সম্পর্ক পুনঃনিৰ্ধাৰণৰ ওপৰত জোৰ দিয়া হৈছিল। প্ৰস্তাৱটোৱে শিখসকলৰ আশা-আকাংক্ষাক প্ৰতিনিধিত্ব কৰিছিল আৰু শিখসকলৰ আধিপত্য স্থাপনক অন্যতম লক্ষ্য হিচাপে গ্ৰহণ কৰিছিল। প্ৰস্তাৱটোত যুক্তৰাষ্ট্ৰক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল যদিও পৃথক শিখ ৰাজ্যৰ দাবীটোও প্রতিভাত হৈছিল। যি কি নহওক এই প্ৰস্তাৱৰ ভিত্তিতেই আকালি দলৰ কিছুসংখ্যক নেতাই সন্ত্রাসবাদী কার্যকলাপত লিপ্ত হৈছিল। পৃথক খালিস্তান গঠনৰ দাবীত সৃষ্টি হোৱা এই সন্ত্ৰাসবাদী কাৰ্যকলাপে পিছলৈ গুৰুতৰ ৰূপ ধাৰণ কৰিছিল। এইদৰে আনন্দপুৰ চাহিব প্ৰস্তাৱ বির্তকিত হৈ পৰা দেখা গৈছিল।

৩। অসম আন্দোলনৰ ওপৰত এটি চমু টোকা লিখা।

উত্তৰ : ১৯৭৯ চনত বিদেশী অনুপ্ৰৱেশক মূল ইচ্ছ্যু হিচাপে লৈ অসমত আৰম্ভ হোৱা আন্দোলনটোক ‘অসম আন্দোলন বুলি কোৱা হয়। সদৌঅসম ছাত্ৰ সন্থা (আছু)ৰ নেতৃত্বত আৰম্ভ হোৱা এই আন্দোলনৰ মূল বিষয় বিদেশী বহিঃষ্কৰণ আছিল যদিও ইয়াৰ লগত সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশবোৰো জড়িত আছিল। অসমত অবৈধভাৱে প্ৰৱেশ কৰা বাংলাদেশী লোকসকলক বহিষ্কাৰৰ দাবীত সূচনা হোৱা এই আন্দোলনৰ সময়ত ভালেমান হিংসাত্মক ঘটনা সংঘটিত হৈছিল। বহু মানুহৰ জীৱন আৰু সম্পত্তি ধ্বংস হৈছিল। প্রশাসন আন্দোলনকাৰীৰ ওপৰত গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাই ৰাজ্যখনত অশান্তিৰ সৃষ্টি কৰিছিল— আন্দোলনত বহুতো শ্বহীদ হৈছিল অৱশেষত সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে আছুৰ নেতৃবৃন্দৰ লগত আলোচনা কৰি 1985 চনত অসম চুক্তিত স্বাক্ষৰ কৰে। অসম চুক্তিৰ পিছত আন্দোলনটোৰ আনুষ্ঠানিক সামৰণি পৰিছিল যদিও বিদেশী অনুপ্ৰৱেশৰ সমস্যাটো সমস্যা হৈয়ে থাকি গ’ল।

৪। সকলো আঞ্চলিকতাবাদী আন্দোলনক (Regional Moments) বিচ্ছিন্নতাবাদী (Separalist) আন্দোলন বুলি ক’ব পাৰিনে? উদাহৰণসহ বুজাই লিখা।

উত্তৰ : সকলো আঞ্চলিকতাবাদী আন্দোলনক বিচ্ছিন্নতাবাদী আন্দোলন বুলি ক’ব নোৱাৰি। অসমত বাস কৰা থলুৱা মানুহৰ স্বাৰ্থক ৰক্ষণাবেক্ষণ দিবৰ উদ্দেশ্যে গঢ় লৈ উঠা অসম আন্দোলনে বিদেশীৰ বহিষ্কাৰহে দাবী কৰিছিল। ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰাৰ দাবী উত্থাপন কৰা নাছিল। এইটো ঠিক যে কোনো এক অঞ্চলৰ স্বাৰ্থক সৰ্বতোপ্ৰকাৰৰ ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্য গঢ়ি উঠা, কিছুমান আঞ্চলিকতাবাদী আন্দোলনে পিছলৈ বিচ্ছিন্নতাবাদী আন্দোলনৰো ৰূপ লয়। এনে উদাহৰণ নথকা নহয়। অৱশ্যে এনেধৰণৰ আন্দোলনক মষিমূৰ কৰিবৰ বাবে চৰকাৰেও যত্নৰ ত্ৰুটী নকৰে। ফলত আঞ্চলিকতাবাদী আন্দোলনে বিচ্ছিন্নতাবাদী হোৱাৰ সুযোগ নাপায় ৷ মুঠৰ ওপৰত সকলো আঞ্চলিকতাবাদী আন্দোলনক বিচ্ছিন্নতাবাদী আন্দোলন বুলি ক’ব নোৱাৰি ৷   Regional Aspirations Class 12 || Project

৫। ভাৰত আৰু পাকিস্তানৰ মাজত থকা সম্পৰ্কৰ প্ৰধান বিষয়বোৰ আলোচনা কৰা।

উত্তৰ : জম্মু কাশ্মীৰ সমস্যা।

৬। হৰি সিং কোন আছিল ?

উত্তৰ : জম্মু আৰু কাশ্মীৰ ৰজা আছিল।

আপুনি যদি আমাৰ পেজ পঢ়ি ভাল পাইছে তেন্তে আমাৰ ‘নিউজলেটাৰ চাবস্ক্রাইব’ কৰক। নতুবা আমাৰ ‘ফেচবুক পৃষ্ঠা’ অনুসৰণ কৰক বা “টেলিগ্রাম চেনেল” ত জইন হওক “ইউটিউব চেনেল চাবস্ক্রাইব’ কৰক ।

৭। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বায়ত্ত শাসন প্ৰদান কৰিছিল ?

উত্তৰ : ৩৭০ নং অনুচ্ছেদে।

৮। তাৰা সিং কোন আছিল ?

উত্তৰ : তাৰা সিং শিখ ধৰ্মীয় আৰু ৰাজনৈতিক নেতা আছিল।

৯। কোন চনত পঞ্জাৱত আকালি দল গঠন হৈছিল ?

উত্তৰ : ১৯২০ চনত । Regional Aspirations Class 12 || Project

১০। MNF-ৰ সম্পূৰ্ণ নাম কি ?

উত্তৰ : Mizo Nationalist Front.

১১। লালদেংগা কোন আছিল ?

উত্তৰ : লালদেংগা মিজো জাতীয় মৰ্চাৰ জন্মদাতা আছিল ।

১২। অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ : ১৯৭৯ চনত ।

১৩। অগপ কোনখন ৰাজ্যৰ আছিল?

উত্তৰ : অসম

১৪। কোন চনত গোৱা ভাৰতীয় সংঘৰ এখন ৰাজ্য হয় ?

উত্তৰ : ১৯৮৭ চনত।

১৫। প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল?

উত্তৰ : ১৯৮৪ চনত।

১৬। নগা জাতীয় পৰিষদৰ নেতা কোন আছিল ?

উত্তৰ : এ জেদ ফিজো ।

১৭। আনন্দপুৰ চাহিব প্ৰস্তাৱ কেতিয়া গ্ৰহণ কৰা হৈছিল ?

উত্তৰ : ১৯৭৩ চনত ।

১৮। ভাৰত চৰকাৰে কেতিয়া অপাৰেশ্যন ব্লু ষ্টাৰ চলাইছিল?

উত্তৰ : ১৯৮৪ চনত।

১৯। চিকিমত প্রথম বিধানৰ সভা নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল ?

উত্তৰ : ১৯৭৪ চনত।

২০। MGPৰ সম্পূৰ্ণ নাম লিখা ।

উত্তৰ : Maharastrabadi Gomntok Party.

২১। ভাৰতৰ সৈতে চিকিম কেতিয়া চামিল হৈছিল ?

উত্তৰ : ১৯৭৫ চনত ।

২২। AASU ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰ : All Assam Students Union.

২৩। শুদ্ধ নে অশুদ্ধ লিখা।

(ক) ১৯৭৪ চনৰ আগতে জম্মু কাশ্মীৰ এখন দেশীয় ৰাজ্য আছিল।

উত্তৰ : শুদ্ধ।

(খ) দ্রাৱিড়ীয় আন্দোলন ভাৰতীয় ৰাজনীতিৰ আঞ্চলিক আন্দোলনবোৰৰ ভিতৰত অন্যতম আছিল ?

উত্তৰ : শুদ্ধ।

(গ) অধিক সংখ্যক কাশ্মিৰী জনসাধাৰণে জনসাধাৰণে ৩৭০ নং অনুচ্ছেদৰ অধীনত প্ৰদান কৰা স্বায়ত্ত শাসনৰ যথেষ্ট বুলি বিশ্বাস কৰে।

উত্তৰ : অশুদ্ধ।

(ঘ) ১৯৮৪ চনত ভাৰত চৰকাৰে ‘অপাৰেশ্যন ব্লু ষ্টাৰ’ অভিযান চলাইছিল।

উত্তৰ : শুদ্ধ।

(ঙ) ১৯৬৬ চনত এম এন এফে স্বাধীনতাৰ বাবে সশস্ত্র আন্দোলন আৰম্ভ কৰিছিল।

উত্তৰ : শুদ্ধ।

(চ) নেশ্যনেল কনফাৰেন্সৰ মহম্মদ আলি আব্দুলাই জনপ্রিয় আন্দোলন গঢ়ি তুলিছিল।

উত্তৰ : অশুদ্ধ। Regional Aspirations Class 12 || Project

(ছ) ১৯৬২ চনত নাগালেণ্ড ৰাজ্যখন গঠন কৰা হৈছিল।

উত্তৰ : অশুদ্ধ।

(জ) তেলেগু দেশমৰ প্ৰতিষ্ঠাপক সভাপতি আছিল এন টি ৰামা ৰাও ।

উত্তৰ : শুদ্ধ।

(ঝ) পঞ্জাৱ পুর্নগঠনৰ পিছত ১৯৭৮ চনত আকালি দল ক্ষমতালৈ আহিছিল।

উত্তৰ : অশুদ্ধ।

(ঞ) ১৯৮৬ চনৰ ডিচেম্বৰ মাহত অসম বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।

উত্তৰ : অশুদ্ধ।

২৪।পঞ্জাৱী চুবা (Punjab Suba) গঠনৰ দাবীত কেতিয়া আন্দোলন আৰম্ভ হৈছিল ?

উত্তৰ : ১৯৬০ চনত

২৫। আকালি দল কেতিয়া গঠিত হৈছিল ?

উত্তৰ : .১৯২০ চনত ।

২৬। Punjab Accord কেতিয়া স্বাক্ষৰিত হৈছিল ?

উত্তৰ : ১৯৮৫ চনত ।

২৭। অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ : ১৯৭৯ চনত ।

২৮। AASU ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ : All Assam Students’ Union.

২৯। ইন্দিৰা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল ?

উত্তৰ : ১৯৮৪ চনৰ ৩১ অক্টোবৰত।

৩০। National Conference কেতিয়া গঠিত হয় ?

উত্তৰ : ১৯৩১ চনত ।

৩১। National Conference কোনখন ৰাজ্যৰ এটা প্ৰভাৱশালী আঞ্চলিক ৰাজনৈতিক দল ?

উত্তৰ : জম্মু কাশ্মীৰ

৩২। ১৯৬১ চনৰ আগলৈকে গোৱা কাৰ অধীনত আছিল ?

উত্তৰ : পর্তুগীজ সকলৰ ।

৩৩। ‘অসম চুক্তি’ কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৯৮৫ চনৰ আগষ্ট মাহত।

৩৪। কিমান চনত নাগালেণ্ডে পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল ?

উত্তৰঃ ১৯৬২ চনত।

৩৫। আঞ্চলিকতাবাদৰ এটা কাৰণ উল্লেখ কৰা।

উত্তৰ : ভাষিক জাতীয়তাবাদ।

৩৬। লালডেংগা (Laldenga) কোন আছিল ?

উত্তৰ : মিজো নেশ্যনেল ফ্ৰণ্টৰ (MNF) নেতা আছিল।

৩৭। মণিপুৰক কেতিয়া পৃথক ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল ?

উত্তৰ : ১৯৭২ চনত।

৩৮। কিমান চনত মিজোৰামক পৃথক ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল?

উত্তৰ : ১৯৮৭ চনত

৩৯। কিমান চনত পঞ্জাৱ আৰু হাৰিয়ানাক পৃথক ৰাজ্য হিচাপে সৃষ্টি কৰা হৈছিল ?

উত্তৰ : ১৯৬৬ চনত ।

৪০। ভাৰত-পাকিস্থান সংঘাতৰ মূল কাৰণটো কি ?

উত্তৰ : কাশ্মীৰ সমস্যা ।

৪১। ভাৰত স্বাধীন হোৱাৰ সময়ত পাকিস্থানৰ শাসনকর্তা কোন আছিল ?

উত্তৰ : হৰি সিং।

৪২। শ্বেখ আব্দুলা কোন আছিল ?

উত্তৰ : শ্বেখ আব্দুলা নেশ্যনেল কনফাৰেন্সৰ নেতা আছিল।

৪৩। DMKৰ সম্পূৰ্ণ ৰূপটো কি?

উত্তৰ : Dravida Munnetra Kazhagam.

৪৪। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছে?

উত্তৰ : ৩৭০ নং অনুচ্ছেদত।

৪৪। ভাৰতত বৰ্তমান কিমানখন ৰাজ্য আছে?

উত্তৰ : ২৯ খন।

৪৫। ভাৰতৰ বৰ্তমান কেন্দ্রীয় শাসিত প্রদেশৰ সংখ্যা কিমান ?

উত্তৰ : ৮ খন।

৪৬। অসমৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি ?

উত্তৰ : অসম গণ পৰিষদ ।

৪৭। অসম গণ পৰিষদ কেতিয়া গঠন হৈছিল ?

উত্তৰ : ১৯৮৫ চনত ।

৪৮। তেলেগু দেশম কোনখন ৰাজ্যৰ এটা প্ৰভাৱশালী আঞ্চলিক ৰাজনৈতিক দল ?

উত্তৰ : অন্ধ্ৰপ্ৰদেশ ।

৪৯। ভাৰত চৰাকাৰে ‘অপাৰেশ্যন ব্লু ষ্টাৰ’ কেতিয়া আৰম্ভ কৰিছিল ?

উত্তৰ : ১৯৮৪ চনত ।

৫০। ১৯৭২ চনত কোন দুখন কেন্দ্রীয় শাসিত অঞ্চলক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হৈছিল?

উত্তৰ : অৰুণাচল আৰু মণিপুৰ।

৫১। ছিকিম ভাৰতৰ লগত কেতিয়া অন্তৰ্ভুক্ত হৈছিল ?

উত্তৰঃ ১৮৭৫ চনত ।

৫২। আঞ্চলিকতাবাদ বুলিলে কি বুজা ?

উত্তৰ : দেশ এখনৰ কোনো এটা অঞ্চলৰ আঞ্চলিক সমস্যাৰ ওপৰত ভিত্তি কৰি জনগণৰ মাজত যি আদর্শ গঢ় লৈ উঠে তাকে আঞ্চলিকতাবাদ বুলি কোৱা হয়।

৫৩। ভাৰতীয় ৰাজনীতিত আঞ্চলিকতাবাদে কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰ : আঞ্চলিকতাবাদে ভাৰতীয় ৰাজনীতিত ৰাজ্যসমূহৰ অঞ্চলবোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ৷ বিভিন্ন ভাষা-ভাষী, সম্প্রদায়, ধর্ম, সংস্কৃতি, জাতি, উপজাতি আদিৰে ভাৰতবৰ্ষ এখন বৃহৎ ৰাষ্ট্ৰ। ভৌগোলিক চাৰিসীমা আৰু অৰ্থনৈতিকভাৱে বিচিত্ৰতাৰে পূৰ্ণ ভাৰতত আঞ্চলিকতাবাদে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে। আঞ্চলিক দল জন্ম দি ৰাজ্যৰ বিভিন্ন অঞ্চলত দলবোৰে ক্ষমতাত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছে। Regional Aspirations Class 12 || Project

৫৪। আঞ্চলিক দল সৃষ্টিৰ দুটা কাৰণ লিখা।

উত্তৰ : (ক) কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা আৰু (খ) আঞ্চলিক অসমতা ।

৫৫। লাল দেংগাৰ বিষয়ে লিখা ।

উত্তৰ : মিজোৰামৰ এজন বিদ্রোহী নেতা হিচাপে লাল দেংগা ‘নেশ্যনেল ফ্ৰণ্ট’ৰ প্ৰতিষ্ঠাপক আছিল আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ ঘোষণা কৰিছিল। এইদৰে তেওঁ মিজোৰামৰ স্বাধীনতাৰ দাবী উত্থাপন কৰিছিল।

৫৬। MNF বুলিলে কি বুজা ?

উত্তৰঃ MNF ৰ সম্পূৰ্ণ নাম হ’ল Mizo National Front । ই মিজোৰামৰ স্বাধীনতাৰ বাবে সশস্ত্ৰ সংগ্ৰাম চলোৱা এটা বিদ্ৰোহী সংগঠন।

৫৭। জম্মু-কাশ্মীৰক বিশেষ মর্যাদা প্ৰদান কৰা দুটা ব্যৱস্থাৰ নাম লিখা ।

উত্তৰ : (ক) পৃথক সংবিধান আৰু (খ) অধিক স্বায়ত্ত শাসন প্রদান।

৫৮। ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ তাৎপৰ্য উল্লেখ কৰা।

উত্তৰ : সংবিধানৰ ৩৭০ নং অনুচ্ছেদ অনুসৰি জম্মু কাশ্মীৰক অধিক স্বায়ত্ব শাসন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

৫৯। কাশ্মীৰ বিষয়টোৰ মূল বৈশিষ্ট্য কি?

উত্তৰ : ব্ৰিটিছ শাসনৰ পৰা জম্মু-কাশ্মীৰক ভাৰত বা পাকিস্তান কোনো এখন দেশতে অন্তর্ভুক্ত নকৰি স্বনিৰ্বাচনৰ সুবিধা দিছিল। কিন্তু পাকিস্তানী জনজাতীয় সৈন্যৰ আক্ৰমণত ৰজা হৰি সিঙে জম্মু- কাশ্মীৰক ভাৰতৰ সৈতে চামিলকৰণৰ চুক্তিত চহী কৰি পাকিস্তানীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল। ইয়াৰ পিছত পাকিস্তানে কাশ্মীৰক ভাৰতৰ অংগ নহয় বুলি দাবী কৰে। এয়ে লৈ সময়ে সময়ে যুদ্ধ হৈ থাকে।

৬০। বৈচিত্ৰ্যতাৰ প্ৰতি ভাৰতীয় দৃষ্টিভংগীৰ মৌলিক নীতিটো উল্লেখ কৰা ।

উত্তৰ : বৈচিত্ৰ্যতাৰ প্ৰতি ভাৰতে সহনশীল দৃষ্টিভংগী গ্ৰহণ কৰিছে। ইয়াত আঞ্চলিক স্বকীয়তা বজাই ৰখাত সহায়ক হয়। ভাৰতীয় সংবিধানে বৈচিত্ৰ্যৰ মাজত ঐক্য নীতি মানি চলি ভাষা, সম্প্রদায়, ধর্ম, সংস্কৃতি আদিৰ বিভিন্নতাক স্বীকৃতি দিছে।

৬১। আঞ্চলিক আন্দোলনবোৰত কোনবোৰ বিষয় জড়িত হৈ আছে?

উত্তৰ : বিভিন্ন ভাষা, সংস্কৃতি, জাতি, অর্থনৈতিক অনগ্ৰসৰতা আদিৰ ভিত্তিত বহুতো স্থানীয় বিষয়ক লৈ ভাৰতত আঞ্চলিক আন্দোলনে গা কৰি উঠিছিল।

৬২। সাত-ভনী মানে কি বুজা ?

উত্তৰ : উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত অসম, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড আৰু অৰুণাচল প্রদেশক একেলগে সাত ভনী বুলি কোৱা হয়।

৬৩। ১৯৬৯ চনত গোৱাত কিয় মতামত ভোট গ্রহণ অনুষ্ঠিত হৈছিল?

উত্তৰ : কেন্দ্ৰীয় চৰকাৰে ১৯৬৭ চনত গোৱাৰ ভৱিষ্যত অস্তিত্বৰ বাবে মহাৰাষ্ট্ৰৰ সৈতে চামিলকৰণ কৰিব নে পৃথক ৰাজ্য হিচাপে থাকিব সেই লৈ জনগণৰ মতামত গ্ৰহণৰ বাবে গণভোট ব্যৱস্থা গ্ৰহণ কৰিছিল ।

৬৪। আঞ্চলিকতাবাদৰ বিকাশত অৰিহনা যোগোৱা দুটা উপাদান লিখা ।

উত্তৰ : আঞ্চলিকতাবাদৰ বিকাশত অৰিহনা যোগোৱা দুটা উপাদান হ’ল— (ক) অর্থনৈতিক অসমতা (খ) আঞ্চলিক ৰাজনৈতিক দলৰ বিকাশ।

৬৫। দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা ।

উত্তৰ : (ক) অসম গণ পৰিষদ । (খ) তেলেগু দেশম

৬৬। ‘অপাৰেশ্যন ব্লু ষ্টাৰ’ কি আছিল?

উত্তৰ : পৃথক শিখ ৰাজ্য খালিস্থান (Katistan) সৃষ্টিৰ দাবীত আকালি দলৰ কিছুসংখ্যক নেতাই আৰম্ভ কৰা সন্ত্ৰাসবাদী আন্দোলনৰ বিৰুদ্ধে ভাৰত চৰকাৰে ১৯৮৪ চনৰ জুন মাহত চলোৱা সামৰিক অভিযানকে অপাৰেশ্যন ব্লু ষ্টাৰ’বুলি কোৱা হয়। সন্ত্ৰাসবাদী সকলে অমৃতসৰস্থিত স্বৰ্ণ মন্দিৰত তেওঁলোকৰ কাৰ্যালয় তথা সামৰিক ঘাটি স্থাপন কৰিছিল। ‘অপাৰেশ্যন বা ষ্টাৰ’ৰ সময়ত এই মন্দিৰটো ধ্বংস হোৱাৰ লগতে বহুতো নেতাক আটক কৰা হৈছিল।

৬৭। আঞ্চলিক ৰাজনৈতিক দলৰ উৎপত্তিৰ দুটা কাৰণ লিখা।

উত্তৰ : আঞ্চলিক ৰাজনৈতিক দলৰ উৎপত্তিৰ দুটা কাৰণ হ’ল-

(ক) সৰ্বভাৰতীয় ৰাজনৈতিক দলৰ বৈষম্যমূলক নীতি ।

(খ) আঞ্চলিক বৈষম্য।

৬৮ । অসম চুক্তি কেতিয়া আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৯৮৫ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰ আৰু আছু (AASU) ৰ নেতৃবৃন্দৰ মাজত অসম চুক্তি স্বাক্ষৰিত হৈছিল।

৬৯। অসম আন্দোলনৰ দুটা কাৰণ উল্লেখ কৰা । Regional Aspirations Class 12 || Project

উত্তৰ : অসম আন্দোলন আৰম্ভ হোৱাৰ দুটা কাৰণ হ’ল— (ক) বিদেশী প্রব্রজন (খ) থলুৱা মানুহৰ অস্তিত্বৰ প্ৰতি ভাবুকি।

৭০। তামিলনাডুৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল দুটাৰ নাম লিখা।

উত্তৰ: (ক) DMK (খ) AIDMK

৭১। আঞ্চলিকতাবাদ কাক বোলা হয় ?

উত্তৰঃ কোনো এক অঞ্চলৰ জনসাধাৰণে ৰাষ্ট্ৰীয় স্বাৰ্থৰ তুলনাত নিজ অঞ্চলৰ স্বাৰ্থক অধিক গুৰুত্ব দিয়াৰ ফলত গঢ়ি উঠা সংকীৰ্ণ আঞ্চলিকতাবাদী মনোভাৱকে আঞ্চলিকতাবাদ বুলি কোৱা হয়। আঞ্চলিকতাবাদ জাতীয় সংহতিৰ এক প্ৰধান অন্তৰায় বুলিও কোৱা হয় ।

৭২। আঞ্চলিকতাবাদৰ দুটা ৰূপ উল্লেখ কৰা।

উত্তৰ : আঞ্চলিকতাবাদ বিভিন্ন ৰূপত (Forms) প্রকাশিত হ’ব পাৰে। তেনে দুটা ৰূপ হ’ল – (ক) বিচ্ছিন্নতাবাদী আন্দোলন (খ) পৃথক ৰাজ্যৰ দাবী ।

৭৩। সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ তাৎপৰ্য বিষয়ে লিখা ।

উত্তৰ : ব্ৰিটিছ চৰকাৰে জম্মু-কাশ্মীৰক এখন স্বতন্ত্ৰীয় ৰাজ্য হিচাপে স্বীকৃতি দিছিল। ভাৰত বা পাকিস্তান কোনোখন দেশতে ইয়াক অন্তর্ভুক্ত নকৰি এখন স্বাধীন ৰাজ্য হিচাপে স্বীকৃতি দিছিল। সেই সময়ৰ জম্মু কাশ্মীৰৰ মহাৰাজ হৰি সিঙে ভাৰত চৰকাৰৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰি ভাৰতৰ লগত চামিল হয়। সেয়ে ভাৰতে সংবিধানৰ ৩৭০নং অনুচ্ছেদ অনুসৰি জম্মু-কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰি স্বতন্ত্ৰীয় ৰাজ্যৰ স্বীকৃতি প্ৰদান কৰিছিল।

৭৪। জম্মু-কাশ্মীৰৰ বিষয়ে এটি চমুটোকা লিখা।

উত্তৰ : ব্ৰিটিছ চৰকাৰে জম্মু-কাশ্মীৰক ভাৰত অথবা পাকিস্তান কোনোখন দেশতে অন্তৰ্ভুক্ত নকৰি স্বনিৰ্বাচনৰ সুবিধা প্ৰদান কৰে। ফলত জম্মু-কাশ্মীৰ এখন স্বতন্ত্ৰীয় ৰাজ্য হিচাপে থকাৰ সময়তে পাকিস্তানে সুবিধা বুজি আক্ৰমণ কৰিবলৈ উদ্যত হয়। কিন্তু ৰজা হৰি সিঙে এই পাকিস্তানী আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ভাৰতৰ সৈতে চামিলকৰণ চুক্তিত স্বাক্ষৰ কৰে। আৰু এই চুক্তি অনুসৰি ভাৰতে জম্মু-কাশ্মীৰক ৩৭০ নং অনুচ্ছেদ অনুসৰি বিশেষ স্বতন্ত্রীয় মর্যাদা প্রদান কৰে।

৭৫। অনৈক্যৰ মাজত ঐক্য সৃষ্টিত আঞ্চলিকতাবাদে কিদৰে বাধা প্ৰদান কৰে?

উত্তৰ : আঞ্চলিকতাবাদ ধাৰণাটোৱে এখন দেশৰ জাতীয় সংহতি আৰু ঐক্যত বিভিন্ন ধৰণে বাধা প্ৰদান কৰে। এই ক্ষেত্ৰত আঞ্চলিক বৈষম্যই দেশখনত একতাৰ পৰিৱৰ্তে বিচ্ছিন্নতাবাদী মনোভাৱ গঢ়ি তোলে। দেশৰ বিভিন্ন ভাষা, জাতি, ধর্ম, বর্ণ, সম্প্রদায়, সংস্কৃতি আদিৰ ওপৰত ভিত্তি কৰি আঞ্চলিকতাবাদী ভাবধাৰাই জনগণৰ মাজত ক্ষোভ আৰু অৱহেলিত মনোভাৱৰ জন্ম দিয়ে।

৭৬। দ্ৰাৱিড়ীয় আন্দোলনৰ প্ৰকৃতিৰ বিষয়ে লিখা ।

উত্তৰ : ডি এম কে আৰু এ আই ডি এম কে দুই ৰাজনৈতিক দল তামিলনাডুত শক্তিশালী হৈ উঠিছিল। এই দুই ৰাজনৈতিক দলৰ নেতৃত্ব প্ৰদান কৰিছিল এম কৰুণানিধি আৰু জয়াললিতাই। আঞ্চলিক দলৰ ৰাজনৈতিক আধিপত্যই ভাৰতৰ ৰাজনীতিত প্ৰতিপত্তিশীল শাসনৰ বিৰুদ্ধে এই দুই দলে গা কৰি উঠিছিল। এই প্ৰতিৰোধ ভাৱ গঢ়ি উঠাৰ মূলতে আছিল শক্তিশালী আঞ্চলিকতাবাদী দ্রাৱিড়ীয় আন্দোলন । এই আন্দোলন মূলতঃ ধৰ্মবিৰোধী, জাতি বিৰোধী আৰু আত্মসন্মানৰ আন্দোলন হিচাপে গঢ়ি উঠিছিল। এই আন্দোলনৰ পৃথকতাবাদী প্ৰৱণতাও আছিল অতি দৃঢ়।  

৭৭। ‘সাংস্কৃতিক ঐতিহ্য আৰু অৰ্থনৈতিক অনগ্ৰসৰতা অসম আন্দোলনৰ অন্যতম কাৰণ’। ব্যাখ্যা কৰা ৷

উত্তৰ : স্বাধীন ভাৰতত গঢ়ি উঠা গণ আন্দোলনসমূহৰ ভিতৰত অসম আন্দোলন আছিল অন্যতম এক আন্দোলন। এই আন্দোলনৰ গুৰি ধৰোঁতা আছিল ছাত্র সমাজ। এই আন্দোলনত অসমীয়া জনসাধাৰণৰ আঞ্চলিক ৰাজনৈতিক প্রত্যাশা শক্তিশালীভাৱে প্ৰতিফলিত কৰা হৈছিল। ১৯৫১ চনক ভিত্তি বর্ষ হিচাপে লৈ অসমলৈ প্ৰব্ৰজন হোৱা বিদেশী লোকক চিনাক্তকৰণ আৰু বহিঃস্কৰণৰ দাবীৰ ভিত্তিতে এই আন্দোলনে গা কৰি উঠিছিল। তদুপৰি অসমৰ অৰ্থনীতিৰ ওপৰত বহিৰাগত লোকৰ ক্রমবর্ধিত নিয়ন্ত্ৰণ আৰু আগ্ৰাসনৰ বিৰুদ্ধেও মাত মাতিছিল। ১৯৮৫ চনৰ অসম আন্দোলনে অহিংসা আৰু অসাম্প্রদায়িক নীতিক প্রাধান্য দিছিল। মাজে মাজে এই আন্দোলনে সাম্প্রদায়িক সংঘৰ্ষত লিপ্ত হৈছিল। ১৯৮৩ চনত অসম বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল যদিও এই আন্দোলনক অবৈধ বুলি ঘোষণা কৰি নিৰ্বাচনৰ জৰিয়তে শাসন ক্ষমতালৈ অহা হিতেশ্বৰ শ‍ইকীয়াক গণতন্ত্ৰৰ শত্ৰু বুলি আখ্যা দিছিল । পথ অৱৰোধ, সৰ্বাত্মক ধৰ্মঘট, সঘনে আহবান জনোৱা বন্ধ আদিকে ধৰি অসমৰ পৰা বিহাৰৰ শোধনাগাৰলৈ পঠোৱা পাইপ লাইন বন্ধ কৰা আদি বহুতো কাৰ্যসূচীৰে এই আন্দোলনক তীব্ৰতৰ কৰি তুলিছিল। অসম আন্দোলনক ‘সদৌ অসম ছাত্ৰ সন্থা’ আৰু সদৌ অসম গণ সংগ্রাম পৰিষদ নামৰ দুই সংগঠনে পৰিচালনা কৰিছিল। ১৯৮৫ চনত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বেই বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত আঞ্চলিক দল অসম গণ পৰিষদে চৰকাৰ গঠন কৰে।

৭৮। স্বাধীনতাৰ পিছতেই ভাৰতবৰ্ষই সন্মুখীন হোৱা সমস্যাবোৰৰ বিষয়ে লিখা।

উত্তৰ : স্বাধীনতাৰ পিছত ভাৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ’ব লগা হৈছিল। বিশেষকৈ সাৰ্বভৌম আৰু পৃথক স্বাধীন ৰাষ্ট্ৰৰ দাবী, জম্মু কাশ্মীৰকে আদি কৰি বিভিন্ন দেশীয় ৰাজ্যবোৰৰ পৃথক ৰাজ্যৰ দাবীৰে আন্দোলন গঢ়ি তুলিছিল। আভ্যন্তৰীণ শান্তি-শৃংখলা ৰক্ষা, সশস্ত্ৰ বিদ্ৰোহ, সম্পদ নিয়ন্ত্ৰণৰ অধিকাৰীৰ দাবী আদিক লৈ সমস্যাৰ সৃষ্টি হৈছিল।

৭৯। আঞ্চলিকতাবাদে বিচ্ছিন্নতাবাদক নুবুজায়— ব্যাখ্যা কৰা ।

উত্তৰ : আঞ্চলিকতাবাদ আৰু বিচ্ছিন্নতাবাদ দুয়োটা ধাৰণা পৃথক ধৰণৰ। আঞ্চলিকতাবাদ ধাৰণাটোৱে সাৰ্বভৌমত্বৰ দাবী নকৰে আৰু ই ভৱিষ্যতে স্বাধীন দেশ এখন গঠনৰ বাবে দাবী নকৰে। ই এখন স্বাধীন দেশৰ আভ্যন্তৰীণ সমস্যাক কেন্দ্ৰ কৰিয়ে বৰ্তি থাকে। এই আঞ্চলিকতাবাদৰ আশা-আকাংক্ষাৰ দাবীবোৰ সংবিধান বহির্ভূত বিষয় নহয়। ই গণতন্ত্ৰৰ এক বৈধ অংশ। এখন গণতান্ত্রিক দেশত আঞ্চলিকতাবাদ ধাৰণাই বিচ্ছিন্নতাবাদৰ পৰিৱৰ্তে এক শক্তিশালী গণতান্ত্রিক দেশৰ আঞ্চলিক সমস্যাৰ সমাধানৰ উদ্দেশ্য আগত ৰাখে ৷

৮০। ভাৰতৰ যিকোনো চাৰিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।

উত্তৰ : (ক) অসম গণ পৰিষদ, (খ) আকালি দল, (গ) ডি এম কে আৰু (ঘ) তেলেগু দেশম।

৮১। আনন্দপুৰ চাহিব প্ৰস্তাৱটো কিয় এটা বিতৰ্কিত প্ৰস্তাৱ বুলি কোৱা হৈছিল ?

উত্তৰ : আনন্দপুৰ চাহিব প্ৰস্তাৱটো এটা বিতৰ্কিত প্ৰস্তাৱ আছিল। আঞ্চলিক স্বায়ত্ত শাসন আৰু কেন্দ্ৰ ৰাজ্যৰ সম্পৰ্কৰ পুনৰ বিবেচনাৰ বাবে দাবী জনাই এই প্ৰস্তাৱ উত্থাপন কৰা হৈছিল। ভাৰতবৰ্ষত এখন প্রকৃত’ যুক্তৰাষ্ট্ৰ গঠনৰ দাবী কৰিছিল। আনন্দপুৰ চাহিব প্ৰস্তাৱটোক পঞ্জাৱৰ স্বতন্ত্রতা দাবী তথা পঞ্জাৱৰ সাৰ্বভৌমত্ব প্ৰদানৰ কৰাৰ এক প্ৰস্তাৱ বুলি ক’ব পাৰি।

৮২। শিৰোমণি আকালি দলৰ ৰাজনীতি আৰু কাৰ্যসূচী বিষয়ে লিখা।

উত্তৰ : ১৯২০ চনত গঠিত শিৰোমণি আকালি দলে পঞ্জাৱৰ ৰাজনীতিত আত্মপ্রকাশ কৰিছিল। ১৯৬৭ আৰু ১৯৭৭ চনত এই দলটোৱে ক্ষমতালৈ আহি কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্কৰ পুনৰ গঠনৰ দাবী তুলিছিল। স্বায়ত্ত শাসন ব্যৱস্থা প্ৰচলনৰ পোষকতা কৰিছিল এই নীতিয়ে। এই দলটোৱে কিছুমান কাৰ্যসূচী এনেদৰে গ্ৰহণ কৰিছিল

ক) চণ্ডীগড়ক যুক্তৰাষ্ট্ৰীয় প্রসাশনৰ অধীনত পঞ্জাৱলৈ হস্তান্তৰিত কৰা।

(খ) পাঞ্জাৱী ভাষা প্ৰচলন আৰু তেওঁলোকে কাম কৰা অঞ্চলসমূহ পঞ্জাৱক অৰ্পণ কৰা।

(গ) পঞ্জাৱৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ অধিকাৰ সুৰক্ষা প্ৰদান কৰা আৰু ভূমি সংস্কৰণৰ লগতে উদ্যোগীকৰণ ব্যৱস্থা কৰা ৷

(ঘ) পাঞ্জাৱী লোকক সুৰক্ষা প্ৰদান কৰা।

৮৩। অসম চুক্তিৰ বিষয়ে আলোচনা কৰা।

উত্তৰ : ১৯৭৯ চনত উত্তৰ-পূব ভাৰতত স্থানীয় সম্প্রদায় আৰু অবৈধ বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু বহিষ্কৰণৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম আন্দোলন আৰম্ভ হৈছিল। এই আন্দোলনৰ মূল লক্ষ্য আছিল বাংলাদেশৰ পৰা অহা বঙালী মুছলমানসকলক অসমৰ পৰা বহিষ্কাৰ কৰা। কাৰণ অবৈধভাৱে প্ৰব্ৰজন হোৱা এই বাংলাদেশীৰ বাবে অসমীয়া সংখ্যালঘুত পৰিণত হোৱাৰ শংকাতে সমগ্র অসমতে অসম আন্দোলন গঢ়ি তুলিছিল। ১৯৫১ চনৰ পিছত অহা বিদেশীসকলক দেশৰ পৰাই বহিষ্কাৰ কৰা দাবী জনাই গঢ়ি তোলা আন্দোলনে অসমৰ বিভিন্ন ঠাইত বহুতো হিংসাত্মক কার্যও সংঘটিত কৰিছিল। ১৯৮৫ চনৰ ১৫ আগষ্টত ৰাজীৱ গান্ধী চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগত অসম চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তি অনুসৰি ১৯৭১ চনৰ ১৫ মাৰ্চৰ পিছত অসমলৈ অবৈধভাৱে অনুপ্ৰৱেশ ঘটা বাংলাদেশী নাগৰিকক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰাৰ আচঁনি চুক্তিবদ্ধ কৰে। অসম চুক্তিয়ে অসম আন্দোলনৰ ভূমিকাক গুৰুত্ব প্ৰদান কৰিছিল আৰু ৰাজনীতিত পৰিৱৰ্তন সাধন কৰিছিল যদিও ই কার্যক্ষেত্ৰত সিমান সফল হ’ব পৰা নাছিল। কাৰণ অনুপ্ৰৱেশ সমস্যাটো সমাধানৰ ক্ষেত্ৰত চৰকাৰে এতিয়াও কোনো ধৰণৰ শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰা নাই । Regional Aspirations Class 12 || Project

৮৪। ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ প্ৰয়োজন আছেনে? যুক্তি দিয়া।

উত্তৰ : ভৌগোলিক দৃষ্টিকোণৰ ফালৰ পৰা চালে ভাৰত এখন বিশাল বৈচিত্র্যপূর্ণ দেশ। এই বিশাল দেশখনত বিভিন্ন আঞ্চলিক দলৰ প্ৰয়োজন নাই বুলি ক’ব নোৱাৰি। ভাষা, জাতি, ধৰ্ম, সম্প্ৰদায় আদিৰ ভিত্তিত ভাৰতবৰ্ষত ভিন্নতা দেখা যায়। সেয়ে এনে ভিন্নতাক বজাই ৰাখিবলৈ আঞ্চলিক ৰাজনৈতিক দলসমূহে গুৰুত্ব প্ৰদান কৰিছিল। কাৰণ বিভিন্ন দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে ভাৰতবৰ্ষৰ ভৌগোলিক পৰিসীমা বিশাল হোৱা হেতুকে বিভিন্ন ৰাজ্যসমূহত দেখা দিয়া আঞ্চলিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত উত্থাপন হৈ অহা দাবীসমূহ পূৰণত এই আঞ্চলিক দলসমূহে সহায় কৰে। ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো অঞ্চলকে একে সময়তে সমান সুযোগ-সুবিধা প্রদান কৰিবলৈ সমৰ্থৱান নাছিল। ফলত বিভিন্ন ৰাজ্যসমূহত দেখা দিয়া সমস্যাসমূহে চৰকাৰৰ প্ৰতি বিৰোধ মনোভাৱ গঢ়ি তুলিছিল । এনে কাৰণতে আঞ্চলিক ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ দাবী-সমস্যাসমূহ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপন কৰি সেইসমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাত অৰিহনা যোগাইছিল। এনেদৰে দেখা যায় যে বিভিন্ন আঞ্চলিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা আঞ্চলিকতাবাদৰ প্ৰয়োজনীয়তা খুবেই প্রয়োজন আছে।

৮৫। ডি এম কে ৰাজনৈতিক দলৰ নীতি আৰু কাৰ্যসূচীসমূহ উল্লেখ কৰা ৷

উত্তৰ : ডি এম কে ৰাজনৈতিক দলৰ কাৰ্যসূচীসমূহ হ’ল –

(ক) দালমীয়াপুৰম নাম আঁতৰাই পুৰণি নাম কাল্লাকুৰী ৰে’ল ষ্টেচন হিচাপে নামকৰণ কৰা

(খ) স্কুলীয়া পাঠ্যক্ৰমত তামিল সাংস্কৃতিক ইতিহাসক বিশেষ গুৰুত্ব প্ৰদান কাৰ।

(গ) ভাৰতবৰ্ষৰ চৰকাৰী ভাষা হিন্দীৰ বিৰোধিতা কৰিছিল।  

৮৬। উত্তৰ-পূব অঞ্চলত সুকীয়া ৰাজ্য দাবী কৰা সম্প্রদায়বোৰৰ নাম উল্লেখ কৰা ৷

উত্তৰ : উত্তৰ-পূব ভাৰতৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে পৃথক ৰাজ্য দাবীৰে ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা বিভিন্ন সংগ্ৰামত নামি পৰিছিল । ত্ৰিপুৰা, মণিপুৰ, মিজোৰাম, অৰুণাচল প্ৰদেশ, নগালেণ্ড আদিসমূহক উত্তৰ পূবৰ একো একোখন সুকীয়া ৰাজ্য প্ৰদান কৰাৰ পিছতো অসমৰ বিভিন্ন বড়ো, কোঁচ ৰাজবংশী, কার্বি, নগা, খাচী, গাৰো, মিচিং, মিছিমি, দফলা ইত্যাদি সকলো লোকেই সুকীয়া দাবী উত্থাপন কৰি আহিছে।  

৮৭। জম্মু আৰু কাশ্মীৰৰ ৰাজনীতিত কংগ্ৰেছৰ ভূমিকা বিষয়ে আলোচনা কৰা।

উত্তৰ : কংগ্ৰেছ চৰকাৰে জম্মু-কাশ্মীৰত আৰম্ভণিৰে পৰা এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা ভাৰতে জম্মু-কাশ্মীৰক নিজৰ আভ্যন্তৰীণ অংগ কৰি ল’বলৈ চেষ্টা কৰিছিল। বিভিন্ন সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত জম্মু-কাশ্মীৰক কেন্দ্ৰ কৰিয়ে বহুবাৰ যুদ্ধ সংঘটিত হৈ আহিছে। ভাৰত বিভাজনৰ সময়ত মুছলীম লীগে জম্মু-কাশ্মীৰক স্বাধীনতা প্ৰদানক সমৰ্থন কৰাৰ বিপৰীতে কংগ্ৰেছে ভাৰতৰ ভিতৰত ৰাখিবলৈ চেষ্টা কৰিছিল। স্বৰাজোত্তৰ যুগত কংগ্ৰেছ চৰকাৰে জম্মু কাশ্মীৰত আভ্যন্তৰীণ শান্তি-শৃংখলা বজাই ৰাখিবলৈ সাম্প্ৰদায়িক সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ ৰোধ কৰাৰ বাবে কংগ্ৰেছে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। একেদৰে ইন্দিৰা গান্ধী কংগ্ৰেছৰ মুৰব্বী হৈ থকাৰ সময়তো জম্মু-কাশ্মীৰত বহুবাৰ চৰকাৰ গঠন আৰু ভংগ কৰিছিল।

৮৮। ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত কোনজন প্রধানমন্ত্ৰীয়ে শিখসকলৰ ওপৰত ঘটোৱা হিংসাত্মক কাৰ্যৰ বাবে দুখ প্ৰকাশ কৰিছিল ?

উত্তৰ : ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত ২০০৫ চনত প্ৰধানমন্ত্রী মনমোহন সিঙে শিখসকলৰ ওপৰত সংঘটিত নিৰ্যাতনৰ বাবে দুখ প্ৰকাশ কৰিছিল।

৮৯। ভাৰতৰ বিচ্ছিন্নতাবাদক ইন্ধন যোগোৱা উপাদানবোৰ উল্লেখ কৰা।

উত্তৰ : বিভিন্ন সময়ত ভাৰতৰ ৰাজনীতিত দেখা দিয়া বিচ্ছিন্নতাবাদে গা কৰি উঠিছিল। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অৱহেলিত আৰু দমননীতিৰ বাবে বিচ্ছিন্নতাবাদ সৃষ্টি হয়। ইয়াৰ উপৰি আঞ্চলিক সমস্যা, বিভিন্ন গুৰুত্বপূৰ্ণ অর্থনৈতিক দিশ তথা সামাজিক আৰু ৰাজনৈতিক দিশসমূহৰ মাজত দেখা দিয়া ভাৰসাম্যহীনতাৰ বাবেই ভাৰতৰ ৰাজনীতিত বিচ্ছিন্নতাবাদ সৃষ্টি হৈছিল। নিবনুৱা সমস্যা, সন্ত্ৰাসবাদ আৰু মৌলবাদী গোটবোৰে সৃষ্টি কৰা আদি সমস্যাই ভাৰতৰ বিচ্ছিন্নতাবাদ সৃষ্টিত অৰিহনা যোগাইছিল।

৯০। ভাৰতত আঞ্চলিকতাবাদ সমস্যা সমাধানৰ ক্ষেত্ৰত তোমাৰ পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ আঞ্চলিকতাবাদ সমস্যাটো সমাধানৰ বাবে অৰ্থনৈতিক পৰিকল্পনাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে। আঞ্চলিক আশা-আকাংক্ষাৰ ওপৰত বিশেষ দূৰদৰ্শিতামূলক নীতি অনুসৰণ কৰি অর্থনৈতিক অনগ্ৰসৰতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে, যাতে আঞ্চলিক দিশসমূহত সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰিব পাৰে৷ সীমান্তৱৰ্তী অঞ্চলসমূহক অৱহেলা আৰু দমননীতি ভাব দূৰ কৰি তেনে অঞ্চলসমূহক দেশৰ অন্য অঞ্চলসমূহৰ দৰে গুৰুত্ব প্ৰদান কৰাত আগভাগ লোৱা। এই ক্ষেত্ৰত এখন গণতান্ত্রিক দেশ হিচাপে শিক্ষা বিষয়টোত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে। যাতে আঞ্চলিক ৰাজনীতিত জনগণৰ সকলো আশা-আকাংক্ষা পূৰণ কৰিব পাৰে। ঠিক একেদৰে কেন্দ্ৰীকৰণৰ প্ৰৱণতা আঁতৰি বিকেন্দ্ৰীভূত নীতিৰ দ্বাৰা আঞ্চলিক সমস্যাসমূহৰ সম উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰাত আগভাগ ল’ব লাগে। সকলো আঞ্চলিক দলৰ মাজত, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত পুজিঁৰ সমবিভাজন হ’ব লাগে। Regional Aspirations Class 12 || Project হিংসাত্মক কার্যকলাপ আঁতৰ কৰিবৰ বাবে প্ৰয়োজনীয় নীতি-কৌশলৰ দ্বাৰা আঞ্চলিক ৰাজনৈতিক দলসমূহক বিশেষ গুৰুত্ব প্ৰদান কৰা উচিত। এনে ধৰণৰ আশা-আকাংক্ষাক পূৰণ কৰিবৰ বাবে গণতন্ত্রিকভাৱে মীমাংসা কৰিব লাগে। তেতিয়াহে আঞ্চলিকতাবাদ সমস্যাসমূহ আঁতৰ কৰাটো সম্ভৱ হ’ব।   Regional Aspirations Class 12 || Project

৯১। ১৯৮০ ৰ দশকত পঞ্জাৱ আৰু অসমৰ মাজত দেখা দিয়া সংকটৰ সাদৃশ্যতা আৰু বৈসাদৃশ্যতাৰ বিষয়ে লিখা ।

উত্তৰ : ১৯৮০ চনত পঞ্জাৱ আৰু অসমত বৃহৎ আন্দোলনে গা কৰি উঠিছিল। দুয়োখন ৰাজ্যতে এই আন্দোলনৰ মূল ভেটি আছিল আঞ্চলিকতাবাদ। বিভিন্ন আঞ্চলিকতাবাদ ধাৰণাই দুয়োখন ৰাজ্যতে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। অঞ্চল দুটাৰ স্বকীয় অস্তিত্ব আৰু বিভিন্ন অধিকাৰসমূহ সাব্যস্ত কৰা আৰু ৰাজনৈতিক দিশসমূহত ভাৰতে দুয়োখন ৰাজ্যতে অৱহেলিত আৰু দমননীতি অৱলম্বন কৰাৰ ফলতে আঞ্চলিকতাবাদ আন্দোলনে গা কৰি উঠিছিল।

৯২। গোৱাৰ স্বাধীনতা (Liberation of Gao) সম্পর্কত এটি চমু টোকা লিখা ।

উত্তৰ :- ১৬ শতিকাৰ পৰা গোৱা ঔপনিৱেশিক শাসনৰ অধীনত আছিল। ঔপনিৱেশিক শাসনৰ সময়ত পর্তুগীজ শাসনকর্তাসকলে গোৱাৰ জনসাধাৰণৰ অবৰ্ণনীয় অত্যাচাৰ কৰিছিল। জনসাধাৰণ নাগৰিক অধিকাৰ পৰা বঞ্চিত হৈছিল। বলপূৰ্বকভাৱে এটা ধৰ্মৰ মানুহক অন্য এটা ধৰ্মত দীক্ষিত কৰা হৈছিল। ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰা পিছত ভাৰত চৰকাৰে পৰ্তুগীজসকলক গোৱাৰ মুক্তি সম্পৰ্কত পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। আনহাতে, মহাৰাষ্ট্ৰৰ কিছু সত্যাগ্ৰহীয়ে গোৱাৰ স্বাধীনতা বিচাৰি আন্দোলনো আৰম্ভ কৰিছিল। অৱশেষত ১৯৬১ চনত ভাৰত চৰকাৰে গোৱাক পৰ্তুগীজ শাসনৰ পৰা মুক্ত কৰিবৰ বাবে সৈন্য বাহিনী পঠিয়ায়। দুদিনৰ পিছতে গোৱা দমন আৰু ডিউক মুক্ত কৰি কেন্দ্ৰীয় শাসিত প্রদেশ হিচাপে ঘোষণা কৰা হ’ল। কিন্তু ১৯৮৭ চনত গোৱাক ভাৰতৰ এখন ৰাজ্য হিচাপেহে স্বীকৃতি দিয়া হয়।

৯২। ভাৰতৰ লগত চিকিমৰ চামিলকৰণ সম্পৰ্কত এটি চমু টোকা লিখা।

উত্তৰ : স্বাধীনতাৰ সময়ত চিকিম সম্পূৰ্ণৰূপে ভাৰতৰ অংশ নাছিল। ইয়াক স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদাও দিব পৰা নগৈছিল। ই ভাৰতৰ এক অধীনস্থ ৰাজ্য আছিল। চিকিমৰ প্ৰতিৰক্ষা আৰু বৈদেশিক সংক্ৰান্তীয় বিষয়বোৰ ভাৰতে নিয়ন্ত্ৰণ কৰিছিল। আনহাতে, চিকিমৰ আভ্যন্তৰীণ প্ৰশাসন ৰজাৰ দ্বাৰা পৰিচালিত হৈছিল। চিকিমৰ সৰ্বাধিক সংখ্যক লোক নেপালী আছিল। তেওঁলোকে চিকিমৰ গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাতো বিচাৰিছিল আৰু এইদৰে ভাৰতক সমৰ্থন কৰিছিল। ১৯৭৪ চনত চিকিমৰ বিধান সভাৰ প্ৰথমটো গণনির্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনত ভাৰতৰ লগত চামিলকৰণত বিশ্বাসী চিকিম কংগ্ৰেছ বিজয়ী হৈছিল। নৱগঠিত চিকিম বিধান সভাই প্রথম অৱস্থাত চিকিমৰ বাবে Associate State মর্যাদা বিচাৰিছিল যদিও ১৯৭৫ চনত ভাৰতৰলগত সম্পূৰ্ণৰূপে চামিল হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰে। এই প্ৰস্তাৱক জনসাধাৰণে গণ অভিমতৰ দ্বাৰা সমৰ্থন কৰিছিল। অৱশেষত চিকিম বিধান সভাৰ এই প্ৰস্তাৱ ভাৰতীয় সংসদে গ্ৰহণ কৰে আৰু চিকিম ভাৰতৰ দ্বিবিংশতম (22) ৰাজ্যত পৰিণত হয় ।

৯৩। স্বাধীনতাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলৰ পুনৰসংগঠন (Reorganisation) সম্পর্কে চমুকৈ লিখা।

উত্তৰ : ১৯৪৭ চনৰ পিছৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈ বহুটো পৰিৱৰ্তন আহিছে। ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয়ৰ খাচী পাহাৰ পূৰ্বতে দেশীয় ৰজাৰ অধীনত আছিল যদিও স্বাধীনতাৰ পিছত ভাৰতৰ লগত চামিল কৰা হ’ল। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক নতুনকৈ গঠন কৰা হ’ল। ১৯৬২ চনত নাগালেণ্ড, ১৯৭২চনত মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰা আৰু 1986 চনত অৰুণাচল প্ৰদেশ আৰু মিজোৰামক পৃথক ৰাজ্যৰ মৰ্যাদা দিয়া হ’ল। উত্তৰ-পূৰ্বাঞ্চলে চীন, ম্যানমাৰ আৰু বাংলাদেশৰ সীমা স্পষ্ট কৰি থকাৰ বাবেও ইয়াৰ ৰাজনীতিৰ ক্ৰমাৎ জটিল হৈ পৰিছে। আন্তঃৰাষ্ট্ৰীয় সীমা আৰু দেশৰ অঞ্চলৰ সৈতে অঞ্চলটোৰ দুৰ্বল যোগাযোগ ব্যৱস্থাই অঞ্চলটোৰ ৰাজনৈতিক অৱস্থা জটিল কৰি তুলিছে। বর্তমান অঞ্চলটোত বিচ্ছিন্নতাবাদী, স্বতন্ত্ৰতাবাদী আৰু প্ৰব্ৰজন বিৰোধী আন্দোলনৰ পয়োভৰ দেখা গৈছে।

৯৪। অসম গণ পৰিষদৰ ওপৰত এটি চমু টোকা লিখা ।

উত্তৰ : অসম গণ পৰিষদক অসমৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল বুলি অভিহিত কৰা হয়। অসম আন্দোলনৰ গৰ্ভত এই দলটোৰ জন্ম হৈছিল বুলি কোৱা হয়। ১৯৭৯ চনৰ ১৯৮৫ চনলৈ আছুৰ নেতৃত্বত পৰিচালিত বিদেশী বহিষ্কাৰ আন্দোলনৰ সমাপ্তি ঘটিছিল ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰৰ যোগেদি । অসম চুক্তি স্বাক্ষৰ পিছতে ১৯৮৫ চনৰ অক্টোবৰ মাহত আন্দোলনৰ নেতৃত্ব বহনকাৰী নেতাসকলে অসম গণ পৰিষদ নামেৰে এটা নতুন ৰাজনৈতিক দলৰ জন্ম দিয়ে থলুৱা লোকৰ স্বাৰ্থ ৰক্ষা আৰু অসমৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া দলটোক অসমৰ জনসাধাৰণে 1985 চনৰ বিধানসভাৰ নির্বাচনত বিপুল ভোলত জয়যুক্ত কৰিলে। নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভকৰা দলটোৱে সেই বছৰতে চৰকাৰ গঠন কৰে। কিন্তু প্রফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে। ফলত ১৯৯১ চনত নিৰ্বাচনত দলটো ক্ষমতাচ্যুত হ’ল। ১৯৯৫ চনত অসমৰ জনসাধাৰণে পুনৰবাৰ দলটোক চৰকাৰ গঠন সুবিধা দিছিল যদিও দলটোৱে জনসাধাৰণৰ আশা-আকাংকা পূৰণ কৰিব নোৱাৰিলে। ফলস্বৰূপে ২০০১ চনৰ নিৰ্বাচনটো অসম গণ পৰিষদে চৰকাৰ গঠনৰ সুবিধাৰ পৰা বঞ্চিত হ’ল। ২০০৬ চনৰ বিধান সভা নিৰ্বাচনতো আকৌ দলটোৱে পৰাজয় বৰণ কৰিবলগা হ’ল৷ অসম গণ পৰিষদে এই নিৰ্বাচনত মাত্র 24খন আসনহে লাভ কৰিবলৈ সক্ষমহয়। ২০০৯ চনৰ পঞ্চদশ লোকসভা নির্বাচনটো দলটোৱে ভাৰতীয় জনতা পাৰ্টিৰ সৈতে প্ৰাক-নির্বাচনী মিত্ৰতাৰে এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও মাত্র এখন আসনহে লাভ কৰিবলৈ সক্ষম হয়। বর্তমান সময়ত আদর্শচ্যুত দলটোৰ অৱস্থা অধিক শোচনীয় হোৱা দেখা গৈছে। ২০১১ চনৰ বিধানসভাৰ নিৰ্বাচনত দলটো আকৌ শোচনীয় ভাবে ব্যর্থ হল।

৯৫। ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ প্ৰকৃতি সম্পর্কে চমুকৈ লিখা।

উত্তৰ : ভাৰতবৰ্ষত আঞ্চলিকতাবাদে বিভিন্ন ৰূপ লোৱা দেখা যায় । আঞ্চলিকতাবাদৰ এই বিভিন্ন ৰূপসমূহ হ’ল—

(ক) বিচ্ছিন্নতাবাদী আন্দোলন অর্থাৎ ভাৰতবৰ্ষৰ পৰা আঁতৰি গৈ বেলেগ ৰাষ্ট্ৰ গঠনৰ দাবীত কৰা আন্দোলন

(খ) পৃথক ৰাজ্য গঠনৰ দাবী— ভাষা আৰু সংস্কৃতিৰ ভিত্তিত বহুতো ৰাজ্যই পৃথকৰাজ্য গঠনৰ দাবী উত্থাপন কৰিছিল আৰু বৰ্তমানেও কৰি আছে।

(গ) পূৰ্ণাংগ ৰাজ্য গঠনৰ দাবী— যিবিলাক ৰাষ্ট্ৰই প্ৰাথমিক পৰ্যায়ত কেন্দ্ৰীয়শাসিত ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল সেইবিলাক ৰাজ্যক জনসাধাৰণে তেওঁলোকৰ ৰাজ্যক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবীত আন্দোলন কৰিছিল।

(ঘ) পানীৰ বিতৰণ আৰু ৰাজ্যৰে সীমা সম্পর্কে আন্তঃৰাজ্যিক বিবাদ । Regional Aspirations Class 12 || Project

৯৬। ভাৰতবৰ্ষত আঞ্চলিকতাবাদৰ বিকাশৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ : ভাৰতবৰ্ষত আঞ্চলিকতাবাদ. বিকাশৰ বহুতো কাৰণ আছে আৰু সেই কাৰণবিলাক তলত দিয়াৰ দৰে আলোচনা কৰিব পাৰি

(ক) আঞ্চলিক ভাষাঃ স্বাধীনতাৰ পিছৰে পৰা ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ দাবী উত্থাপিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য পুনৰ আয়োগৰ পৰামৰ্শৰ ভিত্তিত এই সমস্যাৰ সমাধান কৰিছিল যদিও বিভিন্ন অঞ্চলৰ লোকক ৰাজ্যৰ পুনৰ গঠনে সন্তুষ্ট কৰিব পৰা নাছিল। এতিয়াও ভাৰতৰ বিভিন্ন ঠাইত ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ দাবীত আন্দোলন অব্যাহত আছে। গতিকে আঞ্চলিক ভাষায়ো আঞ্চলিকতাবাদৰ বিকাশত ইন্ধন যোগাইছে।

(খ) কেন্দ্ৰীয় চৰকাৰৰ আওকণীয়া মনোভাৱ : কোনো অঞ্চলৰ সামগ্রিক উন্নয়নৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ আওকণীয়া মনোভাৱেও আঞ্চলিকতাবদাৰ বিকাশত ইন্ধন যোগাইছে।

(গ) স্বায়ত্ততা দাবী : বহুতো ৰাজ্যই স্বায়ত্ততা দাবী কৰাৰ ফলতো আঞ্চলিকতাবাদৰ বিকাশ হৈছে। কাশ্মীৰ, অসম আৰু দক্ষিণৰ ৰাজ্যকেইখনে অধিক স্বায়ত্ততা দাবী কৰাৰ ফলতো আঞ্চলিকতাবাদৰ বিকাশ হৈছে।

(ঘ) ক্ষমতা বিভাজনক ত্রুটীপূৰ্ণ নীতি : ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিভাজনৰ ত্রুটিপূর্ণ নীতিয়েও বিভিন্ন অঞ্চলৰ মানুহৰ মাজত আঞ্চলিক চেতনা জাগ্ৰত কৰাত সহায় কৰিছে ।

(ঙ) অর্থনৈতিক অসমতা : ভাৰতৰ বিভিন্ন অঞ্চলৰ অৰ্থনৈতিক অৱস্থা একে নহয়। কিছুমান অঞ্চল অধিক উন্নত আৰু কিছুমান অতি পিছপৰা। এনে পিছপৰা অঞ্চলসমূহে তেওঁলোকৰ অনগ্ৰসৰতাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰকে জগৰীয়া ভাবি আঞ্চলিকতাবাদ উন্নয়নৰ হাথিয়াৰ হিচাবে গ্ৰহণ কৰিছে।

(চ) অর্থনৈতিক শোষণ : কেন্দ্ৰীয় চৰকাৰৰ শোষণকাৰী মনোভাৱেও আঞ্চলিকতাবাদৰ বিকাশত ইন্ধন যোগাইছে। উত্তৰ পূৰ্বাঞ্চল প্ৰাকৃতিক সম্পদৰে ভৰপূৰ যদিও এই অঞ্চলটো দেশৰ অঞ্চলতকৈ পিছপৰা। গতিকে, এই অঞ্চলৰ জনসাধাৰণে নিজকে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা শোষিত বুলি অনুভৱ কৰি আঞ্চলিকতাবাদ শক্তিশালী কৰি তুলিছে।

৯৭। ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উৎপত্তিৰ পাঁচটা কাৰণ ব্যাখ্যা কৰা।

উত্তৰ : আঞ্চলিক ৰাজনৈতিক দলৰ পয়োভৰ ভাৰতৰ দলীয় ব্যৱস্থাৰ অন্যতম বৈশিষ্ট্য। ভাৰতৰ প্ৰতিখন ৰাজ্যতে আঞ্চলিক ৰাজনৈতিক দলৰ অস্তিত্ব বিদ্যমান। অৱশ্যে এই আঞ্চলিক দলবোৰৰ উৎপত্তিৰ আঁৰত বহুতো কাৰণ, আছে। তেনে পাঁচটা কাৰণ হ’ল—

(ক) কেন্দ্ৰীয় চৰকাৰৰ বৈষম্যমূলক নীতি : কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো অঞ্চলকে সমানে গুৰুত্ব নিদিয়াৰ ফলত কিছুমান অঞ্চলত আঞ্চলিক কার্যক ৰক্ষণাবেক্ষণ দিবৰ বাবে আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে।

(খ) আঞ্চলিক বৈষম্য : স্বাধীনতাৰ পিছত ভাৰতৰ বিভিন্ন ৰাজ্যৰ উন্নয়নৰ সমান হোৱা নাই কিছুমান ৰাজ্যৰ অধিক উন্নতি হৈছে আৰু কিছুমান পিছপৰি আছে। ফলত নিজ অঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ কথা চিন্তা কৰি বহুতো ৰাজ্যত আঞ্চলিক দলৰ জন্ম হৈছে।

(গ) ৰাজনৈতিক সচেতনতা : বিভিন্ন ধর্ম, ভাষা, সংস্কৃতিপূৰ্ণ ভাৰতত বিভিন্ন জাতি, উপজাতিবিলাক ৰাজনৈতিকভাৱে সচেতন হোৱাৰ ফলতো আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে। Regional Aspirations Class 12 || Project

(ঘ) ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলৰ দুৰ্বলতা : ভাৰতৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলবিলাকে সুসংগঠিত নহয়। এই দলবিলাক সাংগঠনিক দিশ দুর্বল হোৱৰ কাৰণে ৰাজ্য বিলাকত নিজৰ প্ৰভাৱ অটুট ৰাখিব নোৱাৰাৰ কাৰণে আঞ্চলিক দলে মূৰ দাঙি উঠিছে।

(চ) নেতাভিত্তিক ৰাজনীতি : ভাৰতত নেতা ভিত্তিত ৰাজনীতিয়েও নতুন আঞ্চলিক দলৰ উৎপত্তি অৰিহনা যোগাইছে।

৯৮। ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দল সম্পৰ্কে এটি চমু আলোচনা আগবঢ়োৱা ।

উত্তৰ : আঞ্চলিক দলৰ অস্তিত্ব ভাৰতীয় দলীয় অৱস্থাৰ এটা বিশেষ বৈশিষ্ট্য। আঞ্চলিক দলবিলাকক দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমতে কিছুমান ৰাজনৈতিক দল আছে যিবিলাকৰ সৰ্বভাৰতীয় দৃষ্টিভংগী থকা সত্ত্বেও সৰ্বভাৰতীয় সংগঠন আৰু গোটেই দেশত জনসমর্থন নথকাৰ বাবে সেইবিলাকক আঞ্চলিক দল হিচাপে গণ্য কৰা হয়। যেনে ফৰৱাৰ্ড ব্লক, বিপ্লৱ, সমাজতান্ত্রিক দল, আদি এনেধৰণৰ আঞ্চলিক দল। দ্বিতীয়তে কিছুমান দল আছে যিবিলাক আঞ্চলিক দল হিচাপেই প্রতিষ্ঠিত আৰু আঞ্চলিক স্বাৰ্থ আৰু সমস্যা, আঞ্চলিক ভাষা, আঞ্চলিক গোষ্ঠীৰ ধৰ্ম ইত্যাদিক লৈ সক্রিয়। যেনে কেৰেলাত কেৰেলা কংগ্ৰেছ, তামিলনাডুৰ ডি এম কে আৰু এ আই ডি এম কে, উত্তৰ প্ৰদেশত সমাজবাদী দল আৰু বহুজন সমাজবাদী দল, জম্মু আৰু কাশ্মীৰত নেশ্যনেল কনফাৰেন্স, পঞ্জাৱত আকালি দল, মিজোৰামত মিজু নেশ্যনেল ফ্রন্ট, অসমত অসম গণ পৰিষদ, বিহাৰত ৰাষ্ট্ৰীয় জনতা দল, মেঘালয়ত পার্বত সেনা সন্মিলন। এই আঞ্চলিক দলবিলাকে ভাৰতৰ ৰাজনৈতিক ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। স্থানীয় সমস্যাৰ লগত জড়িত এই দলবিলাকে আঞ্চলিকতাবাদক শক্তিশালী কৰাতো ইন্ধন যোগাইছে।    

Leave a Comment

error: Warning, you aare not allowed to copy this element