Join Assam Study Centre Channel

Daily Current Affairs Assam | 04-06-2020

৪ জুন, ২০২০: Assam Study Centre ৰ দৈনিক কাৰেণ্ট এফেয়ার্চ শিতানৰ যোগেদি আমি প্রতিযোগিতামূলক পৰীক্ষাত অৱতীর্ণ হ’ব পৰাকৈ  দিনটোৰ বিভিন্ন গুৰুত্বপূর্ণ বিষয়সমূহ সামৰি লৈ কিছু প্রশ্ন আগবঢ়াই আহিছো। আজিৰ বিষয়সমূহ হৈছে- বসু চেটার্জি, গ্লোবেল ভেকচিন সন্মিলন, ৫১ তম্‌ বিশ্ব অর্থনীতি সন্মিলন আদি।

 

আজিৰ প্রশ্নসমূহঃ

 

১) বিশিষ্ট চিনেমা নির্মাতা বসু চেটার্জীৰ ২০২০ চনৰ  ৪ জুনত মৃত্যু হয়। তেওঁ কোনখন চিনেমাৰ বাবে ৰাষ্ট্রীয় বঁটা লাভ কৰিছিল ?

ক) খাট্টা মিঠা

খ) ৰজনীগন্ধা

গ) চোটি চি বাট

ঘ) দুর্গা

২) আমেৰিকাই তলৰ কোনখন ৰাষ্ট্রৰ লগত বিমান সেৱা বাতিল কৰিছে ?

ক) ৰাছিয়া

খ) চীন

গ) ভাৰত

ঘ) ফ্রান্স

৩) কেন্দ্রীয় কেবিনেটে কোনখন ৰাষ্ট্রৰ সৈতে পৰিৱেশ সুৰক্ষাৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে?

ক) বাংলাদেশ

খ) নেপাল

গ) শ্রীলংকা

ঘ) ভূটান

৪) তলৰ কোনখন ৰাষ্ট্রত বিশ্ব ভেকচিন সন্মিলন অনুষ্ঠিত হ’ব ?

ক) ফ্রান্স

খ) ইটালী

গ) ইংলণ্ড

ঘ) আমেৰিকা

৫) Kohala Hydroelectric Power Project ৰ সৈতে কোন দুখন দেশ জড়িত ?

ক) ভাৰত আৰু চীন

খ) ভাৰত আৰু পাকিস্থান

গ) পাকিস্থান আৰু চীন

ঘ) ভাৰত আৰু বাংলাদেশ

৬) কিমান তাৰিখে International Day of Innocent Children Victims of Aggression উদ্‌যাপন কৰা হয় ?

ক) ৫ জুন

খ) ৪ জুন

গ) ৩ জুন

ঘ) ২ জুন

৭) কোনখন চহৰত ৫১ তম্‌ বিশ্ব অর্থনীতি সন্মিলন অনুষ্ঠিত হ’ব ?

ক) চিউল

খ) ডাভছ

গ) বার্লিন

ঘ) চিডনী

৮) ভাৰতৰ কোনটো বন্দৰ ট্রাষ্টৰ নাম শ্যামা প্রসাদ মুখার্জী বন্দৰ ট্রাষ্টলৈ নামাকৰণ কৰা হৈছে ?

ক) কলকাতা বন্দৰ ট্রাষ্ট

খ) পাৰাদীপ বন্দৰ ট্রাষ্ট

গ) জৱাহৰলাল নেহেৰু বন্দৰ ট্রাষ্ট

ঘ) বিশাখাপট্টনম বন্দৰ ট্রাষ্ট

 

উত্তৰসমূহঃ

 

১) দুর্গা

বিশিষ্ট চিনেমা নির্মাতা বসু চেটার্জী ৪ জুন ২০২০ তাৰিখে বাদ্ধক্যজনিত কাৰণত ৯৩ বছৰ বয়সত মৃত্যু হয়। তেওঁ “দুর্গা” নামৰ ছবিখনৰ বাবে পৰিয়াল কল্যাণ শিতানত ৰাষ্ট্রীয় ফিল্ম বঁটা লাভ কৰিছিল। তদুপৰি তেওঁ ২০০৭ চনত আইফা জীৱনজোৰা বটাঁও লাভ কৰিবলৈ সক্ষম হৈছিল।

২) চীন

৩ জুন, ২০২০ তাৰিখে আমেৰিকাই চীনৰ লগত ইয়াৰ সকলো যাত্রীবাহী বিমানৰ চলাচল বন্ধ কৰিছে। এইক্ষেত্রত তেওঁলোকে এটা অর্ডাৰ জাৰি কৰিছে।

৩) ভূটান

কেন্দ্রীয় কেবিনেটে নৰেন্দ্র মোডীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত পৰিৱেশ সুৰক্ষাৰ বাবে ভূতানৰ লগত হোৱা এক বুজাবুজিৰ চুক্তিত অনুমোদন জনায়। এই চুক্তিত পৰিবেশ সুৰক্ষাৰ উপৰিও বায়ু, আৱর্জনা আৰু জলবায়ু পৰিৱর্তন বিষয় সামৰি লোৱা হৈছে।

৪) ইংলণ্ড

ভাৰতে ইংলণ্ডত অনুষ্ঠিত হ’বলগীয়া বিশ্ব ভেকচিন সন্মিলনত অন্যান্য ৫০ খন দেশৰ সৈতে অংশগ্রহণ কৰিব। ইংলণ্ডৰ নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলন প্রধানমন্ত্রী বৰিচ জনচনে আয়োজন কৰিছে।

৫) পাকিস্থান আৰু চীন

পাক অধিকৃত কাশ্মীৰত Kohala Hydroelectric Power Project ৰ বাবে পাকিস্থান আৰু চীনে এখন চুক্তিত স্বাক্ষৰ  কৰিছে। চীন পাকিস্থা অর্থনৈতিক কৰিডৰৰ অধীনত এই প্রজেক্ট আগবঢ়াই নিয়া হ’ব।

৬) জুন ৪

International Day of Innocent Children Victims of Aggression ৪ জুনত উদ্‌যাপন কৰা হয়। ১৯৮২ চনত এই দিনটো  মানসিক, শাৰীৰিক, আৱেগিকভাবে আক্রান্ত সমগ্র বিশ্বৰ শিশুসকলৰ বাবে  প্রথমবাৰ পালন কৰা হৈছিল।

৭) ডাভচ

৫১ তম্‌ বিশ্ব অর্থনৈতিক সন্মিলন চুইজাৰলেণ্ডৰ ডাভচ’ত অনুষ্ঠিত হ’ব। এই সন্মিলনৰ প্রধান Theme হৈছে “The Great Reset”।

৮) কলকাতা বন্দৰ ট্রাষ্ট

৩ জুন তাৰিখে কেন্দ্রীয় চৰকাৰে কলকাতা বন্দৰ ট্রাষ্টক শ্যামাপ্রসাদ মুখার্জী বন্দৰ ট্রাষ্ট হিচাপে নামাকৰণ কৰাত অনুমোদন জনায়

Leave a Comment

error: Warning, you aare not allowed to copy this element